Home Blog Page 2332

তেজপুৰৰ লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ

প্ৰখ্যাত তেজপুৰ লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ। ৰস, ৰং আৰু সোৱাদৰ অনন্যতাৰ বাবে প্ৰখ্যাত তেজপুৰ লিচুৱে ২০১৫ চনতে লাভ কৰিছিল জি আই টেগ। এই প্ৰখ্যাত তেজপুৰ লিচুৰ বাবে আজি এক বিশেষ দিন। কিয়নো আজি পোনপ্ৰথমবাৰৰ বাবে তেজপুৰ লিচুৱে লাভ কৰিবলৈ সক্ষম হ’ল আন্তঃৰাষ্ট্ৰীয় বজাৰ।

প্ৰায় ১০৬ জন কৃষকেৰে গঠিত অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰদ্বাৰা উৎপাদিত ৬৫০ কিলোগ্ৰাম তেজপুৰ লিচু “Kiega Exims” নামৰ কোম্পানীটোৱে আজি লণ্ডনলৈ ৰপ্তানি কৰে। তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতেই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শুভাৰম্ভণি কৰা এই ৰপ্তানি যাত্ৰাৰ কাৰ্যসূচীত উপস্থিত থাকে।

এই উল্লেখনীয় প্ৰক্ৰিয়াটোৰ সৈতে জড়িত APEDA, APART, BNCA, অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড, শোণিতপুৰ জিলা কৃষি বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, জিলা প্ৰশাসন, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-ৰ প্ৰতিগৰাকী সংশ্লিষ্ট ব্যক্তি প্ৰচেষ্টা । অনাগত সময়ত তেওঁলোকৰ এই প্ৰচেষ্টা সফল ৰূপত আগবাঢ়ি যোৱাৰ লগতে তেজপুৰ লিচুৰ সোৱাদ বিশ্ববাসীৰ বাবেই পৰিচিত হৈ পৰিছে ।

এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আমাৰ বিভাগে সবল ভূমিকা গ্ৰহণ কৰি যুৱপ্ৰজন্মৰ মাজত স্বনিৰ্ভৰশীলতাৰ ভাৱনা জগাই তুলিছে। থলুৱাভাৱে উৎপাদিত ফল-মূলৰ বিশ্বজুৰি এখন বহল বজাৰ নিশ্চিত কৰাৰ বাবেও আমি প্ৰয়াস কৰি আছোঁ। তেজপুৰৰ লিচুৰ লণ্ডন অভিমুখী যাত্ৰাই আমাৰ কৃষকসকলক ন-উদ্যমেৰে উৎপাদনমুখী কাম-কাজত মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰিব।আজিৰ এই কাৰ্যসূচীত মন্ত্ৰীসকল, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী, সঞ্চালক শ্ৰী অনন্ত লাল জ্ঞানী, উদ্যান শস্য বিভাগৰ সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে বিভাগীয় তথা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

তেজপুৰত অনুষ্ঠিত ৫০ সংখ্যক কেবিনেট বৈঠকত চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

আজিৰ কেবিনটে লোৱা সিদ্ধান্ত সমূহ হৈছে৩৫০ কোটি টকা ব্যয়েৰে অমৃত সৰোবৰ নিৰ্মাণ কৰিব চৰকাৰে।৫ হাজাৰ আসনবিশিষ্ট প্রেক্ষাগৃহ হ’ব গুৱাহাটীত। ১৮৫ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিব প্রেক্ষাগৃহ।অসমৰ আটাইতকৈ ব্যয়বহুল ফ্লাইঅভাৰ হ’ব তেজপুৰত।তেজপুৰৰ মিছন চাৰিআলিত নিৰ্মাণ কৰিব ফ্লাই অ’ভাৰ।৪৭৪ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হ’ব ফ্লাই অভাৰ।স্থানান্তৰ কৰা হব তেজপুৰ কাৰাগাৰ।বৰ্তমানৰ কাৰাগৰত স্থাপন হ’ব সাংস্কৃতিক প্রকল্প নির্মাণ কৰিব এহেজাৰ আসন বিশিষ্ট প্রেক্ষাগৃহৰ।তেজপুৰৰ বৰপুখুৰীক নতুনকৈ সজাই তুলিব চৰকাৰে।ইয়াৰ বাবে অসম চৰকাৰে ১৬ কোটি টকা ব্যয় কৰিব।বাণ থিয়েটাৰক নতুনকৈ সজাই তোলা হব।ইয়াৰ বাবে ৪.৫০ কোটি পুঁজিত অনুমোদন।ৰাজ্যত ৫৭ লাখ স্মার্ট মিটাৰ যোগান ধৰিব চৰকাৰে।২৭৮২ ফিডাৰ মিটাৰত অনুমোদন কেবিনেটত।

ৰাজ্যত ৭৭ হাজাৰ নতুনকৈ ট্রেন্সফর্মাৰ স্থাপন কৰিব চৰকাৰে।আলাবৈৰ স্মৃতি ৰণক্ষেত্ৰৰ বাবে বিশেষ পুঁজি। ১৫০ কোটি টকাৰ পুঁজি কেবিনেটত। ১৩০ বিঘা ভূমিত নির্মাণ হব প্রকল্প।১০০ ফুট ওখ হেংদাং নির্মাণ হ’ব।যোৰহাট কাৰাগাৰক সংৰক্ষণ কৰিব চৰকাৰে।১৩৪.৯১ কোটি টকাৰ পুঁজিত অনুমোদন। নতুনকৈ সজাই তোলা হ’ব যোৰহাট কাৰাগাৰ।গৰুখুঁটি প্রকল্পক লৈ কেবিনেটত সিদ্ধান্ত।গৰুখুঁটি প্রকল্পক স্থায়ী প্ৰকল্পৰূপে ঘোষণা মুখ্যমন্ত্ৰীৰ।প্রকল্পত থাকিব এজন অধ্যক্ষ, এজন এই চি এচ বিষয়া।এতিয়াৰে পৰা গৰুখুটিৰ কৃষি প্ৰকল্প পৰিচালনা কৰিব স্থায়ী সমিতিয়ে। তামুলপুৰ আৰু বৰ্মাক পোনপটীয়াকৈ সংযোগ কৰিব।পাগলাদিয়াৰ ওপৰত নিৰ্মাণ হ’ব দলং।২৪৭ কোটিৰ পুঁজিত অনুমোদন কেবিনেটৰ।এই পথটোৱে ভূটানলৈ বিকল্প পথৰ সৃষ্টি কৰিব।লখিমপুৰ আৰু ঢকুৱাখনাক পোনপটীয়াকৈ সংযোগ কৰা হ’ব।ঘৃণাসুঁতিৰ ওপৰত দলং নিৰ্মাণ কৰিব চৰকাৰে।৩৮৩ কোটি টকাৰ পুঁজিত অনুমোদন কেবিনেটৰ।২৩ কিঃমিঃ অতিক্ৰম কৰিলেই সংযোগ হ’ব লখিমপুৰ আৰু ঢকুৱাখানা।

এই দলঙৰ ফলত পূৰ্বৰ ৭১ কিলোমিটাৰ দূৰত্ব দলং নিৰ্মাণ হলে মাত্ৰ ২৩ কিলোমিটালৈ হ্ৰাস হব।বটদ্ৰৱা প্ৰকল্পৰ কাম তীব্র গতিত চলিছে।দ্বিতীয় প্ৰকল্পত অনুমোদন কেবিনেটৰ।১০৮ কোটি টকা ব্যয় কৰিব অসম চৰকাৰে।লাচিত বৰফুকনৰ সমাধিক লৈ কেবিনেটত সিদ্ধান্ত।১৪৯ কোটিৰ পুঁজিত অনুমোদন চৰকাৰৰ।লাচিত বৰফুকনৰ প্ৰতিমাও স্থাপন হ’ব।১৫০ ফুট দৈৰ্ঘ্যৰ প্ৰতিমা স্থাপন কৰিব চৰকাৰে।চাহ বাগিচা অঞ্চলৰ অব্যৱহৃত মাটিত খেতি কৰিব পাৰিব।জালুক বা আন খেতিৰ অনুমতি প্ৰদান কৰা হ’ব।পুখুৰী খান্দিব পাৰিব, বহুৱাব পাৰিব ছলাৰ পাৱাৰ।

বাগিচাৰ শ্ৰমিকৰ বাবে দক্ষতা বিকাশৰ কাম কৰিব পাৰিব।শক্তি বিভাগক লৈ কেবিনেটত সিদ্ধান্ত।৮,৭২৭ কোটি টকাত অনুমোদন।দুৰ্ঘটনা হ্রাস কৰাৰ ব্যৱস্থা কৰিব শক্তি বিভাগে।কেন্দ্ৰীয় চৰকাৰৰ সহযোগত এই পি ডি চি এলে ৰূপায়ণ কৰিব আঁচনি।৫ হাজাৰ কোটি টকাৰে ৰাজ্যত নিৰ্মাণ হ’ব বৃহৎ সৌৰ শক্তি প্ৰকল্প, উৎপাদন কৰা হ’ব ১০০০ মেগাৱাট বিদ্যুৎ।মিছন সম্ভাৱনাৰ অধীনত ডাঙৰ পদক্ষেপ মাটি আবণ্টনৰ ১,০৩৭টা প্ৰস্তাৱত কেবিনেটৰ অনুমোদন।মৰা ভৰলু নৈ নতুনকৈ খান্দি ইয়াক ন ৰূপ দিয়াৰ বাবে আজিৰ কেবিনেটে ১৫ কোটি টকাৰ অনুমোদন দিয়ে।

অমিতাৰ আছে বহু উপকাৰী গুণ…

শৰ্কৰা, এনজাইম ইত্যাদিও কম পৰিমাণে পোৱা যায়। কেঁচা অমিতাত থকা গাখীৰৰ দৰে বগা ৰসৰ পৰা পেপেন নামৰ ঔষধীয় পদাৰ্থ তৈয়াৰ কৰা হয়। বিভিন্ন ঔষধ প্ৰস্তুত কৰোঁতেও পেপেন ব্যৱহাৰ কৰা হয়।
অমিতা ঔষধি গুণেৰেও ভৰপুৰ।
অমিতা খালে তেজ পৰিষ্কাৰ হয়।


কোষ্ঠকাঠিন্যৰ বাবে অমিতা মহৌষধ বুলিব পাৰি। সদাই পকাই হওক বা কেঁচাই হওক
অমিতা খালে কোষ্ঠকাঠিন্যৰ পৰা হাত সাত সাৰিব পাৰি।
অনিয়মিত ঋতুস্ৰাৱৰ কষ্ট পোৱা মহিলাসকলে সদাই পকা অমিতা (২-৩ গ্ৰাম) এমাহমান খালে ৰোগ সোনকালে নিৰাময় হয়।
প্ৰসৱৰ পিছত মাতৃৰ বুকুৰ গাখীৰ কম হ’লে প্ৰতিদিনে অমিতা খালে সুফল পোৱা যায়।
অমিতাত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। সেয়ে সদাই অমিতা খালে দাঁত আৰু হাড়ৰ গঠন শক্তিশালী হয়।

কেকেৰ মৃত্যুত অৰ্জুনে কি কৈছিল …

কে.কে.-য়ে যি মঞ্চত প্ৰদৰ্শন কৰিছিল, অৰ্জুন কানুংগোৱে সঁচা কথা টো কৈছিল

অৰ্জুন কানুংগোৰ পোষ্টটোৱে দেখুৱাইছে যে যদি অনুষ্ঠানটো সঠিক সময়ত বাতিল কৰা হ’লহেঁতেন, কেকেৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন। কেকেৰ মৃত্যুৰ পিছত তেওঁৰ অন্তিম প্ৰদৰ্শনী আছিল ভিডিঅ’বোৰো শ্বেয়াৰ কৰা হৈছিল, য’ত তেওঁক একেবাৰে ভাল দেখা নাছিল।

কোনেও ভবা নাছিল যে ৩১ মে, ২০২২ বলীউডৰ জনপ্ৰিয় গায়ক কে কেৰ জীৱনৰ অন্তিম দিন হ’ব । ৩১ মে’ত কে কে কলকাতাৰ নজৰুল মঞ্চত প্ৰদৰ্শন । কোৱা হৈছিল যে এই সময়ছোৱাত তেওঁ অস্থিৰ আছিল, যাৰ পিছত তেওঁ লগে লগে মঞ্চৰ পৰা হোটেলত উপস্থিত হৈছিল। কোৱা হয় যে সংগীতানুষ্ঠানৰ পিছত, কে.কে. অজ্ঞান হৈ পৰিছিল,  যৰ বাবে তেওঁৰ মূৰত আঘাতও হৈছিল। কে.কে.-ৰ মৃত্যুৰ পিছত, নজৰুল মঞ্চত অনুষ্ঠিত সংগীতানুষ্ঠানৰ বিষয়েও বহুতো প্ৰশ্ন উত্থাপিত হৈছিল। এতিয়া কে.কে.-ৰ মৃত্যুত, গায়ক অৰ্জুন কানুংগোৱে এটা আচৰিত পোষ্ট শ্বেয়াৰ কৰিছে।

কেকেৰ মৃত্যুত অৰ্জুনে কি কৈছিল 
অৰ্জুন কানুংগোৱে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ সংগীতানুষ্ঠানৰ সময়ত গোটেই কাহিনীটো কৈছিল । গায়কে কয় যে কে.কে.-ৰ আগতে, তেওঁ সেই নজৰুল প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰিছিল। প্ৰেক্ষাগৃহটো যথেষ্ট গৰম আছিল, যাৰ বাবে তেওঁ অস্থিৰ অনুভৱ কৰিছিল আৰু উশাহ ল’বপৰা নাছিল। গৰমৰ কাৰণে এচিবোৰে কাম কৰা নাছিল।

১৩৮খন চৰকাৰী বিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল।১৩৮খন চৰকাৰী বিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী।শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব প্ৰধান শিক্ষক,শিক্ষক-শিক্ষয়িত্রী।হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক কৈফিয়ৎ তলব অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ।ৰাজ্যৰ ১৩৮খন মাধ্যমিক সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেবাৰে শোচনীয় প্ৰদৰ্শন বিদ্যালয়সমূহৰ ভিতৰত ৩০খন বিদ্যালয়ৰ এগৰাকীও ছাত্ৰ-ছাত্ৰী শিক্ষকলৈ মাধ্যমিক শিক্ষা বিভাগে প্ৰেৰণ কৰিছে জাননী।

শূন্য উত্তীৰ্ণ আৰু ১০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰ মুৰব্বীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা লোৱা নহ’ব সেই সন্দৰ্ভত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।মাধ্যমিক শিক্ষা সঞ্চালকালয়ে শূন্য শতাংশ উত্তীৰ্ণ হোৱা ২৫ খন বিদ্যালয়, ১০ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা ৭০ খন বিদ্যালয় আৰু ১০ শতাংশ উত্তীৰ্ণ হোৱা ৭খন বিদ্যালয়সহ মুঠ ১০২ খন বিদ্যালয়ৰ মুৰব্বীলৈ জাননী জাৰি কৰি কৈফিয়ৎ তলব কৰা হৈছে।

এসপ্তাহৰ ভিতৰত পৰীক্ষাৰ অতি শোচনীয় ফল সন্দৰ্ভত উক্ত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক কিম্বা অধ্যক্ষই মাধ্যমিক শিক্ষা বিভাগক উত্তৰ দিব লাগিব।উল্লেখযোগ্য যে কাছাৰ জিলাৰ সৰ্বাধিক ১৪খন, কাৰ্বি আংলং জিলাৰ ১১খন, গোৱালপাৰা জিলাৰ ৯খন, যোৰহাট জিলাৰ ৮খন, নগাঁও জিলাৰ ৮খন, কামৰূপ মহানগৰ জিলাৰ ৬খন, ডিব্ৰুগড় জিলাৰ ৫খন, ধুবুৰী জিলাৰ ৪খন, পশ্চিম কাৰ্বি আংলং জিলাৰ ৪খন, কৰিমগঞ্জ জিলাৰ ৫খন, বৰপেটা আৰু দক্ষিণ শালমাৰা জিলাৰ ৩ খনকৈ বিদ্যালয়লৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছে এই জাননী।

শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মেট্ৰিক পৰীক্ষাত শূন্য ফল প্ৰদৰ্শন কৰা আৰু অতি কমসংখ্যক পৰীক্ষাৰ্থী উত্তীর্ণ হোৱা উক্ত ১৩৮খন চৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে বিশেষকৈ প্রধান শিক্ষক, শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব।

অতিমাত্ৰা প্ৰেমে ৰঙা ঘৰৰ আলহী যুৱক ! হিন্দু যুৱকে মুছলমানৰ পৰিচয় দি চলাই গৈছিল প্ৰেম

হিন্দু যুৱকে মুছলমানৰ পৰিচয় দি প্ৰেম কৰি ৰঙা ঘৰৰ আলহী। বঙাইগাঁৱৰ বালাৰচৰত সংঘটিত হৈছে এই ঘটনা।
বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাৰচৰ দ্বিতীয় খণ্ডত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। হিন্দু যুৱক এজনে নিজকে মুছলমান হিচাপে পৰিচয় দি এগৰাকী মুছলমান যুৱতীৰ লগত প্ৰেম কৰি ৰঙা ঘৰৰ আলহী হৈছে।

যোৱা এবছৰ আগত ধুবুৰীৰ নয়াহাটৰ বিশাল দাস নামৰ যুৱকজনে নিজকে বিশাল আলী বুলি পৰিচয় দি বালাৰচৰ দ্বিতীয় খণ্ড গাঁৱৰ এগৰাকী যুৱতীৰ লগত ভালপোৱা গঢ়ি তুলিছিল। এবছৰ ধৰি যুৱকজনে যুৱতী গৰাকীৰ লগত ফোনত বাৰ্তালাপ কৰি কৰি অৱশেষত যুৱতী গৰাকীক নিবলৈ যুৱতীগৰাকীৰ নিজ গৃহ বালাৰচৰত উপস্থিত হয় যুৱকজন।

যুৱকজনক লগত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কথা পাতি ওৰহী গছৰ ওৰ ওলাই পৰে। পৰিয়ালৰ লোকে যুৱকজন হিন্দু বুলি জানিব পাৰি মেৰেৰচৰ আৰক্ষী থানাত খবৰ দিয়ে। ঘটনাস্থলীত মেৰেৰচৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক লৈ যায়।

বৰপেটা মেডিকেল কলেজৰ কতৃপক্ষৰ ভুলৰ বাবে ঘটিল এক বেদনাদায়ক ঘটনা। এফালে প্ৰাপ্তিৰ আনন্দ, আনফালে হেৰুওৱাৰ বেদনা ৷

এগৰাকী মাতৃয়ে জন্মৰ ৩ বছৰৰ পিছতহে দেখিলে নিজ সন্তানৰ মুখ। ৩ বছৰে নিজ মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত হ’বলগা হ’ল এটা সন্তান।চিনেমাৰ কাহিনী যেন লাগিলেও কিন্তু এইখন অসমৰে এক সঁচা ঘটনা পোহৰলৈ আহিছে৷এগৰাকী মাতৃয়ে জন্মৰ ৩ বছৰ পিছতহে দেখিলে নিজ সন্তানৰ মুখ৷বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ ভুলৰ বাবেই এক অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল এটি কণমানি শিশু৷হাস্পতালৰ ভুলৰ বাবেই জন্মৰ পিছৰ পৰা ৩ বছৰে যাৰ কোলাত ডাঙৰ দীঘল হ’ল সেই শিশুটোৱে আজি সেই পিতৃ-মাতৃৰ পৰিৱৰ্তে আন এক অচিনাকি তথা প্ৰকৃত পিতৃ-মাতৃৰ সৈতে যাবলৈ বাধ্য হৈ পৰিল৷

বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এক ৰায় যোগে এগৰাকী মহিলাক জন্মৰ ৩ বছৰ পিছত মৃত সন্তানৰ পৰিৱৰ্তে ওভোতাই দিলে পুত্ৰ সন্তান৷ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি,২০১৯ চনৰ ৩ মে’ত বৰপেটাৰ নাজমা খানমা নামৰ এগৰাকী গৰ্ভৱতী মহিলাই বৰপেটা মেডিকেল কলেজ হাস্পতালত জন্ম দিছিল এটি পুত্ৰ সন্তান৷সুস্থ অৱস্থাত জন্ম পোৱা শিশুটো শিশুসকলক ৰখা কোঠাত থকাৰ পিচতে হাস্পতাল কৰ্তৃপক্ষই পিচদিনাখন শিশুটোৰ মৃত্যু হোৱা বুলি পিতৃক জনায়৷

ইয়াৰ পিচতে বলপূৰ্বকভাৱে শিশুটোৰ মৃতদেহ হাস্পতালৰ কৰ্তপক্ষই পিতৃৰ হাতত গটাই দিয়ে৷কিন্তু দম্পতীহালে সুস্থ অৱস্থাত থকা তেওঁলোকৰ পুত্ৰ সন্তানটো কোনোপধ্যে মৃত্যু হ’ব নোৱাৰে বুলি হাস্পতাল কৰ্তৃপক্ষক পতীয়ন নিয়াব বিচাৰে যদিও হাস্পতাল কৰ্তৃপক্ষই দম্পতীহালৰ কথাত গুৰুত্ব নিদিলে৷ফলত দম্পতিহালে বৰপেটা সদৰ থানাত ঘটনাটোক লৈ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰে৷অৱশেষত আদালতত উন্মোচিত হ’ল ঘটনাৰ প্ৰকৃত ৰহস্য৷

আদালতে জনালে দুগৰাকী মাতৃৰ নামৰ সাদৃশ্যৰ বাবেই এনেদৰে এটা সন্তানে নিজ মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত হ’বলগা হ’ল৷ইয়াৰ পিছতে ৩ বছৰৰ পিচত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে DNA পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি নাজমা খানম নামৰ মাতৃগৰাকীৰ হাতত গোসাইগাঁৱত আন এগৰাকী মাতৃৰ কোলাত ডাঙৰ দীঘল হোৱা ৩ বছৰীয়া সন্তানটো তুলি দিলে৷

অম্বুবাচীক লৈ এতিয়া উখল-মাখল কামাখ্যা ধাম, ২২ জুনৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা

২২ জুনৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা।ভক্ত সকলৰ বাবে তিনিদিন ধৰি বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ।অহা ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচলৰ বুকুত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা৷অম্বুবাচীক লৈ এতিয়া উখল-মাখল কামাখ্যা ধাম৷২২ জুনৰ নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ পিছতেই বন্ধ হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ৷ ২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব মন্দিৰৰ দুৱাৰ৷২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছতহে ভক্তৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ৷

স্থানীয় লোকৰ নিৰ্ধাৰিত বাহনৰ বাদে বাহনৰ চলাচলত নিষেধাজ্ঞ আৰোপ কৰা হৈছে৷কামাখ্যালৈ যোৱা পথত ভক্তৰ বাবে থাকিব খোৱাপানীৰ ব্যৱস্থা৷ আনহাতে এইবাৰ নীলাচলত নাথাকিব ভক্তৰ বাবে থকাৰ কোনো ব্যৱস্থা৷তেনেদৰে ভৰলুমুখ, বৰিপাৰা, নাহৰবাৰীতো নাথাকিব ভক্তৰ বাবে কেম্প৷ফাঁচীবজাৰ, গোশালা, পাণ্ডুত থাকিব ভক্তৰ বাবে কেম্পৰ ব্যৱস্থা কৰা হ’ব৷নীলাচলৰ ভিন্ন প্ৰান্তত সংস্থাপন কৰা হ’ব চি চি টিভি কেমেৰা৷উল্লেখযোগ্য যে, কভিডৰ বাবে বিগত দুটা বছৰে অনুষ্ঠিত হোৱা নাছিল মহা অম্বুবাচী মহোৎসৱ৷

এই সময়ছোৱাত কেৱল মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা অম্বুবাচীৰ ধৰ্মীয় পূজা-পাতলসমূহ অনুষ্ঠিত হৈছিল৷ইতিমধ্যে কভিডৰ প্ৰকোপ নাই যদিও মন্দিৰ কৰ্তৃপক্ষই মহা অম্বুবাচী মহোৎসৱ কভিড সংক্ৰান্তীয় বাধ্যবাধকতাৰ মাজেৰেই পালনৰ সিদ্ধান্ত লৈছে৷

মানুহৰ পিছত এইবাৰ মুকলি কৰা হৈছে জন্তুৰ বাবে ভাৰতৰ প্ৰথম ক’ভিড ভেকছিন

অৱশেষত জন্তুৰ বাবে ভাৰতৰ প্ৰথম ক’ভিড ভেকছিন মুকলি কৰা হৈছে।কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে জন্তুৰ বাবে ভাৰতৰ প্ৰথম ঘৰুৱা ক’ভিড-19 ভেকছিন মুকলি কৰিছে।হাৰিয়ানা স্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ-ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰই ইকুইনৰ ওপৰত বিকশিত কৰা,এনোকোভাক্স হৈছে জীৱ-জন্তুৰ বাবে এক নিষ্ক্ৰিয় এছএআৰএছ-চিঅ’ভি-2 ডেল্টা ভেকছিন।

জন্তুৰ বাবে ভেকছিন আৰু ডায়গনষ্টিক কিটৰ ভাৰ্চুৱেল মুকলিৰ পিছত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কয়,”বিজ্ঞানীসকলৰ অক্লান্ত অৱদানৰ বাবেই দেশখনে আমদানি কৰাৰ সলনি নিজৰ ভেকছিন বিকশিত কৰাত আত্মনিৰ্ভৰশীল হৈ আছে।

এইটো সঁচাকৈয়ে এটা ডাঙৰ সাফল্য,”।ভাৰতীয় কৃষি গৱেষণা পৰিষদে এক বিবৃতিত কয় যে, এনোকোভাক্স-প্ৰেৰিত ৰোগ প্ৰতিৰোধ ক্ষমতাই কৰ’না ভাইৰাছৰ ডেল্টা আৰু অমাইক্ৰন দুয়োটা প্ৰকাৰক নিষ্ক্ৰিয় কৰে।ভেকছিনটোত নিষ্ক্ৰিয় এছএআৰএছ-চিওভি-2 (ডেল্টা) এণ্টিজেন থাকে।ই এলহাইড্ৰগেলক এডজুভেণ্ট হিচাপে ব্যৱহাৰ কৰে আৰু কুকুৰ, নাহৰফুটুকী বাঘ, সিংহ, নিগনি আৰু খৰগোশৰ বাবে সুৰক্ষিত।”উল্লেখযোগ্য যে, জন্তুবোৰে, বিশেষকৈ পোহনীয়া জন্তুবোৰে কোভিড-19 সংক্ৰমিত হ’ব পাৰে নেকি প্ৰাৰম্ভিক অধ্যয়নবোৰে সঠিকভাৱে ভৱিষ্যতবাণী কৰিব নোৱাৰিলে।অধ্যয়নত দেখা গৈছে যে পোহনীয়া জন্তুবোৰে ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে তেওঁলোকৰ মালিকৰ পৰা ভাইৰাছটো সংক্ৰমিত কৰিব পাৰে।কিন্তু মানুহে তেওঁলোকৰ পোহনীয়া জন্তুৰ পৰা ক’ভিড-19 প্ৰাপ্ত কৰিব পাৰে বুলি কোনো প্ৰমাণ নাই।

সপোন ভংগ ! ভাৰতীয় বক্সাৰ এম চি মেৰী কমৰ

ভাৰতীয় বক্সাৰ এম চি মেৰী কমৰ কমনৱেলথৰ সপোন ভংগ।ভৰিত পোৱা আঘাতৰ বাবে কমনৱেলথৰ বাছনি প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ।ভৰিৰ আঘাতৰ বাবে অভিজ্ঞ ভাৰতীয় বক্সাৰ এম চি মেৰী কমৰ কমনৱেলথৰ সপোন ভংগ।তেওঁ ভৰিত পোৱা আঘাতৰ বাবে কমনৱেল্থৰ ৪৮ কেজি শাখাৰ বাছনি প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।

মেৰী কমৰ নাম প্ৰত্যাহাৰৰ লগে লগে হাৰিয়ানাৰ নীতুৱে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ট্ৰায়েলৰ ফাইনেলত প্ৰৱেশ কৰে।যোৱা কমনৱেলথ গেমছৰ (২০১৮) স্বৰ্ণ পদক বিজয়ী মেৰী কম মেৰী কমে ৪৮ কেজি শাখাৰ ছেমি ফাইনেলৰ প্ৰথম ৰাউণ্ডত ভৰিত আঘাত পায়। মেৰী কমে আঘাতৰ বাবে প্ৰথম ৰাউণ্ডৰ যুঁজৰ সময়ত ৰিঙত বাগৰি পৰে। ৩৯ বছৰীয়া বক্সাৰগৰাকীয়ে উঠি প্ৰতিদ্বন্দ্বিতা কৰাৰ চেষ্টা কৰে যদিও পুনৰ দুটা পাঞ্চ লগাৰ পাছত ভাৰসাম্য হেৰুৱাই পেলায় আৰু বাওঁ ভৰিত ধৰি ৰিঙত বাগৰি পৰে।ফলত তেওঁ ৰিং ত্যাগ কৰিবলৈ বাধ্য হয়।

তাৰ পিছত তেওঁ ৰিঙৰ বাহিৰলৈ যাব লগা হৈছিল আৰু ৰেফাৰীয়ে নীতুক বিজয়ী ঘোষণা কৰিছিল।উল্লেখযোগ্য যে, আটাইতকৈ সফল ভাৰতীয় বক্সাৰ এম চি মেৰী কমে অহা মাহত বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত মনোনিবেশ কৰিবলৈ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল।