Home Blog Page 2349

হেৰাই গ’ল এক যাদুকৰী কণ্ঠ, বাল্যকালৰ প্ৰেম কাহিনী এতিয়া অনুৰাগীৰ মুখে মুখে….

হেৰাই গ’ল এক যাদুকৰী কণ্ঠ।ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ আকস্মিক মৃত্যু।মঙলবাৰে নিশা কলকাতাত এক সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে অসুস্থ হৈ পৰা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ আকস্মিক মৃত্যু হয়।অসুস্থ হৈ পৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

হাস্পতালত চিকিৎসকে কণ্ঠশিল্পীগৰাকীক মৃত ঘোষণা কৰে।কিন্তু তেওঁৰ মৃত্যু এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।তেওঁৰ মৃত্যুৰ সন্দৰ্ভত কলকাতাৰ নিউ মাৰ্কেট থানাত ৰুজু হৈছে অস্বাভাৱিক মৃত্যুৰ গোচৰ।আজি এছ এছ কে এমত প্ৰয়াত সংগীতশিল্পী কে কেৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।শাৰীৰিক অসুস্থতা নে অন্য কাৰণত মৃত্যু হৈছে সেয়া তদন্ত কৰি আছে আৰক্ষীয়ে।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ কি আছিল ঠিক সেই কথা বুজিব পৰা যাব।

কেকেৰ ওঁঠ আৰু মূৰত ক’লা দাগ পোৱাৰ বিষয়টো আৰক্ষীয়ে বিশেষ ভাবে অনুসন্ধান কৰিব বুলি জানিব পৰা গৈছে।বিগত দুদিন কলকাতাৰ নজৰুল মঞ্চত আছিল তেওঁৰ অনুষ্ঠান।মঙলবাৰেও হাঁহিমুখীয়া আৰু সজীৱ শিল্পীগৰাকীয়ে মঞ্চত ইটোৰ পিছত সিটো গীত গাইছিল।

মাজে সময়ে তেওঁক ঘাম মচি থকা দেখা গৈছে।লগতে টেবুলৰ তলত ৰখা পানীৰ বটলৰ পৰা পানী খোৱা দেখা গৈছে শিল্পীগৰাকীক।তীব্ৰ গৰমত তেওঁ যে অস্বস্তি বোধ কৰিছিল,সেয়া স্পষ্টকৈ বুজা গৈছে।প্ৰচণ্ড গৰম বুলি কোৱাও শুনা যায় তেওঁক।ইংগিতেৰে মঞ্চৰ ওপৰৰ লাইটবোৰ দেখুৱাই কৈছিল, ‘‘নুমাই দিয়ক।’’জনপ্ৰিয় শিল্পীগৰাকীৰ এনে মৃত্যুক মুঠেও সহজ ভাবে ল’ব পৰা নাই তেওঁৰ অনুৰাগীসকলে৷শিল্পীগৰাকীৰ ওঁঠ আৰু মূৰত ক’লা দাগ পোৱাৰ কথাই তেওঁৰ মৃত্যুক অধিক সন্দেহৰ মাজলৈ ঠেলি দিছে৷এইগৰাকী যাদুকৰী কণ্ঠৰ গায়কৰ এই আকস্মিক মৃত্যুত এতিয়া দেশৰ লাখ-লাখ অনুৰাগী শোকত ম্ৰিয়মান হৈ পৰিছে।

জানিব পৰা মতে, কে কেৰ পত্নী আৰু পুত্ৰ ৰাতিপুৱাই কলকাতাত উপস্থিত হৈছে।মৰণোত্তৰ পৰীক্ষাৰ পিছত, তেওঁৰ মৃতদেহ পৰিয়ালক চমজাই দিয়ে ।

সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত  গীত গাই সামাজিক মাধ্যমত  বিতৰ্কৰ সন্মুখীন জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰেন …

গত সপ্তাহত গোলাঘাটৰ লেটেকুজানত অনুষ্ঠিত বহাগী বিদায় ৰ সাংস্কৃতিক অনুষ্ঠানত এটি জনপ্ৰিয় গীত “আছাম দেশেৰ” শীৰ্ষক চাহ জনগোষ্ঠীয় গীতটি পৰিৱেশন কৰিছিল মৰিয়নি নকচাৰিৰ জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰেনে। সামাজিক মাধ্যমত সেই গীতটি গায় থকা এটি video ভাইৰেল হোৱাৰ পাছতে চিৰাং জিলাৰ দুৰ্গা চৰেন নামৰ এজন যুৱকে গায়কজনৰ বিৰুদ্ধে জাতিগত অপমান সূচক অভব্য কমেণ্ট কৰে।

অপমানিত আৰু আশাহত হৈ জাঙোৰ খাই উঠিছে কণ্ঠ শিল্পীজন। জানিব পৰা মতে চাওঁতাল জনগোষ্ঠীয় সমাজক চাহ জনগোষ্ঠীৰ পৰা পৃথক পৰিচয় আৰু মৰ্য্যদা দিবৰ বাবে উঠি পৰি লাগি থকা সময়তে এজন চাওঁতাল শিল্পীয়ে চাহ জনগোষ্ঠীৰ গীত গোৱাৰ বাবেই দূৰ্গা চৰেনে এনেদৰে মন্তব্য কৰিছে বুলি কণ্ঠ শিল্পী জনে জানিবলৈ দিয়ে। অভব্য কমেণ্ট কৰা যুৱক দূৰ্গা চৰেনে ৰাজহুৱাকৈ ক্ষমা নিবিচাৰিলে আইনৰ কাষ চাপিবলৈ বাধ্য হব বুলিও স্পষ্ট কৰে শিল্পী গৰাকীয়ে।

বঙাইগাঁওৰ কীৰ্ত্তনপাৰাত ভয়াবহ পথ দুৰ্ঘটনা, চৰকাৰী PMAY ঘৰৰ ধন হল কাল।

বঙাইগাঁওৰ কীৰ্ত্তনপাৰাত ভয়াবহ পথ দুৰ্ঘটনা। চৰকাৰী PMAY ঘৰৰ ধন হল কাল। কালি PMAY ঘৰৰ ধন উলিওৱালৈ খোজ কাঢ়ি বেংকলৈ গৈ থকাৰ সময়তে দ্ৰুত-গতিত অহা বাইকে মুহুতিয়াই নিয়ে পথচাৰীক। দুৰ্ঘটনাত দুজন আহত, তাৰে এজনৰ অৱস্থা সংকটজনক।


আহত ক্ৰমে আবুল কায়ুম আৰু তোফাজ্জল হক বুলি জানিব পৰা গৈছে। আবুল কায়ুম নামৰ ব্যক্তিজনৰ অৱস্থা সংকটজনক। বাবু গেৰেজৰ স্বত্তাধিকাৰ তোফাজ্জলে নিয়ন্ত্ৰণ হেৰুৱাই অধিক বেগত বাইক লৈ আহি আবুল কায়ুম নামৰ ব্যক্তিজনক মুহুতিয়াই নিয়ে। দুজনকে চিকিৎসাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে।

দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা ৰঙামাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত

এফালে চাৰিলেণ্ড যুক্ত পথ নিৰ্মানেৰে চৰকাৰৰ পথ দুৰ্ঘটনা ৰোধৰ চেষ্টা আনফালে ফৰলেণ নিৰ্মাণ সন্থাৰ ঘাইপথৰ কাষত মৰনফান্ধ। পুখুৰী সদৃহ গাঁতৰ বাবে দুটাকৈ পথ দুৰ্ঘটনা।

আজি কিছু সময়ৰ পূৰ্বে ৰঙামাটি আৰু বাদুলিপাৰ মাজত ৩৭ নং ঘাইপথত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা। হুণ্ডাৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই ঘাই পথৰ ওপৰত বাগৰ মাৰি কাষৰ হাবিত সোমাই । দুৰ্ঘটনাটোত গাৰিখনৰ চালক জন আঘাত প্ৰাপ্ত হোৱাৰ লগতে বাহন খনৰ বিস্তৰ ক্ষতি হয়।জানিব পৰা মতে বাহন খন শিৱসাগৰৰ পৰা বোকাখাট অভিমুখে ঔষধ লৈ আহি আছিল।

ঠিক একে ঠাইতে প্ৰায় ২০ মিনিটৰ পাছত পুনৰ এখন স্কৰ্পিও বাহন দুৰ্ঘটনা গ্ৰস্ত হয়। স্কৰপিও বাহন খন গুৱাহাটীৰ পৰা আহি আছিল বুলি জানিব পৰা গৈছে। উক্ত বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ওপৰতে বাগৰি পৰি কাষৰ খাৱৈৰ দ পানীত সোমাই পৰে।

উল্লেযোগ্য যে ফর্লেন যুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবে এই দুৰ্ঘটনা হৈছে বুলি আৰক্ষীৰ লগতে বাহন খনৰ চালকে দাবী কৰে।

অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ প্ৰদান অনুষ্ঠান সম্পন্ন

অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ প্ৰদান ৷ য়চে দৰজে ঠংছিক ২০২১ বৰ্ষৰ দুম্বেৰ দাই বঁটা প্ৰদান ৷

বুধবাৰে অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্য্যলয়ৰ উদ্যেগত দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সহযোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰথিতযশা সাহিত্যিক পদ্মশ্ৰী য়েচে দৰজে ঠংছিক প্ৰদান কৰে এই বঁটা।


২০০৯ চনৰ পৰাই অসম সাহিত্য সভাই দুবছৰৰ মুৰে মুৰে প্ৰদান কৰি আহিছে সাহিত্যসূৰ্য্য দুম্বেৰ দাই বঁটা।
ইতিমধ্যে অসমৰ কেইবাজনো বিশিষ্ট সাহিত্যিকক এই লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰি আহিছে অসম সাহিত্য সভাই ৷

মঙলদৈত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, দৰং জিলা সাহিত্য সভাৰ বিষয়ববীয়া, মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্যৰ লগতে জিলাখনৰ বহুকেইজন সাহিত্যিক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেমত ঘূৰিছে ভূ -মণ্ডল,প্ৰেমত ফুৰিছে শতদল।প্ৰথমে প্ৰেম ,তাৰ পিছত শাৰিৰীক সম্পৰ্ক। দুয়োকে ৰাইজে আটক কৰি উত্তম মাধ্যম দি গতালে আৰক্ষীক।

এই ঘটনা সংঘটিত হৈছে জনীয়াৰ বালিকুৰিত। বৰপেটা জিলাৰ বালিকুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিগজানি গাওঁৰ অবিবাহিত যুৱক হাবিজুৰ আৰু বালিকুৰী গাওঁৰে বিবাহিতা মহিলা কহিনুৰ খাতুন মাজত দুদিন ধৰি গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক।

দুদিন পূৰ্বে গঢ়ি উঠা প্ৰেমৰ সুযোগ গ্ৰহণ কৰিয়ে মঙ্গলবাৰে নিশা মহিলাজনীৰ স্বামী ঘৰত নথকাৰ সুযোগত প্ৰেমিক প্ৰেমিকাই লিপ্ত হয় অবৈধ কৰ্মত। দুয়ো অবৈধ কৰ্মত লিপ্তহৈ থকা অৱস্থাতে গাওঁৰ একাংশ যুৱকে হাতে লোটে ধৰে যদিও এই কৰ্মক মহিলাজনীয়ে অস্বীকাৰ কৰি শহুৰেকৰ পৰিয়ালে চক্ৰান্ত কৰি ফচাই দিয়াৰ অভিযোগ উত্থাপন কৰে। আনহাতে দুয়োজনে অবৈধ কৰ্ম কৰা বুলি অবিবাহিত যুৱক হাবিজুৰে নিজ মুখে স্বীকাৰ কৰে যদিও মহিলা জনীয়ে ফোনযোগে যুৱক জনক ঘৰত মাতি নি পৰিকল্পিত ভাবে ফচাই দিয়াৰ অভিযোগ উত্থাপন কৰে।

শেহতীয়াকৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বেশ্যা বৃত্তিক বৈধ বুলি ঘোষনা কৰাৰ পিছতেই এনেবোৰ কৰ্ম কৰাত আগ্ৰহী হল নেকি একাংশ মহিলা। সেই প্ৰশ্নই সচেতন মহলত এতিয়া ব্যপক চর্চা লাভ কৰিছে। পিছমুহুৰ্তত স্থানীয় ৰাইজে দুয়ো প্ৰেমিক প্ৰেমিকাক উত্তম মাধ্যম দি বালিকুৰী আৰক্ষীক গতাই দিয়ে। এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত ৰাখিছে।

আপোনাৰ চকুৰ গুৰি কলা নেকি , তেন্তে শীঘ্ৰেই কৰক এই কাম

মুখমণ্ডলৰ সৌন্দৰ্যতাৰ মূলতে হৈছে চকু৷ এজন ব্যক্তিৰ উজ্জ্বল, ধুনীয়া চকুযুৰিয়ে সহজতে আনক আকৰ্ষণ কৰাৰ লগতে চকুযুৰিত মানুহজনৰ ব্যক্তিত্বও ফুটি উঠে৷ কিন্তু এই ধুনীয়া চকুযুৰিত যদি ক’লা দাগ পৰে, তেন্তে সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ চকুৰ গুৰিত ক’লা দাগ পৰাৰ কেইবাটাও কাৰণ আছে৷ টোপনি খতি কৰা, বহুসময় ধৰি কম্পিউটাৰ বা ম’বাইল ব্যৱহাৰ কৰা, ৰক্তহীনতা বা লিভাৰৰ সমস্যা, কম পৰিমাণে পানী খোৱা, অত্যধিক চিগাৰেট, মদ্যপান সেৱনৰ ফলত চকুৰ গুৰি ক’লা পৰিব পাৰে৷ চকুৰ গুৰিত পৰা দাগ নাইকিয়া কৰিবলৈ তলত উল্লেখ কৰা বিধানবোৰ পালন কৰক–

(১) আলু এটা পিচি তাৰ ৰস কপাহেৰে চকুৰ গুৰিত লগাওক৷ শুকোৱাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই দিয়ক৷
(২) তিয়ঁহৰ ৰস ফ্ৰীজত থৈ কপাহেৰে চকুৰ গুৰিত লগালে দাগ নাইকিয়া হয়৷
(৩) টী বেগ পানীত তিয়াই কোমল কৰি ফ্ৰীজত ভৰাই ঠাণ্ডা কৰি লওক৷ দহ মিনিট সময় চকুৰ পতাত ৰাখিব লাগে৷ এনেদৰে কৰিলে দাগ নোহোৱা হয়৷


(৪) বিলাহীৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই চকুৰ ক’লা পৰা দাগত লগালে সুফল পোৱা যায়৷
(৫) নিশা শোৱাৰ আগতে আলমণ্ড অইলেৰে চকুৰ গুৰিৰ দুয়োকাষে লাহে লাহে মালিচ কৰিব লাগে৷
(৬) তিয়ঁহ পাতল পাতলকৈ চকলিয়াই চকুৰ গুৰিত লগালে ক’লা দাগ নাইকিয়া হয়৷
(৭) চালকুঁৱৰী লগালেও সুফল পোৱা যায়৷
(৮) গোলাপ জলত গাখীৰ মিহলাই ফ্ৰীজত ঠাণ্ডা হ’বলৈ দি কপাহেৰে চকুৰ গুৰিত লগালে আৰোগ্য লাভ কৰিব পাৰি৷

ধুবুৰীৰত নিশা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, গুৰুত্বৰ ভাৱে আহত মহিলা

ধুবুৰীৰ ১১নং ৱাৰ্ডৰ বাহাদুদটাৰীত নিশা দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈ মহিলা সহ দুজন লোক গুৰুতৰ ভাৱে আহত হয়।

স্থানীয় ৰাইজৰ অভিযোগ মতে ৰাম প্ৰসাদ দাস নামৰ যুৱক জনে বিষ্ণু দাসৰ ঘৰতে আহি বিষ্ণু দাসক আৰু তেওঁৰ পত্নী জয়মতী দাসক লোহাৰ ৰটেৰে মূৰত আঘাত কৰে। স্থানীয় ৰাইজে ৰাম প্ৰসাদ দাসক আটক কৰি ধুবুৰী আৰক্ষীক গতাই দিছিল, কিন্তু আৰক্ষীয়ে ৰাম প্ৰসাদ দাসক এৰি দিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰে। এই ঘটনা সন্দৰ্ভত বিষ্ণু দাস নামৰ ব্যাক্তি গৰাকীয়ে ধুবুৰী সদৰ থানাত এখন এজাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে।

বৰ্তমান বিষ্ণু দাসৰ পত্নী জয়মতী দাস ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পুনৰ ধুবুৰী আৰক্ষীয়ে ৰাম প্ৰসাদ দাসক আটক কৰিবলৈ ১১ নং ৱাৰ্ডত উপস্থিত হয় যদিও যুৱক জনক আটক কৰিবলৈ সক্ষম হোৱা নাই। যোৱা কিছুদিন পূৰ্বে ৰাম প্ৰসাদ দাসক ধুবুৰী আৰক্ষীয়ে গানজা বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল বুলি মন্তব্য আগবঢ়ায় স্থানীয় ৰাইজে।

লিচুত লুকাই আছে বহু ঔষধি গুণ , জানিলে আচৰিত হৈ পৰিব আপুনি

লিচু গ্ৰীষ্মমণ্ডলীয় অঞ্চলত পোৱা এবিধ ৰসাল ফল৷ গ্ৰীষ্মকালত হোৱা ফলসমূহৰ ভিতৰত লিচু অন্যতম৷ ইয়াৰ বৈজ্ঞানিক নাম (Litchi chinensis)৷ মে’ মাহত সাধাৰণতে ইয়াৰ ফল পকিবলৈ আৰম্ভ কৰে৷ ই এবিধ সপুষ্পক উদ্ভিদ

ইয়াৰ গা-গছডাল ১০-৩৫ মিটাৰপৰ্যন্ত ওখ হয়৷ এইবিধ ফল দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানে সোৱাদ লগা৷ লিচু আমাৰ শৰীৰৰ বাবে বেছ উপকাৰী৷ ই বিভিন্ন ধৰণে আমাৰ শৰীৰৰ ৰোগ নিমূূৰ্ল কৰে৷
(১) লিচুত থকা এণ্টিঅক্সিডেণ্ট আমাৰ হাৰ্ট ভালে ৰখাত সহায় কৰে৷


(২) লিচুত অলিগনাল নামেৰে এক উপাদান পোৱা যায়, যিয়ে নাইট্ৰিক এচিড উৎপন্ন কৰে৷
(৩) লিচুই শৰীৰৰ ৰক্তচাপৰ মাত্ৰা ঠিকে ৰাখে৷
(৪) লিচুত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে ই কেঞ্চাৰ বিশেষকৈ, স্তন কেঞ্চাৰ নিয়ন্ত্ৰণত সহায় কৰে৷
(৫) প্ৰতি ১০০ গ্ৰাম লিচুত মাত্ৰ ৬৬ কেল’ৰি থাকে৷ ইয়াত ফাইবাৰ পোৱা যায় বাবে দেহৰ চৰ্বি কমোৱাত অৰিহণা যোগায়৷ শৰীৰৰ ওজন কমাবলৈ লিচু খোৱাটো দৰকাৰী৷


(৬) বিভিন্ন ধৰণৰ ভাইৰাছৰ কাৰণে ইনফ্লুৱেঞ্জা হ’ব পাৰে৷ সাধাৰণতে দেখা যায় ইনফ্লুৱেঞ্জাজনিত ৰোগত লিচু খালে সুফল পোৱা যায়৷
(৭) লিচুই হজম শক্তি বৃদ্ধি কৰে৷ লিচুত পোৱা পানী আৰু ফাইবাৰে খোৱাবস্তুৰ বিপাক ক্ৰিয়াত সহায় কৰে৷
(৮) লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ফলত ছাল, দাঁত, হাড় আদি সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷
(৯) এইবিধ ফল আমাৰ শৰীৰৰ ইমিফনিটি প্ৰক্ৰিয়া বঢ়োৱাত সহায় কৰে৷


(১০) মুখমণ্ডলত পৰা বলিৰেখা কমোৱা বা নাইকিয়া কৰাত লিচুৰ আছে উপকাৰী গুণ৷
সেয়েহে এনে এবিধ সোৱাদযুক্ত অসাধাৰণ গুণবিশিষ্ট ঋতুকালীন ফল সকলোৱে খোৱাটো উচিত, যিয়ে শৰীৰত হ’ব পৰা ৰোগ নিৰাময় কৰিব পাৰে৷

পাঁচখন গাঁৱৰ সমন্বয়ৰ স্থলীলৈ ৰূপান্তৰ খুমটাইৰ মৌখোৱা বিল

যি সময়ত ধৰ্মক লৈ একাংশই ৰাজনীতিত নামি পৰিছে তেনে সময়তে খুমটাইৰ পাঁচখন গাঁৱৰ ৰাইজে দেখুৱালে একতাৰ অপূৰ্ব নিদৰ্শন। হাতে হাতে জাকৈ খালৈ, জাল লৈ সহস্ৰাধিক লোকে খুমটাইৰ মৌখোৱা বিলত পৰম্পৰা অনুসৰি জাতি ধৰ্ম- বৰ্ণ নিৰ্বিশেষে পাঁচখন গাঁৱৰ ৰাইজে একেলগে ধৰিলে মাছ। খুমটাইৰ মৎশ্য শিল্প সমবায় সমিতিৰ দ্বাৰা ১৯৬৬ চনৰ পৰাই মৌখোৱা, নাথ গাঁও, দাবিদুবি,মেলামৰা, মচদুৰ গাঁও আদি দাঁতি কাষৰীয়া পাঁচখন গাঁৱৰ ৰাইজে একেলকে মাছ ধৰি বিলাই আহিছে  ঐনক্যৰ মাজত ঐক্যৰ বতৰা।

জাতি – ধৰ্ম নিৰ্বিশেষে  সমবেত হোৱা ৰাইজে প্ৰত্যেক তিনি বছৰৰ মূৰে মূৰে মৌখোৱা বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে । স্বতঃস্ফুৰ্ত ৰং-ধেমালিৰ মাজেৰে ঐক্য-সংহতিৰ চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ-মহিলা, ডেকা-গাভৰুৱে মাছ ধৰাৰ বাবে বিলত নামে ৷ উল্লেখ্য যে হিন্দু মুছলমান আদি ধৰ্মৰ বিবেদ হৈ থকাৰ সময়তে খুমটাইৰ এই গাঁও কেইখনে দেখাইছে সমন্বয়ৰ আদৰ্শ।