Breaking

আপুনি পেলাই দিয়া জামৰ গুটিৰ উপকাৰিতা জানিলে আচৰিত হব আপুনি

0 218

জামৰ গুটিৰ কি কি উপকাৰিতা আছে –
(১) জামৰ গুটি ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধ৷ যিদৰে জামে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে, ঠিক তেনেকৈ জামৰ গুটিত থকা জাম্বোলিন আৰু জাম্বোচিন নামৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ কম কৰে৷ ইয়াৰ লগতে ইনছুলিনৰ উৎপাদনো বৃদ্ধি কৰে৷ ইয়াৰ বাবে ৰাতিপুৱা জামৰ গুটিৰ গুৰি কুহুমীয়া পানীৰ লগত সেৱন কৰিব লাগে৷


(২) জামৰ গুটি পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়, যিয়ে পাচন প্ৰক্ৰিয়া উন্নত কৰে৷ পেটৰ ভিতৰৰ ঘা, আলচাৰ আদিত জামৰ গুটিক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷


(৩) জামৰ গুটিয়ে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ ইয়াত থকা এলিজিক এচিড নামৰ এচিডবিধে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে৷
(৪) জামৰ গুটিত থকা ফেনলিক নামৰ এণ্টিঅক্সিডেণ্টবিধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ক্ষতিকাৰক মুক্ত কণিকাসমূহকো দূৰত ৰাখে৷
(৫) ওজন হ্ৰাস কৰাটো ফাইবাৰযুক্ত জামৰ গুটিয়ে সহায় কৰে৷


(৬) মহিলাৰ মাহেকীয়াত অধিক ৰক্ত ক্ষৰণ হ’লে জামৰ গুটিৰ গুৰিৰ লগত পিপল গছৰ ছালৰ গুৰি মিশ্ৰণ কৰি ঠাণ্ডা পানীৰ সৈতে সেৱন কৰিব লাগে৷
(৭) দাঁতৰ বিভিন্ন সমস্যাত জামৰ গুটিৰ গুৰিৰে দাঁত মাজিলে সুফল পোৱা যায়৷

Leave A Reply