Home Blog Page 2515

দুখবৰ! দুৰ্ঘটনাতগ্ৰস্ত অভিনেত্ৰী মালাইকা অৰোৰা…

মুম্বাইত অভিনেত্ৰী মালাইকা অৰোৰাৰ বাহন দুৰ্ঘটনাতগ্ৰস্ত। চকুৰ ওচৰত আঘাত পোৱাৰ পিছত মালাইকা অৰোৰাক চিকিৎসাৰ বাবে এপোলো চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

তিনিখন বাহনৰ খুন্দাত তিনিওখন বাহন ক্ষতিগ্ৰস্ত হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰিছে। আৰু দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল তাৰ অনুসন্ধান কৰাৰ পিছত এখন এজাহাৰ পঞ্জীয়ন কৰা হ’ব।

অভয়াপুৰীৰ ধৰ্মপুৰ-বৰঘোলা ৰাজ্যিক পথত প্ৰকাণ্ড-প্ৰকাণ্ড গাত…

 বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত অভয়াপুৰী ধৰ্মপুৰৰ পৰা বৰঘোলালৈ যোৱা ৰাজ্যিক ঘাইপথটো বছৰ-বছৰ ধৰি মেৰামতি নকৰাৰ ফলতেই বিধ্বস্ত হৈ পৰাত যাতায়ত বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ  আই-মানাহৰ বিধৌত অঞ্চলটোৰ কোকিলা, কীৰ্তনপাৰা, জপেয়া,নাম্বাৰপাৰা,বৰঘোলা, তিলপুখুৰী, কাহিবাৰী, দৰকিনামাৰী, বটগুৰি ,চক্ৰভৌম, সৃজনগ্ৰাম আদি অঞ্চলৰ লোকে শিক্ষা, চিকিৎস্যা,ব্যৱসায়-বানিজ্য আদি বিভিন্ন ক্ষেত্ৰত নিতৌ হাজাৰ-হাজাৰ লোকে মহকুমাৰ সদৰ অভয়াপুৰী তথা জিলাৰ সদৰ বঙাইগাৱঁলৈ অহা-যোৱা কৰিব লাগে ।তেনেদৰে সৃজনগ্ৰাম খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়,সৃজনগ্ৰাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদি গুৰুত্বপূৰ্ণ স্হানলৈ উক্ত পথতেই একমাত্ৰ পথ হোৱাৰ লগতে অভয়াপুৰী, বঙাইগাওঁ, উত্তৰ-শালমাৰা আদি অঞ্চলৰ লোকো একেটা পথেৰেই অহা-যোৱা কৰিব লাগে ।

কিন্ত আজি কেবাবছৰ ধৰি পথটো মেৰামতি নকৰাৰ ফলত পথৰ মাজত প্ৰকাণ্ড-প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে । এনে অৱস্থাত বিগত দুদিনৰ বৰষুণৰ পানীয়ে পথৰ বহু অংশ বুৰাই পেলাইছে । কবলৈ গ’লে উত্তৰ অভয়াপুৰী সমষ্টিৰ একমাত্ৰ ব্যস্ত পথটো কেবাবছৰ ধৰি মেৰামতি নকৰাৰ ফলত ইমানেই জৰাজীৰ্ণ  হৈ পৰিছে যে যান-বাহনৰ চলাচল কৰাটো অসম্ভৱ হৈ পৰিছে । প্ৰসূতি বা অন্যান্য ৰোগীৰ লগতে বয়োজ্যেষ্ঠ লোকে পথছোৱাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত এশবাৰ ভাবিবলগীয়া হৈছে ৷ বাৰিষাৰ আগতে দুদিনৰ বৰষুণতে পথটোৰ অৱস্থা তথৈবচ হৈ পৰাত সৃজনগ্ৰাম সন্মিলিত নাগৰিক মঞ্চই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছ ৷ সংগঠনটোৱে পথটো শীঘ্ৰে নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনায় ৷

হাজোৰ মীনপালন কাৰ্যালয়ত কৃষক সজাগতা সভা…

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মীনপালন কাৰ্যলয় বাসগৃহত আজি ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডল আৰু উত্তৰ হাজো মণ্ডলৰ কিষান মৰ্চাৰ উদ্যোগত এখনি কৃষক সজাগতা সভা সম্পণ্ণ হ’য়।বন্তি প্ৰজলন ,পুষ্পাঞ্জলী অৰ্পন,মাতৃ বন্দনাৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষন আগবঢ়াই কিষান মৰ্চা হাজো মণ্ডলৰ সাধাৰণ সম্পাদক অনিৰুদ্ধ ডেকাই। উত্তৰ কামৰূপ জিলা কিষান মৰ্চাৰ সভাপতি ৰাজীৱ লোচন  শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনিত মীন পালন ,কৃষি কাৰ্য,পশু পালনৰ জঢ়িয়তে কৃষকৰ উপযুক্ত শ্ৰম মৰ্যাদাৰে কিদৰে আত্মস্বাৱলম্বী হব পাৰি সেই বিষয়ে উপস্থিত কৃষক সকলক উদ্দেশ্যি গঠনমূলক বক্তব্য আগবঢ়াই  ।


সভাত সমল ব্যক্তি ৰূপে উপস্থিত থাকি মাগদৰ্শন আগবঢ়াই ড° কমল শৰ্মা, ড° দিলীপ পাঠক,পশু চিকিৎসকড° নৱজ্যোতি শৰ্মা,কৃষি বিভাগৰ ব্লক টেকনিকেল মেনেজাৰ অনিল মেধি,আৰু মীন উণ্ণয়ন বিষয়া ৰঞ্জিত শৰ্মাই।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিজেপি হাজো মণ্ডল কৃষক মৰ্চাৰ সভাপতি শশীন নাথে। তদুপৰি আজিৰ সভাত উপস্থিত থাকে  ৩ নং জিলা পৰিষদৰ সদস্য বিপুল দাস,সুবল পাল,উত্তৰ হাজো মণ্ডল বিজেপিৰ সভাপতি উদয় কলিতা,সাধৰণ সম্পাদক দ্বীপেন চন্দ্ৰ দাস,সত্যজিৎ দাস,মণ্টু দাস,ভাগ্যশ্ৰী বৈশ্য,নিতু দাস,গিৰিন্দ্ৰ কলিতা,মৃদুল বৰ্মন,বিনা বৈশ্যকে প্ৰমূখ্য কৰি অৰ্ধ শতাধিক দলীয় কৰ্মী, কৃষক সমাজ ও প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।

কামৰূপ জিলা দিৱসত নীলিম কুমাৰৰ সঞ্চালনাত অনুষ্ঠিত ‘বসন্তত শব্দৰ বৰষুণ’  শীৰ্ষক কবি সন্মিলন…

কামৰূপ জিলা দিৱসৰ আজি তৃতীয় দিনা অসমৰ কেইবাগৰাকীও বিশিষ্ট কবিৰ কবিতাৰে জীপাল হয় আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ৷ জিলাখনৰ পৰ্যটন বিষয়া ডেনি গামে আঁত ধৰা ‘বসন্তত শব্দৰ বৰষুণ’ শীৰ্ষক কবি সন্মিলনখন সঞ্চালনা কৰে বিশিষ্ট কবি নীলিম কুমাৰে৷ সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট কবি তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক লুটফা হানুম ছেলিমা বেগমে৷ সন্মিলনখনত নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, সৌৰভ শইকীয়া, নিবেদন দাস পাটোৱাৰী, অনিন্দিতা ফুকন, বৰ্ণালী ভৰালী, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ভূপেন পাটোৱাৰী, কোকিল শইকীয়া, হিমাদ্ৰী বৰা আৰু সমীন বেজবৰুৱা, ৰুণু ৰঞ্জন লহকৰকে ধৰি কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে৷ সঞ্চালক কুমাৰে কয় যে কবিতা লিখোতে কবিয়ে কেতিয়াও শিল্পৰ পৰা আঁতৰি যাব নালাগে৷ শব্দইহে স্মৃতিক জীয়াই ৰাখে বুলি উল্লেখ কৰি তেওঁ কয় যে শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত কবিসকল অতি সচেতন হ’ব লাগে যাতে ইয়াৰ অযথা ব্যৱহাৰ নহয়৷ আনহাতে আজিৰ জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ই-প্ৰস্তুতিৰ অধীনত ডিজাইন কৰা জিলা ৱেৱছাইট kamrup.assam.gov.in আনুষ্ঠানিকভাৱে মুকলি কৰে৷

ভাষণ প্ৰসংগত শ্ৰীকাৰ্তিকে এই ৱেব ছাইট ডিজাইন আৰু ডেভেলপ কৰাৰ বাবে ভাৰত চৰকাৰৰ এন আই চিক ধন্যবাদ জনায় আৰু এই ৱেব ছাইটে প্ৰশাসন আৰু ৰাইজৰ মাজত আধুনিক যোগসূত্ৰ স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ৱেব ছাইটটো ভৱিষ্যেতেও তথ্য সমৃদ্ধ কৰি পৰিচালনা কৰাৰ বাবে আহ্বান জনায়৷  আজিৰ কথাছবি প্ৰদৰ্শন শিতানত ভিলেজ ৰকষ্টাৰ, কণিকাৰ ৰামধেনু, নিষিদ্ধ নদী আৰু সোণৰ বৰণ পখী কথাছবি প্ৰদৰ্শন কৰা হয়৷ সন্ধিয়া শুৱালকুছি ফেশ্বন টেকন’লজি প্ৰতিষ্ঠানে এখন ফেশ্বন শ্ব’ প্ৰদৰ্শন কৰে৷ আনহাতে জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় লোক নৃত্য-গীতেৰে বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ আজিৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী প্ৰণীতা বৈশ্য মেধিয়ে লোসংগীত পৰিবেশন কৰে৷ আনহাতে  জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিল আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অন্য এক আকৰ্ষণ৷

ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱাৰ পথত মণ্টু কোঁৱৰ…

চিচি ব্লক (RKVY Vety  Project ) FPC ৰ  CEO লখিমপুৰ নাৰায়ণপুৰৰ  মণ্টু কোঁৱৰ নামৰ যুৱকজনে ধেমাজিৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বগীবিলৰ  শিঙিৰ বিলৰ পাৰৰ ১৩ বিঘা মাটিত জৈৱিক ভাৱে ভোট জলকীয়া খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহ জন্মাই এক আদৰ্শ দাঙি ধৰিছে । স্থানীয় যুৱক ভাস্কৰ টায়ে আৰু লক্ষীনাথ দলেৰ সহযোগত মণ্টু কোঁৱৰে প্ৰায়  ৪ লাখ ৫০ হাজাৰ টকা খৰচ কৰি ১৪ হাজাৰ জোপা ভোট জলকীয়া পুলি ৰুই প্ৰতি কেজিত ৫০০  টকাকৈ প্ৰায় ১৪ লাখ টকা সংগ্ৰহৰ পৰিকল্পনা কৰিছে ।

মণ্টু কোঁৱৰে এই ভোট জলকীয়াৰ উন্নতমানদণ্ডৰ পুলিসমূহ নাগালেণ্ড, ডিমাপুৰ আৰু শিৱসাগৰৰ পৰা সংগ্ৰহ কৰাৰ কথা আমাক অৱগত কৰে । উৎপাদিত ভোট জলকীয়া ভূটান, মুম্বাইৰ লগতে অন্যান্য বহুকেইটা বহু জাতিক কোম্পানীলৈ ৰপ্তানিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও যুুুৱকজনে ১০ বিঘা মাটিত গোমধানৰ খেতি কৰাৰ লগতে অন্য ৮০  বিঘা মাটিত আগতীয়াকৈ মাটি  মাহৰ  খেতি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

আপুনি ফাইনেঞ্চত গাড়ী কিনিছে যদি সাবধান হওক…

হয় আপুনি ফাইনেঞ্চত গাড়ী কিনাছে নেকি ? যদিহে কিনিছে সাবধান হওক .কাৰণ  একাংশ দালাল ৰূপী ভুৱা লোকে আপোনাৰ গাড়ী খন আগোচি চলাব পাৰে ধকাইতিৰ দৰে গুণ্ডাৰাজ ৷ তাৰে প্ৰমাণ হ’ল বিশ্বনাথৰ এগৰাকী গাড়ী ক্ৰয় কৰা ব্যক্তিৰ ওপৰত ৷ ব্যক্তি গৰাকীয়ে মহিন্দ্ৰা ফাইনেঞ্চৰ জৰিয়তে আজিৰ পৰা ৪ বছৰ ৬ মাহ পুৰ্বে ক্ৰয় কৰিছিল এখন TATA TIAGO   এখন বাহন । মহিন্দ্ৰা ফাইনেঞ্চত তেখেতে প্ৰতি মাহে EMI  দি আহিছিল , যদিও কভিড কালীন পৰিস্থিতিৰ বাবে দুটা মাহৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে যোৱা কালি তেজপুৰৰ গৰৈমাৰীত AS 12 AB 3842 নম্বৰৰ SWIFT বাহনত অহা এটা ৪/৫ জনীয়া দলে তেখেতৰ গাড়ী খন আগোচি গাড়ীৰ গৰাকীক নমাই নি চুইফট বাহন খনত বলপুৰ্বক ভাৱে বহিবলৈ যোৰ কৰে , অন্যথা ৩০ হাজাৰ টকা দিলে তেওক গাড়ীখন সহ যাব  দিব বুলি ভাবুকি দিয়ে , কিছু সময়ৰ পাছতে গাড়ীৰ গৰাকীৰ মোবাইল লৈ তেওঁৰ একাউণ্টৰ পৰা  9101674946 নম্বৰৰ পিংকি শইকীয়া নামৰ যুৱতী গৰাকীৰ নম্বৰত ১৭০০০ টকা  প্ৰেৰণ কৰাৰ লগতে আবেলি ৪ বজাৰ ভিতৰত আৰু ৪ হাজাৰ টকা প্ৰেৰণ নকৰিলে গাড়ী খন পুনৰ জব্দ কৰাৰ ভাবুকি দিয়ে ৷

উপায়ন্তৰ হৈ ভুক্তভোগী গৰাকীয়ে নিজৰ খুৰীয়েকেক চকু চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰাৰ বাবে নিয়া সকলো পইচা তেখেত সকল ক্ৰমে অংকুৰ ভূঞা , নয়নজ্যোতি ভৰালী নামৰ ধকাইতি সদৃশ মহিন্দ্ৰা ফাইনেঞ্চৰ নাম লোৱা গুণ্ডাগিৰী দলটোক ২১০০০ টকা দিবলৈ বাধ্য হয় ৷ পাছত মহিন্দ্ৰা ফাইনেঞ্চৰ কতৃপক্ষৰ লগত যোগাযোগ কৰাত উলাই পৰে উৰহি গছৰ ওৰ ৷ ফাইনেঞ্চ কোনো অনুমতি নোহোৱাকৈ আজি বহু দিন ধৰি এই অংকুৰ ভূঞা , নয়নজ্যোতি ভৰালীৰ টিমে REPO  ৰ নাম লৈ চলাই আহিছে বিভিন্ন ধৰণে গুণ্ডাৰাজ ৷ এখন গাড়ীৰ পৰা Recovery চাৰ্জ হিচাপে দিমান কৰে প্ৰায় ১০০০০ হাজাৰৰ অধিক টকা ৷ ঠিক যোৱা কালি গুণ্ডাগিৰি চলাই লুহিত শইকীয়াৰ পৰা লোৱা ২১০০০ টকাৰে ১০০০০ টকা repo  চাৰ্জ হিচাপে লয় পিংকি শইকীয়া নামৰ যুৱতী গৰাকীৰ লগতে নয়নজ্যোতি ভৰালীৰ টিম টোৱে ৷ আইনৰ সহায় লোৱা বুলি গম পাই পৰবৰ্তী সময়ত পিংকি শইকীয়াই ১১০০০ হাজাৰ টকা মহিন্দ্ৰা ফাইনেঞ্চক দিয়ে , বাকী  ১০০০০ টকা ভূক্তভোগী গাড়ীৰ গৰাকীক পিংকি শইকীয়াই ঘুৰাই দিয়ে ৷ এইক্ষেত্ৰত মহিন্দ্ৰা ফাইনেঞ্চৰ পৰিচালক গৰাকীয়ে ৰাইজক সচেতন হোৱাৰ বাবে কয় যে এনেকুৱাকৈ যদি আপোনাৰ গাড়ী খন ৰাস্তাত আগুচি ধৰে পোন প্ৰথমে বিভাগীয় কতৃপক্ষৰ লগত যোগাযোগ কৰিহে পইচা দিব নহলে আইনৰ সহায় লবৰ বাবে ৰাইজক অনুৰোধ জনাই ৷ ইতিমধ্যে লুহিত শইকীয়াই জিনজিয়া আৰক্ষী থানাত এক গোচৰ তৰিছে , এতিয়া প্ৰশ্ন হয় অংকুৰ ভূঞা , নয়নজ্যোতি ভৰালী আৰু পিংকি শইকীয়া নামৰ এই ভূৱা recovery টিম টোৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব ৷ নে আকৌ সৰ্বসাধাৰণ লোকক বিনা কাৰণে এইদৰে ৰাজপথত ৰখাই ধকাইতিৰ দৰে লুটপাট চলাই অব্যাহত ৰাখিব সিহঁতৰ গুণ্ডাৰাজ ৷

কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ…

ইছলাম ধৰ্মাৱলম্বী মুছলমান সকলৰ পূণ্যময়ী আৰু পৱিত্ৰ ৰমজান মাহ সমাগত। ৰমজানৰ আগমনক’লৈ বিশ্ব মুছলমান সকলৰ মাজত বিৰাজ কৰিছে আনন্দ-উছাহ। এটা বছৰ প্ৰতিক্ষাৰ অন্তত দয়া, কল্যাণ আৰু ক্ষমা’লৈ মুছলমান সকলৰ দুৱাৰডলিত আহি উপস্থিত হোৱাৰ ক্ষণ গণি থকা পূণ্যময়ী মাহ ৰমজানক আদৰিবলৈ বিশ্বৰ মুছলমান সকলে চলাইছে ব্যাপক প্ৰস্তুতি।বিশুদ্ধ মনেৰে ৰমজান মাহত বিভিন্ন ধৰণৰ এবাদত-বন্দেগী কৰিবলৈ ইতিমধ্যে সাজু হৈছে মুছলমান লোক সকল। পৱিত্ৰ ৰমজান মাহত মুছলমানসকলে ৰোজা পালন কৰিব।


দেওবাৰ অৰ্থাৎ ৩ এপ্ৰিলৰ পৰা আৰম্ভ হব ৰমজান মাহ। ইছলামিক ক্যালেন্ডাৰ অনুসৰি আৰবী বছৰৰ নৱম মাহ হৈছে ৰমজান।
ইছলামীক বিধান অনুসৰি ৰমজান হৈছে উপবাসৰ মাহ। এই মাহত মুছলমান সকলে দিনটো উপবাসে থাকি ৰোজা অৰ্থাৎ ব্ৰত পালনৰ দ্বাৰা ধৰ্মীয় কাৰ্য আৰম্ভ কৰে। তদুপৰি প্ৰতিদিনে পাঁচ বাৰ নামাজ পঢ়া’কে ধৰি বিভিন্ন ধৰণৰ এবাদত আৰম্ভ কৰে। ইছলাম ধৰ্মী লোকবিশ্বাস মতে, এই মাহত প্ৰভুৰ উপাসনা বা ধৰ্ম কাৰ্য কৰিলে অন্য মাহৰ তুলনাত অনেক ধবেচি পূণ্য বা ছোৱাব পোৱা যায়। তাৰোপৰি ৰোজা পালন কাৰীৰ কাৰণে মহান আল্লাহে জান্নাতৰ দৰ্জাসমূহ উন্মুক্ত কৰি দিয়ে।

বিশ্বকাপ ফুটবলৰ এইবাৰৰ দাবীদাৰ কোন?

ফিফা বিশ্বকাপ ফুটবলৰ কাউণ্ট ডাউন আৰম্ভ। ফাইনেল ড্ৰত চূড়ান্ত হৈছে কোনটো দল কোনটো গ্ৰুপত থাকিব। সেই অনুসৰি আকৰ্ষণীয় হব এইবাৰৰ খেল। একেটা গ্ৰুপতে থাকিব স্পেইন আৰু জাৰ্মানী। গ্ৰুপ এত থাকিব কাটাৰ, ইকুৱেডৰ, ছেনেগাল আৰু নেডাৰলেণ্ড। ইয়াৰ বিপৰীতে বি গ্ৰুপত থাকিব ইংলেণ্ড, ইৰান, আমেৰিকা আৰু ইউৰো প্লে অফ। গ্ৰপ চিত থাকিব আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো আৰু পোলেণ্ড।

ইফালে গ্ৰুপ ডিত থাকিব ফ্ৰান্স, ফিফা আই চি প্লে অফ ৱান, ডেনমাৰ্ক আৰু টিউনিছিয়া। গ্ৰুপ ইত থাকিব স্পেইন, আই চি প্লে অফ দুই, জাৰ্মানী আৰু জাপান। ইফালে গ্ৰুপ এফত থাকিব বেলজিয়াম, কানাডা, মৰক্কো আৰু ক্ৰয়েছিয়া। আনহাতে, গ্ৰুপ জিত থাকিব ব্ৰাজিল, চাৰ্বিয়া, ছুইজাৰলেণ্ড আৰু কেমেৰুন। অন্তিমটো গ্ৰুপ এইছত থাকিব পৰ্টুগাল, ঘানা, উৰুগুৱে আৰু কোৰিয়া। উল্লেখ্য যে, চলিত বছৰৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হ’ব বিশ্ব ফুটবলৰ মহাৰণ।

দুধনৈৰ ৰাজপথত সহস্ৰাধিক প্ৰতিবাদকাৰীৰ জোৰ সমদল…

দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি পালন নকৰা তথা ৰাভা হাছং এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অমীমাংসিত সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি যৌথ সংগ্ৰামৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত পাঁচটা বছৰ আৰু চলিত চৰকাৰৰ প্ৰায় এটা বছৰত ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যাৰ লগতে মূলত ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে  আজিৰে পৰা ২৬ মে’ লৈকে প্ৰায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ঘোষিত আন্দোলনৰ কাৰ্যসূচী মতে আজি গোৱালপাৰা জিলাৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জোঁৰ সমদল উলিওৱাৰ লগতে দুধনৈতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আজি সন্ধিয়া ৬ বজাৰ লগে লগে দুধনৈস্থিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাংগণৰ পৰা জোৰ সমদল উলিওৱা হয়।

জোৰ সমদল কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিৰঞ্জন ৰাভাই। হাতে হাতে জোৰ লৈ প্ৰতিবাদকাৰী সকলে ‘আমাক ষষ্ঠ অনুসূচী লাগিবই’, ‘আমাৰ দাবী মানিবই লাগিব’, ‘যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ’, ‘আৰছু লং লিভ,’  ‘ষষ্ঠ অনুসূচী দাবী সমিতি লং লিভ’, ‘ৰাভা বিৰোধী হুচিয়াৰ, ‘ৰাভা ঐক্য জিন্দাবাদ’, No Sixth Schedule, No Rest আদি শ্লোগানেৰে দুধনৈৰ আকাশ বতাহ মুখৰিত কৰি তোলে। সহস্ৰাধিক পুৰুষ মহিলাৰ অংশগ্ৰহনেৰে উলিওৱা সমদলটি ষষ্ঠ অনুসূচী দাবী সমিতিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি নিউ দুধনৈৰ হৰি মন্দিৰ হৈ আগুৱাই খেলাৰাম মন্দিৰৰ সন্মুখেৰে দামৰা ৰাস্তাৰে গৈ ঠেকাচু, উদয়পুৰ, সাপ্তাহিক বজাৰ, শান্তিপূৰ, কলেজ ৰোড হৈ পুনৰ কাৰ্যালয়ত উপস্থিত হয়। উল্লেখযোগ্য যে ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰণৰ বাবে সুদীৰ্ঘ বছৰেও অসম চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে যোৱা ২২ মাৰ্চত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।

কাৰ্য্যসূচী অনুসৰি অহা ৬ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে জয়ৰামকুচিৰ পৰা ধূপধৰালৈকে চাইকেল ৰেলী, ২২ এপ্ৰিলত গোৱালপাৰা জিলাৰ শোলমাৰী, দুধনৈ, ধুপধৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখলৰ কাৰ্য্যসূচী ৰূপায়ণ, ২৬ এপ্ৰিলৰ পৰা ২২ মে লৈকে জিলাখনৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জনসম্পৰ্ক যাত্ৰা, ২৪ মেৰ পৰা ২৬ মেলৈ জয়ৰামকুচিৰ পৰা ধূপধৰালৈকে বাইক ৰেলী উলিওৱা হব। আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি সংগঠন কেইটাৰ নেতৃত্বই  ইতিমধ্যে কৈছে যে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আমাৰ এই আন্দোলন, এই আন্দোলনৰ পিছতো যদি বিজেপি চৰকাৰখনে দাবী বা সমস্যা সমূহ সমাধানত গুৰুত্ব প্ৰদান নকৰে তেন্তে অনাগত সময়ত চৰকাৰী কাৰ্যালয়ৰ সমুখত ধৰ্ণা, সৰ্বাত্মক গোৱালপাৰা জিলা বন্ধ আৰু অৰ্থনৈতিক পথ অৱৰোধৰ দৰে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে তিনিওটা জিলা ৰাভা সংগঠনে ৷

ইতিহাস! ১০০খন আসন স্পৰ্শ কৰা দলত পৰিণত বিজেপি…

১৯৯০ চনৰ পিছত প্ৰথমবাৰলৈ ৰাজ্যসভাত ১০০খন আসন স্পৰ্শ কৰা দল হিচাপে পৰিগণিত হ’ল ভাৰতীয় জনতা পাৰ্টী। একপ্ৰকাৰৰ ৰাজ্যসভাৰ মজিয়াত ইতিহাস ৰচিলে গেৰুৱা দলটোৱে। ত্ৰিপুৰা, নাগালেণ্ড আৰু অসমত ৰাজ্যসভাৰ প্ৰাৰ্থী জয়ী হোৱাৰ পিচতে সদস্যৰ সংখ্যা বৃদ্ধি পায় বিজেপিৰ। বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদৰ সংখ্যা ১০১জনলৈ বৃদ্ধি। শেহতীয়াকৈ দেশৰ ৫ খন ৰাজ্যৰ পৰা ১৩ খন ৰাজ্যসভাৰ আসনৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰে পঞ্জাৱত বিনা প্ৰতিদ্বন্দ্বিতাৰে আম আদমী পাৰ্টীৰ ৫জন সাংসদ নিৰ্বাচিত হয়।

বিধায়কৰ সংখ্যা নথকাৰ বাবে পঞ্জাৱৰ আসনখন বিজেপিয়ে হেৰুৱালেও উত্তৰ-পূবৰ ৩ ৰাজ্য আৰু হিমাচল প্ৰদেশৰ আসনখন লাভ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে। ইয়াৰ লগে লগে বিজেপিৰ আসনৰ সংখ্যা ১০০ৰ অধিক হয় আৰু ৩২ বছৰৰ মূৰত এই কৃতিত্বৰ অধিকাৰী হোৱা প্ৰথমটো ৰাজনৈতিক দল হিচাপে বিবেচিত হয় ভাৰতীয় জনতা পাৰ্টী। উল্লেখ্য যে, ২০১৪ চনত ৰাজ্যসভাত বিজেপিৰ সদস্যৰ সংখ্যা আছিল ৫৫ জন। কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা নিৰন্তৰভাবে বৃদ্ধি পাব ধৰে ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যা। কেইবাখনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বাবে এই সফলতা পোৱাত সহায়ক হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ।