Home Blog Page 2642

ডিমাকুছিত বিজেপিৰ যুব মৰ্চাৰ বিশেষ সভা

৩০ডিচেম্বৰত ডিমাকুছি’ৰ  ওদালগুৰি জিলাৰ বৰঙাজুলী সত্ৰ সমন্বয়ৰ প্ৰতীক তথা সত্ৰাধিকাৰ ভকত শিৰোমণি বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি প্ৰভূ হৰেকৃষ্ণ মহন্ত বাপজনাই গড় দিয়া সত্ৰত ওদালগুৰি জিলাৰ বিজেপিৰ কৰ্মকৰ্তা সকলে সেৱা জনায় ৷ সেই দিনাই ডিমাকুছিৰ পৰিদৰ্শন বাংলাত ভাৰতীয় জনতা  যুৱ-মৰ্চা ওদালগুৰি জিলা সমিতিৰ প্ৰথমখন বিষয়ববীয়া সভা অনুষ্ঠিত হয় ৷উক্ত বিষয়ববীয়া সভাত বন্তি প্ৰজলন কৰি সভা খন আত ধৰে যুৱ মৰ্চাৰ জিলাৰ সাধাৰণ সম্পাদকদ্বয় জয়ন্ত কুমাৰ চক্ৰৱৰ্তী,কুশল বড়ো দেবে ,ভাৰত মাতৃ বন্দনা,  চিনাকি পৰিচয় পিছতেই আদৰনি ভাষণ দাঙি ধৰে  ৷ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি  সমৰ হাজৰিকাই উক্ত আদৰনি ভাষনত উপস্থিত থকা সকলোকে সম্বোধন কৰি কয় যে যুৱ শক্তি ৰাষ্ট্ৰ শক্তি আৰু এই যুৱ শক্তিয়ে যেতিয়া একত্ৰিত হৈ আগবাঢ়ে তেতিয়া কৰিব নোৱাৰা কাম একোৱেই নাথাকে,৷

যি বাটেৰে যুৱ মৰ্চাই আগুৱাই যাব সেই বাটেৰেই উন্নয়ন হব লাগিব, ওদালগুৰি  দৰে  জিলা এখনত আগোন্তক আহি থকা সময়ত সকলো যুৱ মৰ্চাৰ কাৰ্য্যকৰ্তাই একত্ৰিত হৈ জিলা খনত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী,ভাষা ভাষী, ধৰ্ম ধৰ্মাৱলম্বী সকলোকে একত্ৰিত কৰি সমন্বয়ৰ এনাজৰীৰে আগন্তক দিনত সমাজৰ লগতে বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি যাব লাগিব বুলি কয় আৰু লগতে কয় প্ৰতিজন নিষ্ঠাবান যুৱ-মৰ্চাৰ কাৰ্য্যকৰ্তা’ক নিজৰ আত্ম বিশ্বাসেৰে ,সততাৰে, সাহসেৰে, আগন্তক দিনত যুৱ মৰ্চাই যিকোনো পৰিস্থিতিৰ সন্মুখীন হৈ দলটোৰ ভবিষ্যত হিচাপে আৰু দলৰ লগতে সমাজৰ সেৱা কৰি যাব লাগিব বুলি কয়!  উক্ত সভাত উপস্থিত থাকে ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনিল কুমাৰ বসুমতাৰী , উপস্থিত থাকে ৰাজ্যিক যুৱ-মৰ্চা সম্পাদক তথা  ওদালগুৰি জিলা যুৱ মৰ্চাৰ  প্ৰভাৰী বিশ্বজিত হাজৰিকা, উপস্থিত থাকে জিলাৰ সাধাৰণ সম্পাদক বলেন ব্ৰহ্ম, বিজেপি জিলাৰ সম্পাদক যুৱ নেতা তথা গৃহ জিলাৰ প্ৰভাৰী  জৌচ্যাং বড়ো, ৰাজ্যিক যুৱমৰ্চাৰ দায়িত্বত থকা দ্বীপ জোতি ডেকা, ধ্ৰুৱজ্যোতি শৰ্মা , ওদালগুৰি জিলাৰ মহিলা মৰ্চাৰ জনপ্ৰিয় সভানেত্ৰী অৰ্পণা মেধি ৷

বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা মিন্টু নাথ, ৰঞ্জন ডেকা,জিলাৰ যুৱ মৰ্চাৰ নতুন সমিতিত দায়িত্ব পোৱা বিষয়ববিয়া নিপজ্যোতি বৰুৱা, ডিগেন ৰোদ্ৰ কোছ,অনুপমা চহৰীয়া, সৰলা দাস,ৰত্নেশ্বৰ ৰাভা, নৱজিত দাস,ৰাতুল দাস,দ্বীপ জ্যোতি শৰ্মা, কুলজিত দাস,পাৰ্থ সেন,বিটু প্ৰসাদ , লোহিত কুমাৰ ডেকা, বিশ্বজিৎত তান্তি,ৰ লগতে ভেৰগাৱ মণ্ডল যুৱ মৰ্চাৰ সভাপতি উপস্থিত থাকি সহায় সহযোগিতা কৰে ৷

ডিচেম্বৰ মাহতে ৪ কোটিৰ জৰিমনা সংগ্রহ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশ মর্মে ৩১ ডিচেম্বৰত অসমক দুর্ঘটনামুক্ত কৰাৰ সংকল্পৰে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ মহানগৰ আৰক্ষীয়েও মুখ্যমন্ত্রীৰ নির্দেশনা অনুসৰি যান–বাহন আইন উলংঘাকাৰী আৰু সুৰাপান কৰি বাহন চলোৱা লোকৰ বিৰুদ্ধে অভিযান তীব্র কৰি তুলিছে ৷ বৃহস্পতিবাৰে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙে এখন সংবাদ মেল সম্বোধন কৰি মহানগৰবাসীক শান্তিপূর্ণভাৱে নৱবর্ষ উদ্যাপন কৰিবলৈ আহ্বান জনায় ৷ লগতে কাইলৈ আৰু নৱবর্ষৰ প্রথমটো দিনত কোনো মানুহৰ ক্ষতি নোহোৱাকৈ নৱবর্ষ উদ্যাপন কৰিবলৈ আহ্বান জনায়৷ তদুপৰি এই দুটা দিনত সুৰাপান কৰি বাহন চলোৱাৰ পৰা বিৰত থাকি সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্রতি আহ্বান জনায় ৷

সংবাদ মেলত তেওঁ লগতে কয় যে চলিত বর্ষত মুঠ ২১ হাজাৰ গোচৰ নিষ্পত্তি কৰিছে মহানগৰ আৰক্ষীয়ে৷ গুৱাহাটী মহানগৰীত চলিত বর্ষৰ আগষ্ট মাহৰ পৰা আজিলৈকে মহানগৰ আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ চলিত বর্ষত ১৫৬টা ড্রাগ্ছ সম্পর্কীয় গোচৰ ৰুজু হৈছে৷ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত চলোৱা ড্রাগ্ছবিৰোধী অভিযানত ১৩ কেজি হেৰোইন জব্দ কৰা হৈছে৷ যাৰ বজাৰমূল্য ৫১ কোটিৰো অধিক৷ মুঠ ৩৬৮টা ড্রাগ্ছ সৰবৰাহকাৰী গ্রেপ্তাৰ কৰিছে৷ মহানগৰ আৰক্ষীয়ে ২৫৫ কেজি গাঞ্জা ২.৬০ লাখ য়াবা টেবলেট, ৬০ হাজাৰ কফ ছিৰাপ, ৩৭খন বাইক, ৪১খন সৰু–বৰ বাহন জব্দ কৰিছে৷ সংবাদ মেলত আৰক্ষী আয়ুক্তগৰাকীয়ে মহানগৰীত যান–বাহন আইন উলংঘাকাৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উদ্বেগ প্রকাশ কৰে৷ বিগত চাৰিটা মাহত যান–বাহন আইন উলংঘাকাৰীৰ পৰা গড় হিচাপত প্রতিমাহে ২.৫ কোটি টকা জৰিমনা সংগ্রহ কৰা হৈছিল৷ কিন্তু চলিত মাহৰ আজিৰ তাৰিখলৈকে যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান চলাই মহানগৰ আৰক্ষীয়ে অভিলেখসংখ্যক ৪ কোটি টকাৰ জৰিমনা সংগ্রহ কৰিছে ৷

বিগত এটা সপ্তাহত সুৰাপান কৰি বাহন চলোৱা লোকৰ বিৰুদ্ধে যুটীয়াভাৱে পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে অভিযান চলাই ৬ শতাধিক লোকক জৰিমনা বিহিছে৷ সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত মহানগৰীত চলিত বর্ষত ৬০টা হত্যাৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি আৰক্ষী আয়ুক্তগৰাকীয়ে গুৱাহাটীত সংঘটিত হোৱা এই হত্যাকাণ্ডসমূহৰ সৰহসংখ্যকে পৰিয়ালকেন্দ্রিক সংঘাতৰ বাবে হোৱা বুলি মন্তব্য কৰে৷ এইটো সমাজৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে৷ লগতে চলিত বর্ষত মুঠ ৩৭৩টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে৷ আৰক্ষী সদায় জনসাধাৰণৰ সহায়ৰ বাবে আছে বুলি মন্তব্য কৰি যিকোনো ধৰণৰ সহায় বিচাৰি মহানগৰ আৰক্ষীক যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনায়৷ উল্লেখ্য যে এই সংবাদ মেলতে যান–শাখান শাখাৰ উপ–পৰিদর্শক দীপক শইকীয়াই প্রস্তুত কৰি উলিওৱা যান–বাহন আৰক্ষীৰ থীম ছং মুকলি কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে৷

দীপৰ বিলৰ পাৰত ভোগালী মেলা

অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ আগন্তক মাঘ তথা ভোগালী বিহুৰ লগত সংগতি ৰাখি অগ্ৰণী সামাজিক , সাংস্কৃতিক সংগঠন “ফাউণ্ডেশ্যন ফ’ৰ চচিয়েল এন্টাৰপ্ৰিনাৰশ্বিপ”ৰ ( এফ এফ এছ ই )  উদ্যোগত  দীপৰ বিলৰ কাষৰীয়া দেউছতাল খেলপথাৰত ৩০ ডিচেম্বৰৰ দুসপ্তাহযোৰা কাৰ্যসূচীৰে আৰম্ভ  হৈছে ভোগালী মেলা । বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ  জনজাতীয় আৰু থলুৱা খাদ্য সম্ভাৰ , পৰম্পৰাগত খাদ্য , থলুৱা  কৃষিজাত সামগ্ৰী সমূহক প্ৰচাৰ আৰু  প্ৰসাৰ কৰা , মহিলা আত্মসহায়ক গোট সমূহৰ উৎপাদিত সামগ্ৰী সমূহৰ বিক্ৰী আৰু প্ৰদৰ্শনীৰ লক্ষ্যৰে আয়োজন কৰা  ভোগালী মেলাখন ৩০ ডিচেম্বৰৰ সন্ধিয়া উদ্ধোধন কৰে  ৰাষ্ট্রীয় গ্ৰামীণ বিকাশ নিধিৰ কাৰ্যবাহী সঞ্চালক ড০ অমিয় শৰ্মাই ।

এই উপলক্ষে এফ এফ এছ ইৰ  অধ্যক্ষ বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত ভাষণ প্ৰসংগত ড০ অমিয় শৰ্মাই ভোগালী বিহুৰ প্ৰাকখনত এনে ধৰণৰ মেলাৰ আয়োজন কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয় ।অনুষ্ঠানত এফ এফ এছ ইৰ  সম্পাদক বিপুল কলিতা , দেউছতাল গাঁওৰ চৰকাৰী গাওঁবুঢ়া নন্দৰাম  ফাংচ , দেউছতাল নবজ্যোতি সংঘৰ সাধাৰণ সম্পাদক বিজয় বড়ো , দেউছতাল মহিলা সমিতিৰ সভানেত্ৰী  দিপালী ক্ৰৌ আৰু সম্পাদিকা কল্পনা ৰংপী , আজাৰা গাঁও পঞ্চায়তৰ  সদস্যদ্বয়। হীৰেন ইংতি আৰু দীনেশ বড়ো , শিক্ষকত্ৰয় দ্বীপেন ৰংপী , ভোগেশ্বৰ কলিতা আৰু বিমল মেধি , সমাজকর্মী কেষ্টৰাম ৰংপীকে ধৰি  কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

আনহাতে উদ্যোক্তা সকলে  জানিবলৈ দিয়া মতে অহা ১২ জানুৱাৰীলৈ  চলিবলগীয়া এই মেলাৰ  বিষয়ে কিবা জানিব বিচাৰিলে ৯৮৬৪০৮৩৯৯৫ বা ৯৮৬৪৮৭৪২৫২ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিব দিয়ে ।  তেনেদৰে  ভোগালী মেলালৈ অহা লোকসকলে ওচৰতে থকা দীপৰ বিলৰ প্ৰাকৃতিক  সৌন্দৰ্য উপভোগ কৰাৰ লগতে মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা খাদ্য সম্ভাৰৰ জুতি লব পাৰিব ।

নাগালেণ্ডত পুনৰ ছয় মাহলৈ আফ্স্পাৰ ম্যাদ বৃদ্ধি গৃহ মন্ত্রালয়ৰ

নাগালেণ্ডৰ মন জিলাত ৪ ডিচেম্বৰত সংঘটিত অপ্রৰোচিত গুলীচালনাৰ ঘটনাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়া বর্তমানেও মাৰ যোৱা নাই৷ সেনাৰ নির্বিচাৰ গুলীত ১৪জন নিৰীহ গঞাৰ প্রাণহানি হোৱাৰ পাছত সমগ্র উত্তৰ–পূর্বাঞ্চলজুৰ সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আহনৰ (আফ্স্পা) বিৰুদ্ধে প্রতিবাদৰ জোৱাৰ উঠাৰ পাছতো উত্তৰ–পূর্বাঞ্চলবাস্ দাবীৰ প্রতি কেন্দ্রই কোনো সঁহাৰি নজনালে৷ বাস্তৱত উত্তৰ–পূর্বাঞ্চলবাসী আশা–আকাংক্ষাক নস্যাৎ কৰি পুনৰ ৬ মাহৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে নাগালেণ্ডত আফ্স্পাৰ ম্যাদ বৃদ্ধি কৰিলে৷ ৰাজপত্রিত অধিসূচনাযোগে কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই কথা ঘোষণা কৰিছে৷

লক্ষণীয়ভাৱে জাৰি কৰা ৰাজপত্রিত অধিসূচনাত সমগ্র নাগালেণ্ডক ‘অস্থিৰ’ আৰু ‘বিপজ্জনক’ ৰাজ্য বুলি চিহ্ণিত কৰা হৈছে৷ সেয়েহে ১৯৫৮ চনৰ আফ্স্পাৰ ৩নং ধাৰা প্রয়োগেৰে সমগ্র ৰাজ্যখনক আজিৰ পৰা অহা ছয় মাহৰ বাবে ‘অশান্ত অঞ্চল’ (ডিষ্টার্বড এৰিয়া) হিচাপে ঘোষণা কৰা হয়৷ উল্লেখ্য যে ইয়াৰ পূর্বে যোৱা ৩০ জুনত নাগালেণ্ডত ৬ মাহৰ বাবে আফ্স্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছিল৷ সেহ অনুসৰি কালি নিশা বিতর্কিত আহনখনৰ ম্যাদ উকলি গৈছিল৷ ইয়াৰ পাছত কোনো সময় ব্যয় নকৰাকৈ পুৱাৰ ভাগতেহ ৰাজপত্রিত অধিসূচনা জাৰি কৰি কেন্দ্রীয় গৃহ বিভাগে ৰাজ্যখনত আফ্স্পাৰ ম্যাদ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷

লক্ষণীয়ভাৱে আফ্স্পা আহনখন বাতিলৰ দাবীত নাগালেণ্ডৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলত তীব্র জনমত গঢ়ি উঠাৰ পাছত যোৱা ২৩ ডিচেম্বৰত নিশাৰ ভাগত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দিল্লীস্থিত চৰকাৰী বাসভৱনত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, নাগালেণ্ডৰ উপ–মুখ্যমন্ত্রী তথা গৃহমন্ত্রী ৱাহ পাট্টন আৰু প্রাক্তন মুখ্যমন্ত্রী টি আৰ জেলিয়াঙৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকতেহ নাগালেণ্ডৰ পৰা আফ্স্পা প্রত্যাহাৰৰ বিষয়টো বিবেচনা কৰাৰ বাবে এখন উচ্চ পর্যায়ৰ পর্যালোচনা কমিটী গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত বিবেক যোশীৰ অধ্যক্ষতাত গঠন কৰা কমিটীখনত উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অতিৰিক্ত সচিব পীয়ূষ গোৱেলক সদস্য সচিব তথা নাগালেণ্ডৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান, অর্ধসামৰিক বাহিনী আছাম ৰাহফেলছৰ আৰক্ষী সঞ্চালক আদিক সদস্য হিচাপে মনোনীত কৰা হৈছিল৷ কমিটী গঠনৰ পাছত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰি’হ সংবাদ মাধ্যমৰ আগত বিবৃতি প্রদান কৰি নাগালেণ্ডৰ পৰা আফ্স্পা প্রত্যাহাৰ কৰা হ’ব বুলিহে হংগিত দিছিল৷ আনকি ৪৫ দিনৰ ভিতৰত পর্যালোচনাকাৰী কমিটীখনে প্রতিবেদন দাখিল কৰিব বুলিও কেন্দ্রীয় গৃহ মন্ত্রালয়ে এক প্রেছ বিজ্ঞপ্তিযোগে প্রকাশ কৰিছিল৷ পিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাসভৱনত হোৱা উক্ত বৈঠকৰ এসপ্তাহৰ ভিতৰতেহ সমগ্র নাগালেণ্ডত পুনৰ আফ্স্পাৰ ম্যাদ বৃদ্ধি কৰা ঘটনাহ নাগালেণ্ডৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলত তীব্র প্রতিক্রিয়া সৃষ্টি কৰাটো নিশ্চিত৷

ছাংহাইত বিশ্বৰ বৃহত্তম মেট্র’ ৰে’ল নেটৱর্ক

চীনৰ ছাংহাইত মুকলি কৰা হৈছে বিশ্বৰ বৃহত্তম মেট্র’ ৰে’ল নেটৱর্ক ৷ বিশ্বৰ ভিতৰতে মেট্র’ ৰে’লসেৱাৰ ক্ষেত্রত আটাইতকৈ ব্যস্ততাপূর্ণ চহৰ হিচাপে চিহ্ণিত হৈ আহিছে ছাংহাই ৷ শেহতীয়াকৈ ছাংহাইত চালকবিহীন দুটা মেট্র’ ৰে’লপথ মুকলি কৰা হৈছে ৷

এই ৰে’লপথ দুটা হৈছে লাইন ১৪ আৰু লাইন ১৮ৰ প্রথম ফেজ ৷ স্মর্তব্য যে এই নতুন পথ দুটা মুকলি কৰাৰ লগে লগে ছাংহাইৰ মেট্র’ ৰে’লপথৰ মুঠ দৈর্ঘ্য বৃদ্ধি পাইছে ৮৩১ কিলোমিটাৰলৈ৷ ইফালে, চালকবিহীন মেট্র’ ৰে’ললাইনৰ সংখ্যা ছাংহাইত বৃদ্ধি পাইছে পাঁচটালৈকে ৷ ছাংহাই চহৰত মেট্র’ ৰে’ল ষ্টেচনৰ মুঠ সংখ্যা হৈছে ৫০৮ ৷

ডবকাত কাব্যপুথি ‘সেতু’ৰ উন্মোচনী

বুধবাৰে দিনৰ ১ বজাত ডবকা কৰৈগুৰি নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত দিনৰ এক বজাত কাব্য চৰ্চা অসমৰ পঞ্চম বাৰ্ষিক কাব্যনুষ্ঠান কবিতাৰে এদিন অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়।শিক্ষক ৰফিক উদ্দিনৰ সম্পাদিত “সেতু” (কবিতা আৰু অণুগল্পৰ যৌথ সংকলন) নামৰ কাব্যগ্ৰন্থৰ উন্মোচন আৰু নবিন লেখক-লেখিকালৈ অভিনন্দন পত্ৰ প্ৰদান অনুষ্ঠানৰ সফল সামৰণি হয় অনুষ্ঠানটিত সাংবাদিক জমিৰ উদ্দিন তালুকদাৰৰ সভাপতিত্বত সভাখন নিয়াৰিকৈ পৰিচালিত হয় ।

কবি ৰফিক উদ্দিনৰ বহু কেইখন কাব্যপুথি আচিৰে উন্মোচন হৈ যোৱাত নবিন কবি সকলে প্ৰেৰণা লাভ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক হাচিব উদ্দিন তালুকদাৰ, কফিল উদ্দিন বৰভূঞা, নুৰ আহমেদ, হবিবুৰ ৰহমান, কবি দিলোৱাৰ হুছেইন, মুজিবুৰ ৰহমান আদি কৰি বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতত জাকজমকৰে আনুষ্ঠানটিৰ সামৰণি ঘটে |

অৰুণাচলত ৩২,৪১৫ মেগাৱাটৰ ২৯টা বৃহৎ বান্ধ

গেৰুকামুখত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ সংশয়–ধাৰাবাহিক প্রতিবাদ অব্যাহত থকাৰ সময়তে ৩২,৪১৫ মেগাৱাট শক্তি উৎপাদনক্ষম ২৯টা বৃহৎ নদীবান্ধৰ নির্মাণকার্য আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ ভাৰত চৰকাৰৰ শক্তি মন্ত্রালয়ে জলবোমাসদৃশ এই বৃহৎ নদীবান্ধকেইটা কার্যকৰীকৰণৰ বাবে মনোনীত কৰা চাৰিটা কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ অধীনস্থ প্রতিষ্ঠানৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চি এম ডি)সকলৰ সৈতে নতুন দিল্লীত এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় অৰুণাচল প্রদেশৰ উপ–মুখ্যমন্ত্রী চাওনা মেইন৷ জলবিদ্যুৎ প্রকল্পকেইটাৰ ৰূপায়ণক লৈ বিশদভাৱে পর্যালোচনা কৰা এই বৈঠকখনত উপস্থিত আছিল নর্থ–ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড (নীপকো)ৰ চিএমডি ভি কে সিং, নেচনেল হাইড্র’পাৱাৰ কর্প’ৰেচন (এন এইচ পি চি)ৰ চিএমডি এ কে সিং, টেহৰী হাইড্র’ ডেভেলপমেণ্ট লিমিটেড (টি এইচ ডি চি)ৰ চিএমডি আৰ কে বিষ্ণয় আৰু ছটলুজ জলবিদ্যুৎ নিগম (এছ জে ভি এন)ৰ চিএমডি নন্দলাল শর্মা৷

লক্ষণীয়ভাৱে অৰুণাচল প্রদেশৰ উপ–মুখ্যমন্ত্রী চাওনা মেইন আছে চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰৰ শক্তি বিভাগৰ দায়িত্বত৷ মূলতঃ সেই দিশৰ পৰাই এই বৈঠকখনে যথেষ্ট তাৎপর্য বহন কৰিছে৷ কালি অনুষ্ঠিত এই বৈঠকখন সন্দর্ভত এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, ব্রহ্মপুত্রৰ উজনি অংশৰ উপলৈ দিবাঙৰ অৱবাহিকাত নির্মাণ হ’বলগীয়া পাঁচটা বৃহৎ নদীবান্ধক লৈ এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এই সিদ্ধান্তমর্মে দিবাং অৱবাহিকাত প্রস্তাৱিত ৩,০৯৭ মেগাৱাট শক্তি উৎপাদনক্ষম ইটালিন জলবিদ্যুৎ প্রকল্প ৬৮০ মেগাৱাট শক্তি উৎপাদনক্ষম আট্টুনলি জলবিদ্যুৎ প্রকল্প ৫০০ মেগাৱাট শক্তি উৎপাদনক্ষম ইমিনি জলবিদ্যুৎ প্রকল্প ৪২০ শক্তি উৎপাদনক্ষম আমুলিন জলবিদ্যুৎ প্রকল্প আৰু ৪০০ মেগাৱাট শক্তি উৎপাদনক্ষম মিহুমডন জলবিদ্যুৎ প্রকল্পত ৬০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ছটলুজ জলবিদ্যুৎ নিগমে৷ সংস্থাটোৱে এক বিবৃতিযোগে এই কথা স্পষ্ট কৰিছে৷

ছটলুজ জলবিদ্যুৎ নিগমৰ চিএমডি নন্দলাল শর্মাই বিবৃতিটোত কয় যে কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙে লোৱা পদক্ষেপত অৰুণাচল প্রদেশ চৰকাৰে ৫টা জলবিদ্যুৎ প্রকল্প আমাক আবণ্টন দিয়াৰ প্রস্তাৱ গ্রহণ কৰিছে৷ শীঘ্রে এই সন্দর্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব৷ অহা ৮ৰ পৰা ১০ বছৰৰ ভিতৰত প্রকল্পকেইটা উৎপাদনক্ষম কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰাৰ বিপৰীতে ইয়াত সামগ্রিকভাৱে প্রায় ৬০ হাজাৰ কোটি টকা বিনিয়োগ হ’ব বুলিও তেওঁ সদৰী কৰে৷ এই প্রকল্পকেইটাৰ একাংশৰ বিশদ প্রতিবেদন ইতিমধ্যে প্রস্তুত হোৱাৰ উপৰি বাকীবোৰৰ ক্ষেত্রত জৰীপ আৰু অনুসন্ধানৰ পর্যায়তে আছে৷ ইফালে নর্থ–ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচনে অৰুণাচল প্রদেশত ১৭টাকৈ জলবিদ্যুৎ প্রকল্পৰ দায়িত্ব লাভ কৰিছে৷ এই জলবিদ্যুৎ প্রকল্পকেইটাৰ মুঠ উৎপাদন ক্ষমতা হ’ব ৬,৬৯০ মেগাৱাট৷ বাকী প্রকল্পকেইটাৰ ৰূপায়ণ কৰিব নেচনেল হাইড্র’পাৱাৰ কর্প’ৰেচন আৰু টেহৰী হাইড্র’ ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেডে৷

উল্লেখ্য যে দিবাং নৈৰ অৱবাহিকাত নির্মাণৰ প্রস্তাৱ লোৱা ইটালিন জলবিদ্যুৎ প্রকল্পক লৈ আৰম্ভণিৰে পৰা তীব্র বিতর্কৰ সৃষ্টি হৈ আহিছে৷ প্রস্তাৱিত এই প্রকল্পটো হৈছে দিবাং বন্যপ্রাণী অভয়াৰণ্যৰ পৰা মাত্র ১২ কিলোমিটাৰ দূৰৈত৷ আপুৰুগীয়া বাঘৰ বসতিস্থল হিচাপে পৰিচিত দিবাং বন্যপ্রাণী অভয়াৰণ্যৰ জৈৱ–বৈচিত্র্য জলবিদ্যুৎ প্রকল্পটোৱে ধ্বংস কৰিব বুলি বিগত সময়ছোৱাত পৰিৱেশ কর্মীসকল সৰৱ হৈ আহিছে৷ আনকি ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ অধ্যয়নমর্মে পৰিৱেশ মন্ত্রালয়ৰ বন উপদেষ্টা সমিতিয়ে ৩,০৯৭ মেগাৱাট শক্তি উৎপাদনক্ষম জলবিদ্যুৎ প্রকল্পটোত অনুমোদন দিয়াৰ ক্ষেত্রত ৰাষ্ট্রীয় ব্যাঘ্র সংৰক্ষণ প্রাধিকৰণেও আপত্তি প্রদর্শন কৰিছিল৷ এই প্রকল্পটো নির্মাণৰ লগত জড়িত হৈ আছিল ইটালিন হাইড্র’ ইলেক্ট্রিক পাৱাৰ কম্পেনী লিমিটেড–জিন্দাল পাৱাৰ লিমিটেড (৭৪ শতাংশ) আৰু হাইড্র’পাৱাৰ ডেভেলপমেণ্ট কর্প’ৰেচন অৱ অৰুণাচল প্রদেশ লিমিটেড (২৬ শতাংশ)৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল দিবাঙৰ অৱবাহিকাত ইটালিন জলবিদ্যুৎ প্রকল্পসহ ৫টা বৃহৎ নদীবান্ধ নির্মাণ হৈ উঠিলে নামনি অংশত থকা অসমৰ ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা আছে৷ বিশেষকৈ এই জলবোমাকেইটাই তীব্র ভাবুকি নমাই আনিব পাৰে ডিব্রু–ছৈখোৱাৰ ৰাষ্ট্রীয় উদ্যানলৈ৷

অ’মিক্ৰনক লৈ সাৱধানবাণী স্বাস্থ্যমন্ত্ৰীৰ

দেশবাসীয়ে ২০২২তো সহবাস কৰিব লাগিব নেকি ক’ভিডৰ সৈতে? লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতিকে আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন পুনৰ মূৰ দাঙি উঠাৰ সময়তে অ’মিক্ৰনৰ শংকাই খেদিছে চৰকাৰকে ধৰি সাধাৰণ জনতাক৷ এতিয়াই যদি সাৱধান নহয় তেনেহ’লে পুনৰ লকডাউন, সান্ধ্যআইনৰ মেৰপাকত সোমাই পৰিব পাৰে দেশৰ লগতে অসমবাসীয়েও৷ ইতিমধ্যে দ্ৰুতগতিত শিপাবলৈ আৰম্ভ কৰা ক’ভিডৰ প্ৰজাতি অ’মিক্ৰনৰ ফলত ৰাজধানী দিল্লী, মুম্বাইকে ধৰি বহুকেইখন চহৰত কঠোৰ হৈছে নীতি-নিৰ্দেশনা৷ বাতিল কৰা হৈছে নৱবৰ্ষৰ উদযাপন অনুষ্ঠান৷ জনসমাগমৰ ক্ষেত্ৰতো কঠোৰ হৈছে চৰকাৰ প্ৰশাসন৷ অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিৰ সময়তে আজি এনএইচএম কাৰ্যালয়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল সম্বোধন কৰে।

ভাৰতত তিনিদিনত তিনিগুণ বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ৷ অৱশ্যে অসমত এতিয়াও এজনো আক্ৰান্ত হোৱা নাই যদিও স্বাস্থ্যবিভাগ যথেষ্ট সতৰ্ক হৈ থকাৰ কথা জানিবলৈ দিয়ে৷ ২০২১ বৰ্ষত মুঠ ৬ লাখ ২০ হাজাৰ ৫৬৩ গৰাকী লোক ক’ভিড আক্রান্ত হৈছিল। ইয়াৰ ভিতৰত আৰোগ্যলাভ কৰিছে ৬লাখ ১২ হাজাৰ ২৮২গৰাকী আৰু মৃত্যু হৈছে ৬১৬৪গৰাকী লোকৰ।

৭ দিনৰ ভিতৰত প্ৰতিষেধক সম্পন্ন কৰাৰ লক্ষ্যঃ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিনৰ দিনটোত কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদানৰ কথা ঘোষণা কৰে৷ ৩ জানুৱাৰীৰ পৰা ৯জানুৱাৰীৰ ভিতৰত স্কুল-কলেজসমূহত ভেকচিন সম্পন্ন কৰাৰ লক্ষ্য কৰি লোৱা হৈছে৷ মুঠ ৭ দিনৰ ভিতৰত প্ৰতিষেধক সম্পন্ন কৰাৰ লক্ষ্য কৰিছে স্বাস্থ্য বিভাগে৷ অসমৰ ২০লাখ ছাত্র-ছাত্ৰীক কোভাক্সিন দিয়াৰ লক্ষ্য কৰিছে চৰকাৰে। ৬০বছৰৰ উৰ্ধ্বৰ যিসকল ব্যক্তিয়ে ভেকচিন লোৱাৰ ৯ মাহ সময় পাৰ কৰিছে সেইসকলক বুষ্টাৰ ড’জ দিয়া হ’ব। 

ইপিনে ক’ভিডৰ বাবে বিগত দুটাকৈ বৰ্ষত শিক্ষাৰ্থীসকল সন্মুখীন হৈছিল যথেষ্ট লোকচানৰ৷ বিগত বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনলাইন হোৱা বাবে যথেষ্ট বিসংগতিয়ে দেখা দিছিল৷ এইবাৰ সকলো পৰীক্ষা অনলাইন নহয়, অফলাইনতে অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ ২০২২ৰ ১৫ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব। সেয়েহে সকলো অভিভাৱকে নিজৰ সন্তানক ভেকচিন দিয়াবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীয়ে।

আনহাতে, বৰ্তমানলৈকে ৩ কোটি ৭৫ লাখ লোকক ক’ভিড ভেকচিন দিয়াৰ কথা উল্লেখ কৰে৷ লগতে ২ কোটি ১৭ লাখক দিয়া হৈছে প্ৰথমপালি ভেকচিন আৰু ১ কোটি ৫৮ লাখক দ্বিতীয়পালি ভেকচিন প্ৰদান কৰা হৈছে বুলিও লগতে জানিবলৈ দিয়ে৷ উল্লেখ্য যে অ’মিক্ৰনৰ বাবে চৰকাৰ সাজু হৈ আছে৷ মুঠ ৯,০০০বিছনা সাজু হৈ থকাৰ লগতে এসপ্তাহৰ ভিতৰত আৰু ২৫,০০০বিছনা। বৰ্তমান ১,০০০আই চি ইউ বেডৰ লগতে ২,৬০০ অক্সিজেন বেড সাজু কৰিছে চৰকাৰে। অ’মিক্ৰনৰ ভেৰিয়েণ্টৰ নমুনা পৰীক্ষা কৰিবলৈ জিএম এইচত এটা লেবো সাজু কৰা হৈছে বুলি সংবাদমেলত জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷

গোৱাত ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ প্ৰতিমূৰ্তি

ক্ৰিষ্টিয়ানো ৰণাল্ডো ফুটবল জগতৰ এক শিহৰণকাৰী নাম। দুভৰিৰ চমকেৰে খেলপথাৰত তেওঁ কেৱল চমক দিয়াই নহয় শত্ৰুপক্ষৰো তেওঁ সদায় মূৰৰ কামোৰণি হৈ ৰয় ৷ শেহতীয়াকৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ এটা প্ৰতিমূৰ্তি ভাৰতৰ গোৱা ৰাজ্যত স্থাপন কৰিছে৷ গোৱাৰ সমুদ্ৰ তীৰৰ গাঁও কালাঙ্গুটৰ এখন উদ্যানত ফুটবলৰ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ এটা ডাঙৰ পিতলৰ মূৰ্তি উন্মোচন কৰা হৈছিল। এই মূৰ্তি স্থাপন কৰাৰ মূলতে হ’ল যুৱ-খেলুৱৈসকল তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতলৈ সুনাম কঢ়িয়াই আনিব পাৰে৷ মূৰ্তিটোৰ ওজন প্ৰায় ৪১০ কিলোগ্ৰাম আৰু ইয়াক স্থাপন কৰাৰ উদ্দেশ্য হৈছে খেলুৱৈসকলক অনুপ্ৰাণিত কৰা।

উল্লেখ্য যে, চৰকাৰৰ এই কাণ্ডক কেলাঙ্গুটৰ বাসিন্দাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাস্থলীত প্ৰতিবাদকাৰীসকলে ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে, প্ৰতিবাদকাৰীসকলে ৰাজ্যিক কৰ্তৃপক্ষক অৰ্জুন বঁটা বিজয়ী আৰু ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ব্ৰুনো কৌটিনহোৰ দৰে স্থানীয় ফুটবল কিংবদন্তিক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে৷ চৰকাৰে স্থানীয় ফুটবলাৰসকলক গুৰুত্ব নিদি ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ প্ৰতিমূৰ্তি স্থাপন কৰা যুক্তি ক’ত বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে৷পশ্চিম গোৱা ৰাজ্যত স্থাপন কৰা, য’ত ফুটবল যথেষ্ট জনপ্ৰিয়৷ কিন্তু গোৱা পূৰ্বতে পৰ্তুগীজ উপনিবেশ আছিল আৰু ৰাজ্যখন পৰ্তুগালৰ পৰা মুক্ত হোৱাৰ ৬০ বছৰ হৈছে, তাক লৈও জনসাধাৰণৰ মাজত ক্ষোভ আছে।

গোৱাৰ বাসিন্দাসকলে কয় যে, চৰকাৰে স্থানীয় ফুটবল খেলুৱৈসকলক সন্মান জনোৱা উচিত আছিল, বিশেষকৈ ভাৰতৰ ৰাষ্ট্ৰীয় দলত গোৱাৰ পৰা কেইবাজনো খেলুৱৈ আছে, কিন্তু ইয়াৰ পৰিৱৰ্তে ৰোনাল্ডোৰ প্ৰতিমূৰ্তি স্থাপন হোৱাৰ কথা শুনি বৰ হতাশ হৈছো। সমীৰ নায়েক আৰু ব্ৰুনো কৌটিনহোৰ দৰে আমাৰ নিজৰ আইকনৰ ওপৰত চৰকাৰে গৌৰৱ কৰিবলৈ শিকক৷

ক’ভিডত আক্ৰান্ত নোৰা ফাতেহী

বলীউদ এতিয়াৰেপৰা কৰণাৰ কৰাল গ্ৰাসত! কৰীণা কাপুৰ, অমৃতা অৰোৰা সুস্থ হোৱাৰ পাছত এতিয়া নোৰা ফাতেহী এতিয়া কৰ’নাৰ চিকাৰ হ’ল। নোৰাৰ মুখপাত্ৰই এই কথা নিশ্চিত কৰিছে৷ বিবৃতি অনুসৰি, নোৰা ফাতেহীৰ হৈ তেওঁৰ মুখপাত্ৰ হিচাপে, জনাব বিচাৰিব যে নোৰা ফাতেহীক ২৮ ডিচেম্বৰত ক’ভিড ১৯ৰ পজিটিভ পোৱা গৈছিল৷ নোৰাক তেতিয়াৰ পৰা সম্পূৰ্ণ ক’ভিড বিধি মানি চিকিৎসকৰ নিৰীক্ষণত আছে৷

উল্লেখ্য যে, বুধবাৰে অৰ্জুন কাপুৰ, অংশুলা কাপুৰ, ৰিয়া কাপুৰ আৰু স্বামী কৰণ বুলানীৰ ক’ভিড ১৯ পজিটিভ পোৱা গৈছিল। বিএমচি পৰামৰ্শ দিছে যে সোনকালেই অৰ্জুনৰ সংগী মালাইকা অৰোৰাৰো পৰীক্ষা কৰা হ’ব। অৰ্জুন কাপুৰক ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ক’ভিড ১৯ত আক্ৰান্ত হৈছে। ২০২০ চনৰ ছেপ্টেম্বৰতে অৰ্জুনক ক’ভিড ১৯ পজিটিভ পোৱা গৈছিল৷

নোৰা ফাতেহী অলপতে গায়ক গুৰু ৰন্ধাৱাৰ সৈতে ডান্স মেৰী ৰাণী গীতৰ ভিডিঅ’ত দেখা গৈছিল। গানটোৰ শ্বুটিঙৰ বাবে তেওঁলোক বিদেশলৈ যাব লগা হৈছিল৷ গানটোৰ প্ৰচাৰৰ বাবে নোৰাই দ্য কপিল শৰ্মা শ্ব’, বিগ বছ ১৫ৰ দৰে ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰিছিল। ২১ ডিচেম্বৰত প্ৰিমিয়াৰৰ পাছত গানটোৱে ভাৰতত খলকনি তুলিছে, ইউটিউবত ইতিমধ্যে ৫৪ মিলিয়নতকৈয়ো অধিক লোকে ভিডিঅ’টো চাইছে৷ নোৰাই তেওঁৰ শেহতীয়া গীত ডান্স মেৰী ৰাণীত আফ্ৰিকাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সংস্কৃতি আৰু শৈলীৰ মিশ্ৰণ উপস্থাপন কৰিছে।