Home Blog Page 2290

গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২ মুকলি, ষ্টাৰ্ট আপ যাত্ৰা অসমৰ ফ্লেগ অফ্ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে। যুৱ উদ্ভাৱনী উদ্যোগী বঁটা আৰু ৰাজ্যিক বঁটা প্ৰদান,কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ কুইন ওজাৰ উপস্থিতত আমিনগাঁৱস্থিত গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ (Technology Incubation Centre) আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ উপৰি অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২ আনুষ্ঠানিকভাৱে মুকলি কৰে। উক্ত অনুষ্ঠানতে তিনি গৰাকী যুৱ উদ্ভাৱকক যুৱ উদ্ভাৱনী উদ্যোগী বঁটা প্ৰদান কৰাৰ উপৰি ২০২০ আৰু ২০২১ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান কৰা হয়।এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজিৰ দিনটোক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰবাবে এক গুৰুত্ব পূৰ্ণ দিন বুলি অভিহিত কৰে। কিয়নো আজিৰ দিনটোতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চল গৱেষণা সন্মিলন অনুষ্ঠিত হোৱাৰ উপৰি গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানত অসম জৈৱ প্ৰযুক্তি সন্মিলন অনুষ্ঠিত হৈছে।

জৈৱ প্ৰযুক্তি তথা জৈৱিক কৃষিৰ দিশত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ জৈৱ প্ৰযুক্তি উদ্যানৰ সপোন আজি প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ উদ্ধোধনৰ জৰিয়তে বাস্তৱায়িত হৈছে বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে অসমে জৈৱ প্ৰযুক্তিৰ ৰূপান্তৰৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে।কামৰূপ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ মুখ্য কাৰ্যবাহী বিষয়া কৈলাশ কাৰ্তিক এনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ কুইন ওজা, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰমনৰ উপৰি বহুসংখ্যক গণ্য-মান্য ব্যাক্তি ।


বানপানীত ক্ষতিগ্ৰস্ত কৃষকক সাহায্য প্ৰদানৰ দাবীত কৃষি মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান বৰভাগত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

বৃহত্তৰ বৰভাগ অঞ্চলৰ বানপানীৰ সমস্যা যুগ যুগ ধৰি চলি আহিছে প্ৰতি বছৰে বানপানীত কৃষক সকল যথেষ্ঠ ক্ষতিগ্ৰস্ত হৈ আহিছে| এইবেলি হোৱা বাৰিষাৰ প্ৰথমটো বানৰ কবলত বৰভাগ আঞ্চলৰ দক্ষিণ পূব প্ৰান্তৰ কেইবাখনো গাৱৰ খেতি পথাৰ বানপানীত বুৰ গৈছে যাৰ বাবে কৃষক ৰাইজ চিন্তিত হৈ পৰিছে।ক্ষতিগ্ৰস্ত কৃষক সকলক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিয়ে বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে অসম চৰকাৰৰ কৃষি মন্ত্ৰী ক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে সাধাৰণ ৰাইজৰ হাতত পশু ধনৰ খাদ্য বিতৰণৰ ব্যৱস্হা গ্ৰহণ কৰিবলৈ ৰাজহ চক্ৰ বিষয়াক আহ্বান জনাই।

স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ উপ-সভাপতি সঞ্জয় কলিতা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উপ-সভাপতি কংকন কলিতা সাধাৰণ সম্পাদক ময়ুৰ ৰহমান, যুটীয়া সম্পাদক চাজিদ আহমেদ, অনুপ কলিতা, সাংগঠনিক সম্পাদক পাৰ্থজিৎ ডেকা , সমাজ সেৱা সম্পাদক তথা বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উপ-সভাপতি প্ৰাঞ্জল কলিতাৰ লগতে কেইবাগৰাকীও সদস্য ।

ধিঙত পুনৰ বিল্যবিবাহৰ ঘটনা! গাঁৱৰক্ষী বাহিনীৰ তৎপৰতাত ৰভাস্থলীতে দৰা কইনাৰ বিবাহ বিচ্ছেদ

কেইদিনমান পূৰ্বে সংঘটিত হোৱা বাল্য বিবাহৰ ঘটনা মাৰ নেযাওতেই পুনৰ ধিঙত বাল্যবিবাহ।চৰকাৰ বা প্ৰশাসনে বাল্য বিবাহৰ ওপৰত যিমানেই চোকা দৃষ্টি নেৰাখক কিয় একাংশ দুস্কৃতিকাৰীৰ কাৰণে এনে কাম যেন একেবাৰে সুলভ।ধিঙৰ পটিয়াচাপৰিত এগৰাকী নাবালিকাক বিবাহৰ বাবে সকলো প্ৰস্তুতি লোৱা সময়তে এক গোপন সূত্ৰৰ পমখেদি নগাওঁ চাইল্ড লাইন আৰু গাঁৱৰক্ষী বাহিনীয়ে ঘটনাৰ উমান পায় ।তাৰ পিছতে তদন্ত ক্ৰমে গাওঁৰক্ষী বাহিনী বিবাহ স্থলীত উপস্থিত হৈ বিবাহ খন বন্ধ কৰি দৰাক ঘৰমুৱা কৰে ।এনে ঘটনা সংঘটিত হোৱাত নাবালিকা কন্যাক পৰিয়ালৰ লোকে মাহিয়েকৰ ঘৰলৈ প্ৰেৰণ কৰে।অধিক সোধপোচৰ বাবে নাবালিকা কন্যাৰ কাষ চাপে নগাওঁ চাইল্ড লাইন আৰু ডুমডুমীয়া আৰক্ষী প্ৰশাসন।নাবালিকা কন্যাৰ অভিভাৱকক এনে কাম নকৰিবলৈ আহবান জনায়।

অভিভাৱক নিৰক্ষ হোৱা কাৰণে এনে কায্য সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে চাইল্ড লাইনৰ বিষয়াই।আনহাতে চাইল্ড লাইনৰ বিষয়াই এই কাণ্ডত জড়িত থকা দোষীক আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিব দিয়ে ।

টেঙাখাত টিংৰাই চাৰিআলি চেৰচেৰীজানত নতুন পেট্ৰল পাম্পত তেলৰ সমান্তৰাল ভাৱে পানী

গ্ৰাহকক উন্নতমানৰ সেৱা আগবঢ়োৱাৰ ঘোষণা কৰা স্বত্বাধিকাৰী মানৱজ্যোতি গগৈৰ তেল ডিপুত কেইদিমান যোৱা পাছতে তেলৰ সমানে পানী ওলোৱাত চিন্তিত সচেতন মহল ৷সম্প্ৰতি দেশত দ্ৰুত গতিত যান বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ইয়াৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ চাহিদাও দিনক দিনে বৃদ্ধি পাব ধৰিছে ৷এনে ক্ষেত্ৰত টেঙাখাত দুলিয়াজানকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ যান বাহন সমূহৰ বাবে দৈনিক প্ৰয়োজন হোৱা পেট্ৰল – ডিজেলকে ধৰি অনান্য যাৱতীয় ইন্ধনজাত সামগ্ৰীৰ চাহিদা পূৰণৰ বাবে কিছুদিনৰ পূৱে টেঙাখাত টিংৰাই চাৰিআলিৰ চেৰচেৰীজানত নায়েৰা কোম্পানীৰ অধীনত এম এন ফুৱেল জাংচন নামেৰে এটা পেট্ৰল পাম্প নতুনকৈ মুকলি কৰিছিল ৷

এই এম এন ফুৱেল জাংচন নামৰ পেট্ৰল পাম্পটো মুকলি কৰাৰ পিছত স্বত্বাধিকাৰী মানৱ গগৈয়ে পাম্পটো খোলাৰ বিষয়ে অৱগত কৰাৰ লগতে গ্ৰাহকৰ বাবে পাৰ্যমানে উন্নত সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল যদিওঁ আজি তেলৰ সমান্তৰাল ভাৱে পানী ওলোৱাক লৈ চিন্তিত গাড়ী চালক লগতে সচেতট মহল ৷এনে তেল ডিপুৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে হ’ব লক্ষনীয়।আনহাতে কেইবাদিনো ধৰি চলি থকা মুষলধাৰ বৰষুণৰ ফলত তেল ডিপুৰ পাইপ লাইনত পানী সোমোৱা বুলি জনায় ডিপোখনৰ কৰ্মচাৰীয়ে।

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কলগাছিয়াৰ বৰতাৰীত মানাহ নদীৰ গৰাখহনীয়া এলেকা পৰিদৰ্শন কৰে

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কলগাছিয়াৰ বৰতাৰীত মানাহ নদীৰ গৰাখহনীয়া এলেকা পৰিদৰ্শন কৰে৷ পাৰ্কুপাইনেৰে চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক দূৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি গৰাকীয়ে৷ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৩ কোটি ৩১ লাখ ৯২ হেজাৰ টকা আবণ্টিত ধনৰ মাত্ৰ ৩০ৰ পৰা ৩৫ লাখ টকাৰ কাম কৰি বাকী সমুদায় টকা ঠিকাদাৰ অখিল ৰয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে৷ এইক্ষেত্ৰত বৰপেটাৰ সাংসদ আৰু জনীয়াৰ বিধায়কে ঠিকাদাৰৰ দূৰ্নীতি নীৰৱে চাই থকাৰ বিৰুদ্ধ তীব্ৰ সমালোচনা কৰে ৰেজাউল কৰিম সৰকাৰে৷ ঠিকাদাৰ অখিল ৰয়ৰ আৰু ঠিকাদাৰৰ এই দূৰ্নীতিৰ লগত জড়িত আমোলা-বিষয়াৰ বিৰুদ্ধে সাংসদ আৰু বিধায়কে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি জেল হাজোতলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে৷

অন্যথা এই দূৰ্নীতিৰ সৈতে বৰপেটাৰ সাংসদ আৰু জনীয়া সমষ্টিৰ বিধায়ক জড়িত থকা বুলি গণ্য কৰাৰ লগতে দুয়োগৰাকী প্ৰতিনিধিৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে৷

মৰিয়নিত সাংসদ বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

মৰিয়নিত সাংসদ বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ।মৰিয়নিত আয়োজন কৰা হৈছে এক বিশেষ যজ্ঞ। পুৰোহিতৰ মন্ত্ৰোচৰানত মুখৰিত হৈছে যজ্ঞ স্থলী।যজ্ঞত অংশগ্ৰহণ কৰিছে পুৰুষ মহিলা শিশুকে ধৰি বহু সংখ্যক লোকে।এই যজ্ঞ কোনো অপায় অমংগল নাশ কৰিবলৈ বা ভগৱানক সন্তুষ্ট কৰিবলৈ নহয়।এই যজ্ঞ চলিছে দুজন জনপ্ৰতিনিধিৰ সুমতি অহাৰ কামনাৰে । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট লোকসভাৰ সাংসদ তপন গগৈৰ প্ৰতিচ্ছবি আঁৰি খোল তাল বজাই নাম গাই ৰাইজে আয়োজন কৰিলে এই বিশেষ যজ্ঞ।শণিবাৰে পুৱাই যজ্ঞ চলিল যোৰহাট লোকসভা সভা সমষ্টিৰ অন্তৰ্গত মৰিয়নিৰ চেলেং মাজনৈ চাহ বাগিচাত। বাগিচাখনৰ জৰাজীৰ্ণ পথ নিৰ্মানৰ বাবে মন্ত্ৰী বিধায়ক তথা সাংসদক আৱেদন নিবেদন কৰি ভাগৰি পৰা ৰাইজে অৱশেষত গ্ৰহণ কৰিলে এক অভিনৱ পন্থা। চেলেং মাজনৈ চাহ বাগিছাৰ মুল পথ আৰু উপ পথ সমুহ দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাত বাগিছা খনৰ ৰাইজে বছৰ বছৰ ধৰি জীয়া যাতনা ভূগ কৰি আহিছে।

পথৰ দুৰৱস্থাৰ বাবে বাগিচা খনলৈ নোসোমাই কোনো ধৰনৰ বাহন।জৰুৰীকালীন অৱস্থাত প্ৰসুতি বা ৰোগীক বাগিচা খনৰ ৰাইজে চাঙি কৰি বা ডাংকোলা কৰি নিব লাগে।কিছু দিন পূৰ্বে জৰাজীৰ্ণ পথৰ বাবে বাগিচাখনলৈ ১০৮ সেৱাৰ এম্বুলেন্স নোযোৱা বাবে সময়ত চিকিৎসালয় গৈ নোপোৱাত বিৰু পানতাঁতী নামৰ এজন আঠাইশ বছৰীয়া যুৱকে কৰুণ মৃত্যুক সাৱতি ল’ব লগা হৈছিল।মৃত্যু হোৱা যুৱক জনৰ পিতৃয়ে পুত্ৰৰ প্ৰতিচ্ছবি হাতত লৈ প্ৰতিবাদ স্থলীত উপস্থিত থাকি তীব্ৰ ক্ষোভ উজাৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে।পুত্ৰৰ আদ্যশ্ৰাদ্ধলৈ বিধায়ক ৰূপজ্যোতিক তোমাল পান দি নিমন্ত্ৰণ জনাইছিল যদিও আহিবলৈ সৎসাহস নকৰিলে বুলি উল্লেখ কৰে পাৰ্থ পানতাতী নামৰ লোকজনে।

আনহাতে পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিনে ভূগি অহা যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ বাগিচা খনৰ ৰাইজে অৱশেষত যজ্ঞ পাতি চৰকাৰ তথা সাংসদ,মন্ত্ৰী, বিধায়কৰ সুমতি অহাৰ কামনাৰে এনেদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে এই যজ্ঞই চৰকাৰ তথা শাসকীয় দলৰ সাংসদ আৰু বিধায়ক গৰাকীৰ চকু মেল খুৱাইনে নুখুৱাই সেয়া সময়ত লক্ষণীয় হ’ব।

নামনি অসমত আজিও বান পৰিস্থিতি অপৰিৱৰ্তীত: চৰকাৰী সাহাৰ্য্য প্ৰদানৰ দাবী আশ্ৰয় শিবিৰ তথা বান বিধ্বস্ত দুৰ্ভগীয়াৰ :বঙাইগাঁৱত তীব্ৰ ৰূপ লৈছে বানপানী গৰাখহনীয়াই

বিগত কেইবাদিনো ধৰি ধাৰাসাৰ নেৰেনেপেৰা ধুমুহা বতাহ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু গৰাখহনীয়া সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ প্ৰতিটো জিলা ক্ৰমে বঙাইগাঁও, বৰপেটা, বাক্সা,চিৰাং,কোকৰাঝাৰ, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত অপৰিৱৰ্তীত হৈয়ে আছে।এনেকি নিতৌ ধুমুহা-বতাহ,বৰষুণ পৰি থকাত নামনি অসমৰ প্ৰতিটো জিলাৰ প্ৰতিটো নৈ-জান, জুৰি,খাল-বিলৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই অহাত নৈ সমূহৰ গৰাখহনীয়া চূড়ান্ত ৰূপ পাইছে।প্রাপ্ত বাতৰিমতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত কেইবাখনো গাঁও নিছিন্ন হোৱাৰ পথত আগবাঢ়িছে ।একেদৰে কালাইদিয়া-সুখোৱাঝাৰ পথৰ এখন পকীৰ দলংৰ ফাট মেলিছে।আৰু জিলাখনৰ কালদিয়া আৰু টিহু নদীৰ এক মথাউৰী ছিঙি যোৱাত

ৰামপুৰ,কাৰাকুৰি,কাচকুৰি,পাৰাকুচি,কাৱৈমাৰীনেউলাৰভিটা আদি গাঁও জলমগ্ন হৈ পৰিছে।ইফালে বিটিএডি এলেকাৰ ৰাজধানী জিলা কোকৰাঝাৰৰ পৰ্বতঝৰা আৰু গৌৰীপূৰত বানপানীৰ পৰিছে বিৰূপ প্ৰভাৱ। শ শ বিঘা খেতিপথাৰ পানীৰ তলত থকাত ইৰিধান ,মৰাপাট আৰু বিভিন্ন শাক পাচলি হৈছে বিনষ্ট।ইয়াৰে মাজতে বৰপেটা জিলাৰ টিহু নদীৰ মথাউৰী পৰিদৰ্শন কৰে ৰাজহ চক্ৰ বিষয়া ত্ৰিদীপ কোঁৱৰৰ নেতৃত্বত যোৱা এটা বিষয়া-কৰ্মচাৰী আৰু ৰাজনৈতিক নেতাৰ দলে।একেদৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেউৰেএৱা নাৰ্জাৰীয়ে পৰ্বতঝৰা আৰু গৌৰীপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। উল্লেখ যে কেইবাদিনো বৰষুণ পৰি থকাৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ কৰিশ্বু নৈ বান্ধৰ পানী নিশা- নিশা অতিগোপনে এৰি দিয়াত নামনি অসমৰ কেইবাটাও নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই বান আৰু গৰাখহনীয়া ব্যাপক সৃষ্টি হয়। মূলতঃ বঙাইগাঁও জিলাটো ব্ৰহ্মপুত্ৰ ,আই,চম্পাৱতী আদি নৈৰ ব্যাপক ৰূপত গৰাখহনীয়া চলি থকাৰ মাজতে বানপানীয়ে হেজাৰ হেজাৰ গৃহ আৰু কৃষিভূমি পানীৰ তলত আছে।

আৰু বানপীড়িত ৰাইজে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। কিন্তু এতিয়ালৈকে চৰকাৰী সাহাৰ্য্য প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নামনি অসমৰ প্ৰতিটো জিলাৰ সাংসদ ,বিধায়ক, আৰু মন্ত্ৰীসকল এই দুৰ্যোগৰ সময়ত বানপীড়িতৰ কাষত নাথাকি দিল্লী-দিছপুৰত আত্মগোপন কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বানপীড়িত ৰাইজে অতি শীঘ্ৰে চৰকাৰী সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাইছে।

নিতৌ পুৱা কৰক এই ৭টা কাম! খুলিব আপোনাৰ ভাগ্যৰ দুৱাৰ…

প্ৰতিজন ব্যক্তিয়ে সুখী জীৱন যাপন কৰিব বিচাৰে। ঘৰখনত যাতে সুখ-সমৃদ্ধি থাকে আৰু ধন-সম্পত্তিৰে পৰিপূৰ্ণ হৈ থাকে তাৰ বাবে বহু মানুহে দিনে-ৰাতিয়ে কষ্ট কৰে। মা লক্ষ্মীৰ কৃপা পাবলৈ বহু লোকে পূজা-পাতলো কৰে। কিন্তু তথাপিও ভাগ্যৰ অভাৱত কোনোৱে ভবামতে জীৱনটো সজাব নোৱাৰে। এনে অৱস্থাত জ্যোতিষশাস্ত্ৰত কিছুমান সহজ-সৰল আৰু সঠিক উপায়ৰ বিষয়ে কোৱা হৈছে, যিবোৰ মানি চলিলে মা লক্ষ্মী ব্যক্তিজনৰ ঘৰত বাস কৰে আৰু ভাগ্য সলনি হয় বুলি বিশ্বাস কৰা হয়।



ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই ৭টা কাম কৰক


১) পুৱা চকু মেলাৰ লগে লগে ব্যক্তিজনে প্ৰথমে হাতৰ তলুৱালৈ চাব লাগে। হাতৰ তলুৱালৈ চাই ভগৱানক স্মৰণ কৰক। লগতে এই মন্ত্ৰ মাতক ‘কৰাগ্ৰে বসতে লক্ষ্মী: কৰমধ্যে সৰস্বতী। কৰমূলে স্থিত ব্ৰহ্ম প্ৰভাতে কৰদৰ্শনম।’ এনেদৰে উচ্চাৰণ কৰি হাতৰ তলুৱা দুটা মুখৰ ওপৰেৰে বোলাই দিয়ক।ব্ৰহ্মা, সৰস্বতীৰ সৈতে দেৱী লক্ষ্মী এজন ব্যক্তিৰ হাতৰ তলুৱাত বাস কৰে বুলি বিশ্বাস কৰা হয়। ৰাতিপুৱা তলুৱা দৰ্শন  কৰিলে ব্যক্তিৰ দিনটো ভাল হয় আৰু মা লক্ষ্মীৰ কৃপা পোৱা যায় বুলি বিশ্বাস কৰা হয়।


২)ৰাতিপুৱা সাৰ পোৱাৰ পাছত মাটিত ভৰি দিয়াৰ আগতে পৃথিৱী মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰিব।

 
৩)ধৰ্মীয় গ্ৰন্থৰ মতে সূৰ্য্য উদয়ৰ আগেয়ে উঠি যোৱাটো শুভ বুলি গণ্য কৰা হয়। লগতে স্নান আদি কৰি তামৰ পাত্ৰৰে ভগৱান সূৰ্য্য ঈশ্বৰক পানী আগবঢ়াব লাগে। কোৱা হয় যে ভগৱান সূৰ্য দেৱক সন্মান, চাকৰি, ব্যৱসায় আদিৰ গ্ৰহ হিচাপে গণ্য কৰা হয়। সেয়ে সূৰ্য্য দেৱতাক নিয়মিতভাৱে অৰ্ঘ্য প্ৰদান কৰিলে সূৰ্য্য গ্ৰহ শক্তিশালী হয়, আৰু প্ৰতিটো কামতে সফলতা লাভ কৰা যায়।


৪)তুলসীৰ গুৰুত্বৰ বিষয়েও শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। তুলসীত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। গতিকে তুলসীৰ পূজা নিয়মীয়াকৈ কৰিব লাগে। লগতে প্ৰতিটো কামতে সাফল্যৰ বাবে নিয়মিতভাৱে তুলসীৰ মাটিৰ তিলক প্ৰয়োগ কৰিব লাগে।


৫)লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ নিয়মিতভাৱে লক্ষ্মী স্ত্ৰোত আৰু কনকধাৰা স্তোত পাঠ কৰিব লাগে বুলি বিশ্বাস কৰা হয়। এনে কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হয়। আৰু ঘৰত টকা-পইচা আৰু খাদ্যৰ অভাৱ নোহোৱা হয়।


৬)শিৱ পুৰাণত কোৱা হৈছে যে প্ৰতিমাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখে ভগৱান শিৱক কুঁহিয়াৰ ৰসেৰে অভিষেক কৰিলে ভগৱান শিৱৰ কৃপা পোৱা যায়। সেই ব্যক্তিৰ ওপৰত ভগৱান শিৱৰ কৃপা থাকে আৰু জীৱনত সুখ-সমৃদ্ধি অৰ্জন হয়।


৭)নিয়মিতভাৱে শিৱলিংগত জলাভিষেক বা গাখীৰৰে অভিষেক কৰিলে উপকাৰী ফল পোৱা যায়। 

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ…

  • বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ

  • বৰাকত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা

  • নৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনক

  • সমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাত

  • শিলচৰ-আইজল পথৰ সোণবাড়ীঘাট বাইপাছত এই ঘটনা

  • বৰাক নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে ৰাষ্ট্রীয় ঘাইপথটো

  • সেই দৃশ্য বন্দী কৰিবলৈ গৈ ছেলফি লোৱাৰ সময়তে এই অঘটন

লোকেল উৎপাতৰ উৎপাত! বক্স অফিচত খলকনি…

অসমীয়া চিনেমালৈ আহিছে ভাল দিন। ছবি গৃহলৈ আহিছে দৰ্শক। শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চিনেমা LOCAL UTPAT য়ে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে । চিনেমা প্ৰেমীৰ যথেষ্ট ভিৰ ছবিগৃহত। ছবিখন চোৱাৰ দুৰ্বাৰ হেপাহ দৰ্শকৰ । মুক্তিৰ দিনৰ পৰাই হাউচফুল ছবি গৃহ। কাঞ্চনজংঘা, ৰত্নাকৰ, মিচন চাইনাৰ পিছত ৰাজ্যত খলকনিৰ সৃষ্টি কৰিছে LOCAL UTPAT য়ে। এই ছবিখনত ব্যৱহাৰ কৰা সংলাপসমূহে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰতিজন দৰ্শকৰ মূখতে LOCAL UTPATৰ কথা।

কেনি বসুমতাৰীয়ে প্ৰযোজনা কৰা এই ছবিখনত অভিনয় কৰিছে তনি দেউৰী, শৰ্মিষ্টা চক্ৰবৰ্তী, বনী দেউৰী, জনী দেউৰী, মন্তু দেউৰী আৰু বহু ন ন শিল্পীয়ে। LOCAL UTPAT ছবিখন এখন কমেডি ছবি। কাল্পনিক ঘটনাৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা এই ছবিখনে মুক্তিৰ পিছতে প্ৰথম সপ্তাহতে ৪০ লাখ টকা উপাৰ্জন কৰিব সক্ষম হৈছে। ইয়াৰপূৰ্বে LOCAL KANGFU, LOCAL KANGFU 2, INSPECTOR BORO আদি ছবি নিৰ্মাণ কৰিছিল কেনি বসুমতাৰীয়ে।