Home Blog Page 2441

অতিৰিক্ত পানী সেৱন কৰাটো স্বাস্হ্যৰ পক্ষে হব পাৰে ক্ষতিকাৰক ………

পানীয়ে হৈছে মানুহৰ প্ৰাণ। পানীৰ অবিহনে মানুহৰ জীৱন অসম্ভৱ। স্বাস্থ্য ভালে ৰাখিবলৈ পানী বেছিকৈ খোৱাটো
অত্যন্ত আৱশ্যক ৷ পানী খোৱাৰ কিছুমান নিয়ম আছে। যধে – মধে বা যেতিয়া তেতিয়াই পানী খালে আমাৰ শৰীৰত অপকাৰহে হ’ব পাৰে।

উল্লেখযোগ্য যে পানী খোৱাৰ নিয়ম নজনাৰ বাবেই শৰীৰত গাঁঠিৰ বিষ, কুষ্ঠ কাঠিন্য ,চুলি সৰা ,ছাল শুকাই যোৱা , শৰীৰৰ ওজন বৃদ্ধি হোৱা , শৰীৰ দূৰ্বল অনুভৱ কৰা ,মুখত কলা দাগ ,কিডনী সমন্ধীয় বেমাৰ, গেছ আদি বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে।দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতি জন ব্যক্তিৰ আকাৰ, ওজন বতৰ আৰু প্ৰতিজন ব্যক্তিৰ কাৰ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে।

বহু সংখ্যক লোকে পানী থিয় হৈ খোৱা দেখা যায়। কিন্তু আয়ুৰ্বেদ অনুসৰি পানী সদায় বহি খাব লাগে। থিয় হৈ পানী খোৱাটো শৰীৰৰ কাৰণে অত্যন্ত অপকাৰী । বহি পানী খালে আমাৰ শৰীৰৰ শিৰা উপসিৰাসমূহে কাম কৰিবলৈ সুবিধা পায় ৷আকৌ আমি কেতিয়াবা শুইও পানী খাও। শুই পানী খোৱাটো অত্যন্ত বেয়া অভ্যাস। কেতিয়াবা এনেদৰে পানী খোৱাৰ ফলত ভয়ংকৰ বিপদৰো সন্মূখীন হোৱা দেখা যায়।

পানী আমি একে উশাহতে নাখাই লাহে লাহে খাব লাগে।কাৰণ আমি যেতিয়া খাদ্য বস্তু গ্ৰহণ কৰো তেতিয়াও লাহে লাহে খাওঁ বা একেবাৰতে খাদ্যসমূহ গ্ৰহণ নকৰি অলপ অলপকৈ খাদ্য গ্ৰহণ কৰো । ঠিক তেনেদৰে আধা লিটাৰ পানীক একেলগে খোৱাতকৈ এই পানীকে তিনিৰ পৰা চাৰিঘন্টাৰ ভিতৰত ৫ বা ৬ বাৰ খাব লাগে ।এনেদৰে পানী খালে পেট ফুলা,গেছ আৰু হাইপাৰ টেনশ্যন আদিৰ পৰা মুক্ত হ’ব পাৰে।

আমি খাদ্য খোৱাৰ আগত বা পিছতেই পানী খাব নালাগে ৷ খাদ্য খোৱাৰ ৩০ মিনিটৰ আগত বা খাদ্য খোৱাৰ ৪৫ মিনিটৰ পাছতহে পানী খাব লাগে। এই নিয়মত পানী খালে খাদ্য ভালদৰে হজম হয় ।ভাতখোৱাৰ আগত বা ভাতখোৱাৰ থিক পাছতে পানী খোৱাৰ ফলত পেট ফুলাৰ ৰোগে দেখা দিব পাৰে৷বহু লোকে বটলৰ দ্বাৰা ওপৰলৈ মূৰ কৰি পানী খোৱা দেখা যায়৷ কিন্তু এনেকৈয়ে পানী খালে পাচন তন্ত্ৰৰ ক্ষতি হয়।

আমি গৰমত ফ্ৰিজৰ পানী খাবলৈ পালে ভাল পাওঁ। কিন্তু একেবাৰে ঠাণ্ডা পানীয়ে আমাৰ পাচন প্ৰণালীক ধ্বংস কৰাৰ লগতে গেচৰ সমস্যা সৃষ্টি কৰিব পাৰে।ৰাতিপুৱা খালি পেটত কুহুমিয়া পানী খুৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।পানীয়ে শৰীৰৰ মেটাবলিজমক বৃদ্ধি কৰি ওজনক নিয়ন্ত্ৰিত কৰে।পানীয়ে তেজৰ চলাচল কৰাত সহায় কৰে।যিসকলৰ ব্যক্তি কিডনী সম্পৰ্কীয় ৰোগ থাকে ৷ তেওঁলোকে দৈনিক দুই লিটাৰকৈ হ’লেও পানী খাব লাগে।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

চ্যুকাফাক লৈ চক্ৰান্ত, ক্ষোভিত সচেতন মহল ……

শিৱসাগৰত শিক্ষা বিভাগৰ গাফিলতিক লৈ সৰৱ সচেতন সমাজ।অসম চৰকাৰৰ শিক্ষা বিভাগে অসমীয়া মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথি “বৈচিত্ৰ্যময় অসমৰ পৰিশিষ্টত অসমীয়া জাতি গঠনৰ মূল হোতাৰূপে প্ৰথমেই শ্ৰীমন্ত শংকৰদেৱক প্ৰতিষ্ঠা কৰি প্ৰথম আহোম স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাক নসাৎ কৰাকলৈ এই সংবাদ মেল সম্বোধন কৰে।

টাই আহোম ছাত্র সন্থাৰ কাৰ্যকৰী সভাপতি বসন্ত গগৈকে প্ৰমুখ্যে কৰি বহু কেইজন সচেতন লোক উপস্থিত থকা এই সংবাদ মেলত চৰকাৰৰ এনে বৈষম্যক লৈ সৰৱ হৈ পৰে।সংবাদ মেলত বসন্ত গগৈয়ে কয় যে-শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অন্যতম হোতা সেয়া প্ৰকৃত সত্য।কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত সিঁচৰিত হৈ থকা বিভিন্ন জাতি-উপজাতিক এক ভৌগোলিক সীমাৰ মাজলৈ আনি এক উমৈহতীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল চ্যুকাফাই।

যুদ্ধ-সন্ধি আদি বিভিন্ন মাধ্যমৰ মাজেৰে অসম নামৰ এক ভূ-খণ্ডৰ ধাৰণা আৰম্ভ কৰিছিল স্বৰ্গদেউ চ্যুকাফাই।তেওঁৰ পদ চিহ্ন অনুসৰণ কৰি পৰৱৰ্তী আহোম স্বৰ্গদেউ সকলে আহোম শাসনৰ তলত বিশাল অসম ৰাজ্য স্থাপন কৰে।কিন্তু উল্লিখিত পাঠ্যপুথিৰ পৰিশিষ্টত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ একমাত্ৰ হোতা শ্ৰীমন্ত শংকৰদেৱ বুলি উল্লেখ কৰি চ্যুকাফাক সম্পূৰ্ণৰূপে নসাৎ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে শিৱসাগৰৰ সচেতন মহলে।

এনে কাৰ্য উদ্দেশ্য প্ৰণোদিত আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলি অভিযোগ আনি পাঠ্যপুথিৰ সম্পাদনা সমিতিক এই পৰিশিষ্টৰ লগতে পাঠ শুদ্ধ আৰু ঐতিহাসিক ভিত্তিত প্ৰস্তুত কৰিবলৈ দাবী জনায়।আজিৰ সংবাদ মেলত যোগ গগৈ, নবীন বুঢ়াগোহাঁই, এম.আই.বড়া,পদ্মা চেতিয়া, ভিকিৰাণী মহন,অভ্যৰ্থনা দত্ত আদি উপস্থিত থাকে।

আপুনি ভাড়া থাকে নেকি ? তেন্তে জানক এই নিয়ম

১/ আপুনি যদিহে ভাড়াঘৰত থাকিব বিচাৰিছে তেন্তে এখন চুক্তিপত্ৰ তৈয়াৰ কৰি লওঁক।  চুক্তিপত্ৰ ৰখাটো ভাড়াত থকাজন আৰু ভাড়া দিয়া জন, দুইজনৰ বাবেই গুৰুত্বপূৰ্ণ।

২/ যদিহে আপুনি বসবাসৰ বাবে কাৰোবাৰ ঘৰত ভাড়াতীয়া হিচাপে থাকিব বিচাৰিছে তেন্তে ঘৰৰ মালিকে দুই মাহৰ ‘চিকিউৰিটি মানি’ আপোনাৰ পৰা ল’ব পাৰে। যদিহে ব্যৱসায়িক কাৰণত আপুনি ঘৰ ভাড়া কৰিব খুজিছে তেন্তে ছয় মাহ পৰ্যন্ত ‘চিকিউৰিটি মানি’ আপোনাৰ পৰা ল’ব পাৰে।

৩/ আপোনাৰ অনুমতি অবিহনে আপুনি থকা ভাড়া ঘৰৰ ভিতৰলৈ মালিক সোমাই আহিব নোৱাৰে।

৪/ আপুনি ভাড়া নিদিলে বুলিয়েই ২ মাহ পৰ্যন্ত মালিকে আপোনাৰ মৌলিক সুবিধাসমূহ যেনে পানী, বিজুলী আদি ব্যৱহাৰ কৰাত আপোনাক বাধা দিব নোৱাৰে।

৫/ আপুনি যি ধৰ্মৰ লোক হওক লাগিলে, ধৰ্মৰ ভিত্তিত মালিকে আপোনাক ভাড়া ঘৰ নিদিয়াকৈ থাকিব নোৱাৰে বা ঘৰৰ পৰা উলিয়াই দিব নোৱাৰে।

৬/ আপুনি ঘৰ ভাড়া দিওতে মালিকে প্ৰতি মাহতে স্বাক্ষৰ সম্বলিত ৰচিদ প্ৰদান কৰিব লাগিব।

৭/ কিবা জৰুৰী কাৰণত আপোনাৰ ভাড়া ঘৰৰ মালিকে আপোনাক উলিয়াই পঠাব বিচাৰিলে অন্ততঃ ১৫ দিনৰ আগতে আপোনাক জাননী জাৰি কৰিব লাগিব।

৮/ আপুনি থকা ঘৰটো পুৰণি হ’লে বা স্বাভাৱিকভাবে ক্ষয় -ক্ষতি হ’লে তাক মেৰামতি কৰাৰ দায়িত্ব সাধাৰণতে আপোনাৰ মালিকৰ। যদি আপুনি নিজেই মেৰামতি কৰে তেন্তে তাৰ খৰচ আপুনি মালিকক বিচাৰিব পাৰে।

৯/ দুই বছৰ নোহোৱাকৈ আপোনাৰ মালিকে ঘৰ ভাড়াৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে।

১০/ ভাড়া ঘৰৰ মালিকে পানী, বিজুলী, শৌচালয় আদি মৌলিক প্ৰয়োজন সমূহৰ ব্যৱস্থা কৰি দিয়াটো জৰুৰী।

২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী……

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ কাৰ্যসূচীৰ অংশৰূপে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতীকিভাৱে গোলাঘাটত নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিব ।

এই উপলক্ষে সেইদিনা গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত আয়োজন কৰা অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে প্ৰস্তুতিৰ সবিশেষ বুজ লৈ কয় যে ২৮ এপ্ৰিলৰ দিনটো সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ বাবেও এটা বিশেষ দিন । কিয়নো আন কেইবাখনো জিলাৰ লগতে গোলাঘাট জিলাতো সেইদিনা ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ কৰি এখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব ।

বৈঠকত ভাগ লৈ জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিটো বিভাগক নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ নিৰ্দেশ দিয়ে । সভাত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰী কুলদীপ হাজৰিকা, ডঃ সংগীতা বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী অঞ্জন পণ্ডিত, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰ নাথ তামূলী আৰু ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল ।

মালাধৰা  ৰংছাইত ৰাভা হাছঙৰ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ 19 নং দ’দান পৰিষদীয় সমষ্টিৰ অন্তর্গত মালাধৰা আৰু ৰংছাইত 25 এপ্ৰিল তাৰিখে একেদিনাই পৰিষদৰ  বিত্তীয় অনুদানেৰে নির্মিত  আৰু  নির্মান হ’বলগীয়া  তিনি খনকৈ আঁচনিৰ  শুভাৰম্ভণিল কার্য  ৰুপায়ন কৰে  ৰাভা হাছঙৰ কার্যবাহী সদস্যা  জ্যোতিকা ৰাভাই  ।

পুৱা দহ বজাত পৰিষদৰ 2019 – 20 বিত্তীয় বর্ষৰ আৰ্থিক অনুদানেৰে নির্মিত  মালাধৰা ৰাজহুৱা খেলপথাৰ প্ৰাঙ্গনত মালাধৰা বাৰে-বৰণীয়া সাংস্কৃতিক সংঘৰ  সাংস্কৃতিক  মঞ্চৰ  গৃহ  উন্মোচন কৰে  কার্যবাহী সদস্যা জ্যোতিকা ৰাভাই  । সাংস্কৃতিক  মঞ্চৰ গৃহ উন্মোচনী অনুষ্ঠানত মালাধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ লগতে অঞ্চলৰ  বিশিষ্ট ব্যক্তিসকল  উপস্থিত  থাকে ।ইয়াৰ পিছতে দিনৰ এঘাৰ বজাত কার্যবাহী সদস্যাগৰাকীয়ে  ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ  2020 -21  বিত্তীয়বর্ষৰ মুখ্য  কার্যবাহী  সদস্যৰ  বিশেষ  পুঁজিৰ  21 লাখ টকা ব্যয় সাপেক্ষে নির্মাণ  হ’বলগীয়া ৰংছাই – বায়দাস্থিত ঐতিহ্যমণ্ডিত  দ’দান মন্দিৰৰ নাচঘৰ নির্মানৰ  আধাৰশিলা স্থাপন কৰে ।

উক্ত  অনুষ্ঠানত দ’দান থান পৰিচালনা কমিটিৰ  সভাপতি সম্পাদক  ক্ৰমে নিষ্টোমোহন  ৰাভা আৰু শিৱপ্ৰসাদ ৰাভাৰ  লগতে বিশিষ্ট সাহিত্যিক চাৰুমোহন ৰাভা ,দুর্যোধন ৰাভা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল  উপস্থিত  থাকে । তাৰ পিছতে কার্যবাহী সদস্যা গৰাকীয়ে ৰংছাই বজাৰত পৰিষদৰ  মুখ্য কার্যবাহী সদস্যৰ বিশেষ পুঁজিৰ 15 লাখ টকা ব্যয় সাপেক্ষে  মেছপাৰা  মধ্যাঞ্চল  ৰাভা সমাজৰ কার্যালয় গৃহ  নির্মানৰ  আধাৰশিলা স্থাপন কৰে ।

উল্লেখ্য যে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সৱল নেতৃত্বত পৰিষদীয় এলেকাত বিশেষকৈ  দ’দান  আৰু জয়ৰামকুছি সমষ্টিত যি সামগ্ৰীক উন্নয়নৰ ধাৰা অব্যাহত হৈছে তাৰ বাবে কার্যবাহী সদস্যা জ্যোতিকা ৰাভাই ৰাভা হাছঙৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভা লৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ।

মাজবাটত ব্লাড কেঞ্চাৰত আক্ৰান্ত ১৩ বছৰীয়া কিশোৰী

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গতধনশ্ৰীঘাটৰ ভালুকমাৰীৰ  দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দেৱৰাজ ছেত্ৰীৰ  জ্যেষ্ঠ  কন্যা দীক্ষা ছেত্ৰী নামৰ  ১৩ বছৰীয়া ছাত্ৰী গৰাকী বিগত বহু দিন ধৰি ব্লাড কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে ৷ 

যোৱা বছৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখৰ পৰাই গুৱাহাটী মেডিকেল কলেজত প্ৰায়ে ৫ মাহ ধৰি চিকিৎসাধীন হৈ আছিল ৷ যদিও  উক্ত ব্লাড কেঞ্চাৰ লিওকেমিয়া ৰোগত আক্ৰান্ত হোৱা ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে বাংগালোৰ লৈ যোৱাত দুখীয়া পৰিয়ালে আৰ্থিক সংকটত ভুগিব লগা হৈছে ।

পৰিয়ালৰ লগতে স্থানীয় ৰাইজে এই দুৰ্ভাগীয় পৰিয়ালৰ বিপদত পৰা বিষয়টো মঙ্গলদৈ সাংসদ দিলীপ শইকীয়াৰ নমিনি তথা মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মাক  অৱগত কৰোৱাত শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈ সাংসদ দিলীপ শইকীয়াৰ লগত যোগাযোগ কৰাত তাৎক্ষণিক ভাৱে সাংসদ শইকীয়াই ব্যক্তিগত ভাবে ১০হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ বাবে অনুদান আগবঢ়ায় ।


ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে সাংসদ দিলীপ শইকীয়াই প্ৰদান কৰা চেক ২৫এপ্ৰিলত  মাজবাটৰ বিজেপি নেতা কিশোৰ শৰ্মাৰ লগতে মান্না দে ,অনুজ শৰ্মা ,সুন্দৰ  টিগ্গা, কঁপিল মাহাতোকে আদি কৰি কেইবাজনো বিজেপি কৰ্মীয়ে  সাংসদ দিলীপ শইকীয়াই ব্যক্তিগত ভাৱে আগবঢ়োৱা চেক পৰিয়ালৰ হাতত প্ৰদান কৰি ছাত্ৰী গৰাকী সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰে ।

বঙাইগাঁৱৰ গোলাপাৰাত ডিঙি কটা মহিলাৰ মৃতদেহ উদ্ধাৰ। অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্য……

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা চতুৰ্থ খণ্ডত এগৰাকী আদহীয়া মহিলাৰ ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নসেৰ আলীৰ ঘৈণীয়েক ৰেজিয়া খাতুন (৪২)ৰ নিজ গৃহৰ গোহালীত তেজেৰে লুতুৰি পুতুৰি থকা অৱস্থাত কটাৰীসহ মৃতদেহ উদ্ধাৰ হয়।

মহিলাগৰাকীক দীৰ্ঘদিন ধৰি শাৰিৰীক আৰু মানসিক ভাৱে অত্যাচাৰ কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ।আজি ৰাতিপুৱা মহিলাগৰাকীক অত্যাচাৰ কৰা বুলি উল্লেখ কৰে মহিলাগৰাকীৰ ককায়েকে।

ইফালে মহিলাগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত হোৱা বাবে নিজেই আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে স্বামীয়ে । ঘটনাস্হলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈছে ।হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব।

পাপন, শ্ৰেয়া ঘোষালে গোৱা ত্ৰিভাষিক প্ৰেমগীত ‘কৈ নিদিয়া কিয়’ শ্ৰোতাৰ মাজত হিট হ’ল কেনেকৈ?গীতটিক লৈ শ্ৰেয়া ঘোষালে কি কলে ?

গায়ক পাপনে গায়িকা শ্ৰেয়া ঘোষালৰ সৈতে ‘কৈ নিদিয়া কিয়’ শীৰ্ষক এটা ত্ৰিভাষিক প্ৰেমগীতৰ বাবে লগ লাগিছে।
পাপনে কয়, “কৈ নিদিয়া কিয়’ হৈছে তিনিটা মিঠা ভাষাৰে নিহিত এটা সুন্দৰ গান। যিসকলে তিৱা, বড়ো আৰু অসমীয়াভাষা কয় তেওঁলোকৰ বাবে এয়া এক শ্ৰদ্ধাঞ্জলি। এইটো সঁচাকৈয়ে এটা বিশেষ গান কাৰণ ইয়াৰ জৰিয়তে মই শ্ৰেয়া ঘোষালৰ সৈতে পুনৰ মিলিত হৈছো। তাইৰ সৈতে গান গোৱাটো সদায় ইমান আনন্দদায়ক। মই নিশ্চিত যে এই গীতটোৱে প্ৰেমৰ বাৰ্তা প্ৰদান কৰিব।”
ঘোষালে এইদৰে কৈছিল: “এটা গীতত তিনিটা ভাষাৰ সংমিশ্ৰণ মোৰ বাবে প্ৰথম। ইমান দিনৰ পিছত মই অসমত গান গাই সুখী। পাপনৰ সৈতে লগ হোৱাটো আশ্চৰ্যজনক। আমি দুয়োজনে সংগীত প্ৰেমীসকলৰ বাবে কিবা উপন্যাস আনিবলৈ চেষ্টা কৰিছো। গানটো ওলাই অহাৰ বাবে মই এতিয়া উৎসাহিত হৈছোঁ।”

পাপন আৰু শ্ৰেয়া দ্বৈত ৰ মুখ্য আকৰ্ষণ হ’ল যে ই তিনিটা ভাষাৰ সংমিশ্ৰণ – তিৱা, বড়ো আৰু অসমী। কেশৱ নয়নৰ দ্বাৰা লিখা আৰু পৰশেৰ বৰুৱাৰ দ্বাৰা পৰিচালিত এই গীতটোত শ্ৰেয়া ঘোষাল, পাপন হেলিনা দৈমাৰী, জয় নাৰায়ণ আৰু কেশব নয়নে অভিনয় কৰিছে।

Birthday Boyঅৰিজিত সিঙৰ জন্মদিনত কোনে কি উপহাৰ দিলে? আমিৰ খানে জন্মদিনৰ শুভেচ্ছাবানী কেনেকৈ দিলে?

গায়ক অৰিজিত সিঙৰ জন্মদিনত, বলীউডৰ তেওঁৰ আটাইতকৈ ডাঙৰ অনুৰাগীজনৰ ওপৰত এবাৰ চকু ফুৰাওক। আপুনি অনুমান কৰিব পাৰিবনে এইটো কোন?

গায়ক অৰিজিত সিঙৰ জন্মদিনত, আমি বলীউডত গায়কৰ আটাইতকৈ ডাঙৰ অনুৰাগী – আমিৰ খানলৈ এবাৰ চকু ফুৰাওঁ। হয়, আপুনি সেইটো শুদ্ধকৈ পঢ়িছে। আমিৰে যোৱা বছৰ এটা অনলাইন পুঁজি সংগ্ৰহৰ সময়ত প্ৰকাশ কৰিছিল যে তেওঁ অৰিজিতৰ এজন ডাঙৰ অনুৰাগী আৰু যেতিয়াই তেওঁ লাইভ প্ৰদৰ্শন কৰে, অভিনেতাজনে সদায় তেওঁক উৎসাহিত কৰিবলৈ সন্মুখৰ শাৰীত বহে।

সেয়া নহয়, আমিৰ খানে আনকি অনুষ্ঠানটোৰ পিছত অৰিজিতক এটা গান গাবলৈ অনুৰোধ কৰিছিল – চেকমেট কোভিড চেলিব্ৰিটি সংস্কৰণ শেষ হৈছিল। তেওঁ অৰিজিতক ক’লে, “এক দো লাইন গা কে চুনাও য়াৰ।”
অৰিজিতে তেতিয়া অভিনেতাজনক এটা গানৰ পৰামৰ্শ বিচাৰিছিল আৰু আমিৰে তেওঁক তেওঁৰ প্ৰিয় গানটো গাবলৈ কৈছিল। অৱশ্যে, অৰিজিতে তেওঁৰ প্ৰিয় গানটো মনত পেলাব নোৱাৰিলে সেয়েহে আমিৰে তেওঁক মনত পেলাই দিছিল যে এইটো ‘এ দিল হে মুস্কিল’।

অৰিজিতৰ গান গোৱাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বিষয়ে উল্লেখ কৰি আমিৰে কয়, “তেওঁ আচৰিত, তেওঁ ইমান আশ্চৰ্যজনক গায়ক। ইমান আশ্চৰ্যকৰ গায়ক। মই তেওঁক বহুবাৰ জীয়াই থকা দেখিছোঁ আৰু প্ৰতিবাৰেই তেওঁ মোৰ মন উৰুৱাই দিয়ে।

শ্বাহিদ কাপুৰে এতিয়াৰে পৰা পত্নী মীৰা কাপুৰৰ অনুমতি লৈহে টকা খৰচ কৰিব!

‘মই এতিয়া এজন পৰিয়ালৰ মানুহ’, অভিনেতা শ্বাহিদ কাপুৰে কয় যে আগতে তেওঁ টকা খৰচ কৰাৰ ক্ষেত্ৰত সকলো বোৰ বাহিৰলৈ গৈছিল, কিন্তু বিবাহে সেইটো সলনি কৰিছে। জাৰ্চীৰ অভিনেতাজনে কৈছিল যে তেওঁ টকা খৰচ কৰাৰ আগতে এতিয়া পত্নী মীৰা কাপুৰৰ পৰা “অনুমতি” ল’ব লাগিব।

“মই আগতে সকলো খৰচ কৰিম কিন্তু এতিয়া মই এজন পৰিয়ালৰ মানুহ। অৱশ্যে, তেওঁ স্পষ্টকৈ কৈছিল যে তেওঁ তেওঁৰ ল’ৰাৰ ভ্ৰমণৰ বাবে অনুমতি লোৱা নাছিল

শ্বাহিদে ২০১৫ চনত মীৰাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ ক্ৰমে মিছা আৰু জাইন নামৰ এজনী ছোৱালী আৰু এজন পুত্ৰ আছে।
সাক্ষাৎকাৰটো চলি থকাৰ লগে লগে শ্বাহিদে মীৰাৰ ৰন্ধন দক্ষতাৰ বিষয়ে মুখ খুলিলে। এজন ভাল ৰান্ধনী কোন বুলি সোধাত শ্বাহিদে কয় যে এইটো তেওঁৰ দেউতাক পংকজ কাপুৰ আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়া।