Home Blog Page 2333

গুৰুতৰ ৰোগত আক্ৰান্ত বিশ্বৰ জনপ্ৰিয় গায়ক পপ তাৰকা জাষ্টিন বিবাৰ

গুৰুতৰ ৰোগত আক্ৰান্ত বিশ্বৰ জনপ্ৰিয় গায়ক পপ তাৰকা জাষ্টিন বিবাৰ।গায়ক গৰাকীৰ চেহেৰাৰ এটা অংশ সম্পূৰ্ণ ৰূপে বিকল।গুৰুতৰ ৰোগত আক্ৰান্ত বিশ্বৰ জনপ্ৰিয় গায়ক পপ তাৰকা জাষ্টিন বিবাৰ।হলীউডৰ গায়ক গৰাকীৰ চেহেৰাৰ এটা অংশ সম্পূৰ্ণ ৰূপে বিকল হৈ পৰিছে।

জাষ্টিনে তেখেতৰ পৰৱৰ্তী কনচাৰ্ট শ্বো সমূহ বাতিল কৰা বুলি সদৰি কৰে।এটা ভিডিঅ শ্বেয়াৰ কৰি গায়ক গৰাকীয়ে নিজৰ বেমাৰৰ বিষয়ে সদৰি কৰে।

জাষ্টিন বিবাৰে শুক্ৰবাৰে ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছিল যে,তেওঁ ৰামছে হান্ট চিণ্ড্ৰোমত আক্ৰান্ত হৈছে আৰু যাৰ বাবে তেওঁৰ মুখৰ সোঁফালটো পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে।জাষ্টিনে অনুৰাগীসকলক এইটোও দেখুৱাইছিল যে চিণ্ড্ৰোমৰ কাৰণে তেওঁ সোঁফালে চকু টিপিব বা হাঁহিব নোৱাৰে।তেওঁ এইটোও কৈছিল যে এই কাৰণে তেওঁ ন্যায় বিশ্ব ভ্ৰমণস্থগিত কৰিব লগা হৈছিল।ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত জাষ্টিনক কোৱা দেখা যায়, “মোৰ ৰামছে হান্ট চিণ্ড্ৰোম নামৰ এই লক্ষণটো আছে আৰু এই ভাইৰাছৰ পৰাই মোৰ কাণৰ স্নায়ু আৰু মোৰ মুখৰ স্নায়ুআক্ৰমণ কৰে আৰু মোৰ মুখমণ্ডলত পক্ষাঘাত হৈছে।

“উল্লেখযোগ্য যে, গায়ক গৰাকীয়ে সদৰি কৰা অনুসৰি, এই ৰোগৰ বাবে গায়ক গৰাকীৰ চেহেৰাৰ এটা অংশ বিকল তথা পেৰালাইছিছ হৈ পৰিছে।তেওঁ মুখমণ্ডলৰ ব্যায়াম কৰি আছে।এক ভাইৰাছৰ দ্বাৰা এই ৰোগ বিধ হোৱা বুলি জানিবলৈ দিয়ে জাষ্টিনে। এই ভাইৰাছে শৰীৰৰ সিৰা সমূহত আক্ৰমণ কৰা বুলি কয়, যাৰ বাবেই চেহেৰাৰ আধা অংশ পেৰালাইছিছ হৈ পৰে।

তেজপুৰৰ বাটামাৰীত এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰ মুকলি হিমন্ত হিশ্ব শৰ্মাৰ

আজি তেজপুৰত উপস্হিত হিমন্ত হিশ্ব শৰ্মা ।

তেজপুৰৰ বাটামাৰীত এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰ মুকলি কৰে হিমন্ত হিশ্ব শৰ্মাই ।

বিশ্বমানৰ সা-সুবিধাৰে সজ্জিত সন্মিলন কেন্দ্ৰটো বিভিন্ন সভা-সমিতি, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে চহৰখনৰ সৌন্দৰ্য আৰু বৰ্ণিল ঐতিহ্যৰ ভঁৰাল চহকী কৰিব কয় হিমন্ত হিশ্ব শৰ্মাই ।

হিমন্ত হিশ্ব শৰ্মাৰ সৈতে সতীৰ্থ মন্ত্ৰীসকল, সাংসদ শ্ৰীপল্লৱলোচন দাস, বিধায়কসকল আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

নাজিৰাৰ সীমান্তৱৰ্তী লক্ষ্মীজান চাহ বাগিছাত PMAYআঁচনিৰ হিতাধিকাৰীৰ ধন হৰলুকি কৰাৰ অভিযোগ

শিৱসাগৰ জিলা নাজিৰাৰ সীমান্তৱৰ্তী লক্ষ্মীজান চাহ বাগিছাত Pmay আঁচনিৰ হিতাধিকাৰীৰ ধন হৰণলুকি কৰাৰ অভিযোগ!
এই অভিযোগত বিজেপিৰ ৰজাভেটা গাওঁ পঞ্চায়তৰ উপ -সভাপতি অমৃত তাঁতী, ৱাৰ্ড মেম্বাৰ বিষ্ণু হালৈ আৰু সহযোগী দুৰ্গা হালৈ আৰক্ষীৰ জালত।
লগতে কৃষ্ণ কণ্ড আৰু ৰাজেশ তাঁতী নামৰ আন দুজনক সোধা-পোছাৰ বাবে নিশা গেলেকী আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।


অভিযুক্তসকলক আৰক্ষীৰ তদন্তৰ আওতাৰ পৰা আঁতৰ কৰিবলৈ নিশা অন্যান্য শ্ৰেণীৰ লোক থানালৈ ৰাওনা হোৱাত উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ।
লক্ষ্মীজান চাহ বাগিছাৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জয় মাহালিৰ বিৰুদ্ধে প্ৰাপ্তঃবয়স্ক লোকক নিশা হাৰাশাস্তি কৰাৰ আন এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।
এই খবৰে ৰাইজ আৰু সচেতন মহলৰ মাজত ব্যাপক খলকনিৰ সৃষ্টি কৰিছে।

বঙাইগাঁও জিলাৰ বাওবাৰীৰ ৰেলৱে দলংৰ তিনি খন খুটি বহি যোৱাত আবদ্ধ কেইবাখনো ৰে’লগাড়ী

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বাওবাৰী ৰেলৱে দলঙৰ খুটি বহি যোৱাত ৰেলৰ যাতায়ত ব্যহত হৈ পৰিছে।বাওবাৰীতে নতুনকৈ দলং নিৰ্মাণৰ কাম কৰাৰ বাবে Pocland ৰে মাটি খান্দিবলৈ লওতে পুৰণি দলঙৰ তিনিখন খুটি বহি যায়। ফলত ৰেলৱে যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰে।

পাতিলাদহা ৰেলৱে ষ্টেচনত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ আবদ্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।ইফালে নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনতো কেইবাটাও ৰেল আবদ্ধ আছে বুলি জানিব পৰা গৈছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে ন্যায়াধীশ লানুছুংকুম জামিৰৰ শপত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে ন্যায়াধীশ লানুছুংকুম জামিৰৰ শপত।
১০ জুনজ্ঞ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ লানুছুংকুম জামিৰে শপত গ্ৰহণ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়ালয়ৰ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয়। ইয়াৰ পূৰ্বে ন্যায়াধীশ লানুছুংকুম জামিৰে মণিপুৰৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২২ জুনৰ পৰা মহা অম্বুবাচী মেলা

২২ জুনৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা

ভক্ত সকলৰ বাবে তিনিদিন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ

২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা

অম্বুবাচীক লৈ এতিয়া উখল-মাখল কামাখ্যা ধাম

২২ জুনৰ নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ

২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব মন্দিৰৰ দুৱাৰ

২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছতহে ভক্তৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ

স্থানীয় লোকৰ নিৰ্ধাৰিত বাহনৰ বাদে বাহনৰ চলাচলত নিষেধাজ্ঞা

কামাখ্যালৈ যোৱা পথত ভক্তৰ বাবে থাকিব খোৱাপানীৰ ব্যৱস্থা

এইবাৰ নীলাচলত নাথাকিব ভক্তৰ বাবে থকাৰ কোনো ব্যৱস্থা

ভৰলুমুখ, বৰিপাৰা, নাহৰবাৰীতো নাথাকিব ভক্তৰ বাবে কেম্প

ফাঁচীবজাৰ, গোশালা, পাণ্ডুত থাকিব ভক্তৰ বাবে কেম্পৰ ব্যৱস্থা

নীলাচলৰ ভিন্ন প্ৰান্তত সংস্থাপন কৰা হ’ব চি চি টিভি কেমেৰা

কভিড সংক্ৰান্তীয় বাধ্যবাধকতাৰ মাজেৰেই অম্বুবাচী মেলা পালনৰ সিদ্ধান্ত মন্দিৰ কৰ্তিপক্ষৰ

ধৰ্মান্ধতা আৰু তাৰ প্ৰতিক্ৰিয়া !

ৰতবৰ্ষত ভালেমান দিন ধৰি একশ্ৰেণীৰ হিন্দুধৰ্মৰক্ষকে এই ধৰ্ম ৰক্ষাৰ বাবে আন ধৰ্মাৱলম্বীক, বিশেষকৈ ইছলামধৰ্মী সকলক আৰু কিছু পৰিমাণে খ্ৰীষ্টান সকলক, ভাবুকি আৰু আক্ৰমণৰ লক্ষ্য কৰি লৈছে। শাসকদলে এওঁলোকক সংযত কৰিবলৈ বিশেষ চেষ্টা কৰা নাই, আৰু প্ৰশাসনিক ব্যৱস্থাও এনেধৰণৰ কাৰ্যক বাধা দিয়াৰ ক্ষেত্ৰত দ্বিধাগ্ৰস্ত হোৱা দেখা গৈছে । বৰং প্ৰশাসনে বহুসময়ত এনে ঘটনাৰ প্ৰতি ইঙ্গিতপূৰ্ণ সহযোগিতাৰ ব্যৱস্থা কৰি আহিছে।ধৰ্মীয় সংখ্যালঘূসকল ভয়ত পেপুৱা লাগিলেও মাজে মাজে তেওঁলোকে প্ৰত্যাহ্বান নকৰাকৈ থকা নাই। যি প্ৰশাসনে সংখ্যাগুৰুৰ আইন-শৃঙ্খলাবিৰোধী কামৰ প্ৰতি আওকণীয়া হৈ পৰিছে, সেই প্ৰশাসনে কিন্তু সংখ্যালঘূৰ আইন-শৃঙ্খলাবিৰোধী কাৰ্য্যৰ বিৰুদ্ধে তৎপৰতাৰে ব্যৱস্থা লৈছে। অৱশ্যেই সামাজিক উচ্ছৃঙ্খলা ৰোধ কৰাটো আইন-শৃঙ্খলাৰ দায়িত্বত থকা সকলৰ কৰ্তব্য। কিন্তু আইন-শৃঙ্খলা ভঙ্গ কৰা কাৰকবোৰ যদি সংখ্যাগুৰুসকলৰ পৰা উৎপন্ন হয় সেইবোৰলৈ উদাসীন দৃষ্টি দি প্ৰশাসনে শান্তি অটুট ৰাখিব নোৱাৰে। কাৰ অদৃশ্য ইঙ্গিতত প্ৰশাসনৰ এই নিষ্ক্ৰিয়তা বা একপক্ষীয় দৃষ্টিভংগী আঙুলিয়াই দিয়াৰ প্ৰয়োজন নাই।

CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 100

অলপতে শশী থাৰুৰে এঠাইত চৰকাৰলৈ আঙুলিয়াই দিছে যে দেশৰ ভিতৰৰ ধৰ্মান্ধতাৰ প্ৰতিক্ৰিয়া দেশৰ বাহিৰত হয়। এই কথাৰ প্ৰসঙ্গ হ’ল শাসকদলৰ এগৰাকী মুখপাত্ৰই দৃশ্যমাধ্যমত হজৰত মহম্মদক লৈ কৰা এক অতি নিকৃষ্ট মন্তব্য আৰু আন এজনৰ সামাজিক মাধ্যমত কৰা একেধৰণৰ মন্তব্যৰ বিৰুদ্ধে আমাৰ ওচৰ-পাজৰৰ ভালেকেইখন মুছলিম ধৰ্মাৱলম্বী দেশত হোৱা প্ৰতিক্ৰিয়া। এই প্ৰতিক্ৰিয়া ব্যাপক হৈছে আৰু এই দেশবোৰৰ লগত থকা ভাৰতৰ কূটনৈতিক সম্পৰ্কও বাধাগ্ৰস্ত হ’বলৈ ওলাইছে।

এইটো কেৱল এটা ঘটনাৰ প্ৰতিক্ৰিয়াই নহয়। যিবোৰ সংখ্যালঘুবিৰোধী কাৰ্যত আমাৰ দেশৰ একশ্ৰেণী ধৰ্মান্ধ মানুহ তৎপৰ হৈ আছে, তেওঁলোকৰ এজেণ্ডাবোৰ বিদেশী ৰাষ্ট্ৰৰ চকুত পৰা নাই বুলি ভাবিলে ভুল হ’ব। কিছুদিন আগতে মাত্ৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰই বিভিন্ন দেশৰ ধৰ্মীয় অসহিষ্ণুতাৰ ওপৰত এখন প্ৰতিৱেদন প্ৰকাশ কৰিছে আৰু ভাৰতৰ পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতীয় উৎসৰ পৰাই সংখ্যালঘূৰ ওপৰত-বিশেষকৈ খ্ৰীষ্টিয়ানসকলৰ ওপৰত কৰা অত্যাচাৰৰ বিভিন্ন ঘটনাৰ তথ্য তাত সন্নিবিষ্ট হৈছে। এই প্ৰতিৱেদনত আমাৰ চৰকাৰক পোনপটীয়াকৈ জগৰীয়া কৰা নাই, কিন্তু চৰকাৰে যে সংখ্যালঘূবিৰোধী ঘটনাবোৰ বন্ধ কৰিবলৈ তৎপৰতা দেখুওৱা নাই তাৰ আওপকীয়া ইঙ্গিত আছে। এই প্ৰতিৱেদন ভাৰত চৰকাৰে মানি লোৱা নাই, কিন্তু এনে প্ৰতিৱেদনে আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰত বিৰূপ ভাবমূৰ্তি সৃষ্টি কৰি আহিছে আৰু অস্বীকাৰ কৰিয়েই এই নেতিবাচক ভাৱমূৰ্তি গুচাব নোৱাৰি।

এই শাসকদলৰ চৰকাৰৰ সময়তে বাৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণলৈ আহোঁতে সংবিধানলৈ আঙুলিয়াই দি ধৰ্মৰ ক্ষেত্ৰত আমাৰ দেশত ঘটা একপক্ষীয় আচৰণৰ ইঙ্গিত দি গৈছিল। বৰ্তমান চৰকাৰে এইবোৰ পশ্চিমীয়া প্ৰতিক্ৰিয়াক গুৰুত্ব দিয়া নাই- আমেৰিকান চৰকাৰৰ লগত আন্তৰ্জাতিক ক্ষেত্ৰত কূটনৈতিক স্তৰত হোৱা সহযোগিতাৰ কাৰণে। কিন্তু পশ্চিম এচিয়াৰ আৰু পূব এচিয়াৰ মুছলমান দেশত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ বিৰূপ প্ৰভাৱ ভাৰতৰ বাবে অতি ক্ষতিকাৰক হ’ব। খাৰুৱা তেলৰ কাৰণে পশ্চিম এচিয়াৰ দেশবোৰৰ ওচৰত ভাৰত আটাইতকৈ নিৰ্ভৰশীল, বুজন সংখ্যক ভাৰতীয়ই এই দেশবোৰত কাম ক’ৰে আৰু যথেষ্ঠ বিদেশী মুদ্ৰাৰ আয় দেশে এওঁলোকৰ পৰা পায়। এই দেশবোৰৰ লগত বাণিজ্যিক লেন-দেনো যথেষ্ট পৰিমাণৰ। এই নিৰ্ভৰশীলতা ভাৰতে আওকাণ কৰিব নোৱাৰে, কৰিলে ভাৰতৰেই অৰ্থনীতি ক্ষতিগ্ৰস্ত হ’ব।

বাংলাত এষাৰ কথা আছে, ‘ঠেলাৰ নাম বাবাজী’। ধৰ্মান্ধসকলক হিন্দুধৰ্ম ৰক্ষাৰ বাবে দায়িত্ব দিওঁতে এওঁলোকৰ অতিচাৰক ইমান বেছি প্ৰৰোচনা দিয়া হ’ল যে এওঁলোকে এতিয়া  মুছলমানৰ সকলো ধৰ্মস্থানতে লুপ্ত শিৱলিঙ্গ বা হিন্দুমন্দিৰ আৱিষ্কাৰ কৰিবলৈ লৈছে, যাৰ কাৰণে হিন্দুৰাষ্ট্ৰৰ পোষকতা কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বোচ্চ নেতা মোহন ভাগৱত ডাঙৰীয়াইও কবলগীয়া হ’ল যে প্ৰতিটো মছজিদতে শিৱলিঙ্গ আৱিষ্কাৰ ক’ৰাৰ প্ৰয়োজন নাই। তেওঁ সুৰ মোলায়েম কৰি ক’বলগীয়া হ’ল যে ভাৰতৰ মুছলমান সকল বিদেশী নহয়। এসময়ৰ হিন্দুৰে বংশধৰ আৰু তেওঁলোক ভাৰতীয়। কিন্তু হিন্দু ৰাষ্ট্ৰ প্ৰতিস্থাৰ কাৰণে আঁচনি ল’বলৈ আৰ এছ এছেই জানো হিন্দুসকলক উৎসাহিত কৰি অহা নাই? সেই আঁচনিয়েই এতিয়া সীমা চেৰাই বহুদূৰ পালেগৈ।

মুছলমান বিদ্বেষ সৃষ্টি কৰিবলৈ প্ৰচাৰ চলোৱা হৈছে যে ভাৰতত এদিন জন্মনিয়ন্ত্ৰণ নকৰা মুছলমানৰ জনসংখ্যা ইমান বাঢ়িব যে হিন্দু নিজৰ দেশতে সংখ্যালঘূ হ’বগৈ। ১৯৫১ৰ পৰা ২০০১লৈ ক’ৰা লোকপিয়লৰ পৰিসংখ্যা ল’লে হিন্দুৰ সংখ্যা কিছু কমাৰ বিপৰীতে মুছলমানৰ সংখ্যা কিছু বাঢ়িছে। কিন্তু অচিৰেই ভাৰত মুছলমান-প্ৰধান দেশ হ’ব বুলি চলোৱা প্ৰচাৰ উদ্দেশ্য-ধৰ্মী। এটা মাৰ্কিন সন্থা পিউ ইন্সটিউটে ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যা পৰীক্ষা কৰি দেখুৱাইছে যে ১৯৫১ চনৰ লোকপিয়লৰ মুছলমান জনসংখ্যা  ৯.৮ %ৰ পৰা বাঢ়ি অৱশ্যেই ২০১১ চনত ১৪.০২ % হ’ল আৰু হিন্দুৰ শতাংশ ৮৪.১%ৰ পৰা কমি ৭৯.৮% শতাংশ হ’ল। মুছলমানৰ এই বৃদ্ধি হুৰাওৰাও বৃদ্ধি নহয়। এই সুদীৰ্ঘ সময়ত ৪.৪% মুছলমান বাঢ়িছে।

কিন্তু মুছলমানসকলৰ মাজতো জন্মনিয়ন্ত্ৰণৰ সচেতনতা যথেষ্ট বৃদ্ধি পাইছে। আজিৰ ১০ জুনৰ The Times of Indiaৰ সম্পাদকীয় পৃষ্ঠাত এটা প্ৰবন্ধ লিখিছে ৰোহিত চৰনে। তেওঁ দেখুৱাইছে ২০৪৫-২০৫০চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা সৰ্বোচ্চ বৃদ্ধি পাই ১.৬ বিলিয়ন হ’ব আৰু মুছলমানৰ সৰ্বোচ্চ জনসংখ্যা মুঠ জনসংখ্যাৰ ১৮% হ’ব। তেওঁ দেখুৱাইছে ভাৰতীয় মুছলমান মহিলাৰ উৰ্বৰতা ক্ৰমাৎ হ্ৰাস পাই আহিছে আৰু এই ধাৰা থাকিলে হিন্দু আৰু মুছলমান মহিলাৰ উৰ্বৰতা সমানৰ হ’ব। ভাৰতলৈ ওচৰ-চুবুৰীয়া দেশৰ পৰা অনুপ্ৰৱেশ কৰা মুছলমানৰ সংখ্যাও কমি আহিছে আৰু আমাৰ দেশৰ শক্তিশালী নেতাই কোৱাৰ দৰে এই পৰিসংখ্যা উইপৰুৱাৰ ধ্বংসমূলক বৃদ্ধিৰ দৰে নহয়। কিন্তু পৰিসংখ্যা অপপ্ৰচাৰত এনেদৰে ব্যৱহাৰ ক’ৰা হৈছে যে দেশত মুছলমান বিদ্বেষ ঘৃণাৰ পৰ্যায় পাইছে। এনে প্ৰচাৰে সাম্প্ৰদায়িক পৰিস্থিতিক উদগনি দি আছে।

বাংলাদেশ হাই কমিছনৰ বাহিৰত গুলীচালনা, নিহত দুজন

কলকাতাত বাংলাদেশ হাই কমিছনৰ বাহিৰত গুলীচালনা, দুজন নিহত

কলকাতাত গুলীচালনাৰ খবৰ পোৱা গৈছে।

বাংলাদেশ উচ্চআয়োগৰ বাহিৰত গুলীবৰ্ষণ হৈছে।

দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

কলকাতাত গুলীচালনাৰ খবৰ পোৱা গৈছে।

ভাৰতীয় ষ্টেট বেংকে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ

ভাৰতীয় ষ্টেট বেংকে গ্ৰাহক সকলৰ মাজত সচেতনতা আৰু সজাগতা সৃষ্টিৰ  উদ্দেশ্যেৰে বিগত কিছু দিনৰে পৰা প্ৰতিটো অঞ্চলতে বিত্তীয় সাক্ষৰতা শিবিৰ মুকলি  কৰিছে৷ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ ঢেকীয়াজুলি শাখাই অবিৰত ভাবে চলাই গৈছে সজাগতা অভিযান৷সেই মৰ্মে ভাৰতীয় ষ্টেট বেংকৰ ঢেকীয়াজুলি শাখাই আজি পিৰাকটা গাঁও পঞ্চায়তৰ অধীনস্থ পিৰাকটা কছাৰী গাঁৱত অৱস্থিত ৰাজহুৱা সভা গৃহত বিত্তীয় সাক্ষৰতা অভিযানৰ উদ্যেশ্য এখনি সভাৰ আয়োজন কৰি ৰাইজক ভাৰতীয় ষ্টেট বেংকে আগবঢ়োৱা সুবিধা সমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

উক্ত বিত্তীয় সাক্ষৰতা অভিযানৰ সভাত বিভিন্ন গ্ৰামাঞ্চলৰ মহিলা সকলৰ ব্যাপক সহাঁৰী দেখিবলৈ পোৱা গ’ল৷

ধৰ্ষণ আইন সলনি কৰিছে চেক্সন মুলিন্স নামৰ মহিলাগৰাকীয়ে 

চেক্সন মুলিন্স: মহিলাগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ধৰ্ষণ আইন সলনি কৰিছে

চেক্সন মুলিন্সে কৈছে যে তাইৰ এবাৰ ৰোমান্টিক সপোন আছিল যে তাইৰ ‘প্ৰথম বাৰ’ কেনেকুৱা হ’ব।

১৮ বছৰ বয়সৰ চিডনীৰ এটা আলিত তাই ভয়ত পক্ষাঘাতগ্ৰস্ত হোৱা নাছিল, মাত্ৰ কেইমিনিটমান আগতে লগ পোৱা এজন ব্যক্তিৰ সৈতে।

শ্ৰীমতী মুলিন্সে সদায়ে এই ঘটনাটো বজাই ৰাখিছে – 2013 চনত – ধৰ্ষণ আছিল।

ই তাইক অষ্ট্ৰেলিয়াত আইনী সংস্কাৰৰ বাবে জোৰ দিবলৈ উৎসাহিত কৰিছিল, এক দীঘলীয়া আদালতৰ যুঁজ সমাপ্ত হোৱাৰ পিছত এজন ন্যায়াধীশে জড়িত ব্যক্তিজনক বিচাৰি পোৱানাছিল যে তাই যৌন সম্পৰ্কত সন্মতি দিয়া নাছিল।

যোৱা সপ্তাহত – তাই পৰাজিত আৰু শক্তিহীন অনুভৱ কৰি আদালতৰ পৰা ওলাই যোৱাৰ পাঁচ বছৰ পিছত – তাইৰ ৰাজ্যই এক আইন প্ৰৱৰ্তন কৰিছিল যিয়ে সেই সময়ত মানুহজনৰ অস্তিত্ব থাকিলে কাৰাগাৰলৈ যাব লগা হ’লহেঁতেন।

এতিয়া ২৭ বছৰীয়া শ্ৰীমতী মুলিন্সে বিবিচিক কয়, “এইটো বহুলোকৰ বাবে অলপ ন্যায়।

“এয়া স্বীকৃতি: ‘আপোনাৰ সৈতে যি ঘটিছিল সেয়া বেয়া আছিল, আৰু ইয়াৰ বাবে আমি সলনি হৈ আছোঁ।’

নিউ চাউথ ৱেলছ (এনএছডব্লিউ)ত নতুন “ইতিবাচক সন্মতি” আইনৰ অধীনত, এজন ব্যক্তিয়ে যৌনসম্ভোগৰ বাবে তেওঁলোকৰ সন্মতি জনোৱাৰ বাবে কিবা ক’ব লাগিব বা কৰিব লাগিব।

আগতে বিৰোধীসকলে যুক্তি দিব পাৰে যে তেওঁলোকে যুক্তিসঙ্গতভাৱে বিশ্বাস কৰিছিল যে তেওঁলোকৰ সন্মতি আছে – আনকি অভিযুক্ত ভুক্তভোগীয়ে ইয়াক জনোৱাৰ বাবে একো নকৰিলেও।

মূলতঃ, সন্মতি এতিয়া যৌনতাৰ বাবে হয় বুলি কোৱা ব্যক্তি এজনৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকৰ অনুপস্থিতিয়ে না কোৱাৰ সলনি।

পাঁচ বছৰীয়া আদালতৰ দুঃস্বপ্ন 

আদালতত, শ্ৰীমতী মুলিন্সে অনুভৱ কৰিছিল যে তেওঁ না কৈছিল বা মানুহজনক ৰ’বলৈ কৈছিল বুলি প্ৰমাণ কৰাৰ দায়িত্ব তেওঁৰ ওপৰত আছিল।

তাই এজন জুৰীক কৈছিল যে মানুহজন “হতাশ” আৰু “আক্ৰমণাত্মক” হৈ পৰিছিল যেতিয়া তাই তাক জনাইছিল যে তাই তাইৰ বন্ধুৰ ওচৰলৈ নাইট ক্লাবৰ ভিতৰলৈ ঘূৰি যাব বিচাৰে।

তাই কৈছিল যে তাই হিমশীতল হৈ পৰিছিল – যৌন নিৰ্যাতনৰ এক সাধাৰণ সঁহাৰি।

“মই কেৱল ভয় খাইছিলো, মোৰ ধাৰণা। মই কি কৰিব লাগে নাজানিছিলো সেয়েহে তেওঁ যি কৈছিল মই মাত্ৰ সেইটোকৰিছিলো,” শ্ৰীমতী মুলিন্সে এটা পৰীক্ষণত কৈছিল।

তেওঁক জুৰীয়ে দোষী সাব্যস্ত কৰিছিল আৰু পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। তাইৰ বাবে, এইটো আচৰিত, সকাহ আৰু অপৰাধৰ এক “ভয়ংকৰ” সংমিশ্ৰণ আছিল। তাই অনুভৱ কৰিছিল যেন তাই তাৰ জীৱন ধ্বংস কৰিছে।

কিন্তু তেওঁ সফলতাৰে ৰায়টোৰ বিৰুদ্ধে আপীল কৰিছিল, দ্বিতীয় বিচাৰ কৰিবলৈ বাধ্য কৰিছিল – এইবাৰ অকলে ন্যায়াধীশৰ সন্মুখত।

দ্বিতীয় ৰায়টো শুনি – দোষী নহয় – শ্ৰীমতী মুলিন্সৰ বাবে আৰু বেয়া আছিল।

তাই মানুহজনৰ পৰা মাত্ৰ তিনিখন চকী আঁতৰত বহি আছিল, নিঃশব্দে কান্দি আছিল যেতিয়া সি সকাহ দি ছিল আৰু তাৰ মাকক সাৱটি ধৰিছিল।

“এইটো সঁচাকৈয়ে ব্যক্তিগত অনুভৱ হৈছিল। এইটো ‘ওহ, আমি এই সীমা পূৰণ কৰা নাছিলো’ নাছিল। এনে লাগিছিল যেন এইটো মই বিশ্বাস কৰা নাছিলোঁ,” তাই কয়।

অভিযোজকসকলে পিছত এটা আপীলৰ সৈতে আগবাঢ়িব, কিন্তু আদালতে অৱশেষত বিচাৰি পাইছিল যে আন এটা পুনৰ বিচাৰ অভিযুক্তৰ ওপৰত অত্যাচাৰী হ’ব – এইটো তেওঁৰ তৃতীয় টো হ’ব, তেওঁ ইতিমধ্যে 10 মাহ কাৰাবাস খাটিছিল, আৰু প্ৰশ্নত ৰাতিৰ পৰা পাঁচ বছৰ পাৰ হৈ গৈছিল ।

অপৰাধপ্ৰক্ৰিয়াৰ পৰা ন্যায়ৰ কোনো ধাৰণা নোহোৱাকৈ, শ্ৰীমতী মুলিন্সে অনুভৱ কৰিছিল যে তেওঁ কথা ক’ব লাগিব।

তাই কয়, “মই ইয়াৰ পৰা হাত ধুব পাৰিলোহেঁতেন, কিন্তু আন কোনোবাই তেতিয়া তেওঁলোকৰ হাত লেতেৰা কৰিব লাগিব।”

“আৰু মোৰ ইতিমধ্যে লেতেৰা আছিল, সেয়েহে মই ভাবিছিলো যে মইও আগবাঢ়ি যাম।”

২০১৮ চনত তাই তাইৰ নাম গোপন ৰখাৰ অধিকাৰ ত্যাগ কৰিছিল আৰু অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচনৰ ফ’ৰ কৰ্ণাৰ কাৰ্যসূচীত তাইৰ কাহিনী টো কৈছিল।

এইটোৱে সমগ্ৰ অষ্ট্ৰেলিয়াত শ্বকৱেভ প্ৰেৰণ কৰিছিল।