মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত চৰ চাপৰিৰ প্ৰাথমিক বিদ্যালয়ৰ কালি গুণোৎসৱৰ সামৰণি পৰে। গুণোৎসৱৰ পৰ্যবেক্ষণৰ বাবে কালি শিক্ষা বিভাগৰ এটি দল চৰ চাপৰিত উপস্হিত হয়।
জিলা শিক্ষা বিষয়া বুলি গগৈ ভূঞা, লাহৰীঘাট শিক্ষা খণ্ডৰ শিক্ষা বিষয়া আবুল কাছেম সহ এটি দলে কালাই চৰ আৰু মেৰহাবি পিঠা খাইতি চৰৰ তিনিখন বিদ্যালয় পৰ্যবেক্ষণ কৰে। বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰী এশ শতাংশ উপস্হিতিত শিক্ষা বিভাগৰ দলটিয়ে সন্তোষ প্ৰকাশ কৰে।
ইয়াৰ লগতে চৰ চাপৰিত শিক্ষাৰ মানদণ্ড আৰু বিদ্যালয় এৰাৰ সংখ্যা কমোৱাৰ উদ্দেশ্য চৰ্ত উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় স্হাপন কৰাৰ বাবে চৰকাৰ অনুৰোধ কৰিব বুলি জিলা শিক্ষা বিষয়াই প্ৰকাশ কৰে।
গীতালিৰ সাহিত্যৰ মই এজন অন্তৰতম পাঠক। এই কিতাপখন উপন্যাস হ’লেও এটা কবিতা বুলিও ক’ব পাৰি; কাৰণ ইয়াত তিনিটা শিল্পকৰ্মৰ সমাহাৰ ঘটিছে – কবিতা, ছবি আৰু গান৷ এই কিতাপখনৰ গুৰুত্ব কেৱল এইকাৰণেই নাই যে এইখন ফ্ৰিজিডিটীক লৈ লিখা ; বৰঞ্চ ইয়াৰ দৰ্শন আৰু বিষয়বস্তুক লৈ লেখকে খেলা খেলৰ বাবেহে৷’
এই সময়ৰ অসমৰ এগৰাকী শক্তিশালী ঔপন্যাসিক, গল্পকাৰ গীতালি বৰাৰ নতুন উপন্যাস ‘বাসনাহীনা’ উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট লেখক-সমালোচক প্ৰভাত বৰাই। গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত দিনৰ ১১ বজাত অনুষ্ঠিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই উপন্যাসখন উন্মোচন কৰে প্ৰভাত বৰা, অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়া, এই বছৰৰ সাহিত্য অকাদেমি অনুবাদ বঁটা প্ৰাপক লেখিকা পৰী হিলৈদাৰীয়ে।
‘ফ্ৰিজিডিটী’বা কাম শীতলতাৰ দৰে অসমীয়া সাহিত্যত তুলনামূলক ভাবে নতুন আৰু সৃজনীশীল সাহিত্যৰ গোলকীয় জগতখনতো কম চৰ্চিত বিষয় এটাক বাসনাহীনা উপন্যাসখনৰ পাতত তুলি ধৰিছে ঔপন্যাসিক গীতালি বৰাই।গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট সমালোচক, লেখক প্ৰভাত বৰাই লগতে কয় যে গীতালি বৰাই সদায় ব্যতিক্ৰম বিষয়বস্তু উপন্যাসৰ কাৰণে বিচাৰি লয়। গীতালিয়ে ফ্ৰিজিডিটীক বিষয়বস্তু হিচাপে ল’লেও ফ্ৰিজিডিটী শব্দটো ননাকৈ লিখিব পাৰিছে; তাতেই ঔপন্যাসিকৰ সাৰ্থকতা৷’
উল্লেখ্য যে, ফ্ৰিজিডিটীৰ দৰে ব্যতিক্ৰমী আৰু একেবাৰে নতুন ধাৰণাক লৈ লিখা বাসনাহীনা সম্পৰ্কত মন্তব্য কৰি ঔপন্যাসিক গীতালি বৰাই এই উপন্যাসখনত ফ্ৰিজিডিটিকেই মুখ্য চৰিত্ৰ আখ্যা দিছে। বাকীবোৰ চৰিত্ৰৰ মাজেৰে এই চৰিত্ৰৰ বিকাশ ঘটিছে—তৰপসমূহ উন্মোচিত হৈছে বুলি তেওঁ মন্তব্য কৰে। আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ সভাপতি, সাহিত্য অকাডেমী বঁটা বিজয়ী গল্পকাৰ কুল শইকীয়াই কয় যে, ‘গীতালিৰ আন উপন্যাসৰ দৰে এইখনো বৰ অগতানুগতিক৷ উপন্যাস হওক বা গল্পই হওক, এইখনৰ দৰে তথ্যই পাঠক সমৃদ্ধ কৰে অধিক জনাৰ বাবে আগ্ৰহী কৰি তোলে।
ফ্ৰিজিডিটিৰ দৰে স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত আলোচনা কৰি শইকীয়াই লগতে কয়, এই বিষয়বস্তু লৈ লিখা-মেলা হৈছে যদিও বিস্তৃতভাৱে সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটত বিচাৰ কৰা হোৱা নাই৷ গীতালিয়ে ইয়াৰ কাৰণে নতুন এখন কেনভাছ মেলি দিছে৷ অনু্ষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা লেখিকা, অধ্যাপিকা পৰী হিলৈদাৰীয়ে কয়, ‘মই ইন্টাৰনেটত বিচাৰি-খুঁচৰি মই যিখিনি তথ্য লাভ কৰিলোঁ তাৰ পৰা এটা ধাৰণা হৈছে যে, ফৰাচী দেশত ফ্ৰিজিডিটি বিষয় লৈ যিমান লেখা-মেলা হৈছে সেইখিনি সৃষ্টিশীল নহয়। গীতালি বৰাই এই উপন্যাসখন লিখি সকলো কথা ইতিমধ্যে লিখা হৈছে বোলা মিথটো বিনিৰ্মান কৰিছে৷’
গোলাপ এবিধ সকলোৰে পৰিচিত ফুল।ইয়াৰ সৌন্দৰ্যৰ বাবে ‘ফুলৰ ৰাণী’ আখ্যা দিয়া হয়। বগা, ৰঙা, গুলপীয়া আদি বিভিন্ন ৰঙৰ গোলাপ ফুল দেখা যায়। গোলাপ ফুলে শৰীৰক শীতলতা দিয়াৰ লগতে শক্তি বৃদ্ধি হোৱাতো সহায় কৰে।
ৰাজনৈতিক দলৰ পুঁজি সংগ্রহক লৈ ADRৰ শেহতীয়া ৰিপ’ৰ্টত প্রকাশ পাইছে এই তথ্য। ২০২০-২১ বিত্তীয় বৰ্ষত কোন দলে সংগ্রহ কৰিলে কিমান পুঁজি? পুঁজি সংগ্রহত শীৰ্ষস্থানত আছে বিজেপি দল। বিজেপিয়ে দেশত সংগ্রহ কৰিছে মুঠ ৪৭৭.৫৪৫ কোটি টকা। কংগ্রেছে সংগ্রহ কৰিছে মুঠ ৭৪.৫২৪ কোটি টকা। NCP-এ সংগ্রহ কৰিছে ২৬.২৬১ কোটি টকাৰ পুঁজি। CPM দলে সংগ্রহ কৰিছে মুঠ ১২.৯০১ কোটি টকা। ২০১৯-২০ বৰ্ষতকৈ হ্রাস পাইছে ৰাজনৈতিক দলসমূহৰ পুঁজি সংগ্রহ। ৩৯.২৩ শতাংশ হ্রাস পাইছে বিজেপিৰ পুঁজি সংগ্রহ। ৪৬.৩৯ শতাংশ হ্ৰাস পাইছে কংগ্রেছৰ পুঁজি সংগ্রহ। ২০১৯-২০ বৰ্ষত বিজেপিয়ে সংগ্রহ কৰিছিল ৭৮৫.৭৭ কোটি টকা।
২০১৯-২০ বৰ্ষত কংগ্রেছে সংগ্রহ কৰিছিল ১৩৯.০১৬ কোটি টকা। ৰাজনৈতিক দলসমূহলৈ অধিকাংশ পুঁজি আহিছে কৰ্প’ৰেট আৰু বাণিজ্যিক ক্ষেত্রৰ পৰা। ৰাষ্ট্রীয় দললৈ পুঁজি যোগানৰ ক্ষেত্রত শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত আছে অসমো। অসমৰ পৰা বিভিন্ন ৰাষ্ট্রীয় দলে সংগ্রহ কৰিছে ৩০.২৩৬ কোটি টকা। অসমতো ২০২০-২১ বৰ্ষত AIUDF দলে সংগ্রহ কৰিছে ১৪৮.০৬ কোটি টকা। AGP-এ ২০২০-২১ বৰ্ষত সংগ্রহ কৰিছে মাথোঁ ৭ লাখ টকা। অন্যান্য আঞ্চলিক দলসমূহে এতিয়ালৈ প্রকাশ কৰা নাই পুঁজি সংগ্রহৰ তথ্য।