Home Blog Page 2350

গেলেকী চিকিৎসালয়লৈ অ’ এন জি চিৰ দুখন এম্ব’লেঞ্চ প্ৰদান

প্ৰায় ৬ – ৭ বছৰ ধৰি নাজিৰা আৰু গেলেকী চিকিৎসালয়ৰ অন্তৰ্গত ৰাইজৰ ব্যাপক সমস্যাৰ প্ৰতি শেহতীয়াকৈ সঁহাৰি জনাইছে ” তেল আৰু প্ৰাকৃতিক গেছ নিগম , অসম সম্পদ ” ( অ’ এন জি চি ) কৰ্তৃপক্ষই । নাজিৰাৰ ৰাইজ ,  কেইজনমান সংবাদসেৱী , নাজিৰা নগৰস্থ চিকিৎসালয়ৰ তদানীনন্তন চিকিৎসা বিষয়া ডাঃ সত্যজিৎ দত্ত , স্বাস্থ্য কৰ্মী ফইজুন ৰহমানকে ধৰি ভালেকেজনৰ কেইবাবছৰ ধৰি নিগম কৰ্তৃপক্ষক আবেদন কৰি আহিছিল যদিও বিভিন্ন কাৰণত সেয়া সফল হোৱা নাছিল ।

ইয়াৰ পিছতো ৰাইজ , স্বাস্থ্য বিষয়া – কৰ্মীসকলে সেই প্ৰচেষ্টাৰ পৰা আতৰি নাহি পুনৰ যোৱা ৭ – ৮ মাহ ধৰি চেষ্টা কৰি থকাৰ অন্তত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপৰ তৎপৰতাত অ’ এন জি চিৰ অসম সম্পদ কৰ্তৃপক্ষই মানৱ সম্পদ বিভাগৰ আঁচনিৰ অধীনত অৱশেষত আজি নাজিৰা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয় আৰু গেলেকী চিকিৎসালয়লৈ দুখনকৈ এম্ব’লেঞ আগবঢ়ায় ।

এই উপলক্ষে নাজিৰা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত মহকুমাধিপতি সব্যসাচী কাশ্যপ , নিগমৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক আৰ কে শৰ্মা , মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধক এম গনেশ্যন , ডি জি এম আমনদ্বীপ সিঙ , নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত , শিক্ষাবিদ ৰাজেন শৰ্মা , নাজিৰাৰ পৌৰপতি বৰ্ণালী চেতিয়া আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নিগম কৰ্তৃপক্ষই এম্ব’লেঞ দুখন আনুষ্ঠানিক ভাৱে আগবঢ়ায় ।

গোপাল বৰুৱাই আঁতধৰা অনুষ্ঠাটোতেই উক্ত এম্ব’লেঞ দুখন সুচাৰুৰূপে পৰিচালনাৰ বাবে নাজিৰা আৰু গেলেকী ব্যৱসায়ী সন্থাক দায়িত্ব ন্যস্ত কৰা হয় ।

গুনোৎসৱ চলি থকাৰ মাজতে ধুবুৰীৰ এখন বিদ্যালয়ত চোৰৰ তাণ্ডৱ

ৰাজ্যখনৰ বিদ্যালয়ে বিদ্যালয়ে এতিয়া চলিছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ । গুনোৎসৱ চলি থকাৰ মাজতে এখন বিদ্যালয়ৰ চুৰিকাণ্ডৰ ঘটনাই এক চাঞ্চলৰ সৃষ্টি হৈছে । ঘটনা স্থান এইবাৰ ধুবুৰীৰ ।

চোৰৰ চকু পৰিল এইবাৰ শিক্ষা প্ৰতিষ্ঠানলৈ , উল্লেখ যে ধুবুৰী জিলাৰ এ এম কো ৰোড আৰক্ষী চকীৰ অন্তৰ্গত অয়ৰান জংলা তৃতীয় খণ্ড গাঁওত অৱস্থিত অতি পুৰণি এখন শিক্ষানুষ্ঠানত চোৰে চুৰি কৰি নিলে শ্ৰেণী কঠাৰ দুটাকৈ চিলিং ফ্যান আৰু টিউব লাইট, ইফালে গৰমত ছঠপঠাই আছে বিদ্যালয়ৰ অধ্যায়নৰত কন কন ছাত্ৰ ছাত্ৰী সকলে । দৰাচলতে ভাষানী চৰ গাঁও পঞ্চায়তৰ অয়ৰান জংলা তৃতীয় খণ্ড গাঁওৰ এই শিক্ষা প্ৰতিষ্ঠান খন ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰ তথা ১৯৪৪ চনত স্থাপিত হোৱা ৬০৪ নং দৈখোৱাপাৰা ছোৱালী জে বি স্কুলত নিশা চোৰে টিনৰ বেৰ ভাংগী দুটাকৈ চিলিং ফ্যান আৰু টিউব লাইট সমুহ চুৰি কৰি লৈ যায় ।

পিছে স্কুলৰ প্ৰধান শিক্ষক গৰাকীয়ে ৰাতি পুৱাত স্কুলত প্ৰবেশ কৰি স্কুল গৃহৰ টিনৰ বেৰ ভংগা প্ৰত্যক্ষ কৰাত চুৰি হোৱাত পিছে স্থানীয় একাংশ ৰাইজক লগতলৈ ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত এখন লিখিত ভাবে অবগত কৰে যদিও আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰেই ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনায়ছে প্ৰধান শিক্ষক জনৰ লগতে কন কন ছাত্ৰ ছাত্ৰী সকলেও ।

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ পুণ্যতিথিত ৰাজ্যজুৰি ,স্মৰণ

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা আছিল ।

জীৱন সম্পৰ্কে তেখেতৰ সংজ্ঞা আছিল– জীৱনটো এক অনন্ত কবিতা৷ জীৱন জীৱন বৰ অনুপম৷ তেখেত অসমৰ জাতীয় জীৱনক গীত, সুৰ আৰু কবিতাৰে গভীৰ আৰু বিস্তৃতভাৱে স্পৰ্শ কৰা ড° নিৰ্মলপ্ৰভা বৰদলৈ ৷

সাহিত্য-সংস্কৃতিৰ বিশাল পৰিমণ্ডলৰ এটি উজ্জ্বল তৰা হিচাপে জিলিকি থকা সৰস্বতী ‘নীলা বাইদেউ’ৰ প্ৰতিভা আৰু প্ৰজ্ঞাই যিধৰণে আহ্লাদিত কৰিছিল, আজিও তেখেতৰ অপূৰ্ব সৃষ্টিসমূহে হেজাৰজনক উজ্জীৱিত কৰে৷ জ্ঞান তপস্বিনী ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ আজি পৱিত্ৰ পুণ্যতিথিত আমাৰ দৈনন্দিন বাৰ্তাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ৷

আজিৰে পৰা আৰাম্ভ হৈছে ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

চাপৰৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত আৰাম্ভ হৈছে গুণোৎসৱ। আজিৰে পৰা আৰাম্ভ হৈছে ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। চৰকাৰী বিদ্যালয়ৰ শিক্ষা আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ মূল্যায়ন আৰু মান নিৰুপনৰ কাৰ্যসূচি হ’ল গুণোৎসৱ।

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনটোত ধুবুৰী জিলা চাপৰৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত পালন হল গুণোৎসৱ। এই দৃশ্য ২৩৪৪ নং ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাত:সভাৰ। আনহাতে এই দৃশ্য জে,বি স্কুল আৰু চাপৰ মধ্য ইংৰাজী বিদ্যালয়ৰ। যত শিক্ষক শিক্ষয়িত্ৰী সকলৰ গুণোৎসৱ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি চাপৰত পালন কৰিলে গুণোৎসৱ। ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতত ঠাইৰ অভাৱ দেখিবলৈ পোৱা যায়।

আনপিনে চাপৰ মধ্য ইংৰাজী বিদ্যালয়ত এদিন বৰষুণ দিলে পানীৰ তলত বুৰ যায় বুলি জানিবলৈ দিয়ে। যাৰ বাবে বিভাগীয় কতৃপক্ষক পানী ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

কাকজান গাড়োৱাল চুঙি গাঁৱত নিৰ্মীয়মান অৱস্থাত   প্ৰধানমন্ত্ৰীৰ সপোনৰ  আদৰ্শ গাঁও‌ আঁচনি

যোৰহাট জিলা টীয়ক সমষ্টিৰ মধ্য যোৰহাট উন্নয়ন খণ্ডৰ কাকজান গাড়োৱাল চুঙী  গাঁৱৰ প্ৰধান মন্ত্ৰীৰ সপোনৰ আদৰ্শ গাঁৱৰ উন্নয়নৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় গাঁও বাসীয়ে । ইতিধ্যেই আদৰ্শ গাঁও খনৰ উন্নয়ন ৮০% কাম পূৰ্ণ গতিত অগ্ৰগতি চলি আছে যদিও বহু কেইটা কাম বৰ্তমানো চলি থকা পৰিলক্ষিত হৈছে । উল্লেখ যে টীয়ক সমষ্টিৰ মধ্য যোৰহাট উন্নয়ন খণ্ডৰ পিছপৰি থকা গাঁও খন প্ৰধান মন্ত্ৰীৰ সপোনৰ আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰাত ৰাইজ আশাবাদী যদিও দুজন মান দুষ্ট চক্ৰই অপ প্ৰচাৰ চলাই উন্নয়নত বাধা প্ৰদান কৰা  বুলি ৰাইজ ক্ষোভিত হৈ পৰিছে ।

যিটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাকজান গাড়োৱাল চুঙিৰ সচেতন ৰাইজ।কিছুদিনৰ আগলৈকে টীয়ক সমষ্টিৰ এখন অতি পিছ পৰি থকা গাওঁ আছিল কাকজান গাড়োৱাল চুটি নামৰ গাওঁখন। গাওঁখনৰ সৰহ সংখ্যক লোকেই মাছ ব্যৱসায় কৰি পৰিয়াল পোহপালৰ দিছিল যদিও গাওঁখনত নাছিল সুচল এটা  বাট-পথ, এখন খেল পথাৰ, প্ৰেক্ষাগৃহ ইত্যাদি। কিন্তু শেহতিয়াকৈ প্ৰধান মন্ত্ৰীৰ সপোনৰ আঁচনি আৰ্দশ গাওঁ আচঁনিয়ে স্পৰ্শ কৰিলে অনুন্নত অঞ্চলটোক। আৰু ইয়াৰ পাছতেই পকী হ’ল গাওঁখনৰ কেইবাটাও পথ, প্ৰেক্ষাগৃহ,এখন খেল পথাৰ ইত্যাদি।

কিন্তু বৰ্তমানেও কাম চলি থকা গাওঁখনৰ কাম সমূহকলৈ অঞ্চলটোৰ এজন জৈনক বৰুৱা উপাধিৰ লোকে ৰহস্যজনক কাৰণত আৰ-টি-আই দাখিল কৰি গাওঁ খনৰ উন্নয়নত বাধা প্ৰদান কৰাৰ লগতে দায়িত্ব প্ৰাপ্ত ঠিকাদাৰক ধন দাবী কৰি আহিছে বুলি অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ ৰাইজে ।

অন্যহাতেদি পিছ পৰি থকা গাঁওখন বিজেপি চৰকাৰৰ দিনত ৰাস্তা ঘাট, উন্নয়ন কে ধৰি আদৰ্শ গাঁৱলৈ অনুমোদন দিয়াত ৰাইজ উৎফুলিত যদিও দুষ্ট চক্ৰক উন্নয়নত বাধা প্ৰদান নকৰিবলৈ হকিয়াই দিছে অঞ্চল বাসীয়ে ।

আজি “বিশ্ব দুগ্ধ দিৱস”

প্ৰতিবছৰে ১জুন তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস হিচাপে পালন কৰা হয়৷ সংযুক্ত ৰাষ্ট্ৰৰ ‘ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে’ ২০০১ চনত পোন প্ৰথমবাৰৰ বাবে এই দিনটোক বিশ্ব দুগ্ধ দিৱস হিচাপে উদযাপন কৰিছিল৷

বিশ্বৰ জনসাধাৰণক গাখীৰৰ প্ৰয়োজনীয়তা সম্বন্ধে বাৰ্তা প্ৰেৰণ কৰাই হৈছে বিশ্ব দুগ্ধ দিসৱৰ মূল উদ্দেশ্য৷ গাখীৰ আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজনীয়, ইয়াৰ সেৱনৰ দ্বাৰা কেনেধৰণৰ লাভ পাব পাৰি, এইবোৰৰ বিষয়ে জনসাধাৰণক জনোৱা আৰু সজাগ কৰাৰ অৰ্থেই এই দিনটো পালন কৰা হয়৷

দৈনিক এগিলাচ গাখীৰ খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা শৰীৰটোক মুক্ত ৰাখিব পৰা যায়৷ গাখীৰ এনে এবিধ পুষ্টিকৰ খাদ্য, য’ত কেলচিয়াম, মেগনেচিয়াম, জিংক, ভিটামিন-এ, ভিটামিন-ডি, ভিটামিন-বি ১২, প্ৰ’টিন আদি পোৱা যায়৷ সকলো বয়সৰ ব্যক্তিৰ বাবে গাখীৰ অতি উত্তম৷

ইমিউনিটি বৃদ্ধি কৰা, মজবুত হাড়, ওজন নিয়ন্ত্ৰণ, ছাল আৰু চুলিৰ যতন, পেটৰ বিভিন্ন সমস্যা দূৰ কৰাত গাখীৰ হৈছে অন্যতম কাৰক৷ গতিকে আজি বিশ্ব দুগ্ধ দিৱসৰ এই শুভ দিনটোত আমি সকলোৱে গাখীৰ সেৱনৰ জৰিয়তে শৰীৰ সু্‌স্থ আৰু সবল কৰি ৰখাৰ সংকল্প লওঁ আহক৷ অসমক দুগ্ধ খণ্ডত আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যৰে কাম কৰি আছে। এইক্ষেত্ৰত আৰু বিভিন্ন সময়োচিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি “বিশ্ব দুগ্ধ দিৱস”ত অসমত এক শ্বেত বিপ্লৱ সৃষ্টি কৰাৰ বাবে আমি সংকল্পবদ্ধ হওঁ আহক। —- এইদৰে কয় মন্ত্ৰী অতুল বৰাই ।

‘’ পল , যে হে কলকতা কে পল…..” কথাষাৰে অনুৰাগীক বাৰে বাৰে কন্দুৱাইছে

কৃষ্ণকুমাৰ কুন্নাথ (কে কে), এটা হৃদয় সামৰা সুৰীয়া যুগৰ অৱসান:-“লাষ্ট ট্ৰেক”, এগৰাকী শ্ৰোতা- দৰ্শকে ধৰি ৰখা এটা মবাইল অডিঅ’ত এইদৰেই কোৱা শুনা গ’ল , জীৱনত অন্তিমবাৰৰ বাবে তেওঁ দৰ্শকৰ সন্মুখত লাইভ গীত পৰিৱেশন কৰাৰ আগে আগে । তাৰ পিছতে তেওঁ প্ৰান ঢালি গাবলৈ আৰম্ভ কৰিলে , ‘’ পল , যে হে কলকতা কে পল…..” !! লগেলগে কলকতাৰ নজৰুল মঞ্চত সহস্ৰ শ্ৰোতা- দৰ্শকৰ মাজত জোৱাৰ উঠিল , হিন্দী সংগীতৰ জগতত নিজৰ যাদুকৰী কণ্ঠৰে এটা নিজস্ব যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এজন প্ৰকৃত অৰ্থতেই ভদ্ৰ, অমায়িক শিল্পী কৃষ্ণকুমাৰ কুন্নাথ ওৰফে কে কে’ৰ যাদুকৰী কণ্ঠৰ মুৰ্চ্চনাৰ ।

তেওঁৰ লগে লগে প্ৰতিজন শ্ৰোতা- দৰ্শকৰ কণ্ঠেৰে সুললিত হৈ উঠিল প্ৰেক্ষাগৃহ । ১৯৯৯ চনত মুক্তিৰ লগে লগেই জনপ্ৰিয় হৈ পৰা “প্যাৰ কে পল” শীৰ্ষক এই গীতটি স্বীকৃত হৈ পৰিল এটা প্ৰজন্মৰ বাবে প্ৰেমৰ চিৰ সেউজীয়া বাৰ্তা !! এই গীতটোৱে কি সুন্দৰ কৈ সংজ্ঞাৱদ্ধ কৰিছিল প্ৰেম- ভালপোৱাক , ইমানেই হৃদয় চুই যোৱাকৈ অনুভৱ কৰোৱাইছিল , “কেনেকুৱা অনুভৱ হয় যেতিয়া প্ৰেমত পৰা যায়?’’ , এক অতীৱ সাংগীতিক মাধুৰ্যতাৰে প্ৰকাশ কৰিছিল ‘জীৱন কেনেকুৱা অথৱা জীয়াই থকাৰ অনুভৱ কেনেকুৱা ?” ।

কিন্তু বাকী অনুৰাগীৰ কথা বাদ দিলেওঁ খোদ কলকতাৰ নজৰুল মঞ্চত তেওঁৰ গীতৰ সুৰত মোহাচ্ছন্ন হৈ থকা সহস্ৰজন শ্ৰোতা- দৰ্শকেওঁ সেই মূহুৰ্তত জনা নাছিল যে সেইটোৱেই এই মহান শিল্পী জনাৰ কণ্ঠৰ পৰা নিগৰিত হোৱা শেষৰটো গীত হব । এইদৰেই হঠাতে স্তদ্ধ হৈ গল এটা মধুৰ সুৰীয়া যাত্ৰাৰ !

এটা অনিশ্চিত নতুন Y2K যুগ সন্মুখত লৈ জীৱনৰ এক স্থিৰ দিশ বিচাৰি হাহাকাৰ কৰি থকা , কৈশোৰ- যৌৱনৰ দুৱাৰদলিত ভৰি দি ‘’প্ৰেম-ভালপোৱা’ , ‘’বন্ধুত্ব’’ , ‘’জীৱন’’ আদিক লৈ অস্থিৰ হৈ নিদ্ৰাবিহীন কত ৰাতি কটোৱা ভাৰতৰ এটা সমগ্ৰ প্ৰজন্মই কে কে’ৰ কণ্ঠত বিচাৰি লৈছিল জীৱনৰ প্ৰতিতো আৱেগৰ এক বুজাব নোৱাৰা , দেহ-মন পুলকিত কৰি তোলা,ৰোমাঞ্চকৰ অথচ আশ্বাষভৰা অনুভৱী নিৰাপত্তা ।

নতুনকৈ প্ৰেমত পৰি ব্যৰ্থা সাৱটি লোৱা প্ৰেমিকৰ বাবে যদি তেওঁ গাইছিল , “চচ্চ কেহ ৰহা হে দীৱানা” অথবা প্ৰেমত বিফল হৈ ভাগি পৰা বিধস্ত প্ৰেমিকৰ বাবে ‘’তড়প তড়প কে ইছ দিল চে আহ নিকলতি ৰহি..’’ , ৯০-২০০০ৰ দশকৰ বহুত কমেই হে ব্যক্তি ওলাব যি প্ৰেমত পৰি হাবুডুবু খাইছে কিন্তু কে কে”ৰ গীতত হেৰাই যোৱা নাই । জীৱনৰ একঘেয়ামী- বিফলতা- নিসংগতা আদিৰ মাজত নিজকে হেৰুৱাই দিয়াৰ উপক্ৰম হোৱা কতৰ বাবে ,‘’আৱাৰাপন-বঞ্জৰাপন’’ , ‘’ৰ’য়া ৰে’’ শেষ আশ্ৰয় হৈ পৰিছিল । “আখ’ মে তেৰি অজৱ চি আদায়ে হে’’ গীতটিত যেতিয়া তেওঁ গাই :- “আয়ী এইচি ৰাত হে’ জ’ বহুত খুচনচীৱ হেচ্ছাহে জিছে দুৰ চে দুনীয়া ৱ’ মেৰে কৰীৱ হে”এনেকুৱা অনুভৱ হয় যেন সম্পূৰ্ণ এখন ভিন্ন ধৰাৰ বুকুলৈ গুচি গৈছো !

এনেকুৱা যাদুকৰী আছিল তেওঁৰ কণ্ঠৰ আৱেশ । তেওঁ যদিওঁ আমাৰ মাজৰ পৰা এইদৰে হঠাতে হেৰাই গল , কিন্তু তেওঁৰ সংগীতৰ মাজতেই বাকী জীৱন আমি জীয়াই থাকিব লাগিব আৰু তেওঁৰ স্মৃতিওঁ সজীৱ কৰি ৰাখিৱ লাগিব ।কলকতাৰ নজৰুল মঞ্চত শেষৰটো গীত সমাপ্ত কৰি উঠিয়েই তেওঁ কৈছিল , ‘’ Goodnight , until we meet again…” , তাৰ পিছতেই তেওঁ সংগীবৃন্দৰ সৈতে ওলাই গৈছিল তাৰ পৰা , কিন্তু তেতিয়াওঁ নজৰুল মঞ্চত গুঞ্জৰিত হৈ আছিল , ‘’ হাম ৰহে য়া না ৰহে কল কল য়াদ আয়েংগে য়ে পল ….’’

জালুকৰ আছে বহু উপকাৰী গুণ ,জানিলে আজিৰ পৰা গ্ৰহণ কৰিব আপুনি

১. ছালত কোনো ধৰণৰ ফোঁহা (Boil) ওলালে তাত জালুকৰ গুড়ি লগালে ফোঁহাটো বহি যায়। 

২.শৰীৰৰ বিষ – বেদনা (Body pain) আদি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত জালুকৰ  উপকাৰিতা দেখা যায়। শৰীৰত বিষ হ’লে ভেদাইলতা পাতৰ বা ঠাৰিৰ ৰসৰ সৈতে জালুক গুৰি অলপ মিহলাই একেৰাহে দিনত দুবাৰকৈ তিনি – চাৰিদিনমান প্ৰায়ে খালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।

৪. নিমোনিয়া, পানীলগা, কাঁহ, শ্বাস ৰোগ আদিৰ বাবে জালুক (Black Pepper) উপকাৰী। এই ৰোগ সমূহ হ’লে এচামুচ মৌ লগত তিনিটা বা চাৰিটা জালুক  গুড়ি কৰি ভালদৰে মিহলাই প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে খালে এই ৰোগ সমূহৰ পৰা ৰেহাই পোৱা যায়। 

৫. মূৰ বিষৰ বাবে জালুকৰ  উপকাৰিতা লক্ষ্য কৰা যায়। এটা জালুক বেজীৰে ফুটা কৰি সেইটো মʼমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা  যি ধোৱা ওলাব, সেই ধোৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক এনে কৰিলে মূৰ বিষ দূৰ হয়।

৬. জালুক  ৰক্তচাপ ( blood pressure ) ৰোগত ভোগা লোকৰ বাবে উপকাৰী। ৰক্তচাপ ৰোগ থকা ব্যক্তি সকলে দিনত দুই – তিনিবাৰকৈ, চাৰি – পাঁচটা জালুকৰ সৈতে ১৫ নহ’লে ২০ টা মান খিচমিচ (Raisins) সেৱন কৰিব লাগে।

৭. চকুৰ দৃষ্টশক্তি বৃদ্ধিৰ বাবে জালুক (Black Pepper) উপকাৰী। এচামুচ   জালুকৰ  সৈতে অলপমান ঘিউ মিহলাই পুৱা আৰু গধূলি নিয়মীয়াকৈ সেৱন কৰিলে চকুৰ দৃষ্টি বাঢ়ে। 

নলবাৰীত কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাৱলম্বী এগৰাকী মহিলা


নলবাৰী বিদ্যাপুৰৰ এগৰাকী উচ্চ শিক্ষিত মহিলা । নাম তেখেতৰ ববিতা ভাৰ্গৱ  । বিগত ২০১৫ চনত ববিতা ভাৰ্গৱে কেক বেকাৰী আৰু বেকিং ট্ৰেইনিংৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । সেইমৰ্মে মহিলা গৰাকীয়ে নিজা একক প্ৰচেষ্টাত কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণৰ পিছত বিগত ২০১৮ চনত বি বি কেকচ্ এণ্ড বেকিং ট্ৰেইনিং চেন্টাৰ এখন গঢ় দিলে  ।

ববিতা ভাৰ্গৱে নিজাকৈ অৰ্দাৰ অনুসৰি জন্মদিন,উৎসৱ-পৰ্ব আদিৰ কেক বনোৱাৰ লগতে নলবাৰী জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় এক শতাধিকৰ অধীক  পুৰুষ-মহিলাক প্ৰশিক্ষণ প্ৰদান কৰিছে  । ববিতা ভাৰ্গৱে এই ব্যৱসায়ৰ যোগেৰে নিজৰ লগত ভালেকেইগৰাকী পুৰুষ-মহিলাৰ স্বাৱলম্বীতাৰ পথ নিদৰ্শন কৰিছে

নগাঁৱত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক,সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

“প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা এজন কৰ্মনিষ্ঠ ব্যক্তি আছিল”নগাঁৱত  অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰাত  বলেন্দ্ৰ নাথ শৰ্মাৰ অনবদ্য অৱদান আছিল:  অপূৰ্ব শৰ্মা ।

এগৰাকী উচ্চ পৰ্যায়ৰ শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মা সদায় নিজ কৰ্মৰে চিৰস্মৰণীয় হৈ ৰ’ৱ: ড:নৰেন কলিতা
কৃতি শিক্ষকৰ গণ্ডীৰ পৰা আহি সমাজ সংস্কৃতিৰ ক্ষেত্ৰত অৰিহণা যোগাৱাৰ এক দৃষ্টান্ত হৈছে বলেন্দ্ৰ নাথ শৰ্মা :মনোজ গোস্বামী।

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক, সমাজসেৱক,অগ্ৰনী  প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মাৰ ২৫ তম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি নগাঁৱত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত  অনুষ্ঠিত  স্মৃতিচাৰণ সভাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে  প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ শৰ্মাৰ পত্নী নিৰু দেৱীয়ে ।  স্মৃতিচাৰন অনুষ্ঠানত বিশিষ্ট লেখক-সমালোচক উপন্দ্ৰে বৰকটকীৰ সম্পাদনাত প্ৰকাশিত “বলেন্দ্ৰনাথ শৰ্মা জীৱন আৰু কৰ্ম “নামৰ গ্ৰন্থ খনৰ পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণটি উন্মোচন কৰে  সাহিত্য একাডেমি বঁটা প্ৰাপ্ত  বিশিষ্ট সাহিত্যিক  অপূৰ্ব শৰ্মাই।গ্ৰন্থখন উন্মোচন কৰি অপূৰ্ব শৰ্মাই ভাষন প্ৰসংগত কয় যে প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা এজন কৰ্মনিষ্ঠ ব্যক্তি আছিল ৷

তেওঁৰ অভাৱনীয় কৰ্মনিষ্ঠা আৰু প্ৰৱল ইচ্ছাশক্তিয়ে মোৰ দৰে বহুতকে আকৰ্ষিত কৰিছিল।প্ৰয়াত শৰ্মাইকষ্টকৰ জীৱনৰ আৰম্ভণি  শেষলৈকে অব্যাহত ৰাখিছিল ৷ নগাঁৱত  অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰাত  বলেন্দ্ৰ নাথ শৰ্মাৰ অনবদ্য অৱদান আছিল৷তেওঁ কিতাপৰ লগত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক গঢ়ি তুলিছিল। বিশিষ্ট সাহিত্যিক গৰাকীয়ে লগতে  কয় যে,বাতৰি কাকতৰ চাহিদা বৃদ্ধিত অসম আন্দোলনে এক সুযোগ আনি দিছিল।সেই সময়ত সময়ত বাতৰি কাকতৰ প্ৰচলন বৃদ্ধি পাইছিল প্ৰয়াত শৰ্মাই বাতৰি কাকতৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু আসক্তি বৃদ্ধি কৰিছিল ৷  বিভিন্ন সামাজিক কামৰ লগত জড়িত থাকি সমাজত সঠিক ভাবে আগবঢ়াই নিয়াত তেওঁ অৰিহণা আগবঢ়াইছিল ৷ আনহাতে প্ৰচণ্ড শ্ৰম শক্তিৰ বাবেই বলেন্দ্ৰ নাথ শৰ্মাই এখন প্ৰাইমেৰী বিদ্যালয়ক মাধ্যমিক আৰু মাধ্যমিক বিদ্যালয়ক উচ্চ মাধ্যমিক পৰ্যায়লৈ ৰূপান্তৰ কৰাটো সহজ হৈ পৰিছিল বুলিও ডঃ অপূৰ্ব শৰ্মাই মন্তব্য আগবঢ়ায় ।জ্যেষ্ঠ সাংবাদিক জিতেন বৰকটকীয়ে আঁত ধৰা স্মৃতিচাৰন সভাখনত অংশ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক গৱেষক ডঃ নৰেন কলিতাই ভাষন প্ৰসংগত কয় যে শিক্ষক হিচাপে বলেন্দ্ৰনাথ শৰ্মাৰ এক বিশেষ পৰিচয় আছিল ৷তেওঁ এগৰাকী উচ্চ পৰ্যায়ৰ শিক্ষাবিদ আছিল।বলেন্দ্ৰ নাথ শৰ্মা সদায় নিজ কৰ্মৰে চিৰস্মৰণীয় হৈ ৰ’ৱ। স্মৃতি চাৰণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই কয় যে সমাজৰ হিতৰ বাবে নিৰৱে কাম কৰি যোৱা এজন আদৰ্শ ব্যক্তি আছিল বলেন্দ্ৰ নাথ শৰ্মা৷  নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষন প্ৰসংগত কয় যে প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা অকল বাতৰি বিতৰক প্ৰতিষ্ঠান লগত জড়িত নহয় শিক্ষাৰ প্ৰসাৰৰ লগতো জড়িত আছিল ৷ নগাঁও খন বৌদ্ধিক দিশত আগুৱাই নিয়াত বলেন্দ্ৰনাথ শৰ্মাৰ গুৰুত্ব পূৰ্ণ অৱদান আছিল ৷ তেওঁ  এই প্ৰচেষ্টা সমগ্ৰ মধ্য অসমত  প্ৰসাৰিত হৈছিল ৷ তেওঁ সামাজিক দায়বদ্ধতা , ভাষাৰ প্ৰতি থকা টানৰ বাবেই তেওঁ ৰুমী-ৰূপক নামৰ বাতৰি বিতৰক প্ৰতিষ্ঠা কৰিছিল ৷  স্মৃতিচাৰন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়ে কয় যে আমাৰ বাবে নগাঁও স্মৃতিমেদুৰ এটা দ্বীপৰ দৰে হৈ পৰে । আমাৰ মানসিক বিবৰ্তনৰ সময়ত ৰূমী ৰূপকৰ সেই ঠাই খিনিৰ গুৰুত্ব আছে । সাহিত্য সংস্কৃতিৰ ৰূমী ৰূপক মিটিং পইন্ট আছিল । ৰূমী ৰূপকে সমগ্ৰ অসমতে এক স্থান গ্ৰহণ কৰিছে । শিক্ষকতাৰ বৃত্তিৰ পৰা ওলাই আহি এটা বেলেগ পথেৰে সাহিত্য সমাজলৈ সেৱা আগবঢ়াব পাৰি তাৰ জলন্ত উদাহৰণ প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মা ।কৃতি শিক্ষকৰ গণ্ডীৰ পৰা আহি সমাজ সংস্কৃতিৰ ক্ষেত্ৰত অৰিহণা যে যোগাব পাৰে তাৰ এক দৃষ্টান্ত হৈছে বলেন্দ্ৰ নাথ শৰ্মা ।নগাঁৱত সাহিত্য-সংস্কৃতি বাতাবৰণ সৃষ্টি কৰাত বলেন্দ্ৰনাথ শৰ্মা এক গুৰুত্ব পূৰ্ণ ভূমিকা  কৰিছিল।প্ৰসংগক্ৰমে বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে বলেন্দ্ৰ নাথ শৰ্মাৰ সু-পত্ৰ  বিধায়ক ৰূপক শৰ্মাৰ দিনত নগাঁৱত যথেষ্ট ভাল কাম হৈছে । নগাঁৱৰ বাট,পথকে আদি কৰি বহু পৰিৱৰ্তন হৈছে।বিশিষ্ট সাংবাদিক গৰাকীয়ে নগাঁৱত এটা ৱাকিং ষ্ট্ৰীট কৰাৰ বাবে ৰূপক শৰ্মাক আহ্বান জনায় ।

তেওঁ আৰু কয় যে বৰ্তমান ছপা মাধ্যমৰ প্ৰতি আগ্ৰহ কমিছে অভিনৱ কিছুমান ধাৰণাৰে আগবাঢ়িব পাৰিলে মানুহ কিতাপ বাতৰি কাকতৰ প্ৰতিও ধাউতি বাঢ়িব।আৰু তেনে অভিনৱ পন্থা গ্ৰহণ কৰাৰ বাবে বিধায়ক ৰূপক শৰ্মাক এগৰাকী যোগ্য ব্যক্তি বুলিও বিশিষ্ট সাংবাদিক গৰাকীয়ে উল্লেখ কৰে।অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই ভাষণ প্ৰদান কৰি বলেন্দ্ৰ নাথ শৰ্মাৰ জীৱন কৃতিৰ ওপৰত আলোকপাত আগবঢ়াই কয় যে  বলেন্দ্ৰ নাথ শৰ্মা ভিন্নমুখী চৰিত্ৰৰ এগৰাকী ব্যক্তিৰ  আছিল। এগৰাকী জাতীয়তাবদী চিন্তা চেতনাৰ ব্যক্তি আছিল বলেন্দ্ৰ নাথ শৰ্মা।শিক্ষা – ব্যৱসায় দুয়োটা দিশতে পৃথক আছিল প্ৰয়াত শৰ্মা। স্মৃতিচাৰণ সভাত আদৰণি ভাষণ আগবঢ়াই প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ পুত্র তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় : মই ২৫ টা বছৰ পিতৃৰ লগত আৰু ২৫ টা বছৰ পিতৃহীন ভাৱে অতিবাহিত  কৰিছো।পিতৃৰ অনুপস্থিতিত তেওঁৰ আদৰ্শ অনুকৰণ কৰি সমাজৰ হকে কাম কৰাৰ বাবে আগবাঢ়ি গৈছো। 

স্মৃতিচাৰণ সভাত নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।আজিৰ এই অনুষ্ঠানতে বিধায়ক ৰূপক শৰ্মাই তেওঁৰ প্ৰয়াত পিতৃ বলেন্দ্ৰ নাথ শৰ্মাৰ নাম এটি ন্যাস গঠন কৰাৰ কথাও ঘোষণা কৰে।সভাত শলাগৰ শৰাই আগবঢ়াই বলেন্দ্ৰ নাথ শৰ্মাৰ পত্নী নিৰু দেৱীয়ে।