Home Blog Page 2390

বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ দিন দুপৰতে বন্ধ থকাৰ অভিযোগ

বিদ্যুতৰ খুটা কঢ়িয়াই অনা এখন ট্ৰেলাৰে মহতিয়াই নিলে স্কুটী আৰোহীক।বৃহস্পতিবাৰে বিয়লি বৰপথাৰ নগৰৰ হস্পিটেল তিনিআলিত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।স্কুটী চলাই অহা দীপ বৰগোহাঁই নামৰ যুৱকজনৰ এটা ভৰিৰ ওপৰেৰে পাৰ হৈ যায় as 03b 1047 নম্বৰৰ ট্ৰাকখনে টানি লৈ অনা ট্ৰেলাৰ খনৰ চকা।দুৰ্ঘটনাৰ ফলত যুৱকজনৰ বাওঁ ভৰিটো সম্পূৰ্ণৰূপে ভাঙি যায়।বৰপথাৰ মৌজাৰ অন্তৰ্গত দুই নং টেঙানিৰ বাসিন্দা দীপ বৰগোহাঁই মাতৃৰ সৈতে আহিছিল বজাৰ কৰিবলৈ।দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰেলাৰখনৰ চালক আৰু হেণ্ডিমেনে ততাতৈয়াকৈ ওচৰতে থকা বৰপথাৰ ক্ষুদ্ৰ প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰলৈ যুৱকজনক লৈ যোৱা হয় যদিও স্বাস্থ্য কেন্দ্ৰটো তলা বন্ধ হৈ আছিল।দিন দুপৰতেজৰুৰীকলীন বিভাগত চিকিৎসক বা চিকিৎসা কৰ্মী নথকা ঘটনাই এতিয়া স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিছে।যুৱকজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ লৈ যায় পৰিয়ালৰ লোকে।

ইপিনে দুৰ্ঘটনাত সংঘটিত হোৱা ঠাইডোখৰত বৃহস্পতিবাৰৰ দিনটোত সাপ্তাহিক বজাৰ বহাৰ ফলত যথেষ্ট জনসমাগম হয় যদিও আৰক্ষীৰ লোক উপস্থিত নথকাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।

দৰঙৰ পদ্মাঝাৰ বানত নিহত হোৱা পৰিয়াললৈ চেক প্ৰদান বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ

পদ্মাঝাৰত বানত উটি গৈ মৃত্যু হোৱা লোকৰ পৰিয়ালৰ ঘৰত বিধায়ক পৰমানন্দ ৰাজবংশী।আগবঢ়ালে চৰকাৰী সাহাৰ্য , চাৰি লাখ টকাৰ চেক।মঙ্গলবাৰে সন্ধিয়া পদ্মাঝাৰত বানত উটি গৈছিল কৰুণা কলিতা নামৰ এজন লোক।SDRFৰ তৎপৰতাত উদ্ধাৰ হৈছিল লোকজনৰ মৃতদেহ। আবেলি লোকজনৰ পৰিয়ালৰ ওচৰত উপস্থিত হয় স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশী।
অতি তাৎক্ষণিক ভাৱে বিধায়ক গৰাকীয়ে মৃত কৰুণা কলিতাৰ পত্নী আৰু পুত্ৰৰ হাতত অৰ্পণ কৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্যৰ চাৰিলাখ টকাৰ চেক।


পশ্চিম দৰঙৰ দিমীলা নদীৰ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় পশিচখনকৈ ৰাজহ গাঁও।ক্ষতিগ্ৰস্ত লোকসকলৰ হৈ যিমান পাৰি সিমান সোনকালে সকলো ব্যৱস্থা গ্ৰহণৰ আস্বাস দিয়ে বিধায়কগৰাকীয়ে।

এজন ব্যক্তিয়ে পথৰ দাঁতিত থকা এটা কুকুৰক কিয় এনে কৰিছে? কেনে মানসিকতাৰ ব্যক্তি…

উত্তৰ লক্ষীমপুৰৰ নিহাৰীকা দত্ত নামৰ মহিলা এগৰাকীয়ে সামাজিক মাধ্যম আপদেটৰ পৰা সংগৃহীত ভিদিঅ৷ ল’ৰাজন কোন চিনি নাপাই বুলি উল্লেখ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে যাতে দুধৰ্ষ ব্যক্তিজনে উচিত শাস্তি পায়৷ মানুহক জীৱশ্ৰেষ্ঠ আখ্যা দিয়াৰ পিচতো এনে জীৱৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাই কি শ্ৰেষ্ঠতা দেখুৱাব খুজিছে৷

সুন্দৰ ভাৱে নিজৰ কামত ব্যস্ত থকা কুকুৰটোৱে কাকো একো হানি নকৰাকৈ বহি থকা সেই জীৱটোক এনে ব্যৱহাৰ কিয় কৰিলে ল’ৰাজনে ? ইয়াৰ বিচাৰ ৰাইজৰ হাতত৷

ছিপাঝাৰৰ দুমুনিচকী ইথানল প্ৰকল্পত অঘটন! চাৰি শ্ৰমিক বিদ্যুৎপৃষ্ট

দুমুনিচকীৰ বদিয়াসিঁচাত নিৰ্মীয়মান অৱস্থাত থকা কামাখ্যা বায়ুফিউলচ প্ৰকল্পত এক অঘটন সংঘটিত হয়।প্ৰকল্পটোৰ বৃহৎ কণ্টেইনাৰ কঢ়িয়াই থকাৰ সময়তে চাৰিগৰাকীকৈ থলুৱা শ্ৰমিক বিদ্যুৎস্পৃষ্ট হয়।

বিদ্যুৎস্পৃষ্ট হোৱা শ্ৰমিক চামচুল আলী (৪৮), কুশেশ্বৰ বৰুৱা(৫০), হিতেশ্বৰ বৰুৱা(৫৫) যাদব বৰুৱা(৪৭)ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।।

মৰিয়নীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

মৰিয়নি নকছাৰি দেবেৰাপাৰা চাৰি আলিৰ দিশৰ পৰা মৰিয়নী দিশে গৈ থকা এখন বলেৰ’ পিকআপ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। পথৰ ওপৰত বাগৰি পৰা বাহন খনত ৰাজৈ চাহ বাগিচাৰ পৰা ৩৫ জনকৈ শ্ৰমিকক কঢ়িয়াই আনিছিল বলৰ বাহন খনে। দুৰ্ঘটনাস্থলীত ৩ খনকৈ ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ সহায়ত আহত লোক সকলক সংকটজনক অৱস্থাত দেবেৰাপাৰ মহাত্মাগান্ধী আদৰ্শ হস্পিতালত ভৰ্ত্তি কৰোৱা হয়। অতি সংকটজনক ৮ জন শ্ৰমিকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷

আনহাতে বলেৰ বাহন খনৰ চালকে সুৰাৰ ৰাগীত মাতাল হৈ গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।

এয়াৰ লাইন্ছ বিক্ৰী কৰি দেশ চলাব শ্ৰীলংকা চৰকাৰে…

দেউলীয়া হৈ পৰিছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা । বিধ্বস্ত অৰ্থনীতি, দিশহাৰা চৰকাৰ, জনতা । নাই ইন্ধন, নাই খাদ্য সামগ্ৰী, দৰৱ । চৌদিশে হাহাকাৰ, ৰাইজৰ প্ৰতিবাদ । দ্বীপৰাষ্ট্ৰখনৰ অৰ্থনীতিয়ে এনে বিধ্বস্ত ৰূপ লোৱাৰ সময়তে প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰে ৰণিল বিক্ৰমসিংঘে । দেশখনৰ অৰ্থনীতিক সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী দায়িত্ব লৈছিল বিক্ৰমসিংঘেয়ে । কিন্তু প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই চৌদিশে অন্ধকাৰ দেখিছে ৰণিল বিক্ৰংসিংঘেয়ে । সোমবাৰে দেশবাসীক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী বিক্ৰমসিংঘেয়ে অকপটে স্বীকাৰ কৰে স্বাধীনতাৰ ৭০ বছৰত গভীৰতম আৰ্থিক সংকটত পৰিছে শ্ৰীলংকা । দেশখনত মজুত আছে মাত্ৰ এদিনৰ ইন্ধন ।

ক্ৰয় ক্ষমতা প্ৰায় শূন্য হৈ পৰা দেশখনৰ কলম্বো মন্দিৰৰ বাহিৰত অপেক্ষাৰত তিনিখনকৈ ইন্ধনভৰ্তি জাহাজ । কিন্তু শ্ৰীলংকা চৰকাৰৰ হাতত নাই ইন্ধন ক্ৰয়ৰ সামৰ্থ্য। প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেয়ে প্ৰকাশ কৰা মতে, অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে দেশখনক শীঘ্ৰে প্ৰয়োজন ৭৫ নিযুত ডলাৰ । ইন্ধনহীন দেশখনত ইন্ধন বিচাৰি দিনে-নিশাই পেট্ৰ’ল পাম্পসমূহত ভিৰ কৰিছে যান-বাহনৰ গৰাকীয়ে । কেৱল সেয়াই নহয়, আৰ্থিক সমস্যাৰ সমাধান বিচাৰি হাবাথুৰি খাইছে বিক্ৰসিংঘে চৰকাৰে । আৰ্থিক সংকট মোচনৰ বাবে শ্ৰীলংকা এয়াৰ লাইন্ছ বিক্ৰী কৰিবলৈ সাজু চৰকাৰ । চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ নোট ছপা কৰিব চৰকাৰে । কিন্তু কিমান কাৰ্যকৰী হ’ব এই ব্যৱস্থা তাকে লৈ উত্থাপন হৈছে প্ৰশ্নৰ । নতুনকৈ ছপা কৰা নোটেৰে শ্ৰীলংকাবাসীৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব ঠিকেই কিন্তু ক্ৰয় কৰিবলৈ জনতাই সামগ্ৰী ক’ত পাব তাৰ কোনো উত্তৰ নাই শ্ৰীলংকা চৰকাৰৰ হাতত ।

আপোনাৰ পেট বিষ কিয় হয় জানেনে? ইয়াৰ নিৰাময় কি?

বেছিসংখ্যক মানুহৰে হঠাতে পেটৰ বিষ উঠা দেখা পোৱা যায়। হঠাতে উঠা পেটৰ বিষ উঠাৰ বহুটো কাৰণ থাকিব পাৰে। পেৰিট’নিয়াম বা পেট গহ্বৰৰ আৱৰণীখনৰ স্ফীতি, পেট গহ্বৰত ৰক্তপাত, প্ৰকট উপাংগপ্ৰদাহ বা এপেণ্ডিচাইটিছ, পাক্স্থ্লী আৰু গ্ৰহণী ফুটা হোৱা ক্ষত, পিত্তথলিৰ স্ফীতি, খামুচি ধৰা হাৰ্নিয়া, ক্ষুদ্ৰ অন্ত্ৰৰ প্ৰকট অগম্যতা(Acute Intestinal Obstruction), পেটৰ অংগসমুহত আঘাত,প্ৰকট অগ্ন্যাশয় গ্ৰন্থিৰ প্ৰদাহ, জৰায়ু বহিৰ্ভুত গৰ্ভধাৰণত জৰায়ুনলী ফাটি যোৱা, ডিম্বাশয়ৰ কৌশিকা আদি ৰোগজনিত কাৰণত হঠাতে পেটৰ বিষ হ’ব পাৰে। হঠাতে উঠা পেট বিষে ক্ৰমান্বয়ে বাঢ়ি যাব পাৰে।

পেট বিষৰ বিশেষ লক্ষণ সমূহ আপুনি নিজে পৰীক্ষা কৰিব পাৰে। হাতেৰে ৰোগীৰ পেটত অতি ধীৰে ধীৰে চাপ সৃষ্টি কৰিব লাগে অৰ্থাত হেঁচা প্ৰয়োগ কৰিব লাগে আৰু ততক্ষণাত হাতখন উথাই আনিব লাগে। ৰোগীৰ পেটৰপৰা হাত আঁতৰাই অনাৰ মুহূৰ্ততে যদি পেটত প্ৰকট বিষ অনুভৱ হয় তেন্তে লক্ষণটোক ইতিবাচক বুলি ধৰিব লাগে।
পেটৰ গহ্বৰত ৰক্তপাত হলে ভীষণ ৰক্তাল্পতাৰ লগতে, শেঁতা পৰা, দুৰ্বলতা, মূৰ ঘুৰোৱা, ঠাণ্ডা ঘাম ওলোৱা, নাড়ী দুৰ্বল আৰু দ্ৰুত হোৱা, ৰক্তচাপ কমি যোৱা, তেজৰ হিম’গ্ল’বিন কমি যোৱা, পেটৰ মাংসপেশীবোৰ টান হোৱা, পেট স্পৰ্শ কৰি হেঁচি দিলে বিষ হোৱা আদি লক্ষণবোৰ পৰিলক্ষিত হয়। এনে ৰোগীক লগে লগে বিছ্নাত শুৱাই দি সম্পুৰ্ণ বিশ্ৰামত ৰাখিব লাগে ।ৰোগীৰ পেটৰ ওপৰত বৰফৰ বেগ বা ঠাণ্ডা পানীৰ পটি দিয়া অতিকৈ আৱশ্যক।

পেট বিষৰ পৰা লবলগীয়া সাবধানতা সমূহ হ’ল, ৰোগীক খাবলৈ দিয়া, জোলাপ আদি দিয়া একেবাৰে নিষেধ ।
বিষনাশক ঔষধ আৰু এণ্টিবায়’টিক বা প্ৰতিজৈবিক ঔষধ দিয়া অনুচিত ।কাৰণ, এনে কৰিলে ৰোগীৰ চিকিত্‌সাৰ বাবে উপযোগী ৰোগচিত্ৰ অস্পষ্ট হৈ পৰে আৰু সঠিকভাবে ৰোগ নিৰ্ণয়ত জটিলতা আহি পৰে ।

পেটৰ বিষৰ চিকিৎসা

  • কৰচ গছৰ ছালৰ ৰস উলিয়াই গৰম কৰি নিমখ মিহলাই খুৱাব লাগে ।

  • বচ আৰু মছ্ন্দৰীৰ শিপা বটি নিমখ আৰু জালুক মিহলাই খুৱাব লাগে ।

  • পদিনা পাটৰ ৰস এচামুচ খুৱাব লাগে ।

  • নিমপাত আৰু তেজপাত একেলগে বটি ভাত খোৱাৰ আগতে খাব লাগে ।

  • আমলখিৰ ৰস মৌৰে মিহলাই খাব লাগে ।

  • পকা নেমু টেঙাৰ ৰস চেনি মিহলাই গধুলি খাব লাগে ।

  • কেঁচা হালধিৰ ৰস চূণৰ পানী মিহলাই খাব লাগে ।

  • ২-৩ চামুচ নহৰু ৰসৰ সৈতে মৌ মিহলাই দিনত ২ বাৰো কৈ এসপ্তাহ খাব লাগে ।

  • মৌৰ সৈতে মিহলাই শতমূলৰ ৰস পুৱা ভাগত খালেও উপকাৰ পোৱা যায় ।

  • নিমপাতৰ ৰস, শিলিখাৰ ৰস, জালুক বটা আৰু নিমখ মিহলাই খালেও উপকাৰ পোৱা যায় ।

বলিউদ জগতত ধনৰ অভাৱ ঘটিল নেকি?ৰণবীৰ কাপুৰ-শ্ৰদ্ধা কাপুৰৰ চলচ্চিত্ৰত কাম কৰা শ্ৰমিকে পোৱা নাই বেতন। ধন পৰিশোধ নকৰা বিষয়ত কি কলে কৰ্মচাৰীসকলে?

১৫ মাৰ্চত গোৰেগাঁৱত মুম্বাইৰ ৰয়েল পামছত ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ অভিনীত লাভ ৰঞ্জনৰ পৰৱৰ্তী ছেটত এটা অতি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰত কান্দিভালীৰ মুম্বাইৰ চাৰকোপ অঞ্চলত দৃশ্যগ্ৰহণ কৰা এই চলচ্চিত্ৰখনৰ বাবে এটা গানত কাম কৰা শ্ৰমিকসকলে ছেটত প্ৰৱেশ কৰিছিল আৰু কৈছিল যে তেওঁলোকৰ ভ্ৰাতৃত্বৰ ৩৫০ জন লোকক ১ কোটি, ২২ লাখ টকা পৰিশোধ কৰা হোৱা নাই। আৰক্ষীক মাতি পঠোৱা হৈছিল, যিয়ে উত্তেজিত শ্ৰমিকসকলক আৰে আৰক্ষী চকীলৈ লৈ গৈছিল আৰু পিছত ইউনিয়নবোৰে তেওঁলোকক মুকলি কৰিবলৈ ষ্টেচনলৈ দৌৰি গৈছিল। অৱশ্যে শ্ৰমিকসকলক আৰক্ষীৰ ভানত লৈ যোৱাৰ পিছত গুলীচালনা অব্যাহত আছিল।ব্ৰেকিং কাহিনী অনুসৰি, লাভ ফিল্মছে আন্দোলনৰ আগতে এফডব্লিউআইচিই আৰু অন্যান্য ইউনিয়নলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল, ফিল্ম ষ্টুডিঅ’ ছেটিং আৰু মিত্ৰ মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক গণেশৱাৰলাল শ্ৰীবাস্তৱে কৰা অভিযোগৰ উত্তৰত, যে তেওঁলোকে কোনো পৰিশোধ নকৰাৰ বাবে দায়বদ্ধ নহয় কিয়নো তেওঁলোকে ভাড়া তৈয়াৰ কৰা প্ৰডাকচন ডিজাইনাৰ দীপংকৰ দাস গুপ্তাক দিছিল। এই সন্দৰ্ভত সকলো প্ৰয়োজনীয় পৰিশোধ।

দীপংকৰ দাস দাসগুপ্তাই কৈছিল, “যদি মোৰ দোষ আছিল, মই এতিয়াও লাভৰ সৈতে শ্বুটিং কৰি থাকিলোহেঁতেন নেকি? দৰাচলতে, আমি কোৱাৰ লগে লগে, মই একেটা ৰণবীৰ-শ্ৰদ্ধাৰ ছেটত আছোঁ।” দীপংকৰৰ মতে, হাইপাৰলিংকৰ জয়শংকৰ আৰু গৌতম এই খেলিমেলিৰ বাবে দায়ী আছিল। দীপংকৰে কৈছিল যে তেওঁ প্ৰকল্পটো হাইপাৰলিংক নামৰ এটা কোম্পানীক আউটচৰ্চ কৰিছিল, যিয়ে ইয়াক এক নিৰ্দিষ্ট প্ৰশান্ত ভিচাৰেলৈ আউটচৰ্চ কৰিছিল।এই চলচ্চিত্ৰখনৰ শেহতীয়া টো হ’ল যে চিত্ৰকূটত এটা নতুন ছেট কৰা হৈছিল আৰু আজি ৰাতিপুৱা, কৰ্মৰত শ্ৰমিকৰ দলটোৱে তেওঁলোকৰ আউজাৰ (সঁজুলি) তলত ৰাখিছিল। যোগাযোগ কৰা হ’লে, এফডব্লিউআইচিইৰ সাধাৰণ সম্পাদক অশোক দুবেই নিশ্চিত কৰি কয়, “হয়, আজি লাভ ৰঞ্জনৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ ছেটত এইটো ঘটিছে। এয়া হৈছে শ্ৰমিকসকলৰ সৈতে একতাৰ পদক্ষেপ, যিসকলক এতিয়াও বেতন দিয়া হোৱা নাই। প্ৰথমে কান্দিভলীত পৰিশ্ৰম কৰা শ্ৰমিকৰ দলটোক দৰমহা দিয়া হোৱা নাছিল। পিছত, তেওঁলোকে ৰয়েল পামছত দৃশ্যগ্ৰহণ কৰিছিল য’ত তেওঁলোকে শ্ৰমিকৰ দ্বিতীয় দল বুলি কৈছিল, যিসকলক সম্পূৰ্ণ পৰিশোধ কৰা হোৱা নাই – 12.5 লাখ টকাৰ পৰিমাণ বকেয়া।

তাৰ পিছত, তেওঁলোকে চিত্ৰকূট, আন্ধেৰীৰ এটা ছেটত দৃশ্যগ্ৰহণ কৰি আছে। তাত, এটা ছেটত শ্বুটিং চলি আছে। তেওঁলোকে ওচৰৰ ঠাইত আন এটা ছেট তৈয়াৰ কৰি আছিল, য’ত শ্ৰমিকসকলে আজি কাম কৰা বন্ধ কৰি দিছিল। ইয়াতো, এক নতুন শ্ৰমিক ব্যৱহাৰ কৰা হৈছে।”

ইজিপ্তত পোৱা শিলে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ বিস্ফোৰণৰ প্ৰথম সংকেত লুকুৱাই ৰাখিছে। কি এই শিল?

এইটো আমাৰ সৌৰজগতৰ পৰা নহয় গৱেষকসকলে কৈছে যে ইজিপ্তত পোৱা অনন্য শিলটো আমাৰ সৌৰজগতৰ নহয় আৰু আমাৰ সৌৰজগত জীৱন্ত হোৱাৰ আগতেই ইয়াক গঠন কৰা হৈছিল।
২০১৩ চনতগৱেষকসকলে ঘোষণা কৰিছিল যে দক্ষিণ-পশ্চিম ইজিপ্তত পোৱা এটা সৰু শিল পৃথিৱীৰ নহয়। দুবছৰৰ পিছত, বিশ্লেষণে দেখুৱাইছিল যে ই কোনো জ্ঞাত প্ৰকাৰৰ উল্কাপিণ্ড বা ধূমকেতুৰ অংশ নহয়। প্ৰথম ঘোষণাৰ প্ৰায় এক দশক পিছত, গৱেষকসকলে হাইপাটিয়া নামেৰে জনাজাত শিলটোৰ উৎপত্তি সমাপ্ত কৰিছে – আমাৰ সৌৰজগতৰ বাহিৰৰ পৰা এটা চুপাৰনোভা বিস্ফোৰণ।

শিলটোৰ ফৰেনচিক বিশ্লেষণে প্ৰকাশ কৰে যে ই পৃথিৱীত চুপাৰনোভা প্ৰকাৰৰ বিস্ফোৰণৰ প্ৰথম মূৰ্ত প্ৰমাণ হ’ব পাৰে। বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ বিস্ফোৰণবোৰৰ ভিতৰত এটা, এটা চুপাৰনোভা, এটা মৰণশীল তৰাৰ ফলত হয় যি আমাৰ সূৰ্যৰ ভৰৰ কমেও পাঁচগুণ হয় আৰু এটা অন্তিম উশাহত নিজৰ ওপৰত খহি পৰে।

হাইলাকান্দিত বানপৰিস্থিতিয়ে ধাৰণ কৰিছে বিভীষিকা।

হাইলাকান্দি জিলাৰ বান পৰিস্থিতিৰ অধিক অবনতি ঘটিছে
জিলাখনৰ আলগাপুৰ ৰাজহ চক্ৰৰ ন ন গাঁৱ বৰ্তমান বানৰ কবলত পৰিছে । গৃহহীন হৈ পৰিছে বহু লোক । বৰাক নদীৰ বাঢ়নি পানীয়ে পাঁচগ্ৰাম আৰু কালীনগৰ গাঁৱ ও চণ্ডিপুর পঞ্চায়ত এলাকাত একপ্ৰকাৰ তান্ডৱৰ সৃষ্টি কৰিছে । হাইলাকান্দি জিলাৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনটা স্থানত বৰাক নদীৰ পানী প্ৰবেশ কৰি যাতায়াত স্তব্ধ কৰি তুলিছে। আনফালে, বানৰ ফলত পাঁচগ্ৰাম দাস কলনিৰ বহু পৰিয়াল গৃহবন্দি হৈ পৰিছে । অন্ন – বস্ত্র -বাসস্থানৰ বাবে হাহাকাৰ ৰাইজৰ ।