Home Blog Page 2540

ধুবুৰীত মন্ত্ৰী ৰণজিত কুমাৰ দাসে বিভিন্ন কামৰ পৰ্যালোচনা কৰে।

অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে৷ জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাগৰাকী বিষয়া, কেবাজনো পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত মন্ত্ৰীগৰাকীয়ে প্ৰথমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম- কাজৰ পৰ্যালোচনা কৰে৷ ধুুবুৰী জিলাত এম জি এনৰেগাৰ ৰূপায়নত হোৱা অগ্ৰগতিক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷

তেওঁ এম জি এনৰেগাৰ অধীনত গ্ৰীণ গেলেৰী নিৰ্মাণৰ পৰামৰ্শ দিয়ে৷ আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ আৰু কিস্তিৰ ধন লৈ ঘৰ নিৰ্মাণ নকৰা হিতাধিকাৰীসকলক মাতি আনি বুজাবলৈ মন্ত্ৰীগৰাকীয়ে খণ্ড উন্নয়ণ বিষয়াসকলক নিৰ্দেশ দিয়ে৷

নামখলাৰ বাহমোল্লাত ধুমুহাই তাণ্ডব চলাই কৰিলে বৃহৎ ক্ষতি৷

পুনৰ দেওবাৰে আবেলি হঠাতে অহা ধুমুহাই তাণ্ডব সৃষ্টি কৰিলে দৰং আৰু ওদালগুৰি সীমান্তৱৰ্তী গাও বাহমোল্লাত৷ওদালগুৰি জিলাৰ বাহমোল্লাত গৃহহীন কৰিলে ৰতন নাৰ্জাৰীৰ ঘৰখন ৷ কুহিয়াৰকুছীত বিগত দিনৰ ধুমুহাই ভালেসংখ্যক পৰিয়ালৰ বিষ্টৰ ক্ষতিসাধন কৰি থৈ যোৱাৰ পিছত পুনৰাই হঠাতে অহা বৰদৈচিলাই ৰতন নাৰ্জাৰীৰ আবাসগৃহৰ লগতে অতুল কলিতা তৰুন কলিতা আৰু হৰি কলিতাৰ নিজৰ আপোন ঘৰখন সম্পুৰ্ণ তচনচ কৰে বিধ্বংসী ধুমুহাই ।

এখন সাধাৰন টেম্পো গাড়ী চলাই পোহপাল দিয়া দৰিদ্ৰ পৰিয়ালটি আশ্ৰয়হীন হৈ পৰাত ৰাইজে তৎকালে প্ৰশাসনক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনায় ।

পাঞ্জাবাৰী জুৰিপাৰত চাঞ্চল্যকৰ ঘটনা

পাঞ্জাবাৰী জুৰিপাৰৰ কাবেৰী এপাৰ্টমেন্টত চাঞ্চল্যকৰ ঘটনা।পাঁচ মহলাৰ পৰা জপিয়াই মৃত্যু এগৰাকী মহিলাৰ।মহিলাগৰাকীৰ নাম এমলীনা আহমেদ বুলি জানিব পৰা গৈছে।বহু দিনৰে এপাৰ্টমেন্টতে পৰিয়ালৰ সৈতে ভাড়াত আছিল মহিলা গৰাকী।পৰিয়ালৰ মতে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিছে ৩২ বছৰীয়া মহিলাগৰাকীয়ে।কিন্তু প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই।

বিহালী স্নাতক মহাবিদ্যালয়ত কেৰীয়াৰ সম্পৰ্কত সজাগতা

বিহালী সমষ্টিৰ এক মাত্র উচ্চ শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু অবিভক্ত শোনিতপুৰ জিলাৰ ৮ খন মহাবিদ্যালয়ৰ ছাত একতা সভাৰ সভাপতি সম্পাদকক লৈ ছাত্ৰ-ছাত্ৰীৰ কেৰীয়াৰ সম্পৰ্কত সজাগতা মুলক সভা বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। আই কিউ এ চি’ৰ সহকাৰী সমন্বয়ক ড° বিনোদ চুবেদীয়ে আতঁ ধৰা সভাত বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জীৱন চন্দ্ৰ নাথে সভাপতিত্ব কৰে।সমল ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰীক বিভিন্ন দিশৰ ওপৰত বুজনি দিয়ে মহাবিদ্যালয় খনৰ অধ্যাপক ড°প্ৰাঞ্জল মহন্তই।এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহকাৰী,অধ্যাপক বিৰদেউ (birdeu)গঞাৰী” বিহালী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰমেন বৰা,আই কিউ এ চি’ৰ সমন্বয়ক ড°বিজয় মণ্ডল আদিয়ে ।

অন্যহাতে ছয়খন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদক সকলৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলে অংশ লয়। শেষত শলাগৰ শৰাই আগবঢ়াই বিহালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি চয়নিকা ভদ্ৰাজে ।

বঙাইগাঁৱৰ গেৰুকাবাৰীত ৭ জন কেকোসাপ সৰবৰাহকাৰীক আটক।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী বৃহৎ সফলতা ।মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰীৰ পৰা মাণিকপুৰ আৰু গেৰুকাবাৰী আৰক্ষীয়ে অভিযান চলাই ৭ জনকৈ কেকোসাপ ব্যৱসায়ীৰ লগত জড়িত লোকক আটক কৰে আৰক্ষীয়ে ।মিজোৰামৰ পৰা কেকোসাপ ডাল আনি গেৰুকাবাৰীত বিক্ৰীৰ উদ্দেশ্যেৰে আনিছিল। আটকাধীন লোক কেইজন ক্ৰমে মামন গয়াৰী, ৰমজান আলী, শ্যাম পৰিয়াৰ, চন্দন বড়ো, ছোৰহাব আলী, ৰহম আলী আৰু তালেব আলী ।

লোক কেইজনৰ পৰা এডাল কেকোসাপ উদ্ধাৰ কৰাৰ লগতে দুটা মটৰ চাইকেল আৰু ৭ টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

বি টি আৰৰ ৬ নং কচুগাঁও সমষ্টিত বি পি এফ ,কংগ্ৰেছ ,ইউ ডি এফ ত্যাগ কৰি চাৰি শতাধিক লোকৰ ইউ পি পি এলত যোগদান

কচুগাঁও সমষ্টিৰ তুলসীবিল ভি চি ডি চিৰ সভাপতি ছফিৰুল ইছলামৰ নেতৃত্বত টেংৰাৰভিটা মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হোৱা যোগদান সভাত অংশ গ্ৰহণ কৰি ই এম উকীল মুছাহাৰীয়ে আৰু কয় যে বি পি এফ দলে বি টি চিত শাসন চলাই দূৰ্নীতি হে কৰিলে ৷বি টি আৰত মিত্ৰজোঁটৰ শাসনত পৰিৱৰ্তনৰ জোৱাৰ অহা আৰম্ভ হৈছে ৷ৰাজ্য চৰকাৰে মাইক্ৰফাইন্ছেৰ ঋণ মাফ কৰি দি মহিলা সকলক সকাহ দিছে ৷কোকৰাঝাৰ জিলাত ১৯ হেজাৰ মহিলাক ২৫ হেজাৰ টকাৰ চেক প্ৰদানৰ কামৰ ৰবিবাৰৰ পৰা শুভ আৰম্ভ কৰা হৈছে ৷ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰ কামৰ ইষ্টাইলত মুগ্ধ হৈ অন্য দলৰ বহু নেতা নেত্ৰী, কৰ্মীয়ে ইউ পি পি এল দলত যোগদান দিছে ৷তুলসীবিল ভি চি ডি চিৰ সভাপতি ছফিৰুল ইছলাম মণ্ডলৰ পৰিচলনাত অনুষ্ঠিত যোগদান সভাত বি পি এফ ,কংগ্ৰেছ ,ইউ ডি এফ দলৰ চাৰি শতাধিক পূৰুষ- মহিলাই দল ত্যাগ কৰি ইউ পি পি এলত স্বতঃস্ফূৰ্তভাৱে যোগদান কৰে ৷নতুনকৈ দলত যোগদান দিয়া সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই ইউ পি পি এল দলৰ নেতা নেত্ৰী সকলে আদৰি লয় ৷

যোগদান সভাত ইউ পি পি এল দলৰ মহিলা মৰ্চাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মুৰ্শিদা বেগম ,কেন্দ্ৰীয় উপ সভাপতি জিৰণ বসুমাতাৰী ,গোসাইগাঁও জিলা ইউ পি পি এলৰ প্ৰশাসনিক সম্পাদক আয়নাল হকে ইউ পি এল দলৰ নীতি আদৰ্শ আৰু আগন্তুক দিনত দলৰ কাৰ্যপন্থা সম্পৰ্কে আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷

বুৰৈ নৈত গা ধোবলৈ গৈ দুই শিশুৰ শলিল সমাধি…

বিহালী আৰু গহপুৰৰ  সীমামূৰীয়া বুৰৈ নৈত পুনৰ  অঘটন ৷গহপুৰ  ডফলাগড়ৰ পৰা বুৰৈ নৈত  গা ধুৱলৈ আহি শলিল  সমাধি ঘটে দুই কিশোৰৰ ৷ দুৰ্ভগীয়া কিশোৰ দুজনৰ নাম ক্ৰমে দেৱ কুমাৰ গুপ্তা আৰু সুৰজ গুপ্তা ৷ কিশোৰ কেইজন আন ছাৰি বন্ধুৰ সৈতে কাষৰে এটি মন্দিৰলৈ পুঁজা কৰিবলৈ আহি মন্দিৰৰ পৰাই বুৰৈ নৈত গাধোৱাৰ উদেশ্যৰে নৈত নামোতেই  এই অঘটন ঘটে ৷ বৰ্তমান হেলেম আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ স্হানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ৷

গহপুৰৰ কাৰ্য্যবাহী দণ্ডাধীশ আৰু এন ডি আৰ এফৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে  বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ অভিযোগ দীৰ্ঘদিন ধৰি বুৰৈ নদীত চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ DCC কোম্পানীয়ে জে’চি’বি দি অবৈধ ভাৱে চলোৱা শিল বালি খননৰ ফলত সৃষ্টি হোৱা বৃহৎ আকাৰ গাতৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হৈছে ৷ সময় অতিবাহিত হোৱাৰ ঘটনা স্থলীত পৰিস্থিতি ক্ৰমাৎ বেয়াৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে ৷

চতুৰ্থ বাৰলৈ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন তালুকদাৰৰ…

১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হংজাওত অনুষ্ঠিত হ’ব ঊনবিংশতিতম এছিয়ান গেমছ। এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰ ‘এছিয়ান গেমছ’লৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে। দেওবাৰে অভিলেখ সৃষ্টি কৰি এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে অসমৰ সুযোগ্য সন্তান অলিম্পিয়ান জয়ন্ত তালুকদাৰে।

উল্লেখযোগ্য যে জয়ন্ত তালুকদাৰে ইয়াৰ পূৰ্বে ২০০৬ চনৰ ডোহা, ২০১০ চনৰ গুৱাঞ্জাও, ২০১৪ চনৰ ইনচিয়নৰ এছিয়ান গেমছতো অংশ লৈছিল। কেৱল অংশ লোৱাই নহয় জয়ন্ত তালুকদাৰে দুবাৰৰ এছিয়ান গেমছত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছত অংশ লোৱা জয়ন্ত তালুকদাৰে ২০১০ চনৰ নতুন দিল্লীৰ কমনৱেলথ গেমছতো পদক অৰ্জন কৰিছিল। অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে নিজৰ অনবদ্য খেলৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ সন্মানীয় অৰ্জুন বঁটা লাভ কৰে। চতুৰ্থ বাৰৰ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰা জয়ন্ত তালুকদাৰক ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে অভিনন্দন জনাইছে।

চিলাপথাৰত সতী জয়মতী স্মৃতি দিৱস উদযাপন…

অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালিৰ  মাদুৰিপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনৰ লাচিত ক্ষেত্ৰত মাদুৰিপথাৰ মহিলা সমাজ আৰু ধেমাজি জিলা লেখিকা সমাজৰ যৌথ উদ্যোগত  আজি  চতুৰ্থ বাৰ্ষিক সতী জয়মতী স্মৃতি দিৱস উদযাপন কৰে | কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত সামূহিক চাফাই কাৰ্যসূচী আঁত ধৰে  জানমনি গগৈ আৰু মাদুৰিপথাৰ মহিলা সমাজে , ৮ বজাত পতাকা উত্তোলন  কৰে উদযাপন সমিতিৰ সভানেত্ৰী চুনুমনি বৰুৱাই , ৮-৩০ বজাত শ্বহীদ তৰ্পন কৰে ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈয়ে , ৯ বজাত লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা চাও দুলাল বৰুৱাই , ৯.৩০ জয়মতীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে চিলাপথাৰ মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সোনপাহি ফুকনে , ১০ বজাত জয়মতীৰ ফলক উন্মোচন কৰে মাদুৰিপথাৰ মহিলা সমাজৰ সম্পাদিকা যোগ গগৈয়ে , ১০.৩০ বজাত স্বৰ্গীয়া কল্পনা শইকীয়াৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান , আঁত ধৰে মাদুৰিপথাৰ মহিলা সমাজে , ১১.৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন  কৰে ধেমাজি জিলা লেখিকা সমাজৰ সভানেত্ৰী জয় জ্যোতি চুতীয়াই , ১২ বজাত চিলাপথাৰ ভক্তি মন্থন দিহা নাম দলৰ মঞ্চ উদ্ধোধনৰ পাাাছতেই  ১২.৩০ বজাৰ পৰা মুকলি সভাখনিত সভাপতিত্ব কৰে খনামুখ হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীন লাহনে , সভাখনি উদ্ধোধন কৰে অসম লেখিকা সমাজৰ উপসভানেত্ৰী ঊষা বৰগোহাঁয়ে, নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক  চিত্ৰ বৰগোহাঁই |

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নীলিমা গগৈ , কুঞ্জ বৰা , কুমুদ ৰাজখোৱা , লক্ষেশ্বৰ গগৈ , বিখেশ্বৰ বৰুৱা , কমল শৰ্মা , শুভকান্ত বৰা, দিবাকৰ নাথ , ৰাজেশ নাথ , প্ৰৱিত্ৰ গগৈ , লক্ষীকান্ত নাথ , কুলধৰ গগৈ  , দিন গগৈ , ভদ্ৰ কুমাৰ গগৈ , আনন্দৰাম দাধৰা আৰু নন্দকিশোৰ গুপ্তা | আমন্তিত অতিথি হিচাপে উপস্থিত থাকে জিতু দত্ত , ভূৱন দাস , জোনাকী প্ৰধান , গৌতম কৃষ্ণ গোস্বামী , জেউতি ভূঞা দেউৰী , ৰোহিত প্ৰধান , কৃষ্ণ উপাধ্যায় , বিনোদ শৰ্মা , বীৰু প্ৰধান , গোপাল প্ৰধান , ধনীৰাম বৰা , দীপক দত্ত  , বিনোদ ছেত্ৰী , বাসুদেৱ দুলাল , ৰাজীৱ গগৈ | বিভিন্ন  গীত , নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটি উপভোগ্য কৰি তোলে । সন্ধ্যা ৫ বজাত জয়া প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন  কৰে  দময়ন্তী গগৈ , শকুন্তলা ৰাজখোৱা , বুদ্ধেশ্বৰী বৰুৱা , অঞ্জনা ৰায় , মইনা ফুকন , অনিমা চেতিয়া , বিজু কাকতি আৰু অঞ্জু বৰাই তেখেত লোকক সহযোগ  কৰে মাদুৰিপথাৰ মহিলা সমাজে | এই স্মৃতি দিৱস কাৰ্যসূচীৰ বিশেষ আকৰ্ষন হিচাপে  গোগামুখৰ পল্লৱী চমুৱা আৰু গীতাৰ্থী শইকীয়াৰ নৃত্য প্ৰদৰ্শন লগতে বৰদলনিৰ কল্ল্যানী চাংমাইৰ কণ্ঠত সুমধুৰ কবিতা আবৃত্তি 

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আম আদমি পাৰ্টীয়ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা….

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীয়ে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। ১০টা ৱাৰ্ডৰ বাবে আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ১নং ৱাৰ্ডত ফাৰুক আহমেদ, ২নং ৱাৰ্ডত বিতুৰাজ দাস, ১১নং ৱাৰ্ডত চিনু বড়ো, ২০নং ৱাৰ্ডত কাৰ্তিক সৰকাৰ, ২৬নং ৱাৰ্ডত জয়ন্ত বৰুৱা,।

২৭নং ৱাৰ্ডত দেৱব্ৰত বসুমতাৰী, ২৯নং ৱাৰ্ডত দিতুল চন্দ্ৰ বৰুৱা, ৩৮নং ৱাৰ্ডত সৌমিক সেনগুপ্ত, ৫৯নং ৱাৰ্ডত সুদীপ্ত শৰ্মা আৰু ৬০নং ৱাৰ্ডত মিণ্টু মণি শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে।