Breaking

এজাক সৰলমনা শিশুৰ হাঁহিৰে প্ৰতি দেওবাৰে মুখৰ হৈ পৰে চিলাপথাৰ বাৰূৱতীৰ ‘কৃষ্ণকান্ত সন্দিকৈ’ পুথিভঁৰাল

0 1,187

দেৱজিৎ লাহনৰ লগতে গাঁওখনৰ কেইজনমান শিক্ষিত যুৱকে কৰি গৈছে এই কামঃ আজিৰ পৰা দুই দশকৰ আগতেই চিলাপথাৰৰ বাৰূৱতী গাঁৱত প্ৰতিষ্ঠা লাভ কৰিছিল কৃষ্ণকান্ত সন্দিকৈ নামৰ পুথিভঁৰালটিয়ে । মাজতে দুই চাৰিবছৰ বিভিন্ন কাৰণত পুথিভঁৰালটিৰ কাম কাজ বন্ধ হৈ পৰিছিল । পুনৰ গাঁওখনৰ শিক্ষিত , সমাজপ্ৰিয় যুৱক তথা যুৱপ্ৰজন্মৰ এগৰাকী লেখক দেৱজিৎ লাহনে গাঁওখনৰে সাহিত্য-সংস্কৃতি প্ৰেমী উদ্যমী শিক্ষিত যুৱকসকলৰ উদ্যোগত শাৰীৰিক, মানসিক, শৈক্ষিক, বৌদ্ধিক এই আটাইবোৰ দিশৰ উৎকৰ্ষৰ লক্ষ্যৰে পুথিভঁৰালটিৰ পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰি প্ৰতি দেওবাৰে পুৱাৰ ভাগত অনুষ্ঠিত কৰি আহিছে বিভিন্ন কাৰ্যসূচী। গাঁওখনৰ শিশুসকলৰ উপৰিও সমীপৱৰ্তী বহুকেইখন গাঁৱৰ শিশুৱে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে যাতে গোটেই কাৰ্যসূচীসমূহত সম্পূৰ্ণভাৱে মনোযোগ দিব পাৰে, অৰ্থাৎ কাৰ্যসূচীসমূহৰ বাবে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সাজু হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকল আহি উপস্থিত হোৱাৰ পাছতে কেতবোৰ খেল খেলিবলৈ দিয়া হয়। সামূহিক চাফাই কাৰ্যসূচীৰে পুথিভঁৰালৰ চৌহদ পৰিষ্কাৰ কৰাৰ পাছতে হাত-ভৰি ধুই পুথিভঁৰালত ধূপ-চাকি জ্বলাই প্ৰাৰ্থনাৰে মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ প‍াছতে ‘আজিৰ চিন্তা’ শীৰ্ষক কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰপৰা এটি মহৎ লোকৰ বাণী ব্লেক ব’ৰ্ডত লিখিবলৈ দিয়া হয় আৰু তাৰ ওপৰত আলোচনা আগবঢ়োৱা হয়। তাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাধু কথন, কবিতা আবৃত্তি, চিত্ৰাংকন, কৌতুক, সাঁথৰ, আকস্মিক বক্তৃতা, কুইজ,নৃত্য-গীত ইত্যাদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

শেষত সমূহীয়াভাৱে অসমৰ জাতীয় সংগীত আৰু কেতিয়াবা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদানৰ বাবে মাজে মাজে প্ৰতিযোগিতাৰ আয়োজন কৰি পুৰস্কৃত কৰা হয়। প্ৰতি দেওবাৰে একোগৰাকী সমল ব্যক্তিৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক ‘অন্তৰংগ আলাপ’ অনুষ্ঠানৰ কৰা হয়। ইয়াৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ বাহিৰৰ বহুতো নজনা কথা জানিবলৈ সুযোগ লাভ কৰে। উল্লেখ্য যে , পুথিভঁৰালটিত অনুষ্ঠিত হৈ থকা এই কাৰ্যসূচীসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ মনতো যে এক নতুন ইতিবাচক আৰু ভাল লগা অনুভূতিৰ ভাৱ জগাই তুলিছে এই কথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক দুয়োফালৰ পৰা এই প্ৰতিবেদকে প্ৰত্যক্ষভাবে পুথিভঁৰালটিত সমল ব্যক্তি হিচাপে উপস্হিত থাকি সেই অভিজ্ঞতা লাভ কৰো । পুথিভঁৰালটিত লোৱা এনে পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই কিছু শুভাকাংক্ষী তথা অভিভাৱকে বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ নিজৰ ফালৰপৰা প্ৰদান কৰাৰ লগতে মাজে মাজে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লঘু আহাৰৰ ব্যৱস্থাও কৰে।

Leave A Reply