Home Blog Page 2443

ধুবুৰীত জিলা ভিত্তিত ডিজিটেল মিডিয়া এচোছিয়েচন গঠন…

ধুবুৰী জিলাৰ ভিন্ন প্ৰান্তৰ ডিজিটেল মিডিয়াৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিক তথা সংবাদ কৰ্মীসকলৰ  উপস্থিতিত ধুবুৰী জিলা ভিত্তিত ডিজিটেল মিডিয়া এচোছিয়েচন গঠন কৰা হয়।ধুবুৰী জিলাৰ ঐতিহাসিক গৌৰীপুৰ চহৰত অৱস্থিত পি চি ইনষ্টিটিউশ্যন বিদ্যালয় প্ৰাঙ্গনত, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডিজিটেল মিডিয়াৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিক তথা সংবাদ কৰ্মী সকলৰ উপস্থিতিত, জিলাখনৰ জেষ্ঠ সাংবাদিক চৈয়দ নুৰুল আমিনক সভাপতি আৰু আজিজুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া বৃহৎ ও শক্তিশালী কমিটি গঠন কৰা হয়। 

সভাপতি আৰু সাধাৰণ সম্পাদক দুগৰাকীয়ে জানিবলৈ দিয়া মতে অনাগত দিনত এছোচিয়েশ্বনটো আৰু অধিক শক্তিশালি হিচাপে পৰিণত হব। যদি ডিজিটেল মিডিয়াৰ সংবাদকৰ্মী সকল এই এছোচিয়েশ্বনৰ লগত জৰিত হবলৈ ইচ্ছুক থাকে তেন্তে লিখিত ভাবে আবেদন কৰিব লাগিব তেতিয়াহে অন্তৰ্ভুক্ত কৰা হব। সমগ্ৰ ৰাজ্যৰ বাবে সু-খবৰ যে অলপ কেইদিনৰ ভিতৰত অসমৰ প্ৰতিখন জিলাত ডিজিটেল মিডিয়া এছোচিয়েশ্বনৰ জিলা ভিত্তিত কমিটি গঠন কৰা হব

ভাৰতী সিঙ আৰু পুত্ৰ সন্তানৰ আকৰ্ষণীয় ফটো ভাইৰেল

ভাৰতীয়ে অলপতে ইনষ্টাগ্ৰামত তেওঁ কণমানি শিশুক হাতত ধৰি থকা এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিবলৈ লৈছিল। কৌতুক অভিনেতা আৰু দূৰদৰ্শন সঞ্চালক ভাৰতী সিং চহৰৰ নতুন মা। ভাৰতীয়ে ৩ এপ্ৰিলত স্বামী হাৰ্শ লিম্বাচিয়াৰ সৈতে তেওঁৰ প্ৰথম সন্তান, এটা কেঁচুৱা লৰা আদৰণি জনাইছিল।

ভাৰতীয়ে অলপতে তেওঁৰ ইনষ্টাগ্ৰামত তাইৰ কণমানি শিশুক হাতত ধৰি থকা এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিবলৈ লৈছিল। যদিও  কেঁচুৱাটোৰ মুখখন প্ৰকাশ কৰা নাছিল, ছবিখন প্ৰিয়ৰ বাহিৰত। ছবিখনত, ভাৰতীৰ মুখত প্ৰতিফলিত হোৱা শান্তিয়ে তাইৰ সৰু আনন্দৰ গোটটো তাইৰ বাহুত ধৰি ৰাখিছিল, পিতৃ-মাতৃ হোৱাৰ আনন্দময় অনুভৱৰ বিষয়ে বহুকথা কয়।

ছবিখন শ্বেয়াৰ কৰি লিখিছিল, “জীৱন ৰেখা❤️❤️❤️❤️” ভাৰতীয়ে পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে, চেলিব্ৰেটীসকলে  মন্তব্য শাখাটো হৃদযন্ত্ৰৰ ইমোজিৰে প্লাৱিত কৰিছিল। দূৰদৰ্শনৰ অভিনেত্ৰী নিশা ৰাৱালে লিখিছিল, “আউ! মৰমৰ ভাৰতী ❤️ আপোনাক আৰু কণমানিজনীক বহুতো আশীৰ্বাদ।”

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ।

ধুবুৰীত মূল্য বৃদ্ধিৰ বিৰূদ্ধে আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ বকেয়া মাননী উৎসৱৰ আগত পৰিশোধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।

মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু নিখিল ভাৰত গনতান্ত্রিক মহিলা সমিতিৰ উদ্যোগত বজাৰ পৰা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ বকেয়া মাননী উৎসৱৰ আগত পৰিশোধ কৰাৰ দাবীত জি টিবি ৰোড (ছোৱালী মহাবিদ্যালয়ৰ) ওচৰত ধৰ্ণা কাৰ্যসূচী পালন কৰা কৰে।

তেওঁলোকে বহু কেইটা দাবী লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হায় হায়, সাম্প্ৰদায়িক ৰাজনীতি কৰা নচলিব, আকাশলংঘী মূল্য বৃদ্ধি কৰা নচলিব।

নাৰী নিৰ্যাতন বন্ধ কৰক, মদৰ দোকানৰ লাইচেন্স দিয়া বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু নিখিল ভাৰত গনতান্ত্রিক মহিলা সমিতিৰ কৰ্মীসকলে।

খাৰুপেটীয়াত এডোখৰ ভূমিক লৈ পিতা -পুত্ৰৰ ভয়ংকৰ সংঘাত

খাৰুপেটীয়াত এডোখৰ ভূমিক লৈ পিতা -পুত্ৰৰ ভয়ংকৰ সংঘাত । ডেগাৰেৰে বোৱাৰীক আক্ৰমণ শশুৰক । শিশুৰ মূৰতো ডেগাৰেৰে আক্ৰমণ ।

দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক চান্চল্যকৰ ঘটনা । খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত এন চি খেতাশ্বৰ গাঁৱৰ মৃত মবেৰ আলীৰ পুত্ৰ দহিজল হকে পুত্ৰ বোৱাৰীক ডেগাৰেৰে আক্ৰমণ কৰে । অভিযোগ মতে , দহিজল হক আৰু পুত্ৰ ইক্ৰামুল হকে মিলি এডোখৰ মাটি কিনি ঘৰ সাজি বসবাস কৰি আহিছে ।

কিন্তু সামান্য কাজিয়া লাগিলেই ঘৰৰ পৰা ওলাই দিয়াৰ চেষ্টা কৰে পুত্ৰ ইক্ৰামুলক । শুক্ৰবাৰে কণ কণ শিশু সকলৰ কাজিয়াৰ গইনা লৈ ইক্ৰামুলৰ পত্নীৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰে দহিজল হকৰ লগতে পত্নী আৰু বিবাহিত কন্যা সকলে । ঘটনাৰ খবৰ পাই পত্নীক ৰক্ষা কৰিবলৈ আগবাঢ়ি যায় ইক্ৰামুল । কিন্তু খঙত অগ্নিশৰ্মা হৈ থকা পিতৃ দহিজল হকে ডেগাৰ লৈ খেদি অহাত দৌৰি পলায়ন কৰে পুত্ৰ ইক্ৰামুলে । পুত্ৰ ৰক্ষা পৰে যদিও ডেগাৰেৰে আক্ৰমণ কৰে শিশু নাতিনীক আৰু বোৱাৰী মাছুমা বেগমক ।

ডেগাৰৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় ১ বছৰীয়া শিশু সহ ইক্ৰামুল হকৰ পত্নী । লগে লগে খাৰুপেটীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু তাৰ পৰা জি এম চি এইচ লৈ প্ৰেৰণ কৰে ।

বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে মাতৃ কন্যা । এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত । ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাত এজেহাৰ দাখিল কৰি ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে ।

ৰৌতা সমবায় সমিতি লিমিটেডত  আজাদি কা  অমৃত  অন্ন  যোজনা  মহোৎসৱ  উদযাপন 

ৰৌতা  সমবায়  সমিতি  লিমিটেডত  আজাদি কা  অমৃত  অন্ন  যোজনা  মহোৎসৱ  উদযাপন । ওদালগুৰি সদৰ মহকুমা আজাদি কা অমৃত  অন্ন যোজনা  মহোৎসৱটি ২৩ এপ্ৰিলৰ দিনা দিনজোৰাকৈ ৰৌতা  সমবায় সমিতি লিমিটেডখনৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় ।

সেইবাবে সেইদিনা অনুষ্ঠিত অনুষ্ঠানটোত খাদ্য যোগান আৰু বিভাগৰ উচ্চ পদস্থ বিষয়া এগৰাকীৰ লগতে পৰিদৰ্শক  ৰাণা দত্ত , পাৰ্থপ্ৰতিম হাজৰিকা,  ৰৌতা সমবায় সমিতি লিমিটেডখনৰ সভাপতি তৰুণ দৈমাৰী, ৰৌতা সমবায় সমিতি লিমিটেডখনৰ সঞ্চালক প্ৰধান তথা সম্পাদক হৰেণ কোচ, উপ সভাপতি জীৱন দাসে উপস্থিত থাকি সভাত বক্তব্য আগবঢ়ায় । 

সভাত ৰৌতা সমবায় সমিতি  লিমিটেডখনৰ  সঞ্চালক  মণ্ডলীৰ এলেকাত  থকা  সমবায়ৰ  সুলভ মূল্যৰ দোকানী তথা এজেণ্টসকলৰ লগতে অংশীদাৰ সকলো উপস্থিত আছিল ।

নাজিৰাত দুই সমাজ হিতৈষীলৈ সাংবাদিকৰ বিহুৰ ওলগণি

বিহু গীতৰ নামত আধুনিক গীত সৃষ্টি কৰি বিজতৰীয়া সুৰ – শব্দৰ পৰিত্যাগৰ আহ্বান শিল্পী সমাজলৈ । নাজিৰাৰ গেলেকীৰ সমাজ-কৰ্মী বয়োজ্যেষ্ঠ নাগৰিক অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ চন্দ্ৰ গগৈয়ে ২৪ এপ্ৰিলত নাজিৰা প্ৰেছ ক্লাৱ সভাকক্ষত আয়োজিত বিহুৰ ওলগণি অনুষ্ঠানৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰে । তেওঁৰ শিক্ষকতাৰ সেৱাৰ লগতে বিস্তৃত কৰ্মময় জীৱনত বিদ্যালয়, মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগতে গেলেকীৰ বজাৰ ব্যৱস্থাৰ বিকাশৰ হেতু প্ৰচেষ্টা চলাই যোৱাৰ সেৱা কৰ্মক স্মৰণ কৰে ।

চাইকেল চলাই সমাজৰ বিভিন্ন স্তৰত সমন্বয় সংযোগ ঘটাই বিকাশৰ পথ ত্বৰান্বিত কৰাৰ বাবেই নাজিৰা জিলা সাংবাদিক সংস্থাই তেওঁক সম্বৰ্দ্ধনা জনোৱাত পৰম কৃতজ্ঞতা প্ৰকাশ কৰি ইয়াৰ জড়িয়তে তেওঁৰ জীৱনৰ আয়ুস বঢ়াই তুলিছে বুলি প্ৰকাশ কৰে । আনহাতে জীৱনৰ ৮২ তম বৰ্ষত ভৰি দি একাদিক্ৰমে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ-বৰ্গৰ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰা সামাজিক সেৱাৰ সৈতে জড়িত হৈ ৰোৱা সত্যেন্দ্ৰনাথ বৰঠাকুৰকো সম্বৰ্দ্ধনা জনোৱাৰ পাছতে সম্বৰ্দ্ধিতজনৰ জীৱন-কৰ্মৰ বিষয়ে নাজিৰা প্ৰেছ ক্লাৱৰ উপদেষ্টা বীৰেণ শৰ্মাই বৰ্ণনা দাঙি ধৰে ।

নাজিৰা জিলা সাংবাদিক সংস্থাৰ  সভাপতি দুৰ্লভ বুঢ়া গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত এই  সভাত অধ্যাপক ড’ জীৱন কলিতাই বিহু গীত গাই ওলগণি অনুষ্ঠান জীপাল কৰি তোলাৰ লগতে নাজিৰাৰ মহকুমা জনসংযোগ বিষয়া ড’ বৰ্ণালী দত্তই জেং বিহুৰ ঠাঁচেৰে বিহুগীত পৰিৱেশন আৰু নৃত্যৰে সভাগৃহ ৰঙীন কৰি তোলে । 

বিহু গীতৰ কলি আওঁৰাই  জ্যেষ্ঠ সাংবাদিক অনুজ ৰাজখোৱাই আঁত ধৰি যোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নাজিৰা জিলা সাংবাদিক সংস্থাৰ সম্পাদক অনন্ত কলিতাই । সংস্থাৰ উপ-সভাপতি ভাস্কৰ জ্যোতি বৰগোহাঞিয়ে বক্তব্য দাঙি ধৰি বিহুৰ স্বকীয়তা জীয়াই ৰাখিবলৈ মঞ্চৰ শিল্পী সকলে ৰাইজৰ মনত বাজি থকা স্বকীয় পৰিচিতিৰ বিহুগীতৰ অন্বেষণত গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰাৰ লগতে আধুনিক গীতৰ শাৰীত বিহুগীতক থিয় কৰাব বিচৰা এচাম শিল্পীয়ে বিজতৰীয়া সুৰ-শব্দৰ প্ৰয়োভৰ ঘটোৱাৰ প্ৰতি আঙুলিয়াই দিয়ে ।

সভালৈ শিল্পী অকণমাণ গগৈকো সম্বৰ্ধনাৰ বাবে নিমন্ত্ৰণ জনায় যদিও তেওঁ সভাত উপস্থিত হ’ব নোৱাৰিলে । শৰাই আগবঢ়াই বয়োজ্যেষ্ঠক ওঁলগ যচাৰ লগতে বিহুগীতত মিলিত সাংবাদিক সকলে গামোচা লৈ ৰাজহুৱা জলপান গ্ৰহণেৰে আপ্যায়িত হয় । সভাত শিক্ষাবিদ গোপাল বৰুৱা, ৰাজেশ দত্ত  আদিয়ে  সাংবাদিকসকলে সহযোগ কৰে । 

মানিমুনিৰ আছে বহু ঔষধি গুণাগুণ…..

মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা জলজ উদ্ভিদ ৷ ই একেলগে থূপ পাতি থাকে ৷গা-গছৰ ঠাৰিডাল দীঘল হয় । ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি ৷ বৰ্তমান ঋতুত অতি সুলভ মানিমুনি শাক আমাৰ শৰীৰৰ বাবে খুবেই দৰকাৰী ৷

বিশেষকৈ, পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ হিচাপে কাম কৰে ৷ মানিমুনি শাকৰ ৰস নিয়মীয়াকৈ খালে পেটৰ অসুখত কোনোদিনে ভুগিব নালাগে ৷ কেৱল মাত্ৰ পেটৰ অসুখতে নহয়, আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই অত্যাৱশ্যকীয় পথ্য ৷ মানিমুনি শাকে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে ৷ বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান হ’বলৈ ধৰে, মানিমুনি শাকৰ ৰসে মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখন সজীৱ কৰি তোলে ৷ মানিমুনি শাকে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে ৷ এইবিধ শাক খালে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয় ৷

দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায় ৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰি আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰোঁ ৷

ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড মণ্ডলত খাংখালাবাৰী গাঁৱত মন কী বাত……

২৪এপ্ৰিলত ওদালগুৰি জিলা অন্তৰ্গত ভৈৰৱকুণ্ড মণ্ডলত খাংখালাবাৰী গাঁৱৰ ১৮০ নং বুথত,বুথ সভাপতি পপি দে ৰ নেতৃত্বত ভাৰতৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৮৮ সংখ্যক মন-কী-বাত ৰ কাৰ্যসুচী,ডিজিটেল মাধ্যমত অনাটাৰ দুৰদৰ্শনৰ জৰিয়তে সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়  ।

এই কাৰ্যসুচীত প্ৰধানকৈ ভাৰতীয় জনতা পাৰ্টি,ওদালগুৰি জিলা সহ-কাৰ্যলয় সম্পাদক অনুপম শৰ্মা,বুথ সভাপতি পপি দে,সদস্য সকল ক্ৰমে মেঘালী শৰ্মা,দুলাৰী চৌহান,গুঞ্জ চৌহান,বিৰবল চৌহান,ঘনশ্যাম চৌহান,শুভকাংক্ষী আদি  কৰ্মকৰ্তা সকলে  অংশগ্ৰহন কৰে ।  মন-কী-বাত ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, প্ৰধানমন্ত্ৰী সংগ্ৰাহালয় ভ্ৰমণকৰা লোকসকলৰ অভিজ্ঞতা ভাগ -বতৰা কৰিছে, নাগৰিকসকলক নমো এপত অংশ ল’বলৈ আহ্বান জনাইছে তেওঁ কয় যে যিকোনো স্থানীয় সংগ্ৰহালয় দৰ্শন কৰি ব্যৱহাৰ কৰি আপোনাৰ অভিজ্ঞতা ভাগ বতৰা কৰক,মন কী বাট ৰ সময়ত ,ডাঙৰ ডিজিটেল অৰ্থনীতি গঢ়ি তোলা সৰু অনলাইন পৰিশোধ আদি ।

দৈনিক প্ৰায় ২০ হাজাৰ কোটি টকাৰ অনলাইন লেনদেন ঘটিছে,ক্ৰীড়াৰ দৰেই দিব্যাংগজনেও কলা, শিক্ষাবিদ আৰু আন বহুতো ক্ষেত্ৰত বিস্ময়কৰ কাম কৰি আছে। প্ৰযুক্তিৰ শক্তিৰ দ্বাৰা তেওঁলোকে অধিক উচ্চতা অৰ্জন কৰিছে ।লগতে তেওঁ জানিবলৈ দিয়ে অমৃত মহোৎসৱৰ সময়ত দেশৰ প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰা হ’ব ।কেলকুলাছৰ পৰা কম্পিউটাৰলৈ – এই সকলো বোৰ বৈজ্ঞানিক আৱিষ্কাৰ শূন্যৰ ওপৰত আধাৰিত গণিত আমাৰ ভাৰতীয়সকলৰ বাবে কেতিয়াও কঠিন বিষয় হোৱা নাছিল। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে আমাৰ বৈদিক গণিত ।

অম্লান বৰগোহাঁইক মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা….

পুৰুষৰ ২০০মি: দৌৰত নতুন অভিলেখ গঢ়ি এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰা অম্লান বৰগোঁহাইৰ উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে । অহা সপ্তাহত তেওঁক ইউৰোপলৈ প্ৰেৰণ কৰিব ৰিলায়েন্স ফাউণ্ডেচন ওডিষা এথলেটিকছ হাই পাৰৰ্ফৰমেঞ্চ চেণ্টাৰে । ২০০ মি: দৌৰত দেশৰ নতুন চাঞ্চল্য অম্লানে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে ।

এই সম্পৰ্কত টুইট যোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে , “চলিত বছৰৰ শেষৰ ফালে চীনৰ হাংঝাওত হ’বলগা এছিয়ান গেমছলৈ যোগ্যতা অর্জন কৰা অম্লান বৰগোহাঁইক লগ পাই সুখী হলো । তেওঁ কেৰালাত অনুষ্ঠিত ২০২২ বৰ্ষৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছৰ পুৰুষৰ ২০০ মি: দৌৰত এক নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে । তেওঁৰ সকলো ধৰণৰ ভৱিষ্যত প্ৰয়াসৰ সাফল্য কামনা কৰিলো ।” ২৩ বছৰীয়া অম্লানে ফেডাৰেচন কাপত পুৰুষৰ ২০০ মি: শাখাত এছিয়ান গেমছলৈ যোগ্যতা নিৰ্ণয়ৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰচনে ধার্য কৰি দিয়া যোগ্যতা নিৰ্ণায়ক সময় অতিক্ৰম কৰে ।

যোগ্যতা নিৰ্ণায়ক সময় ধাৰ্য কৰা হৈছিল ২০.৬০ ছেকেণ্ড আৰু পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ আছিল ২০.৬৩ ছেকেণ্ড । কিন্তু অম্লানে ২০.৫২ ছেকেণ্ডেৰে দুয়োটা সময়কে অতিক্ৰম কৰিলে । ৰিলায়েন্স ফাউণ্ডেচন ওডিষা এথলেটিকছ হাই পাৰ্ফৰমেঞ্চ চেণ্টাৰৰ এই খেলুৱৈগৰাকীৰ প্ৰদৰ্শনে সকলোকে চমকিত কৰিছে । ২০২০ ৰ এপ্ৰিলৰ পৰা অম্লান জেমছ হিলিয়াৰৰ অধীনত উক্ত কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ৰিলায়েন্স ফাউণ্ডেচনে অম্লানক ২০১৭ চনতে চিহ্নিত কৰিছিল । সেইবাৰ তেওঁক ৰিলায়েন্স ফাউণ্ডেচন য়ুথ স্পৰ্টছ ( আৰ এফ ৱাই এছ ) এলীট কেম্পলৈ আমন্ত্ৰণ জনোৱা হৈছিল ।

২০১৮ ৰ আৰ এফ ৱাই এছৰ ৰাষ্ট্ৰীয় ফাইনেলত তেওঁ ১০০ মি: দৌৰত ১০.৮৪ ছেকেণ্ড আৰু ২০০ মি: দৌৰত ২২.০৬ ছেকেণ্ডত অতিক্ৰম কৰিছিল । মুখ্য প্ৰশিক্ষক জেমছ হিলিয়াৰৰ তদাৰকত অম্লানে ইউৰোপত উন্নত মানৰ দৌৰবিদৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে কিছু প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব উদীয়মান খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে মুখ্যমন্ত্ৰীডঃ হিমন্ত বিশ্ব শৰ্মাই

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভু্ত হল টীয়কৰ কণমানি ছাত্ৰীৰ

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত টীয়কৰ কণমানি ছাত্ৰীৰ নাম অন্তৰ্ভু্ত । যুৱ ছাত্ৰৰ সম্বৰ্ধনা । নিজ চেষ্টাৰ ফলত মাথোঁ ৬ বছৰ বয়সতে টীয়ক চাকুলীবৰ নিবাসী তথা বেন গাৰ্ডেন স্কুলৰ ছাত্ৰী প্রাচীনা বৰাই গণিতৰ বৰ্গমূল ২০ৰ পৰা ১লৈকে ওলোটাকৈ চকু বান্ধি ১মিনিট ৩৩চেকেণ্ডত কৈ ইণ্ডিয়া  বুক  অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰি টীয়ক তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ হৈ  সভাপতি হিমাংশু বৰুৱাৰ নেতৃত্বত যোৱা এটি সজাতি দলে ছাত্ৰী গৰাকীৰ গৃহত গৈ সম্বৰ্ধনা জনোৱাৰ লগতে তেঁওৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।উক্ত কাৰ্যসূচীত পৰিষদৰ যোৰহাট জিলা সমিতিৰ সদস্য বিতু ৰাজখোৱা উপস্থিত থাকে।