Home Blog Page 2271

মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতত প্ৰাক্তন কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

আজি ডিফুৰ বিজেপি পূৱ কাৰ্বি আংলং জিলা পাৰ্টিকাৰ্যালয়ত ২০০ তকৈও অধিক প্ৰাক্তন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰে। ইয়াৰ ভিতৰত আছে কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ জি.এছ. শ্ৰী ডেনিয়েল ইংটি, মহিলা কংগ্ৰেছ জিলা সমিতিৰ সভাপতি শ্ৰীমতী কানম এংটিপি আৰু অন্যান্য বিভিন্ন বিশিষ্ট লোক।


মন্ত্ৰী পিযুষ হাজৰিকাই এই সভাত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াললৈ সকলোকে আদৰণি জনায় আৰু দলটোৰ নীতি আৰু আদৰ্শ পালন কৰি সকলোকে ত্যাগ আৰু নিষ্ঠাৰ ভাৱনাৰে আমাৰ মাতৃভূমিৰ সেৱা কৰিবলৈ আহ্বান জনায়।


মন্ত্ৰী পিযুষ হাজৰিকাৰ সৈতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ড০ তুলিৰাম ৰংহাং, বিধায়ক , বিদিয়া ছিং এংগেলং, সৰুপথাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিজেপি প্ৰাৰ্থী, অন্যান্য গণ্যমান্য ব্যক্তি আৰু দলৰ কৰ্মকৰ্তা সকল উপস্থিত আছিল।

অভিবক্তাক প্ৰাণৰ ভাবুকি দিয়া কাণ্ডক লৈ মুখ খুলিলে ধুবুৰীৰ আৰক্ষী অধীক্ষকে

ধুবুৰীৰ আদালতত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে পিষ্টল ওলাই অভিবক্তাক প্ৰাণৰ ভাবুকি দিয়া কাণ্ডক লৈ মুখ খুলিলে ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ দিলীপ গগৈয়ে। সম্পূৰ্ণ ঘটনাৰ তদন্ত কৰা হব,কলে অধীক্ষক গৰাকী।

যোৱা কালিৰ ঘটনা সম্পূৰ্ণৰূপে দুৰ্ভাগ্যজনক বুলি অবিহীত। গৰুৰ ছিণ্ডিকেট বহু পৰিমানে কমিছে বুলি দাবী অধীক্ষক গৰাকীৰ। গৰুৰ চিণ্ডিকেট বা অবৈধ গৰুৰ ব্যৱসায়ে ৰে গঢ়ি তোলা চোৰাং বেপাৰীৰ সম্পত্তি ব্যজায়াপ্ত কৰা হব বুলি জানিব দিলে অধীক্ষক গৰাকী। ধুবুৰীত গৰুৰ ব্যৱসায় বন্ধ কৰা টো ধুবুৰী আৰক্ষীৰ প্ৰথম কৰ্তব্য বুলিও ভাষ্য প্ৰদান আৰক্ষী অধীক্ষক অভিজিৎ দিলীপ গগৈৰ।

ৰাজ্যত বিজ্ঞানসন্মতভাৱে কত হয় গাখীৰ উৎপাদন

ৰাজ্য চৰকাৰে দৈনিক দহ হাজাৰ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য হিচাপে লৈ নতুন প্ৰজন্মক এই ব্যৱসায়ৰ প্ৰতি আকৰ্ষণ কৰাৰ সময়তে যোৰহাটৰ এগৰাকী ব্যৱসায়ীয়ে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে গাখীৰ উৎপাদন কৰি ৰাজ্যখনতে সমাদৰ লাভ কৰাৰ লগতে তেওঁৰ ডায়েৰী ফাৰ্মখন সহস্ৰজনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷
২০১৫ চনতে প্ৰথমবাৰৰ বাবে মিল্ক পাৰ্লাৰ স্থাপন কৰি সম্পূৰ্ণ স্বাস্থ্যসন্মত পৰিৱেশত দুগ্ধ উৎপাদন কৰি অহা যোৰহাটৰ আগশাৰীৰ মধুৰ ডায়েৰীৰ স্বত্বাধিকাৰীগৰাকী হ’ল ৰাতুল বৰুৱা৷

বিজ্ঞানসন্মতভাৱে গোহালি নিৰ্মাণ কৰি উন্নতজাতৰ গৰু আনি আৰম্ভ কৰা মধুৰ ডায়েৰী এতিয়া ৰাজ্যৰ ভিতৰতে লেখত ল’বলগীয়া ফাৰ্মত উপনীত হৈছে৷
প্ৰথমে ২০১৫ চনত তিনিজনী গৰু লৈ আৰম্ভ কৰা বৰ্তমান ফাৰ্মখনত হলেষ্টিয়ান ফিজিয়ান আৰু জাৰ্চি প্ৰজাতিৰ গৰু আছে৷ মধুৰ ডায়েৰীৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে অসমৰ জলবায়ুৰ বাবে জাৰ্চি প্ৰজাতিৰ গৰুৰ গাখীৰ উৎপাদন ভাল৷


লক্ষণীয় যে মধুৰ ডায়েৰীত দৈনিক ৩৪০ লিটাৰ গাখীৰ উৎপাদন হয় আৰু স্থানীয় গাখীৰ উৎপাদকসকলৰ পৰা ৬০০ লিটাৰ গাখীৰ লয়৷ আনহাতে পুৱাই প্ৰতিদিনে গাঁৱৰ লগতে নগৰৰ ৱাৰ্ডতে মধুৰ ডায়েৰীৰ ৬খন মিল্ক ভেনেৰে প্ৰায় ৭০০ লিটাৰ নিৰ্ভেজাল গাখীৰৰ আধা লিটাৰকৈ পাউচ বিক্ৰীৰ ব্যৱস্থা কৰে৷
উল্লেখ্য যে মধুৰ ডায়েৰীত পোনপ্ৰথমে মিল্ক পাৰ্লাৰ স্থাপন কৰি হাইজেনিক ছিষ্টেমত গাখীৰ খীৰোৱা কাম কৰি আহিছে৷ ২০১৬ চনতে মিল্ক পাৰ্লাৰ আনি গাখীৰ খীৰোৱা ৰাজ্যত অন্য ফাৰ্ম নাই বুলি তেওঁ জানিবলৈ দিয়ে৷
লক্ষণীয় যে মধুৰ ডায়েৰীৰ এই মিল্ক পাৰ্লাৰত একেলগে ১২জনী গৰুৰ গাখীৰ খীৰাব পাৰি৷ গাখীৰখিনি মেচিনাৰীৰ যোগেদি খীৰাই কুলিং ছিষ্টেমলৈ যায়৷ ডায়েৰীখনত গাখীৰ খীৰোৱাৰ পৰা পেকেজিং কৰালৈকে মানুহৰ প্ৰয়োজন নহয়৷ অত্যাধুনিক মেচিনাৰীৰ যোগেদি এই কাম সমাধা হয়৷


স্বত্বাধিকাৰী ৰাতুল বৰুৱাই জনোৱা মতে ভৱিষ্যতে প্ৰতি ঘণ্টাত এহেজাৰ লিটাৰ গাখীৰ পেষ্টুৰাইজড কৰিব পৰা কেপাচিটিৰ মেচিন অনাৰ পৰিকল্পনা কৰিছে৷ তেওঁ কয় যে ইয়াৰ জৰিয়তে লাচি, ফেডাড মিল্ক পনীৰ, দৈ আদি বিভিন্ন প্ৰকাৰৰ প্ৰডাক্ট তৈয়াৰ কৰিব পৰা যাব৷

ছয়গাঁৱৰ বামুণীগাঁৱত ৰাইজে মেৰামতি কৰিলে পথ

ছয়গাঁও সমষ্টিৰ এটি গুৰুত্বপূৰ্ণ পথ বামুণীগাঁও জামবাৰী গৰৈমাৰী পথ ৷ পথটোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কামাখ্যা যোগীঘোপা ৰে’লপথৰ ওচৰলৈ পকীকৰণ হ’ল ৷ কিন্তু ৰে’লপথৰ পৰা প্ৰায় ৪০০ মিটাৰ এলেকা পকীকৰণ নহ’ল ৷ কিন্তু তাৰ পিচৰ গোটেই অংশ পকীকৰণ হৈছে ৷

কিন্তু মাজতে পকীকৰণৰ বাবে ৰৈ গ’ল প্ৰায় ৪৪ মিটাৰ এলেকা ৷ এই পথছোৱা পকীকৰণ কৰাৰ বাবে স্থানীয় ৰাইজ অৰ্থাৎ হলংজুলি আৰু নমল চৌধুৰীপাৰাৰ ৰাইজে গাঁও পঞ্চায়তকে ধৰি গড়কাপ্তানি বিভাগৰ ওচৰত অনুনয় বিননয় তথা লিখিত আবেদন কৰাৰ পিচতো ৰাইজৰ আবেদনৰ কোনো কাম নাহিল ৷

পথটো মেৰামতি নকৰাৰ ফলত একেবাৰে শোচনীয় হৈ পৰাত পথছোৱাৰে যাতাতয়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজ ৷ বিশেষকৈ ওচৰতে থকা বামুণীগাঁও হাইস্কুল আৰু মজলীয়া বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে যথেষ্ট আহুকালৰ সন্মুখীন হৈ আহিছে ৷ অৱশেষত স্থানীয় হলংজুলি আৰু নমত চৌধুৰীপাৰা গাঁৱৰ ৰাইজে লগ হৈ শুকুৰবাৰে নিজে পথটো মেৰামতিৰ কামত লাগি পৰে ৷

স্থানীয় ৰাইজে হাতে হাতে কোৰ পাচি আদি লৈ পথটো মেৰামতিৰ কামত নামি পৰে ৷ ৰাইজে প্ৰায় ৩ লাখ টকা খৰচ কৰি চেণ্ড গ্ৰেভেল আৰু বালি পেলাই পথটো যাতায়তৰ বাবে উপযোগী কৰি তোলে ৷ উল্লেখযোগ্য যে বামুণীগাঁৱল সোমাজেৰে জামবাৰী গৰৈমাৰীলৈ যোৱা পথটোত ৰে’ল পথৰ তলৰ সুৰংগটো পানীত বুৰ যোৱাৰ ফলত হলংজুলি হৈ যোৱা পথটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ বৰ্তমান উক্ত পথটোৰে সকলো যান বাহন চলাচল হৈ আছে ৷ সেয়েহে স্থানীয় ৰাইজে অতিশীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷

ৰাতি শোৱাৰ সময়ত ঘামিলে কেঞ্চাৰ ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে, তেন্তে আপোনাৰ কৰণীয় কি ?

সাধাৰণতে গৰমকালি শোৱাৰ সময়ত উৎকট গৰমৰ বাবে দেহটো ঘামেৰে তিতি থাকে৷ এইটো এটা সাধাৰণ কথা৷ শোৱাৰ পৰিৱেশ, খাদ্য, শোৱাৰ সময়ত পিন্ধা কাপোৰ আদিয়েও ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ কিন্তু কেতিয়াবা এনেকুৱাও হোৱা দেখা যায় যে শোৱাৰ সময়ত ঘামেৰে গোটেই গাটো জুৰুলি-জুপুৰি হৈ পৰে৷ ইয়াৰ আদ্ৰৰ্ পৰিৱেশ তথা অন্য কথা নাথাকে৷ এইদৰে শোৱাৰ সময়ত ঘামিলে ইয়াৰ নিশ্চয় অন্য কিবা কাৰকে ক্ৰিয়া কৰে৷ সেয়েহে ৰাতি শোৱাৰ সময়ত কি কাৰণত ঘামিব পাৰে সেইটো জনাটো অত্যন্ত জৰুৰী আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ হতে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন৷


মহিলাসকলৰ ক্ষেত্ৰত যদি ৰাতি শোৱাৰ সময়ত অত্যধিক ঘামি যায়, তেতিয়া এইটো মেনোপজৰ লক্ষণ হ’ব পাৰে৷ হৰমনৰ পৰিৱৰ্তনৰ কাৰণে বয়স্ক মহিলাসকলক বেছিকৈ গা ঘামিব পাৰে৷ মহিলাসকলৰ বয়স যদি ৪৫-৫০ বছৰ হয়, অতিৰিক্ত ঘমাৰ কাৰণ এইটোও হ’ব পাৰে৷
যিসকল লোকে অধিক পৰিমাণৰ ঔষধ সেৱন কৰে, সেইসকলৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শোৱাৰ সময়ত ঘামিব পাৰে৷
আনহাতে যিসকল লোকৰ শৰীৰত ব্লাড ছুগাৰ খুব কম থাকে, তেতিয়াও সেইসকলৰ ৰাতি শোৱাৰ সময়ত গা ঘামিব পাৰে৷ সাধাৰণতে এই সমস্যাটো ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত বেছি দেখা যায়৷
ৰাতি শোৱাৰ সময়ত ঘামিলে সংক্ৰমণ বা সংক্ৰমণৰ লক্ষণ হ’ব পাৰে৷ যিসকল লোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেনে লোকৰ ক্ষেত্ৰত ৰাতি শোৱাৰ সময়ত ঘমা দেখা যায়৷
ৰাতি মদ্যপান কৰিলে গা অত্যধিক ঘামিব পাৰে৷ এলকহল শৰীৰৰ ভিতৰলৈ যাওঁতে বতাহৰ ছিদ্ৰবোৰ চেপি ধৰে৷ এই অৱস্থাত শৰীৰৰ পৰা বায়ু বাহিৰ হোৱাৰ কাৰণে বেছি শক্তিৰ প্ৰয়োজন হয়, যাৰ ফলত ঘাম আকাৰে শৰীৰ পৰা বাহিৰ হয়৷
ৰাতি শোৱাৰ সময়ত ঘামিলে কেঞ্চাৰ ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ এইটো সাধাৰণতে ব্লাড কেঞ্চাৰৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়৷
মানসিক উদ্বেগ-উদ্বিগ্নতা ৰাতি শোৱাৰ সময়ত ঘমাটোও এটা কাৰণ হ’ব পাৰে৷ যেতিয়া কিবা ঘটনা বা বিষয়ক লৈ চিন্তা কৰি থকা হয়, তেতিয়া মনটো স্থিৰ হৈ নাথাকে৷ এই সময়ত হৃদস্পন্দন বাঢ়ি শৰীৰৰ পৰা ঘাম বাহিৰ হ’ব পাৰে৷
সেয়েহে উপৰিউক্ত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মন প্ৰফুল্লিত ৰাখক, নিয়মমতে বিছনালৈ যাওক, মদ্যপান পৰিত্যাগ কৰক৷

পৃথিৱীৰ সকলো দেশৰ ভিতৰত প্ৰদূষণৰ কাৰণে মৃত্যু দেশ ভাৰত

এটা নতুন অধ্যয়নত কোৱা হৈছে যে সকলো ধৰণৰ প্ৰদূষণৰ কাৰণে সমগ্ৰ পৃথিৱীত ২০১৯ চনত ৯০ লাখ লোকৰ অকাল মৃত্যু হয়৷ তাৰ ভিতৰত সকলো ধৰণৰ প্ৰদূষণৰ কাৰণে ভাৰতত অকাল মৃত্যু হয় ২৩.৫ লাখৰো অধিক লোকৰ, পৃথিৱীৰ সকলো দেশৰ ভিতৰত বেছি৷ এই ২৩.৫ লক্ষাধিক লোকৰ ভিতৰত ১৬.৭ লাখৰ মৃত্যু হয় বায়ু প্ৰদূষণৰ কাৰণে৷


গাড়ী, ট্ৰাক আৰু উদ্যোগৰ পৰা নিৰ্গত প্ৰদূষকৰ কাৰণে ২০০০ চনৰ পৰা প্ৰদূষণত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশ বাঢ়িছে৷ কিন্তু খৰি, কয়লা বা আন তেনেকুৱা বস্তু ঘৰৰ ভিতৰত ব্যৱহাৰ কৰাৰ আওপুৰণি ব্যৱস্থাৰ বাবে আৰু মানুহ তথা জীৱ-জন্তুৰ বৰ্জিত বস্তুৰ কাৰণে পানীৰ প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা কম৷


প্ৰদূষণৰ কাৰণে আটাইতকৈ বেছি মানুহৰ মৃত্যু হোৱা শীৰ্ষৰ দহখন দেশৰ ভিতৰত আমেৰিকাহে একমাত্ৰ সম্পূৰ্ণৰূপে ঔদ্যোগিক ৰাষ্ট্ৰ৷ দেশখনৰ স্থান সপ্তমত৷ প্ৰদূষণৰ কাৰণে ২০১৯ চনত আমেৰিকাত ১ লাখ ৪২ হাজাৰ ৮৮৩জন লোকৰ মৃত্যু হয়৷ ‘দ্য লেনচেট প্লেনেটেৰি হেল্‌থ’ৰ এটা নতুন অধ্যয়নত এই কথা কোৱা হৈছে৷
অধ্যয়নটো ক’ভিড মহামাৰীৰ আগৰ পৰিস্থিতিক লৈ চলোৱা হৈছিল৷ অধ্যয়নটোত কোৱা হৈছে যে প্ৰদূষণৰ কাৰণে মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় স্থানত আছে ক্ৰমে ভাৰত আৰু চীন৷ প্ৰদূষণৰ কাৰণে ২০১৯ চনত ভাৰতৰ পাছতে চীনত প্ৰায় ২২ লাখ লোকৰ মৃত্যু হয়৷


অৱশ্যে এই দুয়োখন বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশ৷ বায়ু প্ৰদূষণৰ কাৰণে হোৱা মৃত্যুৰ [৯.৮ লাখ] গৰিষ্ঠ অংশৰ কাৰণ প্ৰদূষণ সৃষ্টিকাৰী কণা [পি এম ২.৫]৷ আন ৬.১ লাখৰ মৃত্যু হয় ঘৰৰ ভিতৰত বায়ু প্ৰদূষণৰ কাৰণে৷ বায়ু প্ৰদূষণৰ কাৰণে বিশ্বত মৃত্যু হয় ৬.৬৭ মিলিয়ন লোকৰ৷

শিৱসাগৰৰ ধিতাইপুখুৰীৰ NAYARA তেলডিপুত ভেজাল ডিজেল তেল

শিৱসাগৰৰ ধিতাইপুখুৰীৰ NAYARA তেলডিপুত ভেজাল ডিজেল তেল । বাহনৰ ইঞ্জিন বিকল । তাৰ পিছতেই সমগ্ৰ ঘটনা আহে পোহৰলৈ।

শিৱসাগৰৰ ধিতাইপুখুৰীৰ তেলডিপুত আজি এজন ব্যক্তিয়ে TATA COMPANYৰ এখন বাহনত ডিজেল ভৰাই কিছুদৰ অহাৰ লগে লগে বাহন খনৰ ইঞ্জিন বিকল হৈ পৰে।চালকগৰাকীয়ে তেলৰ ওপৰত সন্দেহ হোৱাত তেলডিপুটোৰ পৰা তেল এটা বটলত ক্ৰয় কৰে।বটলত ক্ৰয় কৰা তেল খিনি দেখি ধৰা পৰে ভেজাল তেল বিক্ৰী কৰাৰ ঘটনা।সম্পূৰ্ণ পানী মিহলি কৰা ডিজেল তেল বিক্ৰী কৰি আহিছে ধিতাইপুখুৰীৰ NAYARA তেলডিপুৱে।

ব্যক্তিজনে এটা বটলত ডিজেলখিনি থৈ প্ৰত্যক্ষ কৰাৰ পিছত বটলটোৰ তলৰ অংশত তেল আৰু ওপৰৰ অংশত অধিক পৰিমাণৰ পানীৰ পৰিমাণ দেখা পোৱা গৈছে। স্থানীয় লোক আৰু দল সংগঠনে বন্ধ কৰি দিছে তেল ডিপুটো ৷ বৰ্তমানলৈকে তেল ডিপুটোত উপস্থিত হোৱা নাই তেল ডিপুৰ স্বত্বাধিকাৰী বুধিন গগৈ৷

বুধিন গগৈৰ মালিকাধীন এই NAYARA তেলডিপুৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে লগতে স্থানীয় ৰাইজ আৰু দল-সংগঠনেও উচ্চিত তদন্ত বিচাৰিছে । বিভাগীয় কৰ্তৃপক্ষই তেলৰ নমুনা সংগ্ৰহ কৰি ধিতাইপুখুৰীৰ এই তেলডিপুটোৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব ।

পুনৰ নগৰবেৰা বন বিভাগৰ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ সহ বাহন

শনিবাৰে পুৱাৰ ভাগত এক গোপন সুত্ৰৰ পমখেদি বন বিষয়া মৃনাল অধ্যাপকৰ নেতৃত্বত যোৱা এটা বন কৰ্মীৰ দলে ছমৰীয়াৰ পৰা ডি আই পিক আপ ভান ভৰ্তি শাল গছৰ কুণ্ডা জব্দ কৰে ৷

চোৰাং শাল গছৰ কুণ্ডা ভৰ্তি গাড়ীখন মেঘালয়ৰ পৰা ছমৰীয়া হৈ বৰপেটাৰ কাছুমাৰলৈ গৈ থকা অৱস্থাত ছমৰীয়াৰ পৰা নাটকীয় ভাবে জব্দ কৰে ৷ পিছত জব্দকৃত চোৰাং শাল গছৰ কুণ্ডা ভৰ্ত্তি নম্বৰ বিহীন গাড়ীখন নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয় ৷

ইয়াৰ লগত জৰিত ৩জন চোৰাং ব্যৱসায়ীক বনকৰ্মী দলটোৱে আটক কৰিবলৈ সক্ষম হয় ৷ চোৰাং কাঠৰ এনে ব্যৱসায়ীৰ লগত জড়িত আটকাধীন লোক কেইজন ক্ৰমে মৃণাল ৰাভা(১৮), মুনিময় ৰাভা(১৯) আৰু জ্যোতিস ৰাভা(২৬) । উল্লেখ্য অবৈধ এনে চোৰাং কাঠ ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড ডাকুৱা ৰাভা পলাতক বুলি জানিব পৰা গৈছে।

অসম একাডেমী নলবাৰীতপ্ৰাচীৰ পত্ৰিকা”ফুলৰেণু” উন্মোচন

নলবাৰীৰ চহৰৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান অসম একাডেমী নলবাৰীত আজি ৰাতিপুৱা” ফুলৰেণু” নামৰ এখন মননশীল প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। বিদ্যালয়খনৰ প্ৰাৰ্থণা সভাৰ লগত সংগতি ৰাখি পত্ৰিকাখন উন্মোচন কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ ৰাতুল ডেকাই।

উন্মোচনী ভাষনত তেখেতে কয় পাৰচীৰ পত্ৰিকা বিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সাহিত্য সৃষ্টিৰ প্ৰথম কঠিয়াতলি। তোমালোকে একাগ্ৰতা আৰু অধ্যাবসায়ৰ জৰিয়তে  লাগি থাকিলে ভবিষ্যতে   সমাজৰ একোগৰাকী সু-নাগৰিকৰ লগতে সু-সাহিত্যিক হৈ প্ৰতিস্হা লাভ কৰিব পাৰিবা।

চিত্ৰশিল্পী তথা কবি দিগন্ত বৰ্মণে আঁত ধৰা উন্মোচনী অনুষ্ঠানটোৰ উদ্দোশ্য বাখ্যা কৰে “ফুলৰেণুৰ ” মুখ্য  সম্পাদক   অৰিন্দম ৰাজবংশীয়ে। প্ৰাচিৰ পত্ৰিকাখন সম্পাদনা কৰে কাকলি কলিতাই।  অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিদ্যালয়খনৰ আটাইবোৰ শিক্ষক কৰ্মচাৰীয়ে সহায় সহযোগ কৰে। । 

জামুৰ আছে অনেক গুণ । অধিক জানিবলৈ পঢ়ক

১. ডায়েবেটিছ ৰোগীৰ বাবে এবিধ উত্তম পথ্য হ’ল জাম৷ জাম সেৱনৰ ফলত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়৷ জাম খালে এমাইলেজ উৎসেচকৰ ক্ৰিয়া কিছু হ্ৰাস হয়৷ ফলত আমাৰ খাদ্যনলীৰ সৰু আৰু বৃহৎ অন্ত্ৰত কাৰ্বহাইড্ৰেটৰ বিপাক কমকৈ হ’ব পাৰে৷ যাৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ কমে৷
[২] জামত যিহেতু যথেষ্ট পৰিমাণে ফচফৰাছ আৰু কেলচিয়াম থাকে, সেয়ে জাম খালে শিশুৰ হাড়ৰ গঠন মজবুত হয়৷ বয়সস্থ লোকে জাম খালে অষ্টিঅ’পৰোছিছ [Osteoporosis] ৰোগ নিয়ন্ত্ৰণ হয়৷


[৩] জাম খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ ইয়াত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে থাকে বাবে কাহ, কফ, ফ্লু আদিৰ পৰা ৰক্ষা পাব পাৰি৷
[৪] ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C আদি যথেষ্ট পৰিমাণে জামত থাকে৷ সেয়ে জাম খালে ছাল সজীৱ আৰু মসৃণ হয়৷ মুখত ওলোৱা ৰিংকল নাইকিয়া কৰিবলৈ নিয়মিতৰূপে জাম খাওক৷


[৫] জামত আইৰন প্ৰচুৰ পৰিমাণে থাকে বাবে ৰক্তহীনতাৰ পৰা হাত সাৰিবলৈ জাম সেৱন কৰক৷
[৬] শিশুক মগজুৰ বিকাশ আৰু স্মৃতিশক্তি বঢ়াবলৈ দৈনিক জাম খাবলৈ দিয়ক৷
[৭] দাঁত পৰিষ্কাৰ কৰি ৰখাৰ লগতে মুখৰ পৰা ওলোৱা দুৰ্গন্ধ নোহোৱা কৰিবলৈ সদায় জাম খাওক৷
[৮] গৰমৰ দিনৰ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জাম খাওক৷