Home Blog Page 2336

আপুনি পেলাই দিয়া জামৰ গুটিৰ উপকাৰিতা জানিলে আচৰিত হব আপুনি

জামৰ গুটিৰ কি কি উপকাৰিতা আছে –
(১) জামৰ গুটি ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধ৷ যিদৰে জামে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে, ঠিক তেনেকৈ জামৰ গুটিত থকা জাম্বোলিন আৰু জাম্বোচিন নামৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ কম কৰে৷ ইয়াৰ লগতে ইনছুলিনৰ উৎপাদনো বৃদ্ধি কৰে৷ ইয়াৰ বাবে ৰাতিপুৱা জামৰ গুটিৰ গুৰি কুহুমীয়া পানীৰ লগত সেৱন কৰিব লাগে৷


(২) জামৰ গুটি পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়, যিয়ে পাচন প্ৰক্ৰিয়া উন্নত কৰে৷ পেটৰ ভিতৰৰ ঘা, আলচাৰ আদিত জামৰ গুটিক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷


(৩) জামৰ গুটিয়ে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ইয়াত থকা এলিজিক এচিড নামৰ এচিডবিধে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে৷
(৪) জামৰ গুটিত থকা ফেনলিক নামৰ এণ্টিঅক্সিডেণ্টবিধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ক্ষতিকাৰক মুক্ত কণিকাসমূহকো দূৰত ৰাখে৷
(৫) ওজন হ্ৰাস কৰাটো ফাইবাৰযুক্ত জামৰ গুটিয়ে সহায় কৰে৷


(৬) মহিলাৰ মাহেকীয়াত অধিক ৰক্ত ক্ষৰণ হ’লে জামৰ গুটিৰ গুৰিৰ লগত পিপল গছৰ ছালৰ গুৰি মিশ্ৰণ কৰি ঠাণ্ডা পানীৰ সৈতে সেৱন কৰিব লাগে৷
(৭) দাঁতৰ বিভিন্ন সমস্যাত জামৰ গুটিৰ গুৰিৰে দাঁত মাজিলে সুফল পোৱা যায়৷

চাপৰৰ সত্যপুৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযান ।

চাপৰৰ সত্যপুৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযান । চুলাই মদৰ বিৰুদ্ধে এই অভিযান ।

অভিযানত ধংশ চুলাই মদৰ ঘাটিসহ চুলাই বনোৱা সা সামগ্ৰীধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত সত্যপুৰ বতৰদলত চাপৰ আৰক্ষী আৰু আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে এক যৌথ অভিযান চলায়।

অভিযানত কেইবাটাও চুলাই মদৰ ঘাটি উৎসাত কৰাৰ লগতে বুজন পৰিমাণৰ চুলাই মদ থিতাতে নষ্ট কৰিবলৈ সক্ষম হয়।চাপৰ আৰক্ষী থানাৰ এছ আই দিজেন্দ্ৰ মেধীয়ে গাঁওৰ মুৰব্বী সকলক এখন গাঁও সভা পাতি গাঁওখনৰ পৰিবেশ সুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়।

লগতে বিষয়াগৰাকীয়ে কয় যে যদি কোনোবাই মদ খাবলৈ আহে তেন্তে তেওঁলোকক মদ দিবলৈ বাধা দিব যদি নামানে তেন্তে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনায়।

মন্ত্ৰীৰূপে শপত ল’লে জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোচাই

মন্ত্ৰীৰূপে শপত ল’লে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই।দুই মন্ত্ৰীক দিলে নতুন দায়িত্ব। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।নতুন মন্ত্ৰী ৰূপে আজি শপত ল’লে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৩ বজাত আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানত চুৰিয়া-চাপকন-চেলেং লৈ জয়ন্তমল্ল বৰুৱাই শপত গ্ৰহণ কৰে৷আনহাতে পৰম্পৰাগত সাজেৰে শপত গ্ৰহণ কৰিলে নন্দিতা গাৰ্লোছাই।মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী ৰূপে শপতবাক্য পাঠ কৰায় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে।মুখ্যমন্ত্ৰীকে ধৰি প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়কৰ উপস্থিতিত নন্দিতা গাৰ্লোছাই ইংৰাজীত আৰু জয়ন্ত মল্ল বৰুৱাই অসমীয়াত শপতবাক্য পাঠ কৰে।

উল্লেখযোগ্য যে,জয়ন্ত মল্ল বৰুৱালৈ জনস্বাস্থ্য কাৰিকৰী,দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে।আনহাতে নন্দিতা গাৰ্লোচাক শক্তি, সমবায়, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব দিয়া হৈছে।

কোন হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰস্তুতি

কোন হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰস্তুতি । ২৪ জুলাইৰ পূৰ্বে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন

আজি নিৰ্বাচক মণ্ডলীৰ সংবাদমেল । নিৰ্বাচন আয়োগে ঘোষণা কৰিব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সূচী । ২৪ জুলাইত অন্ত পৰিব বৰ্তমানৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ।

নিৰ্বাচিত সাংসদ আৰু সকলো বিধানসভাৰ নিৰ্বাচিত সদস্যক লৈ গঠিত নিৰ্বাচনী মহাবিদ্যালয়ৰ সদস্যসকলে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰে। মনোনীত সদস্যসকল ভোট দিবলৈ যোগ্য নহয়। 2017 চনত, ৰাষ্ট্ৰপতি নিৰ্বাচন 17 জুলাইত অনুষ্ঠিত হৈছিল আৰু গণনা 20 জুলাইত হৈছিল।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব। কোবিন্দ দেশৰ কেৱল দ্বিতীয় দলিত ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথম দলিত ৰাষ্ট্ৰপতি আছিল কে আৰ নাৰায়ণন, যি 25 জুলাই, 1997 ৰ পৰা 25 জুলাই, 2002 লৈ কাৰ্যালয়ত আছিল।

ভাৰতৰ ৰাষ্ট্ৰপতি সকলো সাংসদ (ৰাজ্যসভা আৰু লোকসভা দুয়োটাৰে) আৰু বিধায়কসকলৰ (ভাৰতৰ সকলো ৰাজ্য আৰু ৰাজ্যিক শাসিত ৰাজ্যৰ) ভোটৰ জৰিয়তে নিৰ্বাচিত হয়, যাক যুটীয়াভাৱে “নিৰ্বাচনী মহাবিদ্যালয়” বুলি জনা যায়।

যদিও প্ৰতিজন সাংসদৰ ভোটৰ মূল্য একে (তেওঁৰ সংসদীয় সমষ্টিৰ আকাৰ নিৰ্বিশেষে), এজন বিধায়কৰ ভোটৰ মূল্য সেই ৰাজ্যৰ আপেক্ষিক জনসংখ্যাৰ শক্তি আৰু মুঠ সংখ্যক বিধানসভা সমষ্টিৰ ওপৰত নিৰ্ভৰ কৰে।

ঘোষণা হল হিমন্ত মন্ত্ৰীসভাৰ নতুন দপ্তৰ, সালসলনি কেইবাটাও বিভাগৰ

ঘোষণা হল হিমন্ত মন্ত্ৰীসভাৰ নতুন দপ্তৰ । কেইবাটাও বিভাগৰ সালসলনি । জয়ন্তমল্ল বৰুৱাক জনস্বাস্থ্য, কাৰিকৰী, পৰ্যটন বিভাগ । নিয়োগ আৰু দক্ষতা বিকাশ বিভাগৰো দায়িত্ব জয়ন্তমল্ল বৰুৱাক । নন্দিতা গাৰ্লোচাক শক্তি আৰু খনি, খনিজাত সামগ্ৰী বিভাচন্দ্ৰমোহন পাটোৱাৰীৰ পৰা কৰ্তন পৰিবহন বিভাগ ।

চন্দ্ৰমোহন পাটোৱাৰীক বনবিভাগৰ দায়িত্ব

পৰিমল শুক্লবৈদ্যৰ পৰা কৰ্তন বন বিভাগ

পৰিমল শুক্লবৈদ্যক পৰিবহন বিভাগৰ দায়িত্ব

বিমল বৰাৰ পৰা কৰ্তন শক্তি বিভাগ

যোগেন মহনৰ পৰা কৰ্তন খনি আৰু খনিজাত সামগ্ৰী বিভাগ

ৰঞ্জিত দাসৰ পৰা জনস্বাস্থ্য, কাৰিকৰী বিভাগ কৰ্তন

বকোত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ আক্ৰমন ,এজন নিহত , ১৫ জনতকৈ আধিক লোক আহত …

সোণতলীৰ কিচমত কাঠমীত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ আক্ৰমন ৷এই আক্ৰমনত এজন নিহত হোবাৰ লগতে গুৰুতৰ বাবে আহত হয় ১৫ জনতকৈ আধিক লোক ৷

কামৰূপৰ জিলাৰ বকো সমষ্টিৰ কিচমত কাঠমী গাঁৱত এডোখৰ ভুমিক কেন্দ্ৰ কৰি সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা ৷ এই মাৰপিটত এজন লোক নিহত হোৱাৰ বিপৰীতে উভয় পক্ষৰ প্ৰায় ১৫ জন লোক গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয় ৷ মাৰপিটত থিতাতে নিহত হয় আলী আকবৰ নামৰ লোকজন ৷ আহত নুৰুল হক, নুৰ মহম্মদ, ৰাব্বুল আলীৰ লগতে শিশু মহিলা সহ উভয়পক্ষৰ ১৫ গৰাকী লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ৷

দা, কুঠাৰ আৰু ডেগাৰেৰে ফটিক আলী, কুৰবান আলীৰ পক্ষই আলী আকবৰ পক্ষক চলাই এই অমানৱীয় কাণ্ড ৷ স্থানীয় লোকে দুয়োপক্ষক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ সংকটজনক আটাইকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে ৷ দীৰ্ঘদিন ধৰি আলী আকবৰ আৰু ফটিক আলী, কুৰবান আলীৰ মাজত চলি আছিল ভূমি কেন্দ্ৰীক সংঘাত ৷ তাৰে পৰিণতিত আজি পুৱাৰ ভাগত সংঘটিত হয় ভয়ংকৰ মাৰপিট ঘটনা ৷

হিমন্ত মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা , কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ …

হিমন্ত মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা

জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছা হিমন্ত মন্ত্ৰীসভাৰ নতুন মুখ ।

আজি শপত লয় দুই নতুন মন্ত্ৰীয়ে

আজি বিয়লি ৩ বজাত হয় শপতগ্ৰহণ অনুষ্ঠান

শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান

কিশোৰ সৰবৰাহকাৰীৰ লগত জড়িত এদল মহিলা,অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ফুচুলাই লৈ পলায়ন মহিলাৰ

লগাওৰ ধূলাত বৃদ্ধি পাইছে কিশোৰ সৰবৰাহকাৰীৰ ঘটনা ।কিশোৰ সৰবৰাহকাৰীৰ লগত জড়িত এদল মহিলা ।অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ফুচুলাই লৈ পলায়ন মহিলাৰ ।নাৰী দেহ ব্যৱসায় চক্ৰৰ হাতত বিক্ৰী কৰাৰ সন্দেহ পৰিয়ালৰ ।

দৰঙৰ ধুলাত দিনক দিনে বৃদ্ধি পাইছে শিশু তথা কিশোৰ সৰবৰাহ কাৰীৰ ঘটনা । আৰক্ষীৰ চকুত ধুলি দি দিনৰ পোহৰতেই এনে ঘটনা সংঘটিত কৰি আহিছে এটা দুষ্ট চক্ৰই । দৰঙৰ ধুলাত সংঘটিত হোৱা এগৰাকী ছাত্ৰী সৰবৰাহকাৰীৰ ঘটনাই চিন্তিত কৰিছে গাওঁ বাসীক । অভিযোগ মতে , দৰঙৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ওজাগাৱৰ সুৰজ আলীৰ কন্যা সুৰুফা খাতুন পৰিছে কিশোৰ সৰবৰাহকাৰীৰ কবলত ।নাৰী সৰবৰাহকাৰীৰ লগত জড়িত থকা আছমিনা বেগম নামৰ মহিলা এগৰাকীয়ে দীৰ্ঘদিন ধৰি সোপনি পাতিছিল গাওঁ খনত । সুযোগ বুজি সুৰুফা খাতুন নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক ফুচুলাই লৈ পলায়ন কৰে মহিলা গৰাকীয়ে ।

পলুৱাই লৈ যোৱা কিশোৰী গৰাকীক নাৰী দেহ ব্যৱসায় চক্ৰৰ হাতত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কিশোৰীৰ পৰিয়ালে । ঘটনা সন্দৰ্ভত আছমিনা খাতুন নামৰ মহিলা গৰাকীৰ বিৰূদ্ধে ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি চক্ৰটোৰ কবলৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ দাবী জনাইছে গাঁওবাসীয়ে ।

ইটানগৰৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত স্বচ্ছতা অভিযানত অংশগ্ৰহণ সৰ্বানন্দ সোনোৱাল

স্বচ্ছতাই আপোনাক ঈশ্বৰৰ ওচৰলৈ লৈ আহে আৰু আত্মাক শুদ্ধ ৰাখে।… সৰ্বানন্দ সোনোৱাল । স্বচ্ছতাক লৈ ততপৰ সৰ্বানন্দ সোনোৱাল । হাতত ঝাড়ু লৈ চাফা কৰা দেখা গল সৰ্বানন্দ সোনোৱালক

ইটানগৰৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছিল।

পিএমঅ’ ভাৰত ভাৰত চৰকাৰ আয়ুষ মন্ত্ৰালয়

নিজৰ ভৱিষ্যত পৰিকল্পানাক লৈ কি কলে মেট্ৰিকত শীর্ষ স্থান লাভ কৰা ৰক্তোৎপল শইকীয়াই

মাজৰফালে বা তলৰফালে থাকিম বুলিহে ভাবিছিলো।মেট্ৰিকত শীর্ষ স্থান লাভ কৰা ৰক্তোৎপল শইকীয়াৰ মনৰ কথা।হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষ স্থান দখলৰ ধাৰাবাহিকতা অব্যাহত আছে লখিমপুৰ জিলাত৷পূৰ্বৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ ছাত্ৰই৷ৰাজ্যৰ ভিতৰতে শীর্ষ স্থান লাভ কৰে লখিমপুৰৰ ৬ নং ৱাৰ্ড নিবাসী দীপ শইকীয়া আৰু অৰুন্ধতী শইকীয়াৰ পুত্ৰ তথা চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়াই।লখিমপুৰৰ চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়াই ৫৯৭ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়।

শীৰ্ষ স্থান লাভ কৰাৰ পাছত সংবাদ মাধ্যমৰ ওচৰত নিজৰ মনৰ ভাব প্ৰকাশ কৰিলে ৰক্তোৎপল শইকীয়াই৷নিজৰ মনৰ ভাব প্ৰকাশ কৰি ৰক্তোৎপলে কয় যে,”প্ৰথম স্থান লাভ কৰিম বুলি কাহানিও ভবা নাছিলোঁ।আশা কৰিছিলোঁ,স্থানৰ তালিকাত মই মাজৰ ফালে বা তলৰফালে থাকিম বুলিহে ভাবিছিলো।শীৰ্ষ স্থান দখল কৰিম বুলি ভবা নাছিলোঁ।মোৰ সফলতাৰ আঁৰত এগৰাকী নহয় বহুতো ব্যক্তি আছে।বিশেষকৈ আমাৰ স্কুলৰ শিক্ষাগুৰুসকল, স্কুলৰ অনান্য কৰ্মচাৰীসকল আৰু তাৰ পাছত মোৰ পিতৃ-মাতৃ।ইয়াৰ পাছতেই নাম ল’ব বিচাৰিছো মোৰ টিউচ্যন শিক্ষক সকলক।তেখেতসকলে মোক বহুত সহায় কৰিছে।ইয়াৰ লগতে বহু লোকে মোক লকডাউনৰ কঠিন সময়ছোৱাত পৰামৰ্শ দি আগুৱাই যোৱাত সহায় কৰিছিল।

“বিজ্ঞান শাখাত অধিক গুৰুত্ব দিয়া ছাত্ৰ গৰাকীয়ে ভৱিষ্যতৰ সপোন সন্দৰ্ভত জানিবলৈ দি কয় যে, বৰ্তমান মই গুৱাহাটীৰ এলেন কেৰিয়াৰ ইনষ্টিটিউটত নামভৰ্তি কৰিছোঁ।এটা প্ৰফেশ্যন মই ঠিক কৰা নাই। কিন্তু মই বিজ্ঞানৰ লগত জড়িত যিকোনো প্ৰফেশ্যন যেনে: বিজ্ঞানী, অভিযন্তা আদিৰ দৰে কামত আগবাঢ়ি যাম বুলি ঠিক কৰিছোঁ।উল্লেখযোগ্য যে,ৰক্তোৎপলে পঢ়াৰ লগতে লে ছবি আঁকি আৰু বাতৰি কাকত পঢ়ি ভাল পায়।গান শুনি বিশেষকৈ ভাল পায় ৰক্তোৎপলে।