Home Blog Page 2124

অৰুণাচলী কৌশলী ভূমিৰ আগ্ৰাসন আৰু দল সংগঠনৰ প্ৰতিবাদ বিক্ষোভ

অসম -অৰুণাচলৰ সীমা কেন্দ্ৰীক সমস্যাক লৈ ক্ৰমশ যেন উত্তপ্ত হৈ পৰিছে মাৰ্ঘেৰিটা মহকুমাৰ। তিনিচুকীয়া জিলাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ সীমা সমস্যা স্থায়ী আৰু ফলপ্ৰসু সমাধান কৰা লগতে অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন ৰোধ কৰাৰ দাবীত কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে যৌথ ভাৱে মাৰ্ঘেৰিটাত এক বিশাল বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে।সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্র মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম আহোম সভা, সদৌ তাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসম, অসম চাহ জনজাতি ছাত্ৰ সন্থা,সদৌ অসম গোর্খা ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা মেছ কছাৰী ছাত্ৰ সন্থা আৰু টি এম পি কে, মাৰ্ঘেৰিটা মহকুমা আৰু আঞ্চলিক সমিতিয়ে এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এক বৃহৎ ভূ-খণ্ড অৰুণাচলৰ লগত চামিল কৰিব লাগে বুলি অসমৰ বায়ু-পানী সেৱন কৰি অহা একাংশৰ নেতা তথা লোকে মত ব্যক্ত কৰা পিছতে জাঙুৰ খাই পৰিছে মাৰ্ঘৰিটা বিভিন্ন দল সংগঠন।

চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এই ভূমিৰ আগ্ৰাসন অতি সু-পৰিকল্পিত আৰু দীৰ্ঘদিনীয়া।অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰতিখন চুবুৰীয়া ৰাজ্যই সদায়ে লোলুপ দৃষ্টি নিক্ষেপ কৰি আহিছে।প্ৰাকৃতিক সম্পদত চহকী অসমৰ সীমান্ত অঞ্চলসমূহ চলে বলে কৌশলে আগ্ৰাসনৰ চেষ্টা চুবুৰীয়া ৰাজ্যসমূহে সদায়ে কৰি আহিছে।তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্ততো অৰুণাচলী আগ্ৰাসনে শেহতীয়াকৈ অঞ্চলবাসীক সঁচকিত কৰি তুলিছে।অৰুণাচলী অসমৰ ভূমি এই আগ্ৰাসন আজি হঠাত হোৱা নহয়, বহু বছৰৰ আগৰে পৰা পৰিকল্পিত ভাবে আৰম্ভ হৈছিল ইয়াৰ ৰূপৰেখা।ইয়াৰ বাবে পৰিকল্পিত ভাবে অৰূণাচলে ব্লুপ্ৰীণ্ট তৈয়াৰ কৰিছিল।ইয়াৰ বাবেই অসম-অৰুণাচল সীমান্তৰ বনাঞ্চল সমূহত অৰুণাচলী লোকৰ দ্বাৰা অবাধ বন ধ্বংস লগতে মুক্ত কয়লা খনন(চোৰাং)ৰ কাৰ্য্য চলোৱা হৈছিল।আনহাতে এই ক্ষেত্ৰত অসমৰো একাংশ স্বাৰ্থলোভী চোৰাং ব্যৱসায়ীয়ে হাত উজান দিছিল। অভিযোগ মতে লেখাপানী বন আঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন সংৰক্ষিত বনাঞ্চল সমূহৰ ভুগৰ্ভত প্ৰচুৰ পৰিমাণৰ কয়লা মজুত থকাৰ লগতে মূল্যৱান বনজ সম্পদৰে পৰিপূৰ্ণ হৈ আছে।সেইয়ে অৰুণাচলে এই অঞ্চসমূহৰ নিজৰ অধীনলৈ নিবলৈ প্ৰচেষ্টা চলাই আহিছিল।

আনহাতে প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ এই অঞ্চলসমূহ অৰুণাচলৰ অন্তৰ্ভুক্ত হলে একাশ চোৰাং কয়লা মাফিয়া,কাঠ মাফিয়া তথা বিভিন্ন বনজ সম্পদৰ মাফিয়াসকলৰ অবাধ বেহাৰ কৰাৰ সুবিধা হয় ।যিহেতু অৰুণাচলত প্ৰাকৃতিক সম্পদসমূহৰ বেহা অবাধ হাৰত মুক্ত ভাৱে কৰিব পৰা যায়। সেয়ে অসমৰ একাংশ সুবিধাবাদী জাতিদ্ৰোহী অবৈধ ব্যৱসায়ীয়ে নিজৰ ব্যক্তিগত মুনাফা লাভৰ বাবে অতি কৌশলগত ভাৱে অসমৰ ভূমিৰ অৰুণাচলত চামিল কৰাবলৈ উঠি পৰি লাগিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।এক বিশেষ সুত্ৰই সদৰি কৰা মতে লেখাপানী বন আঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন প্ৰায় দুই হাজাৰ (২০০০) হেক্টৰ ভূমি অৰুণাচল চৰকাৰে নিজৰ অধীনত অনাৰ কুচকাৱাজ অব্যাহত ৰাখিখে।স্থানীয় লোকৰ অভিযোগ যে অৰুণাচল চৰকাৰে ইয়াক বাস্তবায়িত কৰিব বাবে বহু বছৰৰ আগৰে পৰা হাজাৰ হাজাৰ অৰুণাচলী লোকক উক্ত এলেকা সমূহত সংস্থাপিত কৰিছে।কয়লা তথা বনজ সম্পদৰ অসীম ভাণ্ডাৰসমূহত চুবুৰীয়া অৰুণাচলৰ চকু দীৰ্ঘদিনৰে পৰা।যিকোনো প্ৰকাৰে এই অঞ্চলসমূহ দখল কৰা পৰিকল্পনা কৰি আহিছিল চুবুৰীয়া অৰুণাচলে।অসম চৰকাৰৰ দূৰ্বলতা সুযোগ গ্ৰহণ কৰি সংগোপনে ভূমি বেদখলৰ কুজ-কাৱাজ চলাই গৈছিল চুবুৰীয়া অৰুণাচলে।অসমৰ সীমান্ত গাওঁসমূহত অৰুণাচল চৰকাৰে আনকি বিজুলি ,পানী ,বাট-পথ নিৰ্মানৰ লগতে বিভিন্ন সা-সুবিধা প্ৰদানৰ অচিলাৰে নিজৰ ফলিয়া কৰি লবলৈ চেষ্টা অব্যাহত ৰাখিছিল।কিন্তু ইয়াৰ বিপৰীতে অসম চৰকাৰে প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ স্বৰূপ এই সীমান্ত গাওঁসমূহক সদায়ে অৱহেলিত দৃষ্টি ভংগী ৰাখি আহিছিল।ইয়াৰ বাবেই বৰ্তমান অৰুণাচলৰ কু অভিপ্ৰায় পুৰণ হোৱাৰ দিশে গতি কৰিছে।কাৰণ সীমান্ত ৬ খনকৈ গাঁৱৰ বহু লোকে স্বইচ্ছাৰে অৰুণাচলত চামিল হবলৈ ইচ্ছা প্ৰকাশ কৰিছে।কিন্তু অতি পৰিতাপৰ বিষয় যে অসম চৰকাৰ কিম্বা প্ৰসাশনে এই ক্ষেত্ৰত যিধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই।যোৱা ৩ চেপ্তেম্বৰ তাৰিখে অসমৰ কেবিনেট মন্ত্ৰী অতুল বৰাই ৰাংৰিংকান পৰিদৰ্শন কালতো অসমৰ ৬ খন গাওঁ অৰুণাচলে তেওঁলোকৰ বুলি স্পষ্ট ভাবে দাৱী জনাইছিল।অসম চৰকাৰৰ দূৰ্বলতা সূযোগ গ্ৰহণ কৰি অসমৰ প্ৰাকৃতিক সম্পদৰে চহকী বহু ভূমি ইতিমধ্যে চুবুৰীয়া ৰাজ্যসমূহে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে।মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কি প্ৰদক্ষেপ গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় হব।আনহাতে প্ৰতিবাদী দল সংগঠনসমূহৰ স্পষ্ট মত কোনো কাৰণতে অসমৰ এক ইঞ্চি মাটিও বহিঃৰাজ্য অৰুণাচলক এৰি দিয়া ন’হব।অৰুণাচলী অসমৰ ভূমিত আগ্ৰাসন কেতিয়াও মানি লোৱা নহব বুলিও দল সংগঠনসমূহে হুংকাৰ প্ৰদান কৰিছে।কিন্তু অৰুণাচলে ইমান দিনে সু- পৰিকল্পিত ভাৱে অসমৰ ভূমিৰ আগ্ৰাসনৰ যি ৰণনীতি তৈয়াৰ কৰি থৈছে এই ক্ষেত্ৰত অসমৰ দল সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদ বা বিক্ষোভ কাৰ্যসূচী আদিয়ে অৰুণাচলী অসমৰ ভূমিৰ আগ্ৰাসনত কেনেদৰে বাধা দিব পাৰিব সেইয়া অনাৰ্গত দিনতহে স্পষ্ট হব।আগন্তোক দিনত অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ অসমত যে এক ভয়াবহ পৰিস্থিতি যে উদ্ভৱ হব সেইয়া খাটাং।অসম চৰকাৰে সময়োপযোগী আৰু দৃঢ় ফলপ্ৰসু প্ৰদক্ষেপ নললে যে প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ অসমৰ এক বৃহত ভূমি খণ্ড চুবুৰীয়া অৰুণাচল প্ৰদেশৰ অন্তভূক্ত হব সেইয়া নিশ্চিত।

তামুলপুৰৰ নাগ্ৰীজুলিৰ ইক্রাবিল গাঁৱৰ সন্ধানহীন ৬০ ৰ উৰ্ধৰ এগৰাকী লোক। চিন্তিত পৰিয়াল

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ ইক্রাবিল গাঁৱৰ পৰা সন্ধানহীন গোপাল সৰকাৰ নামৰ এগৰাকী ৬০ ৰো উৰ্ধৰ ব্যক্তি। ৯ দিনে সন্ধানহীন লোকজনৰ কোনো সন্ধান নাপাই এতিয়া চিন্তাত ভাগি পৰিছে পৰিয়াল- তথা আত্মীয় স্বজন। মুখেৰে কথা কব নোৱাৰা গোপাল সৰকাৰ বিগত কিছু বছৰ ধৰি ভুগি আছিল মানসিক ৰোগত।বগা চাৰ্ট আৰু কলা লং পেন্ট পৰিধান কৰি চাইকেল লৈ ঘৰৰ পৰা নাগ্ৰীজুলি সাপ্তাহিক বজাৰলৈ ওলাই যোৱা গোপাল সৰকাৰ আজি ৯ দিনে উভতি নাহিল ঘৰলৈ।বিভিন্ন ঠাইত লোকজনৰ সন্ধান বিচাৰি যায় যদিও কোনো শুংসূত্ৰ নাপাই ইতিমধ্যেই নাগ্ৰীজুলি আৰক্ষী চকীত দাখিল কৰিছে এজেহাৰ।

পান তামোলৰ দোকান দিয়া গোপালৰ পত্নী আৰু পুত্ৰই এতিয়া দিশহাৰা হৈ পৰিছে গোপালক বিচাৰি। কোনো লোকে উক্ত লোকজনক প্ৰত্যক্ষ কৰিলে 9864916449 নতুবা 8822671560 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনৰোধ কৰিছে এতিয়া পৰিয়াল বৰ্গই।

সুস্বাস্থ্যৰ আঁৰত যোগাসনৰ ভূমিকা কিয় অতি গুৰুত্বপূৰ্ণ জানক…

ত্ৰিকোণাসন –

ত্ৰিকোণৰ অৰ্থ তিনিটা কোণ। এই আসনৰ পুৰ্ণ  অৱস্থাত তিনি কোণৰ দৰে দেখা যায় বাবে এই আসনটোক ত্ৰিকোণাসন নামেৰে জনা যায়। থিয় হৈ কৰা আসনৰ স্থিতি অৱস্থাত থাকি বাওঁ ভৰিখন একে ঠাইতে ৰাখি সোঁভৰিখন শৰীৰৰ উচ্চতা অনুসৰি ডেৰ ফুটৰ পৰা তিনি ফুটলৈকে ঠেলি লৈ হাত দুখন শৰীৰৰ দুই কাষেদি মেলি মজিয়াৰ ওপৰত সমান্তৰাল হ’ব লাগে। শ্বাস দীঘলকৈ টানি তাৰ পিচত লাহে লাহে নিশ্বাস ত্যাগ কৰি হাত দুখন সৰলৰেখাৰ দৰেই মেলা ভাগেই ৰাখি শৰীৰটো সোঁফাললৈ যিমান পাৰে সিমান ভিৰাই নিব লাগে। আসনটো কৰোতে মন কৰিব লাগে কঁকাল আৰু টিকা আগফাললৈ বা পিচফাললৈ নাযায়, মেৰুদণ্ড অকণো পাক নাখাই পোনে পোনে কাষলৈ ভাঁজ লয় আৰু হাত দুখন মজিয়াৰ ওপৰত লম্বমান হৈ থাকে। সোঁ হাতৰ তলুৱা সোঁ ভৰিত লগাই ৰাখিব লাগে।

বাওঁ হাতৰ তলুৱা সন্মুখৰ ফাললৈ কৰি আৰু মুৰটো ওপৰৰ ফাললৈ ঘুৰাই চকুৰ বাওঁ হাতৰ আঙুলিলৈ লক্ষ্য কৰিব লাগে। আসনটোৰ এয়া চুড়ান্ত অৱস্থা। এই অৱস্থাত শ্বাস-প্ৰশ্বাস স্বাভাৱিকভাৱে লৈ ১০-১৫ স্থিৰেৰে অৱস্থান কৰিব লাগে। ইয়াৰ পিচত লাহে লাহে শ্বাস গ্ৰহণ কৰি আসনৰ আৰম্ভণিৰ অৱস্থালৈ পুনৰ ঘুৰি আহিব লাগে। পুনৰ একেদৰে বাওঁফালে শৰীৰটো হলাই একেদৰেই আসনটো কৰিব লাগে। এইদৰে সোঁৱে-বাৱেঁ দুয়োফালে এবাৰকৈ কৰিলে আসনটো এবাৰ কৰা হয়। আসনটোত যিফাললৈ হাউলি যোৱা হয়, সেইফালৰ ভৰিখন পতাৰ সৈতে ৯০° মান বাহিৰ ফাললৈ আৰু আনখন ভৰি ৪৫° মান ভিতৰ ফাললৈ ঘুৰাই ল’লে আসনটোত হাওলি যোৱাত সহজ হয়।

উপকাৰিতা –

ত্ৰিকোণাসনত মেৰুদণ্ডডাল কাষলৈ ভাঁজ দিয়া হয়। মেৰুদণ্ডৰ সম্পুৰ্ণ নমনীয়তা আৰু সবলতাৰ কাৰণে ইয়াক আগফালে-পিচফালে ভাঁজ দিয়া আৰু পকোৱাৰ উপৰি দুই কাষলৈ ভাঁজ দিয়াৰ অত্যন্ত প্ৰয়োজন। এই কাম ত্ৰিকোণাসনে সম্পুৰ্ণ কৰে। মেৰুদণ্ডৰ স্থানচ্যুত চক্ৰ যথাস্থানলৈ ঘুৰি আহোতে এই আসনে সহায় কৰে। এই আসনে মেৰুদণ্ডৰ উপৰি ভৰিৰ কলাফুল আৰু কৰঙনৰ মাংসপেশীৰো উন্নতি সাধন কৰে। মেৰুদণ্ডত সংশ্লিষ্ট স্নায়ুবোৰত প্ৰভুত ৰক্ত চলাচল হৈ ইয়াৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে। মেৰুদণ্ডৰ লগত জড়িত বিকাৰ বা দোষ-ক্ৰুটি নিৰ্মুল হয়। সৰ্বশৰীৰ নমনীয় আৰু কমনীয় হয়। এই আসনৰ দ্বাৰা দেহৰ গঠন সুশ্ৰী কৰে। জঠৰাগ্নি বৰ্ধিত কৰে। কঁকালৰ বিষ দুৰ কৰে। দুই ভৰিৰ দোষ-ক্ৰুটি মুক্ত কৰাত এই আসনে সহায় কৰে।

অপকাৰিতা –

ত্ৰিকোণাসন ৰাজহাড়ৰ সমস্যা, পেটৰ অস্ত্ৰোপচাৰ আৰু ছায়েটিকা ৰোগীয়ে কৰিব নালাগে। শৰীৰৰ কাৰ্যক্ষমতা তথা সীমাৰ বাহিৰত কষ্ট দি কাষলৈ হালিব নালাগে। যদি হাতেৰে ভৰিৰ পতা স্পৰ্শ কৰিব নোৱাৰে তেন্তে আঁঠু ধৰিবৰ বাবে প্ৰয়াস কৰিব লাগে।

পৱন মুক্তাসন –

পৱন মুক্তাসন কৰিবৰ বাবে প্ৰথমতে মজিয়াত চিত হৈ শুই পৰা আসনৰ স্থিতি অৱস্থাত শুই ল’ব লাগে। প্ৰথমে বাওঁ ভৰিটো মজিয়াত নপৰাকৈ ৰাখি সোঁ ভৰিটো লাহে লাহে উশাহ লৈ লগে লগে ওপৰলৈ তুলি মজিয়াৰ ওপৰত লম্বমান কৰিব লাগে। তাৰ পিচত লাহে লাহে নিশ্বাস এৰি লগতে আঁঠু বুকুৰ ফাললৈ আৰু গোৰোহা টিকাৰ ফাললৈ যিমান পাৰে সিমান কোঁচাই নিব লাগে। বেছি চপাব নোৱৰা হ’লে হাত দুখন ওপৰলৈ আনি হাতেৰে ভৰিখন গবা মাৰি ধৰি আৰু শ্বাস গ্ৰহণ কৰি পেটৰ ফাললৈ চেপি আনি পেটে-উৰুৱে লগ লগাই দিব লাগে। এই অৱস্থাত কেইছেকেণ্ডমান থাকি নিশ্বাস এৰাৰ লগে লগে মুৰটো ওপৰলৈ তুলি আঁঠুৰফাললৈ আনি প্ৰথমতে নাক আৰু তাৰ পিচত থুঁতৰি আঁঠুত লগাব লাগে। এনে অৱস্থাত কিছু সময় থাকি আসনৰ আৰম্ভণি অৱস্থালৈ বিপৰীত ক্ৰমত ঘুৰি আহিব লাগে। এয়া হ’ল একপদ পৱন মুক্তাসন। একেদৰেই সোঁ ভৰিটো মজিয়াত ৰাখি আৰু বাওঁ ভৰিটো ওপৰলৈ তুলি কৰিব লাগে। তাৰ পিচত দুয়োটা ভৰিৰে কৰিলে আসনটো এবাৰ সম্পুৰ্ণভাৱে কৰা হয়। আসনটো কৰোতে মজিয়াত লাগি থকা ভৰিটো আঁঠু ভাঁজ খাবলৈ নিদি মজিয়াৰল লগত লিপিট খুৱাই ৰখাটো প্ৰয়োজনীয়।

উপকাৰিতা –

পৱন মুক্তাসনৰ ফলত পেটৰ মাংসপেশী আৰু উদৰ গহ্বৰত থকা যকৃত, প্লীহা, অগ্ন্যাশয়, ক্ষুদ্ৰান্ত্ৰ বৃহদান্ত্ৰ আদি অভ্যন্তৰ অংগসমুহ সংকোচন, সম্প্ৰসাৰণ হয় আৰু সেইসমুহলৈ তেজৰ সৰবৰাহ বৃদ্ধি পায়। ফলত সেইসমুহ সুস্থ-সবল হৈ নিজ নিজ কাৰ্য সুচাৰুৰপে কৰিব লাগে। পেটৰ সবল মাংসপেশীয়ে খাদ্য হজম কৰাত অভ্যন্তৰংগসমুহক সহায় কৰাৰ উপৰি মল নিষ্কাশন কাৰ্যত অভ্যস্তৰুপে সহায় কৰে। সেইবাবে গেছ বহিষ্কৰণৰ বাহিৰেও অজীৰ্ণ, কোষ্ঠবদ্ধতা আদি ৰোগৰ বাবে এই আসন উপযোগী

অপকাৰিতা

পেটৰ আঘাত, হাৰ্নিয়া, কঁকালৰ বিষ আৰু গৰ্ভাৱস্থাত এই আসন কৰিব নালাগে।

লেখক: অঞ্জন কৌশিক শৰ্মা 

অটো চালকৰ ঘৰত আহাৰ গ্ৰহণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ…

আম আদমী পাৰ্টিৰ (আপ) মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে আহমেদাবাদৰ এখন অটো-ৰিক্সা চালকৰ ঘৰত নৈশ ভোজন কৰিছিল।

অটো-ড্ৰাইভাৰৰ ঘৰত উপস্থিত হোৱাৰ আগতে, কেজৰিৱালে গুজৰাট আৰক্ষীৰ সৈতে মৌখিক বিবাদত লিপ্ত হ’ব লগা হৈছিল কিয়নো নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি তেওঁক অলপ সময়ৰ বাবে অটোত ভ্ৰমণ কৰাত বাধা দিয়া হৈছিল।

ইয়াৰ পূৰ্বে, কেজৰিৱালে আহমেদাবাদত তেওঁৰ ঘৰত নৈশ ভোজনৰ বাবে এজন অটো-ৰিক্সা চালকৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল। তেওঁ সন্ধিয়া প্ৰায় ৭.৩০ বজাত তেওঁৰ হোটেলৰ পৰা ওলাই গৈছিল আৰু তেওঁৰ অটোত ৰিক্সা চালকৰ ঘৰত উপস্থিত হোৱাৰ পৰিকল্পনা কৰিছিল, এনডি টিভিয়ে জনায়।

আৰক্ষীয়ে আপৰ ৰাষ্ট্ৰীয় আহ্বায়কক বাধা দিয়ে, যাৰ ফলত তীব্ৰ তৰ্ক হয়।

এপিপি নেতাজনক পিছত অটো চালকৰ ঘৰলৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়া হৈছিল। এজন আৰক্ষী বিষয়া অটো-ৰিক্সা চালকজনৰ কাষত বহিছিল, আনহাতে দুখন আৰক্ষীৰ গাড়ীয়ে তিনিচকীয়া বাহনখন কঢ়িয়াই লৈ গৈছিল।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আপৰ প্ৰচাৰৰ অংশ হিচাপে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ অহা কেজৰিৱালে আবেলি আহমেদাবাদত অটো-ৰিক্সা চালকসকলৰ এক সমাৱেশক সম্বোধন কৰে।

তেওঁৰ ভাষণৰ পিছত, চহৰখনৰ ঘাটলোডিয়া অঞ্চলৰ বাসিন্দা বিক্ৰম দন্তনী নামৰ এজন অটো-ৰিক্সা চালকে কেজৰিৱালক তেওঁৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ অনুৰোধ জনাইছিল।

“মই আপোনাৰ অনুৰাগী। মই ছ’চিয়েল মিডিয়াত দেখা এটা ভিডিঅ’ত, আপুনি পঞ্জাৱত এজন অটো চালকৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ গৈছিল। গতিকে, আপুনি মোৰ ঘৰলৈ ৰাতিৰ আহাৰ খাবলৈ আহিব নেকি?” দন্তনীয়ে সুধিলে।

কেজৰিৱালে সহজে তেওঁৰ আমন্ত্ৰণ গ্ৰহণ কৰি কয়, “পঞ্জাৱ আৰু গুজৰাটৰ অটোৱালাসকলে মোক ভাল পায়। মই আজি সন্ধিয়া ৮ বজাত আহিব লাগে নেকি?”।

জুবিন‌ গাৰ্গ অভিনীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানীত বাস্তৱমুখী ছবি “মন যায়” মুক্তি পোৱাৰ আজি ১৪ বছৰ হ’ল…

জুবিন গাৰ্গ আৰু নিশিতা গোস্বামীয়ে মন যায় ছবিখনৰ জৰিয়তে অসমীয়া দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।

এই ছবিখনত সমাজ জীৱনৰ ওপৰত আধাৰিত এটি ঘটনাৰ বিষয়ে নিৰ্মাণ কৰা হৈছিল ।

মন যায় ফিল্ম ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছিল ।

এই ছবিখনৰ প্ৰত্যেকটো চৰিত্ৰ অসমৰ দৰ্শকৰ মন মুগ্ধ কৰিব সক্ষম হৈছিল।

ছবিখনৰ এটি জনপ্ৰিয় গীত “মন যায়” সকলোৰে হৃদয় স্পৰ্শ কৰা গীত ।

Mega beauty pageant সুন্দৰী প্ৰতিযোগিতাত টেঙাখাত দেউঘৰীয়াৰ পৰী গগৈৰ প্ৰথম ৰানাৰ্ছআপ খিতাপ অৰ্জন

সম্প্ৰতি টেঙাখাতৰ যুৱ প্ৰজন্মই আধুনিক যুগৰ লগতো খোজত খোজ মিলাই শিক্ষা , সাহিত্য – সংস্কৃতি , আৰু ক্ৰীড়া ক্ষেত্ৰৰ লগতে ফেশ্বন – মডেলিং আদি ক্ষেত্ৰ খনৰ প্ৰতিও আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে৷ যিহেতু ইয়াৰ যোগেদি সমাজৰ বহুজনে ইতিমধ্যে নিজৰ জীৱন আৰু জীৱিকাৰ পথ সুগম কৰি তুলিবলৈ সক্ষম হৈছে৷ এই উদ্দেশ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰত এতিয়া মডেলিং তথা ফেশ্বনৰ ওপৰত বিভিন্ন ধৰনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি যুৱক যুৱতী সকলৰ মাজত ইয়াক অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷সেই অনুসৰি শনিবাৰে ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত কাঞ্চনজংঙ্ঘা নৰ্থ ইষ্ট্‌ ২০২২ ৰ সৌজন্যত Mega beauty pageant সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

এই প্ৰতিযোগিতাৰ Teenager শাখাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ যথেষ্ট সংখ্যক প্ৰতিযোগিৰ লগতে টেঙাখাত দেওঘৰীয়া গাঁৱৰ তথা টেঙাখাত দিহিংভলী হাইস্কুলৰ ছাত্ৰী পৰী গগৈয়েও অংশগ্ৰহণ কৰে৷যথেষ্ট প্ৰতিদ্বন্দিতামূলক এই প্ৰতিযোগিতাৰ অন্তত এই চিজনৰ প্ৰথম ৰানাৰ্চআপ হিচাপে বিবেচিত হয় পৰী গগৈ৷

এই প্ৰতিযোগিতাৰ Teenager শাখাত পৰী গগৈয়ে প্ৰথম ৰানাৰ্চ আপ হিচাপে খিতাপ অৰ্জন কৰি টেঙাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছত তেওঁৰ এই যাত্ৰাৰ সম্পৰ্কে সংৱাদ মাধ্যমৰ আগত এইদৰে কয় ৷

উল্লেখনীয় যে তেওঁ এই খিতাপ অৰ্জন কৰাৰ সমান্তৰালভাৱে উক্ত প্ৰতিযোগিতাত Best costume ৰ সন্মান লাভ কৰি স্ব প্ৰতিভাৰ পৰিচয় দাঙি ধৰে ৷টেঙাখাত দেওঘৰীয়া গাঁৱৰ দৰে এক গ্ৰাম্য প্ৰধান অঞ্চলৰ সংৱাদকৰ্মী ৰুপম গগৈ আৰু বৰ্নালী গগৈৰ কন্যা পৰী গগৈয়ে এই প্ৰতিযোগিতাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত টেঙাখাতৰ বহু যুৱক – যুৱতীৰ লগতে সচেতন ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে ৷

মুকালমুৱাত চাৰিদিনিয়াকৈ থিয়েটাৰ ভাগ্যদেৱীৰ নাট শুভাৰম্ভ

মুকালমুৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ মিনি ষ্টেডিয়ামত চাৰিদিনীয়াকৈ আয়োজন কৰিছে থিয়েটাৰ ভাগ্যদেৱী। বৃহত্তৰ নাৰায়ণ ক্ৰীড়া সংঘৰ উদ্যোগত আয়োজন কৰা থিয়েটাৰ ভাগ্যদেৱীৰ প্ৰথম দিনাই ৰাজেশ ভূঞাৰ পৰিচালনাৰে বিদ্ৰোহিনী নাট খন মঞ্চস্থ কৰে। থিয়েটাৰ ভাগ্যদেৱীৰ এই বৰ্ষৰ তেওঁলোকৰ সৰ্ব শ্ৰেষ্ঠ নাট মোক বিদায় দিয়া মোক,পুষ্পা, বিদ্ৰোহিনী এই তিনিখন নাটক মঞ্চস্থ কৰিব থিয়েটাৰ ভাগ্যদেৱীয়ে। থিয়েটাৰ ভাগ্যদেৱীৰ নাটক চাবলৈ অসংখ্য দৰ্শকৰ ভিৰ পৰিলক্ষিত হয়।

বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া উদয় শংকৰ দত্তই শুভাৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকে দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিসহ কেইবাজনো বিশিষ্ট ব্যক্তি।

পথ সুৰক্ষা সংক্ৰান্তত নীতিন গাডকাৰীৰ এটা ভিডিঅ’সম্বলিত টুইটক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া; যৌতুক প্ৰথাক উৎসাহ দিয়াৰ গুৰুত্বৰ অভিযোগ বিৰোধীৰ

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ বাবে তেওঁ বিৰোধী আৰু চছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হ’বলগীয়া হৈছে। এই ভিডিঅ’টোক কেন্দ্ৰ কৰি বিৰোধীয়ে অভিযোগ কৰি কয় যে গাডকাৰীয়ে যৌতুক ব্যৱস্থাক উৎসাহ প্ৰদান কৰিছে। এই ভিডিঅ’টোক লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, এই ভিডিঅ’টো গাড়ীত ৬ টা এয়াৰবেগ ব্যৱহাৰৰ ওপৰত আধাৰিত আছিল। ভিডিঅ’টোত কইনাৰ বিদায়ৰ সকলোৱে কান্দি থকাৰ দৃশ্যৰ সময়ত অক্ষয় কুমাৰ আহি কইনাৰ পিতৃক কয় যে যদি ছোৱালীজনীক এনে গাড়ীত পঠিয়ায়, তেন্তে কান্দোন আহিব। ইয়াৰ পাছতেই তেওঁ গাড়ীখনৰ ৬ টা এয়াৰবেগৰ বিষয়ে সোধে আৰু পিতৃক জী আৰু জোৱাইৰ সুৰক্ষাক লৈ সতৰ্ক কৰে। ইয়াৰ পাছতেই গাড়ীখন সলনি কৰা হয়।

ভিডিঅ’টোৰ বাবে কেৱল গাডকাৰীয়েই নহয় বৰঞ্চ বলীউড অভিনেতা অক্ষয় কুমাৰো ৰাজনীতিবিদ আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ লক্ষ্য হৈ পৰিছে। এই ভিডিঅ’টোৰ সন্দৰ্ভত চছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কোৱা অনুসৰি এই ভিডিঅ’টোৰ পৰা যৌতুক প্ৰথাক প্ৰচাৰ কৰা হৈছে আৰু যৌতুক লোৱা বা দিয়াটো ভাৰতত এক শাস্তিযোগ্য অপৰাধ। আচলতে, এই ভিডিঅ’টোত অক্ষয় কুমাৰে কয়, ‘যদি আপুনি ছোৱালীজনীক এনে গাড়ীত বিদায় দিয়ে, তেন্তে কান্দি উঠিব।’ ভিডিঅ’টোৰ শেষত, গাড়ীখন সলনি কৰা হয়।শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, ‘এইটো এটা সমস্যাজনক বিজ্ঞাপন। এনে সৃষ্টিশীলতা কোনে অনুমোদন দিয়ে? চৰকাৰে এই বিজ্ঞাপনৰ জৰিয়তে নিৰাপত্তাৰ প্ৰচাৰৰ বাবে ধন খৰচ কৰিছে নে যৌতুকৰ প্ৰচাৰ কৰিছে?’ তেওঁ সোধে।

স্বামীৰ ঘৰত চীপ লৈ আত্মহত্যা ১৯ বছৰীয়া বোৱাৰীৰ; স্বামীৰ লগত হোৱা কাজিয়াৰ বাবে বাচি ল’লে এই চৰম পথ, ইফালে পৰিয়ালৰ সন্দেহ এয়া হত্যাকাণ্ডহে।

দক্ষিণ শালমাৰাত (South Salmara) বোৱাৰীৰ আত্মহত্যাৰ (Buwari Suicide Case) কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে

দক্ষিণ শালমাৰাত (South Salmara) বোৱাৰীৰ আত্মহত্যাৰ (Buwari Suicide Case) কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। স্বামীৰ ঘৰতে চীপ লৈ আত্মহত্যা বোৱাৰীগৰাকীৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ লাওখোৱা টুমনীত সংঘটিত হৈছে এই ঘটনা। ঘটনাটোক কেন্দ্ৰকৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে দক্ষিণ শালমাৰা সমষ্টিৰ বালাডোবা গাঁৱৰ মোহৰ আলীৰ কন্যা আন্না খাতুন (১৯) প্ৰায় এক বছৰ আগতে একেটা সমষ্টিৰ লাওখোৱা টুমনী গাঁৱৰ আবেদ আলীৰ পুত্ৰ আশ্ৰাফুল (২২) লগত বিয়া হৈছিল। কিন্তু বিয়াৰ কিছুদিনৰ পিছতে দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল। এই অভিযোগ উত্থাপন কৰে মৃত বোৱাৰীগৰাকীৰ আত্মীয়ই।

ইফালে কন্যাৰ আত্মহত্যা (Suicide) কৰা ঘটনাটোক মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে। স্বামীগৃহই পৰিকল্পনা কৰি হত্যা (Murder) কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে ঘটনাস্থলীত দক্ষিণ শালমাৰা আৰক্ষী (South Salmara Police)উপস্থিত হৈ চীপ লৈ আত্মহত্যা কৰা মহিলাগৰাকীৰ উদ্ধাৰ কৰি ধুবুৰী মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এয়া হত্যা নে আত্মহত্যা সেই কথা আৰক্ষীৰ তদন্তৰ অন্ততহে প্ৰকাশ পাব।

ৰাস্তাত ছিঙি পৰি থকা বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট (Electrocution) হৈ মৃত্যুক সাৱটিলে গৃহৰক্ষী জোৱান হেমন্তই; মুখ্যমন্ত্ৰীৰ সভাত নিজৰ কৰ্তব্য পালন কৰি ঘূৰি অহাৰ পথতে ঘটে এই ঘটনা

চৰাইদেউৰ (Charaideo) সাপেখাতী (Sapekhati) বৰুৱানগৰ কছাৰীপথাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। ৰাজপথত ছিঙি পৰি থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী গৃহৰক্ষী জোৱানে (Home Guard Died Due To Electrocution)

জানিবলৈ দিয়া অনুসিৰ, দেওবাৰে সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) সভাত নিজৰ কৰ্তব্য পালন কৰি নিশা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি কৰ্মস্থান বৰহাটলৈ আহি থকা অৱস্থাত পথৰ ওপৰত ছিঙি পৰি থকা এডাল ১১ হাজাৰ ভল্ট’ৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় জোৱানজনে।

বৰহাট আৰক্ষী থানাত (Barhat Police) গৃহৰক্ষী ৰূপে নিয়োজিত হেমন্ত গগৈ (২৮)ৰ ঘৰ সাপেখাতীৰ হাওঁফাওঁ গাঁৱত ৷ নিশা অহা এজাক প্ৰচণ্ড বতাহ ধুমুহাৰ ফলতেই বিদ্যুতৰ তাঁৰ ছিঙি পৰি পথত পৰি আছিল ৷ যাৰ ফলতেই সংঘটিত হ’ল এই শোকাবহ ঘটনাটো। এই ঘটনাৰ ফলতেই সমগ্ৰ অঞ্চলটোতে শোঁকৰ ছাঁ পৰিছে।