Home Blog Page 2209

কমনৱেলথ গেমছৰ ট্ৰেকত আজি পুনৰ অৱতীৰ্ণ হ’ব হিমা দাস…

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ ট্ৰেকট আজি পুনৰ দৌৰিব ধিং এক্সপ্ৰেছ হিমা দাস। আজি বিয়লি ৪.২৪ বজাত ৪X১০০ মিটাৰ দৌৰত অংশ ল’ব হিমা দাসৰ লগতে ভাৰতীয় দলটোৱে।

উল্লেখ্য যে, কমনৱেলথ গেমছৰ একাদশ দিনলৈকে ভাৰতে সৰ্বমুঠ ৪০ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১৩ টা সোণৰ পদক লাভ কৰাৰ বিপৰীতে ১১টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাৰ পঞ্চম স্থান অধিকাৰ কৰিছে ভাৰতে।

ইফালে আজি ভাৰতীয় দলটোৱে অৱতীৰ্ণ হ’বলগীয়া ৪X১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাতো ইতিমধ্যে এটা পদক নিশ্চিত হৈ পৰিছে। অৱশ্যেই ভাৰতীয় দলটোৱে আজি সোণৰ পদক অৰ্জন কৰিব বুলি আশাৰে বাট চাইছে ভাৰতীয়সকলে।

বকোত আত্মপ্ৰকাশ নাট্য সম্ৰাট ব্ৰজেন দাসৰ উদ্যোগত সুদৰ্শন চিনে থিয়েটাৰ…

আধুনিক কৃষ্টি আৰু সংস্কৃতিৰ নাট্য সম্ভাৰ লৈ কামৰূপ জিলাৰ বকোত ন ৰূপত আত্মপ্ৰকাশ ঘটিছে সুদৰ্শন চিনে থিয়েটাৰ নামৰ এক নাট্য দ’ল। উল্লেখ্য যে ; বকো অঞ্চলৰ খলিহাৰ জেষ্ঠ্য নাট্য শিল্পী অসম চৰকাৰ আৰু অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মঞ্চ অভিনেতা তথা মঞ্চ সম্ৰাট হিচাপে জনাজাত ব্ৰজেন দাসৰ একান্ত প্ৰচেষ্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ন – পুৰণি শিল্পীৰ সমাহাৰেৰে ২০২২ – ২৩  বৰ্ষৰ নাট্য সম্ভাৰ লৈ শুভাৰম্ভৰ প্ৰস্তূতি চলিছে থিয়েটাৰ সুদৰ্শন চিনে থিয়েটাৰৰ। কামৰূপ জিলাৰ বকোত মুখ্য কাৰ্যালয় স্থাপন কৰি খলিহাত আখাৰা গৃহ পাতি আৰম্ভ কৰা সুদৰ্শন চিনে থিয়েটাৰৰ আজি আনুষ্ঠানিক ভাৱে আখাৰাগৃহৰ শুভাৰম্ভ কৰা হয়। ইতিমধ্যে পেণ্ডেল ; মঞ্চ আৰু যাৱতীয় সা সামগ্ৰী মজুত কৰা হৈছে বুলি জানিব দিয়ে মুখ্য প্ৰযোজক ব্ৰজেন দাসে।

ইফালে শিল্পীৰ আত্মমৰ্য্যদা আৰু স্বাম্বলম্বীতাৰ সুবিধা প্ৰদান কৰিবলৈ এই প্ৰয়াস বুলি তাৎপৰ্যপূৰ্ণ কথাৰে আজি আয়োজন কৰে নাট্য শিল্পীৰ আখাৰা। আজিৰ আখাৰাৰ শুভাৰম্ভণি অনুস্থানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড: গণেশ্বৰ চহৰীয়া ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী ; বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা ; শিল্পী গৰাকীক ভাতৃ হেমেন দাস ; অনাদী পাটোৱাৰী ; কিৰণ ৰাভা আদিকে ধৰি বহু সংখ্যক শিল্পী ক’লা কুশলী। ইফালে নাট্যদলটিৰ বাবে যোগাযোগ কৰিবলৈ ৭৬৩৫৯৪৩২০৪ নম্বৰ প্ৰকাশ কৰে সুদৰ্শন চিনে থিয়েটাৰৰ মূখ্য প্ৰয়োজক ব্ৰজেন দাসে।  

ৰঙিয়াত বিমলা দেৱীৰ গ্ৰন্থ “মহাভাৰতৰ পাতে পাতে” উন্মোচনী অনুষ্ঠান সম্পন্ন…

ভাৰতীয় সাহিত্য -সংস্কৃতিৰ ক্ষেত্ৰ খনত ধৰ্মগ্ৰন্থ মহাভাৰতৰ ভূমিকা অবৰ্ণনীয় ।পাচহাজাৰ বছৰ পূৰ্বে ৰচিত  ধৰ্মগ্ৰন্থ মহাভাৰতৰ  প্ৰাসংগিকতা যুগে যুগে বিৰাজমান। শনিবাৰে পিবি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তথা লেখিকা  বিমলা দেৱী ৰচিত  “মহাভাৰতৰ পাতে পাতে” শীৰ্ষক গ্ৰন্থখনৰ উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই। ভাষণ প্ৰসংগত বৈশ্যই মহাভাৰতৰ অন্তৰ্নিহিত বিষয়  বিজ্ঞান সন্মত দৃষ্টি ভংগীৰে ব্যাখ্যা কৰে । শিক্ষক সকলে ভাষণ দিব পাৰে লিখিব নোৱাৰে এনে এক ধাৰণাৰ  বিশিষ্টা শিক্ষয়িত্ৰী বিমলা দেৱীয়ে শিশুসকলৰ বাবে যুগুত কৰা “মহাভাৰতৰ পাতে পাতে” শীৰ্ষক গ্ৰন্থখনৰ জৰিয়তে বিপৰীত ছবি প্ৰতিফলিত কৰা বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে বৈশ্যই । আনহাতে গ্ৰন্থ উন্মোচনী সভাখনত অসমীয়া প্ৰতিদিন কাকতৰ সহকাৰী সম্পাদক তপন কলিতাই  অংশগ্ৰহণ কৰি অতি সম্প্ৰতি গ্ৰন্থ তথা কাকতকে ধৰি ছপাজগতখনলৈ ডিজিটেল মাধ্যমে সংকট নমাই অনা বুলি অভিহিত কৰে ।সাহিত্য জীয়াই ৰাখিবলৈ পঢ়ুৱৈৰ সৃষ্টি হব লাগিব বুলি উল্লেখ কৰি নৱপ্ৰজন্মক ডিজিটেল মাধ্যমৰ সমান্তৰালভাৱে ছপা মাধ্যমৰ প্ৰতিও আগ্ৰহী কৰি তোলাৰ বাবে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

কভিড কালৰ পৰৱৰ্তী সময়ৰ পৰা দ্ৰুতগতিত ছপামাধ্যমৰ জনপ্ৰিয়তা অৱনমিত হোৱা বুলি উল্লেখ কৰি কলিতাই প্ৰসঙ্গক্ৰমে বিমলাদেৱীৰ প্ৰয়াসৰ শলাগ লয় ।নৱপ্ৰজন্মই মহাভাৰতৰ পাতে পাতে গ্ৰন্থখনে বিশেষ ভাবে আদৰি লব বুলিও আশা ব্যাক্ত কৰে কলিতাই ।প্ৰকাশকসঙ্গীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত ৰঙিয়া ৰাইজমেল কৃষক ছহিদ ভবন প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্য দিলিপ লহকৰে লেখিকা বিমলা দেৱীক শুভেচ্ছা জ্ঞাপন কৰি সকলকে গ্ৰন্থখন আকোৱালি লবলৈ আহ্বান জনায়। এক ব্যাতিক্ৰমী চিন্তা চৰ্চাৰে পঙ্কজ পল্লৱ শৰ্মা আৰু জয়ন্ত কুমাৰ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানটোত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ বৰ্মন, উপসভাপতি দ্বিপেন মেনা, ৰঙিয়াৰ জেষ্ঠ অধিবক্তা প্ৰতাপ শৰ্মা, বিনোদ ৰাজবংশী,নাট্যকৰ্মী গিৰিন দাসে ভাষন দিয়ে।

নলবাৰীৰ বিশিষ্টা কবি বিভা  দত্তই কবিতা পাঠ কৰে। ৰীতা পাছনি, ৰীনা দেৱী, পখিলা কলিতা আৰু বৰষা ভৰদ্বাষে পৰিৱেশন কৰা সঙ্গীতৰ অনুষ্ঠানে সমবেত কেবা শতাধিক সাহিত্য অনুৰাগীক আপ্লুত কৰে । সভাত বিশিষ্ট শিশু সাহিত্যিক ভুপেন চন্দ্ৰ দাস, অধিবক্তা অচ্যুত কলিতা, সংগঠক মনোৰঞ্জন শৰ্মা, শিল্পী অঞ্জু কলিতা, অক্ষয় শৰ্মা, সংবাদকৰ্মী  ভাস্কৰ কলিতা, হেমেন কলিতা, খাইৰুল ইছলাম প্ৰমুখ্যে ভালেসংখ্যক সাহিত্যানুৰাগিয়ে সভাত অংশ লয়। কৌস্তভ ভৰদ্বাজ আৰু বিমলা দেৱীয়ে  শাস্ত্ৰীয় সঙ্গীতৰে আৰম্ভ কৰা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই  জেষ্ঠ অধিবক্তা তথা কবি মুনীন শৰ্মাই।

 হাওৰাঘাটৰ শান্তিপুৰ গাঁৱত বিশ্বমাতৃ দুগ্ধপান সপ্তাহ পালন…

ৰাইজৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ শান্তিপুৰ গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালন কৰা হয় । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয় । চঞ্চুবালা নম:শূদ্ৰৰ সভানেত্ৰীত্বত সভাখন অনুষ্ঠিত কৰা হয় । শান্তিপুৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰূপালী বসুমতাৰীয়ে আঁত ধৰা আৰু জোনালী বাগলাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ সভাত হাওৰাঘাটৰ এ এন এম  জিমি পাঠক,  আশা কৰ্মী কৃষ্ণা বসুমতাৰী অঞ্চলটোৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা  ক্ৰমে  শুভদ্ৰা ইংতিপি , জোনালী বাগলাৰী, মাম্পীৰাণী দাস, মণিকা বসুমতাৰী, প্ৰভাৱতী চৌহান, পূৰ্ণিমা নাৰ্জাৰী, কল্পনা নম:শূদ্ৰৰ  লগতে  কেইবাখনো গাঁৱৰ মহিলা সকল উপস্থিত থাকে ।

সভাত অংগনবাড়ী কৰ্মী ৰূপালী বসুমতাৰী, এ এন এম জিমি পাঠক আৰু আশা কৰ্মী কৃষ্ণা বসুমতাৰীয়ে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালনৰ উদ্দেশ্য আৰু ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে শিশুটিৰ বাবে প্ৰথম মাতৃ দুগ্ধপানেই হৈছে প্ৰথম প্ৰতিষেধক । গতিকে মাকৰ গাখীৰেই হৈছে শিশুৰ কাৰণে আটাইতকৈ উত্তম আহাৰ । 

তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ বিৰুদ্ধে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ এজাহাৰ…

তাই আহোম ছাত্ৰ সন্থাই সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি নেত্ৰী আংগুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ অসমৰ ভূমি পুত্ৰ  প্ৰাচীনতম কলিতা জনগোষ্ঠীক নানা তিৰ্য্যক মন্তব্য কৰা কাৰ্য্যৰ বিৰূদ্ধে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে গৰিহণা দিয়াই নহয় জাঙুৰ খাই উঠিছে।লগতে শুক্ৰবাৰে নিশাই সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলন সাধাৰণ সম্পাদক প্ৰতুল কলিতাসহ এটি সঁজাটি দলে তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাধৱ কোঁৱাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।উল্লেখ‍্য যে যোৱা ৫ আগষ্টত  তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ  যাদব কোঁবৰ নামৰ লোকজনে সংবাদ মাধ্যমৰ জৰিয়তে আংগুৰলতা ডেকা ইতিহাস নথকা জনগোষ্ঠীৰ নৰ্তকী বুলি কোৱাৰ লগতে ইতিহাস নথকা  ঢেকেৰী জনগোষ্ঠীৰ বুলি বাৰে বাৰে উল্লেখ কৰি কলিতা জনগোষ্ঠীটোক চুড়ান্ত অপমান কৰিছে।  তাই আহোম ছাত্ৰ সন্থাই জনা উচিত আহোমে ১২২৮ চনত অসম আক্ৰমণ কৰিবলৈ আহি  বৰ অসমৰ মতা হ’ব বিচাৰিছে ।

অসমৰ কলিতা আলপাইন সকল যে ভূমি পুত্ৰ তাৰ উদাহৰণ অসমীয়া ভাষা। কলিতাই  সৃষ্টি কৰা অসমীয়া ভাষাটোক লৈ ফিতাহী মাৰি অসমৰ মুধাফুটা  নেতাগিৰী কৰাটো কলিতা সকলে কোনো কালে সজ্য নকৰে  ।  আহোমৰ উপদ্ৰৱত এদিন শংকৰদেৱৰ আৰু মাধৱদেৱে গুৰু দুজনা প্ৰান ৰক্ষাৰ বাবে পলাব লগা হৈছিল । এই কলংকৰ কথা অইনে পাহৰি গলেও কলিতা আলপাইন জনগোষ্ঠী য়ে পাহৰি যোৱা নাই । সেয়েহে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে তেওঁলোকক ২৪ ঘন্টা সময় দিছোঁ, অহা ২৪ ঘন্টাৰ ভিতৰত যদি  তাই আহোম ছাত্ৰ সন্থাই ক্ষমা নোখোজে তেতিয়া হ’লে তেওঁলোকে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে।লগতে কালি সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন,নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ভুৱনেশ্বৰ কলিতাই তাই আহোম ছাত্র সন্থাৰ মুখপাত্ৰ যাধৱ কোঁৱৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।  ইতিমধ্যে অসমৰ বিভিন্ন জিলা সমিতি সমূহক যাদব কোঁবৰ নামৰ লোক জনৰ ওপৰত এজাহাৰ দিয়াৰ বাবে প্ৰস্তুতি চলিছে বুলি জানিব পৰা গৈছে।।

পদক তালিকাত পঞ্চম স্থানত ভাৰত, কমনৱেলথ গেমছত এতিয়ালৈকে ভাৰতৰ ৪০ টা পদক অৰ্জন…

বাৰ্মিংহামত  চলি থকা কমনৱেলথ ২০২২ ত ভাৰতীয় খেলুৱৈসকলে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আছে। ভাৰতৰ খেলুৱৈৰ শিৰত এতিয়ালৈকে জিলিকিছে মুঠ ৪০ টা পদক ৷ আজিৰ দিনটোলৈ পজক  তালিকাৰ পঞ্চম স্থানত আছে ভাৰত। একে সময়তে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে পদকৰ ক্ষেত্ৰতো ভাৰতৰ কাষেই চাপিব পৰা নাই৷ বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ৰ নৱম দিনটোতে ভাৰতীয় খেলুৱৈসকল চৰ্চাত আছিল। বিশেষকৈ মল্লযুদ্ধত ভাৰতে তিনিটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলৰ চতুৰ্থ দিনা, ভাৰতে  মুঠ ১৪  টা পদক অৰ্জন কৰিছিল৷ পদক লাভৰ সংখ্যা পৰৱৰ্তী দিন কেইটাত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে৷ ফলত আজি  পদকৰ তালিকাত  পঞ্চম স্থানলৈ উধাব পাৰিছে ভাৰতে।এতিয়ালৈকে ভাৰতৰ খেলুৱৈসকলে লাভ কৰা  মুঠ ৪০  টা পদকৰ  ভিতৰত ১৩  টা সোণ, ১১ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক আছে। একে সময়তে, পদক তালিকাত ১৫৫ টা পদকেৰে  অষ্ট্ৰেলিয়া প্ৰথম স্থানত আছে৷ আয়োজক ইংলেণ্ডৰ খেলুৱৈ লাভ কৰিছে মুঠ ১৪৮ টা পদক ।

পদক তালিকাৰ তিনি নম্বৰত আছে কানাডা, কানাডাই  মুঠ৮৪  টা পদক অৰ্জন কৰিছে৷ চতুৰ্থ স্থানত থকা নিউজিলেণ্ডৰ হাতসৈ গৈছে  ৪৪  টা পদক । আশা কৰা হৈছে যে খেলৰ দশম দিনা ভাৰতে নিউজিলেণ্ডক অতিক্ৰম কৰিব আৰু পদকৰ সংখ্যা ৫দ টাৰ ওপৰত হ’ব৷ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানেও কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে৷ কিন্তু পদক তালিকাত দেশ খন  যথেষ্ট পিছ পৰি আছে। পাকিস্তানে এতিয়ালৈকে মাত্ৰ ৭ টা পদক জিকিছে৷ যাৰ ভিতৰত আছে এটা সোণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক।
ভাৰোত্তোলন প্ৰতিযোগিতাত পাকিস্তানৰ একমাত্ৰ সোণৰ পদকটো মহম্মদ নোহে লাভ কৰিছে৷  নোহে ১০৯ কিলোগ্ৰাম ওজন শ্ৰেণীত পাকিস্তানৰ হৈ সোণৰ পদক জিকিছে। ইয়াৰ উপৰি পাকিস্তানে কুস্তিত পাঁচটা পদক লাভ কৰিছে। কমনৱেলথ গেমছৰ দশম দিনা ভাৰতৰ খেলুৱৈসকলে এনেবোৰ প্ৰতিযোগিতাত ভাগ ল’ব-


পুৰুষৰ ট্ৰিপল জাম্প ফাইনেল: আব্দুল্লাহ আবুবাকাৰ, এলডোচ পল, প্ৰবীণ চিত্ৰাৱাল – আবেলি ২:৪৫ বজাত
পুৰুষৰ ১০,০০০ মিটাৰ খোজ কঢ়া ফাইনেল: অমিত, সন্দীপ কুমাৰ – আবেলি ৩.৫০ বজাত
মহিলাৰ জেভলিন থ্ৰো ফাইনেল: শিল্পা ৰাণী, অন্নু ৰাণী – আবেলি ৪.০৫ বজাত৷
মহিলাৰ ৪x ১০০ মিটাৰ ৰিলে ফাইনেল: সন্ধিয়া ৫.২৪ বজাত৷

ইছৰোই ৰচিলে ইতিহাসঃ শ্ৰীহৰিকোটাৰ পৰা SSLV-D1 উৎক্ষেপণ…

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইছৰোই  দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ  পৰা ইয়াৰ প্ৰথম নতুন ৰকেট ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন SSLV-D1 উৎক্ষেপণ কৰে।  SSLV-D1-এ  ‘পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ-০২’ (EOS-02) ক মহাকাশলৈ কঢ়িয়াই লৈ গৈছে। লগতে  SSLV-D1-এ   উপগ্ৰহটোৱে  শিক্ষাৰ্থীয়ে তৈয়াৰ কৰা  ‘আজাদিছাট’ নামৰ উপগ্ৰহটোও  কঢ়িয়াই লৈ গৈছে। ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে জনায় যে SSLV-D1-এ সকলো পৰ্যায়তে আশা কৰা অনুসৰি অগ্ৰসৰ হৈ আছে। তেওঁ কয় যে অভিযানৰ অন্তিম পৰ্যায়ত কিছু অসুবিধাৰ সৃষ্টি হৈছিল যদিও সেই বোৰ দূৰ কৰি SSLV-D1-ক  নিৰ্দিষ্ট কক্ষপথত উপনীত কৰাৰ বাবে  সকলো ব্যৱস্থাই কৰা হৈছে৷  সম্পূৰ্ণ অভিযানটো সফল হোৱা বুলিও তেওঁ কয়৷

উল্লেখ্য ইছৰোৱে পৃথিৱীৰ কক্ষপথত ৫০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ  উপগ্ৰহ স্থাপন কৰাৰ অভিযান আৰম্ভ কৰিছে। ইয়াৰ লক্ষ্য হৈছে দ্ৰুত গতিত বিকশিত হোৱা এছ.এছ.এল.ভিৰ জৰিয়তে মানুহৰ কামত অহা তথ্য আহৰণ কৰা। চেন্নাইৰ পৰা প্ৰায় ১৩৫ কিলোমিটাৰ দূৰত থকা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ  প্ৰথম উৎক্ষেপণ পেডৰ পৰা পুৱা ৯.১৮ বজাত ৰকেটটো উৎক্ষেপণ কৰা হয় । উৎক্ষেপণৰ প্ৰায় ১৩ মিনিট পিছত  ৰকেটত প্ৰেৰণ কৰা  দুয়োটা  উপগ্ৰহ নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাটো সম্ভৱ হৈ পৰে। ইছৰোৱে ইয়াৰ বিশ্বস্ত পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি), জিঅ’ষ্টেচনেৰী চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ  আদিও  সফলভাবে মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে৷ এছএছএলভি ৩৪ মিটাৰ দীঘল ৷ দৈৰ্ঘৰ দিশৰ পৰা ই  পিএছএলভিতকৈ প্ৰায় ১০ মিটাৰ কম৷ পিএছএলভিৰ ২.৮ মিটাৰৰ ব্যাসৰ তুলনাত ইয়াৰ ব্যাস দুই মিটাৰ।

ইছৰোৱে ইনফ্ৰা-ৰেড বেণ্ডত উন্নত অপ্টিকেল ৰিম’ট চেঞ্চিং ব্যৱস্থাৰ উন্নয়নৰ বাবে  এটা পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ নিৰ্মাণ কৰিছে।  ‘আজাদিছাট’ত ৭৫ টা বিভিন্ন সঁজুলি আছে, প্ৰতিটোৰ ওজন প্ৰায় ৫০ গ্ৰাম। সমগ্ৰ দেশৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰীসকলক ‘স্পেচ কিডছ ইণ্ডিয়া’ৰ অধীনত  এই সঁজুলিবোৰ নিৰ্মাণ কৰিবলৈ ইছৰো বিজ্ঞানীসকলে কৈছিল৷ 

ৰণবীৰ-আলিয়াৰ বেষ্ট ফ্ৰেণ্ড অয়ন মুখাৰ্জী! কিন্তু অয়নৰ পৰা প্ৰেমৰ কথা কিয় লুকুৱাইছিল দুয়োয়ে?

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট সম্প্ৰতি তেওঁলোকৰ আগন্তুক ছবি ‘ব্ৰহ্মাস্ত্ৰ’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। এই ছবিখন যোৱা ৫ বছৰ ধৰি নিৰ্মাণ হৈ আছে আৰু ইয়াৰ শ্বুটিঙৰ সময়ত দুয়োজনেই ইজনে সিজনৰ ওচৰ চাপি আহিল আৰু তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হ’ল। ৰণবীৰৰ কাপুৰৰ লগতে আলিয়াৰো বেষ্ট ফ্ৰেণ্ড ‘ব্ৰহ্মাস্ত্ৰ’ৰ পৰিচালক অয়ন মুখাৰ্জী। ৰণবীৰ আৰু আলিয়াৰ লগত ছুটীতো প্ৰায়ে দেখা যায় অয়নক। কিন্তু ইমান ঘনিষ্ঠ বন্ধুত্ব থকাৰ পিছতো ৰণবীৰ আৰু আলিয়াই নিজৰ সম্পৰ্কৰ বিষয়টো কিছুদিন অয়নৰ পৰা লুকুৱাই ৰাখিছিল। শেহতীয়াকৈ ‘ব্ৰহ্মস্ত্ৰ’ৰ প্ৰচাৰৰ সময়ত ৰণবীৰ কাপুৰে সংবাদ মাধ্যমৰ আগত কয় যে, ‘চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়ত আলিয়া, অয়ন আৰু মই একেলগে বহু সময় কটালোঁ। এই সময়ছোৱাত যেতিয়াই আমি লগ পাইছিলো, তেতিয়াই অয়নৰ মনত এই ছবিখনে আধিপত্য বিস্তাৰ কৰিছিল। অলপ সময় কথা পতাৰ পিছত অয়নে সদায় আমাৰ কথা-বতৰাবোৰ ব্ৰহ্মাস্ত্ৰ’ৰ ফালে লৈ গৈছিল।
তেওঁলোকৰ সম্পৰ্কৰ কথা কৈ ৰণবীৰে কয়, “এটা সময়ত আলিয়া আৰু মই যেতিয়া ডেটিং আৰম্ভ কৰিছিলো, আমি অয়নক ক’বও পৰা নাছিলো যে আমি সম্পৰ্কত আছো। কাৰণ আমাৰ ডেটিঙৰ কথা শুনি অয়নৰ খং উঠিব পাৰে বুলি আমি ভয় কৰিছিলোঁ। ”

অৱশ্যে এই বিষয়টোক লৈ অয়নে কৈছিল, ‘যেতিয়া ৰণবীৰে মোক তেওঁৰ আৰু আলিয়াৰ সম্পৰ্কৰ কথা কৈছিল, তেতিয়া মোৰ প্ৰতিক্ৰিয়া আছিল অতি সাধাৰণ। এই কথা শুনি ভাল লাগিল আৰু বেষ্ট ফ্ৰেণ্ডৰ দৰে আচৰণ কৰিছিলোঁ।” নিজৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গ’লে আলিয়া ভাটে কয়, ‘ৰণবীৰ কাপুৰৰ লগত ডেটিং আৰম্ভ কৰাৰ আগতেই মই আৰু অয়ন বহুত ঘনিষ্ঠ আছিলো।’ 
এই সন্দৰ্ভত অয়নে কয় যে আলিয়াৰ সৈতে তেওঁৰ আৰম্ভণিৰে পৰাই অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। অয়ন মুখাৰ্জীয়ে লগতে কয় যে ৰণবীৰ আৰু আলিয়াৰ ওচৰ চাপি অহাৰ পূৰ্বে তেওঁ অভিনেত্ৰীগৰাকীৰ অতি ভাল বন্ধু হৈ পৰিছিল। আপোনালোকক জনাওঁ যে আলিয়া আৰু ৰণবীৰৰ বাহিৰেও অমিতাভ বচ্চন, নাগাৰ্জুন আৰু মৌনি ৰায়কো ব্ৰহ্মাস্ত্ৰ’ৰ মুখ্য চৰিত্ৰত দেখা যাব। ২০২২ চনৰ ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি ছবিখনে।

ৰঙামাটিৰ প্ৰাথমিক বিদ্যালয়ৰ হাতেলিখা আলোচনী ‘প্ৰতীতি’ ৰংমেলা শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উন্মোচন কৰা হয়…

ৰঙামাটিৰ সমীপবৰ্তী কৰৈয়নি বনুৱা বষ্টি প্ৰাথমিক বিদ্যালয়ৰ কন কণ ছাত্ৰ-ছাত্ৰীৰ সহযোগত শিক্ষক গোটৰ দ্বাৰা প্ৰকাশিত হাতেলিখা আলোচনী “প্ৰতীতি” খন আজি বিদ্যালয়ত অনুষ্ঠিত ৰংমেলা শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উন্মোচন কৰা হয়৷ বিদ্যালয়ৰ সভাগৃহত বিয়লি ১১ বজাৰ পৰা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক হৰেণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত হাতে লিখা আলোচনী খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে গোলাঘাট উত্তৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া সজাগ জ্যোতি বৰুৱায়।

উক্ত সভাত উপস্থিত থাকে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক মৌচুমী বৰুৱা ,বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰা, পৰিচালনা সমিতিৰ বিষয় ববিয়া, মাতৃ গোটৰ সদস্যা, অভিভাৱক সকলৰ লগতে কেইবাজনো গণ্য মান্য ব্যক্তি।

তেজপুৰত কোন এইজন পংকজ হাজৰিকা…

মহাভৈৰৱ আৰক্ষীৰ বৃহৎ সফলতা। এজন ভুৱা আৰক্ষী আটক। তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ সমীপত এজন যুৱকে আৰক্ষীৰ পোছাক পিন্ধি তেজপুৰৰ বিভিন্ন স্থানত ঘুৰি ফুৰাৰ লগতে নিজকে নতুনকৈ মহাভৈৰৱ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে চিনাকি দি আছিল। মহাভৈৱৰ আৰক্ষীয়ে খৱৰ লাভ কৰি ধৃত যুৱকজনক আটক কৰে।

যুৱকজন ধেমাজীৰ পংকজ হাজৰিকা বুলি জানিব পৰা গৈছে। ধৃত যুৱকজনে আৰক্ষীৰ পোছাকৰ লগতে ভাৰতীয় সেনা বাহিনীৰ পোছাক পিন্ধা ফটো, বিজেপিৰ ৰাজনাথ সিংৰ লগতো ফটো ধৃত যুৱকজনৰ মোৱাইলত পোৱা গৈছে। বৰ্তমান আৰক্ষীয়ে সোধাপোচ অব্যাহত ৰাখিছে।