Home Blog Page 2366

পৃথিৱীৰ সকলো দেশৰ ভিতৰত প্ৰদূষণৰ কাৰণে মৃত্যু দেশ ভাৰত

এটা নতুন অধ্যয়নত কোৱা হৈছে যে সকলো ধৰণৰ প্ৰদূষণৰ কাৰণে সমগ্ৰ পৃথিৱীত ২০১৯ চনত ৯০ লাখ লোকৰ অকাল মৃত্যু হয়৷ তাৰ ভিতৰত সকলো ধৰণৰ প্ৰদূষণৰ কাৰণে ভাৰতত অকাল মৃত্যু হয় ২৩.৫ লাখৰো অধিক লোকৰ, পৃথিৱীৰ সকলো দেশৰ ভিতৰত বেছি৷ এই ২৩.৫ লক্ষাধিক লোকৰ ভিতৰত ১৬.৭ লাখৰ মৃত্যু হয় বায়ু প্ৰদূষণৰ কাৰণে৷


গাড়ী, ট্ৰাক আৰু উদ্যোগৰ পৰা নিৰ্গত প্ৰদূষকৰ কাৰণে ২০০০ চনৰ পৰা প্ৰদূষণত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশ বাঢ়িছে৷ কিন্তু খৰি, কয়লা বা আন তেনেকুৱা বস্তু ঘৰৰ ভিতৰত ব্যৱহাৰ কৰাৰ আওপুৰণি ব্যৱস্থাৰ বাবে আৰু মানুহ তথা জীৱ-জন্তুৰ বৰ্জিত বস্তুৰ কাৰণে পানীৰ প্ৰদূষণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা কম৷


প্ৰদূষণৰ কাৰণে আটাইতকৈ বেছি মানুহৰ মৃত্যু হোৱা শীৰ্ষৰ দহখন দেশৰ ভিতৰত আমেৰিকাহে একমাত্ৰ সম্পূৰ্ণৰূপে ঔদ্যোগিক ৰাষ্ট্ৰ৷ দেশখনৰ স্থান সপ্তমত৷ প্ৰদূষণৰ কাৰণে ২০১৯ চনত আমেৰিকাত ১ লাখ ৪২ হাজাৰ ৮৮৩জন লোকৰ মৃত্যু হয়৷ ‘দ্য লেনচেট প্লেনেটেৰি হেল্‌থ’ৰ এটা নতুন অধ্যয়নত এই কথা কোৱা হৈছে৷
অধ্যয়নটো ক’ভিড মহামাৰীৰ আগৰ পৰিস্থিতিক লৈ চলোৱা হৈছিল৷ অধ্যয়নটোত কোৱা হৈছে যে প্ৰদূষণৰ কাৰণে মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় স্থানত আছে ক্ৰমে ভাৰত আৰু চীন৷ প্ৰদূষণৰ কাৰণে ২০১৯ চনত ভাৰতৰ পাছতে চীনত প্ৰায় ২২ লাখ লোকৰ মৃত্যু হয়৷


অৱশ্যে এই দুয়োখন বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশ৷ বায়ু প্ৰদূষণৰ কাৰণে হোৱা মৃত্যুৰ [৯.৮ লাখ] গৰিষ্ঠ অংশৰ কাৰণ প্ৰদূষণ সৃষ্টিকাৰী কণা [পি এম ২.৫]৷ আন ৬.১ লাখৰ মৃত্যু হয় ঘৰৰ ভিতৰত বায়ু প্ৰদূষণৰ কাৰণে৷ বায়ু প্ৰদূষণৰ কাৰণে বিশ্বত মৃত্যু হয় ৬.৬৭ মিলিয়ন লোকৰ৷

শিৱসাগৰৰ ধিতাইপুখুৰীৰ NAYARA তেলডিপুত ভেজাল ডিজেল তেল

শিৱসাগৰৰ ধিতাইপুখুৰীৰ NAYARA তেলডিপুত ভেজাল ডিজেল তেল । বাহনৰ ইঞ্জিন বিকল । তাৰ পিছতেই সমগ্ৰ ঘটনা আহে পোহৰলৈ।

শিৱসাগৰৰ ধিতাইপুখুৰীৰ তেলডিপুত আজি এজন ব্যক্তিয়ে TATA COMPANYৰ এখন বাহনত ডিজেল ভৰাই কিছুদৰ অহাৰ লগে লগে বাহন খনৰ ইঞ্জিন বিকল হৈ পৰে।চালকগৰাকীয়ে তেলৰ ওপৰত সন্দেহ হোৱাত তেলডিপুটোৰ পৰা তেল এটা বটলত ক্ৰয় কৰে।বটলত ক্ৰয় কৰা তেল খিনি দেখি ধৰা পৰে ভেজাল তেল বিক্ৰী কৰাৰ ঘটনা।সম্পূৰ্ণ পানী মিহলি কৰা ডিজেল তেল বিক্ৰী কৰি আহিছে ধিতাইপুখুৰীৰ NAYARA তেলডিপুৱে।

ব্যক্তিজনে এটা বটলত ডিজেলখিনি থৈ প্ৰত্যক্ষ কৰাৰ পিছত বটলটোৰ তলৰ অংশত তেল আৰু ওপৰৰ অংশত অধিক পৰিমাণৰ পানীৰ পৰিমাণ দেখা পোৱা গৈছে। স্থানীয় লোক আৰু দল সংগঠনে বন্ধ কৰি দিছে তেল ডিপুটো ৷ বৰ্তমানলৈকে তেল ডিপুটোত উপস্থিত হোৱা নাই তেল ডিপুৰ স্বত্বাধিকাৰী বুধিন গগৈ৷

বুধিন গগৈৰ মালিকাধীন এই NAYARA তেলডিপুৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে লগতে স্থানীয় ৰাইজ আৰু দল-সংগঠনেও উচ্চিত তদন্ত বিচাৰিছে । বিভাগীয় কৰ্তৃপক্ষই তেলৰ নমুনা সংগ্ৰহ কৰি ধিতাইপুখুৰীৰ এই তেলডিপুটোৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব ।

পুনৰ নগৰবেৰা বন বিভাগৰ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ সহ বাহন

শনিবাৰে পুৱাৰ ভাগত এক গোপন সুত্ৰৰ পমখেদি বন বিষয়া মৃনাল অধ্যাপকৰ নেতৃত্বত যোৱা এটা বন কৰ্মীৰ দলে ছমৰীয়াৰ পৰা ডি আই পিক আপ ভান ভৰ্তি শাল গছৰ কুণ্ডা জব্দ কৰে ৷

চোৰাং শাল গছৰ কুণ্ডা ভৰ্তি গাড়ীখন মেঘালয়ৰ পৰা ছমৰীয়া হৈ বৰপেটাৰ কাছুমাৰলৈ গৈ থকা অৱস্থাত ছমৰীয়াৰ পৰা নাটকীয় ভাবে জব্দ কৰে ৷ পিছত জব্দকৃত চোৰাং শাল গছৰ কুণ্ডা ভৰ্ত্তি নম্বৰ বিহীন গাড়ীখন নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয় ৷

ইয়াৰ লগত জৰিত ৩জন চোৰাং ব্যৱসায়ীক বনকৰ্মী দলটোৱে আটক কৰিবলৈ সক্ষম হয় ৷ চোৰাং কাঠৰ এনে ব্যৱসায়ীৰ লগত জড়িত আটকাধীন লোক কেইজন ক্ৰমে মৃণাল ৰাভা(১৮), মুনিময় ৰাভা(১৯) আৰু জ্যোতিস ৰাভা(২৬) । উল্লেখ্য অবৈধ এনে চোৰাং কাঠ ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড ডাকুৱা ৰাভা পলাতক বুলি জানিব পৰা গৈছে।

অসম একাডেমী নলবাৰীতপ্ৰাচীৰ পত্ৰিকা”ফুলৰেণু” উন্মোচন

নলবাৰীৰ চহৰৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান অসম একাডেমী নলবাৰীত আজি ৰাতিপুৱা” ফুলৰেণু” নামৰ এখন মননশীল প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। বিদ্যালয়খনৰ প্ৰাৰ্থণা সভাৰ লগত সংগতি ৰাখি পত্ৰিকাখন উন্মোচন কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ ৰাতুল ডেকাই।

উন্মোচনী ভাষনত তেখেতে কয় পাৰচীৰ পত্ৰিকা বিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সাহিত্য সৃষ্টিৰ প্ৰথম কঠিয়াতলি। তোমালোকে একাগ্ৰতা আৰু অধ্যাবসায়ৰ জৰিয়তে  লাগি থাকিলে ভবিষ্যতে   সমাজৰ একোগৰাকী সু-নাগৰিকৰ লগতে সু-সাহিত্যিক হৈ প্ৰতিস্হা লাভ কৰিব পাৰিবা।

চিত্ৰশিল্পী তথা কবি দিগন্ত বৰ্মণে আঁত ধৰা উন্মোচনী অনুষ্ঠানটোৰ উদ্দোশ্য বাখ্যা কৰে “ফুলৰেণুৰ ” মুখ্য  সম্পাদক   অৰিন্দম ৰাজবংশীয়ে। প্ৰাচিৰ পত্ৰিকাখন সম্পাদনা কৰে কাকলি কলিতাই।  অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিদ্যালয়খনৰ আটাইবোৰ শিক্ষক কৰ্মচাৰীয়ে সহায় সহযোগ কৰে। । 

জামুৰ আছে অনেক গুণ । অধিক জানিবলৈ পঢ়ক

১. ডায়েবেটিছ ৰোগীৰ বাবে এবিধ উত্তম পথ্য হ’ল জাম৷ জাম সেৱনৰ ফলত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়৷ জাম খালে এমাইলেজ উৎসেচকৰ ক্ৰিয়া কিছু হ্ৰাস হয়৷ ফলত আমাৰ খাদ্যনলীৰ সৰু আৰু বৃহৎ অন্ত্ৰত কাৰ্বহাইড্ৰেটৰ বিপাক কমকৈ হ’ব পাৰে৷ যাৰ বাবে তেজত শৰ্কৰাৰ পৰিমাণ কমে৷
[২] জামত যিহেতু যথেষ্ট পৰিমাণে ফচফৰাছ আৰু কেলচিয়াম থাকে, সেয়ে জাম খালে শিশুৰ হাড়ৰ গঠন মজবুত হয়৷ বয়সস্থ লোকে জাম খালে অষ্টিঅ’পৰোছিছ [Osteoporosis] ৰোগ নিয়ন্ত্ৰণ হয়৷


[৩] জাম খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ ইয়াত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে থাকে বাবে কাহ, কফ, ফ্লু আদিৰ পৰা ৰক্ষা পাব পাৰি৷
[৪] ভিটামিন-B1, ভিটামিন-B6, ভিটামিন-C আদি যথেষ্ট পৰিমাণে জামত থাকে৷ সেয়ে জাম খালে ছাল সজীৱ আৰু মসৃণ হয়৷ মুখত ওলোৱা ৰিংকল নাইকিয়া কৰিবলৈ নিয়মিতৰূপে জাম খাওক৷


[৫] জামত আইৰন প্ৰচুৰ পৰিমাণে থাকে বাবে ৰক্তহীনতাৰ পৰা হাত সাৰিবলৈ জাম সেৱন কৰক৷
[৬] শিশুক মগজুৰ বিকাশ আৰু স্মৃতিশক্তি বঢ়াবলৈ দৈনিক জাম খাবলৈ দিয়ক৷
[৭] দাঁত পৰিষ্কাৰ কৰি ৰখাৰ লগতে মুখৰ পৰা ওলোৱা দুৰ্গন্ধ নোহোৱা কৰিবলৈ সদায় জাম খাওক৷
[৮] গৰমৰ দিনৰ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জাম খাওক৷

উন্নয়নৰ জীয়া ফোঁপোলা ছবি ! জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জীয়াতু ভোগাইছে দুৰদুৰীয়াবাসীক

 উন্নয়নৰ জীয়া ফোঁপোলা ছবি ! জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জীয়াতু ভোগাইছে দুৰদুৰীয়াবাসীক ; এখন বাঁহৰ সাঁকো মেৰামতি কৰিবলৈয়ো অপৰাগ গাঁও পঞ্চায়ত ।


এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে দেশৰ স্বৰাজোত্তৰ ৭৫ টা বছৰে যাতায়াত কৰি আহিছে এখন গাঁওবাসী ৰাইজে।এইখন অসমৰে দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়ত এলেকাৰ দুৰদুৰীয়া নামৰ গাঁওখনৰ কথাকে ক’ব বিচৰা হৈছে।নাওপোটা-দিমীলা নদীৰ সংগম স্থলীত থকা এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৰ বিপৰীতে একেখন গাঁওতে গাড়ী ঘাট আৰু দিমীলা নদীৰ মথাউৰিত আছে‌ আন দুখন বাঁহৰ সাঁকো।ইয়াৰে দিমীলা নদীৰ বাঁহৰ সাঁকো খন কিছুদিন আগতে বানপানীৰ উটি যোৱা বুলি প্ৰকাশ।

গাড়ীঘাটৰ বাঁহৰ সাঁকোৰে যাতায়াত কৰিব নোৱাৰে ৰাইজে। এই গাঁওখনত থকা তিনিখনকৈ জৰাজীৰ্ণ বাঁহৰ সাঁকোৱে জন জীৱন স্তব্ধ কৰি পণবন্ধী কৰি তুলিছে গাঁওবাসীক।পঞ্চায়ত ব্যৱস্থাই এনে বাঁহৰ সাঁকো সমূহ মেৰামতি কৰিব পাৰে যদিও টকা নাই বুলি টুলুঙা কথাৰে বছৰৰ পিছত বছৰ ধৰি পেলাই থোৱা বুলি অভিযোগ উঠিছে। বানৰ কৱলত পৰাৰ পিছত পানী শুকাইছে যদিও যাতায়াত, বেপাৰ বাণিজ্য, ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়লৈ যোৱাত সমস্যাৰ সৃষ্টি হৈছে। স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে গাঁওবাসীকলৈ গুৰুত্ব নিদিয়াৰ উঠিছে অভিযোগ।

দুলীয়াজনত নিশা বিধ্বংসী অগ্নিকাণ্ড

দুলীয়াজনত নিশা বিধ্বংসী অগ্নিকাণ্ড ।দুলীয়াজানৰ কুমুদ নগৰ তিনিআলিত এই বিধ্বংসী অগ্নিকাণ্ড ।অগ্নিকাণ্ডৰ ফলত ১৫ খনকৈ দোকান জ্বলী ভস্মীভূত ।

মাছ ,মাংস ,শাক পাচলি, পান তামোলৰ দোকান ঘৰ সমূহত কেনেকৈ অগ্নিকাণ্ড সূত্ৰপাত হল বাতৰি সংগ্ৰহ কৰালৈকে জানিব পৰা হোৱা নাই যদিও । বৈদুতিক বিজুতিৰ ফলতে হল বুলি ধাৰণা কৰিছে ৷

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খানৰ বাবে এটা ভাল খবৰ ড্ৰাগছৰ গোচৰত এনচিবিৰ পৰা ক্লিন চিট লাভ কৰিছে আৰিয়নে

ড্ৰাগছৰ ক্ষেত্ৰত আৰিয়নে ক্লিন চিট পাইছে। আৰিয়নক যোৱা বছৰ ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ কেইদিনমানৰ বাবে জিম্মাত আছিল।শ্বাহৰুখ খান আৰু তেওঁৰ পুত্ৰ আৰিয়নৰ বাবে ভাল খবৰ। দৰাচলতে, শ্বাহৰুখ খানৰ পুত্ৰ আৰ্যনে ক্ৰুজ গোচৰত ড্ৰাগছ বিৰোধী সংস্থাৰ পৰা ক্লিন চিট পাইছে। ২ অক্টোবৰৰ নিশা মুম্বাইৰ ক্ৰুজ জাহাজৰ টাৰ্মিনেলৰ পৰা আৰিয়নক ধৰা পৰিছিল। এই খবৰটো শুনি সকলোৱে হতবাক হৈ পৰিছিল। আৰ্যনৰ সৈতে, তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকো এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল।আৰিয়ন খান কেইদিনমানৰ বাবে এনচিবিৰ জিম্মাত আছিল। তাৰ পিছত তেওঁক ৭ অক্টোবৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। তাৰ পিছত ৩০ অক্টোবৰত তেওঁ তাৰ পৰা ওলাই আহিল।

ইফালে, শ্বাহৰুখ খানে তেওঁৰ পুত্ৰক কাৰাগাৰৰ পৰা উলিয়াই আনিবলৈ সকলো সম্ভৱ চেষ্টা কৰিছিল। তেওঁ উকীলসকলৰ সৈতে সাক্ষাৎ কৰি আছিল। কেৱল সেয়াই নহয়, তেওঁ গৌৰীৰ সৈতে বহুবাৰ আৰিয়নক লগ কৰিছিল। ইয়াৰ পিছত, আৰ্যন ঘৰলৈ অহাৰ পিছত, তেওঁ তেওঁৰ ঘৰ মান্নাতক শাস্তি দিছিল। ছচিয়েল মিডিয়াত বলীউডৰ বহুতো তাৰকায়ে আৰিয়নক সমৰ্থন কৰিছিল আৰু তেওঁৰ বিষয়ে পোষ্ট কৰি আছিল।একে সময়তে, কিছুমান চেলিব্ৰেটী আছিল যিয়ে আৰ্যনৰ বিৰোধিতা কৰিছিল। সেই সময়ত, বলীউডক 2 টা গোটত বিভক্ত কৰা হৈছিল।

বৰপেটাৰ ১১খন বিদ্যালয়ত সফলতাৰে অনুষ্ঠিত হৈ গ’ল গুণোৎসৱ 

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কালি সমাপ্ত হয়। বৰপেটা জিলাৰ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নলীগাঁও সমল কেন্দ্ৰৰ ১১ খন বিদ্যালয়ত কালি সফলতাৰে গুণোৎসৱ অনুষ্ঠিত হৈ যায়। এই ১১খন বিদ্যালয়ৰ বাবে শিক্ষা বিভাগে চাৰিজন বহি:মূল্যায়ক , ২ জন যোগযোগকাৰী বিষয়া আৰু ১১জন নডেল শিক্ষক নিয়োগ কৰিছিল। ৫৮৪ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়, নলীগাঁও গাৰ্লচ এম ই মাদ্ৰাছা আৰু দেশভক্ত হাইস্কুলৰ বাবে ভৱানীনুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আব্দুল গফুৰ, ১৬৩৪ নং উত্তৰ নলীগাঁও প্ৰাথমিক বিদ্যালয়, নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু পশ্চিম নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ বাবে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০হিতেশ চন্দ্ৰ ৰয় , উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়, হেলছা গাওঁ প্ৰাথমিক বিদ্যালয় আৰু ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ বাবে ভৱানীপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তাইজুদ্দিন আহমেদ, দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছা আৰু এন কে হাইস্কুলৰ বাবে  ভৱানীপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ আব্দুছ ছালামক শিক্ষা বিভাগে বহি:মূল্যায়ক হিচাপে নিয়োগ কৰিছিল।

বহি:মূল্যায়কৰ উপস্থিতিত অনুষ্ঠিত হোৱা পৰীক্ষাত ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ ১৫১জন ছাত্র-ছাত্ৰীৰ ভিতৰত ১৫১ জনেই অৰ্থাৎ ১০০ শতাংশ ছাত্র-ছাত্ৰী, দেশভক্ত হাইস্কুলত ৫২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫১ জন অৰ্থাৎ ৯৮.৬১ শতাংশ,উত্তৰ নলীগাঁও বালিকা প্ৰাথমিক বিদ্যালয়ত ৬২ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৯ জন অৰ্থাৎ ৯৫.১৬ শতাংশ, পশ্চিম নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ৪৭ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৪৪জন অৰ্থাৎ ৯৩.৬১ শতাংশ,১৬৩৪ নং উত্তৰ নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ৭৭ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৭১ জন অৰ্থাৎ ৯২.২০ শতাংশ, দক্ষিণ দেশভক্ত প্ৰি ছিনিয়ৰ মাদ্ৰাছাত ৭৫ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৬৯ জন অৰ্থাৎ ৯২ শতাংশ, এন কে হাইস্কুলত ৩১৬ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৮৯ অৰ্থাৎ ৯১.৪৫ শতাংশ,নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছাত ৪২ জন ছাত্র-ছাত্ৰীৰ ভিতৰত ৩৮ জন অৰ্থাৎ ৯০.৪৭ শতাংশ,৫৮৪ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ত ১২৭ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১১২ জন অৰ্থাৎ ৮৮.১৮ শতাংশ, নলীগাঁও গাৰ্লচ এম ই মাদ্ৰাছাত ৭৩ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৬৪ জন অৰ্থাৎ ৮৭.৬৭ শতাংশ আৰু হেলছা গাওঁ প্ৰাথমিক বিদ্যালয়ত ৪৩ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৭ জন অৰ্থাৎ ৮৬.০৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়।

প্ৰতিটো বিদ্যালয়ত বহি;মূল্যায়কে ছাত্র-ছাত্ৰীৰ প্ৰাত:সভা,বিদ্যালয়ৰ তথ্য সংৰক্ষণ, শিকণ ফলাফল, ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা, ছাত্র সংসদ,শিক্ষণ -শিকন সামগ্ৰী, উদ্ভাৱণীমূলক অনুশীলন, পুথিভঁৰাল ব্যৱহাৰ, কভিডৰ সময়ত শৈক্ষিক পেকেজৰ ব্যৱহাৰ, বিনামূলীয়া ঐক্য সাজ,বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয়ত শিক্ষকৰ উপস্থিতি,বিদ্যালয় পৰিদৰ্শন,জৈৱ বৈচিত্ৰ্যৰ পঞ্জীয়ন, বিদ্যালয়ৰ বিভিন্ন পুঁজিৰ ব্যৱহাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ বিদ্যালয়ত অংশগ্ৰহণ, বিদ্যালয়ত সমাজ জড়িকৰণ, বিদ্যালয়ত মধ্যাহ্ন ভোজন,বিদ্যাঞ্জলী, টুইনিং বিদ্যালয় পাঠদান, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি,কভিডৰ সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীৰ লগত যোগাযোগ, স্বাস্থ্যৰ তথ্য, শৌচাগাৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা,হাত-ধোৱা ঠাই, ডেক্স-বেঞ্চ পৰ্যবেক্ষণ, বৈদ্যুতিকৰণ,বিশুদ্ধ খোৱাপানী,বিশেষ প্ৰয়োজনীয় শিশুৰ সুবিধা, কভিড প্ৰতিৰোধী আৰু নিৰাপত্তা ব্যৱস্থা, বিদ্যালয়ৰ কম্পিউটাৰ সুবিধা আদি পৰ্যবেক্ষণ কৰে। ইয়াৰ উপৰি বহি:মূ্ল্যায়কে ছাত্ৰ-ছাত্ৰীৰ পঠন , লিখন আৰু সাংখিক জ্ঞানৰ পৰীক্ষা কৰে।

টংলাত পানী মটৰৰ সৈতে চোৰক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ টংলা নগৰৰ তিনি নং ৱাৰ্ডৰ বাবুপাৰাত এক গোপন সূত্ৰৰ পম খেদি এটা মটৰ চোৰক গ্ৰেপ্তাৰ কৰে টংলা আৰক্ষীয়ে।টংলাৰ পুত্ৰ বিশ্বজিৎ কৰ(২৫)ক আটক কৰিবলৈ সক্ষম হয়।

বিগত কিছুদিন ধৰি টংলা নগৰৰ এক ,দুই ,তিনি আৰু চাৰি নং ৱাৰ্ডৰ ব্যক্তিগত ঘৰত বা ৰাজহুৱা অনুষ্ঠান- প্ৰতিষ্ঠানত পানী মটৰ চুৰ কৰি চোৰে নিদ্ৰাহৰণ কৰি আহিছিল ।উক্ত গোচৰ সন্দৰ্ভত টংলা আৰক্ষীয়ে ২৩/২২-৪৫৭/৩৮০ আই পি চি নম্বৰত এটি গোচৰ ৰুজো কৰে।