Home Blog Page 2440

ONGCত চাকৰিৰ সুযোগ….

চৰকাৰী চাকৰিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ বাবে ভাল খবৰ। অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেচন লিমিটেডত খালী হৈছে পদ। জুনিয়ৰ কনচালটেণ্ট আৰু এছচিয়েট কনচালটেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৩৬টা খালী পদৰ বাবে আজিৰ ভিতৰত কৰিব লাগিব আবেদন। ইয়াৰে ২২টা এছচিয়েট কনচালটেণ্ট আৰু ১৪টা জুনিয়নৰ কনচালটেণ্ট পদ। ৬৫ বছৰ বয়সলৈকে প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। এছচিয়েট কনচালটেণ্টৰ দৰমহা প্ৰতি মাহে ৬৬ হাজাৰ। আনহাতে, জুনিয়ৰ কনচালটেণ্টৰ পাৰিতোষিক মাহিলী ৪০ হাজাৰ টকা।


কেনেকৈ কৰিব আবেদন?
•প্ৰাৰ্থীসকলে ongcindia.comত ক্লিক কৰিব লাগিব
•ৱেবচাইটৰ হোম পেজৰ ৰিক্ৰুটমেণ্ট নটিচ অপচনত ক্লিক কৰিব লাগিব
•Recruitment of retired ONGC from Production and drilling disciplines for junior consultants and associate consultants for well services at cambayত ক্লিক কৰিব লাগিব
•এপ্লাই অনলাইন অপচনত ক্লিক কৰিব লাগিব
•সবিশেষ পূৰণ কৰিব লাগিব
•এপ্লিকেচন ফৰ্ম পূৰণৰ পাছতে প্ৰিণ্ট উলিয়াব পাৰিব

ভংগ হোৱাৰ দিশে ইমৰান খানৰ চৰকাৰ…

ৰাজনৈতিক অস্থিৰতাৰ মাজত পাকিস্তান। দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খান অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে ইমৰান খানে পদত্যাগ নকৰে বুলি মন্তব্য কৰিছে। ৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই অনাস্থা প্ৰস্তাৱৰ পূৰ্বে পাকিস্তানত সেনাৰ অভ্যুত্থানৰ ইংগিত প্ৰদান কৰিছে।

বুধবাৰে ইমৰান খানৰ বাসগৃহ পাকিস্তানী সেনাই চাৰিওফালৰ পৰা আগুৰি ধৰিছে। আনহাতে পাকিস্তানৰ সেনা প্ৰধানে ইমৰান খানক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে পাকিস্তানত সেনাৰ ভ্যুত্থান কোনো নতুন কথা নহয়। পূৰ্বৰে পৰা দেশখনত সেনাৰ অভ্যুত্থানৰ বহু ঘটনা সংঘটিত হৈ আহিছে।এক ৰাজনৈতিক অস্থিৰতাৰ মাজেৰে পৰা হোৱা পাকিস্তানত ইমৰান খানৰ চৰকাৰ পতন হোৱাৰ ইংগিত স্পষ্ট হৈছে। দেশখনত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভাষণ পিছুৱাই দিয়া হৈছে। পাকিস্তানৰ সেনা প্ৰধান আৰু আই এছ আইৰ ডি জিয়ে ইমৰান খানক সাক্ষাত কৰিছে।

পাকিস্তানৰ বিৰোধীয়ে ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে। আগন্তুক ৩ এপ্ৰিলত এই সন্দৰ্ভত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে ইমৰান খান চৰকাৰৰ পৰা কেইবাজনো সাংসদে পদত্যাগ কৰাৰ পিছতে শেহতীয়াকৈ পনুৰ ৩ জন মন্ত্ৰীয়ে পদত্যাগ কৰিছে।

ছিপাঝাৰৰ দুই নিঠৰুৱা কণমানিৰ ওচৰত বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী

ছিপাঝাৰৰ গোৱালঝাৰত মৰ্মান্তিক ঘটনা।যি ঘটনাই হৃদয়বান প্ৰত্যক গৰাকী লোকৰ চকুলো বোৱাইছে।দুগৰাকী কণমানি শিশু। নাম জ্যোতিষ্মান শৰ্মা আৰু কৰিশ্মা দেৱী।ষষ্ঠ শ্ৰেণীত অধ্যয়নত জ্যোতিষ্মানৰ বয়স বাৰ বছৰ। আনহাতে দ্বিতীয় শ্ৰেণীত অধ্যয়নত কৰিশ্মাৰ বয়স আঠ বছৰ।পখিলা খেদাৰ বয়সতে মিস্ত্ৰীৰ কাম কৰি কিবা কৰি পৰিয়ালৰ পোহপাল দি থকা পিতৃ পৱন চন্দ্ৰ শৰ্মাৰ মধুমেহ ৰোগীত আক্ৰান্ত হৈ ২০১৮ চনত মৃত্যু হয়।যাৰ পিছত দুই সন্তানক সৰুৰে পৰাই মাক চন্দ্ৰকান্ত দেৱীয়ে আনৰ ঘৰত কাম কৰি, খুজি ভাগি কিবা কৰি বুকুৰ কুটুম দুই সন্তানক এসাঁজ খুৱাই দুসাঁজ লঘোনে থৈ হ’লেও এক যন্ত্ৰণাময় অৱস্থাৰ মাজত দিন-ৰাতি,মাহ -বছৰ পাৰ কৰিছিল।

চন্দ্ৰমা দেৱীয়ে দুই সন্তানক লৈ দেখিছিল ৰঙীণ সপোন।যাৰ বাবে নীৰৱে সকলোবোৰ দুখ কষ্ট সহ্য কৰি গৈছিল।যি কথাবোৰ সন্তানক কোনো কাৰণতে দিয়া নাছিল জানিব। পিছে বিধিৰ কি বিপাক।যোৱা ২৬ মাৰ্চত জ্যোতিষ্মান-কৰিশ্মাৰ বুকু শুধা কৰি মাক চন্দ্ৰমা দেৱীয়ে ইহ সংসাৰৰ পৰা চিৰদিনলৈ বিদায় মাগিলে।লগে লগে মা-মা, আমাক কিয় অকলে এৰি থৈ গলা বুলি দুই সন্তানে হিয়া ঢাকুৰি কান্দি চকুৰে নৈ বোৱাই দিছিল।দুই নিঠৰুৱা কণমানিৰ কান্দোনত উপস্থিত সকলোৰে হিয়া থান-বান হৈ পৰিছিল।পিছে উপায়ে বা কি আছে। অকালতে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হৈ পৰি চকুৰে ধুৱলি-কুৱলি দেখাই নহয় দিকবিদিক হেৰুৱাই পেলোৱা কণমানি দুটাৰ আহ্বান মুখ্যমন্ত্ৰী মহোদয় আমাৰ ঘৰ নাই, আমাৰ গেছ নাই, খাবলৈ চাউল নাই, বিল দিব সামৰ্থ নোহোৱাৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ পাছত বিজুলী যোগান নাই।আমি দুটা অকলে কাৰ লগত থাকিম, কি কৰিম, কলৈ যায়।আমাক আপুনি সহায় কৰক।

মুখ্যমন্ত্ৰীলৈ কৰা হৃদয় বিধায়ক আবেদনৰ পিছত দৈনন্দিন বাৰ্তাত কালিৰ সংখ্যা কাকতত প্ৰথম পৃষ্ঠাতে ফটোসহ প্ৰকাশিত হোৱাৰ পিছত ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী দুই নিঠৰুৱা কণমানিৰ ওচৰত উপস্থিত হৈ শিশু দুটাৰ ভৱিষ্যতৰ চিন্তা তেওঁ কৰাৰ কথা দোহাৰাৰ লগতে চৰকাৰী ভাবে সকলোখিনি সহায় সাহায্য কৰিব বুলি প্ৰকাশ কৰে। আনহাতে এগৰাকী হৃদয়বান চকু চিকিৎসকেও দুয়ো কণমানিৰ ভৱিষ্যতৰ দায়িত্ব ল’বলৈ ইচ্ছা প্ৰকাশ কৰা বুলি প্ৰকাশ। ইফালে ছিপাঝাৰৰ এটা সংগঠনে গেছ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। সংযোগ বিচ্ছিন্ন কৰা বিজুলী যোগানো পুনৰ সংযোগ দিয়া হ’ব বুলি প্ৰকাশ। জানিব পৰা মতে অহা কালি আবেলি ছিপাঝাৰ মণ্ডল বিজেপিয়ে দুই ঘাটমাউৰা কণমানিক কিছু সাহায্য আগবঢ়াব বুলি মণ্ডল বিজেপিৰ সভাপতি দীপক কুমাৰ নাথে জানিব দিয়ে। 

“ছত্ৰ”ৰ উদ্যোগত মহিলাৰ স্তন কেন্সাৰৰ চিনাক্তকৰণ আৰু সজাগতা সভা

দৰঙৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “ছত্ৰ”ই ‘অনকোকেয়াৰ ট্ৰাষ্ট’ৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে মহিলাৰ স্তন কেন্সাৰৰ সজাগতা বৃদ্ধিৰ লগতে এই ৰোগৰ চিনাক্তকৰণ কাৰ্যসূচী গ্ৰহণ কৰে। স্তন কেঞ্চাৰ ৰোগৰ ৰোগী, চিকিৎসক,  উকিল আদিৰে গঠিত অনকোকেয়াৰ ট্ৰাষ্ট নামৰ সংস্থাটোৱে ২০১৮ চনৰেপৰা অসমৰ চিকিৎসা ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । জিলাখনৰ শতাধিক মহিলাৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাখনৰ আঁত ধৰে ছত্ৰ’ৰ জ্যেষ্ঠ কৰ্মী জগদ্বীশ হাজৰিকাই।

অনুষ্ঠানত অনকোকেয়াৰ ট্ৰাষ্টৰ কাৰ্যবাহী ডা: জয়দ্বীপ পুৰকায়স্থই মহিলাৰ স্তন কেন্সাৰৰ লক্ষণসমূহ, ইয়াৰ চিনাক্তকৰণৰ কৌশল আদি দিশ সমূহৰ লগতে চিকিৎসা সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। ৰাজ্যখনৰ দিনক দিনে বৃদ্ধি হৈ থকা স্তন কেন্সাৰৰ ভয়াবহতাৰ বিষয়ে বৰ্ণনা কৰে। ছত্ৰ’ৰ কাৰ্যবাহী সঞ্চালক ননী কুমাৰ শইকীয়াই অসমত কেঞ্চাৰ ৰোগৰ সুলভ চিকিৎসা ব্যবস্থাৰ লগতে সম্ভাব্য লক্ষণ দেখিলেই চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনায়। অন্যহাতে ডা: পুৰকায়স্থই মহিলা সকলৰ স্বাস্থ্য আৰু স্তন কেঞ্চাৰ পৰীক্ষা কৰি ৰোগীসকলক পৰামৰ্শ প্ৰদান কৰে।

মথুৰাপুৰ কৃষিপাম গাঁৱত জয়া স্মৃতি দিৱস উদযাপন

জয়মতী জীৱনী ভিত্তিক নাট মঞ্চস্থ দিলীপ হাজৰিকা মথুৰাপুৰ ১০১ নং গ্ৰান্ট নামনি কৃষিপাম গাঁৱত মহাসতী জয়মতী স্মৃতি দিৱসটি ২৮ মাৰ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি ক্ষীৰোদ বৰগোহাঁয়ে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে সম্পাদক বিবেক বৰুৱাই ৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

বিয়লিলৈ সমাজকৰ্মী জীতেন ৰাজকোঁৱৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা শিক্ষয়িত্ৰী দীপা গগৈ সন্দিকৈ, অনাতাঁৰ শিল্পী সুশীল লাহন, প্ৰধান শিক্ষক দিপাংকৰ চেতিয়া বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি মহাসতী জয়মতীৰ ত্যাগ,সাহস আৰু দেশপ্ৰেমক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

উক্ত অনুষ্ঠানতে কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সন্ধিয়ালৈ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষয়িত্ৰী মঞ্জু ৰাজকোঁৱৰ বৰুৱাই নাট মঞ্চ শুভ উদ্বোধন কৰা পিচতেই বিশিষ্ট পৰিচালক ভূপেন চেতিয়াৰ পৰিচালনাৰে মহাসতী জয়মতীৰ জীৱনীভিত্তিক এখনি পূৰ্ণাংগ নাট স্হানীয় শিল্পীসকলে মঞ্চস্থ কৰে । স্থানীয় নবীন শিল্পীসকলে অভিনয় কৰা নাটখনে উপস্থিত সহস্ৰাধিক দৰ্শকক মুহিত কৰিবলৈ সক্ষম হয় ৷ নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ

কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেৱাইএমে কয় যে বিজেপিয়ে তেওঁক হত্যা কৰিব বিচাৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত বুধবাৰে প্ৰতিবাদকাৰীসকলে ঘেৰি ধৰিছিল। মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰ আইপি কলেজৰ ওচৰৰ লিংক ৰোডত বুধবাৰে পুৱা ১১:৩০ বজাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ (বিজেৱাইএম) প্ৰায় ১৫০-২০০ প্ৰতিবাদকাৰীয়ে এই প্ৰতিবাদ আৰম্ভ কৰে। কেজৰিৱালে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত মন্তব্য কৰিছিল। ইয়াৰ ওপৰত ক্ষমা বিচাৰি এক অবস্থা প্ৰদৰ্শন অনুষ্ঠিত কৰা হৈছিল।

দুপৰীয়া প্ৰায় ১ বজাত, কিছুমান প্ৰতিবাদকাৰীয়ে দুটা বেৰিকেড ভাঙি মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত উপস্থিত হয়, য’ত তেওঁলোকে শ্ল’গান দিয়ে আৰু হুলস্থূলৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ লগত গেৰুৱা ৰঙৰ এটা সৰু বাকচ লৈ গৈছিল, । হুলস্থূলৰ মাজতে, এটা বুম বেৰিয়াৰ ৰ লগতে চিচিটিভি কেমেৰা ভাঙি গৈছিল।

আৰক্ষীৰ দলটোৱে লগে লগে তেওঁলোকক ঘটনাস্থলীৰ পৰা আঁতৰাই দিছিল আৰু প্ৰায় ৭০ জন লোকক আটক কৰিছিল। অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দিল্লীৰ উপ -মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই ঘটনাটোৰ বিষয়ে টুইট কৰিছিল। চিছোদিয়াই কয়, “দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত অসামাজিক উপাদানে আক্ৰমণ কৰিছে আৰু চিচিটিভি কেমেৰা আৰু নিৰাপত্তা প্ৰতিবন্ধকতা ভাঙি পেলোৱা হৈছে। গেটৰ বুম বেৰিয়াৰবোৰো ভাঙি পেলোৱা হৈছে। পৰৱৰ্তী টুইটটোত তেওঁ কয়, “বিজেপিৰ গুণ্ডাসকলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত ভাংচুৰ অব্যাহত ৰাখিছে। তেওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে, বিজেপি আৰক্ষীয়ে তেওঁলোকক ঘৰৰ দুৱাৰলৈ লৈ আহিছিল।

পিছত এখন সংবাদমেলত চিছোদিয়াই অভিযোগ কৰে যে এই সকলোবোৰ আৰক্ষীৰ উপস্থিতিত সংঘটিত হৈছিল। কেজৰিৱালৰ ঘৰত এক সুচিন্তিত ষড়যন্ত্ৰৰ অধীনত আক্ৰমণ কৰা হৈছিল। যদি নিৰ্বাচনত পঞ্জাৱক পৰাজিত কৰিব নোৱাৰি, তেন্তে বিজেপিয়ে এতিয়া কেজৰিৱালক আঁতৰাব বিচাৰে। তেওঁ তেওঁলোকক হত্যা কৰিব বিচাৰে।

চিছোদিয়াৰ অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে টুইট কৰি কয়, “কাশ্মীৰী হিন্দুসকলক অপমান কৰি মই বেয়াকৈ ফান্দত পৰিছো। আনকি এক নিযুত প্ৰচেষ্টা আৰু বিক্ৰী হোৱা সাক্ষাৎকাৰৰ পাছতো, পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। এতিয়া কেৱল এটা উপায় আছে, ভুক্তভোগী কাৰ্ড। বিজেপিয়ে মোক হত্যা কৰিব বিচাৰে। অনুগ্ৰহ কৰি ইয়াক বিয়পাত সহায় কৰক! আপোনাৰ প্ৰচাৰ মন্ত্ৰী।

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত দেহকলৈ গৌৰীপুৰত চাঞ্চল্য

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত্যুদেহক লৈ গৌৰীপুৰৰ আলমগঞ্জত এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ড গাওঁৰ সোঁমাজেৰে পাৰ হৈ গৈছে যোগীঘোপা ময়নাগুৰি ৰেল লাইন। উক্ত ৰেল লাইনেৰে মালবাহী ৰেল পাৰ হৈ যোৱাৰ ক্ষন্তেক সময় পিছতে ৰেল লাইনৰ কাষত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে এটা মৃত্যুদেহ।

খৱৰটো বনজুইৰ দৰে বিয়পি পৰাত ৰাইজ দৌৰি আহি মৃত্যুদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে চিনাক্ত হৈ পৰে যুৱক জন। মৃত্যু যুৱক জন হৈছে আলমগঞ্জ নৱম খণ্ড গাওঁৰ কাশেম আলীৰ পুত্ৰ মন্তাজুল হক(২৮)। পাছত আৰক্ষীক খৱৰ কৰাত ঘটনাস্থলী লৈ আৰক্ষী আৰু ৰেল বিভাগৰ কৰ্তৃপক্ষ ৰওনা হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। উক্ত মৃত্যুদেহটো ৰেলৰ খুন্দাত মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ছিলঙত উত্তৰ- পূৱৰ সাংবাদিকৰ কৰ্মশালা সম্পন্ন।  

উত্তৰ পুৱৰ সংবাদকৰ্মীক একত্ৰিত কৰি শ্বিলঙত এক কৰ্মশালাৰ আয়োজন কৰিছিল মেঘালয় STATE CONMISSION FOR PROTECTION OF CHILD RIGHT  আৰু সেৱা ভাৰতী পুৰ্বাঞ্চলে । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধীনৰ REGIONAL LEVEL ORIENTATION WORKSHOP OF NORTH EAST STATES কৰ্মশালাখনি শ্বিলঙৰ পাইনুউড  হোটেলত এদিনীয়াকৈ কালি অনুষ্ঠিত হৈ যায় ।

]

উত্তৰ পুৱৰ শতাধিক সংবাদিকে ভাগলোৱা কৰ্মশালাখনিত উপস্থিত থাকে মেঘালায়ৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক ডঃ ডি ডি চিৰাই । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ উত্তৰ পূৱ শাখাৰ জেষ্ঠ কাৰিকৰী বিশেষজ্ঞ পৰেশ ছাই এই কাৰ্যসূচীত উপস্থিত থাকি শিশুৰ অধিকাৰ আৰু সংবাদকৰ্মীৰ দায়িত্ব সম্পৰ্কত নিজৰ বক্তব্য ৰাখে । সংবাদ কৰ্মী আৰু বিশেষজ্ঞ বক্তাৰ মাজত এক মত বিনিময় অনুষ্ঠানে এই অনুষ্ঠানৰ গুৰুত্ব বৃদ্ধি কৰে  । মেঘালয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা ইমন এম শ্যামে আতধৰা অনুষ্ঠানটিৰ জৰিয়তে সংবাদ কৰ্মী সকল শিশু বিষয়ক বাতৰি পৰিবেশনত অধিক সংযত হব বুলি উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে ।  

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত মাটিফাটা অঞ্চল ।

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে মাটিফাটা অঞ্চল । ধোৱা চাঙত পৰিণত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ প্ৰতিশ্ৰুতি ।কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ । খৰালিতো পুনৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত লৈছে ভয়ংকৰ ৰূপ । নিদ্ৰা হৰণ কৰিছে মাটিফাটা অঞ্চলবাসীৰ।

এই দৃশ্য দক্ষিণ শালমাৰা সমষ্টিৰ মাটিফাটা অঞ্চলৰ । পুনৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লোৱাত শংকিত হৈ পৰিছে ৰাইজ । উল্লেখ্য যে, বিগত বৰ্ষৰ পৰা গৰাহনীয়াই ভয়াবহ ৰূপ লোৱাত নদীৰ বুকুত জাহ গৈছে বহুলোকৰ ঘৰ- বাৰী । কাঢ়ি নিছে অজস্ৰ জনৰ বুকু ভৰা সপোন । নদীৰ গৰ্ভত জাহ গৈছে কেইবাখনো চৰকাৰী -বেচৰকাৰী অনুষ্ঠান -প্ৰতিষ্ঠান ।স্হানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে দিয়া প্ৰতিশ্ৰুতি পৰিণত হৈছে ফুটুকাৰ ফেনত । পুনৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱাত শংকিত হৈ পৰিছে সৰ্বসাধাৰণ লোক । সাংসদ বিধায়কক তথা বিভাগীয় কৰ্তৃপক্ষই প্ৰতিৰোধ ব্যৱস্হা নকৰাত বিষোদগাৰ প্ৰকাশ কৰিছে ভূক্তভোগী লোকে ।

আজিৰে পৰা তামুলপুৰৰ কাউলীত আৰম্ভ হৈছে মতুয়া ধৰ্মালম্বী লোক সকলৰ মহাবাৰুণী উৎসৱ।

আজিৰে পৰা তামুলপুৰৰ কাউলীত আৰম্ভ হৈছে মতুয়া ধৰ্মালম্বী লোক সকলৰ মহাবাৰুণী উৎসৱ।অন্যান্য বছৰৰ দৰে আজি পুৱাই ঐতিহাসিক হৰিচাদ গুৰুচাঁদ মন্দিৰ প্ৰাঙ্গণত ভিৰ কৰিছেহি মতুৱা লোক সকলে।কামনাৰ সাগৰত মূল খুটি স্থাপন কৰাৰ পিছত গঙ্গা স্নান কৰি মন্দিৰত ধূপ-চাকি জ্বলাই প্ৰভুৰ পৰা আশীষ গ্ৰহণ কৰিছে এইসকলে ভক্ত প্ৰাণ লোকে।ডবা,শংকৰ শব্দৰে ইতিমধ্যে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল।

আজিৰে পৰা অহা ৩ এপ্ৰিল লৈ চলিব লগা এই মহোৎসৱত অসমৰ লগতে কেইবাটাও ৰাজ্যৰ লোকে অংশগ্ৰহণ কৰিব বুলি জনাইছে আয়োজক সকলে।