Home Blog Page 2643

ওদালগুৰি ভেৰগাঁ‌ও কাকৰামাৰীত গ্ৰন্থ উন্মোচন

কবিতা সকলোৱে লিখিব পাৰে। কবিতাই এখন আলোকসন্ধানি ছবি অংকিত কৰিব পাৰে। নিসংগতা, দুখ-যন্ত্ৰণা কবিতা সৃষ্টিৰে আঁতৰাব পাৰি। কবিতাত সকলোধৰণৰ বিষয়বস্তু সন্নিবিষ্ট কৰিব পাৰি।”— অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ৩০ডিচেম্বৰ তাৰিখে ওদালগুৰি জিলাৰ কাকৰামাৰী চেউনীস্থিত তক্ষশীলা নাটক, নৃত্য আৰু সংগীত মহাবিদ্যালয় খেলপথাৰত কবি, লেখিকা মিন্টু ডেকাৰ গীতিগন্ধী কবিতা সংকলন “পঞ্জী” আৰু শিশু একাংকিকা নাট “খানা” উন্মোচন কৰি অসম লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা, বিশিষ্ট কবি, সাহিত্যিক নিশুতি মজুমদাৰে এনেদৰে কয়। কবি মজুমদাৰে সমাজৰ উত্তৰণৰ হকে লগতে দায়বদ্ধতাৰে কাব্যকে ধৰি অন্যান্য সাহিত্য সৃষ্টি কৰিবলৈ লেখক- লেখিকা সকললৈ আহ্বান জনায়।

পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত অংশ লৈ বিশিষ্ট অভিনেতা, আবৃত্তিকাৰ ৰবীন ডেকাই ভাষণ প্ৰসংগত কবি, সাহিত্যিক, শিল্পীসকলে গঞা জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰা সাহিত্য সৃষ্টি কৰিলে গ্ৰাম্য জীৱন চহকী হ’ব বুলি মতপোষণ কৰে। ৰাষ্ট্ৰীয় পৰিবেশ্য কলা পৰিষদৰ সাধাৰণ সম্পাদিকা, কবি, লেখিকা, অভিনেত্রী, নাট্যচাৰ্য পখিলা কলিতাই  কয়- বিশ্বৰ প্ৰায় সকলো সাহিত্যিক, শিল্পী, খেলুৱৈ, বিজ্ঞানী, চিকিৎসক আদি গ্ৰাম্যাঞ্চলৰ পৰা আহিছে। সাহিত্য সৃষ্টিৰে বাবে আকাশ-পাতাল চিন্তা নকৰি সৰলতাৰে চিন্তা কৰাৰ লগতে অধ্যয়ন কৰিলে উৎকৃষ্ট সাহিত্য সৃষ্টি কৰিব পাৰি। অনুষ্ঠানভাগি মঞ্জু বৰাই বৰগীত পৰিবেশনেৰে শুভাৰম্ভ কৰা সভাত লেখিকা সুস্মিতা মজুমদাৰ, সদৌ অসম মহিলা কৰ্মচাৰী পৰিষদৰ সভানেত্রী দীপ্তিকণা মজুমদাৰ, ৰাষ্ট্ৰীয় পৰিবেশ্য কলা পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যা অল্পনা চৌধুৰী, একালৰ “বিহু কুঁৱৰী” গায়ত্রী ডেকা, প্ৰাক্তন শিক্ষয়িত্ৰী বিনা বৰ্মন, শিল্পী-সমাজকৰ্মী লক্ষ্মী বৰা, ‘কলা গৌৰৱ’ নাৰায়ণ ৰাভা, জোনাৰাম ৰাভা, ভেৰগাঁৱ জুমুৰ দলৰ সভাপতি সঞ্জয় ভূমিজ , স্বপ্না শৰ্মাই বক্তব্য দাঙি ধৰি পৰাগজ্যোতি প্ৰকাশনৰ প্ৰকাশনৰ প্ৰয়াসৰ লগতে লেখিকা মিন্টু ডেকাক উষ্ণ সম্ভাষণ জনায়।

সভাত শচীন দাসে কামৰূপী লোকগীত, জিকিৰ পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠব বৰ্ধন কৰে। অনুষ্ঠানত তক্ষশীলা নাটক, নৃত্য আৰু সংগীত মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ৰাভা নৃত্য, কৃষ্ণ নৃত্য, বড়ো নৃত্য আদি পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে। সভাৰ আৰম্ভণিতে প্ৰয়াত যামিনী কলিতা, প্ৰয়াত অম্বা ডেকা, প্ৰয়াত বিমলা ৰাভাৰ স্থিৰচিত্রত বন্তি প্ৰজ্বলন, পুষ্পার্ঘ্য অৰ্পণ কৰা হয়।

জনসমুদ্ৰত পৰিণত নেমছুৰ কেন্দ্ৰীয় অধিবেশন

দুদিনীয়া কাৰ্যসূচীৰে চলি থকা দৰঙৰ খাৰুপেটীয়াৰ নেমছুৰ অধিবেশনস্থলী উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰে সমন্নয়স্থলত পৰিণত হৈ পৰে । উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ গৌৰৱ উজ্জ্বল তিনিটা বসন্ত অতিক্ৰম কৰিছে।সেই উপলক্ষে দৰং জিলাৰ খাৰুপেটীয়া ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প প্ৰাঙ্গণত দুদিনীয়া বৰ্ণাঢ্য কার্যসূচীৰে আয়োজন কৰে প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। উক্ত প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী মতে, সৰ্বসন্মত মৰ্মে, বদৰুল ইছলামক সভাপতি আৰু জিয়াউল হকক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতি খন গঠন কৰা হয় । 

দ্বিতীয় দিনৰ কাৰ্যসূচী মতে অনুষ্ঠিত হোৱা মুকলি সভাত নেমছুৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় লগতে যুৱ সাংবাদিক ৰিকি দাস, ৰফিক তালুকদাৰ , ইমৰাণ আলী, আশ্ৰানুল হক,আবুল হাছেম , আবুল খায়েৰ আদিক  আৰু আন্তঃৰাষ্ট্ৰীয় কেৰাটে খেলুৱৈ চান্দনী খাতুন  লগতে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভাৰে জিলিকি উঠা প্ৰতিভাক সম্বৰ্ধনা জনায় ।আনহাতে মুকলি সভাত  বিশিষ্ট অতিথি ৰূপে নতুন দিল্লীৰ   তাছলিম ৰেহমানী, মিন উন্নয়ন বৰ্ডৰ অধ্যক্ষ গুৰু জ্যোতি দাস, নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম,অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰী বিশিষ্ট কণ্ঠ শিল্পী নাহিদ আফ্ৰিন,উত্তৰ-পূৰ্বাঞ্চলৰ আমন্ত্ৰিত বুদ্ধিজীৱিসকল উপস্থিত থাকে ৷ নাহিদ আফ্ৰিনে নৱ নিৰ্বাচিত সমিতিক শুভেচ্ছা জনোৱাৰ সমান্তৰালভাৱে ভালকৈ সমাজৰ হকে কাম কৰি যাবলৈ আহব্বান জনায়৷

উত্তৰ গুৱাহাটীত সুৰাপায়ী চালকৰ বিৰুদ্ধে প্ৰশাসনৰ তীব্ৰ অভিযান

ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ প্ৰাকক্ষণত আৰু নৱবৰ্ষ উদযাপনৰ নামত এজনো লোক পথ দুৰ্ঘটনাত মৰিব নিদিও বুলি কৰা ঘোষণাৰ পিছতেই তেওঁৰ নিৰ্দেশ মৰ্মে কামত লাগি গল ৰাজ্যৰ পৰিবহন বিভাগকে ধৰি অন্যান্য কিছু বিভাগীয় বিষয়া কৰ্মচাৰীসকল। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি ৩০ ডিচেম্বৰ বৃহস্পতিবাৰে নিশা ৮ মান বজাত চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কামৰূপ জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাৰ দলৰ সহিতে সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে অভিযান চলালে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপৰ লগতে চাংসাৰি আৰক্ষীৰ এটা দলে । সুৰাপায়ী চালকৰ অনুসন্ধানত কামৰূপ আৰক্ষী, জিলা পৰিবহন বিষয়াৰ দল আৰু কামৰূপ প্ৰশাসন নামি পৰি প্ৰায় আধা ঘণ্টা জুৰি তন্ন তন্নকৈ চলালে ৰাষ্ট্ৰীয় ঘাইপথটোৰে অহা প্ৰতিখন গাড়ীৰ  চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান ।

ইয়াৰ উপৰিও কামৰূপ প্ৰশাসন, পৰিবহন বিষয়াৰ দলৰ সহিতে উত্তৰ গুৱাহাটী আৰক্ষীয়ে উত্তৰ গুৱাহাটীৰ বিভিন্ন ঠাইত অতৰ্কিতে চলালে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান । এইকেইদিন সুৰাপায়ী চালকৰ বিৰুদ্ধে চলা অভিযান দেখি মূখ্যমন্ত্ৰীৰ ইচ্ছাৰ লগতে নিৰ্দেশনা পালন কৰিবলৈ কামৰূপ প্ৰশাসন, পৰিবহণ বিভাগ একেবাৰে বদ্ধপৰিকৰ হোৱা যেন পৰিলক্ষিত হৈছে। অইন যি নহওঁক আৰক্ষী আৰু পৰিবহন বিভাগৰ অভিযান বেছ সময়োপযোগী হৈছে । পিছে কেইদিনমানৰ বাবে এই অভিযান চলাই পৰিবহন ও আৰক্ষী বিভাগে নিজৰ দায়িত্ব নাসামৰি অদুৰ ভবিষ্যতেও দুৰ্ঘটনা ৰোধৰ বাবে এনে ধৰণৰ অভিযান চলাবলৈ আটাইকেইটা বিভাগকে আহ্বান জনাইছে সচেতন ৰাইজে।

‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত হ’ল অনুৰাধা শৰ্মা পূজাৰী। ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী। প্ৰথিতযশা সাহিত্যিক-সাংবাদিকগৰাকীয়ে ইয়াৰ পূৰ্বে কেইবাটাও বঁটা লাভ কৰিছিল। ২০১৩ চনত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল অনুৰাধা শৰ্মা পূজাৰীয়ে।২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা লাভ কৰিছিল। অনুৰাধা শৰ্মা পূজাৰীৰ অন্যতম এখন জনপ্ৰিয় গ্ৰন্থ চাহেবপুৰাৰ বৰষুণ। অসম সাহিত্য সভাই ২০০৩ চনত এই উপন্যাসখনৰ বাবে শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা লাভ কৰিছিল।‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থত লিখিছে- ৰ’দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বাসস্থানৰ প্ৰয়োজন। কিন্তু সেইবুলি নিজক নিৰাপদ কৰিবলৈ জানো আনক নিৰাপত্তাৰ পৰা বঞ্চিত কৰাটো উচিত। প্ৰকৃতিৰ অমূল্য দান ধ্বংস কৰিলে মানৱ সভ্যতাৰ উত্থান হ’বনে? এখন অৰণ্য যেতিয়া নিজে গঢ়ি তোলা অতি দুৰূহ তেন্তে সেইখন ধ্বংস কৰাৰ অধিকাৰো মানুহৰ নাই। এখন অৰণ্যৰ, এটা পাহাৰৰ ওপৰত আধাৰিত ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থখন।মহানগৰীৰ অৰণ্য দখল কৰি হেঁপাহৰ ঘৰসজা এজাক মানুহ আৰু হেঁপাহৰ অৰণ্যখন নহ’লে থাকিব নোৱাৰা অনেক প্ৰাণীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশে পাইছে উপন্যাসখনত। ৰাজনৈতিক কথা-বাৰ্তাৰ পৰা আন্তৰিক আবেদনলৈকে কিতাপখনত সন্নিৱিষ্ট আছে অলেখ সাধুৰ দৰে কাহিনী৷ প্ৰতিটো বাক্যতে যেন লুকাই আছে অব্যক্ত বেদনা। কিতাপখনৰ মূল বিষয়বস্তু আমচাং অৰণ্য আৰু উচ্ছেদ। আমচাং অৰণ্যৰ পৰা জনবসতিৰ উচ্ছেদৰ সামগ্ৰিক পৰিৱেশ সুন্দৰকৈ বৰ্ণিত হৈছে গ্ৰন্থখনত। খুব সুক্ষ্মভাবে আমচাং কেনেকৈ অৰণ্যৰ পৰা জনঅৰণ্য হ’ল, কিদৰে হাবি-বননি উচন হ’ল, অৰণ্যৰ আৰু মানুহৰ মাজৰ সংঘাতৰ বিষয়ে উপস্থাপন কৰিছে গ্ৰন্থখনত।

১৯৬৪ চনত যোৰহাটত জন্মগ্ৰহণ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত স্নাতক মহলাত অধ্যয়ন কৰিছিল। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। কলকাতাৰ পৰা ঘূৰি অহাৰ পিছত দীঘলীয়া সময় সাংবাদিকতা আৰু সাহিত্য ক্ষেত্ৰত জড়িত হৈ আছে। প্ৰথমখন উপন্যাস হৃদয় এক বিজ্ঞাপনৰ যোগেদি প্ৰভূত জনপ্ৰিয়তা লাভ কৰে। উপন্যাসখনৰ ১৫টা সংস্কৰণ প্ৰকাশ পাইছে আৰু যথেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে। এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।

অনুৰাধা শৰ্মা পূজাৰীৰ আন আন প্ৰকাশিত তথা জনপ্ৰিয় গ্ৰন্থসম্ভাৰৰ ভিতৰত আত্মজীৱনীমূলক প্ৰবন্ধ সংকলনৰ ভিতৰত কলিকতাৰ চিঠি, ডায়েৰি, আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু আৰু অট’গ্ৰাফ।গল্প সংকলনৰ ভিতৰত আছে বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়’গ্ৰাফী আৰু কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া। জনপ্ৰিয় উপন্যাসৰ তালিকাত হৃদয় এক বিজ্ঞাপন, এজন ঈশ্বৰৰ সন্ধানত, কাঞ্চন, নীল প্ৰজাপতি, সোণ হৰিণৰ চেঁকুৰ, ব’ৰাগী নদীৰ ঘাট আৰু ৰাগ-অনুৰাগ ইত্যাদি।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত ভিত্তি কৰি লিখা নাহৰৰ নিৰিবিলি ছাঁ আৰু ইন্দিৰা মিৰিৰ ওপৰত আধাৰিত সেই সময়ৰ সামগ্ৰিক শদিয়া আৰু অৰুণাচলৰ পৰিৱেশৰ ওপৰত মেৰেংখনো অন্যতম উল্লেখনীয় উপন্যাস।

কামৰূপ (মেট্ৰ’)ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সংবাদমেল

কামৰূপ (মেট্ৰ’)ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৩০ ডিচেম্বৰ তাৰিখে পুৱা ১০ঃ৩০ বজাত জিলাখনৰ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰে।

গুৱাহাটীৰ লগতে কামৰূপ জিলাক লৈ তেওঁ বহুতো পৰিকল্পনাৰ কথা প্ৰকাশ কৰাৰ লগতে তেওঁ তেওঁৰ কাৰ্যকালত অনাগত দিন বোৰত মহানগৰী খনৰ উন্নীতকৰণত যথেষ্ট অৰিহণা আগবঢ়াব বুলি জানিব দিয়ে। জিলা খনৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যা অতি শীঘ্ৰেই সমাধান কৰা হ’ব বুলিও তেওঁ মতপোষণ কৰে।

নৱবৰ্ষত উদং হ’ব আপোনাৰ জেপ!

নৱবৰ্ষই আপোনাৰ বাবে বৰ বেছি সুখকৰ নহ’ব! কিয়নো আগন্তুক নৱবৰ্ষৰ আৰম্ভণিৰেপৰাই বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধি জিএছটিৰ হাৰ ৷ কৰৰ হাৰ বৃদ্ধি পোৱা সামগ্ৰীৰ ভিতৰত আছে পোছাক আৰু জোতা৷ জোতা আৰু পোছাকত জিএছটিৰ হাৰ নতুনকৈ প্ৰযোজ্য হোৱাৰ পাছত ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পাব৷ অনিয়ন্ত্ৰিতভাৱে জিএছটি বৃদ্ধিয়ে বস্ত্ৰ নিৰ্মাণ উদ্যোগলৈ অমানিশা নমাই অনাৰ লগতে প্ৰায় ১৫ লাখ লোক জীৱিকাহীন হ’ব বুলি আশংকা কৰা হৈছে৷

ইপিনে জিএছটি বৃদ্ধিয়ে যন্ত্ৰচালিত আৰু হস্তশিপিনীসকলকো ক্ষতি কৰিব বুলি আশংকা কৰিছে৷ ইফালে দেশৰ ব্যৱসায়ী সংস্থাৰ সৰ্ব্বোচ্চ সংগঠন কনফেডাৰেছন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক কাপোৰ আৰু জোতা-চেণ্ডেলত জিএছটি আৰোপৰ বিষয়টো স্থগিত ৰাখিবলৈ পত্ৰযোগে অনুৰোধ জনাইছে৷ পত্ৰত তেওঁলোকে লিখিছে- এনে সিদ্ধান্ত অ-যুক্তিকৰ৷ইফালে, জমেট’, ছুইগীৰ দৰে খাদ্য বিতৰণকাৰী কোম্পানীয়েও পাঁচ শতাংশ জিএছটি চৰকাৰক জমা দিব লাগিব৷ পূৰ্বতে এই কৰ ৰেস্তোৰাঁসমূহে জমা দিয়ে৷ কিন্তু এতিয়াৰেপৰা এই কৰ গ্ৰাহকসকলৰ পৰা সংগ্ৰহ কৰা হ’ব৷

ইফালে কৰ’না কালৰ আৰ্থিক সংকটৰ মাজতে মোদী চৰকাৰে জনতাক মাধমাৰ দিবলৈ পুনৰ চলাইছে চক্ৰান্ত৷ এইবাৰ বিদ্যুতৰ মূল্যবৃদ্ধি কৰিবলৈ যো-জা চলাইছে ৰাজ্য চৰকাৰে৷ প্ৰতি ইউনিট বিদ্যুতৰ বাবদ ২ টকা নিৰিখ বৃদ্ধিৰ বাবে অসম বিদ্যুৎ নিয়মক আয়োগৰ ওচৰত সম্প্ৰতি প্ৰস্তাৱ দাখিল কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে৷ অৰ্খাৎ নৱবৰ্ষৰ পৰাই ৰাজ্যবাসীয়ে বহন কৰিব লাগিব অতিৰিক্ত বিদ্যুৎ নিৰিখ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে নিগমলৈ দাখিল কৰা প্ৰস্তাৱ অনুসৰি ৭.৫৫ টকাৰ পৰা ৯.৫৫ টকালৈ বিদ্যুৎ মাচুল বৃদ্ধি হ’ব৷ প্ৰেট্ৰ’ল-ডিজেলৰ পৰা পাচলি, গেছ চিলিণ্ডাৰ, তেল, ময়দালৈকে, মূল্যবৃদ্ধি হোৱা দেখা গৈছে। নৱেম্বৰ মাহৰ পৰা বহুতো সামগ্ৰীৰ দামবৃদ্ধি পাইছে। দামবৃদ্ধি হোৱা ঘৰুৱা সামগ্ৰীসমূহ এনেধৰণৰ-

১. মোবাইল শুল্ক বৃদ্ধি
মোবাইল শুল্কৰ মূল্য ক্ৰমাৎ বৃদ্ধি হোৱা দেখা গৈছে। ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াই নৱেম্বৰত শুল্কৰ মূল্যবৃদ্ধি কৰিছে। মোবাইল শুল্কৰ বাবে, আপুনি এতিয়া আগৰ তুলনাত ২০ৰ পৰা ২৫ শতাংশ অধিক ব্যয় কৰিব লাগিব।

২. পাচলিৰ মূল্যবৃদ্ধি
শীতকালত পাচলিৰ মূল্য আকাশচুম্বী হৈছে। দেশৰ বহুতো চহৰত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৫০ টকা স্পৰ্শ কৰিছে। চেন্নাই আৰু হায়দৰাবাদত মূল্য সৰ্বাধিক বৃদ্ধি হৈছে। হায়দৰাবাদত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ১২০ টকা।

৩. গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি
ৰন্ধনগেছৰ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২৬৮ টকালৈকে বৃদ্ধি পাইছে। ৰাজধানী দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২০০০.৫০ টকালৈ বৃদ্ধি পাইছে।

৩. তেল আৰু ময়দাৰ দামবৃদ্ধি
সৰিয়হ তেলৰ মূল্যও বৃদ্ধি পাইছে। সৰিয়হৰ তেলৰ কেনিষ্টাৰটো ১২০০ টকাত আহিছিল। আনহাতে, ইয়াৰ গড় মূল্য এতিয়া ২৮০০-৩০০০০ টকালৈ বৃদ্ধি হৈছে। তত্ত্বাৱধায়ক আটাৰ মূল্য, যি আছিল ১০০০ টকা, আজি ২২০০-২৫০০ টকালৈ বৃদ্ধি হৈছে।

৫. চাউলৰ মূল্যবৃদ্ধি
বাচমতী চাউলৰ মূল্য প্ৰতি কিলোগ্ৰামত ১০ টকাকৈ বৃদ্ধি হৈছে। সাধাৰণ বাচমতী চাউলৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত ৮৫ টকা আছিল। আনহাতে, বৰ্তমান ইয়াৰ মূল্যবৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৯৫টকা হৈছেগৈ। ইয়াৰ উপৰি, মাকৈ আৰু বাজৰাৰ হাৰৰো প্ৰতি কিলোগ্ৰামত 8 টকা বৃদ্ধি পাইছে। একে সময়তে, আটাও প্ৰতি কিলোগ্ৰামত ১০ টকাকৈ বৃদ্ধি হৈছে৷

অসম-মেঘালয় সীমান্তত শিক্ষানুষ্ঠানৰ অচলাৱস্থা দূৰীকৰণ

অসম-মেঘালয় সীমান্তৰ কামৰূপ জিলাৰ অন্তৰ্গত গাৰো মাধ্যমৰ শিক্ষানুষ্ঠানৰ অচলৱস্থা দূৰীকৰণৰ বাবে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বাবে আজি বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াক আজি ছয়গাঁৱ শিক্ষা খণ্ডৰ প্ৰতিনিধি দল এটাই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে অসম- মেঘালয় সীমান্তৰ  বকোৰ গোহালকোনা অঞ্চলৰ গাৰো মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষকৰ সমস্যা দূৰ কৰিবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ৷ তাৰে অংশ হিচাবে বিষয়া গৰাকীয়ে গাৰো সম্প্ৰদায়ৰ শিক্ষিত নিৱনুৱা যুৱক- যুৱতীক শিক্ষকৰ যোগ্যতা অৰ্জন কৰাবলৈ  বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ পদক্ষেপ লৈছিল ৷

যাৰ ফলশ্ৰুতিতে গাৰো সম্প্ৰদায়ৰ যুৱক- যুৱতীয়ে টেট উত্তীৰ্ণৰ ক্ষেত্ৰত লাভ কৰে বিশেষ সফলতা ৷ পিচে এই সাফল্যৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহনাৰ বাবেই আজি ছয়গাঁৱ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰশান্ত জগন্নাথ আৰু জেষ্ঠ গাণনিক বিষয়া তপন বৈশ্যৰ নেতৃত্বত শিক্ষা খণ্ডটোৰ বিষয়া- কৰ্মচাৰীৰ এটা সজাঁতি দলে জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াক তেওঁৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ফুলাম গামোচা, শৰাই আদিৰে সম্বৰ্ধনা জনায় ৷ উল্লেখ্য, গাৰো মাধ্যমৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ অভাৱৰ বাবে বকো সীমান্তৰ অঞ্চলৰ গাৰো মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ উপক্ৰম হৈ পৰিছিল ৷ পিচে এই সমস্যাৰ সমাধানৰ বাবে  জিলা প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ বাবেই অসম বিধান সভাই বিষয়া গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ,ছয়গাঁৱ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বকোৰ বিধায়িকা নন্দিতা দাসেও ইতিমধ্যে বিষয়া গৰাকীৰ শলাগ লৈছে  ৷

ৰৌতাৰ কুঁৰুৱাবাহী গাঁৱত বাইক চুৰি

ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি অঞ্চলটোৰ বিভিন্ন অঞ্চলত এই কেইদিন চোৰে উপদ্ৰৱ চলাই গৃহস্থৰ নিন্দ্ৰাহৰণ কৰিছে । বিগত কেই দিনমান আগতে ইয়াৰ সমীপৱৰ্তী গেলাবিলত এগৰাকী মহিলাৰ দিন দূপৰতে সোণ,ৰূপৰ গহনাসহ নগদ ধনলৈ উধাও হোৱাৰ লগতে  ৰুপেশ্বৰ বৰা নামৰ লোক জনৰ ঘৰত ফুট গধূলিতে চোৰে বহু মূল্যৱান সামগ্ৰী চুৰ কৰি নিয়াৰ উপৰিও বয় বস্তুবোৰ লণ্ড ভণ্ড কৰি থৈ যায।

সম্ভৱত কেবাটাও ভাগত বিভক্ত হৈ থকা এই চোৰৰ দলটোৱে দফলাপোটা , মাজগাঁও, নয়নপাৰা ,বাগান গেট ইত্যাদি কেবাখনো গাঁৱত চোৰে গৃহস্থৰ নিদ্ৰহৰণ কৰাৰ পাছত আকৌ কুৰুৱাবাহী গাঁৱৰ পৰা ২৮ ডিচেম্বৰৰ নিশা সন্ধিয়া ৬ মান বজাতে ৰবি ৰাম বসুমতাৰীয়ে ঘৰৰ ভিতৰত সোমাই থৈ দিয়া এ  এচ -১২  ,ডি-৭৬১৬ নম্বৰৰ চি ডি ডিলাক্স হিৰ হোণ্ডা খন চুৰি কৰি লৈ যায় । এই সন্দৰ্ভত আজি ভুক্তভোগী ৰবিৰাম বসুমতাৰীয়ে স্হানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

৮জন বেংক ষ্টেট বেংক কৰ্মচাৰীৰ ক’ভিড পজিটিভ

দেশজুৰি ক’ভিড তথা অ’মিক্ৰনৰ সংক্ৰমণ পুনৰ বৃদ্ধি৷ তাৰ মাজতে অসমতো ধৰা পৰি আছে ক’ভিড সংক্ৰমণ৷ আজি ধুবুৰী ষ্টেট বেংকত দেখা দিছে ক’ৰনাৰ আতংকই। বেংকৰ আঠ জনকৈ কৰ্মচাৰীৰ গাত ক’ভিড ধৰা পৰাৰ পাছতে আজি বন্ধ ঘোষণা কৰে ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাই। বুধবাৰে অসমত ১১৫ গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে তথ্য৷

ইয়াৰ ভিতৰত কামৰূপ মেট্ৰ’ত ৫৩জন, যোৰহাটত ১৫, কাছাৰত ৭জন আৰু ৬ জন বৰপেটাত আক্ৰান্ত হৈছে। বুধবাৰে ২৭,৮৮৮ টা নমুনা পৰীক্ষাৰ পাছত ১১৫ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয়।পজিটিভিটিৰ হাৰ ০.৪১ শতাংশ। বৰ্তমানলৈকে অসমত ৩.৭৩ কোটিৰো অধিক লোকক ভেকছিন প্ৰদান কৰা হৈছে। ইয়াৰে ১,৫৬,৬১,৫৫১ গৰাকী লোকে ক’ভিডৰ দুয়োটা প্ৰতিষেধক লাভ কৰিছে।

আনহাতে, আজিৰ দিনটোত দেশত অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৯৬১ গৰাকী। বিগত ২৪ ঘণ্টাত দেশত ১৩,১৫৪ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছে ২৬৮ গৰাকী লোকৰ। চৰকাৰী তথ্য অনুসৰি, দেশত অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা ৯৬১ লৈ বৃদ্ধি হৈছে। ইপিনে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছেগৈ ৮২,৪০২ গৰাকী।

ভাৰতত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৩,৪২,৫৮,৭৭৮ গৰাকী।যোৱা ২৪ ঘণ্টাত ৭,৪৮৬ গৰাকী লোক ক’ভিডৰ পৰা আৰোগ্য হৈছে। সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৮২,৪০২ গৰাকী।

ওদালগুৰি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

২৯ ডিচেম্বৰত ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যলয়ৰ পৰা আৰম্ভ কৰি সদৰৰ মাজমজিয়াত থকা আছুৰ শ্বহীদ বেদীৰ সম্মুখত অসম চৰকাৰৰ মন্ত্ৰী তথা ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰে । অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, অতুল বৰা হাই হাই ধ্বনিৰে উত্তালকৰি তোলে ওদালগুৰি চহৰ।

বন্দী কৰি ৰখা আছু কৰ্মী সকলক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনাই ভবিষ্যতৰ দিনত আছুৰ ওপৰত অত্যাচাৰ চলালে আন্দোলন তীব্ৰতৰ হব বুলি ভাবুকি প্ৰদান কৰে।উক্ত কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিতোপন দাসেকে ধৰি ভালেমান নেতৃস্হানীয় আছু নেতা উপস্হিত আছিল।