Home Blog Page 2519

ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবৰ বাবে অপেক্ষাৰত ক্ৰাইষ্টচাৰ্চ…

৩ এপ্ৰিলত মহিলা বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডে। নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চত মহিলা বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত দুই শক্তিধৰ মহিলা। এই ফাইনেলতে ইতিহাস ৰচিব এগৰাকী ভাৰতীয়ই। প্ৰথমবাৰলৈ আই চি চি আন্তৰাষ্ট্ৰীয় পেনেলৰ মেচ ৰেফাৰী ভাৰতৰ জি এছ লক্ষ্মীয়ে ফাইনেলখনত দায়িত্ব পালন কৰিব মেচ ৰেফাৰী হিচাপে।

পুৰুষৰ মেচতো মেচ ৰেফাৰীৰ দায়িত্বত থকা প্ৰথম গৰাকী মহিলা জি এছ লক্ষ্মী। কেৱল সেয়াই নহয় প্ৰথমবাৰলৈ ৪গৰাকী মহিলা আম্পায়াৰে চম্ভালিব বিশ্বকাপ ফাইনেলৰ দায়িত্ব। যাৰ বাবে আজি ICC-এ টুইটাৰ যোগে প্ৰকাশ কৰে – ক্ৰিকেট বিশ্বত ইতিহাস ৰচিবৰ বাবে অপেক্ষাৰত নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চ।

মাত্ৰ ৬দিনতে ৭০০ কোটি টকা উপাৰ্জনৰ দিশে RRR…

বাহুবলীৰ পিছত এছ.এছ. ৰাজামৌলীৰ আন এটা মেগা উপহাৰ RRR। সমগ্ৰ বিশ্বতে এতিয়া ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ছবিখনে। মুক্তিৰ মাত্ৰ ৬ দিনতে ছবিখনে এতিয়া ৭০০ কোটি টকা উপাৰ্জনৰ দিশে আগবাঢ়িছে। ছবিখনে মুক্তি লাভ কৰাৰ পিছত প্ৰতিটো দিনতে ১০০ কোটিৰ আশে-পাশে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

যদি ছবিখনে আগন্তুক ৪ দিনত একে গতি ধৰি ৰাখে তেন্তে ১০০০ কোটিৰ ক্লাবত অন্তৰ্ভুক্ত হ’ব। আৰু ভাৰতীয় ছবিৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰায় সকলো অভিলেখ ভংগ কৰিব।উত্তৰ আমেৰিকাত ছবিখনে ১০ মিলিয়ন আমেৰিকান ডলাৰৰো অধিক উপাৰ্জন কৰিছে। যি ভাৰতীয় টকাৰ হিচাপত ৭৫ কোটিৰো অধিক। খবৰ অনুসৰি বুধবাৰে ছবিখনৰ বক্স অফিচ কালেকশ্যন পূৰ্বৰ তুলনাত কিছু হ্ৰাস হৈছে।

আৰ আৰ আৰৰ ৱৰ্ল্ড ৱাইড কালেকশ্যনঃ

প্ৰথম দিনাঃ ২৫৭.১৫ কোটি।
দ্বিতীয় দিনাঃ ১১৪.৩৮ কোটি।
তৃতীয় দিনাঃ ১১৮.৬৩ কোটি।
চতুৰ্থ দিনাঃ ৭২.৮০ কোটি।
পঞ্চম দিনাঃ ৫৮.৪৬ কোটি।পঞ্চমদিনাৰ অন্তত ৬২১.৪২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল দক্ষিণ ভাৰতৰ বহুচৰ্চিত ছবিখনে।

মন্দিয়াত মূল্য বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতি…

দেশ তথা ৰাজ্যত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। ইতিমধ্যে ৰাজ্যত পেট্ৰ’লে শতকৰ দেওনা অতিক্ৰম কৰাৰ পাছত গৰজি উঠিল বৰপেটা জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি  সংগ্রাম সমিতি। আজি বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া বজাৰ পুৰণি বাছ আস্থানত দেশৰ প্ৰধান মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে বিভিন্ন শ্লোগানেৰে  পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বৰ্তমান পেট্ৰোল আৰু ডিজেলৰ দাম আৰু ঘৰ নিৰ্মাণৰ সামগ্ৰীত আকাশলংঘী মূল্য বৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে সাধাৰণ খাটি খোৱা ৰাইজক।

আনকি পাঁচ হাজাৰ টকীয়া ৰড ন হাজাৰৰ দেওনা পাৰ কৰিলে। তাকে লৈ সৰৱ হোৱা পৰিলক্ষিত হৈছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত  বৰপেটা জিলাৰ কৃষক মুক্তিৰ সভাপতি কাজী নাজিমুল হকৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হক আদি উপস্থিত থাকে।

চামগুৰিৰ গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়ত সম্বৰ্ধনা সভা…

 নগাঁও জিলাৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ এজন অৱসৰ প্ৰাপ্ত সহ শিক্ষকক আজি স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ তৰফৰ পৰা বিদায়ী সম্বৰ্ধনা জনোৱা হয় ৷ গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতি মিলন দাসগুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সভা তথা সম্বৰ্ধনা সভাখনত বিদ্যালয় খনৰ অৱসৰ প্ৰাপ্ত সহ শিক্ষক ধীৰেন কলিতাক স্থানীয় ৰাইজ আৰু গটঙা অঞ্চলৰ দুটা মছজিদৰ লগতে বিদ্যালয় খনৰ তৰফৰ পৰা চেলেং গামোছা জাপি শৰাই আদিৰে বিপুল ভাবে সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত অনুষ্ঠানতে গটঙা বাঙালী প্ৰাথমিক বিদ্যালয়কে ধৰি  বহুকেইখন বিদ্যালয়ৰ তৰফৰ পৰা গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক ধীৰেন কলিতাক গামোছা আদিৰে সম্বৰ্ধনা জনাই ৷ ১৯৮৭ চনতে  গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয় খনত চাকৰি জীৱন আৰম্ভ কৰা ধীৰেন কলিতাই পৰৱৰ্তী সময়ত সমল ব্যক্তি হিচাপে বৰবাৰী অঞ্চলৰ বিদ্যালয়ত যোগদান কৰে যদিও ২০১৪ চনত গটঙা অঞ্চলৰ ৰাইজে শিক্ষা বিভাগৰ ওচৰত দাবী জনাই ধীৰেন কলিতাক পুনৰ গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰি আনিছিল ৷

উল্লেখ্য যে শিক্ষক ধীৰেন কলিতাই উক্ত বিদ্যালয় খনৰ জৰিয়তে   অঞ্চলটোলৈ এক শৈক্ষিক পৰিৱেশ অনাৰ লগতে স্থানীয় সমাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰিছিল বুলি আজি উক্ত সম্বৰ্ধনা সভাখনত বহুকেইজন লোক উপস্থিত থাকি ভাষন প্ৰসংগত উল্লেখ কৰি আবেগিক হৈ পৰা পৰিলক্ষিত হয় ৷ চলিত বৰ্ষৰ তথা ৩১ জানুৱাৰীৰ ২০২২ বৰ্ষত অবসৰ গ্ৰহন কৰা শিক্ষক ধীৰেণ কলিতাক আজি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে উক্ত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সকলৰ লগতে বৰ্তমানৰ ছাত্ৰছাত্ৰী সকলৰ অভিভাৱক আৰু স্থানীয় বহুকেইজন লোকে সম্বৰ্ধনা জনাই ৷গটঙা মোক্তাব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেব চাংমাইয়ে আতঁধৰা সম্বৰ্ধনা সভাখনত গটঙা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হাৰুন ৰছিদ, প্ৰসেনজিৎ দাসগুপ্তা, সৰস্বতী বনিক, তাইজুল ইছলাম, সুধাংশু দাস, সুশান্ত দাসগুপ্তাকে ধৰি বহুকেইজন লোক উপস্থিতি থাকে ৷ উক্ত সভাখনত ছাত্ৰী ৰেছমা বেগমে গীত পৰিবেশন কৰি উপস্থিত ৰাইজক আকৰ্ষণ কৰে ৷

অৱশেষত লক্ষীপুৰত আফিং খেতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ …

 গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু চুনাৰী থানাৰ অন্তৰ্গত চৰাঞ্চল সমূহত এটি দুষ্ট চক্ৰই  হেক্টৰে হেক্টৰে অবৈধ ভাবে কৰা আফিং খেতিৰ মূল অভিযুক্ত আব্দুল জব্বৰ অৱশেষত আৰক্ষী  জালত । আজি এই মূল অভিযুক্ত গৰাকীক লক্ষীপুৰ আৰু  চুনাৰীৰ থানাৰ যৌথ অভিযানত চুনাৰী বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে লক্ষীপুৰ আৰু চুনাৰী থানাৰ অন্তৰ্গত লতিবাৰী ,জাইখোৱা , পাঠা কাটা , চিতলমাৰী, মাজেৰ চৰ , পুথিমাৰী , বালিকাচি, হাগুৰীপাৰা আদি চৰ সমুহত এটি দুষ্ট চক্ৰই হেক্টৰে হেক্টৰে এই বৰ বিষ আফিং খেতি কৰিছিল ।

এনে আফিং খেতিৰ বিৰুদ্ধে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডি , অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনাল ডেকা , উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা , বৰ্ডাৰ ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাহাৰী কোঁৱৰ , লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীম কান্ত পেগু সহ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দলে এঘাৰ বাৰকৈ অভিযান চলাই প্ৰায় ছয় শ বিঘা আফিং খেতি ধ্বংস কৰিবলৈ সক্ষম হৈছিল । ইতিমধ্যে আৰক্ষীয়ে ইয়াৰ পূৰ্বে তিনিজনকৈ আফিং খেতিৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও  এই মূল অভিযুক্ত আব্দুল জব্বৰ পলাতক অৱস্থাত আছিল ।  এই গৰাকী মূল অভিযুক্ত আব্দুল জব্বৰ হত্যাৰ গোচৰতো জড়িত বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই জানিবলৈ দিয়ে । ইতিমধ্যে অধিক তথ্যৰ বাবে আব্দুল জব্বৰক সোধ পোছ অব্যাহত ৰাখিছে ।

ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে কি ক’লে?

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নী ৰেহাম খানে পাকিস্তানত গুৰুত্বপূৰ্ণ আস্থা ভোটৰ পূৰ্বে আগবঢ়াইছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। এক সাক্ষাৎকাৰত ৰেহমে কয় যে, ‘ইমৰান খান ভ্ৰমত ভুগি আছে। তেওঁ কাৰো পৰামৰ্শ শুনিব নিবিচাৰে। যদি তেওঁ সঁচাকৈয়ে পৰামৰ্শ শুনিলে হেতেন, তেন্তে মই এতিয়াও তেওঁৰ পত্নী হৈ থাকিলোহেঁতেন। হয়তো বাকীসকলেও তেওঁক এৰি নাথাকিলহেঁতেন।’ ৰেহমে কয়, ‘তেওঁ নিজকে ঈশ্বৰ আৰু এজন তাৰকা বুলি ভাবে, যি সদায় নিজৰ প্ৰশংসা শুনিব বিচাৰে। তেওঁৰ নামৰ সৈতে ধুমুহাৰ দৰে হাততালিৰ শব্দ শুনিব বিচাৰে।’ আগন্তুক আস্থা ভোট সন্দৰ্ভত ৰেহেমে কয়, ‘তেওঁক বহুলোকে কৈছে যে আপুনি এৰি যাব লাগে আৰু কমেও আপোনাৰ মূল্য ৰক্ষা কৰা হ’ব। কিন্তু মই নাভাবো যে তেওঁৰ অভিধানত সন্মানজনক পোষ্ট আছে। যদি তেনে হ’লহেঁতেন, ইমৰাণ সেই পথেৰে নাহিলহেঁতেন। দৰাচলতে, সন্মান শব্দটো তেওঁৰ সৈতে মিলাব নোৱাৰি। ইমৰাণৰ গুণাগুণ, যিটো মই শেষবাৰৰ বাবে আমাৰ বিয়াৰ দিনা দেখিছিলো।’

একে সময়তে, ৰেহমে ইমৰাণৰ দেশ চলোৱাৰ পদ্ধতিক সমালোচনা কৰে। ‘মই সঁচাকৈয়ে নাজানো কিয় ইমৰাণক বিগত চাৰি বছৰ ধৰি দেশ চলাবলৈ অনুমতি দিয়া হৈছিল। সেয়েহে আজি এয়া হৈছে দেশ, ৰাষ্ট্ৰৰ দুৰ্দশা।’ ইমৰানে অভিযোগ কৰিছিল যে চৰকাৰখন কৰ্তন কৰাৰ তেওঁৰ প্ৰয়াস প্ৰকৃততে এটা বৃহত্তৰ বিদেশী ষড়যন্ত্ৰৰ অংশ আছিল। ইয়াৰ প্ৰত্যুত্তৰত ৰেহমে কয়, ‘ইমৰাণে যি গপ্পো বিয়পাইছে সেয়া আনকি দ্বিতীয় শ্ৰেণীৰ চলচ্চিত্ৰতো দেখা নাযায়।’দেওবাৰে ইছলামাবাদত অনুষ্ঠিত এক ৰাজহুৱা সভাত ইমৰানে দাবী কৰে যে পানীৰ দৰে বিদেশী ধন খৰচ কৰি তেওঁৰ চৰকাৰ কৰ্তন কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। ইমৰাণৰ ফালৰ লোকসকলকো ব্যৱহাৰ কৰা হৈছে। একে সময়তে, ইমৰাণে কয় যে যিমানেই চাপ সৃষ্টি নহওক, তেওঁ অন্যায়ৰ সৈতে আপোচ নকৰে।

এইবাৰ বিক্ৰীৰ তালিকাত বিএছএনএল…

ইপদৰ পাছত সিপদ ৰাজহুৱা সম্পদ বিক্ৰী অথবা লীজত দি পুঁজিপতিৰ স্বাৰ্থসিদ্ধি হোৱাকৈ কাম কৰি গৈছে কেন্দ্ৰীয় চৰকাৰে৷ এইবাৰ দেশৰ একমাত্ৰ চৰকাৰী টেলিকম সেৱা প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড (বিএছএনএল)ক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ ব্যক্তিগত টেলিকম প্ৰতিষ্ঠানৰ স্বাৰ্থত চৰকাৰে দেশৰ পুৰণি টেলিকম প্ৰতিষ্ঠানটোক বৃহৎ পুঁজিপতিৰ হাতত অৰ্পণ কৰাৰ অভিসন্ধি ৰচিছে চৰকাৰে৷ যাৰ বাবে অস্তিত্বৰ সংকটত ভুগিছে টেলিকম সেৱা প্ৰতিষ্ঠানটো৷ দ্ৰুতগতিত কমি আহিছে প্ৰতিষ্ঠানটোৰ উপভোক্তাৰ সংখ্যা৷

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বাবে লোৱা সিদ্ধান্ত এতিয়া আৰু কোনো নতুন কথা নহয়৷ ভাৰতত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰাজহুৱা সম্পদ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানক নিয়ন্ত্ৰণ কৰিবলৈ লৈছে বৃহৎ পুঁজিপতিয়ে৷ তাৰেই শেহতীয়া প্ৰতিফলন ঘটিছে বিএছএনএলত৷কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ইতিমধ্যে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে৷ বেংক, ৰে’লৱে ইত্যাদি কেইবাটাও বিভাগে ব্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ সাধাৰণ জনতায়ো সহজভাৱে গ্ৰহণ কৰা নাই ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ সিদ্ধান্তক৷

বিএছএনএলৰ অনিশ্চিত ভৱিষ্যতক লৈ এতিয়া শংকিত হৈ পৰিছে এই সেৱাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকল৷ জানিব পৰা মতে, নেশ্যনেল মনিটাইজেচনৰ জৰিয়তে পানীৰ দৰত বিএছএনএল আৰু এমটিএনএলৰ ১৪,৯১৭টা মোবাইল টাৱাৰ আৰু ২.৮৬ লাখ মিটাৰ দৈৰ্ঘ্যৰ অপ্টিক ফাইবাৰ ব্যক্তিগত কৰ্প’ৰেটৰ হাতত গতাই দিব বিচাৰিছে চৰকাৰে৷ শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদৰ বাজেট অধিৱেশনত দেশত ‘5G’ সেৱা বিএছএনএল-এ নহয়, বৰঞ্চ ব্যক্তিগত টেলিকম কোম্পানীয়েহে আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল৷ অৰ্থাৎ, সেই বক্তব্যৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত টেলিকম প্ৰতিষ্ঠানক চৰকাৰে ৰঙা দলিচা পাৰি দিয়াৰ ইংগিত বহন কৰিছিল৷এনে পৰিস্থিতিত ৰাজহুৱা খণ্ডৰ সুচলাৱস্থা বজাই ৰখাত কেন্দ্ৰীয় চৰকৰৰ ব্যৰ্থতাও সমালোচিত হৈছে৷ এনেকৈ এপদ এপদকৈ দেশৰ সম্পদ দেউলীয়া হৈ গৈ থকাত দেশৰ সম্ভাৱ্য জটিল সামাজিক ভৱিষ্যতকলৈয়ো এতিয়া উদ্বিগ্ন হৈ পৰিছে দেশবাসী৷

ভাৰত-ৰাছিয়া বন্ধুত্বত আমেৰিকাৰ নতুন বিবৃতি…

ভাৰত-ৰাছিয়া বন্ধুত্ব সৰ্ম্পকৰ সন্দৰ্ভত আমেৰিকাই এক নতুন বিবৃতি দি কয় যে আমি দুয়োৰে মাজত বন্ধুত্ব ভাঙিব নিবিচাৰো, আনহাতে আগতে আমেৰিকাই কৈছিল যে মস্কোৱে ভাৰতক সহায় নকৰিব যদিহে ই এলএচি উলংঘন কৰে, কিয়নো বৰ্তমান চীন আৰু ৰাছিয়া দুয়োখন ৰাষ্ট্ৰ এতিয়া একেলগে আছে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ ভাৰতত উপস্থিত হৈছে আৰু ১এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিব। ছেৰ্গেই লাভৰভৰ ভাৰত ভ্ৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সমগ্ৰ বিশ্বৰ দেশসমূহৰ ওপৰতো দৃষ্টি ৰাখিছে। একে সময়তে, আমেৰিকাই ভাৰত-ৰাছিয়া বন্ধুত্বসন্দৰ্ভত এক নতুন বিবৃতি দি কয় যে আমি দুয়োৰে মাজত বন্ধুত্ব ভাঙিব নিবিচাৰো। ইয়াৰ আগতে আমেৰিকাই কৈছিল যে চীন আৰু ৰাছিয়া এতিয়া একেলগে থকাৰ বাবে মস্কোৱে এলএচি উলংঘন কৰাত ভাৰতক সহায় নকৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইচে কৈছিল যে মস্কোৰ সৈতে প্ৰতিখন দেশৰ নিজা সম্পৰ্ক আছে আৰু ৱাশ্বিংটনে ইয়াত কোনো পৰিৱৰ্তন নিবিচাৰে। নেড প্ৰাইচে এখন সংবাদমেলত কয় যে, “ৰাছিয়ান ফেডাৰেচনৰ বিভিন্ন দেশৰ সৈতে ভিন্ন সম্পৰ্ক আছে। এইটো এটা ঐতিহাসিক সত্য আৰু ই এটা ভৌগোলিক সত্যও। আমি ইয়াক সলনি কৰিব নিবিচাৰো।”নেড প্ৰাইচে লগতে কয় যে, “ভাৰত হওঁক বা বিশ্বৰ আন দেশেই হওঁক, আমি আমাৰ মিত্ৰশক্তিৰ ক্ষেত্ৰত যিমান পাৰো সহায় কৰি আছো। আজি, আন্তৰ্জাতিক সম্প্ৰদায়ে এক কণ্ঠত কথা পাতি আছে। বিশ্বই ৰাছিয়াৰ অন্যায়, অপ্ৰৰোচিত পূৰ্ব পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে জোৰেৰে কথা পাতি আছে। ভাৰতকে ধৰি আন দেশসমূহে হিংসাৰ সমাপ্তিৰ বাবে প্ৰচেষ্টা কৰিব লাগিব।”

ইয়াৰ আগতে আমেৰিকাই ভাৰতৰ বিষয়ে এটা ডাঙৰ বিবৃতি দি কৈছিল যে, মস্কোৱে ভাৰতক এলএচি উলংঘন কৰাত সহায় নকৰিব কিয়নো চীন আৰু ৰাছিয়া এতিয়া একেলগে আছে। আমেৰিকাৰ উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা দলীপ সিঙে তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ত এক সংবাদ মাধ্যমৰ ব্রিফিংত কৈছিল যে চীনে এলএচি উলংঘা কৰিলে ৰাছিয়া ভাৰতৰ সহায়ৰ বাবে দৌৰি আহিব বুলি কোনেও বিশ্বাস নকৰিব।“ৰাছিয়াৰ পৰা ভাৰতৰ শক্তি ক্ৰয় এই মুহূৰ্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞা উলংঘা নকৰে, কিন্তু আমি বিচাৰো যে ভাৰতে ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰক। সুলভ মূল্যত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ভাৰতৰ সিদ্ধান্তৰ বিষয়ে সোধাত দলীপে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ শক্তি আৰু প্ৰতিৰক্ষা সঁজুলিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বৰ্তমান সম্পৰ্ণ সাজু।

তৈলাক্ত ছালৰ বাবে ঘৰতে কিদৰে ল’ব যত্ন?

গ্ৰীষ্মৰ আগমনৰ লগে লগে ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে ৷ গৰমৰ দিনত তৈলাক্ত ছালৰ যত্ন বেছিকৈ ল’ব লাগে। কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে। এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰসমূহ ডাঙৰ হয়। ব্লেক হেডছ আদিয়ে বেছিকৈ দেখা দিয় ৷ গৰম দিনত ছালৰ তৈলাক্ত ভাব কমাবলৈ আছে কিছুমান ঘৰুৱা বিধান । দৈ আৰু নেমু ৰসৰ মিশ্ৰণ মুখত ২০ মিনিট লগাই ধুই দিব লাগে ৷ দৈ আৰু নেমু ৰসে ছালক মইশ্বাৰাইজ কৰে ৷ দৈয়ে মুখৰ উজ্বলতা বৃদ্ধি কৰে ৷ নেমু ৰসত ভিটামিন চি থাকে ৷ ভিটামিন চিয়ে ছালক অতি বেঙুনীয়া ৰশ্মিৰ পৰা হোৱা অপকাৰত বাধা দিয়ে ৷

তৈলাক্ত ছালৰ বাবে আন এটা উপকাৰী পেক হৈছে, মুলতানী মাটি, গোলাপ জল আৰু নেমু ৰসৰ মিশ্ৰণ ৷ মুলতানী মাটি তৈলাক্ত ছালৰ বাবে মহৌষধ । লগতে বেচন, দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰে ছালক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে ৷ দৈৰ সলনি এই মিশ্ৰণত গোলাপ জলো ব্যৱহাৰ কৰিব পাৰি ৷

আনহাতে মচুৰ দাইল গাখীৰত তিয়াই কোমল কৰি লৈ দাইলখিনি ভালদৰে পিহি মৌৰ লগত মিলাই মুখত ১৫-২০ মিনিট সময় লগাব লাগে ৷ এই মিশ্ৰণে ছালৰ ক’লা দাগৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে ছালৰ তৈলাক্ত ভাৱ দূৰ কৰাত সহায় কৰে ৷ গ্ৰীষ্ম কালত ছালৰ ক্লিনজিঙত গুৰুত্ব আৰোপ কৰিব লাগে ৷ তৈলাক্ত ছালৰ বাবে সদায় অইল ফ্ৰি ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে ৷

বাৰে বাৰে অসম আৰু অসমীয়া অপমানিত কিয়?

অসম আৰু অসমীয়াক চূড়ান্ত অপমানৰ ধৃষ্টতা কৰিলে আজমল ভাতৃ চিৰাজুদ্দিন আজমলে ৰাজনৈতিক ভণ্ডামিৰে চৰ্চাত থকা বদৰুদ্দিন আজমলৰ ভাতৃ তথা বিধায়ক চিৰাজুদ্দিন আজমলৰ অসম তথা অসমীয়াক অপমান কৰাৰ দুঃসাহসে এতিয়া ৰাজ্যত বিতৰ্কৰ সূচনা কৰাৰ লগতে সৰ্বস্তৰতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।একমাত্ৰ নিজ ব্যৱসায়ীৰ স্বাৰ্থতে সংখ্যালঘুৰ তথাকথিত ত্ৰাণকৰ্তাৰ ভূমিকা লোৱা এআইইউডিএফে ৰাজ্যসভাৰ নিৰ্বাচনত আজমল পৰিয়ালৰ ব্যৱসায়িক স্বাৰ্থৰ লগতে ব্যক্তিগত লাভালাভৰ বাবেই বিজেপিৰ প্ৰাৰ্থী জয়ৰ বাট মুকলি কৰি দিয়া বুলি অভিযোগ উঠাৰ পিছতেই দলটোৰ নেতৃত্বৰ মুখা খোল খাইছে।

ৰাজ্যৰ ৰাজনীতিত সুবিধাবাদীৰ ভূমিকা গ্ৰহণ কৰি কেৱল ব্যক্তিগত লাভালাভৰ কথা চিন্তা কৰি সাম্প্ৰদায়িকতাবাদৰ পৃষ্ঠপোষকতা কৰা এআইইউডিএফে বিজেপিৰ সৈতে যে গোপন মিতিৰালিত লিপ্ত হৈছে সেই কথা নিশ্চিত হৈছে। অসমৰ ৰাইজে সেই কথা বুজি পাইছে। দলটোৰ এনেদৰে মুখাৰ আঁৰৰ মুখা পোহৰলৈ অহাৰ পিছতে চিৰাজুদ্দিন আজমল অসম তথা অসমীয়াক এনেদৰে চৰম অপমান কৰিবলৈ আৰম্ভ কৰিছে। শুকুৰবাৰে সংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ চিৰাজুদ্দিন আজমলে ‘অসমীয়া ভাষা কোনে জানে?’ বুলি চৰম তাচ্ছিল্য অসমীয়া ভাষাক অপমান কৰিলে। উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনক লৈ এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজত যুঁজ তীব্ৰতৰ হোৱাৰ সময়তে চিৰাজুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যই এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে।