Home Blog Page 2028

অসম গ্ৰন্থমেলা, ধেমাজিৰ লাইখুঁটা স্থাপন…

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ধেমাজিত প্ৰথম বাৰৰ বাবে আয়োজিত অসম গ্ৰন্থমেলা ধেমাজি -২০২২ ৰ লাইখুটা আজি ধেমাজিৰ কাছাৰী ময়দানত স্থাপন কৰা হয় ৷ বিশিষ্ট লেখক,প্ৰবীন সাংবাদিক, সমাজকৰ্মী উমেশ চেতিয়া, বিশিষ্ট লেখক ,শিল্পী ড° পুষ্প গগৈ, আৰু মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি এই শুভ কাৰ্য সম্পন্ন কৰে ৷

ধেমাজি চহৰৰ আগশাৰীৰ ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা সদাশয় লোকৰ উপস্থিতিত গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰি লৃখক উমেশ চেতিয়াই কয় যে ধেমাজি চহৰত গ্ৰন্থমেলাৰ আয়োজন কৰি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এক নতুন যাত্ৰাৰ শুভাৰম্ভ কৰিছে ৷ ধেমাজি চহৰত গ্ৰন্থমেলাৰ এই বৃহৎ পৰিসৰৰ আয়োজনে কেৱল গ্ৰন্থ জগতলৈকে যে শুভ বাৰ্তা কঢ়িয়াই আনিব এনে নহয় সমগ্ৰ জিলাখনতে নতুন উদ্দীপনাৰ সৃষ্টি কৰিব ৷

আজিৰ অনুষ্ঠানৰ আন এগৰাকী বিশিষ্ট অতিথি ড° পুষ্প গগৈয়ে অসম গ্ৰন্থমেলা, ধেমাজিয়ে ধেমাজিবাসীৰ মনত নতুন প্ৰেৰণা সৃষ্টি কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ গ্ৰন্থমেলাৰ লাইখুটা স্থাপনৰ আন এগৰাকী অতিথি মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ধেমাজিত গ্ৰন্থমেলা আয়োজন কৰি সমগ্ৰ জিলাখনকে নতুন চিন্তাৰে উদ্বুদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিছে ৷ বানে গৰকা বিভিন্ন সমস্যাৰে আক্ৰান্ত এই জিলাখনত মহা পয়োভৰৰে গ্ৰন্থমেলা আয়োজন কৰিবলৈ লোৱা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ হৈছে ৷

মুকুতা’ৰ সহযোগী সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থকা গ্ৰন্থপ্ৰেমী ৰাইজক সম্বোধন কৰি ধেমাজিত অসম গ্ৰন্থমেলা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰি আদৰণি ভাষণ প্ৰদান কৰে ৷ কলিতাই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যুটীয়াভাৱে গ্ৰন্থমেলা আয়োজন সন্দৰ্ভত সবিশেষ ব্যক্ত কৰি কয় যে কেবল গুৱাহাটীতেই গ্ৰন্থমেলা আৱদ্ধ নাৰাখি ৰাজ্যখনৰ ভিন্ন প্ৰান্তলৈ বিস্তাৰ কৰাৰ চৰকাৰৰ যি প্ৰয়াস তাক সফল ৰূপায়ণৰ চেষ্টা কৰা হৈছে ৷ শলাগ জ্ঞাপন কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতাসংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম৷ চৌধুৰীে

BCCIৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, সভাপতি পদত ৰ’জাৰ বিন্নী, সম্পাদক পদত জয় শ্বাহ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড (BCCI)ৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া। আজি ১৮ অক্টোবৰত অনুষ্ঠিত BCCIৰ নতুন সমিতিৰ নিৰ্বাচনত যুটীয়া সম্পাদক ৰূপে মনোনীত হয় শৰ্মা।

প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াৰ লগতে BCCIৰ নিৰ্বাচনত সভাপতি পদত ৰ’জাৰ বিন্নী, সম্পাদক পদত জয় শ্বাহ নিৰ্বাচিত হৈছে। মুম্বাইৰ হোটেল তাজত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত দেৱজিৎ শইকীয়াক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা ১১জনলৈ বৃদ্ধি

আৰক্ষীৰ নিযুক্তিত ভুৱা কম্পিউটাৰৰ প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত মঙলবাৰে ৮জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল।

১১জনলৈ বৃদ্ধি ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা। মঙলবাৰে ৮জনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ গ্ৰেপ্তাৰ কৰা হয় তিনিজনক। নতুনকৈ গ্ৰেপ্তাৰ মুছস্তাফিজুৰ ৰহমান, আতিকুৰ ৰহমান আৰু অলিউল্লাহ। কিছু সময়ৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে তিনিওজনকে লৈ যোৱা হ’ব।

উল্লেখযোগ্য যে আৰক্ষীৰ নিযুক্তিত ভুৱা কম্পিউটাৰৰ প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত মঙলবাৰে ৮জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল। সোমবাৰে সোধা–পোছাৰ অন্তত চিআইডিয়ে গ্ৰেপ্তাৰ কৰে ৮ অভিযুক্তক। শেহতীয়াকৈ অসম আৰক্ষীত বহু পৰিমাণৰ পদত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে। এই পৰীক্ষাত একাংশ প্ৰাৰ্থীয়ে ভুৱা কম্পিউটাৰৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

আপোনাৰ হাতৰ ৰেখাত লুকাই থাকে আপুনি কেনেকুৱা জীৱনসংগী বিচাৰি পাব…

হস্ত ৰেখা অনুসৰি, এজন ব্যক্তিৰ ভাগ্য হাতৰ ৰেখাত লুকাই আছে বুলি বিশ্বাস কৰা হয়। এজন ব্যক্তিয়ে জীৱনত কি কৰিব, তেওঁৰ প্ৰকৃতি কি হ’ব। তেওঁৰ পত্নী কেনে হ’ব, তেওঁ তেওঁৰ সৈতে কেনেদৰে মিলা-মিছা কৰিব? কিয়নো বিবাহ এক মূল্যৱান বন্ধন। একে সময়তে, এজন ব্যক্তিয়ে জীৱনত স্থিৰতা বিচাৰি বিবাহৰ ফলাফলৰ সূত্ৰটো বান্ধি ৰাখে। য’ত দুজন মানুহ কেৱল গোটেই জীৱনৰ বাবে ইজনে সিজনৰ হয়। গোটেই জীৱন ইজনে সিজনক সমৰ্থন কৰিবলৈ এজন ভাল পত্নী থকাটো অতি গুৰুত্বপূৰ্ণ।

হস্তৰেখা পণ্ডিতসকলে বিশ্বাস কৰে যে হাতৰ ৰেখাই নিৰ্ধাৰণ কৰিব পাৰে যে পতি/পত্নীৰ প্ৰকৃতি কেনেকুৱা হ’ব আৰু ই কি ট্ৰেক ল’ব। আপুনি উপযুক্ত জীৱন সংগী বিচাৰি পাবনে জনাও আহক…

গুৰু পৰ্বতত আছে এনে চিহ্ন:

হস্তৰেখা অনুসৰি, যদি ছোৱালী এজনীৰ হাতৰ তলুৱাত গুৰু পৰ্বতৰ ফৰ্ক থাকে আৰু শাখাৰ সৈতে থকা হৃদয়ৰ ৰেখা দীঘল থাকে, তেন্তে তেওঁ এজন উপযুক্ত আৰু ধুনীয়া দৰা পায়। আনহাতে, যদি গুৰু পৰ্বতটো পুৰুষৰ হাতৰ তলুৱাত ভাল হয় আৰু দীঘলীয়া শাৰী চলি আছে, তেনে পুৰুষে এগৰাকী গুণী আৰু আকৰ্ষণীয় কইনা পায়।

পত্নী ধুনীয়া হ’ব:

জ্যোতিষশাস্ত্ৰঅনুসৰি, যদি ছোৱালী এজনীৰ মূৰৰ ৰেখা অতি সূক্ষ্ম, গভীৰ আৰু পোন হৈ আছে, তেওঁলোকৰ বৈবাহিক সুখত কোনো সমস্যা নাই আৰু তেওঁলোকৰ বিবাহিত জীৱন মনোৰম। আনহাতে, মানুহজনৰ হাতৰ বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটো দীঘল হ’লে এনে পুৰুষে ৰূপৱতী পত্নী পায়।

বান্দৰৰ নামত পঞ্জীয়ন হৈ আছে ৩২ একৰ ভূমি;ভূমিৰ স্বত্বাধিকাৰ আছে বান্দৰৰো

প্ৰায় ১০০টা বান্দৰে বাস কৰা ঠাইখনত সংখ্যা কমি যোৱাত বান্দৰৰ নামত থকা মাটিত গছ ৰোপণ কৰিছে বন বিভাগে।

ধন–সম্পত্তি অথবা ভূমিৰ মালিকীস্বত্ব কেৱল মানুহৰে আছে। এই স্বত্বৰ হকে মানুহে কৰে যুঁজ অথবা বিচাৰে অধিকাৰ। কিন্তু আমাৰ দেশতে এনে এক ঠায়ো আছে, য’ত ভূমিৰ স্বত্বাধিকাৰ আছে বান্দৰৰ। মাটিৰ মালিক যেতিয়া এজাক বান্দৰ, মানুহেও দিয়ে সন্মান।

এই গাঁওখন আছে মহাৰাষ্ট্ৰত। প্ৰায় ৩২ একৰ মাটি বান্দৰৰ নামত আছে ইয়াত। অৱশ্যে এয়া বান্দৰে নিজে কৰা নাই। বহু বছৰ আগেয়ে মালিকীস্বত্ব দি বন্যপ্ৰেমৰ নিদৰ্শন দেখুৱাইছিল কোনোৱে। ওচমানাবাদৰ উপলা গাঁৱত এই বান্দৰবোৰে মাটিৰ মালিকীস্বত্ব লাভ কৰাই নহয়, তেওঁলোকক যথাযথ সন্মানো দিয়া হৈছে। বান্দৰক ইমানেই সন্মান কৰা হয় যে বিয়াৰ আগতে মানুহে কেৱল বান্দৰকহে প্ৰথম উপহাৰ দিয়ে।

উপলা গাঁওখন শ শ বান্দৰ বাসস্থান। গাঁৱৰ কাৰোবাৰ ঘৰৰ সন্মুখত যেতিয়াই বান্দৰ আহে, সিহঁতক অতি শ্ৰদ্ধাৰে খাদ্য আগবঢ়োৱা হয়। কোনো বিশেষ অনুষ্ঠানত বান্দৰৰ উপস্থিতি শুভ বুলি গণ্য কৰা হয়। পিটিআইৰ প্ৰতিবেদন অনুসৰি এই ভূমি কেতিয়া বান্দৰৰ নামত দিয়া হৈছিল গাঁৱৰ মানুহে নাজানে। কিন্তু নথিমতে মাটিৰ মালিক বান্দৰ।

প্ৰায় ১০০টা বান্দৰে বাস কৰা ঠাইখনত সংখ্যা কমি যোৱাত বান্দৰৰ নামত থকা ৩২ একৰ মাটিত বন বিভাগে গছ-গছনিও ৰোপণ কৰিছে, যাতে সিহঁতে খাদ্য অভাৱত নপৰে। এই ঘটনা আজব যেন লাগিলেও ই সত্য আৰু বান্দৰ–মানুহৰ সহবাসৰ নিদৰ্শন।

সোণৰ নাও উদ্ধাৰ মহানগৰীত, আৰক্ষীৰ জালত মহিলা সৰবৰাহকাৰী 

গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে জব্দ কৰিছে সোণৰ নাও আৰু সোণৰ বিস্কুট। DCP দেৱশীষ বৰা আৰু SOGৰ যুটীয়া অভিযানত দাতালপাৰাৰ পৰা আটক কৰে সোণ সৰবৰাহকাৰী এগৰাকী মহিলাক। দাতালপাৰাৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ সোণখিনি। গুৱাহাটীত বিক্ৰীৰ উদ্দেশ্যে লখিমপুৰ পৰা আনিছিল সোণখিনি। ধৃত মহিলাগৰাকীক সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

তীৰ্থ ধামৰ পৰা ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা;একেলগে প্ৰাণ হেৰুৱালে স্বামী-পত্নী-পুত্ৰ-শাহু আৰু খুলশালীয়ে!

ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত (Truck And Car Collided) সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত (Horrific Road Accident) প্ৰাণ হেৰুৱাই ৰাজস্থানৰ জলৌৰক ভীনমলৰ মুৰ্ছিম গাঁৱৰ নিৱাসী জৈন পৰিয়ালৰ ৫ গৰাকীকৈ সদস্যই

এক কৰুণ ঘটনা (Tragic Road Accident) সংঘটিত হৈছে ৰাজস্থানৰ (Rajasthan) আহমেদাবাদ-ভৱনগৰ ঘাইপথৰ আঘেলাই ছেক্সনৰ সমীপত। দেওবাৰে তীৰ্থ ধামৰ পৰা উভতি অহাৰ পথতে এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ শিশু আৰু মহিলাসহ ৫ গৰাকী সদস্যই (5 Members Died)

এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত (Truck And Car Collided) সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত (Horrific Road Accident) প্ৰাণ হেৰুৱাই ৰাজস্থানৰ জলৌৰক ভীনমলৰ মুৰ্ছিম গাঁৱৰ নিৱাসী জৈন পৰিয়ালৰ ৫ গৰাকীকৈ সদস্যই।

ব্যৱসায়িক সূত্ৰে গুজৰাটৰ আহমেদাবাত বাস কৰা পৰিয়ালটোৱে দেওবাৰে পালিতানা তীৰ্থ ধাম দৰ্শন কৰি আহমেদাবলৈ উভতি অহাৰ পথতে নিশা প্ৰায় ১০-৩০ বজাত আঘেলাই ছেক্সনৰ সমীপত এখন ট্ৰাকে তেওঁলোকৰ বাহনখনত খুন্দা মাৰে।

এই দুৰ্ঘটনাত বাহনখনত থকা মহাবীৰ জৈন (৪০), তেওঁৰ পত্নী ৰমিলা জৈন (৩১), পুত্ৰ জৈনম (৯), শাহু পুষ্পা দেৱী (৬০) আৰু খুলশালী নৰেশ জৈন (৩২)ৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

জানিব পৰা অনুসৰি, মহাবীৰ জৈনৰ আহমেদাবাদত ধাতুৰ ব্যৱসায় আছে। কিছুদিন পূৰ্বে তেওঁ পৰিয়ালক লগত লৈ ৰাজস্থানৰ মুৰ্চিমৰ জন্ম গাঁৱত থকা পিতৃ-মাতৃৰ ওচৰলৈ আহিছিল।তাৰ পৰা তেওঁলোকে দেওবাৰে পালিতানা তীৰ্থ ধাম দৰ্শন কৰি পুনৰ আহমেদালৈ ওভতাৰ পথতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (Tragic Road Accident)। আনহাতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাবীৰ জৈনৰ খুলশালী নৰেশ জৈনৰ পত্নী বৰ্তমান গৰ্ভৱতী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত পৰিয়ালটোৰ ৫ জনকৈ সদস্যই কৰুণ মৃত্যুক সাৱটি লোৱাত শোকত ভাগি পৰিছে পৰিয়ালটো।

১৫০০ টকা ঘুৰাই দিব নোৱাৰাৰ বাবেই ৰচিৰে বান্ধি ৰাজপথেৰে দৌৰাই নিলে এজন যুৱকক। ঘটনা ওড়িছাৰ কটকৰ।

এক অমানৱীয় কাণ্ড (Cruelty Incident) সংঘটিত হৈছে ওড়িশাৰ (Odisha) কটক চহৰত (Cuttack City)

ধাৰে লোৱা টকা সময়ত ঘূৰাই দিব নোৱাৰাৰ বাবেই কাবুলিৱালাই এজন যুৱকৰ সৈতে কৰিলে এই নিষ্ঠুৰতা। বাইকৰ পিছত ৰছীৰে বান্ধি যুৱকজনক ২ কিলোমিটাৰ পথ ৰাজপথেৰে টানি লৈ গ’ল দুই কাবুলিৱালাই (Viral Video)

জানিব পৰা অনুসৰি, কটক চহৰৰ এজন যুৱকে এজন কাবুলীৱালাৰ পৰা ১৫০০ টকা ধাৰলৈ লৈছিল। কিন্তু ধাৰে লোৱা টকাখিনি ঘূৰাই দিবলৈ বাৰে-বাৰে কোৱাৰ পিছতো যুৱকজনে আৰ্থিক অভাৱৰ বাবে টকাখিনি ঘূৰাই দিবলৈ পৰা নাছিল।

যাৰ বাবে দুই যুৱকে টকা ধাৰলৈ লোৱা যুৱকজনক স্কুটীৰৰ পাছফালে বান্ধি চহৰখনৰ ছেল্টাৰ চ’কৰ পৰা মিছন ৰোডলৈ টানি লৈ যায়। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ (Social Media Viral Video) পৰাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি কাবুলিৱালা যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে (Two Arrest)

লকআপৰ শৌচাগাৰৰ ভিতৰতে আচামীৰ আত্মহত্যা;নিশা পহৰাত থকা কনিষ্টবল এজনক নিলম্বন ! গৰু চুৰিৰ ঘটনাত কালি আৰক্ষীয়ে কৰিছিল আটক

মাজ নিশা ৩.৩০ বজাত যোগীঘোপা আৰক্ষী থানাৰ লকআপৰ ভিতৰৰ শৌচাগাৰতে আত্মহত্যা আচামীৰ

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যোগীঘোপা আৰক্ষী থানাত (Jogighopa Police)। লকআপৰ ভিতৰতে চৰম সিদ্ধান্ত ল’লে আচামীয়ে। মাজ নিশা ৩.৩০ বজাত যোগীঘোপা আৰক্ষী থানাৰ লকআপৰ ভিতৰৰ শৌচাগাৰতে আত্মহত্যা আচামীজনৰ (Prisoner Committed Suicide In Lockup)। আত্মহত্যা কৰা আচামীজনৰ নাম আব্দুল জব্বাৰ।

আত্মহত্যা কৰা আচামী আব্দুল জব্বাৰ

মঙলবাৰে গৰু চুৰিৰ ঘটনাত যোগীঘোপা আৰক্ষীয়ে (Jogighopa Police) আটক কৰিছিল আব্দুল জব্বাৰক। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ মৃত আব্দুল জব্বৰৰ ঘৰ কুশবাৰীত ৷

ইফালে এই ঘটনাৰ পিছতে যোগীঘোপা থানাৰ কনিষ্টবল মকিমুল হক পাটগিৰিক নিলম্বন (Constable Suspend)। মকিমুল হক পাটগিৰি যোগীঘোপা থানাত নিশা পহৰাৰ দায়িত্বত আছিল।

কনিষ্টবল মকিমুল হক পাটগিৰি

সলনি হ’ল কংগ্ৰেছ দলৰ ইতিহাস। সভাপতি হিচাপে নিৰ্বাচিত হ’ল মল্লিকাৰজুন খাৰ্গে…

মল্লীকাৰজুন খৰ্গে ৭৮৯৭টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে লাভ কৰে ১০৭২টা ভোট। এই সন্দৰ্ভত শশী থাৰুৰে কয়, ‘কংগ্ৰেছৰ সভাপতি হোৱাটো এক বৃহৎ সন্মানৰ বিষয়, মহান দায়িত্ব, মল্লীকাৰজুন খাৰ্গেৰ এই নিৰ্বাচনত সফলতাৰ বাবে মই অভিনন্দন জনাইছো।

চূড়ান্ত ৰায় আছিল খৰ্গেৰ সপক্ষে, কংগ্ৰেছ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তেওঁক আন্তৰিক অভিনন্দন জনাইছো।’
একে সময়তে তেওঁ কয়, ‘অতি জটিল পৰিস্থিতিত দলটোক নেতৃত্ব আৰু শক্তি প্ৰদান কৰাৰ বাবে আমি বিদায়ী কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ ওচৰত ঋণী। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক কংগ্ৰেছৰ সভাপতি পদৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জনাইছো।’


কংগ্ৰেছৰ প্ৰায় ৯৯০০ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদানৰ যোগ্য আছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা হয়। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯৫০০ প্ৰতিনিধিয়ে সোমবাৰে দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে।


কংগ্ৰেছ দলৰ ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে, ১৯৩৯, ১৯৫০, ১৯৭৭, ১৯৯৭ আৰু ২০০০ চনত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ২২ বছৰৰ পাছত এইবাৰ সভাপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।


ইফালে, আনুষ্ঠানিক ঘোষণা কৰাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদত মল্লিকাৰজুন খৰ্গেৰ নাম ঘোষণা কৰিছিল। যেতিয়া ৰাহুল গান্ধীক দলত তেওঁৰ ভূমিকা সম্পৰ্কীয় এটা প্ৰশ্ন কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল, “মোৰ ভূমিকা কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল’ব… খৰ্গে জীক সুধিব।” দলত মোৰ ভূমিকা কি হ’ব সেয়া নতুন সভাপতিয়ে সিদ্ধান্ত ল’ব।