Home Blog Page 1999

আজি ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব খ্যাতনামা শিল্পী নিপন গোস্বামীৰ

ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব খ্যাতনামা শিল্পী নিপন গোস্বামীৰ । আজি পঞ্চভূতত বিলীন হ’ব চিৰসেউজ নিপন গোস্বামীৰ নশ্বৰ দেহ।

দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব খ্যাতনামা শিল্পী নিপন গোস্বামীৰ। প্ৰখ্যাত খ্যাতনামা শিল্পী নিপন গোস্বামীৰ অন্তিম অনুষ্ঠান শুকুৰবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত অনুষ্ঠিত হ’ব।

টংলাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ শ্ৰদ্ধাঞ্জলী

অসমৰ বিশিষ্ট অভিনেতা শ্ৰদ্ধাৰ নিপন গোস্বামী দেৱলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে টংলা চহৰৰ মাজ মজিয়াত উত্তৰ দৰং চিনিয়ৰ চেকোণ্ডেৰি স্কুলৰ সমীপত শ্ৰদ্ধাঞ্জলী অনুস্থান অনুস্থিত কৰি মহানায়ক গৰাকিৰ মহাপ্ৰয়ানত অশ্ৰুশিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলী জনায় ৷

এই শ্ৰদ্ধাঞ্জলী অনুস্থানত উপস্থিত থাকে যুৱ-ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি নিলয় চলিহা,যুটীয়া সম্পাদক দেৱজিৎ দাস টংলা আঞ্চলিক সমিতিৰ উপ সভাপতি উমেশ ডেকা,কমল কৃষ্ণ বড়া আঞ্চলিকৰ সাঃ সম্পাদক সীমান্ত নাথ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচ,প্ৰসাৰ ভাৰতীৰ সাংবাদিক নাৰায়ণ ডেকা,টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বড়া,টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ঘটেশ্বৰ বৰুৱাকে আদি কৰি টংলাৰ বহু বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধাঞলি অনুস্থানত ভাগ লৈ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

ডাঙৰ ইলাচিয়ে মুখৰ পৰা দাগ আঁতৰোৱাত সহায় কৰাৰ লগতে এলাৰ্জীৰ সমস্যাৰো দূৰ কৰে…

আপোনাৰ ছালে ডাঙৰ ইলাচিৰ পৰা পুষ্টি লাভ কৰে। ইয়াৰ উপৰিও ছালৰ এলাৰ্জীৰ সমস্যা দূৰ কৰে। এনে পৰিস্থিতিত আমি ইয়াত ক’ম যে আপুনি কেনেকৈ ডাঙৰ ইলাচি ব্যৱহাৰ কৰিব পাৰে? ডাঙৰ ইলাচি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে মানুহে ইয়াক ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে যে আপোনাৰ ছালখনেও ডাঙৰ ইলাচিৰ পৰা পুষ্টি লাভ কৰে। হয়, ইয়াত উপস্থিত বহুতো এন্টি-অক্সিডেন্ট আপোনাৰ ছালত উপকৃত হয়। ইয়াৰ উপৰিও ছালৰ এলাৰ্জীৰ সমস্যা দূৰ কৰি মুখখনক জিলিকনি দিয়ে। এনে পৰিস্থিতিত আমি ইয়াত ক’ম যে আপুনি কেনেকৈ ডাঙৰ ইলাচি ব্যৱহাৰ কৰিব পাৰে?

ইলাচিৰ উপকাৰিতাৰ
স্ক্ৰাবৰ বাবে

ইলাচিৰ এটা স্ক্ৰাব ছালৰ বাবে উপকাৰী। ই ছালৰ পৰা মৃত কোষ আঁতৰায় আৰু ই আপোনাৰ ছালখন ভিতৰৰ পৰা পৰিষ্কাৰ কৰে। ডাঙৰ ইলাচিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ভিটামিন চি, পটাছিয়াম আৰু আন বহুতো খনিজ পদাৰ্থ থাকে। ই ছালখন ভিতৰৰ পৰা পৰিষ্কাৰ কৰে।

ৰক্ত সঞ্চালন উন্নত কৰে

ডাঙৰ ইলাচিয়েও ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। ডাঙৰ ইলাচিয়ে ছালত বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰে। ইয়াৰ উপৰিও ই ছালখনক বিষমুক্ত কৰে। ইয়াৰ লগতে ই ছালত ৰক্ত সঞ্চালন ত্বৰান্বিত কৰে আৰু ছালখনক ভিতৰৰ পৰা সুন্দৰ কৰি তোলে।বয়সায়নত সহায় কৰে

ডাঙৰ ইলাচিয়ে আপোনাৰ বয়স বৃদ্ধিৰ লক্ষণবোৰ আঁতৰাই পেলায়। একে সময়তে ই আপোনাৰ ছাললৈও গ্লো আনে। ইলাচিৰ সৈতে এণ্টি ৰিংকেল ক্ৰীম বনাইও প্ৰয়োগ কৰিব পাৰে। ইয়াৰ ভিটামিন ইয়ে বাৰ্ধক্য হ্ৰাস কৰাৰ লগতে মুখৰ বলিৰেখাও ৰোধ কৰে।

ব্ৰণ ভাল কৰে

ডাঙৰ ইলাচিৰ এন্টিবেক্টেৰিয়েল গুণ থাকে যিয়ে মুখৰ ব্ৰণ কমায়। ইয়াৰ লগতে ইয়াত থকা ভিটামিন চি আৰু ভিটামিন ইয়ে মুখৰ দাগবোৰ পাতল কৰি তোলে। ইয়াৰ লগতে ইহঁতত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে, যিয়ে ব্ৰণ হোৱাৰ পৰাও ৰক্ষা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে কাশ্মীৰৰ গান্দৰবল ভ্ৰমণ কৰে

একাধিক পথ প্ৰকল্প উদ্বোধন কৰাৰ লগতে হিতাধিকাৰী সকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰে সোণোৱালে

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচীৰ অধীনত গান্দৰবল জিলা ভ্ৰমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰম বিভাগৰদ্বাৰা আগবঢ়োৱা উচ্চ শিক্ষাৰ সাহায্য আৰু সকলোৰে বাবে গৃহ (নগৰাঞ্চল)সহ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত মুঠ ১২.৩৫ লাখ টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰে।  তেওঁ লগতে মিনি সচিবালয়ত পিএমইজিপিৰ অধীনত অনুমোদন পত্ৰ, শ্ৰৱণ সহায়ক, প্ৰস্থেটিক আৰু অৰ্থ’টিক, হুইল চকী, ভূমি পাছবুক, উপাৰ্জনৰ প্ৰমাণপত্ৰ, গ’ল্ডেন কাৰ্ড, ক্ৰীড়া কিট আদি হিতাধিকাৰীক প্ৰদান কৰে।

তদুপৰি, মন্ত্ৰীগৰাকীয়ে মিনি সচিবালয় গান্দৰবলৰপৰা চহৰখনত ই-ৰিক্সা সেৱাৰো শুভাৰম্ভ কৰে। অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ উন্নতিত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত সমগ্ৰ অঞ্চলটোত উন্নয়নৰ সমান্তৰালভাৱে শান্তি আৰু নিৰাপত্তা সুচাৰুৰূপে চলি আছে।

ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মণিগাম বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুল পৰিদৰ্শন কৰে য’ত তেওঁ যোগ সন্মিলন প্ৰত্যক্ষ কৰে আৰু বিদ্যালয় চৌহদৰ ভিতৰত থকা ভেষজ বাগিচাও পৰিদৰ্শন কৰে। তদুপৰি ৫৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা একাধিক পথ প্ৰকল্পও আজি মুকলি কৰে সৰ্বানন্দ সোণোৱালে। লগতে আয়ুষ ৰাষ্ট্ৰীয় অভিযানৰ অধীনত স্থানীয় লোকসকলৰ মাজত ঔষধি উদ্ভিদো বিতৰণ কৰে।

আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত জম্মু-কাশ্মীৰৰ সমগ্ৰ অঞ্চলৰ জনসাধাৰণ এতিয়া দেশৰ অমৃতকালৰ ভিতৰত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ যাত্ৰাত গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছে। মোদী ডাঙৰীয়াৰ কঠোৰ পৰিশ্ৰম আৰু আন্তৰিক প্ৰচেষ্টাৰ বাবে অঞ্চলটোত শান্তিৰ বাতাবৰণ গঢ় লৈ উঠিছে আৰু অঞ্চলটোত সমৃদ্ধি আৰু উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে।”

কহিনুৰ থিয়েটাৰৰ মঞ্চত নাটক আৰম্ভ হোৱাৰ প্ৰাক-মুহূৰ্তত মহিৰূহ নিপন গোস্বামীলৈ শ্ৰদ্ধা জনাই আয়োজন কৰা হ’ল শোক সভা।

কহিনুৰ থিয়েটাৰৰ মঞ্চত নাটক আৰম্ভ হোৱাৰ প্ৰাক-মুহূৰ্তত মহিৰূহ নিপন গোস্বামীলৈ শ্ৰদ্ধা জনাই আয়োজন কৰা হ’ল শোক সভা। শোক প্ৰকাশক অনুষ্ঠানটোত অংশ গ্ৰহন কৰিলে প্ৰযোজক তপন লহকৰ, অভিনেতা কৃষ্ণমনি নাথ,সিদ্ধান্ত কলিতা,গিৰিজা গোস্বামী,অংকিতা শইকীয়াৰ লগতে অন্য কুশীলৱসকলে। এই অনুষ্ঠানটো আঁত ধৰে অভিনেতা জয়ন্ত জীৱন বৰুৱাই।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ‘ৰক অন ফায়াৰ চেফ’ ( ROCK ON FIRE CHEF) প্ৰতিযোগিতা

কোভিদৰ সময়ত সমগ্ৰ ভাৰতৰে অাতিথ্য সেৱা ব্যবসায়ে ভালেখিনি সংগ্ৰামৰ মাজেৰে পাৰ হোৱাৰ পাচত এতিয়া এই সেৱাই নতুন ৰূপ অাৰু অলংকাৰেৰে পুনৰ জীৱন লাভ কৰিছে ৷ এই পৰিপ্ৰেক্ষিতত অাতিথ্য সেৱা বিষয়ৰ অধ্যয়নৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদৰ আতিথ্য আৰু পৰ্যটন ব্যৱস্থাপনা বিভাগতো ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহন বৃদ্ধি পাই অাহিছে ৷ শিক্ষাৰ্থীসকলৰ পাৰদর্শিতা বৃদ্ধিৰ বাবে বিভাগটোৱে লোৱা বিভিন্ন উদ্যোগৰ ২৭ অক্টোবৰ তাৰিখে ROCK ON FIRE Chef প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ছাত্ৰছাত্ৰীসকলেই এই প্ৰতিযোগিতাৰ অায়োজন অাৰু ব্যবস্থাপনা কৰিছিল ৷


প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা প্ৰতিটো দলকে নিৰ্দিষ্ট ৩ঘণ্টাৰ ভিতৰত পাঁচটা কোৰ্চৰ মেনু প্ৰস্তুত কৰিবলৈ দিয়া হৈছিল ৷ প্ৰতিটো দলেই নিজৰ প্ৰস্তুতি সজাই পৰাই পেছাদাৰী দক্ষতাৰে উপস্থাপন কৰিছিল। ৰাজ্যৰ প্ৰিমিয়াম হোটেলত কৰ্মৰত তিনিজন প্ৰশিক্ষিত অাৰু অভিজ্ঞ চেফ ক্ৰমে কাৰ্যবাহী চেফ বিশন সিং নেগী (নভোটেল), চেফ কাঞ্চন আচাৰজী, (ৰেডিছন ব্লু ) আৰু চেফ চাম হুন চাখাপ, (কিৰণশ্ৰী গ্ৰেণ্ড) এই অনুষ্ঠানৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। বিচাৰকৰ ভাষণত চেফ কেইগৰাকীয়ে ছাত্ৰছাত্ৰীসকলক নিজৰ অভিজ্ঞতাৰ প্ৰসংগেৰে পেছাদাৰী মনোভাবেৰে কাম কৰিবলৈ উদগণি যোগায় ৷ অনুষ্ঠানৰ অাৰম্ভণিতে অতিথিকেইগৰাকীক বিশ্ববিদ্যলয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷


বিভাগৰ মুৰব্বী ডাঃ ভোলা চৌৰছিয়াইৰ অাদৰণি ভাষণেৰে সভা অাৰম্ভ হয় ৷ এই প্ৰখ্যাত চেফসকলক ওচৰৰ পৰা লগ পোৱাটো ছাত্ৰছাত্ৰীসকলৰ বাবে ভাবিব নোৱৰা অভিজ্ঞতা অাছিল অাৰু তেওঁলোকে সেই অভিজ্ঞতা উপভোগ কৰিছিল ৷ প্ৰতিযোগিতা অাৰু সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰিছিল অধ্যাপক সদস্য আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে। সভাত বিজয়ী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷

অভিনেতা নিপন গোস্বামীৰ বিয়োগত মন্ত্ৰী অশোক সিংহলৰ গভীৰ শোক প্ৰকাশ…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে জ্যোতি চিত্ৰবনত উপস্থিত হৈ তাত আয়োজিত সমূহীয়া শ্ৰদ্ধাঞ্জলি ব্যৱস্থাৰ বুজ ল’লে মন্ত্ৰী সিংহলে ।

অসমীয়া চলচ্চিত্ৰ জগতৰ উজ্জ্বল জ্যোতিষ্ক, চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে।

এক শোকবাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰবীণ অভিনেতাগৰাকীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ এক বিৰাট শূণ্যতা নামি আহিল। মন্ত্ৰী সিংহলে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

নিপন গোস্বামীৰ মৃত্যুত জাতীয় পৰিষদৰ শোক

যশস্যী অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ দুখ ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসমীয়া সমাজ আৰু সাংস্কৃতিক জগতলৈ অতুলনীয় বৰঙণি আগবঢ়াই যোৱা গোস্বামীৰ মৃত্যু অসমবাসীৰ বাবে এটা পূৰাব নোৱাৰা ক্ষতি৷ এগৰাকী চিৰসেউজ অভিনেতা হিচাপে সময়ৰ বালিত চিহ্ন এৰি যোৱা গোস্বামীৰ অৱদান অনন্ত কাললৈ স্মৰণীয় হৈ ৰব৷
গগৈ আৰু ভূঞাই লগতে গোস্বামীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷

উৰ্বশী ৰৌতেলা আকৌ প্ৰেমত মতলীয়া হৈ পৰিছে আন এগৰাকী অভিনেতাৰ সৈতে…

উৰ্বশী ৰৌতেলা আকৌ প্ৰেমত মতলীয়া হৈ পৰিছে আন এগৰাকী অভিনেতাৰ সৈতে

প্ৰেমত হৃদয় চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত নতুনকৈ ভালপোৱাৰ সম্পৰ্ক কৰিবলৈ আগবাঢ়িছে উৰ্বশী ৰৌতেলা‌ই ।

সামাজিক মাধ্যমত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰাম পথিনেনীৰ লগত ফটো পোষ্ট কৰাৰ পিছতে অনুৰাগী সকলে ইতিবাচক আৰু নেতিবাচক কমেণ্ট কৰে ।

জাৰ্মানীৰ মিত্ৰজোঁট চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি…

জাৰ্মানীৰ মিত্ৰজোঁট চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি দিছে।

এতিয়াৰে পৰা দেশ খনত ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩০ গ্ৰাম (১ অ’জ) পৰ্যন্ত ভাং লগত ৰখাৰ অনুমতি দিয়া হ’ব। অনুজ্ঞাপ্ৰাপ্ত দোকান আৰু ফাৰ্মাচীবোৰে ভাং বিক্ৰী কৰিব পাৰিব।

অৱশ্যে এই সিদ্ধান্তটো এতিয়াও সংসদত গৃহীত হোৱা নাই। স্বাস্থ্য মন্ত্ৰী কাৰ্ল লটাৰবাকে কয় যে পৰিকল্পনাটো ২০২৪ চনত আইনত পৰিণত হ’ব পাৰে।
ইউৰোপীয় ইউনিয়নত কেৱল মাল্টাই মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে।

নেডাৰলেণ্ডত ডাচ্চ আইনৰ অধীনত, “কফি শ্বপ”ত কম পৰিমাণৰ গাঁজা বিক্ৰী কৰা হয়।

জাৰ্মানীয়ে প্ৰতিজন প্ৰাপ্তবয়স্ক লোককঘৰত গাঁজা গছৰ খেতিৰ অনুমতি দিব।