Home Blog Page 2644

বলাৰ, অলৰাউণ্ড শাখাত দ্বিতীয় স্থান অশ্বিনৰ

ভাৰতীয় ক্রিকেট দলটোৰ প্রবীণ তাৰকা স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে আই চি চি টেষ্ট ৰেংকিঙত বলিং আৰু অলৰাউণ্ডাৰ শাখাত দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷ আজি প্রকাশ পোৱা ৰেংকিঙৰ বলিং শাখাত ৮৮৩ ৰেটিং পইণ্টেৰে অশ্বিনে দ্বিতীয় স্থানটো নিজৰ দখলতে ৰাখে৷ অষ্ট্রেলিয়াৰ পেট কামিনছে শীর্ষ স্থান দখল কৰি থকা বলিং শাখাত পাকিস্তানৰ শ্বাহিন শ্বাহ আফ্রিদী তৃতীয় স্থানত থকাৰ বিপৰীতে ইংলেণ্ডৰ তাৰকা পেচ বলাৰ জেমছ এণ্ডাৰছন পঞ্চম স্থানলৈ উন্নীত হৈছে৷

আনহাতে, অলৰাউণ্ডাৰ শাখাত অশ্বিনে দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰখাৰ লগতে সতীর্থ ৰবীন্দ্র জাদেজাই তৃতীয় স্থানটো নিজৰ দখলতে ৰাখিছে৷ অলৰাউণ্ডাৰ শাখাত ৱেষ্ট ইণ্ডিজৰ জেছন হল্ডাৰ শীর্ষ স্থানত আছে৷ ইপিনে, অষ্ট্রেলিয়াৰ লাবুচানেই শীর্ষস্থান দখল কৰি থকা বেটছমেন শাখাত টীম ইণ্ডিয়াৰ ৰোহিত শর্মাই চতুর্থ আৰু কোহলিয়ে ষষ্ঠ স্থানটো অধিকাৰ কৰি আছে৷

অৱশেষত মৃত্যুক সাবটিলে বলীউডৰ বিশিষ্ট প্ৰযোজক বিজয় গালানীয়ে

 বলীউডৰ বিশিষ্ট প্ৰযোজক বিজয় গালানী আৰু নাই। বুধবাৰে নিশা মৃত্যুক আঁকোৱালি লয় বিজয় গালানীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫০। বিজয় গালানী কেন্সাৰ ৰোগত আক্ৰান্ত আছিল। কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে তেওঁ লণ্ডনত আছিল আৰু লণ্ডনতে শেষ নিশ্বাস ত্যাগ কৰে বিজয় গালানীয়ে। তেওঁ এজন অতি সফল প্ৰযোজক আছিল যিয়ে বলীউডৰ ব্যৱসায়িক আৰ্হিটো জানিছিল। গালানী বহুতো আগশাৰীৰ অভিনেতাৰ খুব ঘনিষ্ঠ আছিল। প্ৰযোজক হিচাপে বিজয়ে সূৰ্যবংশী (১৯৯২), আচানক (১৯৯৮) নিৰ্মাণ কৰিছিল। তেওঁ ২০০১ চনত ‘অজনাবী’ প্ৰযোজনা কৰিছিল, য’ত মুখ্য চৰিত্ৰত অক্ষয় কুমাৰ, ববি দেওল, কৰীণা কাপুৰ খান আৰু বিপাশা বসুৱে অভিনয় কৰিছিল।

বিজয় গালানীয়ে চলমান খান, অক্ষয় কুমাৰ, ববি দেওল আৰু গোবিন্দাৰ দৰে অভিনেতাৰ সৈতে প্ৰায় আধা ডজন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। তেওঁ চলমান খানৰ জনপ্ৰিয় ছবি ‘বীৰ’ৰ প্ৰযোজক আছিল।২০১০ চনত বীৰ ছবিখন গালানীয়ে প্ৰযোজনা কৰিছিল। য’ত ছলমান খান, মিথুন চক্ৰৱৰ্তী, জেকি শ্ৰফ, জেৰিন খান, ছোহেল খানেও অভিনয় কৰিছিল।

তেওঁৰ অন্তিম প্ৰযোজনা আছিল ‘দ্য পাৱাৰ’ নামৰ চিনেমাখন, য’ত বিদ্যুৎ জামৱাল, শ্ৰুতি হাছান, জাকিৰ হুছেইন, প্ৰতীক বব্বৰ, শচীন খেদেকাৰ আৰু জিশু সেনগুপ্তাই অভিনয় কৰিছিল। এই একচন মনোৰঞ্জনধৰ্মী ছবিখন এই বছৰৰ জানুৱাৰীত এটা অ’টিটি প্লেটফৰ্মত প্ৰচাৰ কৰা হৈছিল। বিজয় গালানীয়ে ইহ সংসাৰত পত্নী, পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে। বিজয় গালানীৰ অকাল মৃত্যুত বলীউডত পৰিছে গভীৰ শোকৰ ছাঁ। বহুজনে ছ’চিয়েল মিডিয়াযোগে শোক ব্যক্ত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

আল্লিয়া গাঁও পঞ্চায়তত ৬ খনকৈ আঁচনিৰ আধাৰশিলা

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তত কালি  ৬ টা উন্নয়নমুলক কামৰ শুভাৰম্ভনি কৰা হয়।  পূৱাৰ ভাগত পঞ্চায়তখনৰ অন্তৰ্গত বৰালকুছী কালী মন্দিৰৰ চৌহদত এটা  বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প, বৰালকুছী এক নাম হৰিমন্দিৰত  চৌহদত অনাময় শৌচাগাৰ,তিনি পুখুৰী পঞ্চায়তত পানী যোগান প্ৰকল্প,পূৱ নাৰায়ণ গাঁও এল পি স্কুলৰ পকীবেৰ নিৰ্মাণ,গড়গড়ী বাথৌ মন্দিৰৰ বিশুদ্ধ খোৱা পানী আঁচনিকে  আদিৰে মুঠ ছয় টাকৈ উন্নয়নমুলক আঁচনিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি কৰা হয়। 

পঞ্চায়তখনৰ বৰালকুছি- গাঁৱত আজি অনুষ্ঠিত কালী মন্দিৰৰ বিশুদ্ধ খোৱা পানী নিৰ্মাণৰ শুভাৰম্ভনিৰ আধাৰশিলা কৰি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মণে নিজৰ ভাষণত কয় যে বিজেপি চৰকাৰৰ দিনত উন্নয়নৰ ক্ষেত্ৰত সকলো গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰি  কংগ্ৰেছৰ তুলনাত বিজেপি চৰকাৰৰ দিনত অধিক উন্নয়ন হোৱা বুলি আঙুলিয়াই দি কেবাটাও চৰকাৰৰ অভিলাষী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে। এই উন্নয়নমুলক আঁচনিৰ শুভাৰম্ভনি অনুষ্ঠান কেইটাত পৃথকে পৃথকে উপস্থিত থাকে ক্ৰমে  আল্লিয়া গাঁও পঞ্চায়তৰ সচিব জ্ঞানেন্দ্ৰ কাকতি,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক তথা আল্লিয়া পঞ্চায়তৰ প্ৰভাৰী কনক ভৰালী,শক্তি কেন্দ্ৰৰ আহ্বায়ক সঞ্জীৱ দাস,বিনন্দ কলিতাকে ধৰি দলীয় বুথ সভাপতি,সম্পাদকৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।উল্লেখ‍্য যে  পঞ্চায়তখনত পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায়  ১৬ লাখ টকা ব‍্যয়ৰে ৬ টা উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভনি কৰা হয়।

প্রথম ইনিংছত দক্ষিণ আফ্রিকাৰ ১৯৭

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রথম টেষ্টত বৃহৎ অগ্রগতিৰ দিশে আগবাঢ়িছে টীম ইণ্ডিয়া ৷ চেঞ্চুৰিয়নত চলি থকা মেচখনৰ  তৃতীয় দিনা ভাৰতৰ ৩২৭ ৰানৰ প্রত্যুত্তৰত ঘৰুৱা দলটোৱে ১৯৭ ৰানত প্রথম ইনিংছ সামৰে ৷ দলটোৰ হৈ টেম্বা বাভুমাই সর্বাধিক ৫২ আৰু কুইণ্টন ডি ককে ৩৪ ৰানৰ অৰিহণা আগবঢ়ায় ৷ ভাৰতৰ হৈ তাৰকা বেগী বলাৰ মহম্মদ ছামিয়ে ৫টা, যশপ্রীত বুমৰাহ আৰু শার্দূল ঠাকুৰে দুটাকৈ উইকেট পায় ৷

মহম্মদ চিৰাজে আনটো উইকেট দখল কৰে৷ প্রত্যুত্তৰত ভাৰতে দ্বিতীয় ইনিংছ মুকলি কৰি তৃতীয় দিনৰ খেলৰ অন্তলৈ এক উইকেটৰ বিনিময়ত ১৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ মায়ংক আগৰৱালে ৪ ৰান কৰি আউট হয়৷ লোকেশ ৰাহুলে ৫ আৰু শার্দূল ঠাকুৰে চাৰি ৰানত বেটিং কৰি আছে৷ ইফালে, ঋষভ পণ্টে এম এছ ধোনী আৰু ঋদ্ধিমান সাহাৰ যুটীয়া অভিলেখ ভংগ কৰি টেষ্ট ক্রিকেটত ১০০টা চিকাৰ কৰা দ্রুততম উইকেটৰক্ষক হিচাপে অভিলেখ ৰচে৷

প্ৰধানমন্ত্ৰী মোডীৰ নতুন গাড়ীঃ একে–৪৭ৰ গুলী, বিস্ফোৰণো হ’ব প্রতিৰোধ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলা–ফুৰা কৰাৰ বাবে পূর্বে ব্যৱহাৰ কৰা হৈছিল ৰেঞ্জ ৰ’ভাৰ ভগ আৰু টয়োটা লেণ্ড ক্রুজাৰ গাড়ী৷ বিগত দুবছৰ ধৰি এই দুখন গাড়ীক প্রধানমন্ত্রী মোদীৰ বিশ্বস্ত সংগী হিচাপে দেখা গৈছিল৷ কিন্তু এইবাৰ বাহন সলনি কৰিছে প্রধানমন্ত্রীগৰাকীয়ে৷ মোদীৰ যাতায়াতৰ নতুন সংগী হৈছে মার্চিডিজ মেবেক এছ ৬৫০ গার্ড৷ অত্যাধুনিক প্রযুক্তিৰ তথা মজবুট নিৰাপত্তা গাঁথনিৰ এই গাড়ী যেন বাস্তৱিকতেই ৰাষ্ট্রপ্রধানৰ যোগ্য বাহন৷ বর্মভেদী গুলী হওক, আনকি এ কে ৪৭ৰ গুলী, সকলো সহজতেই প্রতিৰোধ কৰিব পাৰে মার্চিডিজৰ এই নতুন মডেলে৷ চলিত মাহৰ প্রথম সপ্তাহত দুদিনীয়া ভ্রমণসূচী লৈ ভাৰতলৈ আহিছিল ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ তেতিয়াই প্রথমবাৰৰ বাবে দিল্লীৰ হায়দৰাবাদ হাউছৰ পৰা মোদীক এছ ৬৫০ গার্ড গাড়ীত যাতায়াত কৰা দেখিবলৈ পোৱা গৈছিল৷

তেতিয়াৰে পৰাই মোদীৰ এই নতুন বাহনক লৈ বিভিন্ন মহলত ব্যাপক চর্চা চলিছে৷ যোৱা বছৰ মার্চিডিজৰ তৰফৰ পৰা ভাৰতত মুকলি কৰা হৈছিল এছ ৬০০ গার্ড৷ এই গাড়ীখনৰ মূল্য আছিল ১০.৫ কোটি টকা৷ এছ ৬৫০ৰ মূল্য হৈছে ১২ কোটি টকা৷ স্মর্তব্য যে মার্চিডিজৰ এছ ছিৰিজৰ গাড়ী সমগ্র পৃথিৱীতে ৰাষ্ট্রপ্রধানসকলৰ্ আটাইতকৈ প্রিয় বাহন৷ কিমান শক্তিশালী হ’ব পাৰে এই বাহন? জনা গৈছে যে এই গাড়ীৰ খিৰিকীত আছে পলিকার্বনেটৰ আস্তৰণ৷ ষ্টীলৰ বুলেটো প্রতিৰোধ কৰিব পাৰে এই পলিকার্বনেটৰ আস্তৰণে৷ ইয়াৰ সমান্তৰালকৈ বিস্ফোৰক প্রতিৰোধক তথা ই আৰ ভিৰ প্রলেপো আছে এই গাড়ীত৷ মাত্র ২ মিটাৰ দূৰত ১৫ কিঃ গ্রামৰ টি এন টি বিস্ফোৰণ ঘটিলেও গাড়ীখনৰ কোনো ক্ষতি সাধন নহ’ব৷ লক্ষণীয়ভাৱে গেছ আক্রমণো প্রতিৰোধ কৰিব পাৰিব এই গাড়ীয়ে৷

অৰুণাচল প্ৰদেশত দল ত্যাগ কৰি নিৰ্দলীয় বিধায়কক সমৰ্থন প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ

যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত দল বাগৰাৰ ৰাজনীতি অব্যাহত আছে ঠিক তেনে এক সময়ত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ৪৯ নং বৰডুমচা দায়ুন সমষ্টিৰ নিৰ্দলীয় বিধায়ক চমলুং মোচাঙে এক সুন্দৰ অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হয়। সাধাৰণতে দেখিবলৈ পোৱা যায় যে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ সাংসদ,বিধায়ক আৰু দলীয় নেতা কৰ্মীৰ মাজত এটা দলৰ পৰা আন এটা দলত যোগদান কৰাৰ যি প্ৰতিযোগিতা চলে ঠিক তেনে সময়তে বৰডুমচা দায়ুন সমষ্টিৰ নিৰ্দলীয় বিধায়ক গৰাকীৰ সমৰ্থনত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ, বি জে পি, এন পি পি,আৰু বৰডুমচা দায়ুনৰ প্ৰায় পাঁচ সহস্ৰাধিক লোকে সমৰ্থন আগবঢ়ায়।

বিধায়ক চমলুং মোচাঙে তেখেতৰ কাৰ্যকালত সমষ্টি বাসীৰ উন্নয়নৰ বাবে যি অহোপুৰুষাৰ্থ আগবঢ়াই আহিছে ঠিক তেনে সময়তে তেখেতৰ কৰ্মদক্ষতাক সন্মান জনাই  এইদৰে ওলাই আহিল বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতা কৰ্মী তথা সমষ্টিবাসী ৰাইজ। বিশেষকৈ বিধায়ক গৰাকীয়ে মহামাৰী কৰোনাৰ সময়ত ব্যক্তিগত প্ৰচেষ্টাত সমষ্টিবাসীৰ বাবে যথেষ্ট কষ্ট কৰাৰ উপৰিও চেৰিটি লিডাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আৰ্থিক ভাৱে জুৰুলা হৈ পৰা লোকৰ মাজত ঠিয় দি জীৱন যুঁজত জয়ী হবৰ বাবে সকাহ প্ৰদান কৰে। ইয়াৰেই ফলশ্ৰুতিত বিধায়ক গৰাকীয়ে এই নজিৰবিহীন ইতিহাস গঢ়িবলৈ সক্ষম হোৱা বুলি সকলোৱে কব বিচাৰে।

৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বিশেষ ব্যৱস্থা

আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ চলিত বৰ্ষৰ চতুৰ্থ তথা অন্তিমখন বৈঠক অনুষ্ঠিত হয় ৷ পৰিবহন, আৰক্ষী, ৰাষ্ট্ৰীয় ঘাই পথ, স্বাস্থ্য, শিক্ষা, লোক নিৰ্মাণ, খাদ্য-অসামৰিক যোগান, তথ্য আৰু জনসংযোগ আদি বিভাগৰ লগতে বীমা কোম্পানীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে ৷ জিলা পৰিবহন বিষয়া তথা জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব ৰূপজ্যোতি কলিতাই তেওঁৰ আদৰণি ভাষণত পথ সুৰক্ষা সমিতিয়ে যোৱা সভাত গৃহীত প্ৰস্তাৱসমূহ সম্পৰ্কত অৱলোকন কৰি এই ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে অনুৰোধ জনায় ৷ আনহাতে জিলাখনত সামগ্ৰিকভাৱে বিশেষকৈ সমাগত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ দিন দুটা যাতে দুৰ্ঘটনা নোহোৱাকৈ পাৰ কৰিব পাৰি তাৰ বাবে সম্ভৱপৰ সকলো প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায় ৷

সভাত ইতিমধ্যে জিলাখনৰ বিভিন্ন বনভোজ স্থলী, হেলমেট পৰিধান, যিকোনো যাত্ৰাত বিশেষকৈ গাড়ী চালকে মদ্যপানৰ পৰা বিৰত থকা আদি সম্পৰ্কত সজাগতা সৃষ্টি কৰিবলৈ বেনাৰ, পোষ্টাৰ আদি আঁৰি দিয়াৰ উপৰি সজাগতামূলক পত্ৰিকা বিতৰণ কৰা হৈছে বুলি সভাত অৱগত কৰা হয়৷ আনহাতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে জিলা পৰিবহন, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে মিলি বিভিন্ন স্থানত সুৰাপায়ী গাড়ী চালক বিৰোধী অভিযানো চলাই আছে৷ তদুপৰি চক্ৰ বিষয়াসকলৰ নেতৃত্বত গঠন কৰা সমিতিসমূহেও এই ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ৷ সভাত অতিৰিক্ত উপায়ুক্ত গোস্বামীয়ে ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য ৰাজ্যিক ঘাইপথসমূহ ভালদৰে তদাৰক কৰি পথৰ মাজত কৰবাত যদি গাঁত দৃষ্টিগোচৰ হয় সেইসমূহ বন্ধ কৰাৰ বাবে তৎকালীন ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷ তদুপৰি দোৰাকঁহৰা অঞ্চলত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবেও তৎকালীনভাৱে তাত অস্থায়ী পথ অৱৰোধক স্থাপন কৰিবলৈ আৰক্ষী প্ৰশানক নিৰ্দেশ দিয়ে ৷ আনহাতে চাংসাৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰৰ সমুখৰ জান-জঁটৰ ক্ষেত্ৰতো কাৰ্যকৰী ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কতৃৰ্পক্ষক নিৰ্দেশ দিয়া হয় ৷

ইয়াৰোপৰি বৰ্তমান কুঁৱলীৰ সময়ত পথৰ দাঁতিত ৰখাই থোৱা অব্যৱহৃত বাহনসমূহৰ বাবে যাতে কোনো দুৰ্ঘটনা হ’ব নোৱাৰে তাৰবাবে তৎকালীনভাৱে এই বাহনসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হয় ৷ আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাই পথৰ দাঁতিকাষৰীয়া বিদ্যালয়ৰ ক্ষেত্ৰত নিদেৰ্শনা চিহ্ন স্থাপন কাৰ্য সম্পূৰ্ণ কৰিবলৈও সংশ্লিষ্ট কতৃৰ্পক্ষক আহ্বান জনোৱা হয় ৷
আনহাতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিৰ নিকটাত্মীয়লৈ অৰ্থ সাহায্য প্ৰদানৰ অৰ্থে জিলা প্ৰশাসনৰ অধীনত ৰূপায়িত হোৱা Solatium Scheme অৰ্থাৎ শান্তনাসূচক ক্ষতিপূৰণ আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈও সভাত গুৰুত্ব আৰোপ কৰা হয় ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়সমূহতে সদ্যহতে দুৰ্ঘটনাজনিত জৰুৰীকালীন চিকিৎসাৰ বাবে ট্ৰমা কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি সভাত বিভাগীভাৱে অৱগত কৰা হয়৷ অতিৰিক্ত উপায়ুক্ত গোস্বামীয়ে বিশেষকৈ সমাগত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ দিন দুটাত বৰ্তমান উপলব্ধ এম্বুলেন্সসমূহৰ উপৰি অতিৰিক্ত এম্বুলেঞ্চ সাজু ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে সেই দিনদুটাত কোনো স্বাস্থ্য বিষয়া বা কৰ্মচাৰীক ছুটী মঞ্জুৰ নকৰিবলৈ দিয়া চৰকাৰী নিৰ্দেশৰ প্ৰতি দৃষ্টিগোচৰ কৰে৷

বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষকৰ পৰলোকপ্ৰাপ্তি

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ যোৰহাট বিদ্যুৎ ভৱনৰ  অৱসৰপ্ৰাপ্ত অধীক্ষক  তথা  বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা ষ্টেচন নিবাসী কুমুদ চন্দ্ৰ দাস (৭৪ ) ৰ ২৬ ডিচেম্বৰৰ পুৱা প্ৰায় ৯ বজাত  পৰলোকপ্ৰাপ্তি  ঘটে ।

ব্ৰেইন টিউমাৰত আক্ৰান্ত  হৈ  চিকিৎসাধীন  অৱস্থাত গুৱাহাটী চিকিৎসা  মহাবিদ্যালয়  হাস্পাতালত মৃত্যু হোৱা দাসে মৃত্যুৰ সময়ত পত্নীৰসৈতে দুজন পুত্ৰ আৰু দুজনী  কন্যাকে ধৰি বহুতো  আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় । সেয়েহে দাসৰ  মৃত্যুত  বৃহত্তৰ‌ ৰৌতা  অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে  ।

গহপুৰত স্থাপন হ’ব সতী সাধনী প্ৰতিমূৰ্তি

সদৌ চুতীয়া জাতি সন্মিলনৰ গহপুৰ জিলা সমিতিৰ এখন বৰ্দ্ধিত কাযনিৰ্বাহ সভা গহপুৰ বাকৰিদলনী মিণ্টো ঘাটত অনুষ্ঠিত হয়। সদৌ চুতীয়া জাতি সন্মিলন গহপুৰ জিলা সভাপতি মিনেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত আঁত ধৰে জিলা সম্পাদক স্বৰাজ বৰদলৈয়ে। সদৌ চুতীয়া জাতি সন্মিলন কেন্দ্ৰীয় সদস্য জীৱন বৰুৱাই পৰ্য্যবেক্ষণ হিচাবে অংশ লোৱা  সভাখনত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱা বিশিষ্ট অতিথি হিচাপে অংশ লৈ পৰিষদৰ আঁচনি আৰু কামকাজ পুঁজি সম্পৰ্কে আলোকপাত কৰে।

এইক্ষেত্ৰত জিলা সমিতি সমূহে নিৰ্বাচিত কৰি দিয়া বিভিন্ন চুতীয়া লোক প্ৰধান এলেকাত  বিভিন্ন উন্নয়ন মূলক আচঁনি  চৰকাৰৰ দ্বাৰা ৰূপায়ন কৰা হব বুলি মন্তব্য আগবঢ়ায়। সভাত জিলা উপ সভাপতি  হেম বৰুৱা, মহিলা সন্মিলনৰ সভানেত্ৰী তৃষ্ণা ভৰালী যুৱ সন্মিলন সভাপতি  প্ৰফুল্ল বৰা ছাত্ৰ সন্মিলনৰ সভাপতি মনোজ বৰা সম্পাদক ত্ৰিনয়ন ৰাজখোৱা জিলা কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক মৃদুল কুমাৰ বৰা,  ৰাজখোৱা আদি ১৩ খন আঞ্চলিক  বিষয় ববিয়  সকলৰ উপস্থিত থাকি ভাষণ আগবঢ়ায়।

উক্ত সভাত সাংগঠনিক সুবিধাৰ বাবে গহপুৰ জিলা সমিতি দুটা খণ্ডত ভাগ কৰি কাম কাজ চলাই নিয়াৰ বাবে দায়িত্ব দিয়া হয়। সভাত গহপুৰ বিধয়ক উৎপল বৰাই গহপুৰ নগৰৰ আশেপাশে চুতীয়া ৰানী বিৰাংগনা সতী সাধনীৰ এটি পূৰ্ণাংগ মূৰ্তি স্থাপনৰ বাবে লোৱা পদক্ষেপ জনায়।নিতুল বৰা হাৱাজান ।

বস্ত্র উদ্যোগলৈ মহাসংকটঃ নতুন বছৰত চাকৰি হেৰুৱাব ১৫ লাখে

ঘাতক ক’ভিড–১৯ৰ ক’লীয়া ডাৱৰৰ মাজতে দুৱাৰডলিত ইংৰাজী নৱবর্ষ ২০২২৷ এই নৱবর্ষক লৈ আশাৰ ৰেঙনিৰ মাজতে দেশৰ বস্ত্র আৰু হস্ততাঁত উদ্যোগলৈ মহাসংকট নামি অহাৰ ইংগিত দেখা গৈছে৷ ১ জানুৱাৰীৰ পৰাই বস্ত্র আৰু হস্ততাঁত সামগ্রী আৰু জোতা–চেণ্ডেলৰ জি এছ টি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত কার্যকৰী হ’ব৷ ক’ৰোনাপিষ্ট বস্ত্র আৰু হস্ততাঁত উদ্যোগে সংকটৰ পৰা উদ্ধাৰ নৌপাওঁতেই পুনৰ ১২ শতাংশলৈ জি এছ টি বৃদ্ধি কৰা কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তই এই উদ্যোগটোকে মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ শংকা ঘনীভূত হৈছে৷ জি এছ টি কাউন্সিলৰ অনুমোদনমর্মে চেণ্ড্রেল ব’ড অৱ ইনডাইৰেক টেক্সেছ এণ্ড কাষ্টমছ (চিবিআইচি)–এ ১ জানুৱাৰীৰ পৰা গার্মেণ্টছ, টেক্সটাইল আৰু ফুটৱেৰৰ জি এছ টি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ১ জানুৱাৰীৰ পৰা বলৱৎ হোৱাৰ লগে লগে এই উদ্যোগৰ লগত প্রত্যক্ষভাৱে আৰু আনুষংগিকভাৱে জড়িত ১৫ লাখতকৈ অধিক লোকে সংস্থাপন হেৰুৱাব৷

৮৫ শতাংশতকৈ অধিক উদ্যোগত নেতিবাচক প্রভাৱ পৰাৰ লগতে ৮০ শতাংশ উৎপাদিত সামগ্রীটো প্রভাৱ পৰিব৷ প্রধানতঃ ক্ষুদ্র, লঘু আৰু মজলীয়া বস্ত্র উদ্যোগত অধিক প্রভাৱ পৰিব৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী দলৰ লগতে উদ্যোগটোৰ লগত জড়িতসকলে প্রতিবাদ কৰিলেও কেন্দ্রীয় চৰকাৰে নিজৰ সিদ্ধান্তত অটল হৈ থকাত ১ জানুৱাৰীৰ পৰা দেশৰ এই উদ্যোগসমূহো মহাসংকটত পৰাটো প্রায় নিশ্চিত৷ ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰে অর্থনীতিত পৰা বিৰূপ প্রভাৱৰ পৰিপ্রেক্ষিতত ৰাজহ সংগ্রহৰ প্রতি লক্ষ্য ৰাখি বস্ত্র আৰু হস্ততাঁত উদ্যোগত জি এছ টিৰ হাৰ বৃদ্ধিৰ সিদ্ধান্তই দেশৰ এই উদ্যোগত পৰোক্ষ আৰু প্রত্যক্ষভাৱে জড়িত অনেক লোকৰ সংস্থাপনৰ প্রতি ভাবুকি কঢ়িয়াই আনিব৷ জি এছ টি বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত হস্ততাঁত শিপিনীৰ জীৱিকাৰ প্রতিও ভাবুকি অহাৰ পূর্ণ সম্ভাৱনা আছে৷ ক’ৰোনাপিষ্ট বস্ত্র উদ্যোগে ধীৰে ধীৰে উজ্জীৱিত হ’বলৈ আগবাঢ়ি থকাৰ সময়তে কেন্দ্রীয় চৰকাৰৰ জি এছ টি বর্ধিত সিদ্ধান্ত উদ্যোগটোৰ বাবে ক্ষতিকাৰক হ’ব বুলি বিশেষজ্ঞসকলে স্পষ্টভাৱে প্রকাশ কৰিছে৷

মন কৰিবলগীয়া যে কেঁচা সামগ্রীৰ মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত বিগত বর্ষটোত সাজ–পোছাকৰ মূল্য, সূতাৰ মূল্য ৭০ শতাংশ বৃদ্ধি পাইছিল৷ এনে সময়তে পুনৰ মূল্যবৃদ্ধিয়ে গ্রাহকৰ ওপৰত মাধমাৰ শোধাব আৰু গ্রাহকে এনে সামগ্রী কিনাৰ পৰা আঁতৰি গৈ আন কম মূল্যৰ তথা নিম্নমানৰ সামগ্রী ক্রয়ৰ প্রতি আগ্রহী হ’ব৷ বস্ত্র ব্যৱসায়ীয়ে প্রকাশ কৰা মতে, বর্তমানৰ ৫ শতাংশ জি এছ টিয়ে গ্রাহকৰ পৰা ১,৫০০ কোটি টকা সংগ্রহ কৰি আছে যিটো পৰৱর্তী সময়ত ৩,৬০০ কোটি বৃদ্ধি পাব৷ কিন্তু ৫ শতাংশৰ পৰা ১২ শতাংশলৈ জি এছ টি বৃদ্ধি কৰিলে গ্রাহকৰ ওপৰত অতিৰিক্ত বোজা ২,১০০ কোটি টকা হ’ব৷ ২০২২ বর্ষৰ পহিলা জানুৱাৰীৰ পৰা নতুন জি এছ টিৰ হাৰ বলৱৎ হ’লেই গ্রাহকে অতিৰিক্ত ২,১০০ কোটি টকাৰ বোজা বহন কৰিব৷ মন কৰিবলগীয়া যে গেছলিন আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত পৰিবহণ ব্যয় ইতিমধ্যে বৃদ্ধি পাইছে৷ এনে সময়ত জি এছ টি বৃদ্ধিয়ে বস্ত্র, হস্ততাঁত আৰু ৰেডিমেড সাজ–পোছাকৰ ব্যৱসায়ত প্রচণ্ড মাধমাৰ শোধোৱাটো নিশ্চিত৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ জি এছ টি বলৱতৰ সিদ্ধান্তক লৈ বস্ত্র ব্যৱসায়ী সন্থাই দেশজুৰি প্রতিবাদ আৰু আন্দোলন তীব্রতৰ কৰি তোলাৰ সম্ভাৱনা আছে৷