Home Blog Page 2330

অসমৰ ১২ খন জিলাত মিচিং ভাষাৰ পৰীক্ষা সম্পন্নঃ ইতিহাস সৃষ্টি কৰি ১৮ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ল পৰীক্ষাত

অসমৰ ১২ খন জিলাত আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল মিচিং ভাষাৰ পৰীক্ষা ৷ মিচিং আগম কৗবাং অৰ্থাৎ মিচিং সাহিত্য সভাৰ দ্বাৰা পৰিচালিত উক্ত পৰীক্ষাত অসমৰ মুঠ ১২ খন জিলাৰ ৭৩ খন পৰীক্ষা কেন্দ্ৰত উন্নত আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱা পৰীক্ষাত ১৮ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় ৷ মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন টাইদ, সচিব ডিম্বেশ্বৰ দলে আৰু পৰীক্ষা পৰিচালনা সমিতিৰ সদস্য সচিব ড° সুৰজিৎ দলেয়ে জনোৱা মতে পৰীক্ষা সমূহ কামৰূপ মেট্ৰ, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, ধেমাজি, মাজুলী, নগাঁও, শিৱসাগৰ- চৰাইদেউ, তিনিচুকীয়া, শোণিতপুৰ আদি জিলাত অনুষ্ঠিত হয় ৷ ইয়াৰে লখিমপুৰ জিলাত সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ তেওঁলোকে জনোৱা মতে ভিন্নধৰ্মী প্ৰশ্ন কাকতেৰে প্ৰস্তুত কৰা প্ৰশ্ন কাকতসমূহ পৰীক্ষাৰ্থী সকলৰ সুবিধাৰ্থে সহজ কৰা হৈছে আৰু পৰীক্ষাৰ্থী সকল উন্নত ফলাফল লাভৰ ক্ষেত্ৰত ই অতি সহায়ক হ’ব ৷ অসমৰ ৰাজ্যিক ভাষা অসমীয়া ভাষাৰ ওপৰতো মিচিং ভাষাৰ পৰীক্ষাৰ্থী সকল যাতে দখল থাকে তাৰ বাবে প্ৰশ্ন কাকতত অসমীয়া ভাষাৰ ওপৰতো এটা অংশ প্ৰশ্ন কাকতত অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁলোকে সাংবাদিকক জানিবলৈ দিয়ে ৷

উল্লেখনীয় যে ৬ মাহ জোৰা পাঠদানৰ অন্তত আজি মিচিং ভাষাৰ পৰীক্ষা অনুষ্ঠিত হৈ আৰু উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলৰ উৎসাহ উদ্দীপনাই মিচিং ভাষাক সন্মানজনক স্থানলৈ লৈ যোৱাৰ আশা কৰা হৈছে ৷ গোগামুখ বাংকে আগম কৗবাঙে জনোৱা মতে অসমৰ ১২ খন জিলাৰ দৰে ধেমাজি জিলাৰ ১৫ টাৰো অধিক পৰীক্ষা কেন্দ্ৰত মিচিং ভাষাৰ পৰীক্ষা অনুষ্ঠিত হয় ৷ ইযাৰে গোগামুখৰ গোগামুখ, মিংমাং, লটাক আদি তিনিটা পৰীক্ষা কেন্দ্ৰত সহস্ৰাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় ৷ উল্লেখনীয় যে মিচিং ভাষাৰ পৰীক্ষা পূৰ্বেও বহুবাৰ অনুষ্ঠিত হৈছিল যদিও মাথোঁ ৩-৪ হাজাৰ পৰীক্ষাৰ্থীয়েহে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ কিন্তু এইবাৰ ইতিহাস সৃষ্টি কৰি ১৮ হাজাৰ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাটো মিচিং আগম কৗবাঙৰ নেতৃত্ববৃন্দৰ সবল নেতৃত্বকে প্ৰতিপন্ন কৰা বুলি ভাষাপ্ৰেমী সকলে অভিহিত কৰিছে।

ৰতন টাটাক মহাৰাষ্ট্ৰৰ এইচএছএনচি বিশ্ববিদ্যালয়ৰ দ্বাৰা সন্মানীয় ডি.লিট প্ৰদান কৰা হয়

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ভগত সিং কোশিয়াৰীয়ে কয়, “ৰতন টাটা কেৱল এজন উদ্যোগপতি বা কৰ্পোৰেট আইকন নহয়, তেওঁ এজন মহান মানুহ।”টাটা গ্ৰুপৰ অধ্যক্ষ এমিৰিটাছ ৰতন টাটাক সন্মানীয় ডি.লিট প্ৰদান কৰা হৈছে। মহাৰাষ্ট্ৰৰ দ্বিতীয় ৰাজ্যিক ক্লাষ্টাৰ বিশ্ববিদ্যালয়, এইচএছএনচি বিশ্ববিদ্যালয়ৰ দ্বাৰা, সমাজৰ বাবে তেওঁৰ অতুলনীয় অৱদানৰ প্ৰতি প্ৰশংসা ৰখাৰ বাবে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ভগত সিং কোশিয়াৰীয়ে শনিবাৰে অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ এক বিশেষ সমাৱৰ্তন অনুষ্ঠানত টাটাক ডিগ্ৰী প্ৰদান কৰে।বিশ্ববিদ্যালয়খনে বিশ্বাস কৰে যে ৰতন টাটাই সকলোৰে উন্নয়ন, শিক্ষা আৰু উন্নতিৰ দৰ্শন প্ৰতিফলিত কৰে, যি মুম্বাইৰ এইচএছএনচি বিশ্ববিদ্যালয়ৰ দৃষ্টিভংগীৰ সৈতেও প্ৰতিধ্বনিত হয় আৰু সমাজৰ বাবে তেওঁৰ অতুলনীয় অৱদানৰ প্ৰতি প্ৰশংসা হিচাপে, বিশ্ববিদ্যালয়খনে তেওঁক প্ৰথমসন্মানীয় ডিগ্ৰী প্ৰদান কৰে।”ৰতন টাটা কেৱল এজন উদ্যোগপতি বা কৰ্পোৰেট আইকন নহয়, তেওঁ এজন মহান মানুহ যি নম্ৰতা, মানৱতা আৰু নৈতিকতাৰ মূল্যবোধ কঢ়িয়াই আনে। এইচএছএনচি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট গ্ৰহণ কৰি টাটাই আমাৰ প্ৰত্যেককে সন্মান জনাইছে,” কোশ্যৰীয়ে তেওঁৰ সমাৱৰ্তন ভাষণত কয়। (লগতে পঢ়ক: আধাৰ কাৰ্ড আপডেট: ইউআইডিএআইয়ে শীঘ্ৰেই কাৰ্ডধাৰকসকলক ঘৰৰ পৰা ফোন নম্বৰ, অন্যান্য বিৱৰণ সলনি কৰিবলৈ দিব)

গ্ৰহণযোগ্য ভাষণত ৰতন টাটাই কয়, “অনাগত ভৱিষ্যতে আমাৰ দেশক নেতৃত্ব দিয়াৰ সামৰ্থ্য থকা যুৱ সকলক সততা, উদ্দেশ্য আৰু দায়িত্বৰ সৈতে সৃষ্টি কৰাৰ লক্ষ্যৰে এই বিশ্ববিদ্যালয়খন গঠন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰি মই কৃতজ্ঞ, ই মোৰ বাবে বহুত অৰ্থপূৰ্ণ” (লগতে পঢ়ক: ফেচবুক ৰ’মছ ন্যাসত মুম্বাই মেনৰ ১২.২৪ লাখ লোকচান! সুৰক্ষিত থাকিবলৈ 5 টা পৰামৰ্শ পৰীক্ষা কৰক)

মহিলাৰ স্তন কৰ্কটৰ সংখ্যা দিনেক দিনে কিয় বৃদ্ধি পাইছে…

কিশোৰী এগৰাকীৰ বয়স ১০-১২ বছৰ হ’লেহে স্তনৰ বিকাশ হ’বলৈ ধৰে। বয়স বাঢ়ি অহাৰ লগে লগে গঠনগত ভাৱে স্তনযুৰিয়ে পূৰ্ণতা লাভ কৰিবলৈ ধৰে। গৰ্ভাৱস্থাত স্তন দুটিয়ে শিশুৰ কাৰণে গাখীৰ উৎপাদনৰ বাবে পৰিপূৰ্ণতা লাভ কৰে। যুৱতী বা মহিলাৰ স্তন প্ৰধানকৈ তিনিটা অংশৰে গঠিত। সেই অংশকেইটা হৈছে- গ্ৰন্থিময় কোষকলা বা পেৰেনকাইমা, মূল বা ভিত্তি তন্তু আৰু ত্বক। স্তনৰ কৰ্কট হ’লে এই তিনিওবিধ অংগ ক্ষতিগ্ৰস্ত হয়। স্তন কৰ্কট এবিধ অতি মৰ্মান্তিক আৰু যন্ত্ৰণাদায়ক ৰোগ। স্তনৰ ভিতৰত নানা ধৰণৰ অৰ্বুদৰ উদ্ভৱ হ’ব পাৰে। সাধাৰণতে শান্ত আৰু দুষ্ট এই দুই ধৰণৰ অৰ্বুদ স্তনৰ ভিতৰত হোৱা দেখা যায়। ধাতুগত প্ৰৱণতা থাকিলে কেতিয়াবা কেতিয়াবা শান্ত অৰ্বুদবোৰ পাছলৈ দুষ্ট অৰ্বুদলৈ পৰিণত হয়। জৰায়ুৰ পাছতেই বেছিভাগ মহিলাৰ ক্ষেত্ৰতে স্তনত কৰ্কট ৰোগ হোৱা দেখা যায়। স্তন গ্ৰন্থিৰ বহিঃস্তকীয় কোষত এইবিধ ৰোগৰ উদ্ভৱ হয়। সচৰাচৰ স্তনত স্কিৰাছজাতীয় কঠিন আৰু দুষ্ট অৰ্বুদ জন্মে। যৌৱনৰ শেষত বা মাজবয়সত, বেছিভাগ ক্ষেত্ৰ্তে ৪০-৫০ বছৰীয়া মহিলাসকলক সাধাৰণতে এইবিধ অৰ্বুদে অধিক আক্ৰমণ কৰা দেখা যায়। স্তনৰ ভিতৰভাগত নাইবা ছালৰ ঠিক তলৰপৰাই কঠিন অৰ্বুদৰ উদ্ভৱ হয় আৰু ক্ৰমান্বয়ে বৃদ্ধি হৈ ছালত সংলগ্ন হৈ পৰে। স্তনৰ ভিতৰত অৰ্বুদ স্থিৰ হৈ পৰে। অৰ্বুদ স্তনৰ ছালৰ ঠিক তলতে থাকে, ছালৰ বৰণ সামান্য ধোঁৱা বৰণীয়া হয়। ছাল আৰু কলাসমূহত এই অৰ্বুদ খামুচ খাই ধৰাৰ পাছত বেজীয়ে বিন্ধাৰ নিচিনা বিষ হয়। কেচুঁৱাই গাখীৰ খাই থকা মহিলাৰ এই অৰ্বুদ হ’লে অৰ্বুদ কোমল আৰু বিষযুক্ত হয়। দুগ্ধবাহী নলীত এনে অৰ্বুদ হ’লে স্তনবৃন্তৰে তেজমিশ্ৰিত স্ৰাৱ নিঃসৰণ হয়। স্তনবৃন্ত বা স্তনৰ জোঙা আগটো ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যাব ধৰে আৰু এটা সময়ত নাভিৰ দৰে গাঁত হৈ পৰে। ৰোগৰ প্ৰকোপ বা বৃদ্ধি যদি প্ৰতিহত কৰিব পৰা নাযায়, তেন্তে কাষৰ গ্ৰন্থিসমূহো ক্ৰমান্বয়ে স্ফীত, কঠিন আৰু বিষময় হৈ পৰে। আৰু এনেকৈয়ে কাষলতি, পিঠি আৰু বুকুৰ মাজত থকা হাড়ডাল পাৰ হৈ আনটো স্তনলৈকে এই ৰোগ বিয়পি পৰে। স্তন-কৰ্কটৰ অৰ্বুদটো কোনো খোলা বা আৱৰণৰ দ্বাৰা আবৃত নোহোৱা হেতুকে ই ওচৰৰ যিকোনো কলা-কোষলৈকে বিস্তাৰিত হ’ব পাৰে। স্নায়ু-নলী, ৰক্তবাহিকা আৰু লসিকা-প্ৰণালীৰ দ্বাৰা শৰীৰৰ যিকোনো ঠাইলৈকে এই অৰ্বুদ বিয়পিব পাৰে। কাষলতি অঞ্চলৰ লসিকা গ্ৰন্থিসমূহ সহজেই আক্ৰান্ত হয়। ৰোগ লাহে লাহে বাঢ়িবলৈ ধৰে, বিষো ক্ৰমান্বয়ে অসহনীয় হৈ আহে। অস্ত্ৰৰ দ্বাৰা আঘাত কৰাৰ নিচিনা তীব্ৰ যন্ত্ৰণাত ভূগিবলগীয়া হয়। পাছলৈ বিষ আৰু যন্ত্ৰণাৰ বাবে ৰোগিনীয়ে এক মুহূৰ্তও স্বস্তি নাপায় আৰু ভালদৰে টোপনিও নহয়। অৰ্বুদ হঠাতে ফাটি যাব পাৰে আৰু পাছলৈ ছালত ফুটা হৈ গভীৰ ক্ষতৰ সৃষ্টি হয়। সেই ক্ষতৰপৰা অতি তীব্ৰ দূৰ্গন্ধময় ক্লেদ আৰু ৰস নিৰ্গত হ’বলৈ ধৰে।

লগতে প্ৰচুৰ পৰিমানে ৰক্তস্ৰাৱো হয়। এই ক্ষতৰ দাঁতি অসমান, উঠা আৰু বাহিৰলৈ ওলাই অহা ধৰণৰ। তলভাগ কঠিন, টেমুনাৰ দৰে। দেখিলে এনে ভাৱ হয় যেন এই মাত্ৰ ফাটি তেজ ওলাই আহিব! ক্ষতৰ চাৰিওফালে ঘামচিৰ দৰে সৰু সৰু টেমুনা কিছুমানৰ উদ্ভৱ হয়। দেখাত ৰংচুৱা। ক্ষত বাঢ়ি অহাৰ লগে লগে স্তনৰ মাংস ক্ৰমান্বয়ে শুকাই আহিবলৈ ধৰে। চিকিৎসাঃ ৰোগৰ আৰম্ভণীৰেপৰা হোমিঅ’পেথিক বিধান অনুযায়ী সুনিৰ্বাচিত ঔষধাদিৰ দ্বাৰা চিকিৎসা কৰিলে শান্ত অৰ্বুদ দুষ্ট অৰ্বুদলৈ পৰ্যবসিত হ’ব নোৱাৰে। আৰু দুষ্ট অৰ্বুদৰো বৃদ্ধি প্ৰতিহত হৈ আৰোগ্যৰ দিশলৈ উভতি আহে, ক্ষতৰ ৰস-ৰক্ত ক্ৰমশ কমি আহি শুকাবলৈ ধৰে। হোমিঅ’পেথিত স্তন কৰ্কট নিৰাময় কৰিবপৰাকৈ এপিচ মেল, আৰ্চেনিক, বেলেডোনা, কেলকেৰিয়া কাৰ্ব, কাৰ্ব’এনিমেলিচ, কোনায়াম, গ্ৰেফাইটিছ, লেলেছিছ ফছফৰাছ, চিপিয়া আদি শতাধিক ভেষজ আছে। মাথোন ৰোগীৰ মানসিক আৰু সাৰ্বিক লক্ষণ অনুযায়ী প্ৰয়োগ কৰিবপৰাটোহে আচল কথা।

গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধী

“কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে কোভিদ সম্পৰ্কীয় সমস্যাৰ বাবে আজি গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ সুস্থিৰ আৰু পৰ্যৱেক্ষণৰ বাবে চিকিৎসালয়ত ৰখা হ’ব,” কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই জনায়।১ জুনত মৃদু জ্বৰ হোৱা আৰু পিছদিনা কোভিড-১৯ সংক্ৰমণৰ বাবে ইতিবাচক পৰীক্ষা কৰা কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক কোভিড সম্পৰ্কীয় সমস্যাৰ বাবে দেওবাৰে (১২ জুন, ২০২২) গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কংগ্ৰেছ নেত্ৰী ৰণদীপ সিং সুৰজেৱালাই এক টুইটযোগে কয়, “কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে কোভিদ সম্পৰ্কীয় সমস্যাৰ বাবে আজি গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাই সুস্থিৰ আৰু পৰ্যৱেক্ষণৰ বাবে চিকিৎসালয়ত ৰখা হ’ব।”তেওঁ লগতে কয়, “আমি সকলো কংগ্ৰেছ পুৰুষ আৰু মহিলাৰ লগতে সকলো শুভাকাংক্ষীক তেওঁলোকৰ উদ্বেগ আৰু শুভকামনাৰ বাবে ধন্যবাদ জনাইছো।”পিটিআইৰ বাতৰি অনুসৰি, ছোনিয়া গান্ধী দেওবাৰে নিয়মীয়া চিকিৎসা পৰীক্ষাৰ বাবে ইয়াত থকা ছাৰ গংগা ৰাম চিকিৎসালয়লৈ আহিছে, সূত্ৰই জনায়। তাইক চিকিৎসকে পৰীক্ষা কৰি আছে আৰু তাইৰ বৰ্তমানৰ অৱস্থা স্থিৰ, তেওঁলোকে কৈছিল।চিকিৎসালয়ৰ এক সূত্ৰই কয়, “তেওঁ আজি নিয়মীয়া পৰীক্ষাৰ বাবে গংগা ৰাম চিকিৎসালয়লৈ আহিছিল।”

ইফালে, বিষয়াসকলে শুকুৰবাৰে কৈছিল যে প্ৰৱৰ্তন সঞ্চালকালয়ে নেচনেল হেৰাল্ড বাতৰি কাকতৰ সৈতে সম্পৰ্কিত এটা ধন ৰপ্তানিৰ গোচৰত ২৩ জুনত সোধা-পোছাৰ বাবে কংগ্ৰেছ সভাপতিক হাজিৰ হ’বলৈ নতুন চমন জাৰি কৰিছে। ৭৫ বছৰীয়া গান্ধীক আগতে ৮ জুনত সাক্ষ্য দিবলৈ কোৱা হৈছিল কিন্তু যিহেতু তেওঁ চিঅ’ভিআইডি-১৯ ত সংক্ৰমিত হৈছিল, তেওঁ ফেডাৰেল তদন্ত সংস্থাৰ পৰা নতুন তাৰিখ বিচাৰিছিল।

গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে চাহিল দে

ইটালীৰ কাটোলিকা দবা (Cattolica Chess Festival) প্ৰতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ নৰ্ম অৰ্জন।অসমৰ চাহিল দেই গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছে। ৪জুনৰ পৰা ১১জূন, ২০২২লৈ ইটালীৰ কাটোলিকা চহৰত অনুষ্ঠিত হোৱা কাটোলিকা দবা প্ৰতিযোগিতাত (Cattolica Chess Festival) ৯ ৰাউণ্ডৰ পৰা ৬.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। ইটালীৰ গ্ৰেণ্ডমাষ্টাৰ চাবিনো ব্ৰুনেলোই ( Sabino Brunello)৭ পইণ্টেৰে প্ৰথম স্থান আৰু জৰ্জিয়াৰ গ্ৰেণ্ডমাষ্টাৰ লেভান পেণ্টচুলাইয়াই ৬.৫ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। এই ফলাফলেৰে চাহিলে প্ৰথমটো গ্ৰেণ্ডমাষ্টাৰ নৰ্ম লাভ কৰে। আৰু দুটা নৰ্ম অৰ্জন কৰিলে আৰু ৰেটিং পইণ্ট ২৫০০ লৈ বৃদ্ধি কৰিলে গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰিব। চাহিলৰ বৰ্ত্তমান ৰেটিং ২৩৬৬।চাহিলৰ এই কৃতিত্বৰ বাবে সদৌ অসম দবা সন্থা, গুৱাহাটী দবা সন্থা আৰু গুৱাহাটী দবাএকাদেমীয়ে অভিনন্দন জনাইছে ।


চাহিলৰ এই কৃতিত্বৰ বাবে সদৌ অসম দবা সন্থা, গুৱাহাটী দবা সন্থা আৰু গুৱাহাটী দবাএকাদেমীয়ে অভিনন্দন জনাইছে ।

গোসাইগাঁৱৰ তেলিপাৰাত তৃনমূল কংগ্ৰেছৰ কৰ্মী সভা

গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্হিত আঞ্চলিক কৃষি গবেষণা কেন্দ্ৰৰ সভাকক্ষত আজি তৃনমূল কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে এখন কৰ্মী সভা অনুষ্ঠিত হয়।কৰ্মী সভাত তৃনমূল কংগ্ৰেছ দলৰ বিভিন্ন দিশৰ ওপৰত পৰ্যালোচনা অনুষ্ঠিত হয়।কৰ্মী সভাৰ অন্তত তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে বিটিচিৰ পাঁচখন জিলা সাঙুৰিলৈ এখন তৃনমূল কংগ্ৰেছৰ এখন আহ্বয়াক কমিটি গঠন কৰা হব।উক্ত কমিটিৰ মুখ‍্য আহ্বয়াক হিচাপে লাইফুং নাৰ্জাৰীক দায়িত্ব অৰ্পণ কৰা হব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰি তেওঁ আৰু কয় যে তৃনমূল কংগ্ৰেছেই দলেই বিজেপি দলক প্ৰত‍্যাহ্বান জনাব পৰা এটা দল হিচাপে পৰিগণিত হৈ আছে। গতিকে বিজেপিক প্ৰতিহত কৰাৰ বাবে সকলো বিজেপি বিৰোধী দলক একৃতিত্ব হবলৈ আহ্বান জনায়।

তেখেতে আৰু কয় যে তৃনমূল কংগ্ৰেছে এআইএউডিএফ দলৰ লগত কেতিয়াও মিত্ৰতা নকৰে বুলি ষ্পষ্ট কৰি দিয়ে।কাৰণ এআইএউডিএফ দল বিজেপিৰ বি টীম হিচাপে কাম কৰে।বিজেপি দলে এআইএউডিএফ দলক ব‍্যবহাৰ কৰে।

শিৱসাগৰৰ কাথপাৰ মায়া মৰা সমাজৰ শৰণ কাৰ্য, ঐতিহাসিক শ্ৰী শ্ৰী নিত্যানন্দ থানত এই পবিত্ৰ শৰণ পৰ্ব সম্পন্ন

৫২ গৰাকীকৈ পুৰুষ-মহিলাৰ শৰণ পৰ্বত অংশগ্ৰহণ।শিৱসাগৰত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱে প্ৰতিষ্ঠা কৰা মায়া মৰা সমাজৰ শৰণ কাৰ্য সম্পন্ন । নগৰৰ সমীপৰ কাথপাৰ শ্ৰী শ্ৰী নিত্যানন্দ থানত সম্পন্ন হয় আধ্যাত্মিক কৰ্মভাগীৰ । ব্ৰতে-বিধানে থাকি পুৱাৰ পৰাই শৰণ কাৰ্যত ভাগ লয় অঞ্চলটোৰ ৫২ গৰাকীকৈ পুৰুষ-মহিলাই। গুৰু সেৱা কৰি মূৰত কল পাতেৰে মেৰিওয়া তামোল পান লৈ পুখুৰী বা নদীত জুবুৰা মাৰি আশীৰ্বাদ গ্ৰহণ কৰে শৰণীয়াসকলে। এগৰাকী বৰ ককাইৰ নেতৃত্বত শৰণ গ্ৰহণ কৰা পিছত সমাজৰ উঠন পূৰণ কৰিব পৰা হয় শৰণীয়াসকল।

মায়া মৰা সমাজৰ আদ্য গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ দিনৰ পৰাই চলি আহিছে এনে এক পৰম্পৰা। কাথপাৰ শ্ৰী শ্ৰী নিত্যানন্দ থানত অনুষ্ঠিত শৰণ কাৰ্যত চাবুৱা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী সচিদানন্দ দেৱে শৰণ প্ৰদান কৰে অঞ্চলটোৰ ৫৬ গৰাকী পুৰুষ-মহিলাক। শ্ৰী শ্ৰী নিত্যানন্দ থানত বছৰত এবাৰহে এই শৰণ পৰ্ব অনুষ্ঠিত হয়।

৫০-৬০ জন যুৱ-যুৱতীক কৰ্ম সংস্হাপন দিয়াৰ প্ৰয়াস কৰ্ম উদ্যোমী যুৱক জয়ন্ত বণিয়াৰ

টংলাৰ মৌগাঁও ১ নম্বৰ বটাবাৰী গাঁও পৰ্যটকৰ বাবে আকৰ্ষণ হৈ পৰিছে কৰ্দৈ ৰিজ’ৰ্ট। ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ কলাইগাওঁ থানাৰ অন্তর্গত ১ নং বটাবাৰীত প্ৰায় ১০০ বিঘা মাটিকালিত কৰ্ম উদ্যোমী যুৱক জয়ন্ত বণিয়াৰ সুপ্ৰচেষ্টাত নান্দনিক পৰিৱেশত গঢ় লৈ উঠিছে কৰ্দৈ ৰিজৰ্ট।বৰ্তমান ৰিজৰ্ট খনত দৈনিক প্ৰায় ৬০/১০০ জন দৰ্শনাৰ্থীৰ আগমন ঘটে বুলি জানিব দিয়ে।বৰ্তমান ৰিজ’ৰ্ট খনত ৰেষ্টুৰেণ্ট , ৰেছিপচন কাউণ্টাৰ ,খেল -ধেমালি সঁজুলি, বুটিং ,থকাৰ ব্যৱস্থা থকাৰ উপৰি অনাগত দিনত শিশু উদ্যান, থকা-খোৱাৰ লগতে প্ৰাকৃতিক সম্পদ তথা গছ-গছনিৰ ওপৰত বিশেষজ্ঞৰ জৰিয়তে কণ-কণ শিশুসকলক শিক্ষা প্ৰদানৰ ব‍্যৱস্থাও কৰা,ছুইমিং পুল, সভা গৃহ, একুৰীয়াম আৰু গ্লাছৰ ৰেষ্টুৰেণ্ট বনোৱা হ’ব বুলি জানিবলৈ দিয়ে কৰ্দৈ ৰিজ’ৰ্টৰ স্বত্বাধিকাৰী তথা সু-প্ৰতিষ্ঠিত ব্যৱসায়ী জয়ন্ত বনিয়াই। আনহাতে, ৰিজৰ্টখনলৈ আহিবলৈ ঠিকনাৰ সুবিধাৰ্থে অনলাইন গুগল মেপত উপলদ্ধ কৰা হৈছে বুলি জনাই বনিয়াই। আনহাতে বৰ্তমান সময়ত অতি ব্যস্ত মানুহ ।পৰিয়াল বা লগ বন্ধুক সময় দিব নোৱাৰো ।এক ঘেয়ামী ,আত্ম কেন্দ্ৰিক হৈ পৰিছে আমাৰ জীৱন।বৰ্তমান জটিল সন্ধিক্ষণত কামৰ ফাঁক এটি উলিয়াই আহকচোন আপুনিও পৰিয়াল তথা বন্ধু-বান্ধৱীৰ স’তে ,,ময়ো অনুপ্ৰাণিত হ’ম আৰু আপোনালোকো অনাবিল প্ৰশান্তি লাভ কৰিব বুলি সকলোকে কৰ্দৈ ৰিজৰ্টলৈ আহিবলৈ বিনম্ৰ অনুৰোধ জনাইছে কৰ্ম উদ্যোগী জয়ন্ত বণিয়াই।

লগতে প্ৰকৃতিক ৰক্ষা কৰাৰ লগতে ৰাইজক আমোদ দিয়াৰ উদ্দেশ্যেৰে আৰম্ভণি কৰা কৰ্দৈ ৰিজৰ্টখন ভৱিষ্যতৰ দিনত আকৰ্ষনীয় পৰ্যটনস্থলী হিচাপে গঢ় দিয়া মানসেৰে তেওঁ ৫০-৬০ জন থলুৱা যুৱ-যুৱতীক কৰ্ম সংস্হাপন দিয়াৰ প্ৰয়াস কৰে।

প্ৰিয়ংকা চোপ্ৰাই ‘চিটাডেল’ ছেটৰ পৰা শ্বেয়াৰ কৰিলে ফটো, স্বামী নিকৰ কমেণ্ট

প্ৰিয়ংকা চোপ্ৰা তেওঁৰ আহিবলগীয়া ৰুচো ব্ৰাদাৰৰ শৃংখলা ‘চিটাডেল’ৰ দৃশ্যগ্ৰহণত ব্যস্ত।সহঅভিনেতা এনি হেথৱে আৰু ব্লেকপিংক গায়িকা লিছাৰ সৈতে ব্ৰেণ্ড প্ৰচাৰৰ বাবে পেৰিছ ভ্ৰমণৰ পিছত, গ্লোবেল আইকন প্ৰিয়ংকা চোপ্ৰা তেওঁৰ প্ৰথম ৱেব শৃংখলা ‘চিটাডেল’ৰ ছেটলৈ উভতি আহিছে। বেৱাচ’ অভিনেত্ৰীগৰাকীয়ে তাইৰ ইনষ্টাগ্ৰাম হেণ্ডেললৈ গৈছিল আৰু কেইখনমান ফটো শ্বেয়াৰ কৰিছিল আৰু পোষ্টটোৰ শিৰোনাম দিছিল আৰু শিৰোনামটোত “স্নেক” হিচাপে। প্ৰিয়ংকাক গভীৰ ডিঙিৰ বগা পোছাক চাৰ্ট পিন্ধা দেখা যায়। তাই তাইৰ চুলিবোৰ সমুদ্ৰ তীৰৰ ঢৌত ষ্টাইল কৰিছিল, আৰু এটা সূক্ষ্ম নগ্ন মেকআপ বাছনি কৰিছিল।কোৱাণ্টিকো’ তাৰকাজনে কেমেৰালৈ চাই থাকোতে কেইটামান চেলফি লৈছিল। তাই নিজৰ এটা চমু ভিডিঅ’ ৰেকৰ্ড কৰিছিল।

তাই ফটোবোৰ শ্বেয়াৰ কৰাৰ লগে লগে, অনুৰাগীসকলে পোষ্টটো লাইক আৰু মন্তব্যৰে প্লাৱিত কৰিছিল। গায়ক-অভিনেতা স্বামী নিক জোনাছে তেওঁৰ পোষ্টটোত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। মন্তব্য শাখাত, তেওঁ এটা আচৰিত ইমোজিৰ সৈতে “ৱাও” লিখিছিল।মন্তব্য শাখাত পোষ্টটোৰ উত্তৰত এজন অনুৰাগীয়ে লিখিছিল, “মই আপোনাৰ মন্ত্ৰৰ অধীনত আছোঁ।” আন এজন অনুৰাগীয়ে লিখিছিল, “ইমান ধুনীয়া”।ইফালে, কৰ্মক্ষেত্ৰত, প্ৰিয়ংকাৰ ওচৰত কেইবাটাও হলিউড প্ৰকল্প আছে। যোৱা মাহলৈকে তেওঁ ৰুচো ব্ৰাদাৰ্ছৰ দ্বাৰা প্ৰযোজিত তেওঁৰ ৱেব চিৰিজ চিটাডেলৰ শ্বুটিংত ব্যস্ত আছিল আৰু অ’টিটি প্লেটফৰ্ম আমাজন প্ৰাইম ভিডিঅ’ত হিট হ’ব। ‘এণ্ডিং থিংছ’ আৰু ‘ইটছ অল কামিং বেক টু মি’ পাইপলাইনত আছে। বলীউডৰ ক্ষেত্ৰত, তেওঁফাৰহান আখটাৰৰ ‘জী লে জাৰা’ৰ বাবে চুক্তিবদ্ধ হৈছে।

কেনেধৰণৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব লাগে…

আমি দাঁত পৰিষ্কাৰ কৰিবলৈ টুথব্ৰাছ ব্যৱহাৰ কৰোঁ। প্ৰকৃতিয়ে দাঁতৰ যত্ন ল’বলৈ সৌৰা গছৰ ঠাৰি, ভোট এৰা, গছৰ ঠাৰি আদি কিছুমান গছ আমাক উপহাৰ দিছে। সেয়ে আগেয়ে দাঁত পৰিষ্কাৰ কৰিবলৈ সৌৰাৰ ঠাৰি, ভোট এৰা বা নিম ঠাৰি ব্যৱহাৰ কৰিছিল।

বৰ্তমানেও অৱশ্যে কিছু সংখ্যক কিছু সংখ্যকে দাঁতোন হিচাপে প্ৰকৃতি প্ৰদত্ত বিভিন্ন বস্তু ব্যৱহাৰ কৰে। এতিয়া আধুনিকতাই হওক বা সয়ৰ অভাৱৰ বাবেই হওক টুথব্ৰাছৰ আৱিষ্কাৰৰ লগে লগে মানুহে সহজে হোৱা টুথব্ৰাছেৰেই দাঁত পৰিষ্কাৰ কৰিবলৈ ল’লে।

কিন্তু কেনে ধৰণৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব লাগে নজনাৰ কাৰণে প্ৰায়ে দাঁতৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

সেয়ে টুথব্ৰাছ কিনোতে কিছুমান কথাত গুৰুত্ব দিয়া উচিত।

  • ভাল কোম্পানীৰ টুথব্ৰাছহে ব্যৱহাৰ কৰিব লাগে।
  • দাঁত ঘঁহিবলৈ ব্যৱহাৰ কৰা ব্ৰাছডাল সদায় কোমল হোৱা উচিত। কঠিন ব্ৰাছ ব্যৱহাৰ কৰিলে দাঁতৰ ওপৰে-তলে থকা মঙহত আঘাত লাগিব পাৰে আৰু ঘাঁৰ সৃষ্টি কৰিব পাৰে।
  • টুথ পাউদাৰ ব্যৱহাৰ কৰিলে মোলায়ম পাউদাৰহে ব্যৱহাৰ কৰিব লাগে।
  • টুথপেষ্ট ব্যৱহাৰ কৰাৰ আগেয়ে ব্ৰাছডাল ভালদৰে ধুইহে টুথপেষ্ট লগাব লাগে।
  • টুথপেষ্ট কিনোতে কেলছিয়াম থকা জেল টুথপেষ্ট কিনিব লাগে।
  • টুথব্ৰাছত থকা নোমল আঁহ বাহিৰৰপৰা ভিতৰলৈ সোমোৱা হ’ব লাগে। তেনে ধৰণৰ ব্ৰাছহে কিনা উচিত।
  • দাঁত ব্ৰাছ কৰোঁতে ওপৰৰ পাৰি দাঁত ওপৰৰপৰা তললৈ আৰু তলৰ পাৰি দাঁত ব্ৰাছ কৰোঁতে তলৰপৰা ওপৰলৈ ব্ৰাছ কৰিব লাগে।
  • পাৰিলে দিনত দুবাৰ আৰু ৰাতি আহাৰ খোৱাৰ পিছত দাঁত ব্ৰাছ কৰিব লাগে।