Home Blog Page 2639

পুনৰ আবিৰ্ভাৱ ক’ভিডৰ নতুন প্ৰজাতি

অ’মিক্ৰণৰ পিছত এইবাৰ IHU! সমগ্ৰ বিশ্বতে অ’মিক্ৰণ ইতিমধ্যে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰাৰ সমসাময়িকভাৱে পুনৰ ভূমুকি মাৰিছে ক’ভিদৰ আন এটা প্ৰজাতিয়ে।

ফ্ৰান্সৰ বিজ্ঞানীসকলে ক’ভিদৰ এই নতুন প্ৰজাতিটো চিনাক্ত কৰিছে। ইতিমধ্যে এই নতুন প্ৰজাতিটোক IHU নামেৰে নামাঙ্কন কৰা হৈছে।

গৱেষকসকলৰ মতে IHU ত ৪৬ টা পৰিৱৰ্তন থাকে। এইফালৰ পৰা IHU ৰ পৰিৱৰ্তনৰ হাৰ অ’মিক্ৰনতকৈও অধিক। নতুন প্ৰজাতিটোক অধিক সংক্ৰামক বুলিও কোৱা হৈছে।

প্ৰতিবেদন অনুসৰি মাৰ্চেইলৰ ওচৰত এতিয়ালৈকে ১২ টা IHU সম্বন্ধীয় ঘটনা দেখা গৈছে। আফ্ৰিকান দেশ কেমেৰুন ভ্ৰমণকাৰী ব্যক্তি এজনৰ শৰীৰত প্ৰথম এই প্ৰজাতিটোৰ উপস্থিতি ধৰা পৰে বুলি জানিব পৰা গৈছে।

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ কৰ্মচাৰী

প্ৰতিটো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰাৰ সংকল্পৰ ধাৰাবাহিকতাত জ্যেষ্ঠ সহকাৰী ডব্লিউপিটি সীমা দেৱীক আজি দিচপুৰ সচিবালয়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হয়।

জনতা ভৱনৰ বড়োলেণ্ড কল্যাণ বিভাগৰ ছিনিয়ৰ এছিচটেণ্ট আৰক্ষীৰ জালত পৰিছে। সীমা দেৱী 4000/- টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়ত ফান্দত।

জনতা ভৱনৰ ডি ব্লকৰ তৃতীয় মহলাৰ পৰা আটক কৰা হৈছে।

কৰ্মচাৰীগৰাকীয়ে উৎকোচ হিচাপে বিচাৰিছিল ১০ হাজাৰ বিচাৰিছিল।সীমা দেৱীৰ বেগৰ পৰা অতিৰিক্ত 99000/- টকাও উদ্ধাৰ কৰা হৈছিল।

ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

ঠেঙাল-কছাৰী সকলৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন কৰা ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনত ২১ নং ৰূপহী-গড়পৰা পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ দলীয় প্ৰাৰ্থী ৰাজু শইকীয়া বিনা প্ৰতদন্দিতাৰে জয়ী হৈছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ দুৰ্দশা অব্যাহত আছে ৷ উল্লেখ্য যে, ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২২ টা পৰিষদীয় সমষ্টিৰ ২০ জানুৱাৰীত ভোটদান হ’ব ৷ ইয়াৰে ২১ নং ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিত ভোটদানৰ পূৰ্বে বিৰোধী দলসমূহে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাটো চৰম লজ্জাৰ বিষয় হিচাপে পৰিগণিত হৈছে। সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ পৰা মৃদুপৱন বড়াই প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন দাখিল কৰিছিল ৷ আৰু বিজেপিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ তেঁওৱে আছিল একমাত্ৰ প্ৰতিদন্দি ৷ কিন্তু ৰহস্যজনকভাৱে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা মৃদুপৱন বড়াই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত বিজেপিৰ দলীয় প্ৰাৰ্থী ৰাজু শইকীয়াক ধেমাজি জিলা নিৰ্বাচনী বিষয়াই বিজয়ী বুলি ঘোষণা কৰে ৷ দলীয় প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদন্দিতাৰে বিজয়ী হোৱাত বিজেপিৰ দলীয়-কৰ্মকৰ্তাসকল উৎফুলিত হৈ পৰিছে ৷ বিজেপি দলৰ গোগামুখ মণ্ডলৰ সভাপতি ৰমেন দেউৰী, সম্পাদকদ্বয় দুলেন পেগু আৰু মদন চেত্ৰীয়ে দলীয় প্ৰাৰ্থী ৰাজু শইকীয়াক অভিনন্দন জনোৱাৰ লগতে নিকাভাৱে কাম-কাজ আগুৱাই নিবলৈ আহ্বান জনাইছে ৷ ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিটোৰ পৰা পূৰ্বেও ৰাজু শইকীয়া বিজয়ী হৈছিল ৷

মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই বিকিয়ে এৰিলে কেটক!

কিছুদিনৰ আগতে বলীউদ তাৰকা বিকি কৌশল আৰু কেটৰিনাৰ কাইফে যুগ্ম জীৱনৰ পাতনি মেলিছিল ৷ ধুম-ধামেৰে আয়োজন কৰা এই বিয়াখনে সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ বিয়াৰ পাছত দুয়োজনে কটোৱা সুন্দৰ মুহুৰ্তবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ বিয়াৰ পাছত স্বামীৰ সৈতে বলীউড নায়িকা কেটৰিনা কাইফে প্ৰথমটো খ্ৰীষ্টমাছ আৰু নৱবৰ্ষও উদযাপন কৰিলে।

শ ব্যস্ততাৰ পিছতো নতুন বছৰক আদৰণি জনোৱাৰ বাবে কিছু সময় উলিয়াইছে নৱ দম্পতীয়ে। ২০২২ বৰ্ষটোও নতুনকৈ আৰম্ভ কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল বিকি-কেটৰ, কিন্তু সময়ে যেন সেইয়া সম্ভৱ কৰি নুতুলিলে তেওঁলোকক ৷ এতিয়া সকলো সামৰি তেওঁলোক পুনৰ কামলৈ ঘুৰি যোৱাৰ সময় আহি পৰিছে ৷ ইয়াকে লৈ এতিয়া মন সেমেকি উঠিছে কেটৰিনাৰ ৷ কিয়নো বিকিয়ে এতিয়া শ্বুটিংৰ বাবে মুম্বাইৰ বাহিৰলৈ যাব লগা হৈছে ৷ সেয়েহে দুয়োজন তাৰকাক শনিবাৰে মুম্বাই বিমান বন্দৰত দেখা গৈছিল ৷

কেটে বিকিক বিদায় জনাবলৈ বিমান বন্দৰলৈ আহিছিল আৰু তেওঁলোক একেখন গাড়ীতে আহিছিল ৷ কেটে বিকিক বিদায় জনোৱা সমগ্ৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোত কেটৰিনাই বিদায় পৰত বিকিক আলিংগন কৰিছে আৰু তেওঁলোকে ইজনে সিজনক যেন বান্ধোনৰ পৰা এৰিবই খোজা নাছিল। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে তেওঁলোকৰ অনুৰাগীসকলে নৱ দম্পতীৰ এনে গভীৰ প্ৰেমৰ প্ৰতি তেওঁলোক খুবেই আকৃষ্ট হৈছে।

মায়ানগৰীৰ তাৰকাৰ দেহত ক’ভিড

অভিনেতা জ’ন আব্ৰাহাম আৰু পত্নী প্ৰিয়া ক’ভিড পজিটিভ হোৱাৰ পাছত এইবাৰ ছ’চিয়েল মিডিয়াত ক’ভিড পজিটিভ হোৱাৰ খবৰ মুকলি কৰিছে একতা কাপুৰে। ছবি আৰু ধাৰাবাহিক প্ৰযোজক তাৰকাগৰাকীয়ে ইনষ্টাগ্ৰামত ক’ভিড সংক্ৰমণৰ কথা সদৰি কৰিছে।

সাৱধানতা অৱলম্বন কৰাৰ পাছতো ৪৬ বছৰীয়া ছবি নিৰ্মাতাগৰাকীয়ে ক’ভিডত আক্ৰান্ত হোৱা বুলি জনোৱাৰ উপৰি তেওঁৰ সংস্পৰ্শলৈ অহা আটাইকে পৰীক্ষণ কৰিবলৈ কৈছে। বৰ্তমানে কোৱাৰান্টাইন হৈ থকা একতাৰ আশুআৰোগ্য কামনা কৰিছে অভিনেতা বিক্ৰান্ত মেছী, মৌনী ৰয়, হিনা খান আদিয়ে। ইয়াৰ এদিন পূৰ্বে ইনষ্টাগ্ৰামত ক’ভিড সংক্ৰমণৰ কথা জনাইছিল হোম কোৱাৰান্টাইনত থকা অভিনেতা জ’ন আব্ৰাহামে।

পাঁচনৈ গোৰ্খা ছাত্ৰ সংস্থাৰ নতুন কাৰ্য্যকৰী সমিতি গঠন

ওৰাঙৰ সমীপৰ  আমতল ভেৰগাঁৱৰ ঐতিহাসিক শ্রী শ্ৰী মহামুনি মন্দিৰ প্ৰাংগনত  ৩জানুৱাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ  পাচনৈ আঞ্চলিক সমিতিৰ পুৰনা সমিতিক ভংগ কৰি নতুন পূৰ্ণাঙ্গ সমিতি এখনৰ গঠন কৰা হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ সহায়ত তিলক বজগাইদেবক সভাপতি আৰু ওম প্ৰকাশ অধিকাৰীক সাধাৰন সম্পাদক হিচাবে নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে উক্ত সভাখনত শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক কিৰন খৰ্কা,সহকাৰী  সম্পাদক ৰজত ভৰদ্বাজ,সাংগঠনিক সম্পাদক নাৰায়ন খৰ্কা, বৰচলা আৰু ঠেলামৰা আঞ্চলিকৰ বিষয় ববীয়াৰ লগতে পাচনৈ আঞ্চলিকৰ প্ৰাক্তন বিষয় ববীয়া নেত্ৰ কটেল, প্ৰনব জ্যোতি চুবেদি, যুৱৰাজ ছেত্ৰী আৰু শিবু অধিকাৰিও উপস্থিত আছিল। শিবু অধিকাৰিয়ে আঁত ধৰা উক্ত সভাত জিলা পদাধিকাৰী সকলৰ লগতে প্ৰাক্তন গোৰ্খা ছাত্ৰ সন্থাৰ বহু কেইজন কৰ্মীক একোখনকৈ খদায়ে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নেত্ৰ কটেলে স্ব ৰচিত গীত এটি গাই সকলোকে মুগ্ধ কৰে। শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক কিৰন খৰ্কাৰ লগতে উপস্থিত বহু ছাত্ৰ নেতাই সভাত বক্তব্য ৰাখে।

উত্তৰ–পূর্বাঞ্চলৰ আইএলপিৰ বৈধতাক লৈ ছুপ্রিম ক’ৰ্টত গোচৰ

উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যত প্রৱর্তন হৈ থকা ইনাৰ লাইন পার্মিট (আই এল পি) ব্যৱস্থাৰ সাংবিধানিক বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ বৰাক উপত্যকাৰ বেচৰকাৰী সংগঠন আমৰা বাঙালী নামৰ সংগঠনটোৰ আবেদনৰ ভিত্তিত ৰুজু হোৱা এই গোচৰৰ শুনানি গ্রহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কেন্দ্র আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰাৰ লগতে শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে৷ ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ খণ্ড বিচাৰপীঠখনে চাৰি সপ্তাহৰ ভিতৰত এই বিষয়টো সন্দর্ভত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহক শপতনামা দাখিলৰ নির্দেশনা প্রদান কৰিছে৷

উল্লেখ্য যে এই আবেদনখনৰ জৰিয়তে সংগঠনটোৱে মূলতঃ মণিপুৰত প্রৱর্তন হৈ থকা আই এল পি ব্যৱস্থাক প্রত্যাহ্বান জনাইছে যদিও সামগ্রিকভাৱে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বলৱৎ হৈ থকা সমগ্র ব্যৱস্থাটোৰে সাংবিধানিক বৈধতা সম্পর্কত উচ্চতম ন্যায়ালয়ে চালি–জাৰি চাব৷ গুচৰীয়া পক্ষৰ মূল অধিবক্তা এফ এ আয়ুবীয়ে ‘নিয়মীয়া বার্তা’ক এই কথা জানিবলৈ দিছে৷ ১৮৭৩ চনতে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনৰ অধীনত আই এল পি প্রৱর্তন কৰা হৈছিল৷ তেতিয়াৰ অবিভক্ত অসমৰ অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডৰ উপৰি অসমৰ অবিভক্ত গোৱালপাৰা আৰু কামৰূপ জিলাতো বলৱৎ কৰা হৈছিল আই এল পি ব্যৱস্থা৷ বর্তমানৰ মেঘালয়ৰ গাৰো হিলছ, খাচী হিলছ আৰু জয়ন্তীয়া হিলছতো এই ব্যৱস্থা প্রৱর্তিত আছিল৷ ২০১৯ চনৰ ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন সংসদত গৃহীত হোৱাৰ প্রাক্মুহূর্তত কেন্দ্রীয় গৃহ মন্ত্রালয়ে ব্রিটিছ যুগৰ আই এল পি অসমৰ পৰা প্রত্যাহাৰ কৰি ৰাজপত্রিত অধিসূচনা জাৰি কৰাৰ পাছতেই এই বিষয়টো পুনৰ পোহৰলৈ আহিছিল৷ প্রকৃততে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনৰ অধীনত অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মিজোৰামৰ পূর্বে অসমত আই এল পি বলৱৎ হৈ আছিল৷ আইনী মেৰপেঁচৰ পৰা মুক্ত হোৱাৰ লক্ষ্যৰে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পূর্বে অসমৰ পৰা আই এল পি প্রত্যাহাৰ কৰি কেন্দ্রীয় চৰকাৰে অধিসূচনা জাৰি কৰিছিল৷

ইপিনে, উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহতো ব্রিটিছ যুগৰ এই ব্যৱস্থা কিয় বর্তি থাকিব বুলি আমৰা বাঙালী নামৰ সংগঠনটোৱে প্রশ্ণ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ এই আবেদনৰ সৈতে আমৰা বাঙালীয়ে দাখিল কৰা শপতনামা অনুসৰি জনজাতীয় লোক আৰু এলেকাসমূহৰ স্বার্থ সুনিশ্চিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত আই এল পি ব্যৱস্থা বলৱৎ কৰি ৰাখিব বিচাৰিছে যদিও প্রকৃততেই এই ব্যৱস্থাই ৰাজ্যৰ সামগ্রিক উন্নয়নত প্রভাৱ পেলাইছে৷ বিশেষকৈ পর্যটন ক্ষেত্রত ইয়াৰ বিৰূপ প্রভাৱ পৰিছে বুলি উল্লেখ কৰিছে শপতনামাত৷ উচ্চতম ন্যায়ালয়ত গুচৰীয়া পক্ষৰ হৈ যুক্তি প্রদর্শন কৰি অধিবক্তা আয়ুবীয়ে কয় যে ইনাৰ লাইন পার্মিটৰ ব্যৱস্থাই ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৯ আৰু ২১ সংখ্যক অনুচ্ছেদে প্রদান কৰা ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰ খর্ব কৰিছে৷ কিয়নো এই ব্যৱস্থাই এখন ৰাজ্যত নিজৰ বাসিন্দাসকলৰ বাহিৰে আন কোনো ভাৰতীয়ক প্রৱেশ অথবা প্রস্থানৰ বাবে অনুমতি প্রদান কৰাৰ ক্ষমতা দি আহিছে৷ সেয়েহে এই ক্ষমতা অযোগ্য ক্ষমতা বুলি সমগ্র ব্যৱস্থাটোকে সংগঠনটোৱে প্রত্যাহ্বান জনাইছে৷ লক্ষণীয় যে ২০১৯ চনৰ ১১ ডিচেম্বৰত অসমৰ পৰা আই এল পি প্রত্যাহাৰ কৰি জাৰি কৰা ৰাজপত্রিত অধিসূচনাক প্রত্যাহ্বান জনাই সদৌ অসম তাই আহোম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ২০২০ বর্ষৰ মে’ মাহত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি কেন্দ্রীয় চৰকাৰৰ স্থিতি সদৰী কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু আজিপর্যন্ত ইয়াৰ কোনো স্পষ্ট উত্তৰ কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্রকাশ কৰা নাই বুলি জানিব পৰা গৈছে৷ নতুনকৈ আই এল পিক লৈ ৰুজু হোৱা গোচৰটোৰ পৰৱর্তী শুনানি অহা ১৮ ফেব্রুৱাৰীত গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে৷

খেলপথাৰ এৰি পদপথত কি কৰিছে কোহলীয়ে?

পদপথত কোহলী! সামাজিক মাধ্যমত কোন মুহূৰ্তত কাৰ ছবি, কাৰ কথা কেতিয়া কেনেকৈ ভাইৰেল হৈ পৰে ধৰিবই নোৱাৰি। শেহতীয়াকৈ তেনে এক কথাই সৰ্বত্ৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এগৰাকী তাৰকাৰ আলোকচিত্ৰ। ভাইৰেল হোৱা তাৰকাজন আন কোনো নহয়। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ছবি ভাইৰেল হৈ পৰিছে। দেখাত হুবহু বিৰাট কোহলীৰ দৰে এখন ছবিয়ে এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। ছবিখন ভাইৰেল হোৱাৰ লগে লগে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। সাধাৰণতে নেতাৰ পৰা অভিনেতালৈ যিকোনো সময়তে, যিকোনো ঠাইতে একে মুখাৱয়বৰ মানুহ বিচাৰি পোৱা যায়

কিছুদিন পূৰ্বে গোৱালিয়ৰৰ পদপথত এজন চাট ৱালাইয়ো তেনেদৰে সংবাদ শিৰোনাম দখল কৰিছিল। নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দৰে হ’বলৈ মন আছিল হেনো তেওঁৰ। ছ’চিয়েল মিডিয়াত এনে বহুতো চেলিব্ৰিটি আছে যাৰ মুখাৱয়বৰ সৈতে সাধাৰণ মানুহৰ মিলি দেখা যায়। যাক দেখা পালে হতবাকো হৈ পৰে প্ৰত্যক্ষদৰ্শী। এতিয়া তেনে এজন ব্যক্তিৰে ফটো ভাইৰেল হৈছে। য’ত মানুহে বিৰাট কোহলীক দেখিবলৈ পাইছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ছবিখন দেখি মানুহজনৰ নাম থৈছে ‘চাট ৱালা কোহলী’ । জানিবলৈ পোৱা মতে, ছবিখন ‘ইয়ো ইয়ো ফানী সিং’ নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। ফটোখনৰ কেপচনত লিখিছে- বিৰাট কৰ্ণলী। ফটোখন সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ হোৱা দেখা গৈছে। এতিয়ালৈকৈ টুইটটোৱে ২,৫০০ তকৈও অধিক লাইক আৰু ১১৮ টা ৰিটুইট লাভ কৰিছে।

বিশিষ্ট সাহিত্যিক বিদ্যাপতি দাহালৰ কাব্যগ্ৰন্থ ” শ্ৰীভট্টদেৱমহাকাব্যম্” উন্মোচন

২জানুৱাৰীত ওদালগুৰিৰ বিশিষ্ট সাহিত্যিক বিদ্যাপতি দাহালৰ এখন গ্ৰন্থ তেওঁৰ নিজ বাসভৱন ওদালগুৰিৰ খাংখ্লাবাৰী স্থিত নতুন বছৰ উপলক্ষত উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ে বিদ্যাপতি দাহালৰ কাব্যগ্ৰন্থ “শ্ৰীভট্টদেৱমহাকাব্যম্” উন্মোচন কৰি দাহালৰ অন্যান্য গ্ৰন্থ সমুহৰ অৱদান উল্লেখ কৰে। উল্লেখযোগ্য যে বিশিষ্ট সংস্কৃত পণ্ডিত তথা ওদালগুৰিৰ সাংবেদ সংস্কৃত টোলৰ প্ৰাক্তন অধ্যক্ষ বিদ্যাপতি দাহালৰ    কাব্যগ্ৰন্থ সমুহ বৰ্তমান কুৰিৰ ঘৰ অতিক্ৰম কৰিছে। তেওঁৰ  কৃতি সমুহ পঞ্চবিংশতি তত্ববিবেচনম্, সাহিত্য বিমৰ্শ, ‘কাম্য’ খণ্ডকাব্যম্,’আমা’খণ্ডকাব্যম্’, ‘পাশ্চাত্য সমালোচনা সিদ্ধান্ত’, পাশ্চাত্য সমালোচনা আৰু প্ৰমুখবাদ, বিবেকানন্দপ্ৰশস্তি,উষাহৰণ মহাকাব্যাম্, তত্বচিন্তনম্, শ্ৰীমদ্ভাগৱতমহত্বম্, ভগৱচ্চৰিতামৃতম্( খণ্ড কাব্যম্), সৃষ্টিনব্যমহাকাব্যম্, ভাৰতীয় নেপালী সাহিত্যকো বিকাশ, শংকৰদেৱমহাকাব্যম্, ভানুভক্তমহাকাব্যম্, শ্ৰীদেৱদামোদৰদেৱমহাকাব্যম্, শ্ৰীমাধৱদেৱমহাকাব্যম্, স্বামীবিবেকানন্দমহাকাব্যম্, শ্ৰীহৰিদেৱমহাকাব্যম্ আৰু ভট্টদেৱমহাকাব্যমকে ধৰি অন্যান্য অসংখ্য গ্ৰন্থ প্ৰকাশিত হোৱাৰ লগতে এঘাৰটা পুৰস্কাৰেৰে সন্মানিতো হৈছে। তেওঁ ব্যাকৰণ-বেদান্ত-সাহিত্য শাস্ত্ৰী, সাংখ্যয়োগাচাৰ্য্যত স্নাকোত্তৰ ডিগ্ৰি অৰ্জন কৰিছিল। ২০২২ৰ শুভ নতুন বছৰত তেৱেঁ প্ৰকাশিত কৰা শ্ৰীভট্টদেৱমহাকাব্যম্ ৰাইজক উৎসৰ্গা কৰাৰ লগতে অন্য চাৰিটা গ্ৰন্থ ক্ৰমে শ্ৰীশংকৰদেৱচৰিতামৃতং নব্যমহাকাব্যম্, সংস্কৃত সাহিত্যইতিহাস, গুৰুকালিচৰণব্ৰহ্মমমহাকাব্যম্ আৰু মহাত্মাগান্ধীমহাকাব্যম্ প্ৰেছত প্ৰকাশন্মুখ অৱস্থাত আছে।

প্ৰায় নব্বৈ বছৰ বয়সতো শুধা চকুৰে কলম চলোৱা বিদ্যাপতি দাহালৰ গ্ৰন্থ সমুহ বিভিন্ন বিশ্ববিদ্যালয়ত বিষয় পাঠ হিচাপে ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰি আছে। নতুন বছৰত উন্মোচন হোৱা গ্ৰন্থৰ উন্মোচনী সভাত বড়ো ভাষাৰ অন্যতম লিখক নবীন মল্ল বড়ো, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ বাচ্তোলা, ওদালগুৰিৰ মণিপ্ৰকাশ কিতাপ ঘৰৰ স্বত্বাধিকাৰী তথা বিশিষ্ট নাগৰিক নৰেশ্বৰ ডেকা, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী,সম্পাদক মোহন কুমাৰ ছেত্ৰী, অসম সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ প্ৰাক্তন সভাপতি দেৱৰাজ সাপকোটাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ সভানেত্ৰী ইন্দিৰা গৌতমে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক ধিৰাজ উপাধ্যায়ে। সভাত বিভিন্ন সাহিত্যিক সকলে কবিতা পাঠো কৰে।

মাজ আকাশত বিমানৰ বাথৰুমত আইছ’লেচন ৰোগীৰ

আমেৰিকা যুক্তৰাষ্ট্রৰ বিমান এখনত মাজ আকাশত যাত্রী এগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতেই বিমানখনৰ বাথৰুমত কেইবাঘণ্টা ধৰি আইছ’লেচন কৰি ৰখা ঘটনাক লৈ আলোড়নৰ সৃষ্টি হৈছে৷ তথ্য মতে, আইচলেণ্ডৰ পৰা চিকাগোলৈ বিমানেৰে গৈ থকা অৱস্থাত মিছিগানৰ স্কুলৰ মেৰিছা ফটিঅ’ নামৰ শিক্ষকগৰাকীৰ হঠাতে ডিঙিত অসুবিধাৰ সৃষ্টি হয়৷ লগে লগে তেওঁ বিমানৰ বাথৰুমলৈ গৈ লগত থকা ৰেপিড পৰীক্ষণ কিটৰ দ্বাৰা পৰীক্ষা কৰে৷

এই পৰীক্ষাত শিক্ষকগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতেই বিমানৰ কর্মচাৰীক অৱগত কৰি শিক্ষকগৰাকীয়ে মাজ আকাশত বাথৰুমত নিজকে আইছ’লেচন কৰি ৰাখে৷ শিক্ষকগৰাকী ক’ভিডত আক্রান্ত হৈ বাথৰুমত নিজকে আবদ্ধ কৰি ৰাখি বিমানখনত থকা ১৫০জন যাত্রীক শংকিত কৰাৰ পৰা আঁতৰাই ৰাখে৷ পিছত শিক্ষকগৰাকীয়ে ছ’চিয়েল মিডিয়াত এই তথ্য প্রকাশ কৰাত আলোড়নৰ সৃষ্টি হয়৷