Home Blog Page 2425

কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ…

ইছলাম ধৰ্মাৱলম্বী মুছলমান সকলৰ পূণ্যময়ী আৰু পৱিত্ৰ ৰমজান মাহ সমাগত। ৰমজানৰ আগমনক’লৈ বিশ্ব মুছলমান সকলৰ মাজত বিৰাজ কৰিছে আনন্দ-উছাহ। এটা বছৰ প্ৰতিক্ষাৰ অন্তত দয়া, কল্যাণ আৰু ক্ষমা’লৈ মুছলমান সকলৰ দুৱাৰডলিত আহি উপস্থিত হোৱাৰ ক্ষণ গণি থকা পূণ্যময়ী মাহ ৰমজানক আদৰিবলৈ বিশ্বৰ মুছলমান সকলে চলাইছে ব্যাপক প্ৰস্তুতি।বিশুদ্ধ মনেৰে ৰমজান মাহত বিভিন্ন ধৰণৰ এবাদত-বন্দেগী কৰিবলৈ ইতিমধ্যে সাজু হৈছে মুছলমান লোক সকল। পৱিত্ৰ ৰমজান মাহত মুছলমানসকলে ৰোজা পালন কৰিব।


দেওবাৰ অৰ্থাৎ ৩ এপ্ৰিলৰ পৰা আৰম্ভ হব ৰমজান মাহ। ইছলামিক ক্যালেন্ডাৰ অনুসৰি আৰবী বছৰৰ নৱম মাহ হৈছে ৰমজান।
ইছলামীক বিধান অনুসৰি ৰমজান হৈছে উপবাসৰ মাহ। এই মাহত মুছলমান সকলে দিনটো উপবাসে থাকি ৰোজা অৰ্থাৎ ব্ৰত পালনৰ দ্বাৰা ধৰ্মীয় কাৰ্য আৰম্ভ কৰে। তদুপৰি প্ৰতিদিনে পাঁচ বাৰ নামাজ পঢ়া’কে ধৰি বিভিন্ন ধৰণৰ এবাদত আৰম্ভ কৰে। ইছলাম ধৰ্মী লোকবিশ্বাস মতে, এই মাহত প্ৰভুৰ উপাসনা বা ধৰ্ম কাৰ্য কৰিলে অন্য মাহৰ তুলনাত অনেক ধবেচি পূণ্য বা ছোৱাব পোৱা যায়। তাৰোপৰি ৰোজা পালন কাৰীৰ কাৰণে মহান আল্লাহে জান্নাতৰ দৰ্জাসমূহ উন্মুক্ত কৰি দিয়ে।

বিশ্বকাপ ফুটবলৰ এইবাৰৰ দাবীদাৰ কোন?

ফিফা বিশ্বকাপ ফুটবলৰ কাউণ্ট ডাউন আৰম্ভ। ফাইনেল ড্ৰত চূড়ান্ত হৈছে কোনটো দল কোনটো গ্ৰুপত থাকিব। সেই অনুসৰি আকৰ্ষণীয় হব এইবাৰৰ খেল। একেটা গ্ৰুপতে থাকিব স্পেইন আৰু জাৰ্মানী। গ্ৰুপ এত থাকিব কাটাৰ, ইকুৱেডৰ, ছেনেগাল আৰু নেডাৰলেণ্ড। ইয়াৰ বিপৰীতে বি গ্ৰুপত থাকিব ইংলেণ্ড, ইৰান, আমেৰিকা আৰু ইউৰো প্লে অফ। গ্ৰপ চিত থাকিব আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো আৰু পোলেণ্ড।

ইফালে গ্ৰুপ ডিত থাকিব ফ্ৰান্স, ফিফা আই চি প্লে অফ ৱান, ডেনমাৰ্ক আৰু টিউনিছিয়া। গ্ৰুপ ইত থাকিব স্পেইন, আই চি প্লে অফ দুই, জাৰ্মানী আৰু জাপান। ইফালে গ্ৰুপ এফত থাকিব বেলজিয়াম, কানাডা, মৰক্কো আৰু ক্ৰয়েছিয়া। আনহাতে, গ্ৰুপ জিত থাকিব ব্ৰাজিল, চাৰ্বিয়া, ছুইজাৰলেণ্ড আৰু কেমেৰুন। অন্তিমটো গ্ৰুপ এইছত থাকিব পৰ্টুগাল, ঘানা, উৰুগুৱে আৰু কোৰিয়া। উল্লেখ্য যে, চলিত বছৰৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হ’ব বিশ্ব ফুটবলৰ মহাৰণ।

দুধনৈৰ ৰাজপথত সহস্ৰাধিক প্ৰতিবাদকাৰীৰ জোৰ সমদল…

দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি পালন নকৰা তথা ৰাভা হাছং এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অমীমাংসিত সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি যৌথ সংগ্ৰামৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত পাঁচটা বছৰ আৰু চলিত চৰকাৰৰ প্ৰায় এটা বছৰত ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যাৰ লগতে মূলত ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে  আজিৰে পৰা ২৬ মে’ লৈকে প্ৰায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ঘোষিত আন্দোলনৰ কাৰ্যসূচী মতে আজি গোৱালপাৰা জিলাৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জোঁৰ সমদল উলিওৱাৰ লগতে দুধনৈতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আজি সন্ধিয়া ৬ বজাৰ লগে লগে দুধনৈস্থিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাংগণৰ পৰা জোৰ সমদল উলিওৱা হয়।

জোৰ সমদল কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিৰঞ্জন ৰাভাই। হাতে হাতে জোৰ লৈ প্ৰতিবাদকাৰী সকলে ‘আমাক ষষ্ঠ অনুসূচী লাগিবই’, ‘আমাৰ দাবী মানিবই লাগিব’, ‘যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ’, ‘আৰছু লং লিভ,’  ‘ষষ্ঠ অনুসূচী দাবী সমিতি লং লিভ’, ‘ৰাভা বিৰোধী হুচিয়াৰ, ‘ৰাভা ঐক্য জিন্দাবাদ’, No Sixth Schedule, No Rest আদি শ্লোগানেৰে দুধনৈৰ আকাশ বতাহ মুখৰিত কৰি তোলে। সহস্ৰাধিক পুৰুষ মহিলাৰ অংশগ্ৰহনেৰে উলিওৱা সমদলটি ষষ্ঠ অনুসূচী দাবী সমিতিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি নিউ দুধনৈৰ হৰি মন্দিৰ হৈ আগুৱাই খেলাৰাম মন্দিৰৰ সন্মুখেৰে দামৰা ৰাস্তাৰে গৈ ঠেকাচু, উদয়পুৰ, সাপ্তাহিক বজাৰ, শান্তিপূৰ, কলেজ ৰোড হৈ পুনৰ কাৰ্যালয়ত উপস্থিত হয়। উল্লেখযোগ্য যে ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰণৰ বাবে সুদীৰ্ঘ বছৰেও অসম চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে যোৱা ২২ মাৰ্চত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।

কাৰ্য্যসূচী অনুসৰি অহা ৬ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে জয়ৰামকুচিৰ পৰা ধূপধৰালৈকে চাইকেল ৰেলী, ২২ এপ্ৰিলত গোৱালপাৰা জিলাৰ শোলমাৰী, দুধনৈ, ধুপধৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখলৰ কাৰ্য্যসূচী ৰূপায়ণ, ২৬ এপ্ৰিলৰ পৰা ২২ মে লৈকে জিলাখনৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জনসম্পৰ্ক যাত্ৰা, ২৪ মেৰ পৰা ২৬ মেলৈ জয়ৰামকুচিৰ পৰা ধূপধৰালৈকে বাইক ৰেলী উলিওৱা হব। আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি সংগঠন কেইটাৰ নেতৃত্বই  ইতিমধ্যে কৈছে যে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আমাৰ এই আন্দোলন, এই আন্দোলনৰ পিছতো যদি বিজেপি চৰকাৰখনে দাবী বা সমস্যা সমূহ সমাধানত গুৰুত্ব প্ৰদান নকৰে তেন্তে অনাগত সময়ত চৰকাৰী কাৰ্যালয়ৰ সমুখত ধৰ্ণা, সৰ্বাত্মক গোৱালপাৰা জিলা বন্ধ আৰু অৰ্থনৈতিক পথ অৱৰোধৰ দৰে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে তিনিওটা জিলা ৰাভা সংগঠনে ৷

ইতিহাস! ১০০খন আসন স্পৰ্শ কৰা দলত পৰিণত বিজেপি…

১৯৯০ চনৰ পিছত প্ৰথমবাৰলৈ ৰাজ্যসভাত ১০০খন আসন স্পৰ্শ কৰা দল হিচাপে পৰিগণিত হ’ল ভাৰতীয় জনতা পাৰ্টী। একপ্ৰকাৰৰ ৰাজ্যসভাৰ মজিয়াত ইতিহাস ৰচিলে গেৰুৱা দলটোৱে। ত্ৰিপুৰা, নাগালেণ্ড আৰু অসমত ৰাজ্যসভাৰ প্ৰাৰ্থী জয়ী হোৱাৰ পিচতে সদস্যৰ সংখ্যা বৃদ্ধি পায় বিজেপিৰ। বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদৰ সংখ্যা ১০১জনলৈ বৃদ্ধি। শেহতীয়াকৈ দেশৰ ৫ খন ৰাজ্যৰ পৰা ১৩ খন ৰাজ্যসভাৰ আসনৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰে পঞ্জাৱত বিনা প্ৰতিদ্বন্দ্বিতাৰে আম আদমী পাৰ্টীৰ ৫জন সাংসদ নিৰ্বাচিত হয়।

বিধায়কৰ সংখ্যা নথকাৰ বাবে পঞ্জাৱৰ আসনখন বিজেপিয়ে হেৰুৱালেও উত্তৰ-পূবৰ ৩ ৰাজ্য আৰু হিমাচল প্ৰদেশৰ আসনখন লাভ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে। ইয়াৰ লগে লগে বিজেপিৰ আসনৰ সংখ্যা ১০০ৰ অধিক হয় আৰু ৩২ বছৰৰ মূৰত এই কৃতিত্বৰ অধিকাৰী হোৱা প্ৰথমটো ৰাজনৈতিক দল হিচাপে বিবেচিত হয় ভাৰতীয় জনতা পাৰ্টী। উল্লেখ্য যে, ২০১৪ চনত ৰাজ্যসভাত বিজেপিৰ সদস্যৰ সংখ্যা আছিল ৫৫ জন। কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা নিৰন্তৰভাবে বৃদ্ধি পাব ধৰে ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যা। কেইবাখনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বাবে এই সফলতা পোৱাত সহায়ক হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ।

ধোনীৰ নেতৃত্বত ভাৰতৰ বিশ্বকাপ জয়ৰ ১১টা বছৰ…

আজি এটা বিশেষ দিন। আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলে বিশ্ববাসীৰ দৰবাৰত জিলিকাই তুলিছিল ভাৰতবৰ্ষৰ নাম। ২০১১ চনৰ ২ এপ্ৰিলৰ দিনটোতে ভাৰতী ক্ৰিকেট দলটোৱে বিশ্বকাপ জয় কৰে। সেই সময়ত ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীৰ নেতৃত্বত বিশ্বকাপত এই খিতাপ বুটলিবলৈ সক্ষম হৈছিল। বিশ্বকাপৰ ফাইনেল খেলখনত ভাৰতৰ বিৰুদ্বে প্ৰতিদন্দ্বিতা আগবঢ়াইছিল শ্ৰীলংকাই। ধোনীক বিশ্বকাপৰ ফাইনেল খেলখনত ৯১ ৰান সংগ্ৰহ কৰাৰ বাবে “মেন অফ দ্য মেচ” লাভ কৰাৰ বিপৰীতে যুৱৰাজ সিঙক “মেন অফ দ্য টুৰ্ণামেণ্ট” বঁটা প্ৰদান কৰা হৈছিল।

২০১১ চনৰ ক্ৰিকেট বিশ্বকাপ আছিল আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) আয়োজিত দশম বিশ্বকাপ। প্ৰতিযোগিতাখন ২০১১ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ২ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হৈছিল। ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশৰ দ্বাৰা সহ-আয়োজিত এই প্ৰতিযোগিতাখন ভাৰতীয় উপ মহাদেশত অনুষ্ঠিত হোৱা তৃতীয় বিশ্বকাপ আছিল। আইচিচিয়ে নিৰাপত্তাৰ কাৰণ উল্লেখ কৰি পাকিস্তানক অস্বীকাৰ কৰিছিল। ইয়াত ১৪ টা অংশগ্ৰহণকাৰী দল আছিল, য’ত আইচিচিৰ চাৰিজন সহযোগী সদস্য অন্তৰ্ভুক্ত আছিল- কেনিয়া, কানাডা, আয়াৰলেণ্ড আৰু নেডাৰলেণ্ড। ধোনীৰ নেতৃত্বত জয়ী হোৱা এই ক্ৰিকেট দলটোৱে ইতিহাস ক্ৰীড়া জগতত ইতিহাস ৰচনা কৰিছিল। এই জয়ৰ বাবে আজি সকলোৱে প্ৰশংসা কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজনক।

দিল্লী, পঞ্জাৱৰ পিছত এইবাৰ ‘আপ’ৰ টাৰ্গেট গুজৰাট….

দিল্লী, পঞ্জাৱৰ পিছত এইবাৰ নৰেন্দ্ৰ মোডীৰ গুজৰাটৰ ওপৰত চকু দিছে আম আদমী পাৰ্টিয়ে। শনিবাৰে আহমেদাবাদত কেজৰিৱালৰ সৈতে এক ৰোড শ্ব’ত অংশ লৈ পঞ্জাৱৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়- দিল্লী, পঞ্জাৱৰ পিছত আমি এতিয়া গুজৰাট দখলৰ বাবে প্ৰস্তুত হৈছো। আমি নিশ্চিত যে গুজৰাটৰ সকলো কল্যাণকামী জনতা আমাৰ এই যাত্ৰাত সহযোগ কৰিব।

উল্লেখ্য যে, আহমেদাবাদত তিৰংগা শীৰ্ষক এক ৰোড শ্বত অংশ লৈছিল আম আদমীৰ শীৰ্ষ নেতাসকলে। এই ৰেলীত উপস্থিত আছিল অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মানৰ উপৰিও আপৰ প্ৰায় সংখ্যক শীৰ্ষ নেতা। এই ৰোড শ্বৰ মাজতে এক অঘটনো সংঘটিত হল। কেজৰিৱালক সম্ভাষণ জনাই থাকোতে প্ৰায় ৩মহলীয়া অট্টালিকাৰ পৰা এগৰাকী সমৰ্থক পিছলৈ পৰিবলৈ লওঁতেই কোনোমতে প্ৰাণ ৰক্ষা কৰে আপৰ আন সমৰ্থক সকলে।

ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃহৎ সাংস্কৃতিক অনুষ্ঠান…

প্ৰতিকূল বতৰৰ মাজত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত অনুষ্ঠিত হয় সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এটা বিশেষ অনুষ্ঠান যোৱা কালি অনুষ্ঠিত হৈ যায়। কালি নিশাৰ পৰাই ধাৰাষাৰ বৰষুণ। কিন্তু প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত অনুষ্ঠিত হয়  ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচী । দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত অনুষ্ঠিত হয় এই অনুষ্ঠান।

গধূলিৰ পৰা আৰম্ভ হোৱা ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে। কন্ঠশিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী,  ত্ৰিৱেণী বুজৰবৰুৱাৰে ধৰি কেইবাগৰাকী স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অঞ্চলটোৰ কেইবা হাজাৰো সীমান্তবাসী ৰাইজ উপস্থিত থাকে। ‘সৰহদ কা স্বৰাঞ্জলি’ৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে মঞ্চত অনুষ্ঠিত হয় চিনাকি তথা সম্বৰ্ধনা অনুষ্ঠান। 
ভাৰত মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সেই অনুষ্ঠানত  সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ–সংযোজক প্ৰদীপণ, দিল্লীৰ প্ৰতিশযথা স্বেচ্ছাসেৱী সংগঠন ‘হন্স ফাউণ্ডেতন’ৰ বিভাগ সঞ্চালক প্ৰমুখ বিকাশ বাৰ্মা আৰু  প্ৰকল্প সন্ময়কাৰী বিনীত  ৰাৱত, অসমৰ প্ৰশাসন পৰিষদৰ সঞ্চালক প্ৰমোদ কলিতা, সীমান্ত চেতনা মঞ্চৰ জিলা সভাপতি নিখিল চন্দ্ৰ সৰকাৰ, সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সাংগঠনিক সম্পাদক যোগেন ৰায়, সীমান্ত চেতনা মঞ্চৰ অভ্যৰ্থনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ চৌধুৰীকে ধৰি জনপ্ৰিয় শিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী,  ত্ৰিৱেণী বুজৰবৰুৱা উপস্থিত থাকে। উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছত এখন সৰু তথ্যচিত্ৰ প্ৰদৰ্শিত হোৱাৰ পিছত সীমা সমস্যাৰ ওপৰত সীমান্ত’ নামৰ এখন নাট পৰিৱেশনেৰে ‘‘সৰহদ কা স্বৰাঞ্জলিৰ মূল আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ হয়।বুলি , অভৰ্থনা সমিতিৰ কাৰ্য্য কৰী সভাপতি কৃপা সিন্ধু সৰকাৰ জনায়। ়়

ধুবুৰী ৰেলষ্টেচনৰ পথত কমিউনিষ্ট পাৰ্টিৰ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে প্ৰতিবাদ কৰে।

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী চহৰৰ ৰেলষ্টেচনৰ পথত আজি কমিউনিষ্ট পাৰ্টিৰ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে বিভিন্ন শ্লোগানেৰে ধ্বনি দি এক  উত্তাল প্ৰতিবাদত সাব্যস্ত কৰে।

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কৰ্মীসকলে জানিবলৈ দিয়া মতে কেন্দ্ৰীয় চৰকাৰ শাসনত অহাৰ পিছৰেপৰাই অত্যাৱশ্যকীয় সামগ্ৰী সহ , প্ৰেট্ৰোল,ডিজেল আৰু ৰন্ধন গেছ জীৱনদায়ী ঔষধৰ মূল্য বৃদ্ধি কৰি আহিছে এই মূল্য বৃদ্ধিৰ ফলত দেশৰ জনতাৰ মাজত এক হাহাকাৰৰ সৃষ্টি হৈছে । মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনালে ধুবুৰী জিলাৰ কমিউনিষ্ট পাৰ্টিৰ কৰ্মীসকলে ।

শহুৰেকে নিজ বোৱৰীক ধৰ্ষণ কৰাৰ অভিযোগ

“মোৰ বিবাহ ২০২০ চনৰ ১১ জানুৱাৰীত দামোহত হৈছিল। বিয়াৰ পিছত দুমাহৰ বাবে এই সকলোবোৰ ভালদৰে চলিছিল। ইয়াৰ পিছত, শহুৰেকৰ অভিপ্ৰায়ৰ অৱনতি ঘটিল। মোৰ মূৰত এটা ফোঁহা আছিল। শাহুৱেকে ঔষধ গ্ৰহণ নকৰাত শহুৰেকে ঔষধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। মই ভাবিছিলো, তেওঁলোকে মোক এজনী ছোৱালী বুলি ভাবে, কিন্তু তেওঁলোকে ঔষধ প্ৰয়োগ কৰাৰ অজুহাতত লেতেৰা কাম কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা তেওঁ বুকুত হাত দি স্পৰ্শ কৰে, কেতিয়াবা তেওঁ পাকঘৰলৈ আহি বাহুত ভৰাই দিব। শহুৰেকে কেইবাবাৰো ধৰ্ষণ কৰিছিল। যেতিয়া তাই অত্যাধিক ভিৰ কৰিছিল, তাই তাইৰ স্বামীক কৈছিল, কিন্তু তাৰ বিপৰীতে তেওঁ মোক দোষাৰোপ কৰিছিল। মই আনকি অভিযোগ কৰিছিলো যে মোৰ আন কাৰোবাৰ সৈতে সম্পৰ্ক আছিল। ‘

এয়া হৈছে দামোহৰ বোৱাৰীৰ বেদনা, যিয়ে তাইৰ শহুৰেকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। বোৱাৰীয়েকে অভিযোগ কৰিছে যে বিয়াৰ দুমাহৰ পৰা ই তাইৰ সৈতে ভুল কৰি আহিছে। এই দুবছৰত, শহুৰেকে তেওঁক কেইবাবাৰো ধৰ্ষণ কৰিছিল। যদি আপুনি স্বামীক এইটো ক’বলৈ সাহস কৰে, তেন্তে তেওঁৰ উত্তৰ আছিল – আপুনি ইয়াৰ যোগ্য, আপুনি আপোনাৰ দেউতাকৰ সৈতে শুব। মহিলাগৰাকীৰ এছএইচঅ’ সুষমা শ্ৰীবাস্তৱে কৈছিল যে মহিলাগৰাকীৰ অভিযোগত অভিযুক্ত শহুৰেকক গ্ৰেপ্তাৰ কৰা হৈছে। স্বামী পলাতক।স্বামীয়ে যদি সমৰ্থন নকৰে, শহুৰেকৰ সাহস বাঢ়িল।মহিলাগৰাকীয়ে কয় যে যেতিয়া স্বামীয়ে তেওঁক সমৰ্থন কৰা নাছিল, শহুৰেকৰ সাহস আৰু অধিক বৃদ্ধি পাইছিল। যেতিয়াই তাই ঘৰত অকলে থাকে, তাইৰ শহুৰেকে মোক ধৰ্ষণ কৰিব। মই কান্দিছো, কিন্তু কোনেও মোৰ কথা নুশুনে। তেওঁ দীৰ্ঘদিন ধৰি নীৰৱ আছিল, কিন্তু যেতিয়া তেওঁ অত্যাধিক ভিৰ কৰিছিল, তেওঁ তেওঁৰ পৰিয়ালক কৈছিল।

প্ৰৱল বৃষ্টিপাতৰ মাজতো বিদ্যামন্দিৰত উৰিল ৫০ খনকৈ পতাকা

নেৰা নেপেৰা বৃষ্টিপাতৰ মাজতে বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত ভালুকদঙা বিদ্যামন্দিৰ হাইস্কুল, মেদাঘাটৰ আজিৰে পৰা দুদিনীয়াকৈ অনুস্থিত হৈছে সোণালী জয়ন্তী উৎসৱ ৷শনিবাৰে পুৱা সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰে ৫০ গৰাকী বিশিষ্ট, জ্যেষ্ঠ ব্যক্তিয়ে ৷স্থানীয় সমাজকৰ্মী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণকান্ত বসুমতাৰীয়ে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰাৰ পাচত বৃক্ষৰোপন কৰে সমাজকৰ্মী উপেন দেউৰীয়ে ৷ইয়াৰ পাচতে প্ৰতিকুল বতৰকো নেওচি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷

ড: সৰ্বপল্লী ৰাধাকৃষ্ণণ শিক্ষক প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান চামতাৰ অধ্যক্ষ ড: তৰুন চন্দ্ৰ ভাগৱতীয়ে সঞ্চালনা কৰা “ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি আৰু মাধ্যমিক স্তৰত ইয়াৰ প্ৰয়োগ ” বিষয়ৰ আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে ড: ৰৱীন শৰ্মা ,সহকাৰী অধ্যাপক জ্ঞানপীঠ ডিগ্ৰী কলেজ ,নিকাছি আৰু বাক্সা জিলা এৱছুৰ উপ সভাপতি বাসিৰাম ৰামছিয়াৰীয়ে ৷ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক জ্যোতিষ হালৈয়ে ৷