Breaking

ভাৰত মহাসাগৰৰ নীল অৰ্থনীতি ত্বৰান্বিত কৰিবলৈ ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ

0 28

আজি চেন্নাইস্থিত ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আই এম ইউ)ৰ সপ্তম সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ২০০৮ চনৰ ১৪ নৱেম্বৰত মানসম্পন্ন সামুদ্ৰিক শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ প্ৰসাৰৰ বাবে সাতখন সংশ্লিষ্ট প্ৰতিষ্ঠানক একত্ৰিত কৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ক। বিশ্ববিদ্যালয়খনে চেন্নাই, কোচি, ক’লকাতা, মুম্বাই, নৱী মুম্বাই আৰু বিশাখাপত্তনমত অৱস্থিত ইয়াৰ ছয়টা চৌহদত স্নাতক, স্নাতকোত্তৰ আৰু পি.এইচ.ডি. ডিগ্ৰী আগবঢ়াই আহিছে। বিশ্ববিদ্যালয়খনৰ সৈতে সংযুক্ত হৈ আছে সোতৰখন সামুদ্ৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠান।

সমাৱৰ্তনখন মুকলি হোৱাৰ পাছতেই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° মালিনী ভি শংকৰে মুখ্য অতিথি সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়েক প্ৰমুখ্যে উপস্থিত সকলোকে আদৰণি জনায় আৰু বাৰ্ষিক প্ৰতিবেদন উপস্থাপন কৰে। তদুপৰি, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন শাখাত প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্ত ক্ৰমান্বয়ে ২০ গৰাকী শিক্ষাৰ্থীক সোণৰ পদক আৰু আন ২০ গৰাকীক ৰূপৰ পদক প্ৰদান কৰে। 

মুখ্য অতিথি সৰ্বানন্দ সোণোৱালে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনায় আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে। সোণোৱালে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয়, “সমাৱৰ্তন অনুষ্ঠানে আপোনালোকৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমাপ্তি সূচায় যদিও এয়া জ্ঞান অন্বেষণৰ অবিৰত যাত্ৰাৰ সমাপ্তি নহয়। শিকা আৰু জ্ঞান অন্বেষণ হৈছে জীৱনৰ এক নিৰন্তৰ প্ৰক্ৰিয়া। সামুদ্ৰিক শিক্ষাক ৰাষ্ট্ৰৰ উন্নয়নৰ হকে প্ৰয়োগ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সবল ভূমিকা পালন কৰি যাবলৈ ছাত্র-ছাত্ৰীসকলক মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ কেইটামান গুৰুত্বপূৰ্ণ সাফল্যৰ সন্দৰ্ভতো আলোকপাত কৰে। 

তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আগন্তুক অমৃতকালৰ ভিতৰত ভাৰত আত্মনিৰ্ভৰ দেশ হিচাপে জিলিকি উঠাৰ ক্ষেত্ৰত নীল অৰ্থনীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ মন্ত্ৰালয়ে সাগৰমালা কাৰ্যসূচীৰ জৰিয়তে দেশৰ উপকূলীয় অৰ্থনীতি শক্তিশালী কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। সামুদ্ৰিক খণ্ড সম্পৰ্কীয় আন্তঃগাঁথনি উন্নত কৰাৰ সময়ত আমি আমাৰ সুযোগ-সম্ভাৱনাৰ সৰ্বোত্তম ব্যৱহাৰ কৰি দেশক সজ্জিত কৰিব লাগিব, কিয়নো মহাসাগৰভিত্তিক নীল অৰ্থনীতি হৈছে দেশৰ উন্নয়নৰ বাবে যথেষ্ট সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ।” ইণ্ডিয়ান মেৰিটাইম ভিজন, ২০৩০ক সাৰোগত কৰি ভাৰতে সামুদ্ৰিক খণ্ডত এতিয়া কেনেধৰণে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই সন্দৰ্ভতো সোণোৱালে উল্লেখ কৰে। সামুদ্ৰিক খণ্ডৰ নতুন সুযোগ-সম্ভাৱনাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “জাহাজ চলাচল, খনিজ অন্বেষণ, মাছ ধৰা, সাগৰীয় পৰ্যটনৰ দৰে পৰম্পৰাগত খণ্ডৰ উপৰিও আমি আমাৰ অৰ্থনীতিক একুৱা কালচাৰ, সামুদ্ৰিক জৈৱ প্ৰযুক্তি, সাগৰীয় শক্তি আদিৰ দৰে আগন্তুক গুৰুত্বপূৰ্ণ খণ্ডৰপৰা সৰ্বাধিক সুবিধা ল’বপৰাকৈ সজ্জিত কৰিব লাগিব। আধুনিক সামুদ্ৰিক প্ৰযুক্তিৰ উচ্চ প্ৰশিক্ষণৰদ্বাৰাহে এয়া সম্ভৱ হ’ব আৰু এইক্ষেত্ৰত ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ ভূমিকা হ’ব সুদূৰপ্ৰসাৰী। আমি আমাৰ শিক্ষাৰ্থী আৰু কেডেটসকলক সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণৰ সৈতে সক্ষম কৰাৰ দিশত কাম কৰি যাম যাতে দেশৰ সামুদ্ৰিক অৰ্থনীতি অধিক শক্তিশালী কৰিব পৰা যায়।”

সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়ৰ সামুদ্ৰিক অধ্যয়নত নীতি গৱেষণা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। এই কেন্দ্ৰই সবিস্তাৰে আৰু বিতংভাৱে সামুদ্ৰিক অধ্যয়ন কৰিব আৰু চৰকাৰ তথা উদ্যোগসমূহৰ বাবে এক থিংক টেংক হিচাপে কাম কৰিব। এনে কেন্দ্ৰ অনাগত বছৰবোৰত বিশ্ববিদ্যালয়খনৰ বাবে এক শক্তিশালী জ্ঞানৰ আধাৰ হ’ব। 

Leave A Reply