Home Blog Page 2564

আই পি এলত কঠোৰ ক’ৰনা নিয়ম

প্ৰথমবাৰৰ বাবে জৈৱ-বুদবুদ ভংগ কৰাৰ বাবে ৭ দিনৰ সংৰক্ষণ, দ্বিতীয়বাৰৰ বাবে আৰু তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ বাহিৰত এক মেচৰ নিষেধাজ্ঞা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৫ তম ছিজন ২৬ মাৰ্চত আৰম্ভ হ’ব। চেন্নাই চুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত প্ৰথমখন খেল মুম্বাইত অনুষ্ঠিত হ’ব। একে সময়তে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এইবাৰ আই পি এলত কৰোনা নিয়ম উলংঘা কৰাৰ বাবে খেলুৱৈ আৰু দলসমূহক কোনো ৰেহাই দিয়াৰ কথা নাই। যিসকলে নিয়ম ভংগ কৰে তেওঁলোকৰ ওপৰত এক কোটি টকাৰ জৰিমনা আৰোপ কৰা হ’ব। একে সময়তে, এখন খেলৰ বাবে নিষেধাজ্ঞা আৰু দলৰ পইণ্ট কৰ্তন কৰা হ’ব।দৰাচলতে, যোৱা চিজনত, খেলুৱৈ আৰু কৰ্মচাৰীসকল কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত, ইয়াক মাজভাগত পিছুৱাই দিব লগা হৈছিল। তাৰ পিছত, ইয়াৰ বাকী থকা মেচবোৰ ইউ.এ.ই.-ত অনুষ্ঠিত হৈছিল।

খেলুৱৈসকলে যদি জৈৱ-বুদবুদ ভাঙে তেন্তে ঋতুৰ বাহিৰত থাকিব পাৰে ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, যদি কোনো খেলুৱৈ বা তেওঁৰ পৰিয়ালৰ সদস্য আৰু দলৰ মালিক বা তেওঁলোকৰ সৈতে সম্পৰ্কিত লোকসকলে জৈৱ-বুদবুদত জৈৱ-বুদবুদ উলংঘা কৰে, তেন্তে তেওঁলোক কঠোৰ হ’ব। যদি খেলুৱৈজনে জৈৱ-বুদবুদ ভাঙে তেন্তে তেওঁক এখন খেলৰ বাবে নিষিদ্ধ কৰা হ’ব, লগতে তেওঁ আৰু ৭ দিন ৰখাৰ বাবে সংৰক্ষণত থাকিব লাগিব। একে সময়তে, দ্বিতীয়বাৰৰ বাবে এটা খেলৰ বাবে ভুল নিষিদ্ধ কৰিব পাৰি। তৃতীয় ভুলটোত, খেলুৱৈজনক গোটেই ছিজনৰ পৰা বাদ দিব পাৰি আৰু দলটোৱে কোনো প্ৰতিস্থাপন নাপাব।দলৰ ভুলৰ বাবে এক কোটি জৰিমনাযদি দলটোৱে জৈৱ-বুদবুদ ভাঙিবলৈ দোষ কৰে, তেন্তে দলটোৰ ওপৰত এক কোটি টকাৰ জৰিমনা আৰোপ কৰিব পাৰি। একে সময়তে, দলটোৰ এটা পইণ্ট দ্বিতীয়বাৰৰ বাবে আৰু তৃতীয় ভুলৰ ওপৰত ৩ পইণ্ট কৰ্তন কৰা হ’ব।

কোভিড পৰীক্ষা কৰাত অৱহেলা কৰাৰ বাবেও জৰিমনাবিচিচিআইয়ে কোভিড টেষ্টৰ বাবে পৃথক নিয়মো প্ৰস্তুত কৰিছে। যদি এজন সদস্যই কোভিড পৰীক্ষা এটা হেৰুৱায়, তেওঁক প্ৰথমবাৰৰ বাবে সতৰ্ক কৰা হ’ব। দ্বিতীয়বাৰৰ বাবে, ৭৫,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব আৰু ষ্টেডিয়াম বা প্ৰশিক্ষণ খেলপথাৰলৈ যোৱানিষিদ্ধ কৰা হ’ব।

নলবাৰী বৰভাগৰ ছমাৰকুছিত অঘটন৷

নলবাৰী বৰভাগৰ ছমাৰকুছিত অঘটন৷১১ হেজাৰ ভল্টতেজৰ বিদ্যুত পৰিবাহী তাৰত লাগিল গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক৷ভয়াবহ অগ্নি কাণ্ডৰ পৰা ৰক্ষা পৰিল সমগ্ৰ অঞ্চলটো৷গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত চালক জন সম্প্ৰতি নলবাৰী শ্বহীদ মকুন্দ কাকতি চিভিল হস্পিতালত সংকতজনক অৱস্থাত চিকিৎসাধীন৷বিদ্যুত বিভাগৰ গুৰুত্বহীনতাৰ বাবে সংঘটিত হৈছে উক্ত দুৰ্ঘটনা৷

ট্ৰাকখনে স্থানীয় তৃষ্ণা ইনডেন গেছ এজেঞ্চিত চিলিণ্ডাৰ থৈ উভতাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো৷

‘দ্যা কাশ্মীৰ ফাইলছ’ চাব বিচৰা চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা

‘দ্যা কাশ্মীৰ ফাইলছ’ এই ছবিখনে এতিয়া দেশজুৰি বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো হিন্দী ছবি দ্যা কাশ্মীৰ ফাইলছ উপভোগ কৰিলে।দ্যা কাশ্মীৰ ফাইলছ উপভোগ কৰি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে এক বিশেষ সুবিধা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।মুখ্যমন্ত্ৰীয়ে ছবিখন উপভোগ কৰি কয় যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে এই ছবিখন চাব বিচাৰে তেওঁলোকে অৰ্ধছুটী লৈ চিনেমাখন উপভোগ কৰিব পাৰিব।কিন্তু, কৰ্মচাৰীসকলে পিছদিনাখন নিজৰ নিজৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ হাতত টিকট জমা দিব লাগিব।

ছবিখন উপভোগ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে “আমি সকলোৱে আবেগিক হৈ পৰিলো। এটা কাশ্মীৰৰ সঁচা কাহিনী চলচ্চিত্ৰৰ জৰিয়তে আমাৰ সন্মুখলৈ লৈ আহিলে। এটা জীয়া কাহিনী আমাৰ সন্মুখলৈ লৈ অহা বাবে চিনেমাখনৰ লগত জড়িত সকলোকে ধন্যবাদ।”

বৰপেটা শিক্ষা বিভাগৰ সুযোগ লৈছে পশ্চিম বৰভিঠা নবমিলন এম ই মাদ্ৰাছাৰ শিক্ষক আমজাদ হুছেইনে।

বৰপেটা শিক্ষা বিভাগৰ গভীৰ নিদ্ৰাৰ পূৰ্ণ সুযোগ লৈছে পশ্চিম বৰভিঠা নবমিলন এম ই মাদ্ৰাছাৰ শিক্ষক আমজাদ হুছেইনে। ভাড়াতীয়া শিক্ষক ৰাখি ৰাজনীতিত ব্যস্ত আমজাদ হুছেইন। তদন্তৰ নামত ভেকুভাওনা ৰূপসী প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকতাৰ বিপৰীতে ৰাজনীতিতহে অধিক গুৰুত্ব পশ্চিম বৰভিঠা নৱমিলন এম মাদ্ৰাছাৰ শিক্ষক আমজাদ হুছেইনৰ।পত্নী বৰভিঠা গাওঁ পঞ্চায়তৰ সভানেত্ৰী হোৱা হেতুকে বিদ্যালয় বাদ বিভিন্ন সভা-সমিতিলৈ পত্নীক কঢ়িয়াব শিক্ষক আমজাদ হুছেইনে। মাদ্ৰাছা খনৰ চি আৰ চি চি গৰাকী, কৰ্ম ফাঁকিৰে দৰমহা ভোগ কৰা শিক্ষক আমজাদ হুছেইনৰ আত্মীয় হোৱাৰ সুযোগত গাঁৱৰে এজন যুৱকক ভাড়াতীয়া শিক্ষক হিচাপে নিয়োগ কৰি পঞ্চায়তৰ কাম চম্ভালে শিক্ষক আমজাদ হুছেইনে।

শিক্ষক আমজাদ হুছেইনৰ এনে অনিয়মৰ বাতৰি সম্প্ৰচাৰ হোৱাত ৰূপসী শিক্ষা বিভাগৰ বিদ্যালয় সমূহৰ সহ পৰিদৰ্শক নবজিৎ বায়নে বিদ্যালয় খন পৰিদৰ্শন কৰে যদিও পৰিদৰ্শনৰ সময়ত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী উপস্থিত নথকাৰ ওপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে ধৰি কোনো এগৰাকী সদস্যৰো মতামত গ্ৰহণ কৰা নাই পৰিদৰ্শক গৰাকীয়ে। বিদ্যালয় বাদ দি পঞ্চায়তৰ কামত ব্যস্ত থকা শিক্ষক আমজাদ হুছেইনৰ অনিয়মৰ তদন্ত ৰূপসী শিক্ষা বিভাগে ক’ত এৰে তাৰ প্ৰতি নিশ্চিত নজৰ ৰখা হ’ব।

বিশ্বনাথৰ ৪৫ বছৰ বয়সৰ শিক্ষাৰ্থী অবতীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত

বিশ্বনাথ চাৰিআলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ইয়াৰে এগৰাকী হ’ল বিশ্বনাথ ঘাটৰ গড়ভীতৰ গাওঁৰ শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন।বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ হাইস্কুল কেন্দ্ৰত অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত।বুলবুলি খাতুনৰ জেষ্ঠ কন্যা অহা শিক্ষা বৰ্ষত অৱতীৰ্ণ হব ক’লা শাখাৰ স্নাতকোত্তৰৰ অন্তিম ষান্মাসিক পৰীক্ষাত।তথাপিও কিন্তু প্ৰৱল ইচ্ছা শক্তি থকাৰ বাবে এইদৰে আজিৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে শিক্ষাৰ্থী গৰাকী।কেৱল এই গৰাকী শিক্ষাৰ্থীয়ে নহয়,বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ত ৪৫ বছৰ বয়সৰ মুঠ তিনি গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বিশ্বনাথ জিলাতো মুঠ ২৪ টা পৰীক্ষা কেন্দ্ৰত ১০৮২৩ গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।

কিন্তু তাৰ মাজতে ৪৫ বছৰ বয়সৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ বিষয় হৈ পৰিছে। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও অন্তৰায় যে হ’ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এই তিনিগৰাকী মহিলাই।উল্লেখযোগ্য যে,এই তিনিগৰাকী শিক্ষাৰ্থী অংগনবাড়ী কৰ্মী।

বঙাইগাঁৱৰ অভয়াপুৰীত ভয়াবহ অগ্নিকাণ্ড৷

বঙাইগাঁৱৰ অভয়াপুৰীত ভয়াবহ অগ্নিকাণ্ড৷ছোট বৰজানাত সংঘটিত উক্ত অগ্নিকাণ্ডত জাহ যায় ১৮ টাকৈ গৃহ।৮টা পৰিয়ালৰ সকলো সা-সম্পত্তি জুইত জাহ যায়৷অগ্নিকাণ্ডত পশুধনসহ জাহ যায় ৫০ লক্ষাধিক টকাৰ সা-সম্পত্তি।অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকল ক্ৰমে আটাউৰ ৰহমান, জহৰুদ্দিন, ফজৰ আলী ,মহৰ আলী, শহৰ ,ৰফিকুল, আসান ,কুমসুম বেওৱা ৷

যায়াতৰ দুৰাৱস্থাৰ বাবে পলমকৈ উপস্থিত হব লগা হ’য় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।বৈদ্যুতিক শ্বট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ৷

ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকি আলীৰ মৃত্যু।

ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকি আলীৰ মৃত্যু ঘটিছে।নিশা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় বিকি আলীৰ। মঙলবাৰে পলাতক অৱস্থাত থকা বিকিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।যোৱা নিশা বলাৎকাৰ কাণ্ড সংঘটিত হোৱা মহানগৰীৰ বিশেষ স্থানলৈ আৰক্ষীয়ে বিকিক লৈ গৈছিল যদিও বিকিয়ে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।দেহত চাৰিটা গুলী লগা বিকিক নিশা ১-১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।বিকিৰ পিঠিত তিনিটা আৰু বুকুত এটা গুলী লাগিছে।

মঙ্গলবাৰে দুপৰীয়া প্ৰায় এক বজাত জালুকবাৰী আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বিকিক গ্ৰেপ্তাৰ কৰিছিল।গাড়ীগাঁওৰ দামপুৰ পাহাৰত লুকাই আছিল অভিযুক্ত বিকি আলী।

বিশ্বনাথত ৪৫ বছৰ বয়সৰ শিক্ষাৰ্থী অৱতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

বিশ্বনাথ চাৰিআলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ইয়াৰে এগৰাকী হ’ল বিশ্বনাথ ঘাটৰ গড়ভীতৰ গাওঁৰ শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন।বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ হাইস্কুল কেন্দ্ৰত অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত।বুলবুলি খাতুনৰ জেষ্ঠ কন্যা অহা শিক্ষা বৰ্ষত অৱতীৰ্ণ হব ক’লা শাখাৰ স্নাতকোত্তৰৰ অন্তিম ষান্মাসিক পৰীক্ষাত।তথাপিও কিন্তু প্ৰৱল ইচ্ছা শক্তি থকাৰ বাবে এইদৰে আজিৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে শিক্ষাৰ্থী গৰাকী।


কেৱল এই গৰাকী শিক্ষাৰ্থীয়ে নহয়,বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ত ৪৫ বছৰ বয়সৰ মুঠ তিনি গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বিশ্বনাথ জিলাতো মুঠ ২৪ টা পৰীক্ষা কেন্দ্ৰত ১০৮২৩ গৰাকী ছাত্ৰ ছাত্ৰী  হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।কিন্তু তাৰ মাজতে ৪৫ বছৰ বয়সৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ বিষয় হৈ পৰিছে। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও অন্তৰায় যে হ’ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এই তিনিগৰাকী মহিলাই।উল্লেখযোগ্য যে,এই তিনিগৰাকী শিক্ষাৰ্থী অংগনবাড়ী কৰ্মী।

নগাঁৱৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত অনিয়মৰ অভিযোগ

আজিৰে পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ কে’বাটাও পৰীক্ষা কেন্দ্ৰত ব্যাপক অনিয়ম আৰু খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আজি অনুষ্ঠিত প্ৰথম দিনাৰ পৰীক্ষাত নগাঁও  চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ এটি কোঠাত নিয়োজিত এগৰাকী নিৰীক্ষকৰ দায়িত্ব জ্ঞানহীনতাই ছাত্ৰ- ছাত্রী আৰু অভিভাৱকক চিন্তিত কৰি তোলাৰ লগতে উক্ত কোঠাৰ পৰীক্ষাৰ্থীসকলে অনিশ্চয়তাত ভুগাইছে। উত্থাপিত অভিযোগ অনুসৰি, পৰীক্ষা কেন্দ্ৰটোৰ ৫ নম্বৰ কোঠাত আজি ইংৰাজী বিষয়ৰ পৰীক্ষাত নিয়োজিত নিৰীক্ষক গৰাকীয়ে পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত মূল উত্তৰ বহীৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰী সকলক অতিৰিক্ত উত্তৰবহীৰ পৃষ্ঠা সমূহহে প্ৰদান কৰে।

আনহাতে ছাত্ৰ- ছাত্ৰীসকলে উক্ত অতিৰিক্ত পৃষ্ঠাত প্ৰশ্নৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰে। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় আধাঘন্টা পাচত কোঠাটোলৈ অহা আন এগৰাকী নিৰীক্ষকৰ বিষয়টো চকুত পৰাত তেতিয়াহে ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাৰ মূল উত্তৰ বহী প্ৰদান কৰে ।ইতিমধ্যে ছাত্ৰ-ছাত্ৰী সকলে অতিৰিক্ত পৃষ্ঠা চাৰিটাত উত্তৰ লিখি প্ৰায় সম্পূৰ্ণ কৰে। আনহাতে পৰৱৰ্তী সময়ত বাকী প্ৰশ্নৰ উত্তৰ মূল বহীত লিখি সম্পূৰ্ণ কৰাৰ পাচত একাংশ ছাত্ৰ-ছাত্ৰীৰ মূল উত্তৰ বহীৰ তিনি চাৰিটাকৈ পৃষ্ঠা একো নিলিখাকৈ অৱশিষ্টভাৱে থাকি যায়।

তেনে অৱস্হাত আৰম্ভণিতে লিখি আদায় কৰা অতিৰিক্ত উত্তৰ বহীৰ পৃষ্ঠা চাৰিটা মূল বহীৰ লগত সংলগ্ন কৰি দিয়া  হয়। ফলত মূল উত্তৰ বহীৰ পিচৰ ফাললৈ তিনি চাৰিটাকৈ পৃষ্ঠা একো নিলিখাকৈ খালী হৈ থকাৰ পাচত অতিৰিক্ত চাৰিটা পৃষ্ঠাৰ উত্তৰ সমূহ সংলগ্ন হৈ পৰে। এই বিষয়টোক লৈ চিন্তিত একাংশ অভিভাৱকে সমগ্ৰ বিষয়টো নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ লগতে পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়কক অৱগত কৰে। অৱশ্যে এই অৱাঞ্চিত বিষয়টো সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰি নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীয়ে। আনহাতে, নগাঁও চহৰত থকা হয়বৰগাঁও হাইস্কুলত থকা পৰীক্ষা কেন্দ্ৰত নীতি বহি:ভূত ভাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাংশ শিক্ষকক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিভাগীয় নিয়ম অনুসৰি, নিজৰ বিদ্যালয়ৰ পৰীক্ষাৰ্থী থকা পৰীক্ষা কেন্দ্ৰটোত সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে পৰীক্ষা- নিৰীক্ষকৰ দায়িত্ব পালন কৰিব নোৱাৰে যদিও সহকাৰী পৰীক্ষা ব্যৱস্থাপকে ধৰি নগাঁও চহৰৰ এখন বিতৰ্কিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুজনকৈ শিক্ষকক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। তদুপৰি, পৰীক্ষা কেন্দ্ৰটোৰ দুটা কোঠালীত একেখন ব্যক্তিগত বিদ্যালয়ৰ পৰীক্ষাৰ্থীক একেলগে বহুৱাই অসৎ উপায় অবলম্বন কৰাৰ সুবিধা দিয়াৰো অভিযোগ উঠিছে। অকল এইকেইখন পৰীক্ষা কেন্দ্ৰ‌ই জিলাখনৰ লাওগাঁও হাইস্কুল পৰীক্ষা কেন্দ্ৰ, বেছামাৰী এম আই পৰীক্ষা কেন্দ্ৰ, আব্দুল আৱাল হাইস্কুল, ডুুমডুমীয়া উচ্চতৰ  মাধ্যমিক বিদ্যালয়কে কেবাটাও পৰীক্ষা কেন্দ্ৰত নীতি বহি:ভূত ভাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীক পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব দিয়াৰ অভিযোগ উঠিছে। আন একাংশ পৰীক্ষা কেন্দ্ৰত আজি অনুষ্ঠিত ইংৰাজী বিষয়ৰ পৰীক্ষাত নিৰ্দিষ্ট বিষয়টোৰ শিক্ষকক পৰীক্ষা -নিৰীক্ষকৰ দায়িত্ব দিব নোৱাৰে যদিও এই দায়িত্ব দিয়াৰ কথাও চৰ্চা চলিছে। এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিদ্যালয় সমুহৰ পৰিদৰ্শক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

দক্ষসকলৰ বাবে উপযুক্ত মঞ্চ হুনাৰ হাট

হুনাৰ হাটে দেশৰ দক্ষ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকলক উৎসাহিত কৰি আহিছে। তেওঁলোকৰ কলাক এখন মঞ্চ দিয়াৰ উপৰিও, কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে হুনাৰ হাটৰ জৰিয়তে তেওঁলোকক সন্মান জনোৱাৰ বাবেও কাম কৰি আছে। যি সকলৰ মাজত প্ৰতিভা লুকাই আছে আৰু সফলতাত ঊৰ্ধলৈ উৰিব বিচাৰে তেওঁলোকে হুনাৰ হাটৰ অংশীদাৰ হৈ নিজৰ সপোনবোৰ বাস্তৱায়িত কৰিব পাৰে।


কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা সাত বছৰ ধৰি সমগ্ৰ দেশতে হুনাৰ হাট আয়োজন কৰি দক্ষ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকলক বৃহৎ পৰিমাণৰ বজাৰ প্ৰদান কৰি আহিছে। ইয়াৰ জৰিয়তে সামগ্ৰীবোৰ বিভিন্ন চহৰত বিক্ৰী কৰাৰ সুযোগ দিছে, যি বৃহৎ সংখ্যক লোকক উপকৃত কৰিছে।


গুৱাহাটীৰ খানাপাৰাত চলি থকা হুনাৰ হাটলৈ অহা সমগ্ৰ দেশৰ শিল্পী, কাৰিকৰ আৰু শিল্পকাৰসকল দৰ্শন কৰিবলৈ অহা লোকসকলৰ সঁহাৰিত অতিশয় সুখী হৈছে। গুৱাহাটীৰ ৰাইজেও বৃহৎ সংখ্যাত সুস্বাদু ব্যঞ্জন উপভোগ কৰি তেওঁলোকক উৎসাহিত কৰিছে। বহু সংখ্যক লোকে প্ৰতিদিনে সন্ধিয়া অনুষ্ঠিত হোৱা সংগীত আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি শিল্পীসকলক তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন প্ৰদান কৰিছে।


দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা গুৱাহাটীলৈ অহা দোকানীসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলত এমাহত যিমান সামগ্ৰী বিক্ৰী কৰে, তাতোকৈ অধিক টকাৰ সামগ্ৰী তেওঁলোকে হুনাৰ হাটত বিক্ৰী কৰিব পাৰিছে ৷বিভিন্ন ডাঙৰ চহৰৰ দোকানীসকলক দিয়া সুযোগৰ বাবে তেওঁলোকৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নত হৈছে । যিসকল শিল্পী আৰু তেওঁলোকৰ পৰিয়ালে সামগ্ৰী তৈয়াৰ কৰাৰ কাম কৰি আছে তেওঁলোকেও লাভান্বিত হৈছে। তাৰোপৰি, হুনাৰ হাটে অনলাইন বজাৰৰ সুবিধাও প্ৰদান কৰিছে। উন্নত সামগ্ৰীবোৰ হুনাৰ হাটৰ ৱেবছাইট আৰু জিইএম পৰ্টেলত আপলোড কৰা হয় য’ৰ পৰা মানুহে অনলাইনত ক্ৰয় কৰে।


হুনাৰ হাট অনুষ্ঠিত হোৱা চহৰখনত, শিল্পী তেওঁলোকৰ যাতায়াতৰ ব্যয়ৰ পৰা আৰম্ভ কৰি বিনামূলীয়া বিপণী প্ৰদান কৰা আৰু হুনাৰ হাট অনুষ্ঠানৰ সময়ত প্ৰতিদিনে এক হাজাৰ টকা দিয়ালৈকে সুবিধাৰ বাবে বৃহৎ সংখ্যক শিল্পী আৰু কাৰিকৰসকলে এক বৃহৎ সঁকাহ লাভ কৰিছে ।

গুৱাহাটীৰ পিছত চণ্ডীগড়ত পৰৱৰ্তী হুনাৰ হাট অনুষ্ঠিত কৰা হ’ব ৷ গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা যিসকলক শিল্পী, কাৰিকৰ আৰু শিল্পকাৰে তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ বাবে এখন ভাল মঞ্চ বিচাৰি আছে আৰু ভৱিষ্যতে হুনাৰ হাটৰ অংশীদাৰ হ’ব বিচাৰে, তেওঁলোকে www.hunarhaat.orgত হুনাৰ হাটৰ ৱেবছাইট পৰিদৰ্শন কৰি অনলাইনত আবেদন কৰিব পাৰে।