Home Blog Page 2295

ছিপাঝাৰৰ দুমুনিচকী ইথানল প্ৰকল্পত অঘটন! চাৰি শ্ৰমিক বিদ্যুৎপৃষ্ট

দুমুনিচকীৰ বদিয়াসিঁচাত নিৰ্মীয়মান অৱস্থাত থকা কামাখ্যা বায়ুফিউলচ প্ৰকল্পত এক অঘটন সংঘটিত হয়।প্ৰকল্পটোৰ বৃহৎ কণ্টেইনাৰ কঢ়িয়াই থকাৰ সময়তে চাৰিগৰাকীকৈ থলুৱা শ্ৰমিক বিদ্যুৎস্পৃষ্ট হয়।

বিদ্যুৎস্পৃষ্ট হোৱা শ্ৰমিক চামচুল আলী (৪৮), কুশেশ্বৰ বৰুৱা(৫০), হিতেশ্বৰ বৰুৱা(৫৫) যাদব বৰুৱা(৪৭)ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।।

মৰিয়নীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

মৰিয়নি নকছাৰি দেবেৰাপাৰা চাৰি আলিৰ দিশৰ পৰা মৰিয়নী দিশে গৈ থকা এখন বলেৰ’ পিকআপ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। পথৰ ওপৰত বাগৰি পৰা বাহন খনত ৰাজৈ চাহ বাগিচাৰ পৰা ৩৫ জনকৈ শ্ৰমিকক কঢ়িয়াই আনিছিল বলৰ বাহন খনে। দুৰ্ঘটনাস্থলীত ৩ খনকৈ ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ সহায়ত আহত লোক সকলক সংকটজনক অৱস্থাত দেবেৰাপাৰ মহাত্মাগান্ধী আদৰ্শ হস্পিতালত ভৰ্ত্তি কৰোৱা হয়। অতি সংকটজনক ৮ জন শ্ৰমিকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷

আনহাতে বলেৰ বাহন খনৰ চালকে সুৰাৰ ৰাগীত মাতাল হৈ গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।

এয়াৰ লাইন্ছ বিক্ৰী কৰি দেশ চলাব শ্ৰীলংকা চৰকাৰে…

দেউলীয়া হৈ পৰিছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা । বিধ্বস্ত অৰ্থনীতি, দিশহাৰা চৰকাৰ, জনতা । নাই ইন্ধন, নাই খাদ্য সামগ্ৰী, দৰৱ । চৌদিশে হাহাকাৰ, ৰাইজৰ প্ৰতিবাদ । দ্বীপৰাষ্ট্ৰখনৰ অৰ্থনীতিয়ে এনে বিধ্বস্ত ৰূপ লোৱাৰ সময়তে প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰে ৰণিল বিক্ৰমসিংঘে । দেশখনৰ অৰ্থনীতিক সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী দায়িত্ব লৈছিল বিক্ৰমসিংঘেয়ে । কিন্তু প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই চৌদিশে অন্ধকাৰ দেখিছে ৰণিল বিক্ৰংসিংঘেয়ে । সোমবাৰে দেশবাসীক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী বিক্ৰমসিংঘেয়ে অকপটে স্বীকাৰ কৰে স্বাধীনতাৰ ৭০ বছৰত গভীৰতম আৰ্থিক সংকটত পৰিছে শ্ৰীলংকা । দেশখনত মজুত আছে মাত্ৰ এদিনৰ ইন্ধন ।

ক্ৰয় ক্ষমতা প্ৰায় শূন্য হৈ পৰা দেশখনৰ কলম্বো মন্দিৰৰ বাহিৰত অপেক্ষাৰত তিনিখনকৈ ইন্ধনভৰ্তি জাহাজ । কিন্তু শ্ৰীলংকা চৰকাৰৰ হাতত নাই ইন্ধন ক্ৰয়ৰ সামৰ্থ্য। প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেয়ে প্ৰকাশ কৰা মতে, অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে দেশখনক শীঘ্ৰে প্ৰয়োজন ৭৫ নিযুত ডলাৰ । ইন্ধনহীন দেশখনত ইন্ধন বিচাৰি দিনে-নিশাই পেট্ৰ’ল পাম্পসমূহত ভিৰ কৰিছে যান-বাহনৰ গৰাকীয়ে । কেৱল সেয়াই নহয়, আৰ্থিক সমস্যাৰ সমাধান বিচাৰি হাবাথুৰি খাইছে বিক্ৰসিংঘে চৰকাৰে । আৰ্থিক সংকট মোচনৰ বাবে শ্ৰীলংকা এয়াৰ লাইন্ছ বিক্ৰী কৰিবলৈ সাজু চৰকাৰ । চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ নোট ছপা কৰিব চৰকাৰে । কিন্তু কিমান কাৰ্যকৰী হ’ব এই ব্যৱস্থা তাকে লৈ উত্থাপন হৈছে প্ৰশ্নৰ । নতুনকৈ ছপা কৰা নোটেৰে শ্ৰীলংকাবাসীৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব ঠিকেই কিন্তু ক্ৰয় কৰিবলৈ জনতাই সামগ্ৰী ক’ত পাব তাৰ কোনো উত্তৰ নাই শ্ৰীলংকা চৰকাৰৰ হাতত ।

আপোনাৰ পেট বিষ কিয় হয় জানেনে? ইয়াৰ নিৰাময় কি?

বেছিসংখ্যক মানুহৰে হঠাতে পেটৰ বিষ উঠা দেখা পোৱা যায়। হঠাতে উঠা পেটৰ বিষ উঠাৰ বহুটো কাৰণ থাকিব পাৰে। পেৰিট’নিয়াম বা পেট গহ্বৰৰ আৱৰণীখনৰ স্ফীতি, পেট গহ্বৰত ৰক্তপাত, প্ৰকট উপাংগপ্ৰদাহ বা এপেণ্ডিচাইটিছ, পাক্স্থ্লী আৰু গ্ৰহণী ফুটা হোৱা ক্ষত, পিত্তথলিৰ স্ফীতি, খামুচি ধৰা হাৰ্নিয়া, ক্ষুদ্ৰ অন্ত্ৰৰ প্ৰকট অগম্যতা(Acute Intestinal Obstruction), পেটৰ অংগসমুহত আঘাত,প্ৰকট অগ্ন্যাশয় গ্ৰন্থিৰ প্ৰদাহ, জৰায়ু বহিৰ্ভুত গৰ্ভধাৰণত জৰায়ুনলী ফাটি যোৱা, ডিম্বাশয়ৰ কৌশিকা আদি ৰোগজনিত কাৰণত হঠাতে পেটৰ বিষ হ’ব পাৰে। হঠাতে উঠা পেট বিষে ক্ৰমান্বয়ে বাঢ়ি যাব পাৰে।

পেট বিষৰ বিশেষ লক্ষণ সমূহ আপুনি নিজে পৰীক্ষা কৰিব পাৰে। হাতেৰে ৰোগীৰ পেটত অতি ধীৰে ধীৰে চাপ সৃষ্টি কৰিব লাগে অৰ্থাত হেঁচা প্ৰয়োগ কৰিব লাগে আৰু ততক্ষণাত হাতখন উথাই আনিব লাগে। ৰোগীৰ পেটৰপৰা হাত আঁতৰাই অনাৰ মুহূৰ্ততে যদি পেটত প্ৰকট বিষ অনুভৱ হয় তেন্তে লক্ষণটোক ইতিবাচক বুলি ধৰিব লাগে।
পেটৰ গহ্বৰত ৰক্তপাত হলে ভীষণ ৰক্তাল্পতাৰ লগতে, শেঁতা পৰা, দুৰ্বলতা, মূৰ ঘুৰোৱা, ঠাণ্ডা ঘাম ওলোৱা, নাড়ী দুৰ্বল আৰু দ্ৰুত হোৱা, ৰক্তচাপ কমি যোৱা, তেজৰ হিম’গ্ল’বিন কমি যোৱা, পেটৰ মাংসপেশীবোৰ টান হোৱা, পেট স্পৰ্শ কৰি হেঁচি দিলে বিষ হোৱা আদি লক্ষণবোৰ পৰিলক্ষিত হয়। এনে ৰোগীক লগে লগে বিছ্নাত শুৱাই দি সম্পুৰ্ণ বিশ্ৰামত ৰাখিব লাগে ।ৰোগীৰ পেটৰ ওপৰত বৰফৰ বেগ বা ঠাণ্ডা পানীৰ পটি দিয়া অতিকৈ আৱশ্যক।

পেট বিষৰ পৰা লবলগীয়া সাবধানতা সমূহ হ’ল, ৰোগীক খাবলৈ দিয়া, জোলাপ আদি দিয়া একেবাৰে নিষেধ ।
বিষনাশক ঔষধ আৰু এণ্টিবায়’টিক বা প্ৰতিজৈবিক ঔষধ দিয়া অনুচিত ।কাৰণ, এনে কৰিলে ৰোগীৰ চিকিত্‌সাৰ বাবে উপযোগী ৰোগচিত্ৰ অস্পষ্ট হৈ পৰে আৰু সঠিকভাবে ৰোগ নিৰ্ণয়ত জটিলতা আহি পৰে ।

পেটৰ বিষৰ চিকিৎসা

  • কৰচ গছৰ ছালৰ ৰস উলিয়াই গৰম কৰি নিমখ মিহলাই খুৱাব লাগে ।

  • বচ আৰু মছ্ন্দৰীৰ শিপা বটি নিমখ আৰু জালুক মিহলাই খুৱাব লাগে ।

  • পদিনা পাটৰ ৰস এচামুচ খুৱাব লাগে ।

  • নিমপাত আৰু তেজপাত একেলগে বটি ভাত খোৱাৰ আগতে খাব লাগে ।

  • আমলখিৰ ৰস মৌৰে মিহলাই খাব লাগে ।

  • পকা নেমু টেঙাৰ ৰস চেনি মিহলাই গধুলি খাব লাগে ।

  • কেঁচা হালধিৰ ৰস চূণৰ পানী মিহলাই খাব লাগে ।

  • ২-৩ চামুচ নহৰু ৰসৰ সৈতে মৌ মিহলাই দিনত ২ বাৰো কৈ এসপ্তাহ খাব লাগে ।

  • মৌৰ সৈতে মিহলাই শতমূলৰ ৰস পুৱা ভাগত খালেও উপকাৰ পোৱা যায় ।

  • নিমপাতৰ ৰস, শিলিখাৰ ৰস, জালুক বটা আৰু নিমখ মিহলাই খালেও উপকাৰ পোৱা যায় ।

বলিউদ জগতত ধনৰ অভাৱ ঘটিল নেকি?ৰণবীৰ কাপুৰ-শ্ৰদ্ধা কাপুৰৰ চলচ্চিত্ৰত কাম কৰা শ্ৰমিকে পোৱা নাই বেতন। ধন পৰিশোধ নকৰা বিষয়ত কি কলে কৰ্মচাৰীসকলে?

১৫ মাৰ্চত গোৰেগাঁৱত মুম্বাইৰ ৰয়েল পামছত ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ অভিনীত লাভ ৰঞ্জনৰ পৰৱৰ্তী ছেটত এটা অতি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰত কান্দিভালীৰ মুম্বাইৰ চাৰকোপ অঞ্চলত দৃশ্যগ্ৰহণ কৰা এই চলচ্চিত্ৰখনৰ বাবে এটা গানত কাম কৰা শ্ৰমিকসকলে ছেটত প্ৰৱেশ কৰিছিল আৰু কৈছিল যে তেওঁলোকৰ ভ্ৰাতৃত্বৰ ৩৫০ জন লোকক ১ কোটি, ২২ লাখ টকা পৰিশোধ কৰা হোৱা নাই। আৰক্ষীক মাতি পঠোৱা হৈছিল, যিয়ে উত্তেজিত শ্ৰমিকসকলক আৰে আৰক্ষী চকীলৈ লৈ গৈছিল আৰু পিছত ইউনিয়নবোৰে তেওঁলোকক মুকলি কৰিবলৈ ষ্টেচনলৈ দৌৰি গৈছিল। অৱশ্যে শ্ৰমিকসকলক আৰক্ষীৰ ভানত লৈ যোৱাৰ পিছত গুলীচালনা অব্যাহত আছিল।ব্ৰেকিং কাহিনী অনুসৰি, লাভ ফিল্মছে আন্দোলনৰ আগতে এফডব্লিউআইচিই আৰু অন্যান্য ইউনিয়নলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল, ফিল্ম ষ্টুডিঅ’ ছেটিং আৰু মিত্ৰ মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক গণেশৱাৰলাল শ্ৰীবাস্তৱে কৰা অভিযোগৰ উত্তৰত, যে তেওঁলোকে কোনো পৰিশোধ নকৰাৰ বাবে দায়বদ্ধ নহয় কিয়নো তেওঁলোকে ভাড়া তৈয়াৰ কৰা প্ৰডাকচন ডিজাইনাৰ দীপংকৰ দাস গুপ্তাক দিছিল। এই সন্দৰ্ভত সকলো প্ৰয়োজনীয় পৰিশোধ।

দীপংকৰ দাস দাসগুপ্তাই কৈছিল, “যদি মোৰ দোষ আছিল, মই এতিয়াও লাভৰ সৈতে শ্বুটিং কৰি থাকিলোহেঁতেন নেকি? দৰাচলতে, আমি কোৱাৰ লগে লগে, মই একেটা ৰণবীৰ-শ্ৰদ্ধাৰ ছেটত আছোঁ।” দীপংকৰৰ মতে, হাইপাৰলিংকৰ জয়শংকৰ আৰু গৌতম এই খেলিমেলিৰ বাবে দায়ী আছিল। দীপংকৰে কৈছিল যে তেওঁ প্ৰকল্পটো হাইপাৰলিংক নামৰ এটা কোম্পানীক আউটচৰ্চ কৰিছিল, যিয়ে ইয়াক এক নিৰ্দিষ্ট প্ৰশান্ত ভিচাৰেলৈ আউটচৰ্চ কৰিছিল।এই চলচ্চিত্ৰখনৰ শেহতীয়া টো হ’ল যে চিত্ৰকূটত এটা নতুন ছেট কৰা হৈছিল আৰু আজি ৰাতিপুৱা, কৰ্মৰত শ্ৰমিকৰ দলটোৱে তেওঁলোকৰ আউজাৰ (সঁজুলি) তলত ৰাখিছিল। যোগাযোগ কৰা হ’লে, এফডব্লিউআইচিইৰ সাধাৰণ সম্পাদক অশোক দুবেই নিশ্চিত কৰি কয়, “হয়, আজি লাভ ৰঞ্জনৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ ছেটত এইটো ঘটিছে। এয়া হৈছে শ্ৰমিকসকলৰ সৈতে একতাৰ পদক্ষেপ, যিসকলক এতিয়াও বেতন দিয়া হোৱা নাই। প্ৰথমে কান্দিভলীত পৰিশ্ৰম কৰা শ্ৰমিকৰ দলটোক দৰমহা দিয়া হোৱা নাছিল। পিছত, তেওঁলোকে ৰয়েল পামছত দৃশ্যগ্ৰহণ কৰিছিল য’ত তেওঁলোকে শ্ৰমিকৰ দ্বিতীয় দল বুলি কৈছিল, যিসকলক সম্পূৰ্ণ পৰিশোধ কৰা হোৱা নাই – 12.5 লাখ টকাৰ পৰিমাণ বকেয়া।

তাৰ পিছত, তেওঁলোকে চিত্ৰকূট, আন্ধেৰীৰ এটা ছেটত দৃশ্যগ্ৰহণ কৰি আছে। তাত, এটা ছেটত শ্বুটিং চলি আছে। তেওঁলোকে ওচৰৰ ঠাইত আন এটা ছেট তৈয়াৰ কৰি আছিল, য’ত শ্ৰমিকসকলে আজি কাম কৰা বন্ধ কৰি দিছিল। ইয়াতো, এক নতুন শ্ৰমিক ব্যৱহাৰ কৰা হৈছে।”

ইজিপ্তত পোৱা শিলে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ বিস্ফোৰণৰ প্ৰথম সংকেত লুকুৱাই ৰাখিছে। কি এই শিল?

এইটো আমাৰ সৌৰজগতৰ পৰা নহয় গৱেষকসকলে কৈছে যে ইজিপ্তত পোৱা অনন্য শিলটো আমাৰ সৌৰজগতৰ নহয় আৰু আমাৰ সৌৰজগত জীৱন্ত হোৱাৰ আগতেই ইয়াক গঠন কৰা হৈছিল।
২০১৩ চনতগৱেষকসকলে ঘোষণা কৰিছিল যে দক্ষিণ-পশ্চিম ইজিপ্তত পোৱা এটা সৰু শিল পৃথিৱীৰ নহয়। দুবছৰৰ পিছত, বিশ্লেষণে দেখুৱাইছিল যে ই কোনো জ্ঞাত প্ৰকাৰৰ উল্কাপিণ্ড বা ধূমকেতুৰ অংশ নহয়। প্ৰথম ঘোষণাৰ প্ৰায় এক দশক পিছত, গৱেষকসকলে হাইপাটিয়া নামেৰে জনাজাত শিলটোৰ উৎপত্তি সমাপ্ত কৰিছে – আমাৰ সৌৰজগতৰ বাহিৰৰ পৰা এটা চুপাৰনোভা বিস্ফোৰণ।

শিলটোৰ ফৰেনচিক বিশ্লেষণে প্ৰকাশ কৰে যে ই পৃথিৱীত চুপাৰনোভা প্ৰকাৰৰ বিস্ফোৰণৰ প্ৰথম মূৰ্ত প্ৰমাণ হ’ব পাৰে। বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ বিস্ফোৰণবোৰৰ ভিতৰত এটা, এটা চুপাৰনোভা, এটা মৰণশীল তৰাৰ ফলত হয় যি আমাৰ সূৰ্যৰ ভৰৰ কমেও পাঁচগুণ হয় আৰু এটা অন্তিম উশাহত নিজৰ ওপৰত খহি পৰে।

হাইলাকান্দিত বানপৰিস্থিতিয়ে ধাৰণ কৰিছে বিভীষিকা।

হাইলাকান্দি জিলাৰ বান পৰিস্থিতিৰ অধিক অবনতি ঘটিছে
জিলাখনৰ আলগাপুৰ ৰাজহ চক্ৰৰ ন ন গাঁৱ বৰ্তমান বানৰ কবলত পৰিছে । গৃহহীন হৈ পৰিছে বহু লোক । বৰাক নদীৰ বাঢ়নি পানীয়ে পাঁচগ্ৰাম আৰু কালীনগৰ গাঁৱ ও চণ্ডিপুর পঞ্চায়ত এলাকাত একপ্ৰকাৰ তান্ডৱৰ সৃষ্টি কৰিছে । হাইলাকান্দি জিলাৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনটা স্থানত বৰাক নদীৰ পানী প্ৰবেশ কৰি যাতায়াত স্তব্ধ কৰি তুলিছে। আনফালে, বানৰ ফলত পাঁচগ্ৰাম দাস কলনিৰ বহু পৰিয়াল গৃহবন্দি হৈ পৰিছে । অন্ন – বস্ত্র -বাসস্থানৰ বাবে হাহাকাৰ ৰাইজৰ ।

একেৰাহে হোৱা ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ বহু অঞ্চল প্লাৱিত কৰি তোলাৰ লগতে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে।

আজি পুৱাই মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি হোজাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় অতুল বৰা
জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিতমন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছতেই হোজাইৰ কেইবাটাও প্লাৱিত অঞ্চল আজি পৰিদৰ্শন কৰিলে অতুল বৰাই।

উত্তৰ ৰাধানগৰ ১নং প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ সৈতেও বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজৰ বাবে অত্যাৱশ্যকীয় সকলো সা-সুবিধা নিশ্চিত কৰিবলৈ প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। এনডিআৰএফ আৰু এছডিআৰএফ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰি সাহায্য তথা উদ্ধাৰ অভিযানৰ বুজ লয়।
মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন এই বান পৰিস্থিতি সম্পূৰ্ণৰূপে মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ আছে, এই নিশ্চয় বাৰ্তাৰে আজি বানাক্ৰান্ত ৰাইজক এই পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰশাসনকো সহযোগিতা আগবঢ়াবলৈ আহ্বান অতুল বৰাৰ।


এই পৰিদৰ্শনৰ সময়ছোৱাত সহযোগিতা আগবঢ়োৱা হোজাই সমষ্টিৰ বিধায়ক শ্ৰী ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী শিবু মিশ্ৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক প্ৰমুখ্যে জিলা প্ৰশাসনৰ আন বিষয়াসকল, ভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলক ধন্যবাদ জনালে অতুল বৰাই ।

কইনাই ইংগিত দি ক’লে- টকাখিনি তুলি লওক, শিশুটোৱে ভৰিৰ পৰা টকাখিনি তুলি ল’লে, মানুহে ক’লে- পুষ্প ৰাজ ঝুকেগা নেহি

এই ভিডিঅ’টো এটা সৰু শিশুৰ। কোনে পুষ্পা ষ্টাইলত স্বেগ দেখুৱাই আছে। শিশুটোৰ প্ৰচণ্ড স্বেগ দেখি, মানুহবোৰ তেওঁৰ অনুৰাগী হৈ পৰিছে। এই ভিডিঅ’টো ভাইৰেল হৈ আছে।
চলচ্চিত্ৰখনৰ মুক্তিৰ পিছৰে পৰা ইয়াৰ গান আৰু সংলাপে মানুহৰ হৃদয় আৰু মনত এনে যাদু কৰিছে যে সকলোৱে ছবিখনৰ গান আৰু সংলাপবোৰত ৰিল বনাই আছে আৰু ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। আনকি বিয়া হওঁক বা পাৰ্টি হওঁক, সকলো ঠাইতে মানুহে স্ৰিভালী গানত নৃত্য কৰা দেখা যায়। একে সময়তে, এতিয়া ছ’চিয়েল মিডিয়াত এটা ধেমেলীয়া ভিডিঅ’ ভাইৰেল হৈ আছে, যিটো দেখি আপুনি আচৰিত হ’ব। কাৰণ এই ভিডিঅ’টো এটা সৰু শিশুৰ বিষয়ে। কোনে পুষ্পা ষ্টাইলত স্বেগ দেখুৱাই আছে। শিশুটোৰ প্ৰচণ্ড স্বেগ দেখি, মানুহবোৰ তেওঁৰ অনুৰাগী হৈ পৰিছে। এই ভিডিঅ’টো ভাইৰেল হৈ আছে। ভাইৰেল হৈ থকা ভিডিঅ’টো এখন বিয়াৰ য’ত কইনাগৰাকী মঞ্চত বহি আছে আৰু তাইৰ চাৰিওফালে বহুতো মানুহ আছে। তাৰ মাজতে কইনাৰ হাতৰ পৰা কিছু টকা মাটিত পৰে। গতিকে কইনাই তাইৰ কাষত থিয় হৈ থকা এটা সৰু শিশুক টোকাটো তুলি ল’বলৈ আৰু দিবলৈ কৈছিল। সৰু শিশুটোৱে ভৰিদুখন আগলৈ আগবঢ়াই দিয়ে আৰু ভৰিৰে ডাঙৰ ষ্টাইলত, সি টকাটো তুলি লয় আৰু কইনাক দিয়ে। শিশুটোৰ এই প্ৰচণ্ড স্বেগ দেখি সকলোৱে তেওঁৰ অনুৰাগী হৈ পৰিল।

ভিডিঅ’টো সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে আৰু চাবলৈও যথেষ্ট আনন্দদায়ক। নামৰ এটা পৃষ্ঠাৰ পৰা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৱে এতিয়ালৈকে ৫ মিলিয়নতকৈও অধিক লাইক লাভ কৰিছে। মানুহে ভিডিঅ’টোত বহুতো ধেমেলীয়া মন্তব্য ও কৰি আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- এয়া পুষ্পা ৰাজৰ প্ৰকৃত পুত্ৰ। আনজনে লিখিছিল- ৰিয়েল লাইফ পুষ্পা।

মানকাচৰৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ ফলত শ শ বিঘা ধান খেতি পানীৰ কবলত

কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে সৃষ্টি হয় এই ভয়াবহ বান পানী।যাৰ ফলত কুচনিমাৰা অঞ্চলৰ শ শ বিঘা ধান,পাচলি,মৰাপাটৰ খেতি এতিয়া পানীৰ তলত৷ এই বানে কৃষকৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ৷ পানীৰ তলত ডুব গৈছে পাচলি, মৰাপাট, ধান খেতি৷ যাৰ ফলত উপায়হীন হৈ কৃষকে চপাবলগীয়া হৈছে ধান খেতিৰ অপূৰঠ ধান।

হাড়ভঙা শ্ৰম কৰি কৰা ধান খেতি বানত নষ্ট হোৱাত মুৰে কপালে হাত দিবলগীয়া হৈছে কুচনিমাৰা গাওঁৰ বহু দুখীয়া কৃষকে। উপায়হীন হৈ কিছু সাহায্য আগবঢ়াবলৈ চৰকাৰক আবেদন জনাইছে।