Home Blog Page 2479

“শ্ৰম মন্ত্ৰীক ভণ্ড তপস্বী, ঠগবাজ মন্ত্ৰী আখ্যা” চি আই টি ইউৰ

“শ্ৰম মন্ত্ৰীক ভণ্ড তপস্বী, ঠগবাজ মন্ত্ৰী আখ্যা”VIP আপ্যায়ন কৰিবলৈ শ্রম মন্ত্ৰীৰ সময় হয়, কিন্তু শ্ৰমিকৰ কথা ভাবিৱলৈ মন্ত্ৰীৰ সময় নহয়

শ্ৰমিকৰ ন‍্যুনতম মজুৰি ৮০০ টকা কৰাৰ দাবীৰে citu ৰ বিক্ষোভ। শ্ৰমিক কল্যান নে মালিক কল্যান তাকলৈ সন্দেহ । ২৮,২৯ মাৰ্চত সমগ্ৰ দেশ বন্ধ কৰি দিয়াৰ হুংকাৰ চি আই টি ইউৰ দুদিনীয়া ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰিব সমগ্ৰ দেশজুৰি শ্ৰমিকে কাম কৰিবলৈ বন্ধ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকো বন্ধ হৈ যোৱাৰ হুংকাৰ। কৃষকে ৬ মাহ ধৰি দিল্লীৰ ৰাজপথ প্ৰতিৰোধ কৰাৰ দৰেই এইবাৰ শ্ৰমিকে দিছ্পুৰৰ সন্মুখত মাহজোৰা প্ৰতিবাদ কৰাৰো হুংকাৰ citu ৰ ।

দক্ষ শ্রমিকৰ বাবে ন্যূনতমমজুৰি দৈনিক ৮০০ টকা ধার্য কৰা আৰু সমানুপাতিক হাৰত অৰ্দ্ধদক্ষ, দক্ষ আৰু অতিদক্ষ মজুৰি নিৰ্দ্ধাৰণ কৰি অতি শীর্ঘে চৰকাৰী জাননী প্ৰকাশ কৰিবলৈ দাবী উত্থাপন citu ৰ ।

হিজাবৰ ক্ষেত্ৰত আবেদন নাকচ কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৈছে হিজাব ইছলামৰ এক অপৰিহাৰ্য অংশ নহয়; আপুনি স্কুলৰ ইউনিফৰ্ম পিন্ধিব লাগিব।

কৰ্ণাটকৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহক হিজাব পিন্ধিবলৈ অনুমতি দিয়া নহ’ব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে মঙলবাৰে ৰায় দিছিল।যোৱা ৭৪ দিন ধৰি গোচৰটোক লৈ চলি থকা বিতৰ্কৰ ৰায়ত উচ্চ ন্যায়ালয়ে দুটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। প্ৰথমতে, হিজাব ইছলামৰ এক অপৰিহাৰ্য অংশ নহয়। দ্বিতীয়তে, শিক্ষাৰ্থীসকলে বিদ্যালয় বা মহাবিদ্যালয়ৰ নিৰ্ধাৰিত ইউনিফৰ্ম পিন্ধিবলৈ অস্বীকাৰ কৰিব নোৱাৰে।

উচ্চ ন্যায়ালয়ে হিজাবৰ সমৰ্থনত মুছলমান ছোৱালী আৰু আনসকলে দাখিল কৰা আঠখন আৱেদন খাৰিজ কৰিছিল। মুখ্য ন্যায়াধীশ ৰিতুৰাজ অৱস্থি, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ খাজি জয়বুন্নেছা মহিউদ্দিনৰ তিনিজনীয়া বিচাৰপীঠেও ৰাজ্য চৰকাৰৰ ৫ ফেব্ৰুৱাৰীৰ আদেশক আঁতৰাই ৰাখিবলৈ অস্বীকাৰ কৰে যিয়ে বিদ্যালয়ৰ ইউনিফৰ্মক প্ৰয়োজনীয় বুলি অভিহিত কৰিছিল।

এই দুটা বস্তুয়ে বিচাৰৰ আধাৰ গঠন কৰিছিল।মঙলবাৰে ৰায় প্ৰদান কৰাৰ আগতে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰিতুৰাজ অৱস্থীয়ে কয় যে বিষয়টোত দুটা প্ৰশ্ন চোৱাটো গুৰুত্বপূৰ্ণ। প্ৰথমতে- হিজাব পিন্ধাটো অনুচ্ছেদ ২৫-ৰ অধীনত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ অধীনত আহে নেকি? দ্বিতীয়তে, বিদ্যালয়ৰ ইউনিফৰ্ম পিন্ধিবলৈ কোৱাটো এই স্বাধীনতাৰ উলংঘন নেকি? ইয়াৰ পিছত, উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত নিষেধাজ্ঞা বজাই ৰাখে।

হিজাব বিবাদত উচ্চ ন্যায়ালয়ত ৮ খন আবেদন দাখিল ।কৰ্ণাটকত হিজাব আৰম্ভ হোৱাৰ পিছত গোচৰটো সত্ৰ আদালতত উপস্থিত হৈছিল। সত্ৰ আদালতৰ পিছত, গোচৰটো উচ্চ ন্যায়ালয়লৈ যায়, য’ত ইয়াক বিচাৰপীঠলৈ স্থানান্তৰ কৰা হয়। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে বিষয়টোৰ শুনানি আৰম্ভ কৰে।গোচৰটোৰ অৱশেষত ১৫ মাৰ্চত সিদ্ধান্ত লোৱা হৈছিল। উচ্চ ন্যায়ালয়ে ৰায়টোৰ সৈতে সম্পৰ্কিত আঠখন আৱেদনও নিষ্পত্তি কৰিছিল।

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে গোচৰটোৰ শুনানিৰ সময়ত আবেদনকাৰীৰ পৰা পবিত্ৰ কোৰাণৰ প্ৰতিলিপি বিচাৰিছিল যাতে তেওঁ কৰা আবেদননিশ্চিত কৰিব পাৰে। ন্যায়াধীশ দীক্ষিতে এই সময়ত সুধিছিল – এইটো কোৰাণৰ এটা প্ৰমাণিক প্ৰতিলিপি নেকি, ইয়াৰ সত্যতাক লৈ কোনো বিবাদ নাই। এই সন্দৰ্ভত, এডভোকেট জেনেৰেলে কৈছিল যে কোৰাণৰ বহুতো অনুবাদ আছে।

অসমৰ মাটিত পুনৰ নগাৰ আগ্ৰাসন

অসমৰ মাটিত পুনৰ অৰুণাচলি নগাৰ আগ্ৰাসন।মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত বমগাৰা অঞ্চলত এই আগ্ৰাসন।
অৰুণাচল প্ৰদেশৰ ১ নং ফিনবিৰো গাঁৱৰ ৰাইজে চলাইছে আগ্ৰাসন।কোভিড প্ৰটকলৰ গইনা লৈ অসমৰ মাটিত প্ৰথমে অস্থায়ী টঙি ঘৰ নিৰ্মাণ আৰু বৰ্তমান পথৰ ওপৰত গেট নিৰ্মাণৰ প্ৰচেষ্টা।লেখাপানী আঞ্চলিক বন বিষয়া অনুজ গগৈৰ নেতৃত্বত এটা সজাতি দলে অৰুনাচলি নগাৰ এই আগ্ৰাসনক বাধা প্ৰদান কৰে।

এই ক্ষেত্ৰত অসম চৰকাৰ তথা দল সংগঠনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো মুহূৰ্ততে পৰিস্থিতি বিপদাপন্ন হোৱাৰ আশংকাই দেখা দিছে। অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন নতুন কথা নহয় যদিও বমগাৰাত হোৱা আগ্ৰাসন একপ্ৰকাৰ অৰুণাচলীৰ অবৈধ কয়লা সৰবৰাহৰ টেক্স সংগ্ৰহ কৰাৰ নিৰাপদ স্থান হিচাপে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে বৰ্তমান অৰুণাচলীৰ এই আগ্ৰাসনে বমগাৰা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে।

বৰপেটাৰ হোলীগীতৰ বিশ্বজয়ী যাত্ৰা

দৌল মহোৎসৱৰ পূৰ্বে অসমবাসীলৈ সুখবৰ ৷বৰপেটাৰ হোলীগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ ৷ বৰপেটাত আজি আন্তৰ্জাতিক খ্যাতিসম্পন্ন কন্ঠশিল্পী শংকৰ মহাদেৱনৰ কন্ঠত বানীৱদ্ধ ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক এটা হোলীগীত শুভমুক্তিৰ জৰিয়তে আৰম্ভ হ’ল অসমীয়া হোলীগীতৰ বিশ্বজয়ী যাত্ৰা ৷

বৰপেটাৰ হোলীগীতৰ সাধক প্ৰমথ ৰঞ্জন কন্টিৰ সুৰ আৰু কৃষ্ণা লহকৰৰ কথাৰে শংকৰ মহাদেৱনে গোৱা ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক এটা হোলীগীত আজি শুভমুক্তি দিয়া হয় ৷বৰপেটাৰ মাংগলিকত আয়োজন কৰা উন্মোচনী অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, কবি গীতিকাৰ ধ্ৰুৱ কুমাৰ তালুকদাৰ আৰু গীতিকাৰ কুশলে বায়নে ‘লাহে লাহে বসন্ত আহে’ শীৰ্ষক গীতটো মুকলি কৰে ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বটদ্ৰৱাত আৰম্ভ কৰা দৌল মহোৎসৱে বৰপেটা সত্ৰত পাইছিল নৱ ৰূপ ৷গুৰুজনাই আৰম্ভ কৰা দৌলৰ গীতৰ পৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ অসমীয়া হোলীগীতলৈ উত্তৰণৰ এই সময়ছোৱাত বৰপেটাৰ হোলীগীতে সমগ্ৰ ৰাজ্যজুৰি বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতেই শংকৰ মহাদেৱনৰ কন্ঠত প্ৰাণ পাই উঠা বৰপেটাৰ হোলীগীতে বিশ্বজোৰা সমাদৰ লাভ কৰিব বুলিও আশা কৰা হৈছে ৷

বিহালীৰ বাঘমাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা৷

বিহালীৰ বাঘমাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা৷লক্ষীমপুৰ অভিমূখী বাযুদেৱ নামৰ যাত্ৰী বাছে মহতীয়াই নিলে স্কুটী আৰোহীক।
তীব্ৰ খুন্দা মৰা ফলত থিতাতে নিহত দুইঃ স্কুটী আৰোহী৷এগৰাকী মহিলা আৰু এজন পুৰুষ নিহত হয়৷নিহত লোকদ্বয়ৰ নাম ঠিকনা বৰ্তমানলৈকে সৱিশেষ জানিব পৰা হোৱা নাই৷বাছ খনৰ নম্বৰ As07BC0146আৰু স্কুটী খনৰ নম্বৰ As12Z3198।
খুন্দা মৰা বাছ খন জিনজিয়া আৰক্ষীয়ে জব্দ কৰিছে।

বিশ্ব চেম্পিয়নশ্বীপৰ পিছত এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁইৰ

নতুন দিল্লীত সাত দিন ধৰি বক্সিং ৰিঙত যুঁজ দি আছে বক্সাৰ লাভলীনা বৰগোহাঁয়ে। টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জ বিজয়ী লাভলীনা বৰগোঁহাইয়ে তুৰস্কত অনুষ্ঠিত হ’বলগীয়া মহিলা এলিট বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে। তুৰস্কৰ ইষ্টানবুলৰ বিশ্ব চেম্পিয়ন শ্বীপত মহিলাৰ ৭০ কেজি শাখাত অংশ গ্ৰহণ কৰিব লাভলীনাই।বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জনৰ পিছত পৰৱৰ্তী সময়ত লাভলীনা বৰগোহাঁই  চীনৰ হংজাওত অনুষ্ঠিত হ’বলগীয়া ঊনবিংশতিতম এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এটা কথা কব লাগিব যে লাভলীনা বৰগোহাঁয়ে নিজৰ খেলুৱৈ জীৱনত অলিম্পিক গেমছ, কমনৱেলথ গেমছ, বিশ্ব চেম্পিয়নশ্বীপ, এছিয়ান চেম্পিনশ্বীপ সকলোতে অংশ লৈছিল যদিও এছিয়ান গেমছত অংশ লোৱা নাছিল। এইবাৰ প্ৰথম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে লাভলীনা বৰগোহাঁয়ে।

হাজোৰ ৰামদিয়াত দেৱদামোদৰ মহাপ্ৰভূৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ সামৰণি

‘ধৰ্মৰ মূল ভেটি হৈছে বিশ্বাস,মহানুভৱতা আৰু আধ্যাত্মিকতা।বিজ্ঞানতকৈও ধৰ্মৰ ক্ষেত্ৰত বিশ্লেষণ কৰাটো বৰ কঠিন,যিহেতু বিশ্বাস, আধ্যাত্মিকতা আৰু মহানুভৱতাৰ ওপৰতে ধৰ্ম নিৰ্ভৰ কৰে। শাসক গোষ্ঠীয়ে ধৰ্মক লৈ যিদৰে গোৰামি কৰিবলৈ লৈছে, তাৰ ফলত মানুহে ধৰ্মকলৈ অন্য ধৰনে চিন্তা চৰ্চাও কৰিবলৈ লৈছে। বিশ্বাস, মহানুভৱতা আৰু আধ্যাত্মিকতাই ধৰ্মক ভাৰতবৰ্ষত এক সুকীয়া স্থান দি আহিছে ‘ এই বক্তব্য এমন্টনৰ উপ- প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থৰ। ৰামদিয়া দেৱদামোদৰ সংঘৰ উদ্যোগত মাজৰকুৰি শ্ৰী শ্ৰী ৰামলক্ষ্মণ সত্ৰত তিনিদিনিয়াকৈ অনুস্থিত দেৱদামোদৰ মহাপ্ৰভূৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু ৰামদিয়া দেৱদামোদৰ সংঘৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি কাৰ্যসূচীৰ আজি ধৰ্মালোচনী সভা শুভ উদ্বোধন কৰি এনেদৰে কয় উপ- প্ৰৱন্ধক কায়স্থই।অনুষ্ঠানৰ প্ৰাক আৰম্ভণিতে গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে আদৰণি সমিতিৰ সভাপতি বিমল চন্দ্ৰ মেধিয়ে ।

ভবিন চন্দ্ৰ ভড়ালীয়ে আতধৰা এই ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি অধ্যাপিকা ৰূপাৰাণী ভূঞাই ভাষন প্ৰসংগত সকলো সনাতনী ধৰ্মৰ লোকক এক হৈ থাকিবলৈ আহ্বান জনায়, নহলে অচিৰেই অসম খন দ্বিতীয় কাশ্মীৰলৈ পৰ্যাবসিত হবলৈ বেছিদিন নালাগিব বুলি উল্লেখ কৰে।ইয়াৰ পিছতে নাগাৰা নাম অনুস্থিত হয়। ইফালে পুৱাৰ ভাগত ঊষা কীৰ্তন, আই সকলৰ নাম প্ৰসংগ, গুৰুচৰিত পাঠ, হোমাদিকৃত্য আৰু বাপু সকলৰ নাম প্ৰসংগ অনুস্থিত হৈ যায়। ইপিনে আৱিৰ্ভাব মহোৎসৱৰ তিনিদিনিয়া কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত দেৱ দামোদৰ সংঘৰ সভাপতি নিকুঞ্জ কলিতাই পতাকা উত্তোলন কৰাৰ পাছত বন্তি প্ৰজ্বলন,গুৰুজনাৰ প্ৰতিচ্ছৱিত মাল্যৰ্পন,গছপুলি ৰোপন আৰু সন্ধিয়া বিষয় বাছনি সভা অনুষ্ঠিত হৈ যায় আৰু তেৰ মাৰ্চৰ পুৱা বন্তি প্ৰজ্বলন,দিনত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু সন্ধিয়া বন্তি প্ৰজ্বলন অনুস্থিত হৈ যায়।

কৰযোৰ কৰি চামগুৰিত অৱস্থান কৰিলে একাংশ দুৰ্ভগীয়া শিক্ষকে

কোনোবাজন বয়োবৃদ্ধ, আন কোনো এজন আকৌ বিশেষভাৱে সক্ষম। লাওঁখোৱা আৰু ৰূপহী শিক্ষা ব্লকৰ অধীনৰ প্ৰায় অৰ্ধশতাধিক প্ৰাদেশিকীকৃত মধ্য ইংৰাজী টিউটৰ শিক্ষকে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ প্ৰতি মুখ্যমন্ত্ৰী গৰাকী সদয় হ’বৰ বাবে হাতযোৰ কৰি জনালে কাতৰ আহ্বান। লগতে সদৌ অসম প্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক (টিউটৰ) সংস্থাৰ লাওখোৱা আৰু ৰূপহী ব্লকৰ উদ্যোগত চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে বহু কেইটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ।

চামগুৰি আৰু ৰূপহীহাটৰ বিভিন্ন অঞ্চলত থকা প্ৰাদেশীকৃত বিদ্যালয়সমূহত বিনা বেতনেৰে সুদীৰ্ঘ কাল ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰি অহা শিক্ষকসকলক তদানীন্তন চৰকাৰখনে মাহে ১০ হাজাৰ টকা পাৰিতোষিক ধাৰ্য্য কৰি কেৱল টিউটৰ হিচাবে স্বীকৃতি প্ৰাদন কৰাক কেন্দ্ৰ কৰি এতিয়া ক্ষুন্ন শিক্ষক সকল। যাৰ বাবে এই সকল দুৰ্ভগীয়া শিক্ষকে উপযুক্ত মৰ্য্যদা, দৰমহা, পেঞ্চন প্ৰদান তথা তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিবৰ বাবে শিক্ষা বিভাগৰ ওচৰত দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীক হাতযোৰ কৰি সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে নগাঁও জিলাৰ চামগুৰিৰ পৰা।

টেঙাখাতৰ চাচাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম বাৰ বাবে অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা।

টেঙাখাতৰ চাচাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন পৰীক্ষা কেন্দ্ৰটো আজি পৰা প্ৰথম বাৰ বাবে পৰীক্ষা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ চাচাজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন পৰীক্ষা কেন্দ্ৰটো আজি পৰা প্ৰথম বাৰ বাবে পৰীক্ষা অনুষ্ঠিত হব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

এই কেন্দ্ৰটো মুঠ সাত খন বিদ্যালয় মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৩৬১ গৰাকী । পৰীক্ষাৰ্থী সকলৰ মাজত দেখা গৈছে বিপুল সহাৰি । পৰীক্ষা কেন্দ্ৰত সংস্হাপন কৰা হৈছে কেইবাটাও চি চি কেমেৰা ।

চাপৰত ভয়ংকৰ ঘটনা।

বলপূৰ্বক ভাবে বোলছবি চিনেমাৰ কায়দাৰে উঠাই লৈ গল নাবালিকা ছোৱালীক।চাপৰ আৰক্ষী থানাৰ নিচেই কাষত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হল এই ভয়ংকৰ অপহৰণ কাণ্ড।মাক-দেউতাৰ লগত নাবালিকা ছোৱালীজনী খোজকাঢ়ি গৈ থকা অৱস্থাত চাৰিচকীয়া বাহনেৰে উঠাই লৈ যায় দূৰ্বৃত্তৰ দল এটাই।স্থানীয় যুবকৰ তৎপৰতাত উদ্ধাৰ নাবালিকা ছোৱালীজনী।ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ নিচেই কাষত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ মা-দেউতাৰ লগত নাবালিকা ছোৱালীজনী আত্মীয় ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত হঠাৎ এখন চাৰিচকীয়া বাহনেৰে পাছজনীয়া দুৰ্বৃত্তৰ দল এটাই বলপূৰ্বক ভাৱে চিনেমাৰ কায়দাৰে ছোৱালী জনীক গাড়ীত উঠাই লৈ যায়।

মাকে ছোৱালীজনীক টানি ধৰাত দুৰ্বৃত্তই প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও মা-দেউতাই চিঞৰ বাখৰ কৰাত লগে লগে স্থানীয় যুবকে খেদি খেদি প্ৰায় বিশ কিলোমিটাৰ দুৰৰ পৰা গাড়ী সহ দুৰ্বৃত্তৰ দলটোক আটক কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে আৰক্ষী থানাৰ নিচেই ওচৰত সংঘটিত এনে কাণ্ডই আচৰিত কৰি তুলিছে চাপৰবসীক।