Home Blog Page 2640

ৰাজ্যৰ প্ৰথমখন আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰৰ উদ্ধোধন মুখ্যমন্ত্ৰীৰ

পাছ দিনীয়া কাৰ্যসুচীৰে উত্তৰ অসম আৰু উজনি অসমলৈ আহিছে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথত । ৰাজ্যৰ ১১ লাখ প্ৰথম শ্ৰেণী (নিয়মীয়া  পৰিশোধকাৰী) হিতাধিকাৰীৰ বাবে চৰকাৰে আগবঢ়োৱা অসম মাইক্ৰফাইনেন্স উদগণি আৰু সকাহ আঁচনি, ২০২১ ৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, জলসম্পদ মন্ত্ৰী পিযুশ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, চতিয়া, বিহালী, বিশ্বনাথ, গহপুৰ, ৰঙাপাৰাৰ বিধায়ক, বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক সমন্বিতে জিলাখনৰ উচ্চ পদস্থ বিষয়া সকলে অংশগ্ৰহণ কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে আজি জিলাখনৰ ১২৫৯০ গৰাকী মহিলা হিতাধিকাৰীৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫ হাজাৰ  ১৪ গৰাকী মহিলাক চেক প্ৰদান কৰে ।

অনুষ্ঠানৰ পূৰ্বে চৰকাৰ গঠনৰ পিছতে অসমৰ ভিতৰতে প্ৰথম নতুনকৈ নিৰ্মান কৰা মডেল অংগনবাদী কেন্দ্ৰটি মুখ্যমন্ত্ৰী গৰাকীয়ে শুভাৰম্ভণি কৰে বিশ্বনাথৰ বামগাঁৱত ৷ মুখ্যমন্ত্ৰী শৰ্মাই মডেল অংগণবাদী কেন্দ্ৰটি উদ্ধোধন কৰি আগন্তুক ৩ বছৰৰ ভিতৰত নতুনকৈ দহ হাজাৰ নতুন অংগনবাদী কেন্দ্ৰ স্থাপনৰ কথা জানিবলৈ দিয়ে ৷‌  অহা  ১ ফেব্ৰুৱাৰীত মাইক্ৰফাইনেঞ্চে ঋনৰ সাহাৰ্য লাভ কৰিবৰ বাবে মহিলা সকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ পিছতে কমলাকান্ত ক্ষেত্ৰত উপস্থিত হোৱা  মুখ্যমন্ত্ৰী শৰ্মাই গোটৰ মহিলা সকলক উদ্দেশি দিয়া ভাষণ প্ৰসংগত কয় যে, চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ লগত কটোৱা সময়ৰ ফটো জমা দিলে হে ছুটি মঞ্জুৰ হব  চৰকাৰী কৰ্মচাৰীৰ ৷ ফটো জমা নিদিলে কেজুৱেল লিভ হে পাব কৰ্মচাৰীয়ে ৷

অহা বৰ্ষৰ পৰা পিতৃ মাতৃক লগ কৰিবলৈ ছুটি লাভ কৰাৰ লগতে পিতৃ মাতৃক তীৰ্থ ভ্ৰমন কৰাৱলৈ চৰকাৰে আঁচনিৰ জৰিয়তে পুঁজি যোগান ধৰিব ৷ আনহাতে  এতিয়াৰে পৰা জাতিৰ প্ৰমান পত্ৰ নিবলৈ  আহিব নালাগে চৰকাৰী কাৰ্যালয়লৈ ৷ বিষয়া -কৰ্মচাৰীয়ে গাঁৱে গাঁৱে গৈ বিদ্যালয়ে বিদ্যালয়ে দিব লাগিব জাতিগত প্ৰমান পত্ৰ ৷ আনহাতে অসমত নতুন নিয়ম চলিছে বুলি উল্লেখ কৰি মূখ্যমন্ত্ৰীয়ে  মহিলা সকলক চেক সমূহ লওতে চৰকাৰী বিষয়াক উৎকোচ নিদিবলৈ  আহ্বান জনাই ৷ চৰকাৰী কাৰ্যালয়লৈ গ’লে কোনোবাই ধন বিচাৰিলে ভিডিঅ কৰি ফেচবুকত  দিবলৈ দি মোক চিঠি লিখিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ উপায়ুক্তৰ কাৰ্যালয় বা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গলে বিষয়া-কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে মুখ্যমন্ত্ৰী চাৰে আপোনাক চাহ খুওৱাবলৈ কৈছে বুলি ক’বলৈ কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

হোজাই বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

হোজাই জিলাৰ চৌধুৰী বজাৰত আজি হোজাই বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়৷ অভিযানত ৩ নং চামৰালিৰ ঈদগাহৰ ওচৰৰ পৰা এটা অবৈধ কাঠফলা মিল জব্দ কৰে বন বিভাগে৷ হোজাই বন সংমণ্ডল প্ৰাধিকাৰী গুণদ্বীপ দাসৰ নিৰ্দেশত হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথৰ নেতৃত্বত বন বিভাগৰ এটা দলে অভিযান চলাই জব্দ কৰে মিলটো৷ঘটনা সংক্ৰান্তত বন বিভাগৰ লোকে কাকো আটক কৰিব পৰা নাই যদিও তদন্ত চলাই আছে বন বিভাগে৷

উল্লেখ্য যে হোজাইৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা চলি আহিছিল কেবাটাও অবৈধ কাঠফলা মিল৷ শেহতীয়াকৈ এনে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগে তীব্ৰ অভিযান আৰম্ভ কৰিছে৷দুদিন পূৰ্বেও মোৰাঝাৰৰ ৰহমত নগৰৰ পৰা এটা অবৈধ কাঠফলা মিল বন বিভাগে জব্দ কৰাৰ পিছত আজি চামৰালিত অভিযান চলাই পুনৰ আন এটা অবৈধ কাঠফলা মিল জব্দ কৰে বন বিভাগে৷বন বিভাগে এই চক্ৰটোৰ বিৰুদ্ধে তীব্ৰ অভিযান চলালেও পুনৰ চক্ৰটোৱে ভিতৰুৱা দুৰ্গম অঞ্চলত এনেদৰে কাঠফলা মিল বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷

টুপামাৰীত পানীৰ দৰত বিক্ৰী হৈছে জলকীয়া

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত পানীৰ দৰত জলকীয়া বিক্ৰী কৰিব লগীয়া হোৱাত জলকীয়া খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মূৰৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা জলকীয়াৰ উপযুক্ত বজাৰ মূল্য নাপাই এতিয়া লোকচানৰ সন্মুখীন হব লগা হৈছে বৃহত্তৰ টুপামাৰী অঞ্চলৰ হাজাৰ হাজাৰ দৰিদ্ৰ কৃষক ৰাইজ। ৰাজ্যৰ ভিতৰত অন্যতম সৰ্ববৃহৎ জলকীয়া বজাৰ কামৰূপ জিলাৰ নগৰবেৰাৰ টুপামাৰী জলকীয়া বজাৰ। পিছে বজাৰ খনলৈ সম্প্ৰতি নামিছে অশনি সংকেত, দুখীয়া কৃষকে পথাৰৰ জলকীয়া বজাৰত উলিয়াই বেচিব লগা হৈছে প্ৰতি কেজি’ত দহ-বাৰ টকা দামত।

বেংকৰ পৰা ঋণ লৈ অইনৰ মাটি লিজত লৈ বৃহত্তৰ টুপামাৰী অঞ্চলৰ একাংশ কৃষকে জলকীয়া খেতি কৰিছিল যদিও আশা কৰা মতে লাভৱান হব নোৱাৰাত মূৰে কপালে হাত দি বহি থাকিব লগা হৈছে শ শ কৃষকে। প্ৰতি বছৰে টুপামাৰী বজাৰৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও সৰবৰাহ হয় বৃহৎ পৰিমাণৰ কেচাঁ জলকীয়া, তেনেস্থলত বজাৰ খনৰ এই বিপৰ্যয় কিছু দিনলৈ অব্যাহত ৰ’লে ৰাজ্যৰ কৃষি অৰ্থনীতিত মোক্ষম আঘাত পৰাৰ সম্ভাৱনাই অধিক। জলকীয়া এটা ন্যায্য মূল্য নিৰ্ধাৰণ আৰু বজাৰ খনত শীঘ্ৰে জলকীয়া সংৰক্ষণৰ বাবে শীতল গৃহ স্থাপনৰ দাবী জনাইছে দুখীয়া কৃষকে।

ভাৰত–পাকিস্তানে বিনিময় কৰিলে পাৰমাণৱিক অস্ত্র–শস্ত্রৰ তালিকা

চুক্তি অনুসৰি ভাৰত আৰু পাকিস্তানে দুয়ো দেশৰ পাৰমাণৱিক অস্ত্র–শস্ত্র আৰু সা–সুবিধাসমূহৰ তালিকা কৌশলগত পদ্ধতিৰে বিনিময় কৰে৷ কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে বিবৃতিযোগে প্রকাশ কৰা মতে, ১৯৮৮ চনৰ ৩১ ডিচেম্বৰত দুয়ো দেশৰ মাজত হোৱা পাৰমাণৱিক অস্ত্র ব্যৱহাৰ প্রতিবন্ধকতা চুক্তি অনুসৰি এই বিনিময় প্রক্রিয়া সমাপন কৰিছে৷ ১৯৮৮ চনত এই চুক্তি হ’লেও ১৯৯১ চনৰ ২৭ জানুৱাৰীৰ পৰাহে চুক্তিখন কার্যকৰী হৈছে৷

ইপিনে, পাকিস্তানে আজি দেশখনত বন্দী হৈ থকা ৫৭৭জন ভাৰতীয় মাছমৰীয়া আৰু ৫১জন অসামৰিক লোকৰ তালিকা ভাৰতৰ হাতত অর্পণ কৰিছে৷ এই তালিকা নতুন দিল্লীয়ে লাভ কৰাৰ পিছতেই দেশখনত বন্দী হৈ থকা ভাৰতীয় মাছমৰীয়া আৰু অসামৰিক লোকক মুকলি কৰি দিবলৈ ইছলামাবাদক আহ্বান জনাইছে৷ এই সন্দর্ভত আনুষ্ঠানিক পত্রও প্রেৰণ কৰিছে নতুন দিল্লীয়ে৷

সঠিক সময়ত সুযোগ দিয়া হৈছে গাইকোৱাডকঃ চেতন শৰ্মা

শেহতীয়াভাৱে দাঙি ধৰা উন্নত প্রদর্শনৰ বাবেই প্রতিভাৱান বেটছমেন ৰুতুৰাজ গাইকোৱাডক দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া এদিনীয়া শৃংখলাটোত ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ এই মন্তব্য কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ নির্বাচক কমিটীৰ মুখ্য নির্বাচক চেতন শর্মাই৷ দক্ষিণ আফ্রিকা ভ্রমণলৈ ঘোষণা কৰা দলটোত স্থান লাভ কৰা গাইকোৱাড সন্দর্ভত মুখ্য নির্বাচকগৰাকীয়ে কয় যে সঠিক সময়ত তেওঁক সুযোগ দিয়া হৈছে৷

আশা কৰিছোঁ ৰামধেনুৰ দেশত গাইকোৱাডে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব৷ প্রথমতে তেওঁক টি–২০ দলত অন্তর্ভুক্ত কৰা হৈছিল আৰু এতিয়া তেওঁক এদিনীয়া দলটোতো অন্তর্ভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি মুখ্য নির্বাচক চেতন শর্মাই লগতে কয় যে শেহতীয়াভাৱে ইখনৰ পিছত সিখন মেচত দাঙি ধৰা চমকপ্রদ বেটিঙৰ বাবে গাইকোৱাডক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে যদিও দক্ষিণ আফ্রিকাৰে খেলিবলগীয়া এদিনীয়া শৃংখলাটোত ২৪ বছৰীয়া বেটছমেনগৰাকীক মূল একাদশত অন্তর্ভুক্ত কৰা সন্দর্ভত দলীয় মেনেজমেণ্টেহে সিদ্ধান্ত গ্রহণ কৰিব৷

লাভলীনালৈ আৰ জি বৰুৱা বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা

টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে অসমৰ ক্রীড়া জগতক গৌৰৱান্বিত কৰা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইলৈ আৰ জি বৰুৱা বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়াইছে অসম ক্রীড়া সাংবাদিক সন্থাই৷ অহা ১১ জানুৱাৰীত গুৱাহাটীত খেলুৱৈগৰাকীক এই বঁটা প্রদান কৰা হ’ব বুলি সন্থাই এক বিবৃতিত জানিবলৈ দিছে৷

ইফালে অসমৰ প্রতিভাৱান সাতোৰবিদ শিৱাংগী শর্মা আৰু ভাৰোত্তোলক সিদ্ধান্ত গগৈক সন্থাই নৃপেন্দ্র নাৰায়ণ সিংহ সোঁৱৰণী বর্ষশ্রেষ্ঠ জুনিয়ৰ ক্রীড়াবিদৰ বঁটা আগবঢ়াইছে৷ একেদৰে অসম ৰাজ্যিক ভলীবল দললৈ নুৰুল আমিন সোঁৱৰণী বর্ষশ্রেষ্ঠ দল আৰু প্রেমধৰ শর্মালৈ পুলিন দাস জীৱনজোৰা সফলতাৰ বঁটা আগবঢ়োৱা হৈছে৷ অসম চৰকাৰ আৰু অইল ইণ্ডিয়াৰ সহযোগত অসম ক্রীড়া সাংবাদিক সন্থাই প্রায় তিনি বছৰৰ বিৰতিত এ এছ জে এ বার্ষিক ক্রীড়া বঁটা ঘোষণা কৰিছে৷

গুৱাহাটী মহানগৰীত ৩১ ডিচেম্বৰত ৬ কোটিৰ সুৰা বিক্রী

ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰবাসীয়ে আনন্দ–উল্লাসেৰে আদৰিলে ইংৰাজী নৱবর্ষক৷ আৰক্ষী–প্রশাসনৰ নির্দেশনাক সন্মান জনাই মহানগৰবাসীয়ে নতুন বছৰক আদৰাৰ লগতে সপৰিয়ালে লগে–ভাগে এসাঁজ খাই ইজনে–সিজনক যাচিলে নতুন বছৰৰ ওলগ৷

মন কৰিবলগীয়া কথা যে সুৰাপায়ী চালকৰ বিৰুদ্ধে যান–বাহন আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰি ৰাজপথত ব্যাপক তালাচী অভিযান চলোৱাৰ পাছতো ৩১ ডিচেম্বৰত মহানগৰীত ৬ কোটি টকাৰ দেশী–বিদেশী সুৰাৰ বিক্রী হয়৷ প্রাপ্ত খবৰ মতে কালি পুৱাৰে পৰা নিশাপর্যন্ত মহানগৰীৰ সুৰাৰ বিপণীত গ্রাহকে ব্যাপক ভিৰ কৰে৷ কালিৰ দিনটোত মহানগৰীৰ বিভিন্ন প্রান্তৰ সুৰাৰ বিপণীত ছয় কোটি টকাৰ সুৰা বিক্রী হয়৷ ইপিনে সুৰাপায়ী চালকৰ বিৰুদ্ধে যান–বাহন আৰক্ষীয়ে অভিযান চলাই ১১৫জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ৬৩খন গাড়ীচালনাৰ অনুজ্ঞাপত্র জব্দ কৰাৰ উপৰি মুঠ ৩৭খন গাড়ী চালনাৰ অনুজ্ঞাপত্র বাতিল কৰে৷

ওৰাঙৰ ৰাজহুৱা চাফাই কৰ্মী শোভা ভদ্ৰক সম্বৰ্ধনা বিজেপি নেতা কিশোৰ শৰ্মাৰ

ইংৰাজী নৱবৰ্ষৰ শুভক্ষণত দীৰ্ঘদিন ধৰি  ওৰাং চাৰিআলিৰ ৰাজহুৱা চাফাই  কৰ্মী শোভা_দাস_ভদ্ৰ নামৰ দৰিদ্ৰ সীমাৰেখাৰ তলত অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি অহা মহিলাৰ  ঘৰত উপস্থিত হৈ  মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ন’মিনি তথা মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মা আৰু  মাজবাট বিজেপি দলীয় কাৰ্য্যকৰ্তা ক্ৰমে মান্না দে কে আদি কৰি বহু বিজেপি দলীয় কাৰ্য্যকৰ্তা  সকলে এখনি ফুলাম গামোচাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে । 

উল্লেখযোগ্য যে ওৰাং অঞ্চলৰ সকলোৰে পৰিচিত শোভা দাস নামৰ এই মহিলা গৰাকীয়ে  প্ৰায়ে ১৫ বছৰ ধৰি ওৰাং অঞ্চলক  বিনামূলীয়াকে স্বচ্ছ কৰি ৰখাৰ দৰে মহান কামত দৈনিক জড়িত হৈ আছে যাৰ ফলত সমগ্ৰ ওৰাং অঞ্চলত প্ৰষ্টিকৰ লগতে নানান ধৰণৰ অলাগতিয়াল সামগ্ৰী বুটলি সমগ্ৰ ওৰাং অঞ্চলক প্লাষ্টিক মুক্ত পৰিবেশ গড় দিয়াৰ অন্যতম ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ।  শোভাৰ এই পদক্ষেপে বৃহত্তৰ ওৰাং অঞ্চলৰ সকলো ৰাইজক প্ৰদূষণ মুক্ত কৰাৰ লগতে সু- স্বাস্থ্যৰ পৰিবেশ গঢ়ি তোলাত যথেষ্ট অৰিহনা যোগাই আহিছে ।

দেশৰ প্ৰধানমন্ত্ৰীয়ে  স্বয়ং স্বচ্ছতাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালকৈ বিজেপি কাৰ্য্যকৰ্তা সকলেও স্বচ্ছ ভাৰতৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ সময়ত অদৃশ্য ভাবে  ওৰাংৰ এই গৰাকী  শোভা_দাস নামৰ মহিলা জনীয়ে  নিজৰ অঞ্চল স্বচ্ছ কৰি ৰখাত যি মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে তাক যুৱ নেতা কিশোৰ শৰ্মায়ে শলাগিছে  ৷ আৰু আজি শুভ নৱবৰ্ষৰ শুভক্ষণত তাইৰ ঘৰত উপস্থিত হৈ  বিজেপি দলীয় কাৰ্য্যকর্তা সকলে নৱবৰ্ষৰ শুভেচ্ছা দিয়াৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।

গেলেকী কমলাবাৰী অৰণ্যম ক্ষেত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ

যি সময়ত ৰাজ্যত বন ধ্বংসই প্ৰকৃতিপ্ৰেমী সকলক উদ্বিগ্ন কৰি তুলিছে সেই সময়তে উজনিত গেলেকীত গঢ় লৈ উঠা এখন মানৱসৃষ্ট অৰণ্যই দৃষ্টি কাঢ়িছে সকলোৰে। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম – নাগালেণ্ড সীমান্তত বশিষ্ঠ গংগা ক্ষাত দিখৌ নৈৰ কুলু কুলু সুৰৰ প্ৰৱাহমান জলধাৰা নৈসৰ্গিক শোভাৰে নগা পাহাৰৰ নামনি অংশত অৱস্থিত এক অৰণ্যম ক্ষেত্ৰ। ২০০১ বৰ্ষতে গেলেকীৰ এজন প্ৰকৃতিপ্ৰেমী নিৰন গগৈৰ প্ৰচেষ্টাত সীমান্তৱৰ্তী অঞ্চলটোত আৰম্ভ হৈছিল এক বন বিপ্লৱ। প্ৰায় ২০ হেক্টৰ মাটিত চোমনিবাৰী স্থাপনেৰে আৰম্ভ হৈছিল কমলাবাৰী অৰণ্যম ক্ষেত্ৰ স্থাপনৰ প্ৰাৰম্ভিক কাম। উদ্যমী নিৰন গগৈৰ লগ লাগিছিল স্থানীয় বহুকেইজন যুৱক। প্ৰকৃতিপ্ৰেমী যুৱককেইজনৰ এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছিল সেই সময়ৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত ৰবি কোটা। লাহে লাহে সম্প্ৰসাৰিত হৈছিল কমলাবাৰী অৰণ্যম ক্ষেত্ৰৰ পৰিসৰ। সম্প্ৰতি প্ৰায় ৩০০০ বিঘা ভূখণ্ড সামৰি উজনি অসমৰ এক বৃহৎ মানৱসৃষ্ট অৰণ্যম ক্ষেত্ৰত পৰিণত হৈছে কমলাবাৰী।

গাৰোপবন বন সুৰক্ষা সমিতি নামৰ এক পৰিচালনা সমিতিৰ তত্বাৱধানত কমলাবাৰীত এতিয়া ১৫০ হেক্টৰ ভূখণ্ডত বাঁহগছ, ৩০ হেক্টৰ ভূখণ্ডত ঔ টেঙাৰ বাগিছা, ৫০ হেক্টৰ ভূখণ্ডত প্ৰায় ১৪০০০ জোপা পৈণত তিতাচপা, ৩ হেক্টৰ ভূখণ্ড সামৰি প্ৰায় ৮০০০ জোপা চেগুন গছ জাতিস্কাৰ হৈ উঠিছে। ইয়াৰোপৰি ৫ হেক্টৰ ভূখণ্ডত স্থাপিত হোৱা ফল মূলৰ বাগিছাই পৰ্যটকক আকৰ্ষিত কৰি আহিছে। শেহতীয়াকৈ কমলাবাৰী অৰণ্যম ক্ষেত্ৰত সংযোগ ঘটিছে ‘সাহিত্য মনিষী উপবন’ নামেৰে এক জৈৱ বৈচিত্ৰ উদ্যানৰ। প্ৰায় আঢ়ৈ হেক্টৰ ভূমিত গঢ়ি তোলা এই ঔষধি গছৰ সমাহাৰ ঘটা উদ্যানখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ অধ্যয়নৰ সমল হিচাপে পৰিগণিত হৈ পৰা এই ঔষধি উদ্ভিদৰ উদ্যানখনত প্ৰায় সহস্ৰাধিক বিভিন্ন ঔষধি গুণ সম্পন্ন উদ্ভিদৰ সমাহাৰ দেখা পোৱা যায়। ইয়াৰোপৰি প্ৰায় বিলুপ্ত প্ৰায় উদ্ভিদসমূহ যেনে মেজাংকৰি, মাধৈমালতী, বৰ্হমথুৰি ইত্যাদি কমলাবাৰীত পৰ্যাপ্ত পৰিমাণে পোৱাৰ লগতে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল কাঠ মেহগণি গছৰো সমাহাৰ দেখা পোৱা যায়। দিখৌ নৈৰ নৈসৰ্গিক শোভাৰ লগতে কাষতে সগৌৰৱেৰে থিয় দি থকা নগা পাহাৰৰ প্ৰাকৃতিক শোভাই সদায় কমলাবাৰী প্ৰতি আকৰ্ষিত কৰি আহিছে পৰ্যটক সকলক। সম্প্ৰতি উজনি অসমৰ অন্যতম জনপ্ৰিয় বনভোজ স্থলীত পৰিগণিত হৈছে জৈৱ বৈচিত্ৰৰে ভৰপূৰ কমলাবাৰী অৰণ্যম ক্ষেত্ৰ। নতুন বছৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কমলাবাৰীৰ গুৰি ধৰোঁতা তথা বন বন্ধু নিৰন গগৈয়ে দৈনিক অগ্ৰদূতক কয় যে সম্প্ৰতি বিশ্বজুৰি আলোচ্য বিষয় হৈ পৰা গোলকীয় উঞ্চতাৰ অস্বাভাৱিক পৰিৱৰ্তনৰ অন্যতম বা প্ৰধান কাৰণ বন ধ্বংস। তেনেস্থলত বনানীকৰণৰ জড়িয়তে বিশ্বৰ ভৌগোলিক উত্তৰণৰ বেলিকা কিঞ্চিত হলেও বৰঙণি আহবঢ়োৱা  সকলোৰে সামাজিক দ্বায়িত্ব।

নতুন বছৰত সকলোৱে সংকল্প লোৱা উচিত যাতে বনানীকৰণৰ জড়িয়তে পৃথিৱী খন সেউজ কৰি ৰাখিব পাৰি। ইফালে সীমান্তৰ অতন্ত্ৰ প্ৰহৰী হিচাপেও পৰিগণিত হৈ আহিছে কমলাবাৰী অৰণ্যম ক্ষেত্ৰ। গেলেকী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬০০০ হেক্টৰ ভূখণ্ড ইতিমধ্যে চুবুৰীয়া ৰাজ্য নগাৰ দখললৈ যোৱাৰ সময়তে সংৰক্ষিত বনাঞ্চল খনৰ অৱশিষ্ট অংশত স্থাপিত কমলাবাৰী অৰণ্যম ক্ষেত্ৰই অসমৰ ভূখণ্ডক সুৰক্ষা দি আহিছে  চুবুৰীয়া ৰাজ্যখনৰ আগ্ৰাসনৰ পৰা। সত্তৰ দশকৰ পৰাই গেলেকী সংৰক্ষিত বনাঞ্চলত শেনচকু নগাৰ। ধাৰাবাহিক ভাৱে অসমৰ দিশে সীমা সম্প্ৰসাৰিত কৰি অহা আগ্ৰাসী নগাবাহিনীও যেন থমকি ৰৈছে কমলাবাৰী স্থাপনৰ পাছতে। দেশী – বিদেশী পৰ্যটকেৰ বিচৰণৰে  সদা ব্যস্ত হৈ উঠা কমলাবাৰী এতিয়া অসমৰ পৰ্যটনৰ মানচিত্ৰত এক উল্লেখযোগ্য স্থান হৈ পৰিছে।ৰাজ্যৰ পৰ্যটন উন্নয়ন নিগমৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ আছে যদিও   জৈৱ বৈচিত্ৰৰে ভৰপূৰ অসম বিশ্বৰ পৰ্যটন মানচিত্ৰত এতিয়াও জিলিকি উঠা নাই। চৰকাৰী ভাৱেই বন ধ্বংসৰ বাতৰিয়ে বৰ্তমান সংবাদ শিৰোনামা দখল কৰাৰ সময়তে গেলেকীত বন বন্ধু নিৰন গগৈৰ সবল নেতৃত্বত চলা এই সেউজ বিপ্লৱ এক অনন্য হিচাপে পৰিগণিত হৈছে। অনাগত সময়ত চৰকাৰী কৰ্তৃপক্ষৰ সহযোগত কমলাবাৰী অৰণ্যম ক্ষেত্ৰক দেশৰ ভিতৰতে এক বৃহৎ জৈৱ বৈচিত্ৰৰ উদ্যান হিচাপে গঢ়ি তোলাৰ আশা পুহি ৰখা গাৰোপবন বন সুৰক্ষা সমিতিয়ে শেহতীয়া ভাৱে স্থাপন কৰা ঔষধি বাগিছাৰ উদ্যানখনে অনাগত সময়ত আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰৰ ঔষধ প্ৰস্তুতৰ বহু কেঁচা সামগ্ৰী উপলব্ধ কৰাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।

ডিজিটেল অসমঃ ইণ্টাৰনেট গেটৱে’ হ’ব গুৱাহাটী

তথ্য–প্রযুক্তিৰ অভাৱনীয় উত্তৰণ আৰু বিকাশে আজিৰ মানুহক পৃথিৱীখন থাউকতে হাতৰ মুঠিতে পোৱাৰ সুবিধা কৰি দিছে৷ ম’বাইল, ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া প্লেটফর্মত এতিয়া অভ্যস্ত সমগ্র পৃথিৱী৷ ডিজিটেল হৈছে মানুহৰ দৈনন্দিনৰ কর্মক্ষেত্র আৰু কাম–কাজৰ পদ্ধতি৷ ডিজিটেল যুগে সমগ্র বিশ্বৰ লগতে ভাৰতবর্ষৰো সম্ভাৱনা আৰু বিকাশৰ দুৱাৰ মুকলি কৰিছে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে তথ্য–প্রযুক্তিৰ ক্ষেত্রখনত বিশেষ অগ্রাধিকাৰ দিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে ডিজিটেল অসম গঢ়াৰ বাবে দ্রুত পদক্ষেপ গ্রহণ কৰিছে৷ চৰকাৰ সংকল্পবদ্ধ হৈছে অদূৰ ভৱিষ্যতে সমগ্র ৰাজ্যখনকে ডিজিটেল ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ৷ ৰাজ্যৰ প্রশাসন, শিক্ষা, স্বাস্থ্য, নিয়োগ, বাণিজ্য, বন, উদ্যোগ, আবকাৰী, পৰিবহণকে ধৰি সকলো বিভাগৰ কাম–কাজ ডিজিটেলাইজ কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ ২০২১ৰ বিদায় ক্ষণত ডিজিটেল অসমৰ এই নতুন সংকল্পই বিভিন্ন দিশলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷

ইতিমধ্যে ডিজিটেল অসমৰ সপোন বাস্তৱায়িত কৰাৰ বাবে চৰকাৰৰ সহযোগত এমট্রনে বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ ডিজিটেল অসমৰ অংশ হিচাপে এমট্রনে ৩৪খন জিলাত সুগম ই–ডিষ্ট্রিক্ট প’র্টেলৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে৷ ই–ডিষ্ট্রিক্ট প’র্টেলৰ জৰিয়তে খুব সহজতে ৰাইজে আয়ৰ প্রমাণ–পত্র, জাতিগত প্রমাণ–পত্র, নন–ক্রিমিলিয়াৰ চার্টিফিকেট, স্থায়ী বাসিন্দাৰ প্রমাণ–পত্রকে ধৰি ১৮টা সেৱা লাভ কৰি আহিছে৷ সুগম ই–ডিষ্ট্রিক্ট প’র্টেলৰ জৰিয়তে আজিৰ তাৰিখলৈকে বিভিন্ন প্রমাণ–পত্র বিচাৰি ৪২,৫৩,৭৫৩খন আবেদন কৰিছে৷ ইয়াৰ ভিতৰত ৩৩,৮৬,৩৮৪জন লোকে প্রমাণ–পত্র লাভ কৰিছে৷ সুগম ই–ডিষ্ট্রিক্ট প’র্টেলৰ জৰিয়তে ৩৪খন জিলাৰ ১৫৪টা ৰাজহ চক্রৰ কার্যালয় আৰু ২২টা মহকুমাৰ প্রশাসনিক কাম–কাজ স্বচ্ছ আৰু নিকা ৰূপত চলি আহিছে৷ মিছন বসুন্ধৰা প’র্টেলৰ জৰিয়তে লাভান্বিত হৈছে সাধাৰণ জনতা৷ বসুন্ধৰা প’র্টেলৰ জৰিয়তে ৭,৯১,৪৪৩খন আবেদন লাভ কৰিছে৷ এমাহৰ ভিতৰতে ইয়াৰ ১,০০,১৮২খন আবেদন নিষ্পত্তি কৰা হৈছে৷ ডিজিটেল অসম গঢ়ি তোলাৰ বাবে চৰকাৰৰ সহযোগত এমট্রনে গুৱাহাটীৰ বঙৰাত এশ একৰ ভূমিত গঢ়ি তুলিছে টেক চিটী (প্রযুক্তি নগৰ)৷ অসমৰ ৰাইজৰ বাবে সুখবৰ যে নৱবর্ষতে এই টেক চিটী (প্রযুক্তি নগৰ)ৰ কাম–কাজ আৰম্ভ হ’ব৷ ডিজিটেল অসমৰ সপোন বাস্তৱত ৰূপায়িত হ’বলৈ উচ্চ ক্ষমতাসম্পন্ন ইণ্টাৰনেট সেৱাৰ প্রয়োজন৷ সেয়েহে উত্তৰ–পূর্বাঞ্চলৰ ইণ্টাৰনেট গেটৱে’ স্থাপনৰ বাবে আঁচনি গ্রহণ কৰিছে৷ ইতিমধ্যে ইয়াৰ যাৱতীয় অনুজ্ঞাপত্র লাভ কৰিছে৷ বোম্বে, চেন্নাই, কোচিনৰ পিছত ইণ্টাৰনেট গেটৱে’ হ’ব গুৱাহাটী৷

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ইণ্টাৰনেট সেৱা বিশেষ কার্যক্ষম কৰি তুলিবলৈ গুৱাহাটীক ইণ্টাৰনেট গেটৱে’ হিচাপে গঢ়ি তোলাৰ সপোন নৱবর্ষতে বাস্তৱায়িত হ’ব৷ বঙৰাৰ টেক চিটী (প্রযুক্তি নগৰ)ত বি আই এছৰ টেষ্টিং লেবৰেটেৰী, ই–ৱেষ্ট মেনেজমেণ্ট কোম্পানী, এইচ ডি এফ চিৰ বি পি অ’, ডাটা চেণ্টাৰ, নেন’ প্রযুক্তিৰ কোম্পানীকে ধৰি কেইবাটাও আই টি কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰিছে৷ বঙৰাৰ টেক চিটী (প্রযুক্তি নগৰ)ত ৰাজ্যৰ প্রায় ৮ হাজাৰ শিক্ষিত নিবনুৱা যুৱক–যুৱতীয়ে সংস্থাপন লাভ কৰিব৷ চৰকাৰী কার্যালয়ত ই–ফাইলিং মেনেজমেণ্টৰ কাম–কাজ এমট্রনে কৰি আহিছে৷ চৰকাৰৰ সহযোগত এমট্রনে আবকাৰী, পৰিবহণ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম–কাজ, নথি–পত্র ডিজিটেল প্রক্রিয়াৰে আৰম্ভ কৰিছে৷ ইয়াৰ ফলত এই বিভাগকেইটাৰ কাম–কাজ স্বচ্ছ আৰু নিকা হোৱাৰ লগতে পূর্বতকৈ অধিক ৰাজহ সংগ্রহ হোৱা পৰিলক্ষিত হৈছে৷ ডিজিটেল অসমৰ সপোন বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰেও এমট্রনৰ দৰে নিজাববীয়াকৈ জনতা ভৱনত ৰাজ্যিক ডাটা চেণ্টাৰ স্থাপন কৰিছে৷ ২০২১ চনৰ ১৩ ফেব্রুৱাৰীত এই ডাটা চেণ্টাৰৰ কাম–কাজ আৰম্ভ হৈছে৷ ৰাজ্যিক ডাটা চেণ্টাৰৰ পৰাই ২৬টাকৈ চৰকাৰী বিভাগৰ ৱেবছাইট আৰু প’র্টেলৰ কাম–কাজ চলি আছে৷ উল্লেখ্য যে এমট্রনে চৰকাৰৰ সহযোগত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পুথিভঁৰালত থকা পুৰণি আলোচনী, গেজেট, তাম্রফলি, সাঁচিপাতৰ পুথি, জার্নেল আদি ডিজিটেলাইজ কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ নৱবর্ষৰ মার্চ মাহৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ হ’ব৷ অসম সাহিত্য সভাৰ পুৰণি পুথিসমূহো ডিজিটেলাইজ কৰাৰ বাবে এমট্রন চুক্তিবদ্ধ হৈছে৷ জনসাধাৰণক সহজলভ্যকে তথ্য যোগান তথা প্রযুক্তিবিদ্যাক প্রধান আহিলা হিচাপে লৈ আর্থ–সামাজিক দিশটো শক্তিশালী কৰাৰ ক্ষেত্রত ডিজিটেল অসমে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ অসমৰ তথ্য–প্রযুক্তি ক্ষেত্রখনৰ প্রসাৰ আৰু উত্তৰণৰ বাবে বিশেষ গুৰুত্ব প্রদানৰ সংকল্পও গ্রহণ কৰিছে চৰকাৰখনে৷