দেশত শেহতীয়াকৈ কিছু পৰিমাণে বাঢ়িছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ২,৪৮৩ জন লোক। আজিৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,৩৯৯ জন।
এই পৰ্যন্ত দেশত সৰ্বমুঠ মৃত্যুৰ সংখ্যা হ’লগৈ ৫ লাখ ২৩ হাজাৰ ৬২২ জন। ২৪ ঘণ্টাত আৰোগ্যৰ হাৰ ৯৭.৭৫ শতাংশ।
উল্লেখযোগ্য যে বাসুগাওঁ চহৰৰ আৱাসিক আৰু একাধিক প্ৰাথমিক,মাধ্যমিক আৰু কলেজৰ প্ৰৱেশ দ্বাৰৰ সন্মূখেৰে অবিৰত ভাবে চলাচল কৰা বৃহৎ আকাৰৰ বালি আৰু ছাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মই ইতিমধ্যে একাধিক পথ দূৰ্ঘটনা সংঘটিত কৰে যদিও ইয়াৰ বিৰুদ্ধে প্ৰশাসনে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয়। ইয়াৰ উপৰিও সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেচনৰ ফালৰ পৰা এই সন্দৰ্ভত বহু কেইবাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ দাখিল কৰা হয় যদিও ইয়াৰো কোনো সুফল নোপোৱাত প্ৰশাসনৰ প্ৰতি থকা স্থানীয় ৰাইজৰ আস্থা হেৰুৱাৰ উপক্ৰম হৈছে।