Home Blog Page 2442

দুলিয়াজান বিধান সভা সমষ্টিৰ এখন গাঁও,স্বাধীনতাৰ ৭২ বছৰৰ পাছতো উন্নয়নৰ মুখ দেখা নাই এই গাঁও খনে

উন্নয়নৰ ধাক ধোল বজোৱা চৰকাৰৰ এখন নগ্ন ছবি টেঙাখাতৰ গন্ধিয়া ভাজনী গাঁৱত।স্বাধীনতাৰ ৭২ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাওঁ।পথৰ দুৰৱস্থাই জলা কলা খোৱাইছে ৰামকানাই গাওঁৰ বাসিন্দা সকলক।১১৮নং দুলিয়াজান বিধান সভা সমষ্টিৰ টেঙাখাত গন্ধিয়া-ভাজনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত লেংৰাই পৰা উইলটন সংযোগী পথটোত এতিয়া ৰাইজে খেতি কৰিব পৰা অবস্থালৈ পৰিগণিত হৈছে।

অনবৰতে উন্নয়নৰ কথা কোৱা শাসকিয় চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালা, কিম্বা শাসকিয় দলৰ পঞ্চায়ত সভাপতি ত্ৰিবেণী ফুকনৰ চকু ফুৰাবলৈ সময় নাই এই সকল ৰাইজৰ দুখৰ কথা।

যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গোগামুখত ব’হাগী উৎসৱ আৰম্ভ , ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক ব্যৱস্থা

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰে গোগামুখত আৰম্ভ হৈছে সপ্তম বাৰ্ষিক বৃহত্তৰ গোগামুখ ব’হাগী উৎসৱ ৷ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গোগামুখ নগৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা ব’হাগী উৎসৱৰ সকলো আয়োজন সুন্দৰ হৈছে ৷ ব’হাগী উৎসৱৰ আজিৰ কাৰ্যসূচী অনুযায়ী সামূহিক চাফাই, পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উত্তোলন কৰে যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিৰ সভিপতি বলোৰাম টাইদে ৷ বিহু পতাকা উত্তোলন কৰে ব’হাগী উৎসৱ উদ্‌যাপল সমিতিৰ সভাপতি ৰঞ্জিত গগৈয়ে ৷ শ্বহীদ তৰ্পণ কৰে যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিকৰ সম্পাদক পাপুল দাসে ৷ গছপুলি ৰোপন কৰে গোগামুখ নগৰ হাইস্কুলৰ প্ৰধান শিক্ষক দণ্ডেশ্বৰ বুঢ়াগোঁহায়ে ৷ বিহুৰ পৰম্পৰা অনুযায়ী বয়োজেষ্ঠ সকলৰ আশীষ গ্ৰহণ কাৰ্যসূচীও উদ্‌যাপন সমিতিয়ে অনুষ্ঠিত কৰে ৷ আঁঁত ধৰে অতুল হাজৰিকা আৰু বিনোদ খনিকৰে ৷ বিহু মঞ্চ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী প্ৰিয় দত্তই ৷ ইয়াৰ পিছতে সৰু বিহুৱতী, বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কাইলৈ সাংগঠনিক কৰ্মশালা, তকা বিহু আৰু মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উল্লেখনীয় যে সম্প্ৰতি সমগ্ৰ বিশ্বত ড্ৰাগছ আসক্ত লোকৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে ৷ ড্ৰাগছ আসক্ত লোকৰ লগতে ড্ৰাগছৰ পৰা মানুহক আঁতৰাই ৰাখিবৰ বাবে এখন প্ৰতীকি গৃহ নিৰ্মাণ কৰিছে আৰু তাত ড্ৰাগছ বিৰোধী বিভিন্ন শ্ল’গান সম্বলিত প্ৰতিমা স্থাপন কৰিছে ৷

বিহুৰ বাকৰিত ড্ৰাগছ বিৰোধী এনে সজাগতামূলক কাৰ্যসূচীয়ে নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাত সহায়ক হ’ব বুলি আশা কৰা হৈছে৷

খাৰুপেটীয়াত এডোখৰ ভূমিক লৈ পিতা পুত্ৰৰ ভয়ংকৰ সংঘাত

দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক চান্চল্যকৰ ঘটনা ।খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত এন চি খেতাশ্বৰ গাঁৱৰ মৃত মবেৰ আলীৰ পুত্ৰ দহিজল হকে পুত্ৰ বোৱাৰীক ডেগাৰেৰে আক্ৰমণ কৰে ।অভিযোগ মতে , দহিজল হক আৰু পুত্ৰ ইক্ৰামুল হকে মিলি এডোখৰ মাটি কিনি ঘৰ সাজি বসবাস কৰি আহিছে । কিন্তু সামান্য কাজিয়া লাগিলেই ঘৰৰ পৰা ওলাই দিয়াৰ চেষ্টা কৰে পুত্ৰ ইক্ৰামুলক। শুক্ৰবাৰে কণ কণ শিশু সকলৰ কাজিয়াৰ গইনা লৈ ইক্ৰামুলৰ পত্নীৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰে দহিজল হকৰ লগতে পত্নী আৰু বিবাহিত কন্যা সকলে ।ঘটনাৰ খবৰ পাই পত্নীক ৰক্ষা কৰিবলৈ আগবাঢ়ি যায় ইক্ৰামুল । কিন্তু খঙত অগ্নিশৰ্মা হৈ থকা পিতৃ দহিজল হকে ডেগাৰ লৈ খেদি অহাত দৌৰি পলায়ন কৰে পুত্ৰ ইক্ৰামুলে ।পুত্ৰ ৰক্ষা পৰে যদিও ডেগাৰেৰে আক্ৰমণ কৰে শিশু নাতিনীক আৰু বোৱাৰী মাছুমা বেগমক ।ডেগাৰৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় ১ বছৰীয়া শিশু সহ ইক্ৰামুল হকৰ পত্নী । লগে লগে খাৰুপেটীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু তাৰ পৰা জি এম চি এইচ লৈ প্ৰেৰণ কৰে ।বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে মাতৃ কন্যা ।এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত।

ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাত এজেহাৰ দাখিল কৰি ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে ।

দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাস

দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাস।দ্বীপজ্যোতি সাংস্কৃতিক আৰু ক্ৰীয়া সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন।দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাসৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘুৰাই ঘুৰাই নাছিলে উৰে নিশাৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য । বিহালী সমষ্টিৰ দক্ষিণ ৰাংছালীৰ ৩১ তৰ্ম ৰঙালী বিহু মঞ্চত নিশা প্ৰাণ ঢালি গীত পৰিবেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাসে।

দাসৰ গীতত ককাল ঘুৰাই ঘুৰাই নাচালে হাজাৰ হাজাৰ দৰ্শকে। প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান চাবলৈ বিহালী বিশ্বনাথৰ বিভিন্ন স্থানৰ অনুৰাগীৰ উপস্থিত হল দক্ষিণ ৰাংছালীত।

কণ কণ শিশুৰ খাদ্য আত্নসাৎ!ৰাইজৰ প্ৰতিবাদত কপিল ছয়গাঁৱৰ চাম্পুপাৰা পথাৰ

কণ কণ শিশুৰ খাদ্য আত্নসাৎ! ৰাইজৰ প্ৰতিবাদত কপিল ছয়গাঁৱৰ চাম্পুপাৰা পথাৰ৷গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত ব্যপক অনিয়মৰ অভিযোগ৷শিশু খাদ্য চান কাঢ়ি খাইছে অংগনবাড়ী কৰ্মীয়ে৷এই অভিযোগ আমাৰ নহয়- অভিযোগ উত্থাপণ কৰিছে এইসকল পুৰুষ মহিলাই৷অভিযোগ মতে গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ৩৬ নম্বৰ মধ্য চাম্পুপাৰা পথাৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী নুৰভানু আহমেদে সমাজ কল্যাণ বিভাগে আৱন্টন দিয়া শিশু খাদ্য দীৰ্ঘ দিন ধৰি আত্মসাৎ কৰি আহিছে৷এই ঘটনাকলৈ জাঙুৰ খাই উঠিছে অঞ্চলটোৰ শ শ পুৰুষ মহিলা৷

অতিশীঘ্ৰেই অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মীৰ বিৰুদ্ধে এক উচ্চস্তৰীয় তদন্তৰ দাবী তুলিছে৷

বিধায়ক জিগনেশ মেৱানীয়ে জামিন লাভ কৰিলে

কোকৰাঝাৰৰ এখন আদালতে দেওবাৰে গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীক এদিনীয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত কৰা টুইটৰ বাবে অসম আদালতে জামিন প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে টুইট কৰাৰ বাবে অসম আৰক্ষীয়ে বুধবাৰে গুজৰাটৰ পৰা মেৱানীক গ্ৰেপ্তাৰ কৰিছিল। ন্যায়িক দণ্ডাধীশৰ আদালতে মেৱানীক দেওবাৰে এদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত কৰা টুইটৰ বাবে অসম আদালতে জামিন প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে টুইট কৰাৰ বাবে অসম আৰক্ষীয়ে বুধবাৰে গুজৰাটৰ পৰা মেৱানীক গ্ৰেপ্তাৰ কৰিছিল। ন্যায়িক দণ্ডাধীশৰ আদালতে মেৱানীক দেওবাৰে এদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। মেৱানীক দেওবাৰে সন্ধিয়া তেওঁৰ তিনিদিনীয়া আৰক্ষী জিম্মা সমাপ্ত হোৱাৰ পিছত আদালতত হাজিৰ কৰোৱা হৈছিল। এই ক্ষেত্ৰত পুনৰ পৰীক্ষা নিশা ৯.৩০ বজালৈকে দুই ঘণ্টাতকৈ অধিক সময় চলিছিল। ডিঙিত এটা অসমগামচাৰে মেৰিয়াই থোৱা মেৱানীক চিজেএমৰ বাসগৃহৰ পৰা কোকৰাঝাৰ কাৰাগাৰলৈ লৈ যোৱা হৈছিল। গোচৰটোৰ শুনানি চিজেএমৰ বাসগৃহত হৈছিল। ইফালে, কংগ্ৰেছে মেৱানীৰ সমৰ্থনত ইয়াত এক অবস্থা প্ৰদৰ্শন কৰিছিল।প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা টুইটৰ অভিযোগত কোকৰাঝাৰ আৰক্ষী থানাত আইপিচিৰ বিভিন্ন ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত এজাহাৰ দাখিল কৰাৰ পিছত বুধবাৰে নিশা গুজৰাটৰ পালানপুৰৰ পৰা কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক মেৱানীক গ্ৰেপ্তাৰ কৰা হয়। এজাহাৰঅনুসৰি, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “গডছেক ঈশ্বৰ বুলি গণ্য কৰে” বুলি দাবী কৰি এটা টুইট প্ৰকাশ কৰিছিল।মেৱানীক বৃহস্পতিবাৰে ৰাতিপুৱা গুজৰাটৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছত কোকৰাঝাৰলৈ ৰাস্তাৰে লৈ যোৱা হৈছিল, য’ত তেওঁক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল।

আদালতে তেওঁলোকক তিনিদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু বিধায়ক দিগন্ত বৰ্মন আৰু এছ কে ৰছিদে দলীয় কাৰ্যালয়ৰ পৰা কোকৰাঝাৰ আৰক্ষী থানালৈ এক নীৰৱ পদযাত্ৰা উলিয়াইছিল, য’ত মেৱানীক আৰক্ষীৰ জিম্মাত ৰখা হৈছিল। কংগ্ৰেছৰ বিধায়ক আৰু নেতাসকলেও মেৱানীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।এআইইউডিএফ আৰু চিপিআই(এম)কে ধৰি অন্যান্য বিৰোধী দলৰ সৈতে, ৰাজ্যখনৰ একমাত্ৰ নিৰ্দলীয় বিধায়কজনেও আৰক্ষীৰ জিম্মাৰ সময়ত মেৱানীক লগ কৰিছিল আৰু তেওঁক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে অসম আৰক্ষীয়ে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰাটোক “অগণতান্ত্ৰিক” আৰু “অসাংবিধানিক” বুলি অভিহিত কৰিছে।

শুৱাৰ আগত আমৰ ৰসৰ লগত গাখীৰ খালে টোপনি ভাল হয়

আম এবিধ অতিকৈ সুস্বাদু ফল। গ্ৰীষ্মকালত উপলব্ধ হোৱা ফল সমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু পুষ্টিকৰ ফল। আমত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ পোৱা যায়। ইয়াৰ উপৰিও আম কেলচিয়াম, ফছফৰাছ, ছ’ডিয়াম, পটাছিয়াম, কপাৰ, মেগনেছিয়াম, ক্ল’ৰিণ আদিৰে ভৰপূৰ।আম স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী। কিয়নো আম বহুতো ঔষধি গুণেৰে সমৃদ্ধ। আমৰ কেইটামান বিশেষ গুণৰ-

আমত থকা ভিটামিন ‘চি’-এ চৰ্মৰোগ দূৰ কৰে।

পকা পূৰঠ আমে হৃদযন্ত্ৰ সবল কৰে আৰু বীৰ্যবৰ্ধন কৰে।

উচ্চ ৰক্তচাপত পকা আমৰ ৰস বৰ উপকাৰী।

দেহত বল বৃদ্ধি আৰু শৰীৰৰ গঠন বৃদ্ধিত পকা আম যথেষ্ট উপকাৰী।

চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ পকা আম প্ৰতিদিনা ২০০ গ্ৰামকৈ হ’লেও খাব লাগে।

গভাৱতী মহিলাৰ বাবে আম অত্যন্ত উপকাৰী।

ৰাতি আমৰ ৰসৰ লগত গাখীৰ খালে টোপনি ভাল হয়।

স্মৃতিশক্তি সবল কৰিবলৈ দিনে পকা আমৰ ৰসৰ লগত এচামুচ আদা ৰস মিলাই খালে উপকাৰ পোৱা যায়।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

নিয়মিত আমলখি খালে মানুহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি হয়

আমলখিক ফলৰ ৰজা বুলি এইকাৰণেই কোৱা হয় যে আমলখিয়ে মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে।বিশেষকৈ ক’ৰনাৰ এই জটিল পৰিস্থিতিত বিশেষজ্ঞ সকলে দৈনিক আমলখি খোৱাৰ পৰামৰ্শ আগবঢ়াইছে। লগতে নিয়মিত আমলখি খালে মাৰাত্মক কেন্সাৰ,মধুমেহ তথা হৃদৰোগৰ দৰে ৰোগ নিয়ন্ত্ৰণ হয়। ইয়াৰোপৰি শীতকালত পানীলগা,কাহ আদিৰ লগতে ব্ৰংকাইটিছ দৰে ৰোগ প্ৰতিৰোধ কৰাতো আমলখিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে ।সাধাৰণতে শীতকালত মানুহৰ কোষ্ঠকাঠিন্যৰ দৰে সমস্যা বৃদ্ধি পায়।তেনেক্ষেত্ৰত বিশেষজ্ঞই দৈনিক আমলখি কোৱাৰ পৰামৰ্শ আগবঢ়াইছে।বৰ্তমান মানুহৰ অতিৰিক্ত ওজন বৃদ্ধি পোৱাটো এক গুৰুতৰ সমস্যা হৈ পৰিছে।তেনেক্ষেত্ৰত ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক এটা আমলখি খোৱাৰ অভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞ সকলে। শৰীৰত থকা দূষিত পদাৰ্থ বাহিৰ কৰাত আমলখিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।তেনেক্ষেত্ৰত মৌ বা গুৰৰ লগত আমলখি খোৱাৰ অভ্যাস কৰিব লাগে।

ইয়াৰোপৰি আমলখিয়ে তেজ পৰিষ্কাৰ কৰে লগতে তেজত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰাত আমলখিয়ে ঔষধৰ দৰে কাম কৰে।শৰীৰৰ না-না ৰোগ প্ৰতিৰোধ কৰাৰ লগতে আমলখিয়ে মানুহৰ দৃষ্টি শক্তি অটুট ৰখাতো সহায় কৰে।নিয়মিত আমলখি খালে মানুহৰ আৰ্থাৰাইটিছৰ দৰে ৰোগো নিয়ন্ত্ৰণ হয়।লগতে ছাল আৰু চুলিৰ বাবেও আমলখি অতিকৈ উপযোগী।

উৰ্ফি জাভেদে পুনৰ পিন্ধিলে বিৰ্তকিত পোছাক

বিতৰ্কিত তাৰকা উৰ্ফি জাভেদ এগৰাকী হেড টাৰ্ণাৰ আৰু প্ৰায়ে মুম্বাইৰ ব্যস্ত ৰাস্তাত তেওঁ ফটো তোলা পেপ বিচাৰি নাপায়। উদ্ভট আৰু বিপদজনক পোছাক পিন্ধাৰ বাবে জনাজাত উৰ্ফিয়ে বৃহস্পতিবাৰে (২১ এপ্ৰিল) মুম্বাইৰ এখন বিলাসী হোটেলৰ বাহিৰত কেমেৰাকৰ্মীসকলৰ দ্বাৰা ফটো তোলাৰ সময়ত আকৌ এবাৰ চকুৰ মণি ধৰিছিল। বিগ বছ অ’টিটিক এটা স্বচ্ছ-চিকুইনযুক্ত পোছাকত উবেৰ গৰম দেখা গৈছিল যিটো এটা উদ্ভট কাটৰ সৈতে আহিছিল।উৰ্ফি জাভেদে ‘বিগ বছ অ’টিটি’ৰ পৰা সামাজিক মাধ্যমত শাসন কৰি আহিছে। ২৫ বছৰীয়া মডেল-অভিনেত্ৰীগৰাকীক এই খ্যাতি বজাই ৰাখিবলৈ প্ৰতিদিনে চুপাৰ বোল্ড অৱতাৰত দেখা যায়।  বিগ বছ অ’টিটি খ্যাত অভিনেত্ৰী উৰ্ফি জাভেদক প্ৰতিদিনে অদ্ভুত কাপোৰত দেখা যায়।

তেওঁ  পোছাক পছন্দৰ কাৰণে  বহুত ট্ৰ’ল কৰা হৈছে। তাৰকাগৰাকীয়ে আকৌ এবাৰ তেওঁৰ উদ্ভট পোছাক আৰু চেহেৰাৰ বাবে চকুৰ মণি ধৰিছিল।

দক্ষিণ ৰাংছালীত কণ্ঠশিল্পী ৰূপন দাসৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘূৰাই ঘূৰাই নাছিলে উৰে নিশা…….

দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাস ।দ্বীপজ্যোতি সাংস্কৃতিক আৰু ক্ৰীয়া সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন ।দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাসৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘুৰাই ঘুৰাই নাছিলে উৰে নিশা ।

ৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য । বিহালী সমষ্টিৰ দক্ষিণ ৰাংছালীৰ ৩১ তৰ্ম ৰঙালী বিহু মঞ্চত নিশা প্ৰাণ ঢালি গীত পৰিবেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাসে । দাসৰ গীতত ককাল ঘুৰাই ঘুৰাই নাচালে হাজাৰ হাজাৰ দৰ্শকে। প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান চাবলৈ বিহালী বিশ্বনাথৰ বিভিন্ন স্থানৰ অনুৰাগীৰ উপস্থিত হল দক্ষিণ ৰাংছালীত।

উল্লেখযোগ্য যে অসম চৰকাৰৰ পৰা ১লাখ ৫০ হাজাৰ টকা আৰ্থিক মাননি লাভ কৰা দক্ষিণ ৰাংছালী ৰঙালী বিহু উদযাপন সমিতি দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ ৰাংছালী খেল- পথাৰত সাংস্কৃতিক সন্ধ্যা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় সুকলেমে।

দুদিনীয়াকৈ আয়োজিত উক্ত বিহু সন্মিলনৰ সভাপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰা বিশ্বনাথৰ বিহালী যুৱ সাংবাদিক শ্ৰীমন্ত দাসে ৰাইজৰ সহায় সহযোগিতা লগতে গাৱঁৰ ৰাইজে অনুষ্ঠানটো যি শান্তিপূৰ্ণ শৃংখলা বজাই ৰাখি সফল কৰাত সহায় কৰালে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে সভাপতি শ্ৰীমন্ত দাসে।

আনহাতে সম্পাদক হিচাপে দায়িত্ব ভাৰ লৈ প্ৰাক্তন ছাত্র মুক্তিৰ নেতা তুল তুল দাসে ও ৰাইজক ধন্যবাদ জনাই। ইফালে বিহুখনত সহায় সহযোগীতা কৰাৰ লগতে উক্তপুত ভাৱে জড়িত থাকে বিশ্বনাথ জিলা মহকুমা অনুসূচীত জাতীৰ উন্নয়ন ৱৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ দাসক এই অনুষ্ঠানতে আদৰণি জনাই বিহু উদযাপন সমিতিয়ে ।

যোৱা নিশা সামৰণি কাৰ্য্যসূচীত অজস্ৰ বিহু প্ৰেমি ৰাইজৰ সমাগম দেখা লগতে বিহুগীতৰ চন্দ , ঢোল , পেপা , গগনাৰ সুৰীয়া মুৰ্চনাই জিপাল কৰি তুলিছিল সমগ্ৰ দক্ষিণ ৰাংছালী ।