Home Blog Page 2281

কিশোৰৰ বহু নজনা কথা জানিবলৈ পঢ়ক

নৃত্য কৰি ভাল পাইছিল কিশোৰে।৩০০ তকৈও অধিক সংগীত ভিডিঅ’ত কৰিছিল অভিনয়।কিশোৰ দাসৰ অভিনীত প্ৰথম খন ধাৰাবাহিক হ’ল ‘বিধাতা’।বহু চেষ্টাৰ পিছতো অসমবাসীক কন্দুৱাই গুচি গ’ল কিশোৰ দাস। দীৰ্ঘদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাসে অৱশেষত এই পাৰ্থিৱ জীৱনৰ পৰা বিদায় মাগিলে।অতি কম সময়তে অসমৰ ৰাইজৰ আপোন হৈ পৰা কিশোৰৰ মৃত্যুত সমগ্ৰ সাংস্কৃতিক জগতখনতে শোকৰ ছাঁ পৰিছে।

ব্লাড কেন্সাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ ক’ভিডতো আক্ৰান্ত হৈছিল।অতি দুৰ্বল হৈ থকা কিশোৰক ক’ভিডেই মৃত্যুৰ মুখলৈ ঠেলি দিলে বুলিও অনুৰাগীসকলৰ মাজত চৰ্চা চলিছে।কিশোৰ দাসে ৩০০ তকৈও অধিক সংগীত ভিডিঅ’ত অভিনয় কৰিছে।যাৰ ভিতৰত তেওঁৰ এটা চুপাৰ হিট গান “তুৰুত তুৰুত” অসমৰ শীৰ্ষ দৰ্শন ভিডিঅ’ হৈ পৰিছিল।নৃত্য কৰি ভাল পোৱা কিশোৰে কেইবাটাও ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত হোৱা ৰিয়েলিটি শ্ব’ত অ’ডিশ্বনো দিছিল।তেওঁ ২০১৯ চনত “কেণ্ডিড ইয়ং এচিভমেণ্ট এৱাৰ্ড” আৰু এছিয়ানেট আইকন বঁটাত “আটাইতকৈ জনপ্ৰিয় অভিনেতা ২০২০-২০২১” লাভ কৰিছিল।

মণ্টু মণিৰ জনপ্ৰিয় গীত ‘চেলফী লে লে ৰে’ ৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰা কিশোৰে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে অসমীয়া ছবিতো অভিনয় কৰিছিল।কিশোৰ দাসৰ অভিনীত প্ৰথম খন ধাৰাবাহিক হ’ল “বিধাতা”।কেইবাজনো জনপ্ৰিয় সংগীত শিল্পীৰ গানৰ ভিডিঅ’ৰ অতি চিনাকী মুখ হৈ পৰা কিশোৰে ২০১৪ চনৰ পৰা অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিল।উল্লেখযোগ্য যে,কিশোৰৰ অন্তিমখন ছবি মুক্তি পাইছিল যোৱা ২৪ জুনত।‘দাদা তুমি দুষ্ট বৰ’ ছবিত অন্তিম অভিনয় কৰিছিল কিশোৰ দাসে।

চাপৰত বোৱাৰী হত্যাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

চাপৰত বোৱাৰী হত্যাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। শতাধিক মহিলায় সাৱস্থ্য কৰিলে এই প্ৰতিবাদ।ৰাজ্যত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। ধুবুৰী জিলাৰ চাপৰত এক মাহত চিপ লৈ উদ্ধাৰ হয় দুজনীকৈ বোৱাৰীৰ মৃতদেহ।

যোৱা সোমবাৰ দিনা চাপৰৰ শ্ৰীগ্ৰাম ষষ্ট খণ্ড গাঁৱত উদ্ধাৰ হৈছিল আছফুল বিবিৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাত পৰিয়ালৰ লোকে পৰিকল্পিত হত্যা বুলি দাবী কৰে। যাৰ পৰিপ্ৰেক্ষিতত শালকোচা উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাৰৰ ভিত্তিত স্বামী আব্দুল ৰহমানক ইতিমধ্যে জেল হাজোলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

কিন্তু এজাৰত উল্লেখিত আন তিনিজন আচামীক গ্ৰেপ্তাৰ নকৰাত জাঙুৰ খাই উঠে প্ৰতিবাদী মহিলাসকল। আৰক্ষীয়ে বৃহৎ ধনৰ বিনিময়ত স্বামী পৰিয়ালয়ক ৰক্ষণাবেক্ষণ কৰাৰ অভিযোগ। প্ৰতিবাদ স্থলীৰ পৰা প্ৰতিবাদকাৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰে।

হাজাৰ হাজাৰ একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে টুইটাৰে…

টুইটাৰে হাজাৰ হাজাৰ একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, যদি আপোনাৰও নহয়, ইয়াক পৰীক্ষা কৰক। ছ’চিয়েল মিডিয়া সমল: টুইটাৰত ঘৃণাৰ বিষয়বস্তুৰ কথা মনত ৰাখি, কোম্পানীটোৱে এক কঠোৰ পদক্ষেপ লৈছে। টুইটাৰে হাজাৰ হাজাৰ একাউণ্ট নিষিদ্ধ কৰিছে যাৰ জৰিয়তে ঘৃণা আৰু হিংসাৰ বিস্তাৰ ঘটিছিল।

টুইটাৰে এনে একাউণ্ট নিষিদ্ধ কৰিছে

আমি আপোনাক কওঁ যে টুইটাৰে শিশু যৌন উৎপীড়ন, অসন্মতিপূৰ্ণ নগ্নতাৰ দৰে কাৰ্যকলাপৰ সৈতে জড়িত একাউণ্টবোৰ নিষিদ্ধ কৰিছে। কেৱল এয়াই নহয়, টুইটাৰে সন্ত্ৰাসবাদ বিয়পোৱাৰ দৰে কাৰ্যকলাপত 2,870 টা একাউণ্ট বিচাৰি পাইছে আৰু সেইবোৰ নিষিদ্ধ কৰাৰ বাবে কাম কৰিছে। কোম্পানীটোৱে ভাৰতৰ পৰা 1,698 টা অভিযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে নিৰ্যাতনৰ 1,366 টা ঘটনা, ঘৃণনীয় আচৰণৰ বাবে বিভ্ৰান্তিকৰ সমলৰ 111 টাৰ 36 টা, সংবেদনশীল প্ৰাপ্তবয়স্ক সমলৰ 28 টা আৰু ছদ্মবেশৰ 25 টা ঘটনা যাৰ ওপৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্মে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগতে, কোম্পানীটোৱে 1,621 টা ইউনিফৰ্ম ৰিচ’ৰ্চ লোকেটৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ ভিতৰত আছে 1,077 ইউআৰএল অনলাইন হাৰাশাস্তি, 362 টা ঘৃণনীয় আচৰণ আৰু 154 টা সংবেদনশীল প্ৰাপ্তবয়স্ক সমল। কোম্পানীটোৱে ১১৫ টা একাউণ্ট নিলম্বনৰ অভিযোগও লাভ কৰিছে।

এইটো প্ৰথম বাৰৰ বাবে নহয় যে টুইটাৰে এইটো কৰিছে।

এইটো প্ৰথম বাৰৰ বাবে নহয় যে টুইটাৰে এনে ধৰণৰ পদক্ষেপ লৈছে। আগতেও, কোম্পানীটোৱে এনে পদক্ষেপ লৈছে আৰু এনে কাৰ্যকলাপৰ সৈতে জড়িত একাউণ্টবোৰ নিষিদ্ধ কৰিছে। যদি কোনোবাই আপত্তিজনক সমল সমৰ্থন কৰে আৰু টুইটাৰত শ্বেয়াৰ কৰে, তেনেহ’লে ভৱিষ্যতে যিকোনো লোকৰ ক্ষেত্ৰত এনে পদক্ষেপ হ’ব পাৰে।

চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা (চতুৰ্থ দিন, ষষ্ঠ ৰাউণ্ড)পশ্চিমবংগৰ অৰ্পণ দাসৰ একক অগ্ৰগতি

পানী খাইতি, গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰু দবা খেলুৱৈ অভিভাৱক ফোৰামৰ দ্বাৰা আয়োজিত চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ ষষ্ঠ ৰাউণ্ডৰ শেষত শীৰ্ষ বাছনিৰ পশ্চিমবংগৰ অৰ্পণ দাসে ৬ পইণ্ট অৰ্জন কৰি একক অগ্ৰগতি লাভ কৰিছে। অৰ্পণে ষষ্ঠ ৰাউণ্ডৰ খেলত দ্বিতীয় বাছনিৰ বিহাৰৰ আশুতোষ কুমাৰক পৰাজিত কৰে। আশুতোষ কুমাৰকে ধৰি ৮ জন খেলুৱৈ, পশ্চিমবংগৰ ৰূপম মৃখাৰ্জী, অসমৰ টানিশা এ আৰ সোম, পদ্ম গগৈ, নীলাভজ্যোতি বৰঠাকুৰ, চাৰ্ভী চৌধুৰী, অবিনাশ পি গগৈ আৰু অশ্বীন শৰ্মাই সম সংখ্যক ৰাউণ্ডৰ পৰা ৫পইণ্টকৈ অৰ্জন কৰি দ্বিতীয় স্থানত আছে।ষষ্ঠ ৰাউণ্ডৰ খেলত দ্বিতীয় বৰ্ডত অসমৰ নীলাভজ্যোতি বৰঠাকুৰ আৰু পদ্ম গগৈৰ খেল অমীমাংসিত হৈ অন্ত পৰে। পশ্চিমবংগৰ ৰূপম মৃখাৰ্জীয়ে বিহাৰৰ কিষান কুমাৰক পৰাজিত কৰে। অসমৰ অশ্বীন শৰ্মাই অসমৰে প্ৰদীপ ভূঞাক পৰাজিত কৰে। টানিশা এ আৰ সোমে কোচিন দাসক আৰু অবিনাশ পি গগৈয়ে প্ৰানগোবিন্দ পৰাশৰ কাশ্যপক পৰাজিত কৰে।প্ৰতিযোগিতা সপ্তম ৰাউণ্ডৰ খেল সমূহ কাইলৈ ৰাতিপুৱা-৯.৩০ ৰ পৰা আৰম্ভ হব।


প্ৰতিযোগিতা খন ৩জুলাইত আৰম্ভ হৈছে আৰু ৮জুলাইত অন্ত পৰিব।প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিত ৯ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈ আছে। ৬৩জন ফিডে ৰেটেড খেলুৱৈ সহ মুঠ ১৪০ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতা খনত অসমকে ধৰি বাংলাদেশ, ত্ৰিপুৰা, পশ্চিমবংগ, বিহাৰ, মহাৰাষ্ট্ৰ, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।


মুঠ দুই লাখ টকা প্ৰাইজমানি সম্বলিত এই প্ৰতিযোগিতাত বিজয়ী খেলুৱৈজনৈ ৩০,০০০ টকা প্ৰাইজ মানি হিচাপে লাভ কৰিব।
সৰ্বভাৰতীয় দবা মহাসংঘ আৰু বিশ্ব দবা মহাসংঘৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এই প্ৰতিযোগিতা খন পৰিচালনা কৰিছে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে আৰু সহযোগ কৰিছে ফিডে আৰ্বিটাৰ মনিমালা সিন্হা, গোলাপ গগৈ, ৰবিকান্ত তিৱাৰী, পান্না আহমেদ আৰু নিৰ্মল দাসে।

অদ্ভুত শাস্তি! আইপেডত ৯৩ শতাংশ চাৰ্জ থকাৰ বাবেই বিদ্যালয়ত বন্দী কৰি ৰখা হ’ল ছাত্ৰীক

বিভিন্ন ধৰণৰ অপৰাধৰ বাবে বিভিন্ন শাস্তি বিহা হয়। ঘৰতে ভালদৰে অধ্যয়ন কৰি নহাৰ বাবে বা বিদ্যালয়ত দেৰীকৈ উপস্থিত হোৱা বাবে ছাত্ৰ-ছাত্ৰীক শিক্ষকে শাস্তি বিহিব পাৰে। কিন্তু আইপেডত ৯৩ শতাংশ চাৰ্জ থকাৰ বাবেই মাৰ্কিন যুক্তৰাজ্যৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ত বন্দী কৰি ৰখাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছাত্ৰীগৰাকীৰ মাতৃয়ে এই বিষয়ে টুইট কৰি কৈছে যে বিদ্যালয় খনে ছাত্ৰ-ছাত্ৰীৰ আইপেডত ৯৭ শতাংশ চাৰ্জ থাকিব লাগিব বুলি যুক্তি দি তেওঁৰ কন্যাক শাস্তি বিহিছে। চেলিনা নামৰ মাতৃগৰাকীয়ে লিখিছে, “মোৰ ছোৱালীজনীক আটক কৰি ৰখা হৈছিল। কিয়নো তাই স্কুললৈ অহাৰ সময়ত তাইৰ আইপেডত ৯৩ শতাংশ চাৰ্জ আছিল।।

“ইপিনে বিদ্যালয়ৰ সহকাৰী অধ্যক্ষই জনাইছে যে শিশুসকলে তেওঁলোকৰ কমেও ৯৭ শতাংশ আইপেড চাৰ্জ কৰি বিদ্যালয়ত উপস্থিত থাকিব লাগিব। এই নিয়ম ভংগ কৰা যিকোনো লোকক শাস্তি দিয়া হ’ব।কিন্তু এনে অদ্ভুত নিয়মৰ আঁৰত কি কাৰণ আছে সেয়া বিদ্যালয় কৰ্তৃপক্ষই বাখ্যা কৰা নাই।

ছাত্ৰীগৰাকীক লঘু কথাতে গুৰু শাস্তি বিহাৰ কথাই টুইটাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বহুতে বিদ্যালয় কৰ্তৃপক্ষক সমালোচনা কৰাও দেখা গৈছে।

‘শিক্ষাৰ্থীসকলে পৰীক্ষা পদ্ধতিৰ সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ নাই…’, অনলাইন-অফলাইন বিতৰ্কৰ মাজতে উচ্চ ন্যায়ালয়ৰ বৃহৎ ঘোষণা

কলকাতা বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে অনলাইন পৰীক্ষাৰ দাবী কৰি অহাৰ সময়তে কলকাতা উচ্চ ন্যায়ালয়ে আজি শিক্ষাৰ্থীসকলৰ দাবী অগ্ৰাহ্য কৰি কলকাতা বিশ্ববিদ্যালয়ৰ সিদ্ধান্ততে সঁহাৰি জনায়। কলকাতা উচ্চ ন্যায়ালয়ে কয় যে বিশ্ববিদ্যালয়ৰ পৰীক্ষা অফলাইনত অনুষ্ঠিত হ’ব, অনলাইনত নহয়। খণ্ড বিচাৰপীঠে একক বিচাৰপীঠৰ ৰায় বাহাল ৰখাৰ কথাও ঘোষণা কৰে। ইয়াৰ আগতে, বিশ্ববিদ্যালয়ৰ অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবলৈ আন্দোলনৰত শিক্ষাৰ্থীৰ এটা অংশৰ নাম উল্লেখ কৰা হৈছিল।

পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাৰ অজুহাতত, শিক্ষাৰ্থীসকলে অনলাইন মুক্ত কিতাপ প্ৰণালীত পৰীক্ষা দিয়াৰ বাবে খুটিপুতি বহিছিল। বিশ্ববিদ্যালয়ে অফলাইনত পৰীক্ষা পতাৰ সিদ্ধান্তৰ বিৰুদ্দে একাংশ শিক্ষাৰ্থীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু আদালতৰ একক বিচাৰপীঠে অফলাইন পৰীক্ষাক সমৰ্থন কৰিছিল।ইয়াৰ পিছতে শিক্ষাৰ্থীসকলে খণ্ড বিচাৰপীঠত এটা গোচৰ ৰুজু কৰিছিল। তেওঁলোকে কৈছিল যে কৰোনা ভাইৰাছৰ ফলত যোৱা দুবছৰত শিক্ষাৰ্থীসকল ক্ষতিগ্ৰস্ত হৈছে। সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত পৰীক্ষা যোৱা বছৰ অনলাইনত অনুষ্ঠিত হৈছিল।এইবাৰো অনলাইনতে পৰীক্ষা পাতিব লাগে বুলি তেওঁলোকে দাবী কৰিছিল। কিন্তু আদালতে পৰীক্ষাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ ছাত্ৰ-ছাত্ৰীৰ নাই বুলি আজি সেই দাবী অগ্ৰাহ্য কৰে।
শিক্ষাৰ্থীৰ দাবীটো নাকচ কৰি ন্যায়াধীশ সুব্ৰত তালুকদাৰৰ এটা খণ্ড বিচাৰপীঠে কয় যে পৰীক্ষা অফলাইনত অনুষ্ঠিত হ’ব। পৰীক্ষাটো কি পদ্ধতিত অনুষ্ঠিত হ’ব সেয়া সিদ্ধান্ত লোৱাৰ অধিকাৰ শিক্ষাৰ্থীসকলৰ নাই বুসলিও তেওঁ কয়।

কৰ্কটৰ যাদুকৰী চিকিৎসাৰে কৰ্কট মুক্ত হ’ল ভাৰতীয় বংশোদ্ভূত মহিলা

বিশ্বৰ দেশে দেশে ত্ৰাসৰ সৃষ্টি কৰি অহা কৰ্কট ৰোগ এতিয়া আৰু দুৰাৰোগ্য হৈ থকা নাই। বিশN্বৰ বহু ঠাইতে কৰ্কটত আক্ৰান্ত বহু লোকে চিকিৎসাৰ জৰিয়তে নৱজীৱন লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ এগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলাক কৰ্কট ৰোগৰ ঔষধ পৰীক্ষণৰ পিছত কৰ্কট-মুক্ত ঘোষণা কৰা হৈছে। অথচ চিকিৎসাগ্ৰহণৰ আৰম্ভনিতে চিকিৎসকে তেওঁ মাত্ৰ কেইমাহ মানহে জীয়াই থাকিব বুলি কৈছিল।

ব্ৰিটেইনৰ এখন চিকিৎসালয়ত এক নিদানিক পৰীক্ষণৰ পিছত জেছমিন ডেভিড নামৰ ৫১ বছৰীয়া মহিলাগৰাকীক কৰ্কটমুক্ত বুসলি ঘোষণা কৰা হয়। চিকিৎসকে মাত্ৰ কেইমাহ মানৰ সময় ধৰি দিয়াৰ পিছত জেছমিন ডেভিডে জীয়াই থকাৰ সকলো আশা এৰি দিছিল। কিন্তু ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ (এনএইচএছ) দৰবৰ পৰীক্ষণ সফল হোৱাৰ পিছত মানচেষ্টাৰৰ ফ্লোফিল্ডৰ ৫১ বছৰীয়া জেছমিন ডেভিডে এতিয়া ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া তেওঁৰ ২৫ সংখ্যক বিবাহ বাৰ্ষিকীৰ বাবে অপেক্ষা কৰি আছে। কৰ্কট ৰোগৰ ঔষধৰ সফল পৰীক্ষণৰ পিছতভাৰতীয় বংশোদ্ভূত মহিলাগৰাকীয়ে এক নতুন জীৱন লাভ কৰাৰ খবৰে এতিয়া আশাবাদী কৰি তুলিছে বহুতকে। ক্ৰিষ্টি এনএইচএছ ফাউণ্ডেচনৰ নেচনেল ইনষ্টিটিউট ফৰ হেল্থ এণ্ড কেয়াৰ ৰিচাৰ্ছ (এনআইএইচআৰ) মানচেষ্টাৰ ক্লিনিকেল ৰিচাৰ্ছ ফেচিলিটি (চিআৰএফ)ত ডেভিডৰ ওপৰত চলোৱা পৰীক্ষণৰ সময়ত এটেজোলিজুমাব নামৰ এক ইমিউনোথেৰাপী এক পৰীক্ষামূলক ঔষধৰ সৈতে প্ৰয়োগ কৰা হৈছিল।তেওঁ প্ৰতি তিনি সপ্তাহত এই ঔষধ গ্ৰহণ কৰিছিল।স্তন কৰ্কটত আক্ৰান্ত মহিলাগৰাকী লাহে লাহে সুস্থ হৈ আহিবলৈ ধৰে। ফলত উৎসাহী হৈ উঠে দৰবৰ পৰূক্ষণৰ সৈতে জৰিত চিকিৎসকসকল। মহীলাগৰাকীয়ে কয়’প্ৰথমে, মোৰ বহুতো ভয়ংকৰ পাৰ্শ্বক্ৰিয়া হৈছিল, মূৰৰ বিষ আৰু তাপমাত্ৰা বৃদ্ধি হৈছিল, সেয়েহে মই যথেষ্ট দুৰ্বল হৈ পৰিছিলো। তাৰ পিছত সুখৰ কথা যে, মোৰ দেহেচিকিৎসাৰ প্ৰতি ভাল সঁহাৰি দিবলৈ আৰম্ভ কৰিছিল,” । উল্লেখ্য কৰ্কট ৰোগৰ চিকিৎসাত এতিয়া বিশ্বৰ বিজ্ঞানীসকল ভালে খনি সফল হৈছে। জিনীয় পদ্ধতিৰেও কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছে।উল্লেখ্য আমেৰিকাত মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত কেইগৰাকীমান ৰোগীয়ে পৰীক্ষামূলকভাবে এবিধ বিশেষ দৰব ব্যৱহাৰ কৰি কৰ্কটমুক্ত হ’ব পাৰিছে। দৰব বিধৰ পৰীক্ষণ কৰিবলৈ কৰ্কট ৰোগত আক্ৰান্ত ১৮ ৰোগীক বাছি লোৱা হৈছিল।

ছয় মাহৰ বাবে তেওঁলোকক ডষ্টাৰলিমাব নামৰ ঔষধ বিধ গ্ৰহণ কৰিবলৈ দিয়া হৈছিল। ছমাহৰ পিছত কৰা পৰীক্ষাত এই কথা প্ৰমাণ হয় যে তেওঁলোকৰ প্ৰত্যেকৰেই দেহৰ পৰা কৰ্কট সৃষ্টি কৰা টিউমাৰ নাইকিয়া হৈ পৰিছে।স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ডষ্টাৰলিমাব নামৰ ঔষধ বিধে মানৱ শৰীৰত বিকল্প এণ্টিবডী হিচাপে কাম কৰে। এই দৰব বিধে সেয়ে ১৮ গৰাকী ৰোগীৰেই কৰ্কট নিৰাময় কৰিবলৈ সক্ষম হৈছে।এণ্ডোস্কোপী; পজিট্ৰন এমিছন টমোগ্ৰাফী , পিইটি স্কেন, এমআৰআই স্কেন আদি কৰাৰ পিছত ৰোগী কেইগৰাকীৰ দেহত কৰ্কট সৃষ্টিকাৰী টিউমাৰ নোহোৱা হৈ পৰাৰ কথা প্ৰমাণ হৈছে।নিউয়ৰ্কৰ মেম’ৰিয়েল স্লোয়ান কেটাৰিং কেন্সাৰ চেণ্টাৰৰ বিশেষজ্ঞ ডাঃ লুইছ এ. ডিয়াজ জেয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ ইতিহাসত এনেধৰণৰ সাফল্যৰ ঘটনা এয়াই প্ৰথম বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে এই ঔষধ ব্যৱহাৰৰ পূৰ্বে ৰোগীসকলৰ কৰ্কট ৰোগৰ কোষ ধ্বংস কৰিবলৈ কেমোথেৰাপী, ৰে’, অস্ত্ৰোপচাৰ আদিও কৰা হৈছিল যদিও বিশেষ সুফল পোৱা নাছিল। কিন্তু ডষ্টাৰলিমাব নামৰ ঔষধবিধ পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰাৰ পিছতে তেওঁলোকে ফল লাভ কৰিবলৈ সক্ষম হয়।অৱশ্যে এই ঔষধ বিধে শৰীৰৰ আন অংশত হোৱা কৰ্কট ৰোগ নিৰাময় কৰিব পাৰিবনে নাই সেই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কলোৰেক্টল কৰ্কট বিশেষজ্ঞ ডাঃ এলান পি ভেনুকে।

‘৬০ৰ পৰা ৮০ জন লোকে মোৰ পুত্ৰক হত্যাৰ চেষ্টা চলাইছিল’, সিদ্ধু মুছেৱালাৰ পিতৃৰ মন্তব্য

৬০ৰ পৰা ৮০ জন লোকে মোৰ পুত্ৰক হত্যাৰ চেষ্টা চলাইছিল, সিদ্ধু মুছেৱালাৰ পিতৃৰ মন্তব্য।কমেও ৬০-৮০ জন লোকে মোৰ পুত্ৰক হত্যাৰ চেষ্টা চলাইছিল। এই বিস্ফোৰক মন্তব্য কৰিছে গায়ক সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিঙে। সিঙে কয় যে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ সময়ৰে পৰাই তেওঁৰ পুত্ৰৰ ওপৰত বহুতে আক্ৰমণ সংঘটিত কৰিব বিচাৰিছিল।তাৎপৰ্যপূৰ্ণ ভাৱে বৰ্তমান পঞ্জাৱত কংগ্ৰেছ বিৰোধী আসনত আছে। পাঞ্জাৱৰ আপ চৰকাকৰে মুছেৱালাৰ সুৰক্ষা বাহিনী প্ৰত্যাহাৰ কৰিছিল। তাৰ পাছতে এই হত্যাকাণ্ড সংঘটিত হৈছে।ইতিমধ্যে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভাগৱত মানে এই সন্দৰ্ভত এটা তদন্ত ঘোষণা কৰিছে। পুলিচৰ প্ৰাথমিক তদন্তত হত্যাকাণ্ডটোক লৈ বহুকেইটা জল্পনা কল্পনাৰ সৃষ্টি হৈছে। হত্যাকাণ্ডটোৰ স’তে ল’ৰেন্স বিষ্ণই নামৰ এজন গেংষ্টাৰৰ নাম সাঙুৰ খাই পৰিছে। বৰ্তমান বিষ্ণই তিহাৰ জেলৰ ৮ নম্বৰ কুঠৰিত আছে। জেলৰ পৰাই গেংষ্টাৰগৰাকীয়ে মুছেৱালাক হত্যাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে।

তদুপৰি সন্দেহ কৰা হৈছে যে বিষ্ণইৰ স’তে এই পৰিকল্পনাত সংগী আছিল কানাডাত থকা আন এগৰাকী পঞ্জাৱী গেংষ্টাৰ গল্ডী ব্ৰাৰ। তাৎপৰ্যপূৰ্ণভাৱে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পাছতে গল্ডী ব্ৰাৰে ইয়াৰ দায়িত্ব স্বীকাৰ কৰি এটা ফেচবুক প’ষ্ট দিছে। প’ষ্টটোত গল্ডী ব্ৰাৰে লিখিছে যে মুছেৱালাই তেওঁলোকৰ গেঙৰ বিৰুদ্ধে কাম কৰিছিল বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে।ব্ৰাৰে লিখে যে তেওঁৰ গেঙৰ বন্ধু ৱিক্ৰমজিৎ সিং মিদ্দুখেৰা, গুৰলাল ব্ৰাৰ, অংকিত ভাদুৰ হত্যাত মুচেৱালা জড়িত আছে। ইয়াৰ মাজৰে ৩৩ বৰ্ষীয় বিক্ৰমজিৎ ওৰফে ভিকী মিদ্দুখেৰা আকালী দলৰ এগৰাকী নেতাও আছিল। ২০২১ চনৰ ৭ আগষ্টত ভিকীক অচিনাকি দুৰ্বৃত্তই হত্যা কৰে। গেংষ্টাৰ গল্ডী ব্ৰাৰে ফেচবুক প’ষ্টটোত লিখিছে যে মুছেৱালাই তেওঁৰ মেনেজাৰ চগুনপ্ৰীত সিংঙৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰিছিল।

কিন্তু মুছেৱালাৰ ৰাজনৈতিক শক্তি থকা বাবেই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নললে। সেইবাবেই গেংষ্টাৰৰ দলটোৱেই মুচেৱালাৰ বিৰুদ্ধে প্ৰতিশোধ পুৰায়। ইতিমধ্যে দিল্লী আৰক্ষীয়ে গেংষ্টাৰ বিষ্ণইক জেৰা কৰা বুলি জানিব পৰা গৈছে।

যিহেতু মুছেৱালা এগৰাকী সংগীতশিল্পী আছিল, সেয়ে তেওঁৰ মৃত্যুক লৈ হতভম্ব হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। আনকি অনুৰাগীসকলে মুছেৱালাই মুক্তি দিয়া তেওঁৰ অন্তিমটো গানৰ ভিডিঅ’লৈও আঙুলিয়াই দিছে। দ্যা লাষ্ট ৰাইড নামৰ উক্ত গানটোত আমেৰিকাৰ কিংম্বদন্তি ৰেপাৰ টুপাক শ্বাকুৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। টুপাক শ্বকুৰক ১৯৯৬ চনত মাত্ৰ ২৫ বছৰ বয়সতে তেওঁৰ শত্ৰুপক্ষই গুলিয়াই হত্যা কৰিছিল।

মুছেৱালাই তেওঁৰ গানটোৰ টুপাক শ্বকুৰৰ হত্যাকাণ্ডৰ হুবহু এটা দৃশ্য সন্নিৱিষ্ট কৰিছিল। দৃশ্যটোত মুছেৱালাই টুপাক শ্বকুৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। টুপাক শ্বকুৰৰ দৰেই মৃত্যুৰ সময়ত মুছেৱালাৰ বয়স আছিল মাত্ৰ ২৯ বছৰ। পঞ্জাৱৰ মানসা জিলাৰ মুছা নামৰ গাওঁখনত জন্মলাভ কৰা মুছেৱালাৰ সম্পূৰ্ণ নাম হৈছে শুভদীপ সিং সিদ্ধু। ২০১৭ চনত ‘So High’ নামেৰে তেওঁ প্ৰথমটো প্ৰথমটো গান মুকলি কৰে।

তাৰ পাছৰে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও তেওঁৰ গানৰ বিষয়বস্তুক লৈ বিতৰ্কও সৃষ্টি হৈছিল। বিশেষকৈ ৰেপাৰগৰাকীৰ কিছু কিছু গানে হিংসাক উদ্গনি যোগোৱা বুলি অভিযোগ কৰি অহা হৈছিল। ২০২০ চনত কেপ্টেইন অমৰিন্দৰ সিং চৰকাৰে ৰেপাৰগৰাকীৰ ওপৰত এই অভিযোগতে সশস্ত্ৰ আইনৰ অধীনত এটা গোচৰো তৰিছিল। এই জনপ্ৰিয়তা আৰু চৰ্চিত ব্যক্তিত্ব হিচাপেই তেওঁ যোৱা বৰ্ষত কংগ্ৰেছত যোগদান কৰে।

তদুপৰি কৃষি আইন বিৰোধী আন্দোলনতো মুছেৱালাই অংশগ্ৰহণ কৰে। চলিত বৰ্ষৰ পঞ্জাৱ নিৰ্বাচনত কংগ্ৰেছৰ টিকটতে তেওঁ মানসা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে। কিন্তু নিৰ্বাচনটোত তেওঁ আপ প্ৰাৰ্থী ডঃ বিজয় সিংলাৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰে।

পঞ্জাৱ প্ৰদেশক জোকাৰি যোৱা সিদ্ধু মুছেৱালা হত্যাকাণ্ডত বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। সিদ্ধু মুছেৱালাক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা অংকিত ছিৰছাক দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁৰ সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰে।

এয়া দিল্লী আৰক্ষী বিশেষ কোষৰ দলটোৰ বাবে সফলতা বুলি গণ্য কৰা হৈছে, কিয়নো সিদ্ধু মুছেৱালা হত্যাকাণ্ডত চৰ্চালৈ আহিছিল ৬জন শ্বুটাৰৰ নাম। ইয়াৰে এজন প্ৰিয়ব্ৰত ফৌজীক আগেয়ে গ্ৰেপ্তাৰ কৰা হৈছিল।

৬জন শ্বুটাৰৰ ভিতৰত ফৌজী আৰু অংকিত আছিল মূল শ্বুটাৰ। সূত্ৰ অনুসৰি, এখন বলেৰো গাড়ীখনত বহি আছিল তেওঁলোক। বলেৰ’ৰে মুছাৱালাৰ গাড়ীত খুন্দা মৰাৰ পিছত আটায়ে গুলী চলাইছিল। কিন্তু আটাইতকৈ ভয়ংকৰ ৰূপত ফৌজী আৰু অংকিতে মুছৱালাৰ ওপৰত গুলীচালনা কৰিছিল।

শ্বুটাৰ অংকিতৰ পৰা ৩টা পঞ্জাৱ আৰক্ষীৰ ইউনিফৰ্ম উদ্ধাৰ কৰা হৈছে। বিশেষ কোষৰ জ্যেষ্ঠ বিষয়াসকলে ইতিমধ্যে প্ৰকাশ কৰিছে যে সিদ্ধু মুছেৱালাক হত্যাৰ পূৰ্বে এক নম্বৰ অভিযান আছিল আৰক্ষীৰ পোছাকত গুলীচালনা কৰা লোকসকল সিদ্ধু মুছেৱালাৰ ঘৰলৈ যাব। ইয়াৰ পিছতে হত্যাকাণ্ড কাৰ্যকৰী কৰিব। কিন্তু সিদ্ধু মুছেৱালাৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে সেই পৰিকল্পনা বাতিল কৰা হয়৷

ইফালে অংকিত শিৰছাক গ্ৰেপ্তাৰ কৰাৰ পিছতে গায়ক সিদ্ধুৰ হত্যাকাৰীসকলে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লৈ স্ফূৰ্তি কৰা এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে। এখন গাড়ীত থকা পাঁচজন অপৰাধীয়ে হাঁহি থকাৰ লগতে পাঞ্জাৱী সংগীত বজাই কেমেৰাৰ ফালে তেওঁলোকৰ বন্দুকবোৰ প্ৰদৰ্শন কৰিছিল। এই হত্যাকাণ্ডটো উদযাপন কৰা দুটা ভিডিঅ’ শ্বুটাৰৰ কনিষ্ঠতম অংকিত শিৰছাৰ ফোন স্কেন কৰাৰ পিছত ওলাই পৰিছিল। ভিডিঅ’বোৰ তেওঁৰ এতিয়া বিলোপ কৰা ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰা হৈছিল।

শুক্ৰবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া, উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী। ৬ বছৰ আগতে তেওঁৰ পূৰ্ব বিবাহ বিবাহ বিচ্ছেদ হৈছিল

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে চণ্ডিগড়ত তেওঁৰ ঘৰত এক ঘনিষ্ঠ ব্যক্তিগত অনুষ্ঠানত ড০ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব।পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কাইলৈ চণ্ডিগড়ত তেওঁৰ ঘৰত এক ঘনিষ্ঠ ব্যক্তিগত অনুষ্ঠানত ড০ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব। দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক আমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁ বিয়াখনত উপস্থিত থাকিব।

মুখ্যমন্ত্ৰী মানৰ প্ৰায় ৬ বছৰ আগতে তেওঁৰ পূৰ্বৰ বিবাহৰ পৰা বিবাহ বিচ্ছেদ হৈছিল। ২০২২ চনৰ বিধানসভা নিৰ্বাচনত আপৰ সুন্দৰ বিজয়ৰ পিছত পঞ্জাৱত ভগৱন্ত মান চৰকাৰ গঠন কৰা হৈছিল। ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়ত ১১৭ জনীয়া পঞ্জাৱ বিধান সভাত ৯২ খন আসন লাভ কৰি আপে ক্ষমতালৈ আহিছিল

খাদ্য অৰ্ডাৰ সময়ত ঠিকনা ভুল হ’ল। তাৰপিছত পিতা-পুত্ৰৰ হাস্য ভৰা বাৰ্তা। ভাইৰেল স্ক্ৰীণশ্বটো পঢ়ক…

খাদ্য অৰ্ডাৰ কৰাৰ সময়ত ভুল ঠিকনা দিয়াৰ পিছত এজন পিতৃয়ে তেওঁৰ পুত্ৰৰ প্ৰতি বৰ্বৰ সঁহাৰি দিয়াৰ ফলত ইণ্টাৰনেট বিভক্ত হৈ পৰিছে।কথোপকথনৰ স্ক্ৰীণশ্বটটো টুইটাৰত শ্বেয়াৰ কৰা হৈছিল।টুইটাৰ ব্যৱহাৰকাৰীসকলৰ এই পিতৃ আৰু পুত্ৰৰ মুখামুখি বিনিময়ৰ প্ৰতি কিছুমান সম্পূৰ্ণ হাস্যকৰ প্ৰতিক্ৰিয়া আছে।হোৱাটছএপত তেওঁলোকৰ কথোপকথনৰ সময়ত এজন পিতৃয়ে তেওঁৰ পুত্ৰৰ প্ৰতি বৰ্বৰ সঁহাৰি দিয়াৰ ফলত ইণ্টাৰনেট বিভক্ত হৈ পৰিছে। টুইটাৰ ব্যৱহাৰকাৰী জিতুৱে তেওঁৰ পিতৃ-মাতৃৰ সৈতে হোৱাটছএপ কথোপকথনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে। পোষ্টটোত শিৰোনাম দিয়া হৈছিল, “ভজা মুৰ্গী ৰখা টো খাব বিচাৰিছিল কিন্তু তাৰ সলনি ভজা হৈছিল।” পিতৃ আৰু পুত্ৰৰ মাজৰ এই বিনিময়ে টুইটাৰক সম্পূৰ্ণৰূপে আমোদজনক কৰি তুলিছে। টুইটটো প্ৰায় ৪ হাজাৰ লাইক আৰু ৪৪৩ টা ৰিটুইটৰ সৈতে ভাইৰেল হৈ পৰিছে।

তেওঁৰ পিতৃ-মাতৃৰ সৈতে সূৰ্যৰ কথোপকথনৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে।

গতিকে, কি হ’ল যে জিতু ৰ মুৰটোৱে অনলাইন বাট হুইলত অৰ্ডাৰ দি খাদ্য অৰ্ডাৰ দিছিল, একেটা মুৰত ঠিকনা ৰং পাইছিল। ডেলিভাৰী প্লেটফৰ্মৰ সৈতে তেওঁৰ সমস্যাকিয় ভাগ বতৰা কৰা হৈছে, আৰম্ভ কৰা আন ইণ্টাৰমিডিয়েট ৰিফাণ্ড দিয়ক আৰু কেৱল তেওঁৰ টকা ঘূৰাই পাইছে। কিন্তু, যেতিয়া তেওঁ ঘটনাটোৰ বিষয়ে মাক-দেউতাকক প্ৰত্যাহ্বান জনাইছিল, তেতিয়া তেওঁৰ দেউতাকে সঁচাকৈয়ে আমোদ পোৱা নাছিল। ৰেডাৰ, তেওঁ তেওঁৰ পুত্ৰৰ বৰ্জনৰ অনুভূতিৰ প্ৰতি এক বৰ্বৰ সঁহাৰিৰ মুৰব্বী।

“চুইগিয়ে ধন ঘূৰাই পাইছিল, ভুল ঠাই আছিল তেওঁলোকৰ সৈতে অৰ্ডাৰ যোগ কৰা হৈছিল (চুইগি হাছে টকা ঘূৰাই দিছিল, হেডে অৰ্ডাৰটো ৰং ঠিকনাত ৰাখিছিল),” জিতুৱে হোৱাটছএপ গ্ৰুপত ঘূৰাই দিয়ে। গতিকে এইটোৱে তেওঁৰ দেউতাকে উত্তৰ দিছিল, “আপোনাৰও ভুলবশতঃ অৰ্ডাৰ আছিল, কিন্তু মই ধন ঘূৰাই পোৱা নাছিলো?” (আপুনিও অড্ড বি মিষ্টেক কিন্তু মই ধন ঘূৰাই পোৱা নাছিলো?)”