Home Blog Page 2414

গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ …

গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ ।মূল্যবৃদ্ধিৰ প্ৰতিবাদত ২ ঘণ্টা অৱস্থান ধৰ্মঘট । পশ্চিম কোকৰাঝাৰ জিলাৰ উদ্যোগত গোসাঁইগাঁৱত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। দ্ৰব্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত এই কাৰ্যসূচী। মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয় ।

দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অৱস্থান ধৰ্মঘট । দ্ৰব্য মূল্য ৰোধ কৰক, ভাৰত চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মূর্দাবাদ, দ্ৰব্য মূল্য নিয়ন্ত্ৰণ কৰক, আমাৰ দাবী মানিব লাগিব, মূল্য বৃদ্ধি কৰা নছলিব, যোগান মন্ত্ৰী পদত্যাগ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে গোসাইগাঁও মহকুমাধিপতিৰ চৌহদ। প্ৰতিবাদ কাৰ্যসূচীৰ অন্তত মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

এজাক সৰলমনা শিশুৰ হাঁহিৰে প্ৰতি দেওবাৰে মুখৰ হৈ পৰে চিলাপথাৰ বাৰূৱতীৰ ‘কৃষ্ণকান্ত সন্দিকৈ’ পুথিভঁৰাল

দেৱজিৎ লাহনৰ লগতে গাঁওখনৰ কেইজনমান শিক্ষিত যুৱকে কৰি গৈছে এই কামঃ আজিৰ পৰা দুই দশকৰ আগতেই চিলাপথাৰৰ বাৰূৱতী গাঁৱত প্ৰতিষ্ঠা লাভ কৰিছিল কৃষ্ণকান্ত সন্দিকৈ নামৰ পুথিভঁৰালটিয়ে । মাজতে দুই চাৰিবছৰ বিভিন্ন কাৰণত পুথিভঁৰালটিৰ কাম কাজ বন্ধ হৈ পৰিছিল । পুনৰ গাঁওখনৰ শিক্ষিত , সমাজপ্ৰিয় যুৱক তথা যুৱপ্ৰজন্মৰ এগৰাকী লেখক দেৱজিৎ লাহনে গাঁওখনৰে সাহিত্য-সংস্কৃতি প্ৰেমী উদ্যমী শিক্ষিত যুৱকসকলৰ উদ্যোগত শাৰীৰিক, মানসিক, শৈক্ষিক, বৌদ্ধিক এই আটাইবোৰ দিশৰ উৎকৰ্ষৰ লক্ষ্যৰে পুথিভঁৰালটিৰ পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰি প্ৰতি দেওবাৰে পুৱাৰ ভাগত অনুষ্ঠিত কৰি আহিছে বিভিন্ন কাৰ্যসূচী। গাঁওখনৰ শিশুসকলৰ উপৰিও সমীপৱৰ্তী বহুকেইখন গাঁৱৰ শিশুৱে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে যাতে গোটেই কাৰ্যসূচীসমূহত সম্পূৰ্ণভাৱে মনোযোগ দিব পাৰে, অৰ্থাৎ কাৰ্যসূচীসমূহৰ বাবে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সাজু হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকল আহি উপস্থিত হোৱাৰ পাছতে কেতবোৰ খেল খেলিবলৈ দিয়া হয়। সামূহিক চাফাই কাৰ্যসূচীৰে পুথিভঁৰালৰ চৌহদ পৰিষ্কাৰ কৰাৰ পাছতে হাত-ভৰি ধুই পুথিভঁৰালত ধূপ-চাকি জ্বলাই প্ৰাৰ্থনাৰে মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ প‍াছতে ‘আজিৰ চিন্তা’ শীৰ্ষক কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰপৰা এটি মহৎ লোকৰ বাণী ব্লেক ব’ৰ্ডত লিখিবলৈ দিয়া হয় আৰু তাৰ ওপৰত আলোচনা আগবঢ়োৱা হয়। তাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাধু কথন, কবিতা আবৃত্তি, চিত্ৰাংকন, কৌতুক, সাঁথৰ, আকস্মিক বক্তৃতা, কুইজ,নৃত্য-গীত ইত্যাদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

শেষত সমূহীয়াভাৱে অসমৰ জাতীয় সংগীত আৰু কেতিয়াবা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদানৰ বাবে মাজে মাজে প্ৰতিযোগিতাৰ আয়োজন কৰি পুৰস্কৃত কৰা হয়। প্ৰতি দেওবাৰে একোগৰাকী সমল ব্যক্তিৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক ‘অন্তৰংগ আলাপ’ অনুষ্ঠানৰ কৰা হয়। ইয়াৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ বাহিৰৰ বহুতো নজনা কথা জানিবলৈ সুযোগ লাভ কৰে। উল্লেখ্য যে , পুথিভঁৰালটিত অনুষ্ঠিত হৈ থকা এই কাৰ্যসূচীসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ মনতো যে এক নতুন ইতিবাচক আৰু ভাল লগা অনুভূতিৰ ভাৱ জগাই তুলিছে এই কথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক দুয়োফালৰ পৰা এই প্ৰতিবেদকে প্ৰত্যক্ষভাবে পুথিভঁৰালটিত সমল ব্যক্তি হিচাপে উপস্হিত থাকি সেই অভিজ্ঞতা লাভ কৰো । পুথিভঁৰালটিত লোৱা এনে পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই কিছু শুভাকাংক্ষী তথা অভিভাৱকে বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ নিজৰ ফালৰপৰা প্ৰদান কৰাৰ লগতে মাজে মাজে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লঘু আহাৰৰ ব্যৱস্থাও কৰে।

মাত্ৰ এগিলাচ পানীৰ বাবেই চৰ্চালৈ আহিছে কেন্দ্ৰী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেতিয়াবা উচ্চ পদবীত অধিষ্ঠিত হৈ থকা লোক একাংশয়ো এনে কেতবোৰ কাম কৰি দেখুৱায় যি কামে তেনে ব্যক্তিৰ গৰিমা বহু খিনি বঢ়াই তোলে। ভাৰতৰ কেন্দ্ৰীয় বিত্চ মন্ত্ৰী নিৰ্মলা সীতাৰমণেও তেনে কামেই কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
মন্ত্ৰীগৰাকীয়ে মুম্বাইত এক অনুষ্ঠানৰ সময়ত তেওঁৰ মানৱীয় গুণৰ পৰিচয় দি প্ৰশংসা লাভ কৰিছে। উক্ত অনুষ্ঠানটোত ভাষণ দি আছিল নেচনেল চিকিউৰিটিজ ডিপজিটৰী লিমিটেডৰ (এনএছডিএল) পৰিচালনা সঞ্চালক পদ্মজা চুণ্ডুৰুৱে।ভাষণৰ মাজতে চুণ্ডুৰুৱে এগিলাচ পানী বিচাৰিছিল। চুণ্ডুৰুৱৰ এনে অনুৰোধৰ সময়তে অলপো সময় নষ্ট নকৰি বিত্তমন্ত্ৰী সীতাৰমণে তৎক্ষণাৎ নিজৰ আসনৰ পৰা থিয় হৈ চুণ্ডুৰুলৈ এগিলাচ পানী আগবঢ়াই দিয়ে। সীতাৰমণৰ এনে কাৰ্যত আচৰিত হৈ পৰা দৰ্শকসকলে তেওঁক হাততালিৰে প্ৰশংসা কৰে।শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিৰ্মলা সীতাৰমণৰ এনে মহানুভৱতাৰ এটা ভিডিঅ’ টুইট কৰিছে।যিটো টুইট এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ‘সঁচাকৈয়ে কিছুমান ৰাজনীতিবিদৰ মাজত মানৱতা এতিয়াও জীয়াই আছে ‘— টুইটাৰত এনেদৰে লিখিছে বহুতে।


‘আমাৰ বিত্তমন্ত্ৰী ডাউন টু আৰ্থ লিডাৰ, মই বাংগালোৰত কেতিয়াবা ৰাতিপুৱাৰ আহাৰ খোৱাৰ সময়ত দেখিছিলো তেওঁ এখন সাধাৰণ ৰেষ্টুৰেণ্টত আহাৰ গ্ৰহণ কৰিছে,” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে।আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে—’তেওঁৰ নামত ‘নিৰ্মলতা’ আছে, আৰু এনে কাৰ্যৰ জৰিয়তে তেওঁ সেয়া জীয়াই ৰাখিছে’। উল্লেখ্য লণ্ডনত অধ্যয়ন কৰি থকা সময়তে নিৰ্মলা সীতাৰমণে ৰিগেন্ট ষ্ট্ৰীটত থকা এখন গৃহ সজ্জাৰ সামগ্ৰীৰ দোকানত চেলছ গাৰ্ল হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ ইউ কেৰ এগ্ৰিকালছাৰ ইঞ্জিনিয়াৰিং এছচিয়েশ্যনত এগৰাকী সহকাৰী অৰ্থনীতিবিদ হিচাপে কিছুদিন কাম কৰে। প্ৰাইচ ৱাটাৰহাউচ আৰু বিবিচি ৱৰ্লড চাৰ্ভিছৰ বাবেও কিছু দিন কাম কৰিছিল নিৰ্মলা সীতাৰমণে। সেই সময়ৰে পৰাই তেওঁ নানান কামৰ জৰিয়তে মানৱতা আৰু দায়বদ্ধতাৰ পৰিচয় দি আহিছে।

গৰৈমাৰীত পথাৰতে মৰহি গৈছে কৃষকৰ কষ্টৰ ফচল ইৰি খেতি : অচিন ৰোগত ছন পৰিছে খেতি

পথাৰতে মৰহি গৈছে কৃষকৰ কষ্টৰ ফচল ,শ শ বিঘা ইৰি ধানৰ খেতিত অচিন ৰোগ৷দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ পথাৰতে ছন পৰিছে ইৰি খেতি ৷গৰৈমাৰীৰ মহিমাৰীৰ কৃষকৰ মূৰে কপালে হাত৷ বিভিন্ন ধৰণৰ অচিন পোকৰ আক্ৰমণত বিঘাই বিঘাই ইৰি খেতি নষ্ট হৈ পৰিছে ৷ধান খেতিত ঔষধ দিয়াৰ পিছতো সুফল লাভ কৰা নাই কৃষক সকলে। ফলত দিশহাৰা হৈ পৰিছে কৃষকসকল।ইফালে গৰৈমাৰীত কৃষি বিভাগৰ কাৰ্যালয় এখন আছে যদিও কোনো দিনে এই সকল বিষয়া কৰ্মচাৰীয়ে কৃষক সকলৰ লগত যোগাযোগ বা কোনো দিনে খেতি পথাৰ পৰিদৰ্শন নকৰাৰ অভিযোগ উত্থাপন হৈছে।

গৰৈমাৰীৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী ও গ্ৰাম সেৱক সকলে বেছি সংখ্যক সময় নিজ কৰ্তব্যক ফাকি দি ঘৰতে বহি মাহৰ মূৰত মাহ বছৰৰ মূৰত বছৰ ধৰি দৰ্মহা খাই থকাৰ অভিযোগ উত্থাপন  হৈছে।অতিশীঘ্ৰেই ৰাজ্য চৰকাৰৰ ব্যগোম কৃষি বিভাগে কৃষক সকলৰ ক্ষতিপুৰণৰ দাবী কৰিছে কৃষক সকলে ৷

‘বলীউডে মোক বহন কৰিব নোৱাৰিব’, দক্ষিণৰ অভিনেতাৰ মন্তব্যকলৈ তুমুল প্ৰতিক্ৰিয়া

হিন্দীক ৰাষ্ট্ৰভাষা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ বহুতে চেষ্টা চলাই থকাৰ মাজতে আজি হিন্দী কেন্দ্ৰিক এক মন্তব্যকলৈ দক্ষিণৰ চুপাৰষ্টাৰ মহেশ বাবু চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰে। শেহতীয়াকৈ অভিনেতা আদিৱী চেছৰ ‘মেজৰ’ ছবি খনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত জনপ্ৰিয় অভিনেতাগৰাকীয়ে কৰা এটা মন্তব্যক লৈ এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে।অনুষ্ঠানটোত একাংশ সাংবাদিকে মহেশ বাবুক সুধিছিল যে তেওঁ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিব নেকি?বিখ্যাত তাৰকাগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছিল , ‘বলীউডে মোক বহন কৰিব নোৱাৰিব’। এই মন্তব্যৰ বাবেই এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে অভিনেতাগৰাকী।


ইয়াৰ মাজতে অভিনেতাগৰাকীৰ ব্যক্তিগত সহায়কে প্ৰকাশ কৰা এক বিবৃতিটো কোৱা হৈছে যে তেওঁ যি কৈছিল সেয়া বিতৰ্কৰ সৃষ্টি কৰিবলৈ কোৱা নাছিল। “মহেশে স্পষ্ট কৰি দিছে যে তেওঁ চিনেমা ভাল পায় আৰু সকলো ভাষাকে সন্মান কৰে। তেওঁ কৈছিল যে তেওঁ য’ত কাম কৰি আছে সেই ভাষাৰেই ছবি কৰিবলৈ তেওঁ স্বাচ্ছন্দ্যবোধ কৰে’। উল্লেখ্য হিন্দী ভাষাকলৈ সৃষ্টি হৈ থকা বিতৰ্কৰ মাজতে অভিনেতাগৰাকীৰ এনে মন্তব্যই আনকি বলীউডকো জোকাৰি গৈছে। কিছুদিন পূৰ্বে অভিনেতা অজয় দেৱগনেও হিন্দী ভাষাৰ সমৰ্থনত কৰা টুইট আৰু কংগনা ৰাণাৱটৰ মন্তব্যই দেশত প্ৰতিক্ৰিয়াৰ জোৱাৰ তুলিছিল।

বঙাইগাঁৱৰ যুৱক বহি:ৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ! শংকিত পৰিয়াল…

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰা ২ য় খণ্ড গাওঁৰ যুৱক নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালত হুৱাদুৱাৰ সৃষ্টি কৰিছে। আব্দুল মজিদৰ পুত্ৰ ছফিকুল ইছলাম (২২) এমাহ পূৰ্বে কোৰবান আলী নামৰ ঠিকাদাৰ এজনৰ অধীনত বহি:ৰাজ্যৰ বাংগালোৰত ভঙা-ছিঙা সামগ্ৰীৰ কাম কৰিবলৈ গৈছিল। কিন্তু যুৱক জনে শাৰীৰিক অসুস্থতাৰ বাবে ৬ মে’ শুক্ৰবাৰ দিনা ঘৰত আহোঁতে ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খা-খবৰ লৈছে যদিও এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই। নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে।

কোনো সদাশয় ব্যক্তিয়ে যুৱক জনৰ সম্ভেদ পালে 9707181897 অথবা মেৰেৰচৰ আৰক্ষী থানাত খবৰ দিবলৈ আহব্বান জনাইছে।

কাইলৈৰ পৰা ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত ঐতিহাসিক ফাটবিহু।সজাই-পৰাই তোলা হৈছে মহঘূলি চাপৰি

আহোম ৰাজত্বৰ সময়ৰে পৰা ঐতিহ্য ৰক্ষা কৰি ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত অনুষ্ঠিত হৈ অহা জাতি জনগোষ্ঠীৰ মহা-মিলনৰ উৎসৱ ফাটবিহু অহা ১৩,১৪ আৰু ১৫ মে’ত তিনি দিনীয়াকৈ অনুষ্ঠিত হ’ব।ঐতিহাসিক ফাটবিহুলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী।মহঘূলি চাপৰিত ফাটবিহু আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।এইবাৰ ফাটবিহুত অসমৰ বোলছৱি জগতৰ যশশ্ৰী অভিনেতা প্ৰাঞ্জল শইকীয়া,অভিনেত্ৰী অমৃতা গগৈ আৰু জনপ্ৰিয় সংগীত শিল্পী ৰূপা মিলিৰ লগতে অসমৰ কেইবাজনো প্ৰসিদ্ধ বিহুৱা তথা বিশিষ্ট লোকে অংশগ্ৰহণ কৰিবহি।

চাৰিকড়িয়া নৈৰ পাৰৰ মহঘূলি চাপৰিৰ ফাটবিহু তলীখধ চাফ চিকুণ কৰাৰ লগতে গছ গছনীবোৰতো চূণ-তেল সানি সৌন্দৰ্য্য বৰ্দ্ধন কৰা হৈছে।

এলিয়েন সঁচাকৈয়ে আছে নে?গৱেষকসকলে প্ৰকাশ কৰা ‘সৰ্বশ্ৰেষ্ঠ ইউএফঅ’ৰ ছবিকলৈ তুমুল চাঞ্চল্য

ভিন্ন গ্ৰহৰ প্ৰাণী গ্ৰহৰ প্ৰাণী এলিয়েনক লৈ বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহৰ মাজতো কৌতূহলৰ অন্ত নাই। এলিয়েনকলৈ আনকি বিজ্ঞানীসকলৰ মাজতে ভিন্ন ভিন্ন মত থকা পৰিলক্ষিত হয়।শেহতীয়াকৈ ৰহস্যময় এলিয়েনৰ এখন বিশেষ ছবি প্ৰকাশ কৰিছে একাংশ বিজ্ঞানীয়ে। গৱেষকসকলে প্ৰকাশ কৰা ছবি খনক ‘এতিয়ালৈকে তোলা ইউএফঅ’ৰ সৰ্বশ্ৰেষ্ঠ আলোকচিত্ৰ’ বুলি কোৱা হৈছে।ছবি খনে ইণ্টাৰনেটততুমুল আলোড়ণৰ সৃষ্টি কৰিছে। ছবিখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে আৰু ব্যাপকভাৱে শ্বেয়াৰ কৰাও হৈছে। ছবি খনৰ বাওঁফালে এক বিশেষ উৰণীয়া বস্তু দেখা গৈছে। ছবিখনথ ইউএফঅ’ৰ উপস্থিতিও ধৰা পৰিছে।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছবি খন ৫০ বছৰ আগতে মানচিত্ৰ নিৰ্মাতা চাৰ্জিও লোইজাই তুলিছিল। তেওঁ ১০০ পাউণ্ড কেমেৰাৰে কোষ্টা ৰিকাৰ অৰণ্যৰ ১০,০০০ ফুট উচ্চতাৰ পৰা ছবি খন তুলিছিল।


মানচিত্ৰ জৰীপৰ কামত ব্যস্ত থকাৰ সময়তে তেওঁ ৩০০০ মিটাৰ উচ্চতাত লেক কোট আৰু ইয়াৰ কাষৰীয়া বৰ্ষাৰণ্যৰ শ শ ক’লা আৰু বগা ফটো তুলিছিল। সেই ছবিতেই ধৰা পৰিছিল ৰহস্যময় = ইউএফঅ’ ।নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদক লেছলি কেনে তেওঁৰ প্ৰতিবেদনত ছবিখন এতিয়ালৈকে তোলা ইউএফঅ’ৰ “সৰ্বশ্ৰেষ্ঠ” ছবি বুলি উল্লেখ কৰিছে। শেহতীয়াকৈ বায়ো ছায়েন্স নামৰ এখন আলোচনীত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীলৈ অচিৰেই আহি আছে এলিয়েন।২০২২ৰ মে মাহত পৃথিৱীত এলিয়েনে প্ৰৱেশ কৰিব বুলিও একাংশ বিজ্ঞানীয়ে কৈছিল। ২৪মে’ ২০২২ত প্ৰথমবাৰৰ বাবে পৃথিৱীত এলিয়েনে খোজ পেলাব আৰু এই ঘটনা পৃথিৱীৰ বাবে অধিক ভয়ংকৰ ঘটনা হ’ব বুলি পূৰ্বে এক প্ৰতিবেদনত প্ৰকাশ পাইছিল।

অৱসৰৰ পিছতো পাঠদানৰ সেৱা আগবঢ়াই যোৱা কামৰূপৰৰ খৰিকটা হাইস্কুলৰ প্ৰতিষ্ঠা কালৰ সংস্কৃত শিক্ষক কনক চন্দ্ৰ গোস্বামীৰ বিদায় সম্বৰ্ধনা

অৱসৰৰ পিছতো পাঠদান সেৱা আগবঢ়াই থকা কামৰূপ জিলাৰ খৰিকটা হাইস্কুলৰ প্ৰতিষ্ঠা কালৰ সংস্কৃত শিক্ষক কনক চন্দ্ৰ গোস্বামীৰ বিদায় সম্বৰ্ধনা সভাখন বুধবাৰে অনুষ্ঠিত হৈ যায় ৷খৰিকটা হাইস্কুল প্ৰাঙ্গণত বুধবাৰে বিয়লি অনুষ্ঠিত সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে বিদ্যানয়খনৰ সহঃ শিক্ষক শৰৎ চন্দ্ৰ কাকতিয়ে৷প্ৰতিষ্ঠাৰ দিনটোৰপৰা বিদ্যালয়খনত ৪০ বছৰ শিক্ষকতা কৰি অৱসৰ বিগত ২০২১ বৰ্ষৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰা কনক চন্দ্ৰ গোস্বামীয়ে অৱসৰৰ পিছতো স্ব-ইচ্ছাই বৰ্তমানলৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আছে ৷ যাৰবাবে প্ৰতিগৰাকী বক্তাই সভাত তেওঁৰ প্ৰশংসা কৰে৷এই সম্বৰ্ধনা সভাত সতীৰ্থ শিক্ষক-কৰ্মচাৰী আৰু প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থী সকলেও এইগৰাকী মহান শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে৷

সভাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বাইহাটা চাৰিআলি থানা উপদেষ্টা সমিতিৰ সম্পাদক জগদীশ ডেকাই জাপি আৰু ফুলাম গামোছাৰে অৱসৰী শিক্ষক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত খৰিকটা হাইস্কুলৰ প্ৰধান শিক্ষক পুলিন চন্দ্ৰ শৰ্মাসহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷সভাখনৰ আঁত ধৰে বিদ্যালয়খনৰ সহঃ শিক্ষক মহৎ চন্দ্ৰ ডেকাই৷

গুণোৎসৱৰ প্ৰাকক্ষণতেই টেঙাখাতৰ অঙ্গনবাড়ী কেন্দ্ৰত চোৰৰ তাণ্ডব: তীব্ৰ প্ৰতিক্ৰিয়া

বিদ্যালয় সমূহৰ গুণোৎসৱৰ প্ৰাকক্ষণতেই ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ এটা অঙ্গনবাড়ী কেন্দ্ৰৰ পৰা যোৱা নিশা চোৰে বহু সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে,।অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ নকাৰী ০২ অঙ্গনবাড়ী কেন্দ্ৰৰ পৰা শিশুসকলৰ বাবে ৰখা খাদ্য, গেছ চিলিণ্ডাৰ আৰু অন্যান্য যাৱতীয় সামগ্ৰী চুৰি কৰাৰ লগতে বহু কিতাপ পত্ৰ নষ্ট কৰি থৈ যায়।ইতিমধ্যে, কেন্দ্ৰটোত অঞ্চলটোৰ গাঁওবুঢ়া , পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে পৰিদৰ্শন কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে কেন্দ্ৰটোৰ কৰ্মী লিনা গগৈ আৰু সহায়িকা নিৰুমণি হাজৰিকাই টেঙাখাত আৰক্ষী থানাত এক এজাহাৰৰ যোগেদি অভিযোগ উত্থাপন কৰিছে।

এই ক্ষেত্ৰত আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷