Home Blog Page 2331

তেজপুৰৰ লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ…

প্ৰখ্যাত তেজপুৰ লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ। ৰস, ৰং আৰু সোৱাদৰ অনন্যতাৰ বাবে প্ৰখ্যাত তেজপুৰ লিচুৱে ২০১৫ চনতে লাভ কৰিছিল জি আই টেগ। এই প্ৰখ্যাত তেজপুৰ লিচুৰ বাবে আজি এক বিশেষ দিন। কিয়নো আজি পোনপ্ৰথমবাৰৰ বাবে তেজপুৰ লিচুৱে লাভ কৰিবলৈ সক্ষম হ’ল আন্তঃৰাষ্ট্ৰীয় বজাৰ।প্ৰায় ১০৬ জন কৃষকেৰে গঠিত অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰদ্বাৰা উৎপাদিত ৬৫০ কিলোগ্ৰাম তেজপুৰ লিচু “Kiega Exims” নামৰ কোম্পানীটোৱে আজি লণ্ডনলৈ ৰপ্তানি কৰে। তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতেই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শুভাৰম্ভণি কৰা এই ৰপ্তানি যাত্ৰাৰ কাৰ্যসূচীত উপস্থিত থাকে।

এই উল্লেখনীয় প্ৰক্ৰিয়াটোৰ সৈতে জড়িত APEDA, APART, BNCA, অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড, শোণিতপুৰ জিলা কৃষি বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, জিলা প্ৰশাসন, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-ৰ প্ৰতিগৰাকী সংশ্লিষ্ট ব্যক্তি প্ৰচেষ্টা । অনাগত সময়ত তেওঁলোকৰ এই প্ৰচেষ্টা সফল ৰূপত আগবাঢ়ি যোৱাৰ লগতে তেজপুৰ লিচুৰ সোৱাদ বিশ্ববাসীৰ বাবেই পৰিচিত হৈ পৰিছে ।এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আমাৰ বিভাগে সবল ভূমিকা গ্ৰহণ কৰি যুৱপ্ৰজন্মৰ মাজত স্বনিৰ্ভৰশীলতাৰ ভাৱনা জগাই তুলিছে। থলুৱাভাৱে উৎপাদিত ফল-মূলৰ বিশ্বজুৰি এখন বহল বজাৰ নিশ্চিত কৰাৰ বাবেও আমি প্ৰয়াস কৰি আছোঁ। তেজপুৰৰ লিচুৰ লণ্ডন অভিমুখী যাত্ৰাই আমাৰ কৃষকসকলক ন-উদ্যমেৰে উৎপাদনমুখী কাম-কাজত মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰিব।আজিৰ এই কাৰ্যসূচীত মন্ত্ৰীসকল, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী, সঞ্চালক শ্ৰী অনন্ত লাল জ্ঞানী, উদ্যান শস্য বিভাগৰ সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে বিভাগীয় তথা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

বিহালীৰ এখন গাঁৱলৈ গৌৰৱ কঢ়িয়া আনিলে ১৩ গৰাকীকৈ ছাত্র-ছাত্রীয়ে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল এখন গাঁওৰ ১৩ গৰাকী ছাত্র-ছাত্রী। গাঁৱৰ গঞাই ৰাইজে আজি সম্বধনা জনালে ১৩ গৰাকী ছাত্র-ছাত্রীক।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি বুৰৈগুৰী নৱজ্যোতি নিম্ন প্ৰাৰ্থমিক বিদ্যালয়ত অভিনন্দন জনায় । বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু গাঁওখনৰ গঞাই ৰাইজে ।বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰিণ্টু আৰ্জেলে আতঁ ধৰে বিদ্যালয়খনৰে পৰিচালনা সমিতিৰ সভাপতি গিৰিশ দাসে সভাপতিত্বত কৰে। সহকাৰী শিক্ষক বিজিৎ ৰয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ১৩ গৰাকী ছাত্র- ছাত্ৰীক অভিনন্দন জনাই ক্ৰমে–অঞ্জুমনি দাস , চুইটী দাস , ৰুনো দাস , বিদ্যুৎ দাস , অনামিকা দাস , জিংকু দাস , পবিত্র সোনাৰী , জুৰি দাস , বিপুল দাস , বিমল দাস , নাৰায়ণ বৈষ্ণব , প্ৰিয়ংকা দৈমাৰী আদি ।

এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখে শিক্ষক প্ৰেম কুমাৰ বৈষ্ণৱ “শিক্ষয়িত্ৰী পূৰ্ণিমা চেত্ৰী ,অঞ্জু চাপাগাঁই ;সাংবাদিক খগেন মটক স্থানীয় যুৱক ভগৱান গোহাঁই ;অচ্যুত দাস প্ৰফুল্ল দাস আদিয়ে ।

গোসাইগাঁৱৰ ভাৰত- ভূটান সীমান্তত বনৰীয়া হাতীৰ তাণ্ডৱ

যোৱা কালি এগৰাকী বিধৱা মহিলাৰ ঘৰৰ বয়বস্তু আৰু সামগ্ৰী তছনছ কৰিছিল বন্য হস্তীৰ দলটোৱে।ঠিক একেৰাহে যোৱা ৰাতিও বনৰীয়া হাতিৰ দলটোয়ে হলদিবাৰী গাওঁত সুমাই ৰবিলাল মাৰ্ডীৰ ঘৰ ভাঙি পেলায় আৰু বিভিন্ন সামগ্ৰীৰ ক্ষতি সাধন কৰে আনহাতে লক্ষী মাৰ্ডী নামৰ এগৰাকী বিধৱা মহিলাৰ ঘৰ জানালা ভাঙি চাউল ধানৰ লগতে আন আন সামগ্ৰীৰ ক্ষতি কৰে।আনহাতে গাওঁবুঢ়াই আৰক্ষীক জনোৱাৰ লগে লগে সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিবা প্ৰসাদ কলিতা ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈ আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই।

গাঁৱবাসীয়ে কয় যে এতিয়ালৈকে বনবিভাগৰ ফালৰপৰা কোনোধৰণৰ ব্যৱস্থা লোৱা নাই ।

সজল ফাউণ্ডেচনে কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন

গোসাইগাঁও মহকুমাৰ বিভিন্ন স্কুলৰ পৰা কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন।সজল ফাউণ্ডেশনৰ উদ্যোগত সফল শিক্ষাৰ্থীসকলক এখন ফুলাম গামোচা,মানপত্ৰ কলম আদিৰে ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়, গোসাঁইগাঁও মহকুমাৰ অৱস্থিত ভোমৰাবিল কমিউনিটি হলত আয়োজন কৰা হয় অনুষ্ঠান খন। সজল ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত কাৰ্যসূচীত ১০০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। আৰু ভবিষ্যতে যাতে পঢ়াশুনা কৰি এজন এজনকৈ ডাঙৰ মানুহ হিচাবে গঢ়ি উঠে সেই উদ্দেশ্যলৈ ভাষন আগবঢ়ায়।

চক্ৰ বিষয়া ব্ৰিষ্টি বৰা আৰু সহকাৰী আয়ুক্ত প্ৰিয়ংকৰ প্ৰীতম ডেকা।সম্বৰ্ধনা অনুষ্ঠানটোত সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতাৰ উপৰিও গোসাইগাঁও মহকুমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া,সমাজসেৱক, অভিভাৱক সকলে শিক্ষাৰ্থীসকলক আৰু বেছিকৈ উৎসাহিত কৰি তুলাৰ উদ্দেশ্যলৈ তেওঁলোকৰ মূল্যৱান ভাষণ প্ৰদান কৰে।সজল ফাউণ্ডেচনৰ এনে কাৰ্যক অঞ্চলৰ ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰে।

গাৰো পাহাৰ অঞ্চলৰ বান পৰিস্থিতিৰ মূল্যায়নৰ বাবে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে

গাৰো পাহাৰ অঞ্চলৰ বান পৰিস্থিতিৰ মূল্যায়নৰ বাবে শুকুৰবাৰে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।টুৰাত অনুষ্ঠিত সভাত পশ্চিম গাৰো পাহাৰ, দক্ষিণ পশ্চিম গাৰো পাহাৰ আৰু দক্ষিণ গাৰো পাহাৰ জিলাৰ তিনিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

বৈঠকৰ সময়ত বিষয়াসকলে মুখ্যমন্ত্ৰীক নিজ নিজ এলেকাত গ্ৰহণ কৰা বিভিন্ন সাহায্য ব্যৱস্থাৰ বিষয়ে অৱগত কৰাৰ লগতে বানপানীৰ পানী হ্ৰাস পোৱাৰ বাবে বেছিভাগ অঞ্চলতে পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে বুলি অৱগত কৰে।

দুলীয়াজানৰ হাতীজান চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

দুলীয়াজানৰ হাতীজান চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি।

দুলীয়াজানৰ হাতীজান চাহ বাগিছাত বাগিচাৰ শ্ৰমিকক মেনেজাৰে দুব্যৱহাৰ কৰাক লৈ বাগিছাখনত উত্তপ্ত পৰিস্থিতি স্তৃতি কৰি বিভিন্ন শ্লোগানে এক প্ৰতিবাদ গ্ৰহণ কৰা পৰিলক্ষিত হয়৷

এই প্ৰতিবাদেত শ্ৰমিকে ঘেৰাও কৰে মেনেজাৰৰ কাৰ্য্যলয়।

ইয়াৰ পিছত ঘটনা স্থলিত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সখ্যম হয়৷

হাঁহচৰা বাইলুং গাঁৱত চিন্ময় ফুকন সোঁৱৰণী ন্যাসৰ কৃতিমান ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান

হাঁহচৰা বাইলুং গাওঁত চিন্ময় ফুকন সোঁৱৰণী ন্যাসৰ কৃতিমান ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান।

অসমৰ ভিতৰত পঞ্চমস্থান প্ৰাপ্ত শ্বেহনাজ অঞ্জূম য়াচমিনকে ধৰি ১০ গৰাকীক সম্বৰ্ধনা আৰু মাননী প্ৰদান।

তেজপুৰত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি: স্থানীয় ৰাইজৰ পথ অৱৰোধ, ঘটনা স্থানত ৰাজ চক্ৰ বিষয়া উপস্থিত

তেজপুৰত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে দিনৰ প্ৰায় ২ মান বজাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে স্থানীয় ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।উল্লেখযোগ্য যে যোৱা বুধবাৰে তেজপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী বাহনৰ খুন্দাত এজন থিতাতে নিহত হোৱা লগতে এগৰাকী ছাত্ৰী গুৰুত্ব ভাৱে আহত হৈছিল। এই দুৰ্ঘটনা তেজপুৰ প্ৰফুল্ল বৰা নামৰ এজন লোক আৰু মৃদুস্মিতা বৰা নামৰ এগৰাকী ছাত্ৰী গুৰুত্ব ভাৱে আহত হৈছিল।বৰ্তমান ছাত্ৰী গৰাকীৰ চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়।ৰাইজে জানিবলৈ দিয়া অনুসৰি ছাত্ৰী গৰাকী সুস্থ হৈ উঠিবলৈ অধিক উন্নত চিকিৎসা লগতে বহু ধনৰ প্ৰয়োজন হ’ব যাৰ ফলত দৰিদ্ৰ পৰিয়ালটোয়ে এই বৃহৎ পৰিমাণৰ ধন চিকিৎসা বাবে যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই । স্থানীয় প্ৰতিবাদী কাৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গুৰুত্ব ভাৱে আহত হোৱা
মৃদুস্মিতা বৰাক পিতৃ প্ৰফুল্ল বৰাই টিউচন শেষ হোৱাৰ পিছত ঘৰলৈ উভতাই নিয়াৰ পথত তীব্ৰ বেগত অহা AS01BN 6858 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনে ডেকাৰগাঁৱত খুন্দিয়াই চুচৰাই বহু দূৰলৈ লৈ যায় ৷

ইয়াৰ পিছতে সংকটজনক অৱস্থাত পিতৃ-কন্যাক আৰক্ষীয়ে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও প্ৰফুল্ল বৰাক চিকিৎসকে মৃত ঘোষণা কৰে ।আনহাতে দুৰ্ঘটনা সংঘটিত কৰা উক্ত বাহনখনে এই দুৰ্ঘটনাৰ পূৰ্বে আন দুই স্থানতো দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ৷ঘটনা সংঘটিত কৰা ছুইফ্ট ডিজায়াৰ বাহনখনত আছিল তিনিজন যুৱক ৷তিনি ও যুৱকে ড্ৰাগছ সেৱন কৰি তীব্ৰ বেগত গাড়ী চলোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে প্ৰতিবাদী ৰাইজে।আনহাতে দুৰ্ঘটনা দিনাই ঘটনাৰ পিছতে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল তিনিও যুৱক ।তিনি ও যুৱক খেদি খেদি ৰাইজে আটক কৰি আৰক্ষীক চমাই দিছিল তিনিজন ক্ৰমে আব্দুল হামিড (21), আখতাৰ আলি (27), চাৰজান আলি (23) কিন্তু ইয়াৰ ভিতৰত দুজন লোকক থানাতে জামিন দি মুকলি কৰি দিয়া কেন্দ্ৰ কৰি শনিবাৰে শ শ লোক উলাই আহে ৰাজপথলৈ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম আৰক্ষী হাই হাই, ঘোচ খোৱা আৰক্ষী ক’ত গ’ল আদি বিভিন্ন শ্লগানৰে প্ৰায় ২ ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দুখীক শাস্তি দাবী জনোৱা লগতে ভুক্তভোগী দৰিদ্ৰ পৰিয়ালক ক্ষতি পুৰনৰ দাবী জনাই উত্তেজিত ৰাইজে।আনহাতে পথ অৱৰোধ স্থানত উপস্থিত হয় শোণিতপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক তেজপুৰ চক্ৰ বিষয়া‌ কিন্তু ৰাইজে কোনো কাৰণত প্ৰশাসনিক দুই বিষয়া গুৰুত্ব নিদি ৰাজপথ অৱৰোধ কৰি থাকে যদিও প্ৰাক্তন বিধায়কৰ ভাতৃ জীতেন বৰঠাকুৰ উপস্থিত হৈ ৰাইজৰ সৈতে আলোচনা কৰা পিছত ৰাইজে জীতেন বৰঠাকুৰৰ প্ৰতিশ্ৰুতিত প্ৰতিবাদী কাৰ্যসূচী উঠাই লয়।

জাতীয় বিদ্যালয় অসম টংলাত প্ৰাচীৰ পত্ৰিকা অংকুৰণ উন্মোচন

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত জাতীয় বিদ্যালয় অসম টংলাত আজি বিদ্যালয় খনৰ ২০২২-২৩ শিক্ষা বৰ্ষৰ প্ৰাচীৰ পত্ৰিকা অংকুৰণৰ শুভ উন্মোচন হৈ যায়।উক্ত প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰে টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ হেমলাত দেৱীয়ে। আনহাতে বিদ্যালয় খনৰ অধ্যক্ষ যোগেন্দ্ৰ নাথ ডেকাই ফুলাম গামোচাৰ আদৰণি জনাই উন্মোচক গৰাকীক।বিদ্যালয় খনৰ সহ শিক্ষক জ্যোতিষ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত উন্মোচক হেমলাত দেৱীয়ে ছাত্র ছাত্ৰীক পঢ়া শুনাৰ লগতে সাহিত্য চৰ্চা, লিখা মেলা কৰি মনৰ ভাব প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

আনহাতে পত্ৰিকা খন সম্পাদনা কৰে শিক্ষয়ত্ৰী পম্পি দাস বড়ো আৰু তনু দেৱীয়ে লগতে সহযোগ কৰে পত্ৰিকা খনৰ সম্পাদক নিহাৰিক শইকীয়াই।

যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক নুৰ উদ্দিন আহমেদৰ বিদায় সম্বৰ্ধনা

হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক নুৰ উদ্দিন আহমেদৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্যযোগ্য যে পুৱা দহ বজাত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে শুভাযাত্ৰা কৰি তেখেতক ঘৰৰ পৰা বিদ্যালয় চৌহদলৈ আদৰি আনে।


দুপৰীয়া বাৰ বজাত সম্বৰ্ধনা সমিতিৰ সভাপতি কবি মুজাম্মিল আলীৰ সভাপতিত্বত মুকলি সভা আৰম্ভ হয়। এটি সমূহীয়া বিদায়ী সংগীতেৰে সভা শুভাৰম্ভ কৰা হয়। সভাত বিশিষ্ট শিক্ষক, কবি, খেলুৱৈ গৰাকীৰ এই বিদায়ী অনুষ্ঠানত অঞ্চলটোৰ কেইবাটাও সংগঠনে সম্বৰ্দ্ধনা জনোৱা পৰিলক্ষিত হয়৷


তাৰে যমুনাপৰীয়া শাখা সাহিত্য সভাৰ হৈ শাখাৰ প্ৰাক্তন উপ সভিপতি তথা সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক নুৰ উদ্দিন আহমেদক এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় শাখাৰ সম্পাদক ছাদিকুজ জামানে৷ লগতে পদুমনি জাতীয় বিদ্যালয়,মোৰাঝাৰ জাতীয় একাডেমী,পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকগোট আৰু পৰিচালনা সমিতিৰ সভাপতি হবিবুৰ ৰহমান,স্থানীয় যুৱক ফিৰুজ আহমেদ,মাহমদ হুছেইন,ইমৰান হুছেনকে ধৰি স্থানীয় দল সংগঠন আৰু বিভিন্নজনে গামোছা,জাপি,মানপত্ৰ,কাপোৰ,সুগন্ধি আতৰকে ধৰি বহু মূল্যবান সামগ্ৰীৰে সম্বৰ্ধনা জনায়৷

ইপিনে এই সভাতে প্ৰাক্তন সাংবাদিক জিয়াউৰ ৰহমানে কবি মোজাম্মিল আলীৰ সম্পাদনাত “আদৰ্শ শিক্ষক নুৰ উদ্দিন আহমেদ’ শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়৷ সভাত হাজী আনফৰ আলী মহাবিদ্যালয়ৰ প্ৰবক্তা ড° হাচিনুচ চুলতান, কবি , শিক্ষক ৰফিক উদ্দিন বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বিশ্বাসকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে৷