Home Blog Page 2641

বিশ্বৰ সকলো দেশে একেসময়তে কিয় উদযাপন নকৰে নৱবৰ্ষ?

আজি নৱবৰ্ষৰ পহিলা দিন। এটা স্নিগ্ধ পুৱাৰ আবিৰেৰে যেন আৰম্ভ হৈছে আজিৰ দিনটো। নৱবৰ্ষৰ সেউজ উছাহত নামিছে এচমকা কোমল ৰ’দ। এনেদৰেই আৰম্ভণি এটা নতুন বছৰৰ। ২০২২ক নতুন আশা আৰু পোহৰেৰে স্বাগতম জনাইছে। সমগ্ৰ বিশ্বত মাজনিশাৰ ঠিক আগতে কাউণ্টডাউন আৰম্ভ হৈছিল নৱবৰ্ষক আদৰাৰ বাবে৷ কিন্তু বিশ্বৰ সকলো দেশে একে সময়তে নতুন বছৰক আদৰা নাই৷ গ্ৰেগৰিয়ান বৰ্ষপঞ্জীয়ে সমগ্ৰ বিশ্বতে বৈধতা লাভ কৰিছে। এই বৰ্ষপঞ্জি অনুযায়ী; বিশ্বৰ প্ৰায় সকলো দেশে প্ৰতিবছৰে ১ জানুৱাৰীত ৩৬৪/৩৬৫ দিনৰ ব্যৱধানত নৱবৰ্ষ উদযাপন কৰে।

কোনখন দেশে প্ৰথমে নৱবৰ্ষ উদযাপন কৰে?

ওচেনিয়া হৈছে বিশ্বৰ প্ৰথম ঠাই যিয়ে প্ৰথমে নতুন বছৰক স্বাগতম জনায়, লগতে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ টংগা, চামোৱা আৰু কিৰিবাটি হৈছে নৱবৰ্ষক স্বাগতম জনোৱা প্ৰথম দেশ। জিএমটি অনুসৰি পুৱা ওচেনিয়াত ১০ বজাত বা ৩১ডিচেম্বৰত ভাৰতীয় সময় মতে আবেলি ৩-৩০ বজাত উদযাপন কৰে৷

কোনখন দেশে বিগত বছৰ নৱবৰ্ষ উদযাপন কৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰৰ হাওলেণ্ড আৰু বেকাৰ দ্বীপপুঞ্জৰ জনবসতিহীন দ্বীপসমূহ ২০২২ চনৰ নৱবৰ্ষক স্বাগতম জনোৱাৰ অন্তিম ঠাই হ’ব। তেওঁলোকে নতুন বছৰত জিএমটিৰ ১২ বজাত বা ১ জানুৱাৰীত ভাৰতীয় সময় মতে সন্ধিয়া ৫:৩০ বজাত উদযাপন কৰিব৷

নিউজিলেণ্ড: জিএমটি, পুৱা ১০:১৫ বজাত ভাৰতীয় সময় অনুসৰি আবেলি ৩:৩০ বজাত


অষ্ট্ৰেলিয়া: জিএমটি, দুপৰীয়া ১ বজাত ভাৰতীয় সময়মতে সন্ধিয়া ৬:৩০ বজাত


জাপান, দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়া: জিএমটি| আবেলি ৩ বজাত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮:৩০ বজাত


চীন, ফিলিপাইনছ আৰু ছিংগাপুৰ: জিএমটি আবেলি ৪ বজাত| ভাৰতীয় সময় অনুসৰি নিশা ৯:৩০ বজাত


বাংলাদেশঃ জিএমটি| সন্ধিয়া ৬ বজা ভাৰতীয় সময় মতে নিশা ১১:৩০ বজাত


নেপাল: জিএমটি | সন্ধিয়া ৬:১৫ বজাত ভাৰতীয় সময় মতে নিশা ১১:৪৫ বজাত


ভাৰত আৰু শ্ৰীলংকা: জিএমটি| সন্ধিয়া ৬:৩০ বজাত ভাৰতীয় সময় মতে পুৱা ১২:০০ বজাত


পাকিস্তান: জিএমটি| সন্ধিয়া ৭ বজা ভাৰতীয় সময়মতে পুৱা ১২:৩০ বজাত


জাৰ্মানী, ফ্ৰান্স, ইটালী, বেলজিয়াম আৰু স্পেইন: জিএমটি| নিশা ১১ বজাত ভাৰতীয় সময়মতে পুৱা ৪:৩০ বজাত


ইউকে, আয়াৰলেণ্ড, আইচলেণ্ড, পৰ্তুগাল: জিএমটি| পুৱা ১২ বজাত ভাৰতীয় সময়মতে পুৱা ৫:৩০বজাত

ব্ৰাজিল (কিছুমান অঞ্চল): জিএমটি| পুৱা ২ বজাত ভাৰতীয় সময়মতে পুৱা ৭:৩০ বজাত


আৰ্জেণ্টিনা, ব্ৰাজিল (কিছুমান অঞ্চল), চিলি আৰু পাৰাগুৱে: জিএমটি | পুৱা ৩ বজা ভাৰতীয় সময় মতে ৰাতিপুৱা ৮:৩০ বজাত


নিউয়ৰ্ক, ৱাশ্বিংটন, ডেট্ৰয়েট: জিএমটি| পুৱা ৫ বজা ভাৰতীয় সময় মতে পুৱা ১০:৩০ বজাত

ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ কাম দ্ৰুত গতিত

ধুবুৰী – ফুলবাৰী দলং হৈছে উত্তৰ-পূৱ ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মাণ এখন দলং।বাংলাদেশ সীমান্তৰ নিচেই ওচৰত অৱস্থিত এই নিৰ্মীয়মাণ দলংখন অসমৰ ধুবুৰীৰ সৈতে মেঘালয় ফুলবাৰীৰ লগত সংযুক্ত কৰিব ৷ চৰকাৰে ধুবুৰী – ফুলবাৰী – তুৰা নতুনকৈ ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰৰ লুক ইষ্ট পলিচীৰ অধীনত উত্তৰ-পূৱ অঞ্চলৰ বাণিজ্যিক বিকাশৰ বাবে আৰম্ভ কৰিছে দেশৰ ভিতৰত সৰ্ববৃহৎ দলংৰ কাম৷ বৰ্তমান দেশৰ ভিতৰতে দীৰ্ঘতম দলং হিচাপে পৰিগণিত হোৱা ধলা – শদিয়াৰ ভূপেন হাজৰিকা দলংৰ অভিলেখ ভংগ কৰিব।

ধলা – শদিয়াৰ দৈৰ্ঘ ৯.১৫ কিলোমিটাৰ হোৱাৰ বিপৰীতে নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলংখনৰ দৈৰ্ঘ ২০ কিলোমিটাৰ। দলংখনৰ নদী অংশত থাকিব ১২.৬ কিল’মিটাৰ। উক্ত দলং নিৰ্মাণৰ কামৰ নিবিদা লাভ কৰিছে L&T নামৰ এটা কোম্পানীয়ে ৷দিনে -নিশাই অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি  দলং নিৰ্মাণৰ কাম দ্ৰুত গতিত চলাই আছে আৰু ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ আশা কৰা হৈছে। উল্লেখ যে ধুবুৰী আৰু বাংলাদেশ সীমান্তৱৰ্তী ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ দলংখনে উত্তৰ-পূৱ অঞ্চলৰ অসম, মেঘালয়ৰ বাণিজ্যিক বিকাশৰ লগতে বাংলাদেশকো উপকৃত কৰিব। সমান্তৰালভাৱে ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাইজে বাণিজ্যিক ক্ষেত্ৰত লাভান্বিত হৈ পৰিব, কাৰণ যাতায়ত ব্যৱস্থা সুচল হৈ পৰিব ৷ স্বাধীনতাৰ পিছৰে পৰা জলপথৰে ইঞ্জিন চালিত নাওৰে ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি পাৰাপাৰ হৈ আহিছে যত ৭/৮ ঘণ্টা সময় প্ৰয়োজন হৈছিল কিন্তু দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হলে এক ঘণ্টাত যাতায়ত কৰিব পাৰিব ৷ দলংখন নিৰ্মাণ হৈ উঠিলে ২০৩ কিল’মিটাৰ নদী পথ ২০ কিল’মিটাৰলৈ হ্ৰাস পাব।

২০২২ চনটো অসম – মেঘালয়ৰ ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হব কাৰণ এই চনতে অসম আৰু মেঘালয়বাসিয়ে লাভ কৰিছে দেশৰ সৰ্ববৃহৎ দলং ৷

আনয়ন দি হেবিট এনজিঅ’ৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ

পহিলা জানুৱাৰীৰ দিনাই আনয়ন দি হেবিট এনজিঅ’ৰ ব্যতিক্ৰমী প্ৰদক্ষেপ। টেঙাখাতৰ সৰস্বতী দেৱী বাগ্ৰদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত অধিক আকৰ্ষিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থ প্ৰদান কৰে। ১৭০ জনতকৈও অধিক ছাত্ৰ ছাত্ৰীক গ্ৰন্থ উপহাৰ দিয়া হয়।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া ভাষা আৰু অনুবাদ সাহিত্যৰ ওপৰত বক্তৃতা প্ৰদান কৰে বিদ্যালয়খনৰ ভূমি দাতা বিশিষ্ট অনুবাদ সাহিত্যিক দেৱী প্ৰসাদ বাগ্ৰদিয়াই।এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক গুণেশ্বৰ সোনোৱাল , প্ৰাক্তন প্ৰধান শিক্ষক যতিন্দ্ৰ নাথ সোনোৱাল , বিদ্যালয়ৰ খনৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি চমুৱাৰ লগতে স্থানীয় সংবাদ কৰ্মী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল।

দঃ আফ্রিকাৰ বিৰুদ্ধে এদিনীয়ালৈ ভাৰতীয় দল ঘোষণা

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অহা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াক নেতৃত্ব দিব তাৰকা অ’পেনাৰ লোকেশ ৰাহুলে৷ শেহতীয়াকৈ ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক নিযুক্ত ৰোহিত শর্মাই আঘাতৰ পৰা আৰোগ্য লাভ নকৰাত ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে ৰাহুলৰ কান্ধত এই গুৰুদায়িত্ব অর্পণ কৰিছে৷ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহক শৃংখলাটোৰ বাবে টীম ইণ্ডিয়াৰ সহঃ অধিনায়ক নিযুক্ত কৰা হৈছে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলালৈ প্রস্তুতি চলাই থকাৰ সময়তে ৰোহিত শর্মাই হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হৈছিল৷ শেহতীয়াকৈ তেওঁ বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত নিজকে সুস্থ কৰি তোলাৰ প্রক্রিয়া চলাই আছিল৷ কিন্তু সময় মতে সুস্থ হৈ উঠিব নোৱাৰাত ৰোহিত এদিনীয়া শৃংখলাৰ পৰাও বাহিৰ হয়৷ টেষ্ট শৃংখলাত চমকপ্রদ বলিং প্রদর্শন দাঙি ধৰা তাৰকা বেগী বলাৰ মহম্মদ ছামিক এদিনীয়া শৃংখলাত বিশ্রাম দিয়া হৈছে৷

ইফালে, তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা আৰু অক্ষৰ পেটেল এতিয়াও আনফিট হৈ আছে৷ মন কৰিবলগীয়া যে বিৰাট কোহলিয়ে বিগত আই চি চি টি–২০ বিশ্বকাপৰ পিছতে ভাৰতীয় টি–২০ দলৰ নেতৃত্বৰ পৰা অব্যাহতি লয়৷ ইয়াৰ পিছতে বিচিচিআয়ে শেহতীয়াকৈ কোহলিক আঁতৰাই ৰোহিত শর্মাক এদিনীয়া দলৰ অধিনায়ক নিযুক্ত কৰে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাত ৰোহিতে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব গ্রহণৰ কথা আছিল৷ কিন্তু আঘাতৰ বাবে তেওঁ দক্ষিণ আফ্রিকালৈ যাব নোৱাৰিব৷ দলটোঃ ৰাহুল (অধিনায়ক), শিখৰ ধাৱন, ৰুতুৰাজ গাইকোৱাড, বিৰাট কোহলি, শ্রেয়াছ আয়াৰ, সূর্য কুমাৰ যাদৱ, ভেংকটেশ আয়াৰ, ঋষভ পণ্ট, ঈশান কিষণ, ৰবিচন্দ্রন অশ্বিন, য়ুজবেন্দ্র চাহাল, ৱাশ্বিংটন সুন্দৰ, যশপ্রীত বুমৰাহ, ভুবনেশ্বৰ কুমাৰ, দীপক চহৰ, প্রসিদ্ধ কৃষ্ণ, শার্দূল ঠাকুৰ আৰু মহম্মদ ছিৰাজ৷

সমুদ্ৰৰ ঢৌ নহয় মুম্বাইত এইবাৰ ক’ভিডৰ ঢৌ

সমুদ্ৰৰ ঢৌৱে দিনে-নিশাই স্পৰ্শ কৰি থকা মুম্বাইত এইবাৰ ক’ভিডৰ তৃতীয় ঢৌ উঠিছে। নববৰ্ষৰ প্ৰথম দিনটোতে দেশবাসীক চিন্তাত পেলাইছে ক’ভিড-১৯ ভাইৰাছে।নববৰ্ষৰ শুভেচ্ছাবাণীত হয়তো সকলোৱে আশা কৰিছে যাতে ক’ভিড-১৯ৰ বাবে সৃষ্টি  হোৱা ভয়াৱহ দিনবোৰ আকৌ উভতি নাহক, নতুন প্ৰভাতত সকলো সুস্থিৰ হওক। কিন্তু, তাৰে বিপৰীত খবৰ আহিছে মুম্বাই তথামহাৰাষ্ট্ৰৰ পৰা। আকৌ ল’কডাউনৰ আশংকা আহি পৰিছে ৰাজ্যখনত।

হঠাতে ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ষীপ্ৰতাৰে বাঢ়িছে।যোৱা ৪৮ ঘণ্টাত ক’ভিড আক্ৰান্তৰ সংখ্যা ৰাজ্যখনত দুগুণলৈ বৃদ্ধি পাইছে।এই খবৰে স্বাভাৱিকতে সকলোকে চিন্তাতপেলাইছে।

তথ্যমতে,শুকুৰবাৰে ৮,০৬৭ জনৰ দেহত ধৰা দিছে ক’ভিড-১৯ ভাইৰাছ।যি সংখ্যা বুধবাৰলৈ আছিল মাত্ৰ  ৩৯০০। কেৱল মুম্বাইতে শুকুৰবাৰে ৫,৪২৮নতুন আক্ৰান্ত ধৰা পৰিছে, যি সংখ্যা বুধবাৰলৈ আছিল মাত্ৰ ২,৪৪৫।ৰাজ্যখনৰস্বাস্থ্য বিভাগে আশংকা ব্যক্ত কৰিছে যে যদিহে এইহাৰতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়, তেন্তে জানুৱাৰীৰ তৃতীয় সপ্তাহলৈ আক্ৰান্তৰ সংখ্যা ২ লাখ হ’বগৈ।

নতুন বছৰৰ আৰম্ভণিতেই বৈষ্ণোদেবী মন্দিৰত মর্মান্তিক দুর্ঘটনা

নতুন বছৰৰ আৰম্ভণিতেই শোকাৱহ দুৰ্ঘটনা। বৈষ্ণোদেৱী মন্দিৰত পদপিষ্ট হৈ ১২ জন লোকৰ মৃত্যু হৈছে। লগতে কমেও তেৰজন লোক গুৰুতৰভাৱে আহত হৈছে। শুকুৰবাৰে নিশা এই শোকাৱহ ঘটনাটো সংঘটিত হৈছিল।

জম্মু-কাশ্মীৰৰ আৰক্ষী ডিজিপি দিলবাগ সিঙে সংবাদ সংস্থা এএনআইক জনোৱা অনুসৰি, ‘বৈষ্ণোদেৱী মন্দিৰ চৌহদত পদপৃষ্ট হোৱাৰ ফলত কমেও ১২ জন লোক নিহত হয়। ১৩ জন আহত। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছিল যে ঘটনাটো নিশা প্ৰায় ২.৪৫ বজাত সংঘটিত হৈছিল।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে। সমান্তৰালকৈ মৃতকৰ প্ৰতিটো পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই।

উল্লেখ্য যে শনিবাৰে পুৱতিনিশা জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰত পদপৃষ্ট হোৱাৰ আঁৰৰ কাৰণ হৈছে নৱবৰ্ষ উপলক্ষে ভক্তসকলৰ অস্বাভাৱিক ভিৰ।

হাজোত মানৱ অধিকাৰ সম্পৰ্কীয় সজাগতা সভা

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি মানৱ অধিকাৰ আইন সম্পৰ্কে সজাগতা সভা অনুস্থিত হয়।ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখন সঞ্চালনা কৰে প্ৰধান শিক্ষক চান মহম্মদ আলীয়ে।বৃহত্তৰ বৰছলিৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলক লৈ আয়োজন কৰা এই সজাগতা সভাত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ছাইদুৰ ৰহমানে।

ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ,কৰ্তব্য, দায়িত্ব আদি পূংখানূপূংশ ভাৱে  বিশ্লেষন কৰে ৰহমানে।এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক – অভিভাৱিকা আৰু শিক্ষক সকলৰ গুৰুত্ব  সমুহ আলোকপাত কৰা হয়।এই সজাগতা সভাত ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক দিলীপ দাস,সহযোগী অধ্যাপক জিতেন্দ্ৰ ডেকা, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক আবু লেইচ, আৰবী বিভাগৰ সহযোগী অধ্যাপক নজৰুল ইছলাম,বৰছলি হাটখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা ৰাইজ উপস্থিত থাকে।

নৱবৰ্ষৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?

১৬ পুহ, শনিবাৰ, ইং ১ জানুৱাৰী ২০২২


মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। কৰ্মক্ষত্ৰত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত আনৰ সহায়-সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।


বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হ’ব পাৰে। ঘৰুৱা কামবোৰত উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে দেহ-মনত সামান্য কষ্ট পাব পাৰে।


মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ’ব, কৰ্মক্ষত্ৰত আনৰ সহায়-সহযোগিতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা য়ায।

কৰ্কট ৰাশি: কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত শুভ হ’ব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সন্দেহ ভাব বাঢ়িব। সামান্য ব্যয় বাঢ়িব লগতে আজি ছাত্র-ছাত্ৰী সকল সজাগ নহ’লে সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটোত বিবাহ প্ৰাৰ্থীসকলৰ শুভ হ’ব। আয় বাঢ়িব, সন্মানলাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য বিবাদৰ সন্মুখীন হ’ব পাৰে।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব। ধন আগমন বাঢ়িব, কৰ্মক্ষেত্ৰত সফল হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততা বাঢ়িব, প্ৰেমত শুভ। লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভাতৃসম ব্যক্তিৰ পৰা মনত শান্তিলাভ কৰিব। যদিও আজি আপুনি কৰ্মত সজাগ হোৱাটো ভাল হ’ব।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ’ব। ভ্ৰমণৰ সুযোগ লাভ হ’ব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ধন বাঢ়িভ। কৰ্মত শুভ হ’ব, সন্মান লাভ হ’ব। যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য হতাশাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ হ’ব। আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য এলাহ ভাব বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

আমেৰিকাকো চেৰ পেলাই অৰ্থনীতিৰ শীৰ্ষত ৰঙা চীন

২০২১ বৰ্ষটো সম্পূৰ্ণৰূপে ক’ভিডৰ বৰ্ষ আছিল বুলি ক’লেও ভূল কোৱা নহ’ব৷ ক’ৰোনাৰ কৰাল গ্ৰাসত পৰি বহুতে হেৰুৱালে জীৱিকাৰ পথ, আন কোনোৱে হেৰুৱালে নিজৰ আত্মীয়-স্বজনক৷ ক’ভিডৰ প্ৰথম ঢৌক যদিও ভাৰতে সমগ্ৰ পৰিস্থিতিতো নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল যদিও ক’ভিডৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰিলে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ক্ৰিয়াকৰ্ম স্তব্ধ হৈ পৰিছে৷ লগতে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৷ এই মহামাৰী কৱলত পৰি বিশ্বৰ সকলো দেশৰ অৰ্থনীতিৰ অৱস্থা একেবাৰে বেয়াৰ দিশলৈ গতি কৰিছে, সেয়া লাগিলে উদ্যোগিক ক্ষেত্ৰতে হওক, কৃষি খণ্ড বা আন অৰ্থনৈতিক ক্ষেত্ৰত সকলোৰে অৱস্থা নাজল-নাথল৷

এইক্ষেত্ৰত ভাৰতৰো অৰ্থনীতিৰ অৱস্থা একেবাৰে পুতৌলগা৷ বিশেষকৈ ইমান দীঘলীয়া লকডাউনৰ ফলত দৰিদ্ৰ শ্ৰেণীটোৱে কেনেদৰে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰী লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি আমাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিলে চৰকাৰে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও এই যাত্ৰা সুগম নাছিল।। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পাছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নহয়। কিন্তু ইয়াৰ মাজতে চীনে সকলো দেশকে অতিক্ৰম কৰি অৰ্থনৈতিক ক্ষেত্ৰত শীৰ্ষত অৱস্থান কৰিছে৷ এইক্ষেত্ৰত ছুপাৰ পাৱাৰ আমেৰিকাকো অতিক্ৰম কৰিলে চীনে৷

আজি বছৰটোৰ অন্তিম দিন৷ বিদায় ক্ষণত পুৰণিক পাহৰি সকলোৱে নতুনক আদৰিবলৈ প্ৰস্তুতি চলাইছে৷ কিন্তু নতুন বছৰক আপুনি আদৰাৰ সমান্তৰালকৈ নতুন বছৰৰ আৰম্ভণিৰেপৰাই বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত অতিৰিক্তভাৱে বৃদ্ধি হ’ব জিএছটিৰ হাৰ ৷ কৰৰ হাৰ বৃদ্ধি পোৱা সামগ্ৰীৰ ভিতৰত আছে পোছাক আৰু জোতা৷ জোতা আৰু পোছাকত জিএছটিৰ হাৰ নতুনকৈ প্ৰযোজ্য হোৱাৰ পাছত ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পাব৷ অনিয়ন্ত্ৰিতভাৱে জিএছটি বৃদ্ধিয়ে বস্ত্ৰ নিৰ্মাণ উদ্যোগলৈ অমানিশা নমাই অনাৰ লগতে প্ৰায় ১৫ লাখ লোক জীৱিকাহীন হ’ব বুলি আশংকা কৰা হৈছে৷

ইপিনে অতিৰিক্ত জিএছটি বৃদ্ধিয়ে যন্ত্ৰচালিত আৰু হস্তশিপিনীসকলকো ক্ষতি কৰিব বুলি আশংকা কৰিছে৷ ইফালে দেশৰ ব্যৱসায়ী সংস্থাৰ সৰ্ব্বোচ্চ সংগঠন কনফেডাৰেছন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক কাপোৰ আৰু জোতা-চেণ্ডেলত জিএছটি আৰোপৰ বিষয়টো স্থগিত ৰাখিবলৈ পত্ৰযোগে অনুৰোধ জনাইছে৷ পত্ৰত তেওঁলোকে লিখিছে- এনে সিদ্ধান্ত অ-যুক্তিকৰ, চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে৷

ইফালে, জমেট’, ছুইগীৰ দৰে খাদ্য বিতৰণকাৰী কোম্পানীয়েও পাঁচ শতাংশ জিএছটি চৰকাৰক জমা দিব লাগিব৷ পূৰ্বতে এই কৰ ৰেস্তোৰাঁসমূহে জমা দিয়ে৷ কিন্তু এতিয়াৰেপৰা এই কৰ গ্ৰাহকসকলৰ পৰা সংগ্ৰহ কৰা হ’ব৷

শিক্ষক কনক কোচক উষ্ম আদৰণি

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত সোনাজুলি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কনক কোচক ৩১ডিচেম্বৰত উষ্ম আদৰণি জনোৱা হয় । ১৯৮৫ চনৰ মে মাহত উক্ত বিদ্যালয় খনত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে যোগদান কৰা প্ৰধান শিক্ষক গৰাকীক আজি বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ, ছাত্ৰী,অভিভাবক আৰু অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শৰাই, ফুলাম গামোচা, কিতাপৰ টোপোলাৰে উষ্ম আদৰণি জনাই ।

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত  বিদ্যালয় প্ৰাসংগত পুৰন সিং গোড়ৰ সভাপতিত্ব অনুষ্ঠিত হোৱা বিদায়ী তথা সম্বৰ্ধনা সভাত অবসৰ প্ৰাপ্ত শিক্ষক কনক কোচে  এই সভাত উপস্থিত ৰাইজ তথা অভিভাবক সকলে জনোৱা মৰম চেনেহ, শ্ৰদ্ধাভুক্তি দেখি আপ্লুত হোবা বুলি চমু বক্তব্য দিয়াৰ লগতে বিগত সময়চোৱাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক অধ্যয়নৰ তাগিদাতে অজানিতে কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰি আবেগিক হৈ পৰে ।

সোনাজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতি ভানু চাহুবে আত ধৰা সভাখনত কাঠপুৰী লাট গাওঁ বুঢা পদ্মকান্ত ডেকা, ন গাওঁ দফলাপোটা প্ৰাথমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক বিনোদন কুমাৰ বৈশ্য, ভেলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কামাখ্যা শৰ্মা, শিক্ষক দিপালী গোড় প্ৰমুখ্যে ব্যক্তি সকলে অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীক উষ্ম আদৰণি জনাই  বক্তব্য দাঙি ধৰে।