Home Blog Page 2396

সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্ৰশংষণীয় পদক্ষেপ

সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্ৰশংষণীয় পদক্ষেপ ৷১১৮ নং দুলীয়াজান বিধান সভা সমষ্টি অন্তগত নকাৰি ভেকুলাজান গাওঁ পঞ্চায়তৰ অধীনৰ বায়নচুক ৱাদৰ নিৱাসী মনেশ্বৰ গগৈ আৰু সেউতী গগৈ বাসগৃহটো সদৌ অসম ছাত্ৰ সন্থা উদ্যোগত ,লগতে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা,দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থা সহযোগত শ্ৰমদান কৰি নিৰ্মাণ কৰা পৰিলক্ষিত হয় এফালে উন্নয়নৰ ঢোল তাল বজাই থকা BJP চৰকাৰ আনফালে ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱা শ্ৰমদান কাৰ্য্যসূচী লৈ স্থানীয় লোকে সলাগ লোৱা পৰিলক্ষিত হয়৷সপূৰ্ণৰোপে ঘৰটো নিৰ্মাণ কৰা দ্বাৰিত্য লোৱা ওপৰিও বিচনা, চকী,আৰু ঘৰত প্ৰযোজনীয় সা-সামগ্ৰী প্ৰদান কৰে৷

এই অনুস্তানত সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা লগতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা উপ সভাপতি ধনজিৎ সন্দিকৈ,ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা সাহিত্য সম্পাদক অৰ্জুন চেত্ৰী ,ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ক্ৰীয়া সম্পাদক উমানন্দ গোঁহাই ,টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা উপদেষ্টা সিমান্ত হাজৰিকা, টেঙাখাত আঞ্চলিক ছাত্ৰ সভাপতি অভিজিত শইকীয়া,সম্পাদক প্ৰকাশ শইকীয়া ,দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থা সভাপতি বুবুল তালুকদাৰ,দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থা সম্পাদক দিপাঙ্কৰ গগৈ লগতে বহুতো ছাত্ৰ আৰু গাও ৰাইজ উপস্থিত থাকে৷

তীৰ্থনগৰী হাজোৰ চেঁচামূখ শালৈপাৰাস্থিত ট্ৰেনজিচন একাদেমীত ৫ দিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে বিহু কৰ্মশালা সম্পণ্ণ

পদূলিমূখত হেঁপাহৰ ৰঙালী বিহুটি।মাজত মাথো কেইটামান দিনহে বাকী। অসমীয়াৰ চোতাল পাবহি অসমীয়া জাতীয় জীৱনৰ হৃদয় স্পন্দন স্বৰূপ বহাগৰ বিহুটি । সাজু সকলো ।সকলোৰে মন প্ৰাণ আনন্দত নাচি উঠিছে ।ঢোল পেপা গগণাৰ শব্দত চৌদিশ ৰজনজনাইছে ।পিছপৰি ৰোৱা নাই তীৰ্থনগৰী হাজো।হাজোৰ চেঁচামূখ শালৈপাৰাস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ট্ৰেনজিচন একাডেমী’ৰ উদ্যোগত ৫ দিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে এইবেলি এখনি বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।

বিহু কৰ্মশালাত বিহু নাচ,আৰু বিহু ঢোল’ৰ প্ৰশিক্ষণ দিয়া হ’ব। অনুষ্ঠানটিৰ শুভউদ্ধোধন কৰে ট্ৰেনজিচন একাডেমী’ৰ শৈক্ষিক উপদেষ্টা কৰনা কান্ত কলিতাই।

তদুপৰি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহনৰে সম্পণ্ণ হোৱা অনুষ্ঠানটিত মূখ্য প্ৰশিক্ষক ৰূপে উপস্থিত থাকে ২০০৯ বৰ্ষৰ অসম সম্ৰাজ্ঞী পাহাৰী বৰুৱা,আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী তথা বৰ বিহুৱা জিতুমণি দাস,বৰ বিহুৱতী নীলাশ্ৰী লাহন,বৰ বিহুৱতী অনিতা বৰাকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।অৱশ্যে বৰ্তমানৰ প্ৰেক্ষাপটত ছাত্ৰ ছাত্ৰীক শ্ৰেণীগত শিক্ষাৰ উপৰিওঁ জাতীয় সংস্কৃতিৰ আভাস দিয়াৰ উদ্দেশ্য শীৰ্ষক বিহু কৰ্মশালাখনি অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰে একাদেমীৰ শিক্ষা সচীব বাপন শালৈয়ে।

গৌৰীপুৰৰ শুপাৰীঘাটত ব্ৰাউন ছুগাৰ সহ যুৱকক আটক

নিচা জাতীয় সামগ্ৰীয়ে গ্ৰাস কৰিছে নৱপ্ৰজন্মক । যাৰ সুবিধা লৈ এচাম দুষ্টচক্ৰই চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। গৌৰীপুৰৰ শুপাৰীঘাটত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাওঁৰক্ষী বাহিনী আৰু কাজিগাওঁ আৰক্ষীৰ যৌথ পহৰাত এজন যুৱকক সন্দেহযুক্ত ব্ৰাউন ছুগাৰ সহ আটক কৰিবলৈ সক্ষম হয়। অইন অইন দিনাৰ দৰে ৯ এপ্ৰিলৰ সন্ধিয়া আনুমানিক ৭ মান বজাত কাজিগাওঁ আৰক্ষী থানাৰ আৰক্ষী প্ৰবীণ চৌধুৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল আৰু স্থানীয় তিনিটা গাওঁৰক্ষী বাহিনীয়ে নাগা চেকিং কৰি থকাৰ সময়ত মটৰ ছাইকেলত তিনি গৰাকী কৈ যুৱক আহি থকাৰ সময়ত আৰক্ষীক প্ৰত্যক্ষ কৰাৰ লগে লগে যুৱকৰ দলটোৱে দৌৰি পলাবলৈ চেষ্টা কৰে। পিছত আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীয়ে দৌৰি দৌৰি এজন যুৱকক আটক কৰে যদিও বাকী দুগৰাকী যুৱক পলাই যাব লৈ সক্ষম হয়।

ধৃত যুৱক জনৰ পৰা সন্দেহজনক ৯টা কন্টেনাৰৰ ভৰ্তি ব্ৰাউন ছুগাৰ লগতে এটা মোৱাইল হেণ্ডছেট জব্দ কৰি কাজিগাওঁ আৰক্ষী থানাত লৈ যায় বুলি গাওঁৰক্ষী বাহিনীৰ সম্পাদকে জানিবলৈ দিয়ে।

প্ৰতিকুল বতৰৰ মাজতো বাপতি সাহোন বিহুক লৈ সৰ্বত্ৰ পূৰ্ণোদ্যমে চলিছে আখৰা,সকলোৰে মাজত আজি খদমদম

প্ৰতিকুল বতৰৰ মাজতো বাপতি সাহোন বিহুক লৈ সৰ্বত্ৰ পূৰ্ণোদ্যমে চলিছে আখৰা , সকলোৰে মাজত আজি খদমদম।হেপাঁহৰ ৰঙালী বিহুটিক লৈ হাতত মাথো দুটামান দিনহেে বাকী।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগৰবেৰাৰ যোগীপাৰা চুবুৰীতো চলিছে বিহুৰ অনুশীলন ,ঘৰৰ দহোবন সামৰি-সুতুৰি পুৱাতেই ওলাইছে গাঁৱৰ আইদে-বাইদেউ।

পথাৰৰ মাজত চলিছে গয়া মহিলাৰ জেং বিহুৰ আখৰা ,সেউজীয়া ঘাঁহনিত নাচি-গাই উলাহমগণ প্ৰতিগৰাকী বিহুৱতী।বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ ,বিহুটিযে সংস্কৃতিৰ স্বাভিমান আৰু সেয়েই দীঘলীয়া কভিড দুৰ্যোগৰ অন্তত বিহুটিক লৈ সকলো আজি আখৰাত ব্যস্ত।

সাজি-কাচি ৰাংঢালী হৈ নগৰবেৰা যোগীপাৰা গাঁৱত এইদৰে এইসকল নাচনীয়েও নিতৌ চলাইছে জেং বিহুৰ আখৰা

প্ৰচণ্ড ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে ছিপাঝাৰৰ দুমুনীচকী অঞ্চলত

নিশা এক প্ৰচণ্ড ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে ছিপাঝাৰৰ দুমুনীচকী অঞ্চলত।ধুমুহাৰ ফলত অঞ্চলটোৰ প্ৰায় ৫০ টাতকৈ অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয়। ধুমুহাৰ প্ৰভাৱ ইমানেই আছিল যে ৰাজপথত প্ৰকাণ্ড গছ বাগৰি পৰাৰ লগতে উভালি পৰে বিদ্যুতৰ পকী খুটা।ইয়াৰোপৰি কোনো কোনো লোকৰ বাসগৃহ বিধস্ত হৈ পৰাৰ উপৰিও ঘৰৰ মধুছ এইদৰে ভাঙি নিয়া দেখিবলৈ পোৱা গৈছে।কথমপি পৰিয়ালৰ সদস্যই প্ৰাণ ৰক্ষা কৰাৰ কথাও উল্লেখ কৰে।

আনহাতে ধুমুহাই কেইবাটাও বাসগৃহৰ টিনপাত উৰুৱাই নি গছৰ ডালত পেলাই দিয়ে।

বঙাইগাঁৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা…

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্তি ( অমৃত মহোৎসৱ) উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বঙাইগাঁও জিলাৰ  উদ্যোগত  বঙাইগাঁও চহৰত এক ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় ৷ মা বাঘেশ্বৰী মন্দিৰত দেৱীৰ চৰণত আশীষ লৈ সংগঠনটোৱে বঙাইগাঁও মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা ১০০ মিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় পতাকা লৈ চহৰৰ মাজেৰে পদযাত্ৰা কৰি বৰপাৰা ৰাজহুৱা খেলপথাৰত উপস্থিত হৈ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীৰ সামৰণি ঘটায় ৷

এই ত্ৰিৰংগা যাত্ৰাত জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী , সংগঠনটোৰ কৰ্মী আদিয়ে অংশগ্ৰহণ কৰে ৷ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী আৰম্ভ হোৱাৰ পিচত বাটতে বৰষুণত দিয়াত কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে বৰষুণৰ মাজতো তিতিয়ে নিৰ্দিষ্ট স্থানত আহি কাৰ্যসূচীৰ সামৰণি ঘটায় ৷ সংগঠনটোৱে মূলত জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ উদ্দেশ্যৰে এই ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য যে সংগঠনটোৱে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে গোটেই বছৰ জুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ 

তেজপুৰ বিশ্ববিদ্যালয়ত নীলপৱন বৰুৱাৰ চিত্ৰকলাৰে সংগ্ৰহালয় উদ্বোধন…

ৰাজ্যৰ সাম্প্ৰতিক কালৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী পদ্মশ্ৰী  নীলপৱন বৰুৱাৰ ৫৬ খন ভিন্নমাধ্যমৰে অংকিত চিত্ৰৰে গটা সংগ্ৰহালয় তেজপুৰ বিশ্ববিদ্যালয়ত আজি উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিঞ্চু বৰুৱাই৷উল্লেখযোগ্য যে,বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান আৰু মানবিকি বিদ্যা শাখাৰ অন্তৰ্গত সংস্কৃতি অধ্যয়ন বিভাগৰ উদ্যোগত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষ ক্ষেত্ৰত উৎকৰ্ষ সাধন কেন্দ্ৰৰ সহযোগত আজি দিনৰ ১১ .৩০ বজাত এই সংগ্ৰহালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন  কৰা হয়।এই সভাত আদৰণি ভাষণ প্ৰদান কৰে সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী ড° পৰশমণি দত্তই। সংগ্ৰহালয়টো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মুখ্য সচিব  বৰুৱাই ভাষণ প্ৰসংগত  কয় যে সমাজ আৰু সংস্কৃতিক ক্ষেত্ৰৰ উৎকৰ্ষ সাধনত বিশ্ববিদ্যালয়সমূহৰ এক বিশেষ ভূমিকা আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ এই উদ্যোগৰ  শলাগ লৈ তেওঁ ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে। সভাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনে চিপিইপিএৰ সমন্বয়ক অধ্যাপক দেৱৰ্ষি প্ৰসাদ নাথ আৰু সংগ্ৰহালয়টোৰ তত্বাৱধায়ক, সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মৌচুমী কন্দলীৰ প্ৰচেষ্টাৰ সলাগ লয়।

তেওঁ কয় যে এনে এটা আধুনিক চিত্ৰকলাৰ সংগ্ৰহালয়ে বিশ্ববিদ্যালয়ৰ সামগ্ৰিক পৰিৱেশটো এক বিশেষ মাত্ৰাৰ সংযোগ ঘটাব।আনহাতে অধ্যাপক নাথে ভাষণ প্ৰসংগত চিপিইপিএ ৰ কাৰ্যাৱলী সম্পৰ্কে সবিশেষ প্ৰকাশ কৰাৰ উপৰি ড° কন্দলীয়ে সংগ্ৰহালয়টো নিৰ্মাণৰ আঁৰৰ সবিশেষ ব্যক্ত কৰে। মানবিকি বিদ্যাৰ ডীন অধ্যাপক ফাৰহীনা দন্তা আৰু শোণিতপুৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰয়ো সভাত উপস্থিত থকি মন্তব্য আগবঢ়ায়। নীলপৱন বৰুৱাৰ পৰিয়ালৰ হৈ সুনীল পৱন বৰুৱা আৰু শিল্পী সমাজৰ হৈ মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য‌ই অনুষ্ঠানত মন্তব্য আগবঢ়ায়। বাঁহীবাদন আৰু নীলপৱন বৰুৱাক বিষয় হিচাপে লৈ কবি নীলমণি ফুকন আৰু বিপুলজ্যোতি শ‌ইকীয়াই ৰচনা কৰা দুটি কবিতাৰ পাঠেও অনুষ্ঠানটোত এক বিশেষ মাত্ৰা প্ৰদান কৰে।  শলাগৰ শৰাই আগবঢ়াই সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° জুৰি গগৈ কোঁৱৰে। সভাৰ আঁত ধৰে সংস্কৃতি অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ কৌস্তভ জ্যোতি গোস্বামী আৰু বৰ্ষা নায়কে। সভাত প্ৰতিজন বক্তাই প্ৰথমবাৰৰ বাবে এগৰাকী শিল্পীৰ জীৱনকালতে এনে এটা সংগ্ৰহালয় নিৰ্মাণৰ অভিনৱ প্ৰচেষ্টাক প্ৰশংসা কৰে।

অসমৰ জল পৰিবহণ ব্যৱস্থাত অংশীদাৰিত্ব আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নেদাৰলেণ্ডৰ কোম্পানীয়ে…

অসমৰ জল পৰিবহণ ব্যৱস্থাত অংশীদাৰিত্ব আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নেদাৰলেণ্ডৰ বিভিন্ন আগশাৰীৰ কোম্পানীয়ে। নেদাৰলেণ্ড এম্বেছীৰ সহযোগত ডিব্ৰুগড়ত আয়োজন কৰিবলৈ লোৱা ৱাটাৰৱে’জ কনক্লেভ ২০২২ত অংশগ্ৰহণ কৰিব ১০টা ডাচ্চ কোম্পানীয়ে। নেদাৰলেণ্ডৰ ভাৰতত থকা নেদাৰলেণ্ডছ বিজনেছ ছাপ’ৰ্ট অফিচ ইন ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি তথা বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত অম্লান বৰাই দলটোক নেতৃত্ব দিব। এই কোম্পানীসমূহ জল পৰিবহণ খণ্ডৰ নিৰ্মাণ, খনন, মাল পৰিবহণ, ডিজাইন, কনছাল্টেন্সী আৰু বন্দৰ পৰিচালনা উদ্যোগৰ সৈতে জড়িত। ভাৰত চৰকাৰৰ বন্দৰ, জলপথ আৰু জাহাজ মন্ত্ৰ্যালয়ৰ মন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালে দায়িত্ব লোৱাৰ পিছত অসম তথা উত্তৰ পূবৰ নদীপথৰ বিকাশৰ লক্ষ্যৰে জলপথ সমাৱেশৰ আয়োজন কৰা হৈছে।

ডিব্ৰুগড় চহৰৰ চৌকিদিঙী ফুটবল খেলপথাৰত ১১–১২ এপ্ৰিলত এই সমাৱেশ অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ সৈতে ২০০৮ চনতে স্বাক্ষৰিত MoUৰ জৰিয়তে ভাৰতৰ জল পৰিবহণ খণ্ডত সহযোগিতাৰ বাবে নেদাৰলেণ্ডে সন্মতি প্ৰকাশ কৰিছিল। ইতিমধ্যে অসমৰ কেইবাটাও জলপথত নেদাৰলেণ্ডে সহযোগিতা আৰম্ভ কৰিছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নেদাৰলেণ্ডৰ প্ৰতিষ্ঠিত কোম্পানীসমূহৰ নেতৃত্ব দিব অসমৰে সন্তান তথা নেদাৰলেণ্ডৰ ভাৰতত থকা বাণিজ্য আৰু বিনিয়োগ উপদেষ্টা অম্লান বৰাই। এই প্ৰতিনিধি দলটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জল পৰিবহণ খণ্ডত সহযোগিতা আগ বঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত অৰ্জন কৰা দক্ষতা আৰু অভিজ্ঞতা অসমৰ জলপথ বিকাশৰ বাবে ব্যৱহাৰ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। শনিবাৰে জল পৰিবহণ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে সমাৱেশৰ প্ৰস্তুতিৰ বুজ লয়।

মুছলপুৰত চুৰি বাইকসহ দুজনক গ্ৰেপ্তাৰ …

বাক্সা জিলাৰ মুছলপুৰত আজি আৰক্ষীয়ে চুৰি বাইকসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰামতে জিলাখনৰ মুছলপুৰ আৰক্ষী থানাৰ অধীনৰ নিকাছিত মমদ ব্ৰহ্ম নামৰ এজন যুৱকে এএছ-০১ইএফ-৪৫২৭ নম্বৰৰ এখন পালছাৰ  মটৰচাইকেল লৈ অঞ্চলটোত সন্দেহজনকভাৱে ঘূৰি থকা বুলি এক খবৰ পাই নিকাছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ওৱাজ আলীয়ে যুৱকজনক আটক কৰে ৷ পিচত সোধ-পোচ কৰাত যুৱকজনে চলাই থকা মটৰ চাইকেলখন গুৱাহাটীৰ পৰা চুৰি কৰি অনা বুলি স্বীকাৰ কৰে ৷

ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত এই চুৰিকাণ্ডত লিপ্ত থকা আন এজন যুৱক নৱ বড়োকো আৰক্ষীয়ে আটক কৰে ৷ সোধ-পোচৰ অন্তত আবেলি দুয়োকে মটৰচাইকেল চুৰি সন্দৰ্ভত গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে ৷ গ্ৰেপ্তাৰ কৰা মমদ ব্ৰহ্মৰ ঘৰ লক্ষ্মীপুৰ এ ব্লকত আৰু নবীন বড়োৰ ঘৰ গোলাগাৱত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

কাকপথাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এখন ট্ৰাক জব্দ…

সম্প্ৰতি ৰাজ্যখনত উজনিৰ পৰা নামনিলৈ ধাৰাবাহিকভাৱে চোৰাং কাঠৰ বেহা অব্যাহত আছে যদিও বিভাগটো এই ক্ষেত্ৰত চকু মুদা ভাঁও ধৰি অহাহে পৰিলক্ষিত হৈছে। ইতিমধ্যে কিছুমান বনদস্যুৰ কবলত পৰি বহুতো মূল্যৱান কাঠৰ লালসাত পৰি বন ধ্বংস অভিযান চলাই আছে  এচাম অসাধু ব্যৱসায়ীয়ে।অসম -অৰুণাচল সীমান্তৱৰ্তী ডিৰাক গেটৰ দিশটো এতিয়া চোৰাং কাঠৰ কৰিডৰ ৰূপে বিবেচিত হৈছে। যোৱা কিছুদিন ধৰি চোৰাং কাঠৰ বিৰুদ্ধে বাতৰি পৰিবেশন হৈ থকা সময়তে আজি তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাকত চোৰাং কাঠসহ এখন ট্ৰাক জব্দ কৰিছে কাকপথাৰ বন বিভাগে ।

জানিব পৰা মতে কাকপথাৰ বনাঞ্চলিক বিষয়া পানেশ্বৰ দাসৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে কাকপথাৰৰ অসম অৰুণাচল সীমান্তৱতী ডিৰাকত আজি পুৱাই চোৰাং কাঠসহ এখন ট্ৰাক জব্দ কৰে।ট্ৰাকখনৰ চালক হেণ্ডিমেনে বন বিভাগৰ লোকক দেখি ট্ৰাক খন এৰি পলাবলৈ লওতে বন বিভাগৰ কৰ্মীয়ে লোক দুজনক আটক কৰিবলৈ সক্ষম হয়।ট্ৰাকখনৰ নম্বৰ এ.এচ ০১- এইচ.চি ৯৬৭৫।  চোৰাং কাঠখিনিৰ মূল্য প্ৰায় ২.৫০ লাখ বুলি বন বিভাগে জানিবলৈ দিছে। প্ৰণিধানযোগ্য যে অসম চৰকাৰৰ বন বিভাগে এনে অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবী কৰিলেও  এতিয়াও যে অবৈধ ভাৱে চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত আছে সেইটো ধ্ৰুৰূপ।