Home Blog Page 2391

মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰ ৫৩৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰপেটা সত্রত ধৰ্মালোচনা সভা

বিগত বছৰসমূহৰ দৰে এই বছৰো ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ পালন কৰা হৈছে । বৰপেটা সত্ৰৰ প্ৰাণপ্রতিষ্ঠাতা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ এইবেলি সত্ৰখনত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদ্যাপন কৰা হৈছে । মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱা যুগল প্ৰসংগ সমাৰোহ অনুষ্ঠিত হয় ।বিয়লি প্ৰথমখন ধর্মালোচনা সভা অনুষ্ঠিত হয় । ধর্মালোচনা সভা উদ্বোধন কৰে বৰপেটা সত্ৰৰ ঘাই ভঁৰালী নাৰায়ণ আতৈ বুঢ়াভকতে ।

বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক সভাপতিত্বত অনুষ্ঠিত ধর্মালোচনা সভাখন ভালে সংখ্যক ধৰ্মপ্ৰান ৰাইজ উপষ্ঠিত থাকে৷

একাদশ বাৰ্ষিক জৰাগুৰি ৰঙালী বিহু সন্মিলনৰ হিচাপ দাখিলৰ লগতে প্ৰীতি ভোজৰ আয়োজন

জৰাগুৰি নৱদ্বীপ যুৱ সংঘৰ উদ্যেগত তথা স্থানীয় ৰাইজৰ সহযোগত যোৱা ২৩ আৰু ২৪এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে জৰাগুৰি নৱদ্বীপ যুৱ সংঘৰ প্ৰাংগনত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈ যায় ।অতি সুন্দৰকৈ শান্তি সম্প্ৰীতি বজাই ৰাখি ৰঙালী বিহু সন্মিলন খনৰ সফল সামৰনি পৰাত আজি উদযাপন সমিতিয়ে ৰাজহুৱা হিচাপ দাখিল কৰে ।উদযাপন সমিতিৰ সভাপতি বলীন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উদেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰনৱ বৰাই ।সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ পাছতেই ৰাজহুৱা সভাত হিচাপ দাখিল কৰে সম্পাদ্বয় প্ৰনৱ বৰা আৰু পৰেশ হাজৰিকাই ।হিচাপ অনুসৰি এই বৰ্ষত ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে ৭০,২৮১(সত্তৰ হাজাৰ দুশ একাষী)টকা ৰাহি কৰিবলৈ সক্ষম হয় ।সভাত পোনাৰাম ভূঞা,ৰাজীৱ হাজৰিকা,ৰিপুন হাজৰিকা ,প্ৰনৱ চক্ৰৱৰ্ত্তী ,জয়ন্ত দত্ত ,প্ৰশান্ত লইং আদি বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰে ।উল্লেখযোগ্য যে -এই সভাতেই বালিদোৱা গাৱৰ যুৱক বুবু হাজৰিকা আৰু মাতৃৰ দাৰ ঘাপত প্ৰান দিয়া নাছনীপাৰ গাৱৰ ৬বছৰীয়া ছাত্ৰী গৰাকীৰ মৃত্যুৎ গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

ৰাহি হোৱা ধনেৰে ৰাজহুৱা সভাৰ সিদ্বান্ত মৰ্মে নৱদ্বীপ যুৱ সংঘক এটা আলমিৰা প্ৰদান কৰা হয় ।স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ সহায় সহযোগিতাৰ বাবে উদযাপন সমিতিৰ সভাপতি বলীন চন্দ্ৰ বৰা কাৰ্যকৰী সভাপতি প্ৰশান্ত লইং,সম্পাদকদ্বয় পৰেশ হাজৰিকা আৰু প্ৰনব বৰাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

মছজিদৰ চৌপাশত ‘হৰ-হৰ মহাদেৱ’! মছজিদৰ কুঁৱাত উদ্ধাৰ হ’ল শিৱলিংগ…

এটা মছজিদৰ কুঁৱাত শিৱলিংগ উদ্ধাৰ হৈছে। এই খবৰে এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। উত্তৰ প্ৰদেশত বাৰাণসীৰ জ্ঞানৱাপী মছজিদত চলোৱা জৰীপত এই গুৰুত্বপূৰ্ণ সত্য পোহৰলৈ আহিছে। অধিবক্তা বিষ্ণু জৈনে আদালতত দাখিল কৰা আৱেদন অনুসৰি মছজিদৰ ভিতৰত চলোৱা জৰীপত এটা শিৱলিংগ পোৱা গৈছিল। শিৱলিংগ উদ্ধাৰ হোৱা লগে লগে উকীলে সেই ঠাইখিনি বন্ধ কৰিবলৈ নিৰ্দেশ দিছে যিটো আদালতে গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে ইয়াৰ সুৰক্ষাৰ অৰ্থে ঠাইখিনি বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। 

অধিবক্তা বিষ্ণু জৈনে আদালতত এখন আবেদন দাখিল কৰিছিল যে জ্ঞানৱাপী মছজিদত পোৱা শিৱলিঙ্গৰ স্থানটো বন্ধ কৰিব লাগে। আবেদন স্বীকাৰ কৰি আদালতে বাৰাণসী জিলা প্ৰশাসনক মছজিদৰ বাজু খানাৰ ভিতৰত শিৱলিংগ পোৱা ঠাইখন বন্ধ কৰি নিজৰ সুৰক্ষালৈ লৈ যাবলৈ নিৰ্দেশ দিছে। আদালতে ইয়াৰ নিৰ্দেশত কৈছিল বন্ধ ঠাইত যিকোনো ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। তত্বাৱধানত চি আৰ পি এফৰ কমাণ্ডেণ্ট বাৰাণসীৰ জিলা দণ্ডাধীশ, আৰক্ষী আয়ুক্তক বন্ধ ঠাইখন সংৰক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব ল’বলৈ নিৰ্দেশ দিয়া হৈছে।


ন্যায়ালয়ে লগতে কয় যে প্ৰশাসনে যি কৰিছে তাৰ তদাৰক কৰাৰ দায়িত্ব ল’ব আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী মুখ্য কাৰ্যালয় উত্তৰ প্ৰদেশৰ মুখ্য কাৰ্যালয় আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিবে।মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰ হোৱাৰ লগে লগে চৌহদত হৰ-হৰ মহাদেৱ ধ্বনি দিবলৈ আৰম্ভ কৰে হিন্দুসকলে। হিন্দুসকলে বিশ্বাস কৰি আহিছে যে বিশ্বেশ্বৰ জ্যোতিৰ্লিঙ্গৰ প্ৰকৃত স্থান আছিল জ্ঞানৱাপী। কাশী বিশ্বনাথ মন্দিৰ চৌহদত থকা নন্দীৰ প্ৰতিমূৰ্তিৰ মুখখনে জ্ঞানৱাপী মছজিদৰ ফালে মুখ কৰি থাকে। হিন্দু বিশ্বাস অনুসৰি নন্দীয়ে সদায় শিৱলিংগৰ ফালে মুখ কৰি থাকে। সেয়েহে জ্ঞানৱাপী মছজিদৰ ফালে নন্দীৰ প্ৰতিমূৰ্তিৰ মুখ থকাৰ বাবে হিন্দুসকলে মছজিদ জৰীপ কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল। 


উল্লেখ্য যে বৰ্তমান কাশী বিশ্বনাথ মন্দিৰ আৰু জ্ঞানৱাপী মছজিদৰ বিবাদ ১৯৯১ চনৰ পৰা ন্যায়ালয়ৰ মজিয়াত আছে। ইয়াৰ আগতেও ১৯৩৬ চনত দীন মহম্মদে বিশ্বনাথ মন্দিৰৰ গোটেই ঠাই খিনি মছজিদক দি দিবৰ বাবে ন্যায়ালয়ৰ ওচৰত আবেদন কৰিলে। বৃটিছ ন্যায়াধীশে ১৫৮৫ চনত মন্দিৰ পুণৰ নিৰ্মাণ কৰাৰ সময়ৰ নক্সা এখন উলিয়াই দীন মহম্মদৰ আবেদন নাকচ কৰিলে মাত্ৰ মুছলমান সকলক সেই ঠাইত নামাজ পঢ়িবৰ বাবে অনুমতি দিলে। হিন্দু সকলে বিশ্বাস কৰে জ্ঞানৱাপী মছজিদৰ ঠাই ডোখৰত বিশ্বনাথ মন্দিৰৰ জ্যোতিৰলিঙ্গ আজিও বিৰাজমান আছে সেয়ে ১৯৯১ চনত ন্যায়ালয়ৰ ওচৰত আবেদন জনাই তিনিটা দাবী কৰিলে– 


১) গোটেই জ্ঞানৱাপীৰ ঠাই খিনি মন্দিৰৰ নামত ঘূৰাই দিব লাগে। 


২) সেই ঠাইত থকা সকলক জ্ঞানৱাপীৰ পৰা উলিয়াই মন্দিৰ ভাঙি সজা মছজিদটো গুচাই হিন্দু সকলক ঘূৰাই দিব লাগে। 


৩) হিন্দু সকলক আগৰ শিৱলিঙ্গ থকা ঠাইতে মন্দিৰ সাজিবলৈ অনুমতি দিব লাগে।


কাশী বিশ্বনাথ মন্দিৰ ভাৰতবৰ্ষৰ বাৰ জ্যোতিৰলিঙ্গৰ ভিতৰত এটা। অনাদি কালৰে পৰা এই জ্যোতিৰলিঙ্গ প্ৰাচীন চহৰ কাশীত থকাৰ কথা মহাভাৰতকে ধৰি বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। কাশী ভাৰতৰ পবিত্ৰ তীৰ্থ স্থান সমূহৰ ভিতৰত এখন। ১১৯৪ চনত কুটুবোদ্দিন আইবাকে এই বিশ্বনাথ মন্দিৰ সম্পূৰ্ণ ৰূপে বিধস্ত কৰি দিছিল। ইলতুতমিছৰ শাসণ কালত (১২১১-১২৬৬) এই মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয় যদিও ছিকন্দৰ লোধিৰ (১৪৮৯-১৫১৭) শাসণ কালত আকৌ ধ্বংস কৰি দিয়ে।

মামাৰ পাছে পাছে ভাগিন! পত্নী অৱন্তিকাৰ সৈতে বিবাহ বিচ্ছেদ ইমৰানৰ…

বলীউডত এতিয়া যেন চলি আছে বিবাহ বিচ্ছেদৰ বতৰ। অভিনেতা চোহেইল খান আৰু তেওঁৰ পত্নী সীমা খানৰ বিবাহ বিচ্ছেদৰ বাতৰিৰ পাছত এতিয়া আন এক সম্পৰ্ক ভাঙি যোৱাৰ খবৰ পোৱা গৈছে। শেহতীয়া বাতৰি অনুসৰি বলীউড অভিনেতা ইমৰান খান আৰু তেওঁৰ পত্নী অৱন্তিকা মালিকে তেওঁলোকৰ সম্পৰ্ক সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ইমৰান খান হৈছে আমিৰ খানৰ ভাগিন।  ইমৰান দীৰ্ঘদিন ধৰি বলীউড উদ্যোগৰ পৰা আঁতৰি আছিল। তেওঁক শেষবাৰৰ বাবে ২০১৫ চনৰ ছবি ‘কাট্টি বাট্টিত’ দেখা গৈছিল। ইমৰান আৰু তেওঁৰ পত্নী অৱন্তিকাৰ মাজত বহুদিনৰে পৰা সম্পৰ্ক ভালে চলি থকা নাই।

অৱশেষত অভিনেতাজনে অৱন্তিকা মালিকৰ সৈতে বৈবাহিক জীৱন সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে।  দুয়োজনৰ মাজৰ দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে এই দম্পতীয়ে যোৱা কেইবছৰমান ধৰি পৃথকে বাস কৰি আছে। এতিয়া দুয়োজনে এই সম্পৰ্কটো আনুষ্ঠানিকভাৱে সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ইমৰান খান বহু বছৰ ধৰি চলচ্চিত্ৰ উদ্যোগৰ আঁতৰি আছে। উদ্যোগটোত কাম বিচাৰি নোপোৱাৰ বাবে তেওঁ বিত্তীয় সীমাবদ্ধতাৰ সন্মুখীন হৈছিল। এনে পৰিস্থিতিত ধনৰ অভাৱৰ বাবে ইমৰান আৰু অৱন্তিকাৰ মাজত কাজিয়া আৰম্ভ হয় যি কথাই তেওঁলোকৰ কন্যাক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ দুয়োৰে পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক বচাবলৈ চেষ্টা কৰিছিল কিন্তু কোনো ইয়াৰ কোনো সমাধান নাছিল। অৱন্তিকাই কন্যাৰ সৈতে তেওঁৰ পিতৃৰ ঘৰত বাস কৰিছে।উল্লেখ্য যে ইমৰানে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০১১ চনত অৱন্তিকা মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

ইয়াৰ পিছত ২০১৪ চনত তেওঁলোক কন্যা ইমাৰাৰ পিতৃ-মাতৃ হয়। অৱশ্যে কন্যা জন্মৰ পাছৰ পৰাই দুয়োৰে মাজৰ সম্পৰ্ক তিক্ত হ’বলৈ ধৰে। পাছত দুয়োৰে মাজৰ সম্পৰ্কৰ তিক্ততা ইমানেই বৃদ্ধি পাইছিল যে ২০১৯ চনত অৱন্তিকাই ইমৰানক এৰি পিতৃগৃহলৈ স্থানান্তৰিত হৈছিল। মোমায়েক আমিৰ খানেও কিছু মাহৰ পূৰ্বে কিৰণ ৰাওক বিবাহ বিচ্ছেদ দিছিল। এইবাৰ ইমৰানেও অৱন্তিকাক বিবাহ বিচ্ছেদ দিবলৈ ওলাইছে। ইয়াকে দেখি বলীউডত গুণগুণনি উঠিছে যে মোমায়েকক দেখি ভাগিনেও সেই পথকে অনুসৰণ কৰিছে নেকি.!

উত্তৰ কোৰিয়া এতিয়া নতুন ক’ভিডৰ কবলত… 

FILE - A schoolgirl wearing face mask, disinfects her hands before entering the Kumsong Secondary School No. 2 in the morning in Pyongyang, North Korea, on Nov. 3, 2021. North Korea announced its first coronavirus infection more than two years into the pandemic Thursday, May 12, 2022 as leader Kim Jong Un called for raising COVID-19 preventive measures to maximum levels. (AP Photo/Cha Song Ho, File)

পুনৰ ক’ভিডৰ ভয়াবহ ৰূপ। ক’ভিডে ভয়াৱহ ৰূপ লৈছে উত্তৰ কোৰিয়াত। তিনিদিনত অতিক্ৰম কৰিলে লাখৰ ঘৰ।১২ মে’ত দেশখনত প্ৰথমটো ক’ভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল আৰু বৰ্তমান দেশখনত ক’ভিড ৰোগীৰ সংখ্যা ৮,২০,৬২০। ইয়াৰে ৪২ জন লোকৰ মৃত্যু হৈছে আৰু ৩,২৪,৫৫০ জন লোক চিকিত্সাধীন হৈ আছে। ইয়াৰে বাকীখিনি ৰোগীয়ে কটাই আছে কটাই আছে এক প্ৰকাৰৰ গৃহবন্দীত্বৰ জীৱন।

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে বৰ্তমান বিবুধিত পৰিছে দেশখনৰ পৰিস্থিতিক লৈ। দেশখনত জাৰি কৰা হৈছে জৰুৰীকালিন অৱস্থা। দেশখনৰ সকলো বিলাক চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে সকলো ধৰণৰ কাৰখানা আদি বন্ধ কৰি দিয়া হৈছে। আজি লৈকে দেশখনে ব্যৱহাৰ কৰা নাই কোনো ধৰণৰ ক’ভিড মহামাৰীৰ প্ৰতিষেধকো। এনে পৰিস্থিতত কেনেধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা লব কিম জংৰ চৰকাৰে, সেয়া হৈছে সমগ্ৰ বিশ্বৰ বাবে লক্ষণীয়।

পাপৰ ফল! ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত ৰুছ ৰাষ্ট্ৰপতি পুটিন!

ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে নেকি ভ্লাডিমিৰ পুটিন? সম্প্ৰতি এনে এক চাঞ্চল্যকৰ বাতৰি বিয়পি পৰিছে বিশ্বৰ চৌপাশে। ইয়াৰ পূৰ্বেই পুটিন কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগতে তেওঁৰ অস্ত্ৰোপচাৰ হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল যদিও ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথাতো নতুনকৈ প্ৰকাশ পাইছে। মস্কো মহলৰ ঘনিষ্ঠ সূত্ৰৰ পৰাই বিয়পি পৰিছে এই সংবাদ।

আনহাতে উক্ত সূত্ৰৰ উদ্ধৃতিৰে সংবাদটো পৰিৱেশন কৰিছে মাৰ্কিন সংবাদমাধ্যমে। একেটা সূত্ৰই আৰু প্ৰকাশ কৰা মতে পুটিনৰ অসুস্থতাই ইতিমধ্যে অতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইফালে ইউক্ৰেইনৰ এজন শীৰ্ষ সামৰিক বিষয়াৰ দাবী– ৰুছিয়াত অচিৰেই এক অভ্যুত্থান ঘটিব আৰু পুটিন ক্ষমতাচ্যুত হ’ব

জেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা,২০২২…

১৭ মে’,২০২২ মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা,২০২২ প্ৰদান কৰা হ’ব। প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ পূণ্য তিথিত এই বঁটা প্ৰদান কৰা হ’ব। এই বৰ্ষৰ এই বঁটা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক প্ৰদান কৰিব বিজ্ঞানী-লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্যিক কবি সমীৰ তাঁতী।

জেষ্ঠ সাংবাদিক দিলীপ চন্দনে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিবলগীয়া অনুষ্ঠানটিত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘ডীন অফ চায়েন্স’ৰ অধ্যাপক দ্বীপেন বেজবৰুৱাই। উক্ত অনুষ্ঠানতে প্ৰয়াত সাহিত্যিক, নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। উল্লেখ্য যে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ হৈ মনোৰম গগৈ, কিশোৰ কুমাৰ ভট্টাচাৰ্য, মনোজ কুমাৰ নাথ, ধৈৰ্য হাজৰিকা আৰু বেদব্ৰত বৰাই উক্ত অনুষ্ঠানলৈ সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছে।

গুৱাহাটীৰ নুনমাটি শোধনাগাৰ খেলপথাৰত দৃষ্টিহীন ক্ৰিকেট দলৰ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন

অসম আৰু ত্ৰিপুৰাৰ দৃষ্টিহীন ক্ৰিকেট দলৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন। গুৱাহাটীৰ নুনমাটি শোধনাগাৰ খেলপথাৰত যোৱা ১৪ আৰু ১৫ মে’ত তিনিখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় ।

প্ৰতিকূল বতৰৰ মাজতে প্ৰথমদিনা অনুষ্ঠিত ২০ অভাৰৰ এখন খেলত অসমে ১৮ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ত্ৰিপুৰাক জয়ৰ বাবে ১০০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ত্ৰিপুৰাই ৮ অভাৰত ৭৮ ৰাণ কৰে। কিন্তু বেয়া বতৰৰ বাবে খেল স্থগিত ৰাখিবলগীয়া হয় ।

ত্ৰিপুৰাই ৮ অভাৰতে ৭৮ ৰাণ কৰাত দলটোক বিজয়ী ঘোষণা কৰা হয়। ত্ৰিপুৰাৰ সুকান্ত দেৱক মেন অব দ্য মেটচ ঘোষণা কৰা হয়। আনহাতে ১৫ মে’ত দুখন খেল অনুষ্ঠিত হয়। প্ৰথমখন খেলত নিৰ্ধাৰিত ৭ অভাৰত অসমে ত্ৰিপুৰাক ৪৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। খেলখনত ত্ৰিপুৰা বিজয়ী হয়। ত্ৰিপুৰাৰ সুশান্ত নামা মেন অব দ্য মেটচ হয়।

সেইদিনাৰ দ্বিতীয়খন খেলত ত্ৰিপুৰাই ৬ অভাৰত অসম দলক জয়ৰ বাবে ৪৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। খেলখনত অসমে ৬ উইকেটত বিজয় সাব্যস্ত কৰে। অসমৰ মঞ্জিত চৌধুৰী খেলখনত মেন অব দ্যা মেটচ হয়। লক্ষ্মীকান্ত মহন্ত আৰু তেওঁৰ পৰিয়ালে বিজয়ী দল আৰু বঁটা প্ৰাপকসকলক বঁটাসমূহ প্ৰদান কৰে।

আপুনি অকলশৰীয়া অনুভৱ কৰে নেকি ?

বহুতে ভাবে যে সুখী হ’বলৈ হ’লে আপোনাক আন এজন মানুহ লাগিবই৷ আনে কিছুমানে ভাবে যে সুখী হ’বলৈ হ’লে আপোনাক সামাজিক পৰিবেশ এটা লাগিবই৷ কোনোবাই তেনেকৈ সুখী হ’ব পাৰে, কিন্তু তেনে সংগী বা সমাজ লাভ কৰা সকলো মানুহেই সুখীনে? কেতিয়াবা আমি অকলে থাকিও বেছি সুখী হ’ব পাৰোঁ৷ কিছুমান মানুহে অকলে থাকি ভাল পায়, কিছুমান ইন্ট্ৰ’ভার্ট বা অন্তর্মুখী স্বভাৱৰ হয় বা আন যিকোনো কাৰণতে এজন মানুহে বা এগৰাকী মানুহে অকলে থাকিব পাৰে বা অকলে থাকি ভাল পাব পাৰে৷

আৰু অকলশৰীয়া হলেও বা অকলে থাকিলেও আপুনি সুখী হ’বলৈ শিকিব লাগিব কাৰণ দিনটোৰ বেছিভাগ সময়, জীৱনৰ বেছিভাগ সময় আমি সকলেই থাকো৷ আমি যদি অকলে থকা এই সময়খিনিক ভাল পাব নোৱাৰো, যদি সেই সময়খিনিত সুখী হ’ব নোৱাৰোঁ, তেন্তে আমাৰ জীৱনৰ এটা প্ৰধান অংশ এনেয়ে নষ্ট নহ’লনে?

এতিয়া অকলে থাকিলেও কেনেদৰে সুখী হ’ব পাৰি সেয়া চাও আহক-

আপোনাৰ বাবে অর্থপূর্ণ ডাঙৰ প্ৰজেক্ট এটা আৰম্ভ কৰক

এই প্ৰজেক্টটো আপোনাৰ বাবে অর্থপূর্ণ হ’ব লাগিব আৰু ই যথেষ্ট ডাঙৰ হ’ব লাগিব৷ ইয়াক কৰিব পাৰিলে ‘’জীৱনত ভাল, ডাঙৰ কাম এটা কৰিলোঁ” এনে ভাব এটা আপোনাৰ মনলৈ আহিব লাগিব৷ ই যিকোনো ক্ষেত্ৰৰে প্ৰজেক্ট হ’ব পাৰে৷ যদি ই আন মানুহৰ সহায় কৰা প্ৰজেক্ট এটা হয় তেতিয়া আপুনি তাৰপৰা বেছি সুখ আৰু সন্তুষ্টি পাব৷ আপুনি নিজে সেই কামটো কৰা বাবে নিজৰ ওপৰতে আপোনাৰ গর্ব হ’ব, নিজৰ মনত নিজৰ প্ৰতি আত্মসন্মান বাঢ়িব৷

পৰিকল্পনা কৰক আৰু সেইবোৰ অনুসৰণ কৰক

জীৱনৰ বিভিন্ন দিশত মানে অর্থনৈতিক, আধ্যাত্মিক, শাৰীৰিক, মানসিক, সামাজিক, সকলো দিশত নিজৰ বাবে কিছুমান পৰিকল্পনা কৰি লওক৷ সেই পৰিকল্পনাবোৰ এবছৰ, দুবছৰ, তিনিবছৰ, পাঁচবছৰ, দহ বছৰ আদিৰ বাবে হ’ব পাৰে৷ এবাৰ পৰিকল্পনা কৰি লোৱাৰ পিছত সেইমতে সেইবোৰ লাভ কৰিবলৈ আজি কৰিবলগীয়া কামবোৰ কৰা আৰম্ভ কৰক৷ আপুনি ইমান ব্যস্ত হৈ পৰিব যে অযথা কথাবোৰ ভাবিবলৈ আপোনাৰ সময়ে নহ’ব৷ লগতে কামবোৰ কৰি গ”লে কিছুদিন পিছত যেতিয়া আপুনি তাৰ ফলাফলবোৰ লাভ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ মনটো ভাল লাগিব, সন্তুষ্টি আহিব আৰু লগতে আন মানুহৰ পৰা স্বীকৃতিও লাভ কৰিবলৈ আৰম্ভ কৰিব৷

সৃষ্টি কৰক

সৃষ্টি বা প্ৰডাকচন কৰক৷ সৃষ্টি বুলি ক’লে খেতি কৰাৰ পৰা আৰম্ভ কৰি, গল্প-কবিতা লিখা, গান গোৱা, নাটক-চিনেমা কৰা, কিবা বনোৱা, ব্লগ লিখা, ভিডিঅ তৈয়াৰ কৰা, আদি নানা কাম আহিব৷ আপুনি যি কাম জানে, যি কৰি আছে তাতে সৃষ্টি কৰাৰ নানা সুবিধা আপুনি পাব৷ ইয়াৰ পৰা আপোনাৰ নানা লাভ হ’ব৷ সৃষ্টি কৰা বাবে আপোনাৰ নিজৰ ভাল লাগিব, মনটো শান্তিৰে ভৰি পৰিব আৰু ই আনৰ সহায় কৰিলে তাৰপৰা আপুনি সন্তুষ্টি পাব৷ অকল কনজিউম নকৰি আপোনাৰ নিজৰ ধৰণে সৃষ্টি কৰিবলৈ আৰম্ভ কৰক৷

নিজৰ লগত কথা পাতিবলৈ শিকক

আপুনি নিজে নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু অথবা বন্ধু৷ শত্ৰু হোৱাতকৈ বন্ধু হওক৷ নিজৰ আটাইতকৈ ডাঙৰ বন্ধু হ’বলৈ হ’লে আপুনি নিজৰ লগত কথা পাতিব লাগিব; নিজকে সঠিক দিহা-পৰামর্শ দিব লাগিব; বিপদৰ সময়ত, মন বেয়া লাগিলে, হতাশাৰ ভূগিলে তাৰপৰা মুক্তি পাবলৈ সহায় কৰিব লাগিব৷ এই সকলোবোৰ আপুনি কৰিব পাৰিব নিজৰ লগত কথা পতা আৰম্ভ কৰিলে৷ মাত্ৰ চাব যাতে আপুনি নিজৰ লগত যিবোৰ কথা পাতে অর্থাৎ আপোনাৰ চেলফ টক যাতে পজিটিভ হয়৷

কুকুৰ দুটা আনক

কুকুৰৰ সমান মৰম আপোনাক কোনেও দিব নোৱাৰে৷ এই মৰম নির্ভজাল মৰম৷ যদি আপোনাৰ পৰিস্থিত আৰু অৱস্থা চাই সেয়া কৰিব পাৰি তেনেহ’লে দুটা কুকুৰ আনক৷ এটা আনিলে ঘৰত অকলে থাকিব লাগিলে সেই অকলশৰীয়া কুকুৰটোৰ এংজাইটি হ’ব পাৰে, কিন্তু দুটা থাকিলে ইটোৱে সিটোৰ লগত খেলি শান্তিৰে থাকিব পাৰিব৷ আপুনি যেতিয়াই ঘৰলৈ আহিব তেতিয়াই কিমান মৰম পাব৷ কৰবালৈ গ’লে সিহঁতক লগত লৈ যাব পাৰিব৷ বহুত সময় আনন্দেৰে সিহঁতৰ লগত খেলি থাকিব পাৰিব৷ বহুত মৰম পাব৷ আৰু মন বেয়া লাগিলেও সিহঁতে আহি জোৰ জবৰদস্তি আপোনাৰ লগত খেলিবলৈ লাগি যাব আৰু আপোনাৰ মুখত হাঁহি বিৰিঙাইহে এৰিব৷

ভলন্টিয়াৰ হিচাপে কাম কৰক

সুখ লাভ কৰিবলৈ হ’লে ভলন্টিয়াৰ হিচাপে কৰবাত কাম কৰক৷ আপোনাৰ যত ভাল লাগে, যত মন যায় তাতে ভলন্টিয়াৰ হিচাপে কাম কৰা আৰম্ভ কৰক৷ কোনোবা এন জি ও, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম বা আন কোনোবা ঠাইত আপোনাৰ ভাল লগা ধৰণৰ কিছুমান কাম কৰা ঠাইত ভলন্টিয়াৰ হিচাপে কাম কৰক৷ শান্তি পাব, মন ভাল লাগিব, আনক সহায় কৰিব পাৰিব, নিজৰ কথা নাভাবি আনৰ কথা ভাবিব পাৰিব, আৰু সুখ পাব সেই কামৰ পৰা৷


আপুনি যদি অকলে আছে তেতিয়াও সুখী হ’বলৈ শিকক৷ দৰাচলতে আমি সকলো অকলশৰীয়া৷ আপুনি যদি সুখী হ’বলৈ আনৰ ওপৰত নির্ভৰ কৰিব লাগে তেন্তে সি খুব এটা ভাল কথা নহ’ব কাৰণ তেতিয়া সেই মানুহজনৰ মানসিক অৱস্থাৰ ওপৰত আপোনাৰ সুখ নির্ভৰ কৰিব আৰু আন এজন মানুহক বা তেওঁৰ মানসিক অৱস্থাক আপুনি অনবৰতে নিয়ন্ত্ৰণ কৰি থাকিব নোৱাৰে৷ তাতোকৈ এয়া ভাল নহ’বনে যদি আপুনি নিজে নিজৰ সুখ অৰু সুখী অৱস্থাক নিয়ন্ত্ৰণ কৰিব পাৰে?

আপুনি যদি এবাৰ অকলে থাকিলেও সুখী হ’বলৈ শিকিব পাৰে তেনেহ’লে কোনেও কেতিয়াও আপোনাক সুখী হোৱাৰ পৰা আতৰাই ৰাখিব নোৱাৰে, বাধা দিব নোৱাৰে৷

বিবাহ পাশত আৱদ্ধ হল কৰ্টনি কাৰ্দাচিয়ান আৰু ট্ৰেভিছ বাৰ্কাৰ

কৰ্টনি কাৰ্দাচিয়ান আৰু ট্ৰেভিছ বাৰ্কাৰে দেওবাৰে কেলিফৰ্ণিয়াৰ ছাণ্টা বাৰবাৰাত এক অন্তৰংগ অনুষ্ঠানত আইনীভাৱে বিবাহ পাশত আৱদ্ধ হয়

অনুষ্ঠানটোৰ ছবিবোৰ অনলাইনত প্ৰকাশ পাইছে য’ত কাৰ্দাচিয়ানক চুটি বগা পোছাকত আৰু বাৰ্কাৰক ক’লা চুটত দেখা গৈছে। এখন ছবিত দম্পতীহালক ‘জাষ্ট মেৰিড’ চিহ্নৰ সৈতে এখন গাড়ীত চলোৱা দেখা গৈছিল