আপুনি হয়তো বিভিন্ন সামগ্ৰীৰ ভিন্ন দাম শুনিছে। এটা উটৰ মূল্য শুনিলে আপুনি আচৰিত হৈ উঠিব। এটা উট এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে। উটটোৰ মূল্য শুনিলে আপুনিও আচৰিত হ’ব, এই উটটোৰ দাম ১৪ কোটি ২৩ লাখ টকা। চৌদি আৰৱৰ উট বিশ্বত প্ৰায়ে চৰ্চাত থাকে। মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বাঢ়িছে উটৰ দাম। চৌদি আৰৱত এই উটটোৰ মূল্য ৫ মিলিয়ন চৌদি ৰিয়েল। প্ৰাৰম্ভিক অৱস্থাত উটটোৰ দাম ভাৰতীয় টকাৰ হিচাপত ১০ কোটি ১৬ লাখ ৪৮ হাজাৰ টকা ধাৰ্য কৰা হৈছিল। পিছত এই উটটোৰ মূল্য ১০ কোটিৰ পৰা ১৪ কোটি লৈ বৃদ্ধি পায়।
উটটোৰ সৰ্বাধিক মূল্য ৭ মিলিয়ন চৌদি ৰিয়েল নিলাম নিবিদা আছিল। ভাৰতীয় টকাৰ হিচাপত ১৪ কৌটি ২৩ লাখ ৪৫ হাজাৰ টকা। উটটো এই মূল্যত কোনে ক্ৰয় কৰে সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা হোৱা নাই। বৃহৎ মূল্যত বিক্ৰী হোৱা এই বিৰল প্ৰজাতিৰ বুলি গণ্য কৰা হয়। এই উটটো নিজৰ সৌন্দৰ্যৰ বাবেও বিখ্যাত। এই প্ৰজাতিৰ উট পাবলৈ তেনেই তাকৰ। যাৰ বাবেই এই প্ৰজাতিৰ উট ক্ৰয় কৰিবৰ বাবে লোকসকলে কোটি কোটি টকা খৰচ কৰে। ৰমজান মাহত উটক অতি গুৰুপূৰ্ণ গণ্য কৰা হয়, কাৰণ চৌদি আৰৱত ৰমজান মাহৰ শেষৰ দিনা উট বলি দিয়া হয়। প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ সৰ্ববৃহৎ উট উৎসৱ চৌদি আৰৱত অনুষ্ঠিত কৰা হয়।
Indian cricket captain Virat Kohli congratulate Jasprit Bumrah during the 3rd One Day International cricket match between Sri Lanka and India at the Pallekele international cricket stadium at Kandy, Sri Lanka on Sunday 27 August 2017.
(Photo by Tharaka Basnayaka/NurPhoto via Getty Images)
আৰচিবিৰ জাৰ্ছীৰ পৰা পোনে পোনে IPL বিশেষজ্ঞৰ বাব ভাৰতীয় ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলেলৈ। একপ্ৰকাৰ আসন্ন হৈ পৰিছে পাৰ্থিৱ পেটেলৰ ক্ৰিকেট কেৰিয়াৰ। অৱশ্যে, ক্ৰিকেট ‘পণ্ডিত’ হোৱাৰ পাছত কেইবাটাও চাঞ্চল্যকৰ পুৰণি ঘটনা শ্বেয়াৰ কৰি আলোড়নৰ সৃষ্টি কৰিছে পাৰ্থিৱ পেটেলে। ক্ৰিকবাজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, পাৰ্থিৱে বুমৰাহৰ বিষয়ে কোহলীৰ চাঞ্চল্যকৰ মন্তব্য শ্বেয়াৰ কৰি ক্ৰীড়া এৰিনাত আলোড়নৰ সৃষ্টি কৰিছে। পাৰ্থিৱে কয়, ‘২০১৪ চনত, যেতিয়া মই আৰচিবিৰ হৈ খেলিছিলো তেতিয়া মই কোহলীক এক অজ্ঞাত বুমৰাহৰ বিষয়ে সতৰ্ক কৰি দিছিলো। বুমৰাহৰ ওপৰত চকু ৰাখিবলৈ কৈছিলো। বিৰাটে কৈছিল, ‘হেই, বাদ দিয়া হে! এই বুমৰাহ-ভূমৰাই কি কৰিব।’
পাৰ্থিৱৰ এনে মন্তব্যৰ পাছতে যথেষ্ট আলোচনা হোৱা দেখা গৈছে। বুমৰাহৰ প্ৰসংগত কোহলীৰ ব্যঙ্গাত্মক মন্তব্যত ছ’চিয়েল মিডিয়া যোগে সকলোকে জনাই দিয়াৰ পাছত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু এনে আলোচনাৰ মাজতে পাৰ্থিৱে পুনৰ ইঙ্গিতপূৰ্ণ টুইট কৰিছে। যিটো টুইটে ক্ৰিকেট এৰিনাত কোহলী কেন্দ্ৰীক বিতৰ্কত নতুনকৈ ইন্ধন যোগাব বুলি ধাৰণা কৰি লৈছে ক্ৰীড়া বিশেষজ্ঞসকলে। পাৰ্থিৱে লগতে কয়, ‘নীম পাত আৰু সত্য কথা দুয়োটাই তিতা।’