Home Blog Page 1978

অমৃতসৰত দিন-দুপৰতে শিৱসেনাৰ নেতা সুধীৰ সুৰীক ধৰ্ণাৰ সময়ত গুলিয়াই হত্যা; গ্ৰেপ্তাৰ শ্বুটাৰ সন্দীপ সিং

শুকুৰবাৰে বিয়লি অমৃতসৰত গোপাল মন্দিৰৰ বাহিৰত ধৰ্ণাত বহি ডাষ্টবিনত দেৱতাৰ মূৰ্তি পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতেই শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা কৰা হয়। জানিব পৰা অনুসৰি, ভিৰৰ মাজৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰিছিল।

উল্লেখযোগ্য যে, গুৰুতৰ অৱস্থাত সুধীৰ সুৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়। তাৰ মাজতে অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষীয়ে আক্রমণকাৰী সন্দীপ সিঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

সমগ্ৰ অঞ্চলটো এতিয়া এটা কন্টেইনমেন্ট জ’নলৈ ৰূপান্তৰিত কৰা হৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সুধীৰ সুৰী গেংষ্টাৰৰ আক্ৰমণৰ লক্ষ্য আছিল আৰু তেওঁক আক্ৰমণৰ পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা হৈছিল। কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা গেংষ্টাৰজনে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছিল যে তেওঁ সুধীৰ সুৰীক আক্ৰমণ কৰিবলগীয়া হৈছিল আৰু তাৰ বাবে তেওঁলোকে অনুশীলন কৰিছিল।

দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ; নাক আৰু ডিঙিৰ সংক্ৰমণ ৯০% লৈ বৃদ্ধি

দিল্লী এনচিআৰত যোৱা কেইদিনমানৰ পৰা বহু লোক কাণ, নাক আৰু ডিঙিৰ সংক্ৰমণজনিত সমস্যাৰ সন্মুখীন হৈছে।

দেশৰ ৰাজধানী চহৰখনৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৫০০ত উপনীত হৈছে, যিটো “বিপজ্জনক” শ্ৰেণীৰ অন্তৰ্গত হৈছে, বহু অঞ্চল ৭৫০ লৈও বৃদ্ধি পাইছে, কিয়নো মানুহে প্ৰকৃততে বতাহত থকা কণিকাৰ গোন্ধ পাব পাৰে। উৎসৱৰ পিছৰ বতৰত দেশত ই এন টি সম্পৰ্কীয় (কাণ, নাক আৰু ডিঙিৰ) ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে।

বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা?

প্ৰিষ্টিন কেয়াৰ ডাটা লেবছ আৰু প্ৰিষ্টিন কেয়াৰৰ প্ৰাথমিক পৰামৰ্শ প্লেটফৰ্ম লাইব্ৰেটৰ মতে উত্তৰ ভাৰতত দীপাৱলীৰ পিছত চৰ্দি, কনজেচন, ডিঙিৰ বিষ আদি ৰোগৰ ৰিপৰ্ট দিয়া ৰোগীৰ সংখ্যা ৪০% বৃদ্ধি পাইছে।

ইয়াৰ উপৰিও তথ্য অনুসৰি যোৱা বছৰৰ দীপাৱলীৰ পিছৰ বতৰৰ তুলনাত ই এন টি সম্পৰ্কীয় সমস্যাৰ সংখ্যা ৯০% (আনুমানিকভাৱে) বৃদ্ধি পাইছে। ক’ভিড-১৯ৰ সময়ত অনলাইন প্ৰাথমিক পৰামৰ্শদাতা প্লেটফৰ্ম গ্ৰহণ কৰাৰ পিছৰে পৰা ৰোগীৰ সমস্যা বৃদ্ধি পোৱাৰ বাবেই সংগ্ৰহ কৰা তথ্য আহৰণ কৰা হৈছে।

প্ৰিষ্টিন কেয়াৰৰ এম বি বি এছ, এম এছ-ই এন টিৰ ডাঃ নীৰজ আগৰৱালে ই এন টি সম্পৰ্কীয় সংক্ৰমণৰ এই উত্থানৰ বিষয়ে মুকলিকৈ কয় আৰু কয়, “অতি উচ্চ মাত্ৰাৰ ধোঁৱা আৰু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ এটা সাধাৰণ পাৰ্শ্বক্ৰিয়া (দীপাৱলীৰ উৎসৱৰ দিনবোৰত) বুকু জ্বলা, চকুৰ বিষ, কাহ আৰু হিকতি অহা হয়।”

সকলোৱে বিপদত পৰিলেও বৃদ্ধ আৰু শিশুসকল বিশেষভাৱে দুৰ্বল। তেওঁ লগতে কয় যে যিসকল লোকৰ দীৰ্ঘ ক’ভিড লক্ষণ দেখা যায় তেওঁলোকৰ ইএনটি সংক্ৰমণৰ আশংকা অধিক।

“ইএনটি সংক্ৰমণৰ সমস্যা বৃদ্ধি পোৱা ৰোগীৰ সংখ্যা উদ্বেগজনক, আৰু বহু প্ৰতিষ্ঠান আৰু চিকিৎসালয়সমূহেও দীৰ্ঘদিনীয়া ক’ভিড লক্ষণসমূহৰ ওপৰত অধ্যয়ন চলাই আছে। দীৰ্ঘদিনীয়া ক’ভিড আক্ৰান্তসকলে ডিঙিৰ বিষ, নাক বন্ধ হোৱা আৰু তেওঁলোকৰ ঘ্ৰাণশক্তিৰ সৈতে জড়িত সমস্যা আদি বিষয়সমূহ উল্লেখ কৰিছে, যিবোৰ দীপাৱলীৰ সময়ত হোৱা ধোঁৱা আৰু প্ৰদূষণৰ বাবেও সমসা হোৱাৰ প্ৰৱণতা থাকে। ই এন টি সমস্যাত ভুগি থকা যিকোনো ব্যক্তিয়ে বিশেষজ্ঞৰ ওচৰলৈ যাব লাগে।’

সংক্ৰমণৰ ক্ষেত্ৰত উদ্বেগজনক বৃদ্ধি কিয়?

প্ৰতিবছৰে উত্তৰ ভাৰতৰ লোকসকলে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হয়, বিশেষকৈ পঞ্জাৱত শস্যৰ নৰা জ্বলোৱাৰ বাবে। শস্যৰ অৱশিষ্ট জ্বলাই বতাহত ধোঁৱা আৰু ছাইৰ গোন্ধৰ একক ডাঙৰ উৎস হৈ পৰিছে।

ভাৰতীয় অৰ্থনীতিবিদ সঞ্জয় সানয়ালে টুইটাৰত শ্বেয়াৰ কৰিছে যে পঞ্জাৱৰ কৃষকসকলে তেওঁলোকৰ খাৰিফ শস্য চক্ৰ ৩ সপ্তাহ সলনি কৰিছে। প্ৰায় ১৫ বছৰ আগতে জুন মাহত শস্য ৰোপণ কৰি অক্টোবৰ মাহত চপোৱা হৈছিল, অৰ্থাৎ নৱেম্বৰৰ আৰম্ভণিতে মাটিখিনি ৰবি বীজ সিঁচাৰ বাবে সাজু হৈছিল।

তলৰ ছবিখনত দেখুওৱাৰ দৰে খাৰিফ বীজ সিঁচা জুলাই মাহৰ আৰম্ভণিতেহে আৰম্ভ হয়। ইয়াৰ অৰ্থ হ’ল যে শস্যসমূহ এতিয়াও অক্টোবৰৰ শেষৰ ফালে পথাৰত আছে আৰু নৱেম্বৰৰ আৰম্ভণিতে খৰখেদাকৈ চপাবলগীয়া হয়। ইয়াৰ অৰ্থ হ’ল ৰবি বীজ সিঁচাৰ বাবে মাটি মুকলি কৰিবলৈ মাত্ৰ এসপ্তাহ সময় আছে – সেয়েহে শস্য জ্বলোৱা হয়

কিন্তু শেহতীয়াকৈ খাৰিফ বীজ সিঁচা জুলাই মাহতহে আৰম্ভ হয় আৰু নৱেম্বৰৰ আৰম্ভণিতে চপোৱা হয়। তেওঁ লিখিছে যে ইয়াৰ অৰ্থ হ’ল ৰাবি বীজ সিঁচাৰ বাবে মাটি মুকলি কৰিবলৈ মাত্ৰ এসপ্তাহ বাকী আছে – সেয়েহে শস্য জ্বলোৱা হ’ব।

এই ধৰণৰ খেতিৰ প্ৰথাৰ বাবে এই বতৰত ই এন টি সম্পৰ্কীয় ৰোগ বৃদ্ধি পোৱা দেখা গৈছে। উচ্চ মাত্ৰাৰ বায়ু প্ৰদূষণে হাঁপানীৰ আক্ৰমণৰ সূচনা কৰিছে আৰু হাওঁফাওঁ অবিকশিত শিশুৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰিছে।

অভিনেত্ৰী শ্বেহনাজ গিলে প্ৰেমিক সিদ্ধাৰ্থ শুক্লাৰ‌ বাবে গালে এটি আৱেগিক গীত…

অভিনেত্ৰী শ্বাহনাজ গিলে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এটা আৱেগিক গীত গাইছিল, যিটো দেখি অনুৰাগীয়ে সিদ্ধাৰ্থ শুক্লাক মনত পেলাইছিল।

অভিনেত্ৰী-গায়িকা শ্বেহনাজ গিল হয়তো এতিয়াও বলীউডত প্ৰৱেশ কৰা নাই, কিন্তু তেওঁৰ ফেন ফ’ল’ইঙে শীৰ্ষ অভিনেত্ৰীৰ ফেন বেছৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ হিট ছিজন ১৩ৰ বাবেই জনপ্ৰিয় হৈ পৰিছিল শ্বেহনাজ গিল। প্ৰায়ে ছচিয়েল মিডিয়াত তেওঁৰ গীতৰ ভিডিঅ’ শ্বেয়াৰ কৰে। শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

শ্বাহনাজ গিলে ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কণ্ঠশিল্পী বি প্ৰাকে কণ্ঠদান কৰা জিন্দগী’ গীতটি সম্পূৰ্ণ হৃদয়েৰে গোৱা দেখা গৈছে। সকলোৱে জানে যে, তাইৰ কণ্ঠ বৰ ভাল আৰু এই গীতটো যি ধৰণে গাইছে, মানুহে বহুত ভাল পাইছে।

ডিব্ৰুগড় আৰক্ষীৰ গুৰুত্বপূৰ্ণ ঘোষণা; লালুকাৰ গুলীচালনাত ব্যবহৃত পিষ্টলৰ তথ্য দিলে পুৰস্কাৰৰূপে আগবঢ়াব নগদ ৫০ হাজাৰ টকা

ডিব্ৰুগড়ৰ লালুকাৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত জিলা আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই অনুসৰি লালুকাৰ গুলীচালনাত ব্যবহৃত পিষ্টলৰ তথ্য দিয়াজনলৈ নগদ ৫০ হাজাৰ টকা পুৰস্কাৰৰূপে দিয়া হ’ব। লগতে তথ্য দিয়া ব্যক্তিগৰাকীৰ চিনাকী গোপনীয় ৰখা হ’ব। অসম আৰক্ষীয়ে  টুইটাৰত প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ কৰি অথবা আৰক্ষী অধীক্ষক, ডিব্ৰুগড় সৈতে যোগাযোগ  কৰি উক্ত বিষয় সন্দৰ্ভত জনাব পাৰে বুলি এক টুইটযোগে জনালে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে। ইয়াৰ বাবে এটা যোগাযোগ নম্বৰো আগবঢ়াইছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে। এই নম্বৰটো হৈছে– ফোন/ৱাটছএপ 6026901300।

যোৰহাটৰ স্বাস্থ্যখণ্ডত ভয়ংকৰ অনিয়ম! স্বাস্থ্যকেন্দ্ৰত ৰমৰমীয়া বেহা

যোৰহাট নগৰ তথা ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহৰ অধিকাংশ লোকেই যোৰহাটৰ চিনামৰা চাহ বাগিচাত থকা এটা অত্যাধুনিক লেবৰেটৰী য’ত ৰোগীৰ বহু পৰীক্ষা বিনামূলীয়াকৈ কৰা হয় সেই সন্দৰ্ভত অজ্ঞাত। ইয়াৰ বিপৰীতে যোৰহাটৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত ৰোগীক চিকিৎসকে প্ৰদান কৰা বিধান অনুসৰি ৰক্ত পৰীক্ষা কৰোৱাবলৈ তেজৰ নমুনা ব্যক্তিগত লেবৰেটৰীলৈ প্ৰেৰণ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে ।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এইছ এল এল লাইফকেয়াৰ লিমিটেডৰ সহযোগত যোৰহাটৰ চিনামৰা চাহ বাগিচা, টীয়ক এফআৰইউ আৰু তিতাবৰ এফআৰইউত তিনিটা উন্নত মানদণ্ডৰ আধুনিক লেবৰেটৰী স্থাপন কৰিছিল। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা নামেৰে পৰিচিত এই লেবৰেটৰীসমূহত ৰোগীৰ ৫৬ বিধ ৰোগ নিৰ্ণায়ক পৰীক্ষা কৰিব পাৰি। সচৰাচৰ কৰিব লগা প্ৰায়বোৰ পৰীক্ষাই এই তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত আছে।

কিন্তু বহু লোকেই চৰকাৰৰ এই সুবিধাৰ বিষয়ে জ্ঞাত নহয়। যোৰহাটৰ বাঘচোং পিএইছচিত ৰোগীৰ এই অজ্ঞতাৰ সুযোগ লৈ একাংশ স্বাস্থ্যকৰ্মীয়ে ব্যক্তিগত লেবৰেটৰীৰ সৈতে মিলি এক ব্যৱসায় চলাই আহিছে। বাঘচোং পিএইছচিলৈ চিকিৎসাৰ বাবে যোৱা বহু ৰোগীৰ বিভিন্ন ৰক্ত পৰীক্ষাৰ বাবে তেজ সংগ্ৰহ কৰি সেয়া নগৰৰ ব্যক্তিগত লেবৰেটৰীলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আহিছে। ব্যক্তিগত লেবৰেটৰীৰ এজেন্ট ৰূপে কাম কৰা বাঘচোং পিএইছচিৰ চৰকাৰী কৰ্মচাৰীয়ে এই পৰীক্ষাসমূহৰ বাবে ৰোগীৰ পৰা অধিক পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে বুলি জানিব পৰা গৈছে। গ্ৰাম্যাঞ্চলৰ পৰা বিনামূলীয়াকৈ পৰীক্ষা কৰাবলৈ অহা বহু ৰোগী ধনৰ অভাৱত চিকিৎসা কেন্দ্ৰটোৰ পৰা উভতি যাব লগা হৈছে। কিন্তু এই সকলোবোৰ দেখি শুনিও যেন মৌন হৈ আছে স্বাস্থ্যকেন্দ্ৰটোকে ধৰি যোৰহাটৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল।

এইছএলএল লাইফকেয়াৰ লিমিটেডৰ লেবৰেটৰীসমূহলৈ স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰা ৰোগীৰ তেজৰ নমুনাসমূহ প্ৰেৰণ কৰিলেই সেয়া বিনামূলীয়াকৈ পৰীক্ষা কৰি ৰিপ’ৰ্টসমূহ প্ৰদান কৰা হয়। কিন্তু এই চৰকাৰী সুবিধাৰ বিষয়ে প্ৰচাৰ হ’বলৈ নিদি জিলাখনত একাংশ স্বাস্থ্যকৰ্মীয়ে একাংশ ব্যক্তিগত লেবৰেটৰীৰ সৈতে মিলি চলাই আহিছে এক ৰমৰমীয়া ব্যৱসায়। এতিয়া অসম চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়াহে লক্ষণীয় হ’ব।

মহানগৰীৰ পাণ্ডুত যুৱকৰ মৃতদেহ উদ্ধাৰ; ৰে’লৱেৰ পৰিত্যক্ত ৱৰ্কচপৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

শনিবাৰে মহানগৰীৰ পাণ্ডুত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। পুৱা পাণ্ডু ল’ক’ কলনীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ  হৈছে। জানিব পৰা মতে, ৰে’ল বিভাগৰ এটা পৰিত্যক্ত ৱৰ্কচপৰ ভিতৰত চিপ লোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয়। অৱশ্যে এই পৰ্যন্ত যুৱকজনৰ কোনো পৰিচয় লাভ কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখ্য যে, ৰে’ল বিভাগৰ পৰিত্যক্ত ৱৰ্কচপটো মদ, ভাঙৰ আড্ডাস্থলীলৈ ৰূপান্তৰিত হোৱাৰ দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে। ইতিমন্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰিছে ।

ইফালে এইয়া হত্যা নে আত্মহত্যা সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্ততহে মৃত্যুৰ কাৰণ পোহৰলৈ আহিব।

সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত অনুষ্টুপীয়াকৈ আয়োজিত অনুষ্ঠানক লৈ বিতৰ্ক; সুধাকন্ঠৰ ড০ ভূপেন হাজৰিকাৰ আজি একাদশ মৃত্যু বাৰ্ষিকী।

মাত্ৰ ৪৫ মিনিটতেই ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰিলে সাংস্কৃতিক সঞ্চালকালয়ে

সুধাকন্ঠৰ ড০ ভূপেন হাজৰিকাৰ আজি একাদশ মৃত্যু বাৰ্ষিকী। এই উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে জালুকবাৰীস্থিত সুধাকন্ঠৰ সমাধিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। মাত্ৰ ৪৫ মিনিটতেই ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰিলে সাংস্কৃতিক সঞ্চালকালয়ে।

উল্লেখযোগ্য যে, এই অনুষ্ঠানত  চৰকাৰৰ কোনো প্ৰতিনিধি উপস্থিত নহ’ল। সেৰেঙা উপস্থিতিৰে ভূপেন দাৰ স্মৃতি দিৱস সাংস্কৃতিক সঞ্চালকালয়ে অনুষ্ঠান সামৰাক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়ে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,”চৰকাৰে শিল্পীক সন্মান কৰিব নাজানে৷ এঘাৰটা বছৰতে ভুপেন হাজৰিকাক পাহৰিলে চৰকাৰে৷ আজি মোৰ তৰুণ গগৈলৈ মনত পৰিছে। লাভ থকা কথাতহে চৰকাৰে মনোযোগ দিয়ে৷”

ৰঙিয়া মহাবিদ্যালয় ছাত্ৰী নিৱাসৰ নিৱাসী সকলৰ সুবিধাৰ্থে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা কিতাপ প্ৰদান…

ৰঙিয়া মহাবিদ্যালয় ছাত্ৰী নিৱাসৰ নিৱাসী সকলৰ সুবিধাৰ্থে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া মহাবিদ্যালয় শাখাৰ তৰফৰ পৰা কেইখনমান কিতাপ প্ৰদান কৰা হয়।

আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া মহাবিদ্যালয় শাখাই আগন্তুক দিনতো এনেকুৱা কিতাপ, মেগাজিন প্ৰদান কৰি যাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

মানকাচৰ কাকৰীপাৰাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ…

মানকাচৰ কাকৰীপাৰাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। কালি নিশা বালুৰচৰত চলায় তাণ্ডৱ।মানকাচৰৰ কাকৰীপাৰা বালুৰচৰত বনৰীয়া হাতীৰ জাকে কৃষিভূমি তহিলং কৰি আছে।

কালি ৰাতি ৮-৩০ মান বজাত প্ৰায় ৪০ অৰ পৰা ৫০ টা মান হাতি আহি বালুৰচৰ পাহাৰতলীৰ কৃষিভূমিত নামি এফালৰ পৰা কৃষকৰ ফচল ধ্বংস কৰি আছে।

শ শ ৰাইজে কৃষকৰ ফচল বচোৱাৰ বাবে ফটকা, জুই জ্বলাই আছে যদিও হাতীৰ জাকটোৱে এতিয়াও কাকো কেৰেপ নকৰি কৃষিভূমি এফালৰ পৰা তহিলং কৰি আছে ।

কালি দিনৰ ভাগত কাকৰীপাৰা বৰঝোৰাত হাতিৰ জাকটোৱে নামি আহি সন্ত্ৰাস চলোৱাৰ চেষ্টা চলাইছিল যদিও ৰাইজে সচ্চাৰ ৰূপ লৈ খেদি পঠিয়াই।

এনে অৱস্থাত গঞা ৰাইজে ভয় আৰু আশংকাত ভূগিছে।

দৰঙৰ বৰনৈ মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ…

দৰঙৰ বৰনৈ মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ । দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অন্যতম শিক্ষা প্ৰতিষ্ঠান দুমুনিচকীস্থিত বৰনৈ মহাবিদ্যালয়ৰ নিম্নমানৰ সামগ্ৰীৰে শ্ৰেণীকোঠা নিৰ্মাণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

কি আঁচনিত অৰ্ন্তভূক্ত হল নিৰ্মীয়মান গৃহটিৰ আজিলৈ এই বিষয়ে লগোৱা নাই ফলক । বৰনৈ মহাবিদ্যালয়ৰ পৰিচালানা সমিতি তথা অধ্যক্ষই অবগত নহয় নৱ নিৰ্মীয়মান গৃহটিৰ বিষয়ে ।

দৰং জিলাৰ উপায়ুক্তক উচিত তদন্ত কৰি প্ৰকৃত আঁচনিখনৰ মতে নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীৰ উপযোগী কৰি তুলিবলৈ আহ্বান জনাইছে বৃহত্তৰ দুমুনিচকীৰ অঞ্চলৰ ৰাইজে ।