Home Blog Page 2520

“ছত্ৰ”ৰ উদ্যোগত মহিলাৰ স্তন কেন্সাৰৰ চিনাক্তকৰণ আৰু সজাগতা সভা

দৰঙৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “ছত্ৰ”ই ‘অনকোকেয়াৰ ট্ৰাষ্ট’ৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে মহিলাৰ স্তন কেন্সাৰৰ সজাগতা বৃদ্ধিৰ লগতে এই ৰোগৰ চিনাক্তকৰণ কাৰ্যসূচী গ্ৰহণ কৰে। স্তন কেঞ্চাৰ ৰোগৰ ৰোগী, চিকিৎসক,  উকিল আদিৰে গঠিত অনকোকেয়াৰ ট্ৰাষ্ট নামৰ সংস্থাটোৱে ২০১৮ চনৰেপৰা অসমৰ চিকিৎসা ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । জিলাখনৰ শতাধিক মহিলাৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাখনৰ আঁত ধৰে ছত্ৰ’ৰ জ্যেষ্ঠ কৰ্মী জগদ্বীশ হাজৰিকাই।

অনুষ্ঠানত অনকোকেয়াৰ ট্ৰাষ্টৰ কাৰ্যবাহী ডা: জয়দ্বীপ পুৰকায়স্থই মহিলাৰ স্তন কেন্সাৰৰ লক্ষণসমূহ, ইয়াৰ চিনাক্তকৰণৰ কৌশল আদি দিশ সমূহৰ লগতে চিকিৎসা সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। ৰাজ্যখনৰ দিনক দিনে বৃদ্ধি হৈ থকা স্তন কেন্সাৰৰ ভয়াবহতাৰ বিষয়ে বৰ্ণনা কৰে। ছত্ৰ’ৰ কাৰ্যবাহী সঞ্চালক ননী কুমাৰ শইকীয়াই অসমত কেঞ্চাৰ ৰোগৰ সুলভ চিকিৎসা ব্যবস্থাৰ লগতে সম্ভাব্য লক্ষণ দেখিলেই চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনায়। অন্যহাতে ডা: পুৰকায়স্থই মহিলা সকলৰ স্বাস্থ্য আৰু স্তন কেঞ্চাৰ পৰীক্ষা কৰি ৰোগীসকলক পৰামৰ্শ প্ৰদান কৰে।

মথুৰাপুৰ কৃষিপাম গাঁৱত জয়া স্মৃতি দিৱস উদযাপন

জয়মতী জীৱনী ভিত্তিক নাট মঞ্চস্থ দিলীপ হাজৰিকা মথুৰাপুৰ ১০১ নং গ্ৰান্ট নামনি কৃষিপাম গাঁৱত মহাসতী জয়মতী স্মৃতি দিৱসটি ২৮ মাৰ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি ক্ষীৰোদ বৰগোহাঁয়ে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে সম্পাদক বিবেক বৰুৱাই ৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

বিয়লিলৈ সমাজকৰ্মী জীতেন ৰাজকোঁৱৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা শিক্ষয়িত্ৰী দীপা গগৈ সন্দিকৈ, অনাতাঁৰ শিল্পী সুশীল লাহন, প্ৰধান শিক্ষক দিপাংকৰ চেতিয়া বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি মহাসতী জয়মতীৰ ত্যাগ,সাহস আৰু দেশপ্ৰেমক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

উক্ত অনুষ্ঠানতে কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সন্ধিয়ালৈ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষয়িত্ৰী মঞ্জু ৰাজকোঁৱৰ বৰুৱাই নাট মঞ্চ শুভ উদ্বোধন কৰা পিচতেই বিশিষ্ট পৰিচালক ভূপেন চেতিয়াৰ পৰিচালনাৰে মহাসতী জয়মতীৰ জীৱনীভিত্তিক এখনি পূৰ্ণাংগ নাট স্হানীয় শিল্পীসকলে মঞ্চস্থ কৰে । স্থানীয় নবীন শিল্পীসকলে অভিনয় কৰা নাটখনে উপস্থিত সহস্ৰাধিক দৰ্শকক মুহিত কৰিবলৈ সক্ষম হয় ৷ নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ

কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেৱাইএমে কয় যে বিজেপিয়ে তেওঁক হত্যা কৰিব বিচাৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত বুধবাৰে প্ৰতিবাদকাৰীসকলে ঘেৰি ধৰিছিল। মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰ আইপি কলেজৰ ওচৰৰ লিংক ৰোডত বুধবাৰে পুৱা ১১:৩০ বজাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ (বিজেৱাইএম) প্ৰায় ১৫০-২০০ প্ৰতিবাদকাৰীয়ে এই প্ৰতিবাদ আৰম্ভ কৰে। কেজৰিৱালে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত মন্তব্য কৰিছিল। ইয়াৰ ওপৰত ক্ষমা বিচাৰি এক অবস্থা প্ৰদৰ্শন অনুষ্ঠিত কৰা হৈছিল।

দুপৰীয়া প্ৰায় ১ বজাত, কিছুমান প্ৰতিবাদকাৰীয়ে দুটা বেৰিকেড ভাঙি মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত উপস্থিত হয়, য’ত তেওঁলোকে শ্ল’গান দিয়ে আৰু হুলস্থূলৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ লগত গেৰুৱা ৰঙৰ এটা সৰু বাকচ লৈ গৈছিল, । হুলস্থূলৰ মাজতে, এটা বুম বেৰিয়াৰ ৰ লগতে চিচিটিভি কেমেৰা ভাঙি গৈছিল।

আৰক্ষীৰ দলটোৱে লগে লগে তেওঁলোকক ঘটনাস্থলীৰ পৰা আঁতৰাই দিছিল আৰু প্ৰায় ৭০ জন লোকক আটক কৰিছিল। অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দিল্লীৰ উপ -মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই ঘটনাটোৰ বিষয়ে টুইট কৰিছিল। চিছোদিয়াই কয়, “দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত অসামাজিক উপাদানে আক্ৰমণ কৰিছে আৰু চিচিটিভি কেমেৰা আৰু নিৰাপত্তা প্ৰতিবন্ধকতা ভাঙি পেলোৱা হৈছে। গেটৰ বুম বেৰিয়াৰবোৰো ভাঙি পেলোৱা হৈছে। পৰৱৰ্তী টুইটটোত তেওঁ কয়, “বিজেপিৰ গুণ্ডাসকলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত ভাংচুৰ অব্যাহত ৰাখিছে। তেওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে, বিজেপি আৰক্ষীয়ে তেওঁলোকক ঘৰৰ দুৱাৰলৈ লৈ আহিছিল।

পিছত এখন সংবাদমেলত চিছোদিয়াই অভিযোগ কৰে যে এই সকলোবোৰ আৰক্ষীৰ উপস্থিতিত সংঘটিত হৈছিল। কেজৰিৱালৰ ঘৰত এক সুচিন্তিত ষড়যন্ত্ৰৰ অধীনত আক্ৰমণ কৰা হৈছিল। যদি নিৰ্বাচনত পঞ্জাৱক পৰাজিত কৰিব নোৱাৰি, তেন্তে বিজেপিয়ে এতিয়া কেজৰিৱালক আঁতৰাব বিচাৰে। তেওঁ তেওঁলোকক হত্যা কৰিব বিচাৰে।

চিছোদিয়াৰ অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে টুইট কৰি কয়, “কাশ্মীৰী হিন্দুসকলক অপমান কৰি মই বেয়াকৈ ফান্দত পৰিছো। আনকি এক নিযুত প্ৰচেষ্টা আৰু বিক্ৰী হোৱা সাক্ষাৎকাৰৰ পাছতো, পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। এতিয়া কেৱল এটা উপায় আছে, ভুক্তভোগী কাৰ্ড। বিজেপিয়ে মোক হত্যা কৰিব বিচাৰে। অনুগ্ৰহ কৰি ইয়াক বিয়পাত সহায় কৰক! আপোনাৰ প্ৰচাৰ মন্ত্ৰী।

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত দেহকলৈ গৌৰীপুৰত চাঞ্চল্য

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত্যুদেহক লৈ গৌৰীপুৰৰ আলমগঞ্জত এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ড গাওঁৰ সোঁমাজেৰে পাৰ হৈ গৈছে যোগীঘোপা ময়নাগুৰি ৰেল লাইন। উক্ত ৰেল লাইনেৰে মালবাহী ৰেল পাৰ হৈ যোৱাৰ ক্ষন্তেক সময় পিছতে ৰেল লাইনৰ কাষত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে এটা মৃত্যুদেহ।

খৱৰটো বনজুইৰ দৰে বিয়পি পৰাত ৰাইজ দৌৰি আহি মৃত্যুদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে চিনাক্ত হৈ পৰে যুৱক জন। মৃত্যু যুৱক জন হৈছে আলমগঞ্জ নৱম খণ্ড গাওঁৰ কাশেম আলীৰ পুত্ৰ মন্তাজুল হক(২৮)। পাছত আৰক্ষীক খৱৰ কৰাত ঘটনাস্থলী লৈ আৰক্ষী আৰু ৰেল বিভাগৰ কৰ্তৃপক্ষ ৰওনা হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। উক্ত মৃত্যুদেহটো ৰেলৰ খুন্দাত মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ছিলঙত উত্তৰ- পূৱৰ সাংবাদিকৰ কৰ্মশালা সম্পন্ন।  

উত্তৰ পুৱৰ সংবাদকৰ্মীক একত্ৰিত কৰি শ্বিলঙত এক কৰ্মশালাৰ আয়োজন কৰিছিল মেঘালয় STATE CONMISSION FOR PROTECTION OF CHILD RIGHT  আৰু সেৱা ভাৰতী পুৰ্বাঞ্চলে । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ অধীনৰ REGIONAL LEVEL ORIENTATION WORKSHOP OF NORTH EAST STATES কৰ্মশালাখনি শ্বিলঙৰ পাইনুউড  হোটেলত এদিনীয়াকৈ কালি অনুষ্ঠিত হৈ যায় ।

]

উত্তৰ পুৱৰ শতাধিক সংবাদিকে ভাগলোৱা কৰ্মশালাখনিত উপস্থিত থাকে মেঘালায়ৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক ডঃ ডি ডি চিৰাই । ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ উত্তৰ পূৱ শাখাৰ জেষ্ঠ কাৰিকৰী বিশেষজ্ঞ পৰেশ ছাই এই কাৰ্যসূচীত উপস্থিত থাকি শিশুৰ অধিকাৰ আৰু সংবাদকৰ্মীৰ দায়িত্ব সম্পৰ্কত নিজৰ বক্তব্য ৰাখে । সংবাদ কৰ্মী আৰু বিশেষজ্ঞ বক্তাৰ মাজত এক মত বিনিময় অনুষ্ঠানে এই অনুষ্ঠানৰ গুৰুত্ব বৃদ্ধি কৰে  । মেঘালয় শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা ইমন এম শ্যামে আতধৰা অনুষ্ঠানটিৰ জৰিয়তে সংবাদ কৰ্মী সকল শিশু বিষয়ক বাতৰি পৰিবেশনত অধিক সংযত হব বুলি উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে ।  

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত মাটিফাটা অঞ্চল ।

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে মাটিফাটা অঞ্চল । ধোৱা চাঙত পৰিণত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ প্ৰতিশ্ৰুতি ।কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ । খৰালিতো পুনৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত লৈছে ভয়ংকৰ ৰূপ । নিদ্ৰা হৰণ কৰিছে মাটিফাটা অঞ্চলবাসীৰ।

এই দৃশ্য দক্ষিণ শালমাৰা সমষ্টিৰ মাটিফাটা অঞ্চলৰ । পুনৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লোৱাত শংকিত হৈ পৰিছে ৰাইজ । উল্লেখ্য যে, বিগত বৰ্ষৰ পৰা গৰাহনীয়াই ভয়াবহ ৰূপ লোৱাত নদীৰ বুকুত জাহ গৈছে বহুলোকৰ ঘৰ- বাৰী । কাঢ়ি নিছে অজস্ৰ জনৰ বুকু ভৰা সপোন । নদীৰ গৰ্ভত জাহ গৈছে কেইবাখনো চৰকাৰী -বেচৰকাৰী অনুষ্ঠান -প্ৰতিষ্ঠান ।স্হানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে দিয়া প্ৰতিশ্ৰুতি পৰিণত হৈছে ফুটুকাৰ ফেনত । পুনৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱাত শংকিত হৈ পৰিছে সৰ্বসাধাৰণ লোক । সাংসদ বিধায়কক তথা বিভাগীয় কৰ্তৃপক্ষই প্ৰতিৰোধ ব্যৱস্হা নকৰাত বিষোদগাৰ প্ৰকাশ কৰিছে ভূক্তভোগী লোকে ।

আজিৰে পৰা তামুলপুৰৰ কাউলীত আৰম্ভ হৈছে মতুয়া ধৰ্মালম্বী লোক সকলৰ মহাবাৰুণী উৎসৱ।

আজিৰে পৰা তামুলপুৰৰ কাউলীত আৰম্ভ হৈছে মতুয়া ধৰ্মালম্বী লোক সকলৰ মহাবাৰুণী উৎসৱ।অন্যান্য বছৰৰ দৰে আজি পুৱাই ঐতিহাসিক হৰিচাদ গুৰুচাঁদ মন্দিৰ প্ৰাঙ্গণত ভিৰ কৰিছেহি মতুৱা লোক সকলে।কামনাৰ সাগৰত মূল খুটি স্থাপন কৰাৰ পিছত গঙ্গা স্নান কৰি মন্দিৰত ধূপ-চাকি জ্বলাই প্ৰভুৰ পৰা আশীষ গ্ৰহণ কৰিছে এইসকলে ভক্ত প্ৰাণ লোকে।ডবা,শংকৰ শব্দৰে ইতিমধ্যে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল।

আজিৰে পৰা অহা ৩ এপ্ৰিল লৈ চলিব লগা এই মহোৎসৱত অসমৰ লগতে কেইবাটাও ৰাজ্যৰ লোকে অংশগ্ৰহণ কৰিব বুলি জনাইছে আয়োজক সকলে।

কোনখন টোলগে’টত কিমান ধন ভৰিব লাগিব আপুনি?

সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বাঢ়িছে অত্যাৱশ্যকীয় ইন্ধন আৰু ৰন্ধন গেছৰ দাম। পেট্ৰ’ল-ডিজেলৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰিছে। এই দাম বৃদ্ধিৰ হাৰ দৈনিক ঊৰ্ধ্বগামী হৈয়েই আছে। ইয়াৰ মাজতে আহিছে আৰু এক দুঃখবৰ। এতিয়া টোলকৰ বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৩১ মাৰ্চৰ মাজনিশাৰ পৰাই বৰ্ধিত হাৰত টোল কৰ আদায় দিব লাগিব ৰাজ্যৰ জনগণে। ১ এপ্ৰিলৰ পৰা ৰাষ্ট্রীয় ঘাইপথৰ টোল গে’টৰ কৰ বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন নিৰিখ অনুসৰি বাণিজ্যিক বাহনৰ টোল অতিৰিক্ত ৬৫ টকালৈ বৃদ্ধি কৰা হ’ব। ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণৰ এই সিদ্ধান্ত এতিয়া ৰাজ্যৰ জনগণৰ এটা বোজা হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে। কেৱল ব্যৱসায়িক বাহনৰ ক্ষেত্ৰতে নহয়, ব্যক্তিগত বাহনেও বৰ্ধিত হাৰত আদায় দিব লাগিব টোলকৰ। ব্যক্তিগত বাহনৰ টোলকৰ অতিৰিক্ত ১০ টকালৈকে বাঢ়িব নতুন নিয়ম অনুসৰি। এবাৰ টোল পাৰ হোৱাৰ বিনিময়ত ভৰিব লাগিব এই অতিৰিক্ত কৰ। ৩১ মাৰ্চৰ মাজনিশাৰ পৰা বলৱৎ হ’ব এই নতুন নিৰিখ। বাণিজ্যিক বাহন এখনে এবাৰ টোল পাৰ হ’লে ১৪০ টকাৰ সলনি ২১৫ টকা পৰ্যন্ত অতিৰিক্ত টোল ভৰিব লাগিব। বাছ আৰু ট্ৰাক এখনে ২৯৫ টকাৰ সলনি ৪৪৫ টকা অতিৰিক্ত টোল দিব লাগিব।

প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি ব্যক্তিগত বাহন এখনে এবাৰ যাত্ৰা কৰিল ১১৫টকা কৰ দিব লাগিব। ওভতনি যাত্ৰাত কৰৰ পৰিমান হ’ব ১৭৫টকা। মাহেকীয় পাছ উলিয়ালে দিব লাগিব ৩৮৬৫ টকা। এলচিভি বাহনৰ ক্ষেত্ৰত কৰৰ হাৰ হ’ব—এবাৰত ১৮৫ টকা, ওভতনি ২৮০ টকা আৰু মাহেকীয়া নিৰিখত ৬২৪৫ টকা। আনহাতে বাছ আৰু ট্ৰাকে এবাৰত ৩৯৫ টকা, ওভতনি যাত্ৰাত ৫৯০টকা আৰু মাহিলী হিচাপত ১৩০৮৫টকা কৰ আদায় দিব লাগিব। অসমৰ বিভিন্ন স্থানত থকা টোলগেটসমূহ অনুসৰি বিভিন্ন নিৰিখসমূহ হৈছে এনেধৰণৰ। অসমত থকা বিভিন্ন টোলগেটসমূহৰ ভিতৰত আছে বৰপেটা জিলাৰ গলিয়া, কামৰূপ জিলাৰ মদনপুৰ, কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ নাজিৰাখাট, নগাঁও জিলাৰ ৰহা, হোজাই জিলাৰ ডবকাৰ মিকিৰআটী আৰু ডিমা হাছাও জিলাৰ মান্দেৰদিছা টোলগেট। এই টোল গেটবোৰত কৰৰ নতুন নিৰিখ হ’ব তলত দিয়া ধৰণৰ, ভবানীপু সমীপৰ গলিয়া টোলগে’টত সৰু গাড়ীৰ এূবাৰৰ মাচুল ৪৫টকা, লঘু বাণিজ্যিক বাহনৰ এবাৰত ৭০ টকা, বাছ অথবা ট্ৰাকৰ মাচুল ১৫০টকা, দহ চকাযুক্ত বাণিজ্যিত বাহনৰ মাচুল ১৬৫টকা, ডাম্পাৰ, নিৰ্মাণকাৰ্যত জড়িত গধুৰ বাহনৰ মাচুল ২৩৫টকা আৰু ৭ টাতকৈ অধিক এক্সেল থকা গধুৰ যান-বাহনৰ মাচুল ২৮৫টকা নিৰ্ধাৰণ কৰা হৈছে। মদনপুৰ টোলগেটত সৰু বাহনৰ বৰ্তমানৰ মাচুল ১১০টকাৰ ঠাইত ১২৫টকা, লঘু বাণিজ্যিক বাহনৰ মাচুল এতিয়াৰ ১৮০ টকাৰ ঠাইত ২০০টকা, ট্ৰাক বা বাছৰ মাচুল এতিয়াৰ ৩৮০ টকাৰ ঠাইত ৪২০টকা, দহ চকাযুক্ত বাণিজ্যিক বাহনৰ মাচুল বৰ্তমানৰ ৪১৫ টকাৰ সলনি ৪৫৫টকা, ডাম্পাৰসহ গধুৰ যান-বাহনৰ মাচুল বৰ্তমানৰ ৫৯৫ টকাৰ সলনি ৬৫৫টকা আৰু অতি গধুৰ বাহনৰ মাচুল ৭২৫টকাৰ সলনি ৮০০টকা নিৰ্ধাৰণ কৰা হৈছে।

একেদৰে সোণাপুৰৰ টোলগেটৰ মাচুল বৃদ্ধি কৰা হৈছে এনেধৰণে সৰু বাহনৰ মাচুল বৰ্তমানৰ ১১৫টকাৰ পৰা ১৩০ টকা, লঘু বাণিজ্যিক বাহনৰ মাচুল ১৮৫ টকাৰ সলনি ২০৫টকা, ট্ৰাক অথবা বাছৰ মাচুল বৰ্তমানৰ ৩৯৫ টকাৰ সলনি ৪৩০টকা, দহ চকাযুক্ত বাণিজ্যিক বাহনৰ মাচুল ৪৩০টকাৰ পৰা ৪৭০টকা, ডাম্পাৰসহ আন গধুৰ গাড়ীৰ মাচুল বৰ্তমানৰ ৬১৫ টকাৰ পৰিৱৰ্তে ৬৮০ টকা, আন অতি গধুৰ বাহনৰ মাচুল বৰ্তমানৰ ৭৫০ টকাৰ পৰিৱৰ্তে ৮২৫ টকা কৰা হৈছে। একেদৰে ৰহাৰ টোলগে’টৰ নতুন নিৰিখ হৈছে এনেধৰণৰ লধু বাহনৰ নিৰিখ ১১০টকা, লঘু বাণিজ্যিক বা৭হনৰ নিৰিখ ১৭৫টকা, ট্ৰাক-বাছৰ মাচুল ৩৭০টকা, দহ চকাৰ গাড়ীৰ মাচুল ৪০৫ টকা, ডাম্পাৰ আদি গধুৰ বাহনৰ মাচুল ৫৮০ টকা, আৰু অতি গধুৰ বাহনৰ মাচুল ৭০৫ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে ডবকা আৰু মান্দেৰদিছা টোলগেটৰ কৰো ১৫শতাংশ বৃদ্ধি কৰা হৈছে।এই ব্যৱস্থা বলৱত হোৱাৰ লগে লগে তাৰ কুপ্ৰভাৱ যে সকলোফালে পৰিব সেয়া নিশ্চিত। কৰৰ বোজা বৃদ্ধিৰ লগে লগে ব্যৱসায়িক বাহন বিশেষকৈ বাছ-ট্ৰাকৰ ভাৰা বৃদ্ধি হোৱাৰো আশংকা আছে। যাৰ কুফল অন্যান্য ক্ষেত্ৰতো পৰিব পাৰে। এনে পৰিস্থিতিত সাধাৰণ মানুহৰ জীৱন ধাৰণ অধিক জটিল হৈ পৰাটো অৱধাৰিত বুলিব পাৰি।

বিহ দি হত্যা ১০০ তকৈ অধিক কুকুৰক…

তেলেংগানাৰ চিদ্দিপেট জিলাত ১০০ তকৈও অধিক পথভ্ৰষ্ট কুকুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত  এগৰাকী পশু অধিকাৰ মঙলবাৰে এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি চিদ্দিপেট জিলাৰ থিগুল গাঁৱত প্ৰায় ১০০টা কুকুৰক হত্যা কৰা হয়। এই ক্ষেত্ৰত কুকুৰ বোৰক ধৰিবৰ বাবে মানুহ নিয়োগ কৰিছিল গাঁওবুঢ় তথা সচিবে।

পশু কৰ্মী গৰাকীয়ে অভিযোগত কয় যে কুকুৰবোৰক ২৭ মাৰ্চত বিহ বেজী দি হত্যা কৰা হয়। এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈছিল যত মৃত কুকুৰ সমূহক দেখা গৈছিল। এজাহাৰৰ পাছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, এয়া প্ৰথম বাৰৰ বাবে নহয় এই জিলাখনত ইয়াৰ পূৰ্বেও বহু কুকুৰক বিহ দি হত্যা কৰা হৈছিল।

মাৰ্ঘেৰিটাত ছাত্ৰ নেতাক প্ৰাণে মৰা চেষ্টা…

ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা পাপু দত্তক প্ৰাণে মৰাৰ চেষ্টা  চলোৱা বুলি অভিযোগ সমগ্ৰ মাৰ্ঘেৰিটাতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।মঙলবাৰে সন্ধিয়া মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰি সভাপতি পাপু দত্তক এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিব বিচৰা ঘটনাৰ বিৰুদ্ধে  জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ যে কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰি সভাপতি পাপু দত্তক হত্যা কৰাৰ পৰিকল্পনাৰে এই চেষ্টা কৰা হৈছিল। উক্ত ঘটনাক দুৰ্ঘটনা ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল বুলিও অভিযোগ ছাত্ৰ সংগঠনটো।

ইয়াৰ প্ৰতিবাদত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে পুৱা ৫ বজাৰ পৰা ডাম্পাৰ চলাচল মাৰ্ঘেৰিটাত মহকুমাত বন্ধৰ ঘোষণা কৰিছে।ছাত্ৰ মুক্তি এই ঘোষণাৰ ফলত আজি পুৱাৰে পৰা মাৰ্ঘেৰিটাত ডাম্পাৰ চলাচল বন্ধ হৈ পৰে। উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাত তীব্ৰ বেগী ডাম্পাৰ  দুৰ্ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে। তীব্ৰ বেগী ডাম্পাৰ খুণ্ডাত বহুলোকে অকালতে প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে চিৰ জীৱনলৈ ঘূনীয়া হব লগীয়া হৈছে।