Home Blog Page 2628

আৰ্থিক দৈন্যতাৰ বাবেই যেন থমকি ৰৈছে এজন যুৱ লেখকৰ কলম

টীয়ক সমষ্টিৰ অন্তৰ্গত কাকজান চাওঁখাত ভৰলুৱা অঞ্চলৰ  এজন যুৱ সম্ভাৱনাময় কবি তথা লেখক বুবুল শইকীয়া । এই যুৱ সম্ভাৱনাময় লেখক জন থমকি ৰ’ব লগা হৈছে আৰ্থিক দৈন্যতাৰ বাবেই। উচ্চ শিক্ষাৰে শিক্ষিত বুবুলে সৰুৰে পৰাই কৰি গৈছিল সাহিত্য চৰ্চা । কুৰিৰো অধিক কবিতা প্ৰবন্ধ লিখা বুবুল শইকীয়াই পাঁচখন কৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছে ।২০০৮ চনত  ৰামধেনু প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা প্ৰথম গ্ৰন্থ ‘আকৌ এটা চিঞৰ’ যোৰহাট অংকুৰণ প্ৰকাশন পৰা প্ৰকাশ পোৱা ‘চিৰন্তন’ “যথা ধৰ্ম” “বীজাণু” আদি।

বৰ্তমান এই যুৱ সম্ভাৱনাময়  লেখক জনে ‘অসম ভাষা গৌৰৱ ‘ আঁচনিৰ অন্তৰ্গত  ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত  ৫০ হাজাৰ টকা পাবলৈ সক্ষম হৈছিল যদিও সেই টকা গ্ৰন্থ তে খৰছ হোৱা বুলি জানিব পৰা গৈছে। সাহিত্য সাধনাত ব্ৰতী বুবুলে নিজৰ গ্ৰন্থ উন্মোচনী দিনাও গুৱাহাটীলৈ অহা যোৱা কৰিবৰ বাবে টকা যোগাৰ কৰিবৰ নোৱাৰাৰ কথাও সংবাদ মাধ্যমৰ আগত দুখৰে ব্যক্ত কৰে। বহুতো পাণ্ডুলিপি গ্ৰন্থ লেখা পৰি ৰৈছে ধনৰ অভাৱত এই যুৱ প্ৰতিভাৱান লেখক জনৰ।দিন হাজিৰা কৰা যুৱ লেখক জনৰ সু-হিদয়বান ব্যক্তি য়ে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত   যদিহে সহায় কৰিব বিচাৰে যোৰহাটস্থিত পঞ্জাৱ নেচনেল বেংকৰ একাউণ্ট নং-0022010465472 IFSC -PUNB 0002220 বা ফোন নম্বৰ 9706480721 যোগাযোগ কৰি সহায় কৰিব পাৰিব 

ওদালগুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি

২৯ জানুৱাৰী তাৰিখে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত আৰু সদৌ অসম ঠিকা ভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সৈতে হোৱা আলোচনা বিফল হোৱাৰ পিছতে ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমতে প্ৰতিবাত নামিল কৰ্মচাৰী সকল । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ মাজবাট, ৰৌতা, ওদালগুৰি, খৈৰাবাৰী, ভেৰগাওঁ, কলাইগাওঁ , বৰছলা,বেছিমাৰি আৰু পূৱ-পশ্চিম মংগলদৈৰ উন্নয়ন খণ্ডত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীয়ে নিজ নিজ উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ সমূখত কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘটৰ দ্বিতীয় দিনাও ৰূপায়ণ কৰা দেখা যায় ।

ফলত সমগ্ৰ ভিচিডিচিৰ উন্নয়নৰ কাম স্তব্ধ হৈ পৰে । কৰ্মচাৰী সকলে হাতে হাতে  প্লে’কাৰ্ড  লৈ উন্নয়ন খণ্ডৰ পৰিৱেশ উত্তাল কৰি তুলে । কৰ্মচাৰী সকলে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি  বহুকেইটা দাবী উত্থাপন কৰে 

১. ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা ।

২. সকলো কৰ্মচাৰীৰ R.O.P ৰ ব্যৱস্থা কৰা ।

৩. সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা ।

৪. চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা ।

৫. বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা/ যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা ।

এনে সমূহ দাবী লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷

যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী চিন্ময়ী বৰুৱাৰ নতুন গীতৰ শুভমুক্তি

যুৱ প্ৰজন্মৰ জনপ্ৰিয় এগৰাকী কণ্ঠশিল্পী চিন্ময়ী বৰুৱাৰ কণ্ঠত এটি নতুন গীত যোৱা শনিবাৰে শুভ মুক্তি লাভ কৰে ৷’ সুৰ ভৰা এটি গান ’শীৰ্ষক সুমধুৰ গীতটি গোলাঘাট প্ৰেছ ক্লাৱত অনুষ্টিত এক অনুষ্ঠানত আনুষ্ঠানিক ভাবে শুভ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বোলছবি পৰিচালক দীনেশ গগৈয়ে ৷ চি .বি প্ৰডাকচনৰ উদ্যোগত নিৰ্মিত দৃশ্য শ্ৰব্য গীতটিৰ কথা বিশিষ্ট লেখিকা তথা গীতিকাৰ অনিমা শৰ্মাৰ ৷গীতটিৰ সুৰ কৰিছে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী তথা সুৰকাৰ গিৰীন্দ্ৰ হালৈয়ে ৷

গীতটিৰ সংগীত ব্যৱস্থাপনা উমেশ নাথৰ ৷ মণিষা শৰ্মা বৰুৱাৰ পৰিকল্পনাৰে সপোনজোতি ফুকনৰ পৰিচালনাত মুক্তি পোৱা গীতটিয়ে অতি সম্প্ৰতি অসমৰ সংগীত ক্ষেএখনত এটি ইতিবাচক নতুন বাৰ্তা দিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে অসমৰ অন্যতম এগৰাকী বিশিষ্ট স্তম্ভ লেখক /সমালোচক চামচুল বাৰিকে ৷ আনহাতে বিশিষ্ট অভিনেতা বিক্ৰম ৰাজখোৱা /জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ লগতে বিশিষ্ট লেখিকা কস্তুৰী চুতীয়াই এক বিশেষ বাৰ্তা যোগে শিল্পী চিন্ময়ী বৰুৱাক উপৰি গীতটিৰ লগত জড়িত সকলো কলা কুশলীক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে সদ্য মুক্তিপ্ৰাপ্ত গীতটি অসমবাসী ৰাইজক আদৰি লবলৈ আহ্বান জনাইছে ৷উল্লেখ্য যে গীতটি চিন্ময়ী মিউজিক নামেৰে ইউটিউবত বৰ্তমান উপলব্ধ ৷

অমিতাভ বচ্চন এজন পুতলাঃ ৰশ্মিকা মান্দন্না

ৰশ্মিকা মান্দান্না তেওঁৰ দুখন বলীউড ছবি মিছন মজনু আৰু গুডবাইক লৈ অতি উৎসাহিত। তেওঁ ১৩ মে’ত মুক্তি পাব লগীয়া স্পাই থ্ৰিলাৰ মিছন মজনুত সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে অভিনয় কৰিছে। তেওঁৰ পৰৱৰ্তী মুক্তিৰ গুডবাইত, ৰশ্মিকাই অমিতাভ বচ্চনৰ সৈতে পৰ্দাৰ স্থান ভাগ বতৰা কৰিব। India Today সৈতে এক শেহতীয়া সাক্ষাৎকাৰত, অভিনেত্ৰীগৰাকীয়ে বলীউডৰ শ্বাহেনশ্বাহৰ সৈতে কাম কৰাৰ বিষয়ে কৈছিল।

প্ৰথমবাৰৰ বাবে, অভিনেত্ৰীগৰাকীয়ে অমিতাভ বচ্চনৰ সৈতে পৰ্দাৰ স্থান ভাগ বতৰা কৰিব। India Today সৈতে কথা পাতি ৰশ্মিকাই বচ্চনক ‘পুতলা’ বুলি অভিহিত কৰে আৰু লগতে কয়, “শ্ৰীযুত বচ্চন এজন পৰম পুতলা আছিল, তেওঁ ইমান আশ্চৰ্যজনক ব্যক্তি আৰু এজন কিংবদন্তি। তেওঁ আমাৰ সকলোকে অত্যন্ত আৰামদায়ক অনুভৱ কৰাইছিল। প্ৰতিটো ৰিহাৰ্চেলৰ পৰা শ্বুটিংলৈকে, তেওঁ ইয়াক একেবাৰে আমোদজনক আৰু আশ্চৰ্যজনক কৰি তুলিছিল। তেওঁৰ বাবে যিকোনো শব্দই তেওঁক বৰ্ণনা কৰিবলৈ অতি কম হ’ব।”

বিদায় বিকাশ বহেলৰ দ্বাৰা পৰিচালিত আৰু নীনা গুপ্তা আৰু পেভেল গুলাটিয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চিনেমাখনৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে আশা কৰে যে ই এই বছৰতেই মুক্তি পাব। “মই মোৰ দুয়োখন চলচ্চিত্ৰক লৈ অতি উৎসাহিত আৰু মই আপুনি সেইবোৰ চোৱাৰ বাবে অপেক্ষা কৰিব নোৱাৰো। মই ভাবো মানুহে চিনেমাবোৰ ভাল পাব,” । মিছন মজনু আৰু গুডবাইৰ উপৰিও, ৰশ্মিকাক পুষ্পাৰ চিকুৱেলত দেখা যাব, যাৰ শিৰোনাম পুষ্পা: দ্য ৰুল।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নত জাতৰ কুকুৰা পালন কেন্দ্ৰ সম্পূৰ্ণ হোৱাৰ পথত

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা আৰু পৰিষদৰ পৰা আৱন্টিত পূঁজিৰে পৰিষদৰ গোগামুখ চেতিয়া গাঁও স্হিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত আৰম্ভ কৰা উক্ত উন্নত জাতৰ কুকুৰা উৎপাদন কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে উন্নত মানৰ ‘কামৰূপা’ কুকুৰা উৎপাদন কেন্দ্ৰটোত মুকলি কৰা হয় ৷ অত্যাধুনিক পদ্ধতিৰে উৎপাদন কৰিব লগা কেন্দ্ৰটো মুকলি কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷

কুকুৰা পালনৰ বাবে ব্যৱহাৰ কৰিবলগা অত্যাধুনিক ইনকুবেটৰছ যন্ত্ৰ মুকলি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ ইনকুবেটৰছ মুকলি পৰমানন্দ ছায়েঙ্গীয়াই কুকুৰা পালনৰ নতুন আঁচনিখনক লৈ খুউবেই আশাবাদী বুলি মতপ্ৰকাশ কৰে ৷ তেওঁ কয়- উন্নত জাতৰ ‘কামৰূপা’ কুকুৰা গুৱাহাটী খানাপাৰস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা অনা হৈছে ৷ প্ৰথম পৰ্যায়ত ৫০০ টা কুকুৰা অনা হৈছে আৰু ইয়াৰ পৰা প্ৰতি তিনি সপ্তাহত ১ হাজাৰ কুকুৰা উৎপাদন হোৱাৰ সমান্তৰালভাৱে কণী উৎপাদন হ’ব ৷ এইবোৰ আমি কেৱল প্ৰশিক্ষণপ্ৰাপ্ত হিতাধিকাৰীক বিক্ৰী কৰিম ৷ হিতাধিকাৰী সকলে ‘কামৰূপা’ কুকুৰা ভালদৰে পোহপাল দিলে ইয়াৰ পৰা কম দিনৰ ভিতৰতে স্বাৱলম্বী হ’ব পাৰিব বুলি তেওঁ দোহাৰে ৷

মুখ্য কাৰ্যবাহী সদস্য ছায়েঙ্গীয়াই জনোৱামতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰ হৈছে বহুমুখী পশুপালন আৰু মীন পালনৰ প্ৰকল্প ৷ এই প্ৰকল্পৰ জৰিয়তে হাজাৰ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক অনাগত দিনত সংস্হাপন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও অৱগত কৰে ৷ উল্লেখনীয় যে, গোগামুখ চেতিয়া গাঁওস্হিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত অত্যাধুনিক এখনি অতিথিশালা, যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ বাবে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছে বৃহৎ আকাৰৰ আৰ চি চি পকীগৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ৷

একেদৰে যুৱক-যুৱতী সকলৰ আবাসৰ বাবে আন এটা আৰ চি চি গৃহৰ নিৰ্মাণ পৰিষদৰ গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত দ্ৰুুতগতিত চলি আছে ৷ অনুষ্ঠানটোত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, ইন্দিৰা কুম্বাং, দেবৰঞ্জন মৰাং, সাধাৰণ সদস্য ৰাজু পেগু, বিউটি পেগু, লাবন্য মিলি, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামান আদিয়ে ৷

লামডিঙৰ পাঁচ সন্তানে কঢ়িয়াই আনিলে গৌৰব

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙৰ পাঁচ গৰাকী সন্তানে কঢ়িয়াই আনিলে গৌৰব।নবম সৌদ অসম কম্ফু চেম্পিয়নশ্বিপ ২০২২ বোকাজানত অনুষ্ঠিত হৈ যোৱা কম্ফু খেলখনত লামডিঙৰ পাঁচ গৰাকী সন্তানে আনিলে গৌৰব।লামডিঙ মনসুৰি কম্ফু কোচিন স্কুলৰ ব্লেক বেল্ট অৰ্জন কৰা তথা কেইবাটাও পদত জয়লাভ কৰা বিপ্লৱ আচাৰ্য্যৰ নেতৃত্বৰ এটা দলে জানুৱাৰী ২৮,২৯,৩০ তাৰিখত হৈ যোৱা সৌদ অসম কম্ফু চেম্পিয়নশ্বিপ ২০২২ খেলখনত লামডিঙৰ পাঁচ গৰাকী সন্তানে কম্ফু খেলৰ প্ৰতিযোগিতাত ভাগ লৈছিল ।

ফাইনেল খেলখনত লামডিঙৰ পাঁচ গৰাকী সন্তানেই জয়লাভ কৰিলে।এজন গোল্ড, দুজন ব্ৰঞ্জ, দুজন ছিলভাৰ।গোল্ড – ৰাজ দে, ছিলভাৰ – ৰাজা দাস, ছিলভাৰ – ৰিয়া দত্ত, ব্ৰঞ্জ – ৰাজদীপ মজুমদাৰ, ব্ৰঞ্জ – ৰামেশ্বৰ বৰা

টুপামাৰীত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ, শিক্ষানুষ্ঠানে-শিক্ষানুষ্ঠনে কৃতী শিক্ষাৰ্থীলৈ উপহাৰ

শেহতীয়াকৈ নগৰবেৰাৰ টুপামাৰীৰ আশ্বিক জিয়াউল হক নামৰ এজন যুৱকৰ ব্যতিক্ৰমী উদ্যমী পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা সৃষ্টিৰ লক্ষেৰে যুৱক গৰাকীয়ে গ্ৰহণ কৰে এক বিশেষ পদক্ষেপ। টুপামাৰী অঞ্চলৰ কেবাখনকৈ শিক্ষানুষ্ঠানৰ শ্ৰেণীত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰা ছাত্ৰ- ছাত্ৰীক বিদ্যালয়ে বিদ্যালয়ে গৈ যুৱকজনে কিতাপ-কলম আদি উপহাৰ হিচাপে আগবঢ়ায়।

এই বছৰেই নহয়, আগলৈও প্ৰতিবছৰে এইদৰে শ্ৰেণীত প্ৰথম স্থান দখল কৰা ছাত্ৰ ছাত্ৰীক উপহাৰ দি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে আশ্বিক জিয়াউল হকে। মুঠ সাত খন বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীত শাখা ভিত্তিক  ১২০ খন কিতাপ আৰু একোটাকৈ কলম কৃতী ছাত্ৰ-ছাত্ৰীৰ মাজত উপহাৰ হিচাপে আগবঢ়ায়। আশ্বিক জিয়াউল হকে শিক্ষাৰ ক্ষেত্ৰত  ছাত্ৰ ছাত্ৰীৰ মাজত উৎসাহ যোগোৱাৰ যি পদক্ষেপ লৈছে, সেই পদক্ষেপক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলৰ বাবে ৰতন টাটাৰ এক বিশেষ বাৰ্তা

টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ দায়িত্ব লোৱাৰ কেইদিনমান পিছত, টাটা সন্চৰ অধ্যক্ষ এমিৰিটাছ আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই এয়াৰলাইনত ভ্ৰমণ কৰা যাত্ৰীসকলক উষ্ম আদৰণি জনায়। টুইটাৰৰ জৰিয়তে এয়াৰ ইণ্ডিয়াৰ অফিচিয়েল হেণ্ডেলে ৰতন টাটাৰ দ্বাৰা নিজেই কণ্ঠদান কৰা এটা চমু ১৮ ছেকেণ্ডৰ বাৰ্তা পোষ্ট কৰিছে। তেওঁক ‘এয়াৰ ইণ্ডিয়াৰ নতুন গ্ৰাহক’ক আদৰণি জনোৱা শুনা গৈছে।

তদুপৰি, তেওঁ কয়, “যাত্ৰীৰ আৰাম আৰু সেৱাৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াক পছন্দৰ বিমান সেৱা হিচাপে গঢ়ি তুলিবলৈ আমি একেলগে কাম কৰিবলৈ উৎসাহিত।” এয়াৰ ইণ্ডিয়াক বৃহস্পতিবাৰে টাটা গ্ৰুপক হস্তান্তৰ কৰা হৈছিল, গোটটোৰ পৰা লোৱাপ্ৰায় ৬৯ বছৰ পিছত। ইয়াৰ পূৰ্বে, বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ইণ্ডিয়া টুডে টিভিক কৈছিল যে এয়াৰ ইণ্ডিয়াৰ মুঠ ঋণ বৰ্তমানৰ দায়বদ্ধতাসহ প্ৰায় ৬০-৭০,০০০ কোটি টকা। তাৰ ভিতৰত, সেই ঋণৰ ১৫৩০০ কোটি টকা হ্ৰাস কৰা হৈছে, টাটা নিবিদাৰ অধীনত।

বকোত বিশ্ব ফাৰ্মাছিষ্ট দিৱস উদযাপন

বিশ্ব ফাৰ্মাছিষ্ট দিৱসৰ সংগতি ৰাখি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আজি ৩১ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । ঔষধালয়ৰ আৰ্হি বিষয়ৰে মেঘা মেডিক’জ, বৰপাৰা, বকোই ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে অনুষ্ঠিত এই আয়োজনত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বকোৰ ফাৰ্‌হানা আহমেদে, দ্বিতীয় স্থান লাভ কৰে মডেল ইংলিছ স্কুলৰ সুৰভি মণ্ডলে আৰু তৃতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বকোৰ পৰাগজ্যোতি কাকতিয়ে । পুৰস্কাৰ হিচাপে প্ৰত্যেককে এখনি মানপত্ৰ , কিতাপ, এখনিকৈ গ্ৰীণ কাৰ্ড যাৰ পৰা প্ৰতিযোগী তথা পৰিয়ালে ঔষধ ক্ৰয় কৰিলে ১০% ৰেহাই মূল্যত পাব ।

বিচাৰকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা পূৰ্ণিমা পালকো এখনি মানপত্ৰ, গ্ৰীণ কাৰ্ড তথা তেওঁৰ চিকিৎসা সহায়ক হোৱাকৈ কিছু অৰ্থ সাহায্য প্ৰদান কৰে । মনোজ্ঞ আলোচনা চক্ৰৰ মাজেৰে সম্পন্ন হোৱা অনুষ্ঠানটিত নিজৰ বহুমূলীয়া বক্তব্য ৰাখে ক্ৰমে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গণেশ্বৰ চহৰীয়া, অৱসৰপ্ৰাপ্ত বন বিষয়া তথা সংগীত, সাহিত্য চৰ্চাকাৰ প্ৰহ্লাদ বড়ো, বকো ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বকো সাহিত্য সভাৰ সভাপতি সুৰেন চন্দ্ৰ কলিতা , নৃত্য শিল্পী – পৰিচালনা মনোজ দাস , বকোৰ বিশিষ্ট ব্যৱসায়ী তথা দীক্ষিতা চুইটছৰ স্বত্বাধিকাৰী জনাৰ্দন বড়ো, শিক্ষক সুনন্দ দাস, বকো সাহিত্য সভা তথা অসম বিজ্ঞান সমিতি, বকো শাখাৰ সহকাৰী সম্পাদক পৱিত্ৰ কৈৱৰ্ত্ত , ঔষধালয়ৰ কৰ্মচাৰী ৰাতুল কলিতা, শিৱম শৰ্মা , শিক্ষক অজিত মণ্ডল আৰু অন্যান্য বহুতো ব্যক্তি । উপস্থিত বিশিষ্ট ব্যক্তিসকলে  বকোৰ আন আন অনুষ্ঠানসমূহকো এনেকুৱা আন ধৰণৰ গঠনমূলক কাৰ্যসূচীলৈ অঞ্চলটিৰ ব্যৱসায়িকক্ষেত্ৰৰ লগতে আন আন ক্ষেত্ৰতো অৰিহণা যোগাবলৈ আহ্বান জনায়।

দেশত হ্ৰাস পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। বিগত দিনটোত দেশত ১.৫৮ লাখ লোক কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে। এই সময়ছোৱাত কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ২.৮০ লাখ লোক। আনহাতে মৃত্যু হৈছে ১,৭২১ গৰাকী কোৰোনা আক্ৰান্তৰ। উল্লেখ্য যে বিগত সোমবাৰৰ দিনটোত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছিল ১,৬৭,০৫৯ জন লোক। সেই অনুসৰি সোমবাৰৰ তুলনাত মঙ্গলবাৰে প্ৰায় ৮,৫০০ লোক কমকৈ কোৰোনাত আক্ৰান্ত হৈছে। অৰ্থাৎ নতুনকৈ কোৰোনাত আক্ৰান্তৰ হাৰ ৫.৩৭ শতাংশ কম।

মন কৰিবলগীয়া যে বিগত ২০ জানুৱাৰীত চলিত বছৰত সৰ্বাধিক ৩.৪৭ লাখ লোক কোৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে কোৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ হৈছিল। বৰ্তমান, দেশত সক্ৰিয় কোৰোনা আক্ৰান্তৰ মুঠ সংখ্যা অৰ্থাৎ চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১৬.১৩ লাখ। সক্ৰিয় ঘটনাৰ সংখ্যা আগৰ দিনৰ তুলনাত প্ৰায় ১,২৩,৩২৩ হ্ৰাস পাইছে। কোৰোনা আক্ৰান্তৰ মুঠ ঘটনাই ৪.১৬ কোটি সংখ্যা অতিক্ৰম কৰিছে।