Home Blog Page 2335

মোনছেৰ আলী মেম’ৰিয়েল একাডেমিত কৃতি-ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত আজিও উৎফল্লিত বৃহত্তৰ সোণতলী ৷ দক্ষিণ কামৰূপৰ সংখ্যালঘু অধ্যুষিত সোণতলী অঞ্চলৰ আটাইবোৰ ব্যক্তিগত খণ্ডৰ ফলাফল সন্তোষজনক৷ ইয়াৰে সোণতলী এলেকাধীন আৰিকাটিস্থিত মোনছেৰ আলী মেম’ৰিয়েল একাডেমিৰ পৰা অষ্টম শ্ৰেণীলৈ পঢ়ি বিভিন্ন বিদ্যালয়ৰ পৰা এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ একাডেমিখনৰ লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে৷ বিশেষকৈ মোনছেৰ আলী মেম’ৰিয়েল একাডেমিৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ইনামুল হকে চাৰিটা বিষয়ত লেটাৰ নম্বৰ লৈ ৮৬. ৮৩ শতাংশ, কাঞ্চন নেছায় দুটা বিষয়ত লেটাৰসহ ৭৭.১৬ শতাংশ নম্বৰ, জহুৰা খাতুনে এটা বিষয়ত লেটাৰ লৈ ৬৭ শতাংশ, জেনিফাৰ আহমেদে দুটা বিষয়ত লেটাৰ লৈ ৬৫.৫ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হয়৷

সেই হেতুকে মোনছেৰ আলী মেম’ৰিয়েল একাডেমিৰ ফালৰ পৰা এই সকল কৃতি ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়৷ আব্দুছ ছামাদৰ পৌৰহিত্যত হোৱা সম্বৰ্ধনা অনুষ্ঠানত অভিভাৱক-অভিভাৱিকা সকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য ভাষণ প্ৰদান কৰে৷

ভাৰতীয় ষ্টেট বেংকৰ ব্যতিক্ৰমী পদক্ষেপ৷ভাৰতীয় ষ্টেট বেংকে আগবঢ়োৱা সুবিধা সমূহ গ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান ষ্টেট বেংকৰ সহ প্ৰবন্ধকৰ

ভাৰতীয় ষ্টেট বেংকে গ্ৰাহক সকলৰ মাজত সচেতনতা আৰু সজাগতা সৃষ্টিৰ  উদ্দেশ্যেৰে বিগত কিছু দিনৰে পৰা প্ৰতিটো অঞ্চলতে বিত্তীয় সাক্ষৰতা শিবিৰ মুকলি  কৰিছে৷ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ভাৰতীয় ষ্টেট বেংকৰ ঢেকীয়াজুলি শাখাই অবিৰত ভাবে চলাই গৈছে সজাগতা অভিযান৷সেই মৰ্মে ভাৰতীয় ষ্টেট বেংকৰ ঢেকীয়াজুলি শাখাই আজি পিৰাকটা গাঁও পঞ্চায়তৰ অধীনস্থ পিৰাকটা কছাৰী গাঁৱত অৱস্থিত ৰাজহুৱা সভা গৃহত বিত্তীয় সাক্ষৰতা অভিযানৰ উদ্যেশ্য এখনি সভাৰ আয়োজন কৰি ৰাইজক ভাৰতীয় ষ্টেট বেংকে আগবঢ়োৱা সুবিধা সমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

উক্ত বিত্তীয় সাক্ষৰতা অভিযানৰ সভাত বিভিন্ন গ্ৰামাঞ্চলৰ মহিলা সকলৰ ব্যাপক সহাঁৰী দেখিবলৈ পোৱা গ’ল৷

গৌৰীপুৰ সমষ্টিত কীৰ্তি ছাত্ৰ-ছাত্ৰীক AIUDF দলৰ সম্বৰ্ধনা

সদ্য ঘোষিত হাই স্কুল আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হোৱাত কীৰ্তি ছাত্ৰ-ছাত্ৰীক লৈ উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু বিভিন্ন দল সংগঠনে। গৌৰীপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা কীৰ্তি ছাত্ৰ ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলক ফুলাম গামোচা আৰু কলমৰে সম্বৰ্ধনা জনায় গৌৰীপুৰ সমষ্টিৰ AIUDF দলে। উল্লেখ্য যে আলমগঞ্জৰ পিতৃ হেৰুৱা ছোহেল ইফতিকাৰে পাঁচটা লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আলমগঞ্জ অঞ্চল লৈ সুনাম কঢ়িয়াই আনে। লগতে মুছফিকা ৰহমানে 94.60 % নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাত সমগ্ৰ আলমগঞ্জ অঞ্চলত উৎফুল্লিত হোৱা পৰিলক্ষিত হয়।

আনফালে দৰিদ্ৰতাই কোঙা কৰা ৰাজু খান আৰু মনিন্দ্ৰ ৰায়ক বিচলিত কৰিব পৰা নাই শিক্ষাৰ পৰা। স্মৰ্তব্য যে, প্ৰতি জন কীৰ্তি ছাত্ৰ ছাত্ৰীয়ে ভৱিশ্যতত চিকিৎসক হোৱাৰ সপোন দেখিছে যদিও সেয়া সময়তহে লক্ষণীয় হব।

শ্ৰীৰামপুৰত ৬ চকীয়া বাহনসহ বাৰ্মিজ চুপাৰি জব্দঃ এজনক আটক

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ বাৰ্মিজ সুপাৰী সহ ৬ চকীয়া বাহন জব্দ কৰাৰ লগতে গাড়ি চালকক আটক কৰে৷ শ্ৰীৰামপুৰত শিমলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায় অভিযান চলাই বৃহৎ পৰিমানৰ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়৷

ৰাষ্ট্ৰীয় ঘাইপথত গোপন খবৰৰ ভিক্তিত তালাচী চলাই আৰক্ষীয়ে বৃস্পতিবাৰ সন্ধিয়া ৮:৩০ মান বজাত জব্দ কৰে ৬ চকীয়া চুপাৰী ভৰ্তি বাহনখন৷উল্লেখনীয় বিষয় যে আদাৰ তলত লুকুৱাই আনিছিল বুজন পৰিমানৰ বাৰ্মিজ চুপাৰি ৷চুপাৰি ভৰ্তি বাহনখনৰ নম্বৰ আছিল UP 44AT -9048 ।গাড়িচালক গৰাকী-উত্তৰ প্ৰদেশ সুলতানপুৰৰ বাসিন্দা বদুৰুদ্দিন খান (৫১) বুলি চিনাক্ত কৰা হৈছে।

দৰঙৰ কলাই গাঁৱৰ বিধানসভা সমষ্টিৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীৰ সাফল্য

শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত বিশেষ ভাৱে সক্ষম কেতিয়াও হেঙাৰ হব নোৱাৰে । সেই কথা পুনৰ প্ৰতিপন্ন কৰিলে দৰং জিলাৰ কলাই গাওঁ বিধানসভা সমষ্টিৰ দেওধনী ঘাট হাই স্কুলৰ ছাত্ৰী‌ কংকনা কলিতাই। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত নামখলাৰ সমিপৰ আঠিয়াবাৰী গাঁৱৰ হিৰণ্য কলিতাৰ আৰু লাবণ্য কলিতাৰ জীয়ৰী বিশেষ ভাৱে সক্ষম কংকনা কলিতাই দৰিদ্ৰতাক নেওচি দ্বিতীয় বিভাগ লাভ কৰি অঞ্চলটোলৈ কঢ়িয়াই আনিছে এক গৌৰৱ।

নামখলা আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জনাই।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৩০ খন বিদ্যালয়ৰ ফল শূন্য শতাংশ।25খন মাধ্যমিক শিক্ষা বিভাগৰ আৰু 5খন সৰ্বশিক্ষা অভিযানৰ অধীনৰ

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ 30খন বিদ্যালয়ৰ ফল শূন্য শতাংশ। 25খন মাধ্যমিক শিক্ষা বিভাগৰ আৰু 5খন সৰ্বশিক্ষা অভিযানৰ অধীনৰ। আনহাতে 108খন বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ 10 শতাংশৰ কম। এনে বিদ্যালয়ৰ ভিতৰত কাছাৰৰ 14খনকৈ; কাৰ্বি আংলঙৰ 11খনকৈ; গোৱালপাৰাৰ 9খনকৈ, যোৰহাট, নগাঁও জিলাৰ 8খনকৈ কামৰূপ মহানগৰ জিলাৰ 6খনকৈ, ডিব্ৰুগড়, কৰিমগঞ্জৰ 5খনকৈ, পশ্চিম কাৰ্বি আংলং, ধুবুৰীৰ 4খনকৈ, দক্ষিণ শালমাৰা, বৰপেটাৰ তিনিখনকৈ, ওদালগুৰি, চৰাইদেউ, চিৰাং, দৰং, হাইলাকান্দি, কামৰূপ, লখিমপুৰ, তিনিচুকীয়াৰ 2খনকৈ, ধেমাজি, নলবাৰী, শোণিতপুৰ, শিবসাগৰ,বিশ্বনাথ আৰু হোজাইৰ এখনকৈ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ দহ শতাংশৰ তলত। এনে বিদ্যালয় বন্ধ কৰি দিয়াই ভাল। বছৰটো পঢুৱাই যদি শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাব নোৱাৰে, তেন্তে শিক্ষকে নিজৰ দায়িত্ব পালন নকৰে।

সেইদৰে উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ পাঠ্যক্ৰমতো যিবিলাক শিক্ষানুষ্ঠানৰ উত্তীৰ্ণৰ হাৰ 50 শতাংশৰ তলত সেইবোৰৰ নিম্নগামী ফলাফলৰ বাবে দায়িত্ব শিক্ষকসকলেই ল’ব লাগিব। শিক্ষাৰ্থীয়ে কম নম্বৰ পাইছে বুলি তেওঁলোকেতো কম দৰমহা নলয়। যদি শিক্ষকে শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশ ঘটাবই নোৱাৰে , তেন্তে তেনে লোকে কৰ্তব্য সম্পাদন কৰাত হেমাহি কৰিছে।

হুইল চেয়াৰত বহিয়েই বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ দেখুৱালে নিদৰ্শন; ৫০ হাজাৰ টকাৰে সহায় সমাজকৰ্মী অজয় গগৈৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা অতি দৰিদ্ৰ পৰিয়ালৰ আৰু ১০ জন ছাত্ৰক লাহোৱাল মহাবিদ্যালয়ত নামভৰ্তি কৰোৱাৰ লগতে সম্পূৰ্ণ খৰচ বহন কৰাৰ কথা ঘোষণা। মনত প্ৰৱল ইচ্ছা থাকিলে মানুহে প্ৰৱল বাধাকো নেওঁচি যিকোনো কাম কৰি দেখুৱাব পাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশেষভাৱে সক্ষম এজন ছাত্ৰই। চাবুৱা নগৰৰ ৮ নং ৱাৰ্ডৰ নিবাসী পিতৃ মুকুট দত্ত আৰু মাতৃ মমী দত্তৰ জ্যেষ্ঠ পুত্ৰ মাধুৰ্য দত্তই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা বিষয়ত লেটাৰ সহ ৬৩ শতাংশ লাভ কৰি সকলোকে সাহস আৰু একাগ্ৰতাৰ আদৰ্শ দেখুৱালে। এখন হুইল চেয়াৰতে পঢ়া শুনা কৰা মাধুৰ্যই টিউচনৰ অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ! সমন্ধীয় ভাতৃ তথা সহপাঠীৰ সহযোগত পঢ়াত ব্যস্ত হৈ পৰিছিল ছাত্ৰ জনে । নিজে উঠিব বহিব নোৱাৰে যদিও প্ৰায় ক্লাছ নকৰাকৈয়েই মনৰ অদম্য সাহস আৰু একাগ্ৰতাৰ বাবে বিশেষভাৱে সক্ষমতাকো নেওচি আন দহোজন ছাত্ৰৰ বাবে আদৰ্শ হৈ পৰিছে মাধূৰ্য। যি সময়ত চৰকাৰী বিদ্যালয়ৰসমূহত ফলাফল অতি বেয়া হৈছে সেই সময়তেই এই ছাত্ৰজনৰ সফলতাই এতিয়া সমগ্ৰ চাবুৱা অঞ্চলৰ ৰাইজক উৎফুল্লিত কৰি তুলিছে! অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ ঘৰত আজি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি অজয় গগৈয়ে সংগঠনটোৰ নেতা কৰ্মীসকলৰ লগত উপস্থিত হৈ ছাত্ৰজনক গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৫০ হাজাৰ টকাৰে সহায় আগবঢ়ায় ! ডিকম ইকৰাতলিৰ সমাজকৰ্মী তথা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ অজয় গগৈৰ এই পদক্ষেপক এতিয়া পৰিয়ালটোৰ লগতে সমগ্ৰ চাবুৱাবাসীয়ে শলাগ লোৱা পৰিলক্ষিত হৈছে।

সংবাদমাধ্যমৰ সন্মুখত অজয় গগৈয়ে অঞ্চলটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা অতি দৰিদ্ৰ পৰিয়ালৰ আৰু ১০ জন ছাত্ৰক লাহোৱাল মহাবিদ্যালয়ত নামভৰ্তি কৰোৱাৰ লগতে সম্পূৰ্ণ খৰচ বহন কৰাৰ কথা ঘোষণা কৰে ! লগতে এই অনুষ্ঠানটোত সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি গৌৰী কান্ত ডাঙৰীয়া ,সাধাৰণ সম্পাদক ৰক্তিম প্ৰতিম গগৈ ,উপ:সভাপতি:ঋতুপৰ্ণ শইকীয়াজিলা উপ সভাপতি মৃদুৰঞ্জন চেতিয়া আৰু কেন্দ্ৰীয় শিক্ষা সম্পাদক সৌমাৰ জ্যোতি গগৈ উপস্থিত থাকে।

২০২১-২২ ‘বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ % উত্তীৰ্ণ’ৰ হাৰৰে উজ্বলিল হাজোৰ দামপুৰস্থিত প্ৰগতি জাতীয় বিদ্যালয়

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ১০০ % উত্তীৰ্ণৰ হাৰেৰে উজ্বলি উঠিছে হাজোৰ দামপুৰস্থিত প্ৰগতি জাতীয় বিদ্যালয়।২০০৩ চনতে স্থাপিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান প্ৰগতি জাতীয় বিদ্যালয়ত ২০২১-২২ ‘বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ % উত্তীৰ্ণ’ৰ হাৰ’ৰে সাফল্যৰ হাঁহি বিৰিঙি থকা দেখিবলৈ পোৱা গৈছে । বিদ্যালয় খনত সৰ্বমুঠ ২৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে আৰু আটাইকেইগৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।২৩ গৰাকীৰ ভিতৰত ৪ গৰাকীয়ে ডিষ্ট্ৰিংশ্বন মাৰ্ক,৯ গৰাকীয়ে ষ্টাৰ মাৰ্ক,৮ গৰাকীয়ে প্ৰথম বিভাগত আৰু ২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে ।

অৱশ্যে বিদ্যালয়খনিৰ আশানুুৰূপ ফলাফলে ছাত্ৰ ছাত্ৰী ,শিক্ষক শিক্ষয়ত্ৰী সকলক উৎসাহিত কৰি তুলিছে।আৰু অনাগত দিনটো অধ্যায়ন,সততা,একাগ্ৰতাকে শিক্ষা জীৱনৰ মূল মাপকাঠিৰ আদৰ্শ ৰূপে লৈ শিক্ষাৰ্থী সকলে ভৱিষ্যত জীৱনত আগবাঢ়ি গলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰিব বুলি উল্লেখ কৰে বিদ্যালয় পৰিচালনা কমিটি ও শিক্ষক শিক্ষয়ত্ৰীবৃন্দই।

অৱশ্যে প্ৰগতি জাতীয় বিদ্যালয়খনে পূৰ্বৰে পৰাই শৈক্ষিক গুনগত দিশত এক উণ্ণত মানদণ্ডৰ ফলাফলৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।লগতে বিদ্যালয়খনত শৈক্ষিক নৱজাগৰন সৃষ্টিৰ লক্ষ্যৰে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ নৱসংযোজনৰ ব্যৱস্থা কৰা হৈছে।যাৰা দ্বাৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হব বুলি বৌদ্ধিক মহলত চৰ্চিত হৈছে।

আপুনি জানেনে বেঙেনাই কৰে কেন্সাৰ প্রতিৰোধ

পাচলি জগতৰ ৰজা হিচাবে পৰিচিত বেঙেনাই পাবলগীয়া আদৰ নাপালেও গুণত কিন্তু ইয়াক অৱহেলা কৰা সম্ভৱ নহয়। আচলতে এই পাচলিৰে বনোৱা যিকোনো উপকৰণ খাবলৈ যিমান সুস্বাদু, সিমানেই শৰীৰতো যথেষ্ট উপকাৰ সাধন কৰে। বিজ্ঞানীসকলৰ মতে, সপ্তাহত যদি মাত্র এদিন বেঙেনা খোৱা যায়, তেতিয়াহ’লে শৰীৰৰ বাবে আন কোনো চিন্তাই নাথাকে।

ফাইবাৰ আৰু এন্টিঅক্সিডেন্টেৰে পৰিপূর্ণ এই পাচলিবিধ মাজে মাজে খালে শৰীৰত টক্সিক উপাদানৰ মাত্রা কমাবলৈ আৰম্ভ কৰে। তাৰ লগতে কেন্সাৰ চেলৰ জন্ম হোৱাৰ সম্ভাৱনাও কমে। ফলত স্বাভাৱিকভাবেই এই মাৰণ ৰোগে গা ঘঁহাবও নোৱাৰে। প্রসঙ্গত উল্লেখ্য, ফাইবাৰে মূলত কোলন কেন্সাৰ প্রতিৰোধত বিশেষ ভূমিকা পালন কৰি থাকে। যিয়ে এন্টিঅক্সিডেন্ট কোষবোৰৰ ক্ষত ভাল কৰি সামগ্রিকভাবে শৰীৰক তজবজীয়া কৰি তোলে।

স্তন কৰ্কটত আক্ৰান্ত হোৱা এগৰাকী বলিউড অভিনেত্ৰী, কিন্তু, কেনেকৈ কৰ্কট ৰোগত আক্ৰান্ত হ’ল এইগৰাকী বহু চৰ্চিত তাৰকা?

অনুপম খেৰ বৰ্তমান ব্যস্ত তেওঁৰ ৫২৫ সংখ্যক ছবিৰ দৃশ্যগ্ৰহণৰ কামত৷ ছবি খনৰ দৃশ্যগ্ৰহণৰ বাবে আমেৰিকাত থকা অনুপম খেৰে মহিমা চৌধুৰীৰ বাবে লৈ আহিছে এক সুখবৰ৷ খেৰে তেওঁৰ নতুন ছবিত মহিমা চৌধুৰীক এটা চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰিছে৷ অনুপম খেৰে তেতিয়াই তেওঁ গম পাইছিল যে মহিমা চৌধুৰী


স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা কৰোৱাবলৈ আমেৰিকাতে আছে। বহু দিন ধৰি ডাঙৰ পৰ্দাৰ পৰা আঁতৰি থকা মহিমা চৌধুৰীয়ে এটা ভিডিঅ’ত প্ৰকাশ কৰিছে যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত স্তন কৰ্কট ৰোগৰ চিকিৎসা কৰি আছে। তেওঁ লগতে কৈছে যে মহিমাই খেৰক খবৰটো জনাইছিল আৰু অনুপম খেৰে তেওঁক ছবিখনত এটা চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিছে। মহিমাই খেৰক সুধিছিল যে তেওঁ ছেটটোত এটা উইগ পিন্ধিব পাৰিবনে? খেৰে সেই কথাত সন্মতি দিছিল অনুপম খেৰেও এটা ভিডিঅ’ত কৈছে “মহিমাক আপুনি মৰম, শুভেচ্ছা, প্ৰাৰ্থনা আৰু আশীৰ্বাদ প্ৰেৰণ কৰক।

তেওঁ পুনৰ ছেটলৈ উভতি আহিছে, য’ত তেওঁ এটা সময়ত আছিল৷ তেওঁ এতিয়া পুনৰ উৰিবলৈ সাজু !!” ভাল খবৰটো হ’ল যে মহিমা সুস্থ হৈ উঠিছে আৰু এতিয়া ভালে আছে। এই যুঁজত সাহসেৰে যুঁজ দিয়াৰ বাবে মহিমাক সকলোৱে শুভেচ্ছা জনোৱাৰ লগতে অভিনেত্ৰীগৰাকীক আকৌ এবাৰ পৰ্দালৈ উভতি অহা চাবলৈ অপেক্ষা কৰিছে৷