Home Blog Page 2067

অক্টোবৰৰ পৰা ”অৰুণোদই” সহ ২৯ খন অসমীয়া আলোচনী উপলব্ধ হব অনলাইনত …

স্বতন্ত্ৰ সাংবাদিক মৃণাল তালুকদাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ নব গোস্বামী আৰু অন্যান্য বিশিষ্ট সাহিত্যিকৰ সৈতে দ্য নন্দ তালুকদাৰ ফাউণ্ডেচনে ২৯ খন অসমীয়া আলোচনী ডিজিটেলাইজ কৰাৰ এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে।আলোচনীসমূহ ডিজিটেলাইজ কৰাৰ কাম আৰম্ভ হৈছিল এই বছৰৰ জুন মাহত আৰু ডিজিটেল সংস্কৰণসমূহ অক্টোবৰৰ শেষৰ ফালে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

শিৱসাগৰৰ পৰা ১৮৪৬ চনত প্ৰকাশিত সোণালী যুগৰ প্ৰথমখন অসমীয়া আলোচনী ‘অৰুণোদই’ও ডিজিটেল ফৰ্মেটত উপলব্ধ হ’ব।

অসমীয়া আলোচনীক ডিজিটেল ৰূপ দিয়াৰ উদ্দেশ্যে এই প্ৰকল্প আৰম্ভ কৰা হৈছিল।ডিজিটেল সংস্কৰণত উপলব্ধ হ’বলগীয়া ২৯খন আলোচনীৰ ভিতৰত আছে অৰুনোদই (১৮৪৮), জোনাকী, অসম হিতৈষী, বিজুলী, বাঁহী, জয়ন্তী, পছোৱা, জনমভূমি, নবযুগ ইত্যাদি।

এসময়ত চিৰিয়েলত অভিনয় কৰা হিনা খানৰ ৰূপ এতিয়া সলনি হ’ল, চুইমিং পুলত সাতুৰিবলৈ গৈ উশাহ বন্ধ কৰি ফটোশ্বুট কৰি ফটো আপলোড দিলে এনেকৈ….

হিনা খানৰ শেহতীয়া ফটোশ্বুটে ইণ্টাৰনেটত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে, য’ত তেওঁক চুইমিং পুলৰ ভিতৰত ফটো কৰা দেখা গৈছে…
এই শেহতীয়া ফটোবোৰত, হিনা খানক পুলৰ ভিতৰত উশাহ বন্ধ কৰি ফটোশ্বুট কৰা দেখা গৈছে, হিনাৰ এই ছবিবোৰ দেখি, অনুৰাগীসকলৰ উশাহও বন্ধ হৈ গৈছে।

হিনা খানৰ এই ছবিবোৰ অতি ভাইৰেল হৈ পৰিছে, কোনবোৰ অনুৰাগীয়ে তেওঁক প্ৰশংসা কৰি ভাগৰি পৰা নাই।

এই বেলেগ বেলেগ ফটোশ্বুটত, হিনা খানক চুইমিং পুলৰ ভিতৰত পৰি থকা আৰু ফটোশ্বুট কৰা দেখা গৈছে, যাৰ ওপৰত অনুৰাগীসকল আকৰ্ষিত হৈছে।

হিনা খানৰ এই ফটোবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁক তেওঁৰ পাতল কঁকালপ্ৰদৰ্শন কৰা দেখা গৈছে।

‘গুডবাই’ মুক্তিৰ আগতে চলচ্চিত্ৰ নিৰ্মাতাসকলে দিলে সু-খবৰ, মাত্ৰ ১৫০ টকাতে লাভ কৰিব চিনেমাৰ টিকট

গুডবাই মুক্তিৰ আগতে, নিৰ্মাতাসকলে ভাল খবৰ দিছিল, ছবিখনৰ টিকট ‘গুডবাই’ৰ নিৰ্মাতাসকলে মাত্ৰ 150 টকাত এটা বিশেষ প্ৰস্তাৱ দিছে। টিকটৰ মূল্য কম ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। অমিতাভ বচ্চন, ৰশ্মিকা মান্দন্না আৰু নীনা গুপ্তা অভিনীত ‘গুডবাই’য়ে ১৫০ টকাত টিকট ক্ৰয় কৰিবলৈ সক্ষম হ’ব। এই বছৰ বলীউডৰ কেইখনমান চলচ্চিত্ৰবাদ দি,

বেছিভাগে নিৰাশ কৰিছে। দৰ্শকসকলক সৰ্বাধিক সংখ্যাত ছবিগৃহলৈ অনাৰ বাবে, বহুতো চলচ্চিত্ৰনিৰ্মাতাই সাম্প্ৰতিক সময়ত টিকটৰ মূল্য হ্ৰাস কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱসত, চলচ্চিত্ৰৰ টিকট মাত্ৰ 75 টকাত ৰখা হৈছিল। সেই সময়ত ছবিগৃহত ‘ব্ৰহ্মাস্ত্ৰ’, ‘চুপ’ আৰু ‘ধোখা’ জড়িত আছিল। তিনিওখন চলচ্চিত্ৰই ভাল উপাৰ্জন কৰিছিল যেতিয়া টিকটৰ মূল্য কম ৰখা হৈছিল। যাৰ পিছত নিৰ্মাতাসকলে ইয়াৰ বিষয়ে চিন্তা কৰা উচিত নে নহয় তাক লৈ বিতৰ্ক হৈছিল। এতিয়া দেখা গৈছে যে নিৰ্মাতাসকলে ইয়াৰ পৰা এটা শিকিছে। শেহতীয়া চলচ্চিত্ৰ যাৰ টিকটৰ মূল্য হ্ৰাস কৰা হৈছে সেয়া হৈছে ‘গুডবাই’।

টেঙাখাত আঞ্চলিক শ্ৰীশ্ৰী দূৰ্গা পূজাস্থলীত কেন্দ্ৰীয় মন্তী ৰামেশ্বৰ তেলী উপস্থিত

টেঙাখাত আঞ্চলিক শ্ৰীশ্ৰী দূৰ্গা পূজাস্থলীত কেন্দ্ৰীয় মন্তী ৰামেশ্বৰ তেলী উপস্থিত।কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী নিজ টেঙাখাতৰ অতি পুৰনি পূজা মন্দপত উপস্থিত হৈ মা-দূৰ্গা শ্ৰীচৰণত সেৱা জনোৱা পৰিলক্ষিত হয় ৷

দুৰ্গতিনাশিনীৰ আশিষ লৈ টেঙাখাতৰ লগতে সমগ্ৰ অসমবাসীলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনায় লগতে সকলোৰে মঙ্গল কামনা কৰে ৷

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ প্ৰতিবেদন

শাৰদীয় দুৰ্গোৎসৱৰ মাজতে ডিব্ৰুগড়ৰত এখন বৃদ্ধাশ্ৰমে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ

ডিব্ৰুগড় পূজা শ্ৰী বৃদ্ধা আশ্ৰমৰ ব্যতিক্ৰমী পদক্ষেপ।বৃদ্ধাশ্ৰম হ’ল এনে এখন আশ্ৰয়, য’ত পৰিয়ালে পৰিত্যাগ কৰা বয়সস্থ আৰু আৰ্তজনৰ বাসস্থান। বৃদ্ধাশ্ৰমত এইসকল লোকক খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ যত্ন লোৱা হয়। লগতে তেওঁলোকক উপযুক্ত চিকিৎসাৰ সুবিধা প্ৰদান কৰা হয়। বহুতো বিনোদন আৰু মনোৰঞ্জনৰ ব্যৱস্থাও কৰা পৰিলক্ষিত হয়।তাৰ মাজতে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ডিব্ৰুগড়ৰ এটা বৃদ্ধাশ্ৰমে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ।

ডিব্ৰুগড়ৰ লেকাই ঠাকুথানত অৱস্থিত পূজা শ্ৰী বৃদ্ধাশ্ৰমে দুৰ্গা পূজা উপলক্ষে তেওঁলোকৰ বৃদ্ধাশ্ৰমত বাস কৰা বৃদ্ধা ককা আইতা সকলক মাৰ আশীৰ্বাদৰ বাবে বাছ যাত্ৰাৰ সুবিধা কৰি দিয়া দেখা পোৱা গ’ল৷ জিলা খনৰ বিভিন্ন প্ৰান্তত এই বাছৰ জড়িয়তে ককা আইতা সকলে উপভোগ কৰিলে দুৰ্গা পূজা, ললে মাৰ আশীৰ্বাদ। চাওক চোন সাংবাদিকৰ আগত কেনেকৈ ব্যক্ত কৰিলে মনৰ ধাৰনা।

লগতে বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰী দীপা গগৈয়ে কয় যে আজিকালি শিশুসকলে নগৰীয়া জীৱনশৈলীৰ বাবে পিতৃ-মাতৃৰ লগত থাকিবলৈ অজুহাত দেখুৱাই। বহু লোকে পিতৃ-মাতৃৰ বাবে বৃদ্ধাশ্ৰম খনে সমাধান বুলি ভাবে।

মৰিয়নিত ১৬ খনকৈ পূজাৰ আয়োজন। আজি মহাষ্টমীৰ দিনা লানি নিচিগা ভক্তৰ শাৰী…

কভি’ড সৃষ্ট পৰিবেশৰ পিছত এইবাৰ মুকলিমনে ৰাইজ শাৰদীয় দুর্গোৎসৱ পালন কৰা পৰিলক্ষিত হৈছে ।এইবাৰ মৰিয়নি নগৰত১৬ ঠাইত দুৰ্গাপূজাৰ আয়োজন কৰিছে। নগৰখনত ১৬ খনকৈ দুৰ্গাপূজাৰ আয়োজনক লৈ ব্যস্ত হৈ পৰিছে পূজা সমিতি সমূহে। মৰিয়নি নগৰত অনুষ্ঠিত হোৱা দূৰ্গা পূজাসমূহ হৈছে – জয়মতী নগৰ দূৰ্গা পূজা, দৈনিক বজাৰ দুৰ্গাপূজা, কেনেডি পাৰ্ক দুৰ্গাপূজা, চিগনেল ক’লোনী দুৰ্গাপূজা, বিষ্ণু মন্দিৰ দুৰ্গাপূজা, গান্ধী নগৰ দুৰ্গাপূজা, বিৰলা ক’লোনী দুৰ্গাপূজা, ঠাকুৰবাৰী দুৰ্গাপূজা, এএছটিচি দুৰ্গাপূজা ৱেষ্ট কেবিন দুৰ্গাপূজা, কালিবাৰী দুৰ্গাপূজা, ৰে’লৱে ইন্সষ্টিটিউট দুৰ্গাপূজা, সত্যনাৰায়ন সেৱা কেন্দ্ৰ দুৰ্গাপূজা, নিউ বিল্ডিং দুৰ্গাপূজা, ৰাইজিং ইয়ুথ দুৰ্গাপূজা আৰু সুভাস ময়দান পূজা মণ্ডপত আজি অটমীৰ দিনা যথেষ্ট ভক্তৰ সমাগম দেখিবলৈ পোৱা গ’ল। এইবাৰ পঞ্চাশ বছৰত ভৰি দিছে বিৰলা ক’লোনী দুৰ্গাপূজা ভাগ।

সকলো দুৰ্গাপূজা সমিতি সমূহে দৰ্শকক আদৰি দেৱী দুৰ্গাৰ আৰাধনা কৰা দেখা গ’ল। সকলো পূজা সমিতিসমূহৰ সদস্য সদস্যাসকলে দিন ৰাতি একাকাৰ কৰি দুৰ্গাপূজা মণ্ডপত ভক্তক সেৱা কৰাত কোনো ধৰণৰ ত্ৰুটি কৰা নাই। ।মৰিয়নি অন্যতম পুৰণি দুর্গাপূজা ভাগ হৈছে ৰেলৱে ইনষ্টিটিউট পুজা ভাগ আৰু কালীবাৰী দুর্গাপূজা। মৰিয়নি জয়মতী নগৰ পূজা মণ্ডপত কলকতাৰ পৰা অহা মহিলা ঢাক বাদকে ঢাক বাদনে ভক্ত সকলক আকর্ষণ কৰিছে। ইফালে মৰিয়নি আৰক্ষী প্ৰশাসনে যান -জঁট নিয়ন্ত্ৰণ কৰা ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা বান্ধি দিছে।

দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱত এইবাৰ কেদাৰনাথৰ বিশেষ চমক

শৰৎ কালৰ আগমণৰ লগে লগে আগমণ শাৰদীয় উৎসৱ। শৰৎ কালৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু দুৰ্গাপূজা । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে দূৰ্গা পূজাৰ ।৩৯ বছৰীয়া দেৰগাওঁ কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱৰ এইবাৰ কেদাৰনাথ আকৃতিৰ মণ্ডপে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ হাজাৰ হাজাৰ ভক্তই ভীৰ কৰিছে এই পূজা ভাগত ৷ বিশেষকৈ দশমী দিয়া ইয়াত ৰাৱণ দহণ কাৰ্য্যসুৰ্চী লোৱা হয় । ই এক ব্যতিক্ৰম কাৰ্য্যসুৰ্চী৷দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি আৰতি প্ৰযোগিতা , শংক্ষ ধ্বনি প্ৰতিযোগিতা আৰু উৰুলি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ লগতে মুখ্য আকৰ্ষণ ৰাৱণ দহন কৰ্যসূচী বিজয়া দশমী দিনা সন্ধিয়া ৬ বজাত সম্পূৰ্ণ কৰা হ’ব৷ দেৰগাওঁ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে পূজা ভাগত আৰ্শীষ লৈ সকলো অসমবাসীক শুভেচ্ছা জনাই।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

মহাষ্টমী পূজাৰ উদুলি মুদুলিৰ পৰিবেশ বালিচাঙত

বিশ্বনাথ বালিচাঙত মহাষ্টমী পুজাত ভীৰ বাঢ়িছেহি ভক্ত তথা দৰ্শনাৰ্থীৰ ৷পুৱা ভাগৰ পৰাই দেৱী দুৰ্গাৰ পুজা অৰ্চনা কৰাৰ সমান্তৰালকৈ দেৱীৰ চৰণত ভক্ত সকলে সুখ শান্তি সমৃদ্ধি আৰু নিজৰ মনোকামনা পুৰণৰ বাবে ধুপ দীপ নৈবেদ্যৰে পুজা সেৱা কৰা পৰিলক্ষিত হৈছে ৷

জন সমাগম যথেষ্ট হোৱা পুজাথলীত এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ ৰংমেলাতো মানুহৰ লানি নিছিগা ভীৰ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভাষাভাষীৰ লোক সমবেত হোৱা বালিচাঙৰ দুৰ্গা পুজাই সমন্বয়ৰ এক সুকীয়া স্বাক্ষৰ বহন কৰিছে ৷

শিৱসাগৰত সম্প্ৰিতীৰ নিদৰ্শন। মুছলিম দৌল্লা পৰিয়াললৈ দেৱী দ’লৰ পূজাৰ ভাগ

দেশৰ লগতে ৰাজ্যত দূৰ্গা পূজাৰ ব্যাপক উৎসাহ।ষষ্ঠীৰ দিনা দেৱীক স্থাপন কৰাকলৈ আজি অষ্টমীৰ বৰ বলিৰ দিনা দেৱী ভক্ত সকলৰ ভক্তি তুংগত উঠিছে।সকলোৱে শাক্ত নিয়ম অনুসৰি দেৱীৰ চৰণত সেৱা লৈছে।যনত বাঞ্চা ৰখা সকলে আগবঢ়াইছে বলিৰ নৈবেদ্য।শিৱসাগৰ নগৰৰ আহোম দিনৰ প্ৰায় তিনিশ বছৰ পুৰণি দেৱী দলত আজি সম্পন্ন হৈছে বলি বিধান।কিন্তু ধৰ্মীয় বিশ্বাস ভক্তিৰ মাজত দেখা গৈছে এক বিৰল পৰম্পৰা।সম্প্ৰিতীৰ নিদৰ্শন।আজিৰ দিনটোত দেৱী দ’লৰ পূজাৰ এক ভাগ প্ৰদান কৰা হয় শিৱসাগৰ নগৰৰ মুছলিম দৌল্লা পৰিয়ালক।আহোম ৰাজত্ব কালত দ’ল স্থাপন কৰাৰ সময়ত দেৱী দ’লত পূজা অৰ্চনাৰ সময়ত ঢাক বজাবলৈ নিয়োগ কৰা হৈছিল দৌল্লা পৰিয়ালক।

তেতিয়াৰ দিনত তেওঁলোকে দেৱী পূজাৰ অষ্টমীৰ দিনা বলিৰ এক ভাগ লাভ কৰিছিল।সময়ত দ’লত ঢাক বজোৱাৰ নিয়ম নোহোৱা হ’ল যদিও দেৱী পূজাৰ ভাগ দৌল্লা পৰিয়াললৈ প্ৰদান কৰাৰ পৰম্পৰা চলি থাকিল।এই পৰম্পৰা সমগ্ৰ ভাৰততে বিৰল।ধৰ্মীয় ভিন্নতাৰ মাজত মৰমৰ এনাজৰী।দৌল্লা পৰিয়ালৰ লগতে পুৰণি নিয়ম অনুসৰি বৰপাত্ৰ গোঁহাই পৰিয়ালকো পূজাৰ ভাগ প্ৰদান কৰা হয়।আজি মহা অষ্টমীৰ দিনা দেৱী দ’লত এক আনুষ্ঠানিক কাৰ্যসূচী ৰূপায়ণ কৰি দুয়োটা পৰিয়াললৈ দেৱী পূজাৰ শৰাই প্ৰদান কৰা হয়।

নচলা ঘড়ীৰে স্কাৰ্ট পিন্ধি দুৰ্গা পূজা চাবলৈ ওলাই আহিলে উৰ্ফি জাভেদে…

লুকৰ বাবে সদায় বাতৰিৰ শিৰোনাম দখল কৰা উৰ্ফি জাভেদে এইবাৰ ঘড়ীৰ স্কাৰ্ট বনাইছে। ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে উৰ্ফি জাভেদৰ এই লুক। উৰ্ফীয়ে নিজে এই ভিডিঅ’টো বনাই ইনষ্টাগ্ৰামত পোষ্ট কৰিছে। এই ভিডিঅ’টোত উৰ্ফীয়ে বগা ৰঙৰ টপ পিন্ধি ঘড়ীৰ স্কাৰ্ট পিন্ধি থকা দেখা গৈছে। য’ত তেওঁৰ ষ্টাইলৰ বাহিৰেও তেওঁৰ বেলেগ বেলেগ ষ্টাইল আৰু লুকৰ বিষয়ে আলোচনা কৰা হৈছে। চচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰা উৰ্ফি জাভেদৰ এই হট লুকৰ ফটোসমূহ চাওক।এইবাৰ উৰ্ফি জাভেদে বনাইছে এক অনন্য ষ্টাইলৰ স্কাৰ্ট। এইবাৰ উৰ্ফীয়ে বহু ঘড়ী ব্যৱহাৰ কৰি স্কাৰ্ট বনাইছে। উৰ্ফীয়ে এই অনন্য স্কাৰ্টটো বনাবলৈ এটা বা দুটা ঘড়ী ব্যৱহাৰ কৰা নাই বহু ঘড়ী ব্যৱহাৰ কৰিছে। ওলাই অহা ভিডিঅ’টোত উৰ্ফীয়ে ঘড়ীৰে নিৰ্মিত জালৰ স্কাৰ্ট বনাই কেমেৰাৰ সন্মুখত নিজৰ শৰীৰটো দেখুৱাই থকা দেখা গৈছে।

উৰ্ফীৰ এই স্কাৰ্ট ইমানেই অনন্য যে ইয়াৰ বিষয়ে সকলোতে আলোচনা কৰা হৈছে যে তেওঁলোকৰ ঘড়ী থকা স্কাৰ্টৰ কথা কোৱা হৈছে। এই ঘড়ীৰ স্কাৰ্ট পিন্ধি কেমেৰাৰ সন্মুখত দেখা গ’ল উৰ্ফীয়ে লগত পাতল গোলাপী ৰঙৰ টি-চাৰ্ট পিন্ধি।

উৰ্ফীয়ে সদায় মানুহক বিভিন্ন ড্ৰেছিং চেন্সৰ দ্বাৰা হৃদস্পন্দন কৰাই দিয়ে। কেতিয়াবা অইষ্টাৰ ব্ৰা বনাই শৰীৰ ঢাকি ৰখা দেখা যায়, কেতিয়াবা বাতৰি কাকতেৰে গা ঢাকি থকা দেখা যায়।

এনে পোছাক পিন্ধি কেমেৰাৰ সন্মুখলৈ অহা উৰ্ফি জাভেদে এইবাৰ প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও উৰ্ফি জাভেদে বহুবাৰ নিজৰ ষ্টাইলেৰে মানুহক আচৰিত কৰি তুলিছে।