Home Blog Page 2153

ভাৰতে আজি লাভ কৰিলে ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন…

অপেক্ষা শেষ হ’ল৷ যদি সকলো ঠিকে থাকে, তেন্তে আজি ১ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথমটো ছাৰ্ভাইকেল কেন্সাৰ ভেকচিন মুকলি হ’ব। সংবাদ সংস্থা এ এন আইৰ মতে এই খবৰ। কোৱাড্ৰিভেলেণ্ট হিউমেন পেপিলোমা ভাইৰাছ (quadrivalent human papillomavirus)ৰ এই ভেকচিনটো ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (serum institute of India) য়ে প্ৰস্তুত কৰিছে। ছিৰাম ইনষ্টিটিউট আৰু বায়’টেকন’লজি বিভাগে যৌথভাৱে মুকলি কৰিব এই ভেকচিন। বৃহস্পতিবাৰে মুকলি কৰিব কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে।

ভাৰতত নিৰ্মিত এই ভেকচিনক লৈ Covid Working Group, National Technical Advisory Group on Immunization বা NTAGI ৰ অধ্যক্ষই উৎসাহ প্ৰকাশ কৰিছে। এন কে আৰোৰা। তেওঁ কয়, ‘আমি অতি সুখী যে এইবাৰ আমাৰ ছোৱালী-নাতিনীসকলে এই ভেকচিন ল’ব পাৰিব।’ তেওঁ লগতে কয়, ‘এইবাৰ এই ভেকচিন ভাৰতত বনোৱা হ’ব৷ আমি আশা কৰোঁ যে ইয়াক ৯ৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হ’ব।’ মহিলাৰ ক্ষেত্ৰত যি ধৰণৰ কৰ্কট ৰোগ হয়। ইয়াৰ ভিতৰত অন্যতম মাৰাত্মক হৈছে ছাৰ্ভাইকেল কেন্সাৰ। ই এক বিশেষ ধৰণৰ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয়। এই ভেকচিনে সেই বিপদৰ পৰা ৰক্ষা কৰিব। এন কে আৰোৰাই কয় যে যদি এই প্ৰতিষেধক কম বয়সতে দিয়া হয় তেন্তে ভৱিষ্যতে কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা যাব। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ৮ জুনত ছিৰাম ইনষ্টিটিউটৰ দ্বাৰা ডিজিচিআইলৈ এই ভেকচিন বজাৰলৈ অনাৰ বাবে আবেদন কৰা হৈছিল। এএনআইৰ সূত্ৰ অনুসৰি এই ভেকচিনৰ ২ আৰু ৩য় পৰ্যায় সম্পূৰ্ণ হৈছে।

ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ আন এক গুৰুত্ব আছে। বিশ্বৰ বজাৰত এই ভেকচিন অতি দুৰ্লভ। যিহেতু এতিয়াৰে পৰা ভাৰতত এই ভেকচিন প্ৰস্তুত কৰা হৈছে, সেয়েহে পৰ্যাপ্ত যোগান থাকিব। ভাৰতত ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি হোৱাৰ বাবে উদ্বেগ সৃষ্টি হৈছে। কোৱা হয় যে এই কৰ্কট ৰোগ ভাৰতৰ মহিলাৰ মাজত দ্বিতীয় সৰ্বাধিক কৰ্কট ৰোগ। ফলত ভাৰতত নিৰ্মিত এই ভেকচিন বজাৰলৈ আহিলে অধিক সংখ্যক নাগৰিকে এই ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব। বিদেশী দেশৰ ওপৰত নিৰ্ভৰশীলতাও বহুখিনি কমি যাব। বৰ্তমান বজাৰত উপলব্ধ ভেকচিনটো অতি ব্যয়বহুল। প্ৰায়বোৰ সাধাৰণ নাগৰিকৰ বাবে ই কঠিন।

গুৱাহাটীস্থিত Peace Wellness Foundation ৰ এটি ৰিহাব চেন্টাৰ আজি আকস্মিক পৰিদৰ্শন মন্ত্ৰী পিযূষ হাজৰিকাৰ…

গুৱাহাটীস্থিত Peace Wellness Foundation ৰ এটি ৰিহাব চেন্টাৰ আজি আকস্মিক পৰিদৰ্শন মন্ত্ৰী পিযূষ হাজৰিকাৰ ।সকলো ধৰণৰ নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি নীতিগৰ্হিত ভাৱে চলি থকা চেন্টাৰটিত আবাসী থকাৰো কোনোধৰণৰ পৰিৱেশ এই পৰিদৰ্শন কালত দেখা নাপালে মন্ত্ৰী পিযূষ হাজৰিকাই ।

চেন্টাৰটিৰ কৰ্তৃপক্ষক প্ৰথমবাৰৰ বাবে এটি সুবিধা প্ৰদান কৰি অনতিপলমে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা তথা নীতি-নিয়ম সমূহ মানি চেন্টাৰটি চলাবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে স্থানীয় আৰক্ষীক তিনিদিনৰ বাবে চেন্টাৰটিৰ সকলো কাম-কাজ নিৰীক্ষণত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী পিযূষ হাজৰিকাই ।

অতি শীঘ্ৰ গুৱাহাটীৰ সকলো ৰিহাৰ্ব চেন্টাৰৰ মালিক পক্ষৰে মিলিত হৈ চেন্টাৰ সমূহ চলাই নিয়াৰ ক্ষেত্ৰত এখনি নতুন এছ.অ’.পি প্ৰস্তুত কৰা হ’ব বুলি কয় মন্ত্ৰী পিযূষ হাজৰিকাই । ইয়াৰ প্ৰাৰম্ভিক কাম খিনি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে। নীতি-নিয়ম ভংগ কৰি চলি থকা কোনো চেন্টাৰকে অনাগত সময়ত চলি থাকিবলৈ নিদিওঁ বুলি কয় মন্ত্ৰী পিযূষ হাজৰিকাই , এই ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ বুলি কয় মন্ত্ৰী পিযূষ হাজৰিকাই।

‘ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২’ৰ শুভাৰম্ভণি অনুষ্ঠানত ড° হিমন্ত বিশ্ব শৰ্মা‌ …

গুৱাহাটীৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ পোষণ অভিযানৰ অধীনত আয়োজন কৰা ‘ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২’ৰ শুভাৰম্ভণি অনুষ্ঠানত ড° হিমন্ত বিশ্ব শৰ্মা‌। প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ৰ অপৰিপুষ্টিৰ পৰা মুক্ত এখন দেশ গঢ়ি তোলাৰ লক্ষ্যক বাস্তৱায়িত কৰি অসম চৰকাৰেও ৰাজ্যখনত পৰিপুষ্টিহীনতা আৰু ৰক্তহীনতা আঁতৰ কৰাৰ বাবে কৰ্মসূচী ৰূপায়ণ কৰি আহিছে৷

এই ইউনিটে সমন্বিত শিশু উন্নয়ন আঁচনিৰ ৬টা সেৱা প্ৰদানৰ বিষয়টোত নিৰন্তন নিৰীক্ষণ কৰি আহিছে৷ গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ ৰক্তহীনতা, কম ওজন, শিশুৰ পুষ্টিহীনতা আঁতৰ কৰাৰ দিশত এই ৬টা সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ অংগনৱাড়ী কেন্দ্ৰৰ পৰ্যায়ত আই চি ডি এছ সেৱাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সমগ্ৰ অসমতে এটা ম’বাইল এপ্লিকেচন ‘পোষণ ট্ৰেকাৰ’ ৰূপায়ণ কৰা হৈছে৷ এইপৰ্যন্ত অংগনৱাড়ী কৰ্মীৰ মাজত ৬১,৬৯০টা ম’বাইল বিতৰণ কৰা হৈছে আৰু একে সময়তে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে৷

আজিলৈকে ৪২,৮৩,৫২৯জন হিতাধিকাৰীক এপত পঞ্জীয়ন কৰা হৈছে৷ এই বছৰ ৰাষ্ট্ৰীয় পোষণ মাহত সমগ্ৰ ৰাজ্যতে পোষণ পঞ্চায়ত অনুষ্ঠিত কৰি গৰ্ভাৱস্থাত আৰু শিশুক দুগ্ধপান কৰাই থকাৰ সময়ছোৱাত মহিলাৰ বাবে প্ৰয়োজনীয় বিভিন্ন পুষ্টিকৰ খাদ্য, ৰক্তহীনতা ৰোধ, ঋতুস্ৰাৱৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা আদি সন্দৰ্ভত সজাগতা সৃষ্টিৰ অভিযান চলোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

কিশোৰী পঞ্চায়তৰ জৰিয়তে ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা, ৰক্তহীনতা আদিৰ বিষয়েও অৱগত কৰোৱা হ’ব৷ পোষণ বাটিকা নামৰ এক কাৰ্যসূচীৰ দ্বাৰা অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয় চৌহদ আদিত ঔষধি গুণসম্পন্ন গছপুলি ৰোপণ, যোগাভ্যাসৰ জৰিয়তে স্বাস্থ্য ৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টি, ৰাজ্যৰ চাহ বাগিচাৰ কিশোৰীসকলৰ বাবে ৰক্তহীনতা দূৰীকৰণ শিবিৰ অনুষ্ঠিতকৰণ আদিকে ধৰি এই সময়ছোৱাত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হ’ব৷ অনুষ্ঠানত মন্ত্ৰী শ্ৰীঅজন্তা নেওগ, বিধানসভাৰ মহিলা আৰু শিশু কল্যাণ সমিতিৰ মাননীয়া অধ্যক্ষ তথা বিধায়িকা শ্ৰীসুমন হৰিপ্ৰিয়াৰ লগতে বিভাগীয় উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

নৱ প্ৰজন্মক শৰীৰ চৰ্চা কৰিবলৈ আহ্বান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

মৰিয়নীৰ 8 নং ৱাৰ্ডত অৱস্থিত মনিছ দাসৰ লোকনাথ জিমত গণেশ চতুৰ্থীত উপস্থিত হৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ব্যস্ত হৈ পৰে নিজৰ শৰীৰ চৰ্চাত। জিমৰ শুভ উদ্ধোধন কৰাৰ পিছত শৰীৰ চৰ্চাত ব্যস্ত দেখা গল বিধায়ক গৰাকীক।

লগতে নৱ প্ৰজন্মক স্বাস্থ্যৰ প্ৰতি সজাগ হবলৈ শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে।

হাতত গণেশৰ মূৰ্তি, পীতবস্ত্ৰ পৰিধান কৰি অভিনেত্ৰী আইমী বৰুৱাৰ সাত্বিক ৰূপ।

”ॐ श्री गणेशाय नमः। পবিত্ৰ গণেশ চতুৰ্থীৰ শুভক্ষণত ভক্তপ্ৰাণ ৰাইজক শুভকামনা জনাইছোঁ আৰু প্ৰভু গণেশ বাবাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা যাচিছোঁ । প্ৰভু গণেশ বাবাৰ আশীৰ্বাদে পৃথিৱীৰ পৰা নাশ কৰক সকলো অপায়-অমংগল। গণেশ বাবাৰ কৃপাত সকলোৰে জীৱন সুখ-শান্তি-সমৃদ্ধিৰে ভৰি উঠক তাৰে কামনা ” এইদৰে সামাজিক মাধ্যমত অভিনেত্ৰী আইমী বৰুৱাই পোষ্ট কৰিছে ।

পৱিত্ৰ এইক্ষণত এজোৰ হালধীয়া সাজ পৰিধান কৰি অভিনেত্ৰী আইমী বৰুৱাই হাতত গণেশৰ মূৰ্তি এটি লৈ ফটো তুলি আপলোড কৰিছে । আনুৰাগীয়ে কৈছে-”যিকোনো দেৱ দেৱীৰে প্ৰতিমা হাতত লোৱা আপোনাৰ হবি যেন লাগিছে, যোৱাবাৰ মা দূৰ্গাৰ চিন্নমুণ্ড লৈ কৰা ফটো চেছনৰ কথা মনত পৰিল । ”

আন এগৰাকীয়ে কৈছে–”ৰাগিনী মেগা ছিৰিয়েলখনত যে আপোনাৰ সৰু এটা গনেশ আছিল মনত পৰি গ’ল ” ।

আন এগৰাকীয়ে কৈছে- ”আজি পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগুন্তুক দিনবোৰ যেন আটাইৰে অনাবিল সুখ, শান্তি আৰু সমৃদ্ধিৰে উপচি পৰে তাৰে কামনাৰে সিদ্ধিদাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”

আন এগৰাকীয়ে কৈছে-”ভাগ্য ভাল এইবাৰ সম্পূৰ্ণ হৈ আহিল, মূৰতো যে নাহিল ।। বাকী গণপতি বাপ্পা মৰিয়া ।”

ৰাস্তাত Zomato ডেলিভাৰী বয়বোৰক তীব্ৰ বেগেৰে চলা দেখিছেনে ?এতিয়াৰ পৰা এজাহাৰ দাখিল কৰিব পাৰিব আপুনি …

নিজৰ প্ৰিয় খাদ্য খাবলৈ কোনেও ৰেষ্টুৰেণ্টলৈ নাযায়। নিমিষতে ৰেষ্টুৰেণ্টখনৰ পৰা পোনে পোনে ঘৰ পায়গৈ। Zomato এ অনলাইন খাদ্য ডেলিভাৰীত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। গড়ে আধা ঘণ্টা বা অন্ততঃ এঘণ্টাৰ ভিতৰতে দূৰৰ ৰেষ্টুৰেণ্টৰ পৰা খাদ্য ঘৰ পায়গৈ। কিন্তু বহু সময়ত ডেলিভাৰী বয়বোৰে নিৰ্দিষ্ট সময়ত খাদ্য ডেলিভাৰী কৰিবলৈ বাইকখন অতি দ্ৰুতগতিত চলায়, যাৰ ফলত দুৰ্ঘটনাও হয়। এতিয়া যদি Zomato ডেলিভাৰী ল’ৰাবোৰে এনেদৰে নিজৰ জীৱন বিপন্ন কৰে তেন্তে আপুনি অভিযোগ দাখিল কৰিব পাৰে। জোমেট’ই আনিছে এনে এটা মেনেজমেণ্ট। ৩০ আগষ্টত Zomato ৰ সাধাৰণ সভাত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াই এই কথা ঘোষণা কৰে।

Zomato’ কোম্পানীটোৰ মতে, এতিয়াৰ পৰা ডেলিভাৰী বয়ৰ বেগত এটা নম্বৰ ছপা কৰা হ’ব। যদি আপুনি ডেলিভাৰী বয়ক তীব্ৰ বেগেৰে চলা দেখিছে তেন্তে নম্বৰত ফোন কৰি ৰিপৰ্ট দিব পাৰিব। এই সন্দৰ্ভত Zomato ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোয়ালে কয় যে আমি কেতিয়াও আমাৰ ৰাইডাৰসকলক ফাষ্ট ফুড ডেলিভাৰীৰ কথা নকওঁ। আনকি আমি খাদ্য যোগান ধৰাৰ সময়ো সীমিত নকৰো। কোনোবাই যদি তীব্ৰ বেগত বাইক চলায় তেন্তে তেওঁ ভাবিব যে তেওঁ নিজৰ ইচ্ছামতে চলাইছে।

সংস্থাটোৰ মতে, ৰাইডাৰ বা ডেলিভাৰী বয়ৰ সুৰক্ষাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াকৈ Zomatoৰ ডেলিভাৰী বয় কেইবাটাও পথ দুৰ্ঘটনাত আহত হোৱাৰ বাবে কোম্পানীটোক দোষাৰোপ কৰা হৈছিল। সেইবাবেই সংগঠনটোৱে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে। সেইবাবেই এতিয়াৰ পৰা ডেলিভাৰী বয়ৰ বেগত এটা নম্বৰ লিখা থাকিব। সেই নম্বৰত ফোন কৰি পোনপটীয়াকৈ অভিযোগ কৰিব পাৰিব।

ৰাণীৰ কোঠাত গভীৰ নিশা ‘ধৰা পৰিল ’ বিবাহিত নায়ক! বলীউডৰ এই ‘অন্ধকাৰ অতীত’ক লৈ এতিয়াও চলে চৰ্চা…

ৰাণী মুখাৰ্জী। তেওঁৰ এতিয়া এজনী ছোৱালীৰ সৈতে এটা সুখী পৰিয়াল আছে। কিন্তু আপুনি জানেনে যে প্ৰায় দুই দশক আগতে, এগৰাকী বিবাহিত নায়কৰ নাম ৰাণীৰ সৈতে এনেদৰে জড়িত আছিল যে আজিও বি-টাউনত এই বিষয়ে নিৰন্তৰ গুঞ্জন চলি আছে। হোটেলৰ কোঠাটোত ৰাণী আৰু নায়কক এজন সাংবাদিকে প্ৰায় ধৰা পেলাইছিল, আৰু তাৰ পিছত কি ঘটিছিল তাৰ কাহিনী সকলোৱে জানে।

ৰাণী মুখাৰ্জীয়ে নায়কৰ সৈতে অভিনয় কৰিছিল ‘হাদ কৰ দি আপনে’ ছবিখনত। কাৰ কথা কৈছে বুজিছানে? উদ্যোগটোৰ এসময়ৰ জনপ্ৰিয় নায়ক গোবিন্দ। হয়, তেওঁৰ লগতহে ৰাণীক হোটেলৰ ৰুমত অস্বস্তিত দেখা গৈছিল। বলীউডত উৰাবাতৰি চলিছে যে ৰাণীয়ে থকা হোটেলখনলৈ এজন সাংবাদিক অহাৰ কথা আছিল। ঠিক তেনেকৈয়ে ৰাণীৰ ওচৰ পাওঁতে সাংবাদিকজনে গোবিন্দক লগ পালে। ৰাতি দেৰি হৈ গৈছিল। গোবিন্দই পিন্ধিছিল ৰাতিৰ কাপোৰ।

সেই ৰাতি ৰাণীৰ ৰুমত ঠিক কি কৰি আছিল সেই প্ৰশ্নৰ উত্তৰ নাপালে। কিন্তু বি-টাউনত এই খবৰ বিয়পিবলৈ বেছি সময় নালাগিল। শুনা গৈছে যে তাৰ পিছত তেওঁৰ পত্নী সুনীতাইও কিছুদিনৰ বাবে গোবিন্দ এৰি থৈ যায়। গোবিন্দই ৰাণীক এখন গাড়ী আৰু এটা ঘৰ উপহাৰ হিচাপে দিয়াৰ কথাও চৰ্চা হৈছে।

অৱশ্যে উৰাবাতৰি প্ৰচাৰিত হৈছে যে শেষ মুহূৰ্তত গোবিন্দাই ৰাণীৰ সৈতে পৰিয়াল গঢ়ি তোলাৰ পৰিকল্পনাৰ পৰা আঁতৰি আহিছিল। ঘৈণীয়েকক ঘূৰাই আনিলে। আৰু বলীউডৰ অপূৰ্ণ প্ৰেম জীৱনৰ দৰে সময়ত তললৈ নামি যায়।

আলফাৰ শিৱিৰত ৰিহন অসমক মৃত্যুদণ্ড দিয়া সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই …

আজি নাজিৰা লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ ৭৪ তম প্ৰতিষ্ঠা দিৱস । এই অনুস্থানত আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকি আৰক্ষী বিভাগত স্বচ্ছ আৰু নিকাভাৱে কৰ্ম কৰি যোৱাৰ লগতে আৰক্ষী বিভাগত থাকি আৰক্ষীৰ মাজত ৰাজনীতি নকৰিবলৈ আহ্বান ।

আনহাতে আলফা শিৱিৰত ৰিহন অসমক মৃত্যুদণ্ড দিয়া সন্দৰ্ভত নাজিৰাত প্ৰতিক্ৰিয়া অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ এই ক্ষেত্ৰত আমাৰ ক’ব একো নাই,এইবোৰ হ’ব বুলি মই আগতেই কৈছিলো ।
নাজিৰাৰ পৰা দিলীপ হাজৰিকা

দক্ষিণ ধুবুৰী চৰ চাৰ্কোল প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিদায় সম্বৰ্ধনা সভা সম্পন্ন…

ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ অতি দুৰ্গম চৰাঞ্চলত বিগত ডেৰ কুৰি বছৰে জ্ঞানৰ মুকুতা বিলায়,শৈক্ষিক আৰু সামাজিক উৎকৰ্ষ সাধন কৰাত অহোপুৰুষাৰ্থ কৰা তিনি গৰাকী জ্যেষ্ঠ শিক্ষক ক্ৰমে ৰিজাৰ্ভেৰ চৰ এম ভি স্কুলৰ অৱসৰী শিক্ষক ছামচুল হক,কলাপাকানি ২য় খণ্ড এল পি স্কুলৰ অৱসৰী প্ৰধান শিক্ষক ৰহম আলী, আৰু ১৩১৬ নং কলাপাকানিৰ চৰ এল পি স্কুলৰ অৱসৰী প্ৰধান শিক্ষক শ্বেখ শ্বাহজামাল মিঞাক দক্ষিণ ধুবুৰী চৰ চাৰ্কেল প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আজি বিদায় সম্বৰ্ধনা জনোৱা হয়।দক্ষিণ ধুবুৰী চৰ চাৰ্কেলৰ সভাপতি হাশেম আলীৰ সভাপতিত্বত ৰিজাৰ্ভেৰ চৰ এম ভি স্কুলত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনীৰ সম্পাদক দিবাকৰ শৰ্মাই।

সভাখনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি অনোৱাৰ হুছেইন ,জিলা সমিতিৰ সভাপতি সুশীল চন্দ্ৰ বিশ্বাস, আৰু সম্পাদক মকবুল হুছেইন মণ্ডলৰ উপৰিও চৰাঞ্চলৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰী,প্ৰাক্তন ছাত্ৰ ছাত্ৰী ,অঞ্চলটোৰ ৰাইজ আৰু গৌৰীপুৰ শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক আব্দুল কালাম আহমেদ,গাণনিক হামিদুৰ ৰহমান,মণ্ডল সমল কেন্দ্ৰ সহায়ক ক্ৰমে নৈমুদ্দিন আহমেদ,মোজাম্মিল হকৰ উপৰিও বহুতো প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।উক্ত সভাত নিজ বক্তব্যত গৌৰীপুৰ শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক আব্দুল কালাম আহমেদে শিক্ষকসকলক সেৱাৰ মনোভাবেৰে নিজৰ দায়িত্ব পালন কৰি দুৰ্গম অঞ্চলত জ্ঞানৰ পোহৰ বিলাই যাবলৈ আহ্বান জনায় ।

উক্ত সভাত ৰাজ্যিক সন্মিলনীৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি অনোৱাৰ হুছেইন,জিলা সন্মিলনীৰ সভাপতি সুশীল চন্দ্ৰ বিশ্বাস,সম্পাদক মকবুল হুছেইন মণ্ডল,জিলা উপসভাপতি আব্দুল হাই কাফি খান, চাৰ্কেলৰ উপদেষ্টা মকসেদ আলম,বিদায়ী শিক্ষক শ্বেখ শ্বাহজামাল মিঞা ,মণ্ডল সমল কেন্দ্ৰ সহায়ক মোজাম্মিল হক, আৰু নৈমুদ্দিন আহমেদে বিদায়ী শিক্ষকসকলৰ প্ৰতি উদগনিমূলক বক্তব্য দিয়ে।

দক্ষিণ ধুবুৰী চৰ চাৰ্কেলৰ উপসভাপতি জাহানুৰ আলম,সহঃসাধাৰণ সম্পাদক মস্তাফা হুছেইন মণ্ডল,সাংগঠনিক সম্পাদক ফাৰুক আহমেদৰ পৰিচালনাৰে পৰিচালিত বিদায় সম্বৰ্ধনা অনুষ্ঠানত প্ৰতিগৰাকী বিদায়ী শিক্ষকক ফুলাম গামোচা,ছাতি,শৰাই,মানপত্ৰ,ধৰ্ম গ্ৰন্থ,ধৰ্মীয় গামোচা,তচবি,টুপী,আতৰ,লাখুটি,কুৰ্টা পায়জামা আৰু একোটিকৈ কলম উপহাৰ দিয়া হয়।

সদৌ শেষত সভাপতি হাশেম আলিয়ে তেখেতৰ সভাপতিৰ বক্তব্য আগবঢ়ায়। সম্পাদক দিবাকৰ শৰ্মাই সভাত অতিথিসকলৰ প্ৰতি শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে সভাভংগ দিয়া হয়।চৰাঞ্চলৰ দৰে দুৰ্গম অঞ্চলত জীৱনৰ ডেৰকুৰি বছৰে শিক্ষকতা কৰা শিক্ষকসকলক আড়ম্বৰপূৰ্ণভাবে চাৰ্কেলৰ পৰা বিদায় সম্বৰ্ধনা দিয়া কাৰ্য্যক বিদ্যান সমাজে আদৰণি জনায়।

তামিলনাডুৰ মন্দিৰত বন্দী অসমৰ হাতীক নৃশংস নিৰ্যাতন…

তামিলনাডুৰ মন্দিৰত বন্দী অসমৰ হাতীক নৃশংস নিৰ্যাতন । জয়মালা। এই হাতীটো মাথোঁ ছয়মাহৰ বাবে ২০০৮ চনত অসমৰ পৰা তামিলনাডুলৈ লিজত নিয়া হৈছিল।

কিন্তু যোৱা ১৩ বছৰে অবৈধ ভাবে বন্দী কৰি ৰখা হাতীটোক এটা মন্দিৰ চৌহদত চাৰিওখন ঠেং শিকলিৰে বান্ধি কেইবাজনো মাউতে নৃশংসভাবে মাৰপিত কৰি থকাৰ ভিডিঅ’ পেটা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাজহুৱা কৰাৰ লগতে চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে।

কিন্তু সকলো জানিও নিৰ্লিপ্ত হৈ আছে অসমৰ বন বিভাগ।