Home Blog Page 2351

ৰাজ্যৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ সন্দৰ্ভত কি কলে শিক্ষামন্ত্ৰী ড° ৰনোজ পেগুয়ে

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ পৰা ভাৰ্চুৱেলি গৰীৱ কল্ল্যান যোজনাৰ অন্তৰ্গত আচনি সমূহৰ বাবে হিতাধিকাৰী সকলৰ লগত মত বিনিময় কৰে । দেশৰ বিভিন্নখন ৰাজ্যৰ লগতে অসমতো ঐতিহাসিক শিৱসাগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্ল্যাণ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মতবিনিময় আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ১০ কৌটিৰো অধিক কৃষকলৈ ২১০০০ কৌটি টকাৰ ১১ তম কিস্তি হস্তান্তৰকৰণ কৰাৰ বাবে বৃহৎ ৰাজহুৱা সভা আয়োজন কৰা হয় ।

এই সভাখন উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই ঐতিহাসিক সভাখন নলবাৰী চহৰস্থিত নাট্য মন্দিৰতো প্ৰদৰ্শন কৰা হয় ।

বিশিষ্ট শিক্ষাবিদ সঞ্জীৱ গোস্বামীয়ে আত ধৰা সভাখনত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু,নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ জয়ন্ত মল্ল বৰুৱা,জিলা উপায়ুক্ত গীতিমনি ফুকন,জিলা পৰিষদৰ সভাপতি নিতুল ডেকাকে প্ৰমুখ্য কৰি বিশিষ্ট লোক আৰু স্থানীয় ৰাইজ । সকলো গৰীৱ কল্ল্যানৰ বাবে লোৱা কেইবা খনো আচনিভুক্ত এইখন এক ঐতিহাসিক সভা বুলি শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগু আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই মত প্ৰকাশ কৰে ।

লগতে টেট শিক্ষকৰ ক্ষেত্ৰত কোনো জটিলতা নাই বুলি উল্লেখ কৰে লগতে অনাগত সময়ত যদি বিভিন্ন বিদ্যালয়ৰ পদ সমূহ মুকলি হয় তেন্তে পদ সমূহ পৰ্যায় ক্ৰমে মুকলি কৰি দিম বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ।

জাগীৰোডত “গৰীৱ কল্যাণ সন্মিলন”ত অংশগ্ৰহণ মন্ত্ৰী পীযূষ হাজৰিকাৰ

জাগীৰোড সমষ্টিৰ অন্তৰ্গত জাগী-ভকত গাঁও পঞ্চায়তৰ বিষ্ণু ৰাভা বিহুতলীৰ প্ৰাংগনত আজি প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী সম্বোধন কৰা “গৰীৱ কল্যাণ সন্মিলন”ত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই ।

এই সন্মিলনত প্ৰধানমন্ত্ৰীয়ে “প্ৰধানমন্ত্ৰী আৱাস যোজনা”, “কৃষক সন্মান নিধি”, “গৰিৱ কল্যাণ অন্ন যোজনা”, আয়ুষ্মান‌ ভাৰত ইত্যাদি আঁচনিৰ হিতাধিকাৰি সকলৰ সৈতে ভাৰ্চুয়েলি মিলিত হয় আৰু মত বিনিময় কৰে। এই সভাতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো ভাৰ্চুৱেলী শিৱসাগৰৰ পৰা ভাষণ প্ৰদান কৰে।

এই কাৰ্যসূচী লগতে জাগীৰোড সমষ্টিৰ ৯,৬৪১ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৩২,৫০০ টকাকৈ প্ৰথম কিস্তিৰ সৈতে গৃহ আবণ্টন পত্ৰ সমূহ প্ৰদান কৰা হয়।এই কাৰ্যসূচীত মৰিগাঁও জিলা উপায়ুক্ত , মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষীতেশ পেগু তিৱা স্বায়ত্ব পৰিষদৰ উপ মূখ্য কাৰ্য্যবাহী সদস্য তুলসী বৰদলৈ জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীব্যজীৎ নেওঁগ ,তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্যা বিনীতা দৈমাৰী আৰু খগেন চন্দ্ৰ বৰদলৈ, মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধী ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী প্ৰবীণ ডেকা আন আন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী ভাষণৰ সময়ত খালী হৈ পৰিল প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠানৰ বিশাল মণ্ডপ

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী ভাষণৰ সময়ত খালী হৈ পৰিল প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠানৰ বিশাল মণ্ডপ । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড়ৰ মানকটা পুজা খেলপথাৰত বিশাল ভাৱে আয়োজন কৰা হৈছিল গৰিব কল্যাণ সন্মিলন ।

জিলাখনৰ সাতটা সমষ্টিৰ পৰা বাহনৰ জৰিয়তে কেইবা সহস্ৰাধিক লোক অনা হৈছিল সন্মিলনলৈ । কিন্তু, প্ৰধানমন্ত্ৰী ভাষণৰ সময়তে খালী হৈ পৰিল বিশাল মণ্ডপ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী হিমাচল প্ৰদেশৰ পৰা হিতাধিকাৰীক উদ্দেশ্যি পোনপটীয়াকৈ বক্তব্য আৰু মতবিনিময় কৰাৰ সময়তে ডিব্ৰুগড়ত একপ্ৰকাৰ উদং হৈ পৰিল মণ্ডপ । ডিব্ৰুগড়ৰ কাৰ্যসূচীত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ডিব্ৰুগড় জিলাৰ বিধায়ক সকল ।

ধুবুৰীৰ আৰক্ষীৰ বৃহৎ সফলতা

ধুবুৰীৰ আৰক্ষীৰ বৃহৎ সফলতা । নিচাজাতীয় ড্ৰাগছ টেবলেট আৰু কফছিৰাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰীৰ আৰক্ষীয়ে । বৃহৎ পৰিমাণৰ কফ চিৰাফ , কেইবা হেজাৰ নিচা জাতীয় টেবলেট সহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ ব্যৱসায়িক ।


প্ৰশ্চিম বংগৰ পৰা ৰেল যোগে ধুবুৰী লৈ আনিছিল কফ চিৰাফ সহ বৃহৎ পৰিমাণৰ নিছাজাতীয় টেবলেট ।
ধুবুৰী জিলা আৰক্ষী অধীক্ষক অভিজিৎ দীলিপ গৌৰৱে এক গোপন তথা লাভ কৰে । উক্ত তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত ধুবুৰী সদৰ থানাৰ আৰক্ষী বাহিনীৰ এটি বৃহৎ দলে আজি দুপৰীয়াৰ ভাগত ধুবুৰী চহৰৰ ৰেল ষ্টেচনৰ সন্মুখৰ পৰা এই সমুহ নিচাজাতীয় টেবলেট কফছিৰাপ খিনি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ৰাতুল হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ী জনক ।

দিৰ্ঘ দিনৰ ধৰি ড্ৰাগছ মাফিয়া ৰাতুল হুছেইন ধুবুৰী চহৰ খনত নিচাজাতীয় দ্ৰৱ্য ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলি উঠি অহা নৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দি ৰমৰমীয়া ব্যবসায় চলাই গৈছিল ড্ৰাগছ ব্যৱসায়ী জনে ।
বৰ্তমানে ড্ৰাগছ ব্যৱসায়ী জনক ধুবুৰী সদৰ থানাত এই সন্দৰ্ভত মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

বৰপেটাত অবৈধ ইটাৰ ভাটা বন্ধ কৰে প্ৰশাসনে

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়াত চলি থকা এ আই বি ইটাৰ ভাটা আজি বৰপেটা জিলা প্ৰশাসনে বন্ধ কৰি দিয়া পৰিলক্ষিত হয়৷ জনীয়াৰ সালেকুৰাত চলি থকা অবৈধ ইটাৰ ভাটাটো ৰাজহুৱা আৰু মাটিৰ মালিকৰ অভিযোগৰ ভিত্তিত বন্ধ কৰে প্ৰশাসনে ৷

ইৰি ধানৰ লগতে বিভিন্ন খেতি নষ্ট হোৱাৰ হোৱাৰ অভিযোগ উত্থাপন কৰি ভাটাটো বন্ধ কৰিবলৈ আবেদন কৰিছিল ৰাইজৰ লগতে মাটিৰ মালিকে ৷ ৰাইজ আৰু মাটিৰ মালিকৰ অভিযোগৰ ভিত্তিত আজি প্ৰশাসনে বন্ধ কৰি দিয়ে অবৈধ ইটাৰ ভাটাটো ৷

বিহালীৰ পৰা নিৰুদ্দেশ হোৱা দুগৰাকী কিশোৰীক উদ্ধাৰ বিহালী আৰক্ষীৰ

বিহালীৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰী দুগৰাকী অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিহালী আৰক্ষীই । বিহালীৰ ৰঙাগড়ৰ পৰা যোৱা ১২ মেত নিৰুদ্দেশ হৈছিল দুগৰাকী কিশোৰী বিনোদ মুণ্ডাৰ ১৬ বছৰীয়া কিশোৰী অঞ্জুু মুণ্ডা আৰু একেখন গাঁওৰে সত্যবতী মৌলিকৰ ১৭ বছৰীয়া কিশোৰী দিপিকা মৌলিক যোৱা ১২ – ৫-২০২২ তাৰিখে তেওঁলোকৰ ঘৰৰ পৰা সন্ধান হীন হয় বুলি জানিবলৈ দিয় ।


ঘটনা সংক্ৰান্ত কিশোৰী দুগৰাকী পৰিয়ালৰলোকে বিহালী আৰক্ষীক এজাহাৰ দাখিল কৰে । তাৰ পাছতে বিশ্বনাথ আৰু বিহালী আৰক্ষী স্থায়ী তদন্তৰ সুত্রে তথ্য পাই বিশ্বনাথ জিলা আৰক্ষী অধ্যক্ষৰ অনুমতি সাপেক্ষে বিহালী বৰগাঙ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে নেতৃত্ব এটি আৰক্ষী দল গৈ উক্ত স্থানত উপস্থিত হৈ নাহৰলগুন আৰক্ষী সহযোগত নিৰুদ্দেশ হৈ থকা কিশোৰী দুগৰাকীক অৰুণাচল নাহৰলগুনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে বিশ্বনাথ জিলা আৰু বিহালী আৰক্ষী এনে সফলতাত ধন্যবাদ জ্ঞাপন কৰিলে একাংশ স্থানিয় ৰাইজে ।

শিৱসাগৰৰ নাজিৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৰিব কল্যান সন্মিলনত অংশগ্ৰহন

শিৱসাগৰৰ জিলাৰ নাজিৰাত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গৰিব কল্যান সন্মিলনত অংশ গ্ৰহন মুখ্যমন্ত্ৰীৰ AZADI KA AMRIT MOHATSAVৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে চিমলাৰ পৰা হিতাধিকাৰীৰ লগত মতবিনিময় । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণজন সভা সম্বোধন ।

শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ খেল পথাৰত আজি অনুষ্ঠিত হব গৰীৱ কল্যান সন্মিলন ।এই সন্মিলনত ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমত মত বিনিময় কৰিব ।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী প্ৰতিকীভাৱে ৫ জন আৱাস যোজনাৰ হিতাধিকাৰীৰ লগত ভাৰ্চুৱেল মাধ্যমত মতবিনিময় দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে। শিৱসাগৰৰ ৯৪০০ আৰু চৰাইদেউ জিলাৰ ২০০০ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্থিৰ ধনৰ চেক বিতৰণ । গৰিব সন্মিলনত বহু কেইজন মন্ত্ৰী,সাংসদ আৰু বিধায়কে সংগ দিয়ে মুখ্যমন্ত্ৰী গৰাকীক।

বৃহত্তৰ কোকিলা, জাউবাৰী ৰঙাপানীত দেখা গৈছে এক ব্যতিক্ৰমী মনোৰম দৃশ্য

আজি আকৌ এবাৰ মনত পৰিল সৰুতে পঢ়া এটা কবিতা –
‘শুৱনি আমাৰ গাওঁখন অতি, শুৱনি গছেৰে ভৰা। ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা।’
এই কবিতা ফাঁকিৰ হুবহু চিত্ৰ বন্দী হৈছে আমাৰ কেমেৰাত। বৃহত্তৰ কোকিলা, জাউবাৰী ৰঙাপানীত দেখা গৈছে এক ব্যতিক্ৰমী মনোৰমা দৃশ্য। কৃষ্ণচূড়া, ৰাধা চূড়া,এজাৰ, সোনাৰু, ৰজনী গান্ধা, দৰে বহু ফুল মুকলি আকাশ ৰঙীল কৰি তুলিছে কোকিলাৰ।

মুকলি আকাশৰ তলত ফুলি থকা এনে নয়ন ভৰা প্ৰকৃতিৰ নান্দনিক দৃশ্যই বিভোৰ হৈ পৰিছে কোকিলা বাসী। এনে পৰিৱেশে মনটো যেন এক আনন্দময় কৰি তুলিছে।


এই ফল ফুলৰ সুৱাসে হাত বাউল দি মাতিছে সকলোকে। কোকিলাৰ এই দৃশ্যই যেন সকলোৰে মন ফুলৰ সুৱাসে পুলকিত কৰি তুলিছে। আলোকিত কৰি তুলিছে কোকিলাবাসীক। বহু পৰিয়ালৰ ঘৰত ফুলিছে নানা ৰংবিৰংৰ ফুল। লৰাছোৱালী, বোৱাৰী জীয়ৰি সকলোৱে ফটো লোৱাত ব্যস্ত।

বৰপেটাৰ খোলাবান্ধাত একাংশ দালালে বিদ্যুত বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত চলাইছে লুন্ঠনৰাজ

বিদ্যুত বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত বৰপেটাৰ খোলাবান্ধাত একাংশ দালালে চলাইছে লুন্ঠনৰাজ।নিজকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি বিদ্যুৎ সংযোগ দিয়াৰ নামত দুই দালালে গ্ৰাহকৰ পৰা লুটিছে লাখ লাখ টকা।ধুপধৰা বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ বৰপেটাৰ পাঠিমাৰী জনপ্ৰিয় বজাৰত সংঘটিত হৈছে এই ঘটনা।লুৎফৰ ৰহমান আৰু আজিজুৰ ৰহমান ওৰফে গাঁওবুঢ়া নামৰ এই দুই দালালৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।

অভিযোগ মতে বজাৰখনৰ একাংশ দোকানীৰ পৰা বিদ্যুৎ সংযোগ দিয়াৰ নামত দুই দালালে সংগ্ৰহ কৰিছে ১০ ৰ পৰা ২০ হাজাৰ টকা।আনকি ব্যাৱসায়ীক(Commercial) সংযোগ দিয়াৰ বিপৰীতে দিছে সৌভাগ্য আঁচনিৰ BPL সংযোগ।কেৱল ইমানেই নহয় একাংশ দোকানত মিটাৰ বিহীন ভাৱে বিদ্যুৎ সংযোগ দি সংগ্ৰহ কৰিছে বৃহৎ ধণ।তদুপৰি এই দুই দালালে বিদ্যুৎ বিভাগৰ বিল সংগ্ৰহকাৰী হিচাপে আই ডি দিয়াৰ নামতো একাধিক লোকৰ পৰা সংগ্ৰহ কৰিছে বৃহৎ পৰিমাণৰ ধন।আৰু এই সমগ্ৰ লুন্ঠনৰাজৰ লগত জড়িত আছে ধুপধৰা বিদ্যুৎ উপসংমণ্ডলৰ একাংশ বিষয়া কৰ্মচাৰী।তেওঁলোকৰ সহযোগতে দীৰ্ঘদিনৰে পৰা অঞ্চলটোত নিজকে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি এইদৰে চলাইছে ব্যাপক লুন্ঠন।


উল্লেখ্য যে পূৰ্বে এই দুগৰাকী দালালে মৈৰাদিয়া-খোলাবান্ধা বজাৰৰ একাংশ ৰাইছ মিল,ফাৰ্নিচাৰ দোকান, গেলামাল দোকান আদিত মিটাৰ বিহীন বিদ্যুত সংযোগ দি লাখ লাখ টকা সংগ্ৰহ কৰা বাতৰি বিভিন্ন চেনেল, বাতৰি কাকত, ৱেব পৰ্টেল আদিত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল যদিও উপ-সংমণ্ডল খনৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত সু-সম্পৰ্ক থকাৰ বাবে দালাল দুগৰাকীক নাকী লগোৱাৰ বিপৰীতে বৰপীৰা পাৰি দি দালাল দুগৰাকীৰ জৰিয়তে চৰাঞ্চলৰ বিদ্যুতৰ নামত সোঁৱে বাওঁৱে ধন সংগ্ৰহ কৰাত উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপিত হৈছে। ৰাজ্য খনৰ বিদ্যুত বিভাগক মন্ৰী বিমল বৰাই সংস্কাৰ কৰিব বিছৰাৰ পিছতো মন্ৰী গৰাকীৰ সংস্কাৰক ধোঁৱাচাঙত তুলিব বিচৰা এই সকল বিদ্যুত বিষয়া কৰ্মচাৰী লগতে দালালৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহন কৰে সেয়া হব লক্ষণীয়।

আমগুৰিত স্থাপিত ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ আজি শুভ উদ্বোধন

ছবৰীয়া ঐতিহাসিক অসম আন্দোলন আৰু মহান শ্বহীদসকলৰ অমৰ ত্যাগৰ ফলত স্বাক্ষৰিত অসম চুক্তিৰ ফলশ্ৰুতিত আমগুৰিত স্থাপিত ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ আজি শুভ উদ্বোধন হ’ব । এয়া অতিশয় আনন্দৰ বতৰা। অসম চৰকাৰে ঘৰুৱা শক্তি উৎপাদন বৃদ্ধিৰে আত্মনিৰ্ভৰ অসমৰ ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে।

এইক্ষেত্ৰত আমগুৰি সৌৰশক্তি প্ৰকল্পটোৰ ভূমিকা সুদূৰপ্ৰসাৰী হ’ব বুলি মই আশাবাদী, সৰ্বানন্দ সোনোৱালে। ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হোৱা অভিলাষী প্ৰকল্পটোৰ কাম সম্পন্ন কৰাত সবল ভূমিকা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী বিমল বৰাক আন্তৰিক ধন্যবাদ জনায় সৰ্বানন্দ সোনোৱালে।

সৌৰশক্তি প্ৰকল্পটোৱে পৰিৱেশ অনুকূল আৰু সেউজ শক্তি উৎপাদন বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি কৰিব, কয় সৰ্বানন্দ সোনোৱালে