Home Blog Page 2638

কাৰ হাতলৈ যাব পঞ্জাৱ?

নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰতিটো দলে অব্যাহত ৰাখিছে তত্পৰতা। কি শাসক, কি বিৰোধী কোনো দলে পিছ পৰি ৰোৱা নাই। প্ৰতিটো দলে নিজৰ নিজৰ কৌশলেৰে প্ৰাৰ্থীসকলক আকৰ্ষণৰ প্ৰয়াস ৰাজনৈতিক দলসমূহৰ। পঞ্জাৱত সকলোতকৈ আগেয়ে আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈছে। আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ’ব ভগৱন্ত মান। শীঘ্ৰেই আনুষ্ঠানিকভাবে ঘোষণা কৰিব পাৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম।


আপে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ সাজু হৈছে। ভগৱন্ত মানৰ নাম চূড়ান্ত কৰি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে। শীঘ্ৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব পাৰে ভগৱন্ত মানৰ নাম। যদিহে ঘোষণা কৰে আম আদমী পাৰ্টি হ’ব পঞ্জাৱৰ প্ৰথম দল যিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। আপৰ পিএচি বৈঠকত আপৰ হৈ সাংসদ ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে চিহ্নিত কৰাৰ ক্ষেত্ৰত সন্মত হৈছে। ২০১৭ চনৰ নিৰ্বাচনতো ভগৱন্ত মানৰ নাম আলোচনা কৰা হৈছিল যদিও দলটোৱে তেতিয়া কোনো মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰা নাছিল।


উল্লেখ্য যে, ভগৱন্ত মান পঞ্জাৱৰ চাংৰুৰ লোকসভা সমষ্টিৰ সাংসদ। একেৰাহে দুবাৰকৈ সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে ভগৱন্ত মান জনপ্ৰিয় হেছ শিল্পী আছিল। ভগৱন্ত মানে মনপ্ৰীত সিং বাদলৰ পঞ্জাৱ পিপলছ পাৰ্টিৰ সৈতে নিজৰ ৰাজনীতি আৰম্ভ কৰিছিল। পিছলৈ আম আদমী পাৰ্টিত যোগদান কৰিছিল ভগৱন্ত মানে।

সপৰিয়ালে ক’ভিডত আক্ৰান্ত চনু নিগম

বলীউডৰ জনপ্ৰিয় গায়ক চনু নিগমে ক’ভিড পজিটিভ। ডুবাইত সপৰিয়ালৰ কভিডত আক্ৰান্ত হৈছে। চনু নিগমে ইনষ্টাগ্ৰামত এই কথা সদৰি কৰে। এক বিশেষ সংগীতানুষ্ঠান আৰু চুপাৰ ছিংগাৰ চিজন ৩ ৰিয়েলিটী শ্বৰ দৃশ্যগ্ৰহণৰ বাবে ভাৰতলৈ অহাৰ কথা আছিল। ভাৰতলৈ আহিবৰ বাবে ক’ভিড পৰীক্ষা কৰোৱাৰ সময়তে কভিডত আক্ৰান্ত হয়। তৃতীয়বাৰৰ বাবে ক’ভিড পৰীক্ষা কৰাইছে যদিও প্ৰতিবাৰেই পজিটিভ পোৱা গৈছে। চনু নিগমে সদৰি কৰা অনুসৰি শিল্পীগৰাকীৰ স্বাস্থ্য ভাল আছে আৰু ডিঙিও সঠিকভাবে কাম কৰি আছে। পূৰ্ব নিৰ্ধাৰিত অনুষ্ঠানত ছানে সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ বিপৰীতে অনু মালিক চুপাৰ ছিংগাৰ চিজন ৩ত অংশগ্ৰহণ কৰিছে।


চনু নিগমৰ পত্নী মাধুৰীমা আৰু পুত্ৰ নিগমো কভিডত আক্ৰান্ত হৈছে। চনু নিগম ডুবাইত থকা নিজৰ ঘৰত আছুতীয়াকৈ আছে। চনু নিগমে ভিডিঅ’টোত এইটোও কয় যে তেওঁৰ চাৰিওফালে চিনাকী বহুতো লোক পজিটিভ। ছনু নিগমৰ মতে ই অতি দ্ৰুতগতিত বিয়পিছে। শেষত শিল্পীগৰাকীয়ে কয় যে থিয়েটাৰ আৰু চলচ্চিত্ৰ জগতৰ মানুহৰ কাম দুবছৰ ধৰি প্ৰভাৱিত হৈছে কিন্তু আশা কৰোঁ সকলো ভালদৰে চলিব।

অমিতাভ বচ্চনৰ কৰ্মচাৰীৰ ক’ভিড পজিটিভ

বিগ বি অমিতাভ বচ্চনৰ আবাসগৃহৰ এজন লোকৰ দেহত পোৱা গৈছে কভিড ভাইৰাছ। ইয়াৰ পিছতে মুঠ ৩১জন কৰ্মচাৰীৰ কভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা বছৰ জুলাই মাহত অমিতাভ বচ্চন কভিডত আক্ৰান্ত হৈছিল।

যাৰ ফলত অমিতাভ বচ্চনক মুম্বাইৰ ভিলে পাৰ্লেৰ নানাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অমিতাভৰ পিছত পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যাও কভিডত আক্ৰান্ত হৈছে।

এটা নাহৰফুটুকীয়ে উলংগ কৰিলে বন বিভাগক

এটা নাহৰফুটুকীৰ সন্মুখত যোৱানিশা একপ্রকাৰ উলংগ হৈ পৰিল বিয়াগোম বন বিভাগ৷ যাৰ বাবে বিভাগটোৰ লোক ৰোষৰ সন্মুখীন হ’বলগীয়া হয়৷ উল্লেখ্য যে সোমবাৰে সন্ধিয়া ছিপাঝাৰৰ সলপাম গাঁৱৰ কোমল নাথ নামৰ লোকজনৰ বাৰীৰ পিছফালৰ মুর্গী ৰখা এটা ঘৰত প্রৱেশ কৰে এটা নাহৰফুটুকী৷ সন্ধিয়া মুর্গীক আহাৰ দিবলৈ গৈ বনৰজাক দেখি উপস্থিত বুদ্ধিৰে ঘৰটোৰ ভিতৰতে বাঘটো আবদ্ধ কৰি ৰাখে পৰিয়ালে৷ ইফালে, জনাঞ্চলত এনেদৰে বাঘৰ আবির্ভাৱ হোৱা খবৰ বিয়পি পৰাত গাঁওখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ খবৰ দিয়াৰ পিছত প্রথমে আৰক্ষী আৰু পিছত কুৰুৱা ৰেঞ্জৰ ৰেঞ্জাৰ তথা বনকর্মীৰ এটা দল আহি উপস্থিত হয়৷ বন বিভাগৰ দল আহি পোৱাত স্থানীয় ৰাইজ কিছু পৰিমাণে আশংকামুক্ত হয়৷ কিন্তু বন বিভাগে বাঘটো কৰায়ত্ত কৰাৰ ক্ষেত্রত বিশেষ তৎপৰতা গ্রহণ কৰা দেখা নগ’ল৷ বিভাগটোৰ লোকে বাঘটো ট্রেংকুইলাইজ কৰা হ’ব বুলি প্রকাশ কৰিলেও নিশা বাৰ বজা পর্যন্ত কোনো ধৰণৰ কৌশল কিম্বা ব্যৱস্থা গ্রহণ নকৰাকৈয়ে থাকে৷

যাৰ বাবে পুহৰ হাড কঁপোৱা জাৰতো গাঁওবাসীয়ে উজাগৰে থাকিব লগা হয়৷ দোভাগ নিশা হঠাতে কুৰুৱা ৰেঞ্জৰ ৰেঞ্জাৰগৰাকীয়ে অৱগত কৰে যে বাঘটো অচেতন কৰা নহয়, জালেৰে বন্দী কৰাহে হ’ব৷ কিন্তু ফুট গধূলিতে উপস্থিত হোৱা বনকর্মীৰ দলটোৱে নিজাববীয়াকৈ জাল বা বাঘ বন্দী কৰাৰ সা–সৰঞ্জামো গোটাব নোৱাৰিলে৷ অসহায় হৈ নিশা একমান বজাত গাঁৱৰ ডেকাসকলে খেলিবলৈ ব্যৱহাৰ কৰা ভলীৰ নেট বিচাৰে স্থানীয় গাঁওবাসীৰ জৰিয়তে৷ সেই সময়তে বিভাগটোৰ দায়িত্বজ্ঞানহীনতাক লৈ ৰাইজ ক্ষুব্ধ হৈ পৰে যদিও বাঘটোক বন্দী কৰাৰ স্বার্থতে বিভাগে বিচৰা মতে সহযোগ কৰি ভলীবলৰ নেট দুখন আনি দিয়ে৷ সন্ধিয়াৰ পৰা আবদ্ধ হৈ থাকি খঙাল হৈ পৰা বাঘটোক ধৰিবলৈ এইবাৰ বিভাগটোৱে আৰম্ভ কৰিলে ল’ৰা–ধেমালি৷ দীর্ঘ সময় ধৰি বাঘটো পহৰা দি থকা গাঁৱৰ লোক আৰু উক্ত স্থানত থকা সাংবাদিকসকলকো বাঘৰ ভয় দেখুৱাই ঘৰৰ ভিতৰলৈ যাবলৈ দি দুপৰ নিশা বন বিভাগৰ উদ্যোগত আৰম্ভ হয় বাঘ বন্দী নাটকৰ৷ আৰু ৰাইজে আশংকা কৰা ধৰণেই বন বিভাগৰ দলৰ বেষ্টনীৰ পৰা ওলাই যাবলৈ সক্ষম হয় বনৰজা৷ সন্ধিয়াৰ পৰাই বন বিভাগৰ কাম–কাজত ক্ষুব্ধ হৈ থকা ৰাইজ এইবাৰ যথেষ্ট উত্তেজিত হৈ পৰে৷ এফালে মুকলি হোৱা বাঘটোৰ আতংক আৰু বিভাগটোৰ দায়িত্বজ্ঞানহীনতাত ক্ষুব্ধ ৰাইজ বহু সময় ধৰি আবদ্ধ কৰি ৰাখে বিভাগটোৰ লোকসকলক৷ আনকি পুনৰ জনাঞ্চলত প্রৱেশ কৰা বাঘটো যদি হিংস্র হৈ পৰে, তাৰ দায়িত্ব কোনে ল’ব বুলিও প্রশ্ণ তোলে৷

অকলশৰে দক্ষিণ মেৰু যাত্রাৰে অভিলেখ সৃষ্টি প্রীত চান্দিৰ

ব্রিটেইনত জন্মগ্রহণ কৰা শিখ সম্প্রদায়ৰ যুৱতী প্রীত চান্দিয়ে পৃথিৱীৰ দক্ষিণ মেৰুত গৈ অকলশৰে উপস্থিত হৈ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ পেছাত এগৰাকী সেনা বিষয়া প্রীত চান্দিয়ে দক্ষিণ মেৰুৰ তুষাৰাবৃত অঞ্চলত গৈ উপস্থিত হোৱাৰ লগে লগে এক নতুন ইতিহাসৰ সৃষ্টি হয় ৷ স্মর্তব্য যে দক্ষিণ মেৰুলৈ অকলশৰীয়া অভিযান চলোৱা প্রথমগৰাকী মহিলা হৈছে প্রীত চান্দি ৷

যোৱা নৱেম্বৰ মাহত এই দুর্গম তথা দুঃসাহসিক যাত্রা আৰম্ভ কৰিছিল প্রীত চান্দিয়ে ৷ সংবাদ সংস্থা চি এন এনৰ প্রতিবেদন অনুসৰি এণ্টার্কটিকাৰ হাৰকিউলছ ইনলেটে এই যাত্রাত প্রীত চান্দিক কোনো ধৰণৰ সমর্থন জনোৱা নাছিল ৷ স্মর্তব্য যে কেইবাসপ্তাহ ধৰি এণ্টার্কটিকাৰ তুষাৰাবৃত অঞ্চল প্রীত চান্দিয়ে কেৱল স্কিয়িং কৰি অতিক্রম কৰিছিল ৷ চল্লিশদিনীয়া দুঃসাহসিক অভিযানত প্রীত চান্দিয়ে অতিক্রম কৰে ৭০০ মাইল দূৰত্ব৷

ক’ভিডৰ তৃতীয় ঢৌত উৱা-দিহ হেৰুৱাব দেশবাসীয়ে!

ভাৰতত এতিয়া ক’ভিডৰ তৃতীয় লহৰ উঠিছে। বুধবাৰে পুৱালৈ নতুনকৈ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫৮,০৯৭ হৈছে। মৃতকৰ সংখ্যা হৈছেগৈ ৫৩৪। অৱশ্যে আৰোগ্য লাভ কৰিছে ১৫,৩৮৯ আক্ৰান্তই। ইপিনে, দেশত মুঠ ২,১৪,০০৪ লোকৰ দেহত সক্ৰিয় হৈ আছে ক’ভিডৰ ভাইৰাছত।

দেশৰ মেট্ৰ’ চহৰবোৰত দ্ৰুত গতিত সংক্ৰমণ হৈছে এই ভাইৰাছ। সপ্তাহৰ শেষৰ দিনকেইটাত সান্ধ্য আইন জাৰি কৰা প্ৰথমখন চহৰ দিল্লী। কৰ্ণাটকতো সান্ধ্য আইন জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰত ১৮,০০০ নতুন আক্ৰান্ত ধৰা পৰিছে। ভেকচিন পেনেলৰ বিশেষজ্ঞই আশংকা ব্যক্ত কৰিছে যে তৃতীয় ঢৌ অত্যন্ত ভয়াৱহ হ’ব। আনহাতে, অমিক্ৰন আক্ৰান্তৰ সংখ্য়া ২০০০ তকৈও অধিক হৈছেগৈ।

ৰৌতাৰ সিধাখোৱাত বিশ্ব ব্ৰেইল দিৱস উদযাপন

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ উদ্যোগত ৪ জানুৱাৰী তাৰিখে ৮১৪ নং সিধাখোৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বিশ্ব ব্ৰেইল  দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা ৯ বজাত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী স্মৃতি চৰকাৰে পতাকা উত্তোলন কৰি শুভ আৰম্ভ কৰে। সভাৰ আঁত ধৰে মাজবাট শিক্ষা খণ্ডৰ অতিৰিক্ত সহায়ক ,সমল ব্যক্তি দিনেশ্বৰ ডেকাই।

দিনেশ্বৰ ডেকাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি ব্ৰেইল  দিৱসৰ ওপৰত  আলোকপাত কৰে । তাৰোপৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালিৰো আয়োজন কৰা হয়। খেল সমূহ সুচাৰুভাৱে পৰিচালনা কৰে ক্ৰমে ক্ষিতিকান্ত শইকীয়া , শিক্ষক ভাস্কৰ জ্যোতি চহৰীয়া ,ম. ছাহজামান , শিক্ষক মগেন্দ্ৰ নাৰ্জাৰী ,পুষ্পলতা বসুমতাৰীয়ে। দিনৰ ১১ বজাত গীত মাতৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় । চিধাখোৱা গাঁওৰ বিশিষ্ট সমাজ সেৱক চানভাই মোচাহাৰীয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য বাখ্যা কৰে সমল ব্যক্তি ধীৰদা ডেকাই ।

ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএমৰ বিৰুদ্ধে অভিযোগ

বিটিএডিৰ ওদালগুৰি জিলাৰ ওৰাং খণ্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আঁচনি প্ৰৱন্ধক  পঙ্কজ সভাপিণ্ডতৰ বদলিৰ  নির্দেশৰ কথা জানিব  পাৰি  ৭০নং মাজবাট বিধান সভা সমষ্টিৰ ৰাইজ,বিভিন্ন দল সংগঠন,অনুষ্ঠান,প্ৰতিষ্ঠান সমুহে স্থম্ভিত আৰু মর্মাহত হৈ পৰিছে ৷ বৃহত্তৰ  স্বাস্থ্য-খণ্ডটোৰ হিতাধিকাৰী সকলৰ কল্যাণ আৰু সেৱাৰ হকে সততে সক্রিয় আৰু ত্যাগৰ চানেকিৰে  কাম কৰি অহা আঁচনি প্ৰবন্ধক গৰাকীক স্বাস্থ্য বিভাগৰ নিষ্কর্মা ,অনিয়মীয়া তথা ষড়যন্ত্র কাৰী কেইগৰাকীমান স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য কর্মীৰ ৰোষৰ বলি হৈ পৰিছে। অনিয়মীয়া এনেধৰণৰ স্বাস্থ্য-বিষয়া আৰু স্বাস্থ্য-কৰ্মীক নিযমীয়া আৰু সক্ৰিয়  কৰিবলৈ আঁচনি প্রবন্ধকজনে চলোৱা প্রচেষ্টাৰ হেতু তেওঁ ষড়যন্ত্র আৰু শত্রুতাৰ বলি হয়।

উল্লেখ্য যে কু-অভিসন্ধি আৰু স্বাৰ্থ পূৰণৰ হেতু নগন্য সংখ্যক (২-১)স্বাস্থ্য বিষয়া-স্বাস্থ্য কৰ্মীয়ে নিজ পদবীৰ প্ৰভূত্ব খটুৱাই অভিযোগকাৰীৰূপে একাংশক প্ৰভৱান্বিত তথা বিপথে পৰিচালিত কৰাৰ কথা পোহৰলৈ আহিছে । কু-অভিসন্ধিকাৰী স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য কর্মী লগলাগি (যিসকলে  নিজেই অনিয়মীয়া দায়িত্বহীন) আঁচনি প্রবন্ধকজনৰ বিৰুদ্ধে মিথ্যা আৰু মনেসজা অভিযোগ তুলি সংশ্লিষ্ট বিভাগত বেনামী অভিযোগ পত্র দি বদলিকৰণৰ  নির্দেশ উলিয়ায় । অভিযোগ পত্ৰত জাল  চহীৰে এজনেই চাৰি-পাঁচজনৰ চহী কৰি সংশ্লিষ্ট বিভাগক বেনামী অভিযোগ পত্ৰ দি বদলিকৰণৰ নিৰ্দেশ উলিয়ায় । বৃহত্তৰ স্বাস্থ্য খণ্ডটোৰ হিতাধিকাৰী ৰাইজ, অনুষ্ঠান-প্রতিষ্ঠান, দল-সংগঠন, সচেতন নাগৰিক সকলৰ তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ, অনাস্থা বা অসন্তুষ্টি নাই। বৰং  তেওঁ জিলাখনৰ ভিতৰতে (আঁচনি প্রবন্ধক) এগৰাকী গতিশীল, সক্রিয়, দায়িত্বশীল, নিয়মানুবর্তী, সময়নিষ্ঠ, ত্যাগ-মনোভাবৰ সৰবৰহী  বিপিএম ৷প্রায় দুইবছৰ ধৰি চলি থকা বিশ্বত্ৰাস অতিমাৰী ক’ৰোনা মহামাৰীৰ দুর্দিনত তেওঁ ত্যাগ, মহানুভব, দক্ষতাপূর্ণভাবে দিন-ৰাতি, একাকাৰ কৰি মানুহৰ সেৱা আৰু  খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রটোৰ  সৰ্বাঙ্গীন হিতৰ হেতু শাৰীৰিক-মানসিকভাৱে অপৰিসীম আত্মসংম্পৃক্ত হৈ আহিছে। কাৰোৰে প্ৰতি বেয়া ভাব  নথকা, সততে মিষ্ট আচৰণৰ অধিকাৰী আঁচনি প্রৱন্ধক  গৰাকীৰ প্রতি নঞার্থক ভাব প্রতিপন্ন কৰি  মিথ্যা কালিমা  সানিব খোজাটো  সমষ্টিবাাসীৰ সচেতন নাগৰিক সকলে  কোনোপধ্যে মানি  ল’ব নোৱাৰোঁ বুলি ইতিমধ্যে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন আদিয়ে অভিহিত কৰিছে ৷তেওঁৰ দৰে মানৱ সেৱী ব্যক্তি সমষ্টি বাসীয়ে সদায় বিচাৰোঁ।

গতিকে আঁচনি প্রৱন্ধক পংকজ সভাপণ্ডিতদেৱৰ বদলিকৰণৰ নির্দেশ বাতিল কৰিবলৈ  ইতিমধ্যে দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠা সমুহে সংশ্লিষ্ট বিভাগ,কতৃপক্ষক বিনম্রভাবে প্রার্থনা জনাইছে ৷ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতৰ  বিৰুদ্ধে সংগ্ৰহ কৰা চহীবোৰ জাল কৰা  বুলি স্বাস্থ্য কৰ্মী সকলে অভিযোগ কৰিছে ৷ এই সম্পৰ্কত  ৩০ডিচেম্বৰত একাংশ স্বাস্থ্য কৰ্মীয়ে তেওঁলোকৰ  চহী জাল কৰা বুলি একাংশ স্বাস্থ্য কৰ্মীয়ে  ওদালগুৰি জিলাৰ উপায়ুক্তক অভিযোগ দাখিল কৰিছে

চাপৰৰ হাতীপোতা সেৱা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

মানুহ মানুহৰ বাবে। তাকে আজি যেন পুনৰাবৃত্তি কৰিলে সেৱা সমিতি নামৰ এটি বেচৰকাৰী সংস্হাই ধুবুৰী জিলাৰ চাপৰৰ হাতীপোতাত। সম্প্ৰতি পুহ মাহ। দিন পাৰ হোৱাৰ সমান্তৰালভাৱে ভাবে ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি গৈছে। ঠাণ্ডাৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি দুখীয়া ৰাইজক কিঞ্চিত ঠাণ্ডাৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে আজি সেৱা সমিতি নামৰ বেচৰকাৰী সংস্থা এটিয়ে হাতীপোতা অঞ্চলৰ প্ৰায় পাচ শতাধিক দৰিদ্ৰ সীমা ৰেখাৰ অধীনত বাস কৰা ৰাইজৰ মাজত কম্বল বিতৰণ কৰে।

কম্বল বিতৰণৰ উদ্দেশ্য হাতীপোতা গাওঁ পঞ্চায়তৰ প্ৰাঙ্গণত জিলা পৰিষদ আশাদ আলীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত অতিৰিক্ত উপায়ুক্ত জনৈক ভুমিক, প্ৰাক্তন জিলা পৰিষদ আব্দুল কুদ্দুছ, ধুবুৰী জিলা এন এছ ইউ আইৰ সভাপতি ৰফিকুল হককে ধৰি বহু গণ্য মন্য ব্যক্তি উপস্থিত থাকে।আজি হাতীপোতা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁওৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক এই কম্বল বিতৰন কৰে লগতে অনাগত দিনত অকল হাতীপোতাতে নহয় গোটেই অসমত এই সেৱা আগবঢ়োৱাৰ এক প্ৰতিশ্ৰুতি প্ৰদান কৰে উদ্যোগতা সকলে।

গুৱাহাটীৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত মন্ত্ৰী ৰণোজ পেগু

মঙলবাৰে গুৱাহাটীৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত দেশজুৰি গ্ৰহণ কৰা এশদিনীয়া পঠন অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলো নাগৰিকক পঠন অভিযানত অংশগ্ৰহণ কৰি কিতাপ পঢ়াৰ সুঅভ্যাস গঢ়ি তুলিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।